• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, July 12, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

অসমীয়াৰ পৰা খিলঞ্জীয়ালৈঃ ভাষিক অসমীয়া জাতীয়তাবাদৰ অৱক্ষয়ৰ কাৰণ বিচাৰি

ASSAMESE SECTION

by Raktim Ranjan Saikia
September 16, 2025
in ASSAMESE SECTION, History, Politics
Reading Time: 10 mins read
0
CAA turmoil and what lies ahead!
Share on FacebookShare on TwitterShare on LinkedIn

অসমীয়াৰ পৰা খিলঞ্জীয়ালৈঃ ভাষিক অসমীয়া জাতীয়তাবাদৰ অৱক্ষয়ৰ কাৰণ বিচাৰি

ড০ ৰক্তিম ৰঞ্জন শইকীয়া

Dr Raktim Ranjan Saikia
ৰক্তিম ৰঞ্জন শইকীয়া

সাম্প্ৰতিক সময়ত অসমৰ গণমাধ্যমসমূহত সকলোৰে অলক্ষিতে দেখা পোৱা এটা সূক্ষ্ম অথচ সুদূৰপ্ৰসাৰী গুৰুত্ব থকা পৰিৱৰ্তন হ’ল ‘অসমীয়া’ শব্দটোক ধীৰে ধীৰে ‘খিলঞ্জীয়া’ আৰু ‘থলগিৰি’ শব্দই প্ৰতিষ্ঠাপন কৰি অনাটো।

ইয়াৰ পোনপটীয়া অৰ্থ এইটোৱেই ‘অসমীয়া’ শব্দই আজিৰ অসম নামৰ ভূখণ্ডত বসবাস কৰা সকলো শ্ৰেণীৰ লোকক আৱেগিকভাৱে আকৰ্ষণ কৰিব নোৱৰা বাবেই বুৰঞ্জীৰ বুকুৰ পৰা ‘থলগিৰি’-ৰ দৰে শব্দক বিচাৰি আনিবলগীয়া হৈছে।

তাতকৈ ডাঙৰ কথা হ’ল এই ভূখণ্ডৰ মানুহে এই গুৰুত্বপূৰ্ণ পৰিৱৰ্তনটো ধীৰে ধীৰে গ্ৰহণ কৰিছে। আজি ‘অসমীয়া কোন’—এই প্ৰশ্নটোৰ উত্তৰ বিচাৰি আমি হাবাথুৰি খাই থাকোঁতেই হোৱা এই সূক্ষ্ম পৰিৱৰ্তনে ইংগিত কৰিছে যে ‘অসমীয়া জাতি’ নামৰ আৱেগিক ধাৰণাটোৰ মৃত্যুৰ ক্ষণ গণনা আৰম্ভ হৈছে।

অসমীয়া কোন তাৰ সংজ্ঞা বিচাৰি যাওঁতে অথবা ক্ষুদ্ৰ ক্ষুদ্ৰ জাতিসত্তাসমূহৰ পৃথকতাবাদী পুনৰোত্থানবাদী মনোভাবৰ কাৰণ বিচাৰি যাওঁতে আমি জাতিগঠনৰ কাৰিকৰী পটভূমি আৰু অসমীয়া জাতীয়তাবাদৰ ঐতিহাসিক ভিত্তি অনুসন্ধান কৰিবই লাগিব। অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াটো উপলব্ধি কৰিবলৈ হ’লে আমি জাতিগঠনৰ তাত্ত্বিক আলোচনাৰ মাজেৰে যাবই লাগিব।

জাতিৰ ধাৰণাটো এটা তুলনামূলকভাৱে আধুনিক পুঁজিবাদী ধাৰণা আৰু ইয়াৰ চালিকাশক্তি হ’ল অৰ্থনীতি। জাতি ৰাষ্ট্ৰৰ ধাৰণাটো অহাৰ আগতে সমাজ ব্যৱস্থাটো নিয়ন্ত্ৰণ কিৰিছিল সামন্ততন্ত্ৰই। এই সামন্ততন্ত্ৰত সৈন্যবাহিনী আৰু প্ৰজাৰ আনুগত্য থাকে ব্যক্তি বিশেষৰ প্ৰতি। এই আনুগত্য শীৰ্ষস্তৰত থাকে ৰজাৰ প্ৰতি আৰু নিম্নস্তৰত থাকে সামন্তৰ প্ৰতি।

দেশ আৰু জাতিৰ কোনো ধাৰণা নথকাৰ যুগত সামন্ততান্ত্ৰিক সৈন্যবাহিনীবোৰ একো একোটা ভেৰোণীয়া বাহিনীলৈ ৰূপান্তৰিত হৈছিল। সেয়ে সেই সময়ৰ যুদ্ধত বিপক্ষ দলৰ প্ৰধান লক্ষ্য আছিল ৰজা বা সেনাপতিক যিকোনো উপায়েৰে হত্যা কৰা। দলপতিক হত্যাৰ পাছত সেই সেনাদলৰ আনুগত্য প্ৰদৰ্শন কৰিবলৈ কোনো নথকা হয়, গতিকে যুদ্ধ কৰাৰো বিশেষ উদ্দেশ্য নোহোৱা হয়।

সেয়েহে সামন্ততান্ত্ৰিক যুগত কোনো যুদ্ধত পৰাজিত সৈন্য বাহিনী একোটাক নিজৰ বাহিনীত অন্তৰ্ভুক্ত কৰি বিজয়ীজনে অতি সহজে নিজকে শক্তিশালী কৰি তুলিছিল। কিন্তু আজিৰ জাতিৰাষ্ট্ৰৰ যুগত সেয়া সম্ভৱ নহয়। কাৰণ জাতিৰাষ্ট্ৰত আনুগত্য থাকে ৰাষ্ট্ৰৰ প্ৰতি। সেনাপতিৰ মৃত্যু হ’লেও জাতিৰাষ্ট্ৰৰ সৈনিকে অস্ত্ৰ পেলাই দিয়াৰ পৰিৱৰ্তে শেষ বিন্দু তেজ থকালৈকে যুদ্ধ কৰে।

কাৰণ, তেওঁ সেনাপতিৰ কাৰণে যুদ্ধ কৰা নাই, যুদ্ধ কৰিছে ৰাষ্ট্ৰৰ প্ৰতি। এইখিনিতে প্ৰশ্ন হয় – জাতিনো এনে কি শক্তিশালী আদৰ্শ যাৰ বাবে মানুহে মৃত্যুভয় জয় কৰিব পাৰে?

অসমীয়াৰ পৰা খিলঞ্জীয়ালৈঃ ভাষিক অসমীয়া জাতীয়তাবাদৰ অৱক্ষয়ৰ কাৰণ বিচাৰি

১৮ শতিকাত ইউৰোপত উদ্যোগ বিপ্লৱে পুঁজিবাদৰ জন্ম দিয়ে। পুঁজিবাদৰ আৰম্ভ হয় সামন্ততান্ত্ৰিক সমাজ এখনত পণ্যৰ উৎপাদন আৰম্ভ হোৱাৰ পৰা। পণ্য উৎপাদনৰ লগে লগে এটা মুদ্ৰা অৰ্থনীতিৰো সমান্তৰালভাৱে বিকাশ হয়।

ইয়াৰ পাছৰ পৰ্যায়ত বৃহৎ পণ্য উৎপাদনৰ বাবে প্ৰযুক্তিৰ বিকাশ হয়। তাৰ পাছত পুঁজিৰ জমাকৰণ আৰম্ভ হয়। এই সময়ছোৱাতে এটা পুঁজিপতি শ্ৰেণীৰ ভ্ৰূণ বিকাশ হয় আৰু সোনকালেই ই আধিপত্যবাদী শ্ৰেণীত পৰিণত হয়।

সামন্তসকলে তেওঁলোকৰ ৰায়ত কৃষকসকলক নতুনকৈ গঢ়ি উঠা উদ্যোগসমূহত শ্ৰমিক হ’বৰ বাবে এৰি দিবলৈ কেতিয়াও মান্তি নহয় বাবে সামন্ততন্ত্ৰকে ওফৰাই দিয়া হ’ল। যি সামন্তবাদী ৰাজতন্ত্ৰৰ হাতত ধৰি ধীৰে ধীৰে পুঁজিবাদী ব্যৱস্থাটোৱে গা কৰি উঠিছিল, পুঁজিবাদৰ আগ্ৰাসনত এদিন সেই সামন্ততন্ত্ৰটোৰে পতন হয়। পুঁজিবাদে ‘স্বাধীনতা’ৰ ধাৰণা আমদানি কৰি কৃষকসকলক মাটিৰ লগত সম্পৰ্কহীন শ্ৰমিক হিচাপে গঢ়ি তুলিলে।

এই সময়ত এটা সীমিত গণতান্ত্ৰিক ব্যৱস্থায়ো বিকাশ লাভ কৰি উঠিল। কিন্তু বৃহৎ পুঁজিৰ বিকাশৰ বাবে আৰু কিছু প্ৰয়োজনীয়তা আহি পৰিল। সেয়া হ’ল এটা সুৰক্ষিত সীমাৰেখা, যাতে বাহিৰৰ কোনো পুঁজিপতি আহি বজাৰত সোমাব নোৱাৰে আৰু ভিতৰৰ শ্ৰমিক বাহিৰলৈ ওলাই যাব নোৱাৰে। যদি মাটিৰ পৰা সদ্য স্বাধীনতাপ্ৰাপ্ত কৃষকসকলে যি কোনো ঠাইলৈ অবাধ গতিত যাব পাৰে, তেতিয়া উদ্যোগৰ বাবে শ্ৰমশক্তি ক’ৰ পৰা আহিব।

অসমীয়াৰ পৰা খিলঞ্জীয়ালৈঃ ভাষিক অসমীয়া জাতীয়তাবাদৰ অৱক্ষয়ৰ কাৰণ বিচাৰি

গতিকে এটা কটকটীয়া ভৌগোলিক সীমাৰ প্ৰয়োজন হ’ল। এনে কটকটীয়া সীমাৰেখাৰ ভিতৰত পৰস্পৰ অৰ্থনৈতিক স্বাৰ্থৰে বান্ধ খাই থকা লোকসমষ্টিটোৱেই হ’ল জাতি।

এই ব্যৱস্থাটো বৰ্তাই ৰাখিবলৈ জন্ম দিয়া হ’ল কিছুমান নতুন বিমূৰ্ত ধাৰণাৰ। প্ৰথম স্তৰত সেয়া হ’ল দেশপ্ৰেমৰ ধাৰণা আৰু পৰৱৰ্তী স্তৰত সমতা আৰু ভাতৃত্ববোধৰ ধাৰণা।

সামন্ততান্ত্ৰিক যুগত ৰাষ্ট্ৰৰ সীমাৰেখা ইমান কটকটীয়া নাছিল।

মধ্যযুগৰ আহোম ৰাজ্যৰ মাজেদিয়েই চিলাৰায়ে যুদ্ধৰ বাবে ‘গোহাঁই কমলআলি’ বান্ধি উলিয়াইছিল। আজিৰ সীমাৰেখাৰে বেষ্টিত জাতিৰাষ্ট্ৰৰ ধাৰণা আমাৰ মন-মগজুত গভীৰভাৱে প্ৰোথিত হৈ থকাৰ বাবে ইয়াৰ তাৎপৰ্য বুজাত আমাৰ অসুবিধা হয়। প্ৰকৃততে সেই সময়ত সীমাৰ বিশেষ ধাৰণা নাছিলেই। জাতিৰাষ্ট্ৰত কটকটীয়া সীমাৰে বেষ্টন কৰি মানুহৰ প্ৰব্ৰজন কৰাৰ তথাকথিত স্বাধীনতা এক সীমাৰ ভিতৰত আবদ্ধ কৰা হ’ল।

অৰ্থনৈতিক স্বাৰ্থই এখিনি মানুহক দীৰ্ঘদিন ধৰি একগোট কৰি ৰাখি এটা জাতিৰ সৃষ্টি কৰে। অৰ্থনৈতিক স্বাৰ্থই একেলগ কৰা গোটটোৰ মাজৰ ফাকবোৰ কেতিয়াবা ভাষা বা সংস্কৃতিয়ে নেদেখা কৰি থ’ব পাৰে। কিন্তু মূল বান্ধি ৰখাৰ শক্তি ৰাখে অৰ্থনৈতিক স্বাৰ্থইহে। উদাহৰণস্বৰূপে কানাডাৰ কুইবেক প্ৰদেশখন হ’ল ফৰাচীভাষী আৰু কানাডাৰ বাকী অংশতকৈ সংস্কৃতিগতভাৱেও সম্পূৰ্ণ পৃথক।

ইয়াৰ জনতাই ১৯৮০ আৰু ১৯৯৫ চনত হোৱা দুটাকৈ গণভোটৰ জৰিয়তে কানাডাৰপৰা পৃথক হ’বলৈ অস্বীকাৰ কৰে। ভাষা-সংস্কৃতিৰ ফালৰপৰা কানাডাৰ বাকী অংশৰ লগত কুইবেক সম্পূৰ্ণ পৃথক যদিও সমঅৰ্থনৈতিক বিকাশে ফৰাচীফাষী কুইবেক বাকী আৰু ইংৰাজীভাষী বাকী অংশক একেই কানাডিয়ান কৰি ৰাখিছে। এইটো সত্য যে এখন ভাষিক আৰু সাংস্কৃতিকভাৱে সমসত্ব (homogeneous) সমাজত জাতি ৰাষ্ট্ৰগঠন কৰিবলৈ তুলনামূলকভাৱে সহজ।

কিন্তু অৰ্থনৈতিক বান্ধোন অবিহনে কেৱল ভাষা-সংস্কৃতি লৈ জাতি ৰাষ্ট্ৰ গঢ়িব নোৱাৰি। অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানা একে তেলুগুভাষী হোৱা সত্ত্বেও অৰ্থনৈতিক অসাম্যৰ বাবেই তেওঁলোক পৃথক হৈ আহিল। ভাষাই তেওঁলোকক এক কৰি ৰাখিব নোৱাৰিলে।

কিন্তু এটা কথা অনস্বীকাৰ্য যে পূৰঠ সামন্ততন্ত্ৰই এটা সবল জাতি গঢ়িবলৈ প্ৰয়োজনীয় আন্তঃগাঁথনি গঢ়ি তোলে। এটা সামন্ততন্ত্ৰই কেতিয়াবা বল প্ৰয়োগ, অত্যাচাৰ আদিৰ যোগেদি সমসত্ব সমাজ এখনৰ সৃষ্টি কৰে আৰু কেতিয়াবা স্বতঃস্ফূৰ্তভাৱে আদান-প্ৰদানৰ যোগেদি জাতি নিৰ্মাণৰ আন্তঃগাঁথনি গঢ়ি তোলে।

দুৰ্ভাগ্যক্ৰমে অসমত বা ভাৰতত পণ্য উৎপাদনৰ সবল ধাৰণা নথকাৰ বাবে সামন্ততন্ত্ৰৰপৰা পুঁজিবাদৰ ধ্ৰুপদী বিকাশ নহ’ল। ঐতিহাসিক কাৰণত অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটো এক স্বাভাৱিক প্ৰক্ৰিয়া নহৈ বহু দেৰিকৈ এক বাহিৰৰপৰা জাপি দিয়া কৃত্ৰিম পক্ৰিয়াহে আছিল। সৌ সিদিনা ব্ৰিটিছ যুগতহে পূৰ্বৰ আহোম ৰাজ্য, কোচ ৰাজ্যৰ একাংশ আৰু কছাৰী ৰাজ্যৰ একাংশ লৈ গঢ়ি তোলা ‘অসমীয়া’ নামৰ এটা জাতি গঢ়িবলৈ প্ৰচেষ্টা লোৱা হৈছিল।

অসমীয়াৰ পৰা খিলঞ্জীয়ালৈঃ ভাষিক অসমীয়া জাতীয়তাবাদৰ অৱক্ষয়ৰ কাৰণ বিচাৰি

কিন্তু অতি আধুনিক এই ‘অসমীয়া’ ধাৰণাটোক এক কৰি ৰাখিবৰ বাবে কোনো শক্তিশালী অৰ্থনৈতিক স্বাৰ্থই ক্ৰিয়া কৰা নাছিল। এই ভূখণ্ডক এক কৰি ৰখাৰ বাবে অৰ্থনীতিৰ পৰিৱৰ্তে এটা ভাষাক ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লোৱা হ’ল।

অথচ ঐতিহাসিকভাৱে এই তিনিখণ্ড ৰাজ্যৰ প্ৰজাসকলৰ মাজত ভাষিক আৰু মানসিক সমসত্বতা নাছিল বুলিবই পাৰি। যাৰ ফলত এটা বহুভাষিক ভূখণ্ডত জাতি গঠনৰ বাবে ভাষাক ব্যৱহাৰ কৰাত সমগ্ৰ প্ৰক্ৰিয়াটোত আৰম্ভণিতে কেৰোণ সোমাল।

দ্বিতীয় পৰ্যায়ত ভাষিক অসমীয়া জাতিগঠন প্ৰক্ৰিয়াটোক অনাৱশ্যকভাৱে খৰতকীয়া কৰিবলৈ গৈ ইয়াক অধিক নিশকতীয়াহে কৰি তোলা হ’ল।

তদুপৰি অসমীয়া জাতিগঠনৰ সুফলসমূহৰ সমভাৱে বণ্টন নোহোৱাৰ ফলত যি ক্ষোভ ধীৰে ধীৰে পুঞ্জীভূত হ’ল, সি যোৱাটো শতিকাৰ শেষৰ ফালে বিস্ফোৰক ৰূপ ল’লে আৰু জাতিগঠন প্ৰক্ৰিয়াটো চিৰদিনলৈ অসম্পূৰ্ণ হৈ ৰ’ল।

প্ৰাচীন অসমৰ বৰ্মন, শালস্তম্ভ, পাল আদি বৃহৎ বৃহৎ সামন্ততান্ত্ৰিক ৰাজ্যবোৰৰপৰা স্বাভাৱিকভাৱে পুঁজিবাদৰ বিকাশ ঘটি জাতি ৰাজ্যৰ সৃষ্টি হোৱাৰ পৰিৱৰ্তে এইসমূহ ধ্বংস হৈ পুনৰ জনজাতীয় স্তৰলৈহে গমন কৰিছিল।

বৃহৎ সামন্ততান্ত্ৰিক ৰাজ্যবোৰৰ পতনৰ পাছত অসমত কেন্দ্ৰীয় শক্তিৰ অভাৱত অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ জনজাতীয় ৰাজ্য আৰু অভিজাততন্ত্ৰসদৃশ ভূঞা ৰাজ্যৰ সৃষ্টি হয়। বৃহৎ সামন্ততন্ত্ৰৰ পৰিৱৰ্তে ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্যৰ উৎপত্তিৰ ফলত এই ভূখণ্ডক কেন্দ্ৰৰ কৰি এখন জাতিৰাজ্য গঠনৰ প্ৰক্ৰিয়াটো পলম হৈ গ’ল।

মধ্যযুগত চুতীয়া ৰাজ্য আহোমসকলে দখল কৰাৰ পাছৰ সময়খিনিৰ পৰা আজিৰ তাৰিখত অসম নামে জনাজাত ভূখণ্ডত তিনিখন ৰাজ্য আছিল। আহোম ৰাজ্য, কোচ ৰাজ্য আৰু কছাৰী ৰাজ্য। আহোম ৰাজ্য, কোচ ৰাজ্য আৰু কছাৰী ৰাজ্যত তিনি ধৰণৰ শাসনতন্ত্ৰত তিনি ধৰণেৰে প্ৰজাসকলৰ মানসিকতা বা মেজাজ গঢ় লৈ উঠিছিল।

গতিকে সামন্ততন্ত্ৰৰ একুৰা মাত্ৰ নৰককুণ্ডসদৃশ জুইত পুৰি পুৰি এই তিনি ৰাজ্যৰ জনগণে এটা সমসত্ব মানসিকতা গঢ়ি তুলিবলৈ সুযোগ নাপালে। তদুপৰি ভাৰতৰ অন্য ৰাজ্যৰ দৰে এই তিনি ৰাজ্যত বৰ্তি থকা বৰ্ণবাদেও সামাজিক সমসত্বতা আহিবলৈ নিদিলে।

ভাৰতত সামন্ততন্ত্ৰৰ চৰিত্ৰ ইউৰোপৰ দৰে নহয়। দেখা যায় পূৰ্ণস্তৰীভৱন হোৱাৰ পাছত নিজে বৰ্তি থকাৰ স্বাৰ্থতে ভাৰত উপমহাদেশত সামন্ততন্ত্ৰই বৰ্ণবাদৰ পৃষ্ঠপোষকতা আৰম্ভ কৰে।

বৰ্ণবাদে এটা সমসত্ব জাতি গঠনত বাধাৰ সৃষ্টি কৰে। অসমো ইয়াৰ ব্যতিক্ৰম নহয়। মধ্যযুগৰ অসম ভূখণ্ডৰ শক্তিশালী ৰাজ্য আহোম ৰাজ্যত স্তৰীভৱন বৃদ্ধিৰ লগে লগে বৰ্তি থকাৰ স্বাৰ্থতে ইয়াৰ চৰিত্ৰ সময়ে সময়ে সলনি হৈ থকা আমি দেখা পাওঁ।

sukapha
চুকাফা

আহোম ৰাজ্য জনজাতীয় চৰিত্ৰৰ আছিল বুলি থকা ধাৰণাটো আংশিকভাৱেহে সত্য।

আহোম ৰাষ্ট্ৰৰ সামাজিক চৰিত্ৰ সুদীৰ্ঘ ৬০০ বছৰত ঘনে ঘনে সলনি হৈছিল। চুকাফা, চুহুংমুং দিহিঙীয়া ৰজা, প্ৰতাপসিংহ, গদাধৰ সিংহ আদি বিভিন্ন ৰজাসকলৰ ৰাজত্বকালত আমি আহোম ৰাষ্ট্ৰৰ বেলেগ বেলেগ চৰিত্ৰ দেখিবলৈ পাওঁ।

যিকোনো জনজাতীয় ৰাজ্যত থকাৰ দৰে চুকাফাৰ সময়ৰ আহোম ৰাজ্যত থকা এক ধৰণৰ অভিজাততন্ত্ৰ থাকিলেও প্ৰতাপসিংহৰ সময়লৈ আহোম ৰাজ্য হৈ পৰিছিল যিকোনো মধ্যযুগীয় ভাৰতীয় ৰাজ্যৰ দৰে বৰ্ণবাদৰ ৰক্ষক প্ৰতিষ্ঠানৰ নিচিনা।

আহোম ৰাষ্ট্ৰই ইমানেই বৰ্ণবাদৰ পৃষ্ঠপোষকতা কৰা আৰম্ভ কৰিছিল যে প্ৰতাপ সিংহই কৈৱৰ্তৰ লগত খোৱা-বোৱা কৰাৰ অপৰাধত ২০০ জন ব্ৰাহ্মণক কৈৱৰ্তকৰণ কৰিছিল (Anglo-Assamese Relation, page 20)।

কেৱল ব্ৰাহ্মণেই নহয়, কৈৱৰ্ত কন্যা বিবাহ কৰোৱাৰ অপৰাধত বৰাহী লোককো শাস্তি প্ৰদান কৰা হৈছিল (আহোমৰ দিন, পৃষ্ঠা ১২২)। উচ্চবৰ্ণৰ মুকুন্দ গোসাঁয়ে জাত-পাত, হোমযজ্ঞৰ বিৰোধিতা কৰাৰ বাবে প্ৰতাপ সিংহই তেওঁক প্ৰাণদণ্ড দিছিল। সেইদৰে বৰসবাহ পতাৰ অপৰাধত জয়ধ্বজ সিংহই বৰহাটৰ সঞ্জয় নামৰ কৈৱৰ্তজনকো হত্যা কৰাইছিল (মোৱামৰীয়া মহাবিদ্ৰোহঃ এক ত্ৰিমাত্ৰিক গণ অভ্যুত্থান পৃষ্ঠা ৪০)।

গদাধৰ সিংহৰ সোঁতৰ বিপৰীতে সাঁতোৰ মেলাৰ এক প্ৰচেষ্টা চলাইছিল যদিও তেৱোঁ বৰ্ণবাদৰ ঠেক গণ্ডীৰ পৰা ওলাব পৰা নাছিল। তেওঁৰ সকলো প্ৰজাকে একেটা পাগতে ভোজ খুৱাই সকলোৰে জাত মাৰি এক জাতি গঢ়াৰ পৰিকল্পনাটো অভিনৱ বুলি ক’বই লাগিব।

কিন্তু এই অভিলাষী প্ৰকল্পও বিশেষ চাৰিটা কৰা চাৰিজাতিক বাদ দিহে লোৱা হৈছিল। সাতসৰী অসম বুৰঞ্জীৰ মতে – ‘‘আৰু ব্ৰাহ্মণ, গণক, কায়স্থ, কলিতা এই চাৰি জাতিক এৰি সকলেক এটা চৰু কৰো বুলি বৰচ’ৰাৰ খোলাত চাউডাঙৰ হতোৱা ভাত ৰন্ধাই খুৱালে’’ (সাতসৰী অসম বুৰঞ্জী, পৃষ্ঠা ১২৫)।

এইখিনিতে প্ৰশ্ন হয় আহোমসকলে কিয় বৰ্ণবাদৰ পৃষ্ঠপোষকতা কৰিবলগীয়া হৈছিল। প্ৰকৃততে মধ্যযুগত ধৰ্মৰ সহায় অবিহনে সামন্ততন্ত্ৰ একোটাৰ বাবে তিষ্ঠি থকাটো অতিকে কঠিন আছিল। প্ৰাচীন কালৰেপৰা ধৰ্মানুষ্ঠআন আৰু শাসকসকলে পৰস্পৰ সহযোগিতাৰে কাম কৰি আহিছে। কেতিয়াবা স্বাৰ্থৰ পৰিপন্থী হোৱাৰ বাবে কেতিয়াবা সংঘাতৰ সৃষ্টি হয় যদিও বৃহৎ পৰিসৰত ধৰ্মানুষ্ঠান আৰু শাসকসকলে সহযোগী হিচাপেই কাম কৰি অহা পৰিলক্ষিত হয়।

শাসকসকলে সদায়েই স্বাৰ্থসিদ্ধিৰ বাবেই ধৰ্মৰ পৃষ্ঠপোষকতা কৰি আহিছে আৰু প্ৰয়োজনত ধৰ্ম সলনিও কৰি আহিছে। ৰোমান সম্ৰাট কনষ্টেনটাইনৰ খ্ৰীষ্টান ধৰ্মগ্ৰহণ ইয়াৰ উৎকৃষ্ট উদাহৰণ। এই ক্ষেত্ৰত আহোম ৰজা সকলো ব্যতিক্ৰম নহয়। আহোম ৰজাসকলৰ হিন্দু ধৰ্ম গ্ৰহণ আছিল এক ৰাজনৈতিক বাধ্যবাধকতা।

kamakhya1

আহোম ৰাজ্যৰ আয়তনিক পৰিসৰ বৃদ্ধিৰ লগে লগে ই এক সৰল ৰাজতন্ত্ৰৰ পৰিৱৰ্তে অসংখ্য স্তৰীভৱনৰ সৈতে এক পূৰ্ণাংগ সামন্তীয় ৰাষ্ট্ৰৰ চৰিত্ৰ গ্ৰহণ কৰিছিল।

এনে এক জটিল সামন্ততন্ত্ৰক সুস্থিৰতা প্ৰদান কৰিবলৈ এনে এক বহল পৰিসৰৰ ধৰ্মীয় ছত্ৰৰ প্ৰয়োজন হৈছিল, যি ছত্ৰ ৰাজ্যৰ অধিবাসীসকলৰ বাবে অচিনাকিও নহয় আৰু সামন্ততান্ত্ৰিক শোষণৰ বাবে সৃষ্টি হোৱা ক্ষোভকো প্ৰশমিত কৰি ৰাখিব পৰাকৈ সক্ষম।

ব্ৰহ্মপুত্ৰ উপত্যকাত চুকাফাৰ নেতৃত্বত ১২২৮ চনত আগমন হোৱা প্ৰাক-আহোম শ্বানসকলৰ প্ৰধান দুৰ্বলতা আছিল তেওঁলোকৰ সংখ্যালঘুতা। এই দুৰ্বলতা পূৰণৰ হেতু সংখ্যালঘু শ্বানসকলে সেই কালৰ ৰাজনীতিত এক নোহোৱা-নোপজা পদক্ষেপ গ্ৰহণ কৰি নিজৰ জনসম্পদ বৃদ্ধি কৰিছিল। সেই নীতিটো আছিল জাতত তুলি লোৱা প্ৰথা।

এই জাতত তুলি লোৱা প্ৰথা এনে ব্যাপক আছিল যে অতি সোনকালেই মৰাণ, বৰাহী, মটক, চুতীয়া, ব্ৰাহ্মণ, নগা, ভূঞা, গৰীয়া, গাৰো, মণিপুৰী, মিচিং, নট কলিতা, কছাৰী আদি সকলো সৰু-বৰ জনগোষ্ঠীৰ লোকক জাতত তুলি লোৱা হ’ল (ইতিহাসে সোঁৱৰা ছশটা বছৰ, পৃষ্ঠা-৫২)। প্ৰাক-আহোম শ্বানসকলে এইদৰে বিভিন্ন জাতি-উপজাতিৰ লোকক এক লগ কৰি আহোম নামৰ সাংস্কৃতিক গোটটোৰ গঠন কৰিলে।

এই নতুনকৈ জাতত তুলি লোৱা এই লোকসকলক সাংস্কৃতিকভাৱে আহোম নামেৰে এক কৰা হ’ল যদিও ধৰ্মীয় আৰু ভাষিকভাৱে এক কৰা সম্ভৱ নহ’ল। ক্ৰমাৎ বৃহৎ ৰূপ লোৱা আহোম ৰাজ্যৰ শাসকসকলে বুজি পাইছিল যে নতুনকৈ সাংস্কৃতিক বোষ্টনীত সুমুৱাই আহোম কৰি লোৱা সকলো লোকক শ্বানসকলৰ পৰম্পৰাগত ধৰ্মৰ জৰিয়তে একগোট কৰি ৰখা সম্ভৱ নহয়।

ahom era

গতিকে ইয়াৰ বিকল্প হিচাপে তেওঁলোকে প্ৰথম পৰ্যায়ত এক সৰ্বগ্ৰহণযোগ্য, সৰল আৰু বৰ্ণবাদৰ কঠোৰতাৰ পৰা কিছু পৰিমাণে মুক্ত ধৰ্ম এটাৰ প্ৰয়োজন বোধ কৰিছিল। সেয়ে প্ৰথমে বিৰোধিতা কৰিলেও পাছত ঐতিহাসিক প্ৰয়োজনীয়তা পূৰণ কৰিবৰ বাব এই আহোম ৰজাসকলে আনুষ্ঠানিকভাৱে বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰিছিল (মোৱামৰীয়া মহাবিদ্ৰোহ এক ত্ৰিমাত্ৰিক গণ-অভ্যুত্থান, পৃষ্ঠা-৩৩)।

বৈষ্ণৱ ধৰ্মগুৰুসকলৰ জৰিয়তে আহোমসকলে প্ৰান্তীয় জনজাতীয় সমাজবোৰক কিছু পৰিমাণে শাসনৰ ভিতৰুৱা কৰিবলৈ সক্ষম হ’ল (বৈষ্ণৱবাদৰ পৰা মোৱামৰীয়া বিদ্ৰোহলৈ, পৃষ্ঠা ৩০)। বৈষ্ণৱ ধৰ্মই জনজাতীয় সমাজবোৰ ভাঙি এক সুস্থিৰ, কিছু পৰিমাণে সমসত্ব আৰু ৰাজআনুগত্য থকা এচাম প্ৰজাৰ সৃষ্টি কৰিবলৈ সক্ষম হ’ল। এই বৈষ্ণৱায়ন প্ৰক্ৰিয়া আহোমসকলৰ পৃষ্ঠপোষকতাত নিৰন্তৰ চলি আছিল।

ৰুদ্ৰসিংহই নক্টে ৰাজ্যলৈ পঠাইছিল শ্ৰীৰাম আতাক (নগাৰ নৰোত্তম আৰু আহোম ৰজাৰ নিমখৰ ৰাজনীতি, গৰীয়সী, জুলাই, ২০১৮, পৃষ্ঠা ২৮-৩১)। আনকি মোৱামৰীয়া বিদ্ৰোহৰ আগে আগে বচাৰ কছাৰী প্ৰজাসকলক নিয়ন্ত্ৰণত ৰাখিবলৈ আহোম ৰজা লক্ষীসিংহৰ নিৰ্দেশত আউনিআটীৰ গোসাঁই প্ৰাণহৰিদেৱে নিজে গৈ তেওঁলোকক দীক্ষা দিছিল (আউনিআটী সত্ৰৰ বুৰঞ্জী, পৃষ্টা ৪৯)। মন কৰিবলগীয়া কথা এয়ে যে লক্ষীসিংহ নিজে কিন্তু শাক্ত আছিল।

জনজাতীয় লোকসকলৰ বাবে শাক্তমত উপযোগী নহয় বুলি উপলব্ধি কৰিয়েই বৈষ্ণৱ গুৰু এজনক তেওঁ বচালৈ পথাইছিল। ধীৰ গতিত হ’লেও মধ্যযুগৰ অসমত জনগাঁথনিৰ সমসত্বকৰণত বৈষ্ণৱায়ন প্ৰক্ৰিয়াৰ গুৰুত্ব অতি বেছি। বৈষ্ণৱ ধৰ্মই প্ৰান্তীয় জনগোষ্ঠীবোৰক ধৰ্মৰ যোগেদি প্ৰথমে শৰণীয়া তাৰ পাছত সৰুকোঁচ, বৰকোচ, কেঁওট, সৰুকলিতা, বৰকলিতা আদি অভিধাৰে ধীৰে ধীৰে সামাজিকভাৱে এক কৰাৰ প্ৰক্ৰিয়া এটা আৰম্ভ কৰিছিল (বৈষ্ণৱবাদৰ পৰা মোৱামৰীয়া বিদ্ৰোহলৈ, পৃষ্ঠা ২৮)।

Sankaradeva

এই প্ৰক্ৰিয়া প্ৰথমৰে পৰা অবিকৃত আৰু সুস্থিৰভাৱে চলি থকাহেঁতেন আমি ভৱিষ্যতে এটা সুদৃঢ় জাতি গঠনৰ বাবে প্ৰয়োজনীয় সমসত্ব সমাজ এখন পোৱাৰ সম্ভাৱনাৰ কথা কল্পনা কৰিব পাৰিলোহেঁতেন।

কিন্তু বৈষ্ণৱ ধৰ্মই এই দিশত যি অপাৰ সম্ভাৱনাৰ সৃষ্টি কৰিছিল সেই সম্ভাৱনাক শংকৰদেৱ, মাধৱদেৱ, অনিৰূদ্ধদেৱ আদি গুৰুসকলৰ প্ৰয়াণৰ পাছত কিছু সংখ্যক গুৰু নামধাৰীৰ মুৰ্খামী, গোড়ামী আৰু বৰ্ণবাদী কাম-কাজৰ বাবে বিকাশ হ’বলৈ নিদিলে।

সময় যোৱাৰ লগে লগে আহোম ৰাজতন্ত্ৰই পূৰ্ণতা লাভ কৰি গৈ থকাৰ লগে লগে স্তৰীভৱনো বৃদ্ধি পালে। অসংখ্য বিষয়া চমুৱাৰ সৈতে বৃহৎ আমোলাতন্ত্ৰটোক পোহ-পাল দি থাকিবলৈ অধিক শ্ৰমশক্তিৰ প্ৰয়োজন হ’ল।

প্ৰজাশোষণ বৃদ্ধি কৰিবৰ বাবে একশৰণ বৈষ্ণৱ ধৰ্মৰ দৰে তুলনামূলকভাৱে উদাৰ ধৰ্মমত এটা উপযোগী মুঠেই নহয়। একশৰণ বৈষ্ণৱ ধৰ্মত ধৰ্মাচৰণ সামূহিক।

মন্দিৰ-পুৰোহিতকেন্দ্ৰিক ধৰ্মৰ দৰে গাইগুটীয়া নহয়। একশৰণ বৈষ্ণৱ ধৰ্মৰ সকলোৱে একলগে মিলি নাম-গুণ গাই ধৰ্ম আচৰণ কৰা প্ৰক্ৰিয়াটোৰ ৰজাৰ বাবে সকলোতকৈ বিপজ্জনক দিশ হ’ল ই প্ৰজাসকলৰ মাজত যোগাযোগ বৃদ্ধি কৰে। অন্যহাতে সামন্তীয় শোষণ তীব্ৰ কৰিবৰ বাবে ৰজাঘৰক প্ৰয়োজন প্ৰজাৰ মাজত যোগাযোগবিহীন এক পৰিৱেশ। যোগাযোগবিহীন এক পৰিৱেশ থাকিলে ৰজাঘৰৰ বিৰুদ্ধে প্ৰজা সংগঠনৰ সম্ভাৱনা কমি যায়।

মানুহৰ সমাগম ৰজাঘৰে সদায়েই অতিশয় ভয় কৰিছিল। ৰংঘৰৰ বাকৰিত হাতী যুঁজ চাবলৈ গোট খোৱা মানুহকো ৰজাই কিমান ভয় কৰিছিল, তাক ৰজা ৰাজেশ্বৰ সিংহই কীৰ্তিচন্ত্ৰ বৰবৰুৱাক কোৱা কথা এষাৰৰ পৰা উপলব্ধি কৰিব পাৰি। ‘‘এই প্ৰজাবোৰ একেলগকৈ গোটখালেই আমাৰফালে উদি’’—এয়া আছিল স্বৰ্গদেউৰ ভাষ্য (স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ, পৃষ্ঠা-২৮)।

সেয়েহে ৰাষ্ট্ৰৰ পৰিপূৰ্ণ স্তৰীভৱন হোৱাৰ পাছত আহোম ৰাজতন্ত্ৰই একশৰণ বৈষ্ণৱ ধৰ্মৰ পৰিৱৰ্তে সন্ধান কৰিছিল এটা বিকল্প ধৰ্মমতৰ। সেয়েহে গদাধৰ সিংহৰ দিনৰপৰা বৈষ্ণৱ সত্ৰসমূহৰ নিৰ্যাতন আৰম্ভ কৰাৰ লগতে সুপৰিকল্পিতভাৱে অসমৰ সমাজখনত বৰ্ণবাদ সিঁচি দিয়াৰ আঁচনি আৰম্ভ হৈছিল।

এই উদ্দেশ্যেৰেই সত্ৰসমূহৰ পৰা বামুণ, দৈৱজ্ঞ, কায়স্থ আৰু কলিতা এই চাৰি তথাকথিত উচ্চ জাতৰ ভকতক এৰি বাকী ভকতসকলক ধোদ সাব্যস্ত কৰি আলি বন্ধাৰ কামত লগাই দিয়া হৈছিল (বৈষ্ণৱবাদৰ পৰা মোৱামৰীয়া বিদ্ৰোহলৈ, পৃষ্ঠা ৪৫)।

ৰাজনৈতিক বাধ্যবাধকতাৰ বাবে আহোম ৰজাঘৰে প্ৰাৰম্ভিক অৱস্থাত যি ধৰ্মীয় নীতি গ্ৰহণ কৰিছিল, সেই নীতিসমূহে জাতিগঠনৰ দৰে এটা প্ৰক্ৰিয়াৰ ভেঁটি প্ৰস্তুত কৰিব পাৰিলেহেঁতেন। কিন্তু ৰাজনৈতিক বাধ্যবাধকতা অন্ত পৰাৰ লগে লগে ৰজাঘৰে যি ধৰ্মীয় পথ গ্ৰহণ কৰিলে, সেই পথ গৈ আঁহ ফলা বৰ্ণবাদত অন্ত পৰিলগৈ।

আহোম ৰাজ্যতকৈও কছাৰী ৰাজ্যত অ-সমসত্বতা (inhomogenity) ব্যাপক আছিল। কছাৰী ৰাজ্যত পাহাৰৰ প্ৰজা আৰু ভৈয়ামৰ প্ৰজাসকল সদায় দুটা পৃথক গোট হিচাপেই থাকি গৈছিল। আনকি কছাৰী ৰাজ্যত সমতল কাছাৰ আৰু পাহাৰীয়া কাছাৰ সম্পূৰ্ণ পৃথক প্ৰণালীৰে শাসিত হৈছিল।

গতিকে যি দৰে আধুনিক চীনদেশত পৃথক প্ৰণালীৰে শাসন হোৱাৰ বাবে হংকং আৰু মূল চীনৰ জনতাৰ মানসিকতা পথক, সেই দৰে একেই কছাৰী ৰাজ্যতো প্ৰজাসকল মানসিকভাৱে পৃথক আছিল। আহোম ৰাজ্যৰ প্ৰজাৰ লগতো কছাৰী ৰাজ্যৰ প্ৰজাসকলৰ বিশেষ মিল নাছিল। আহোমসকলে সম্পূৰ্ণ দখললৈ অনা কছাৰী ৰাজ্যখণ্ডৰ প্ৰজাসকল আহোমসকলৰ লগত কিছু পৰিমাণে মিলি গৈছিল যদিও আহোমৰ অধীনলৈ নহাকৈ থকা কছাৰী ৰাজ্যখণ্ডৰ প্ৰজাসকল এই ছত্ৰৰ ভিতৰলৈ নাহিল।

chilarai1
চিলাৰায়

কছাৰী আৰু আহোম ৰাজ্যৰ তুলনাত কোচ ৰাজ্যত স্তৰীভৱন আধিক পৈণত আছিল আৰু পশ্চিমৰ লগত সম্পৰ্ক অধিক আছিল। নৰনাৰয়ণৰ দিনৰ কোচ ৰাজ্যত জাতিভেদ আৰু আৰ্থিক অসাম্য প্ৰৱল আছিল। কোচৰাজ্যত দাস হিচাপে প্ৰচুৰ মানুহ বেচা-কিনা কৰা হৈছিল। কছাৰী ৰাজ্য আৰু আহোম ৰাজ্যতকৈ কোচৰাজ্যত বৰ্ণবাদ সুসংগঠিত আছিল।

এতিয়া লক্ষ্য কৰা হওক এই তিনিখন ৰাজ্যৰ প্ৰজাৰ ভাষিক অৱস্থানলৈ। কাৰণ মধ্যযুগত তিনখন ৰাজ্যত বিভক্ত অসম কেতিয়াও একভাৰী ৰাজ্য নাছিল। সেই কালৰ অসম ভূখণ্ডত বিভিন্ন ভাষাভাষী ৰাইজে আজিকালিৰ অসমীয়াৰ দৰে ভাষা এটা যোগাযোগৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিছিল, যাক নাওবৈচা ফুকনে ভূঞাৰ লগত কৰা বেপাৰৰ ভাষা বুলি উল্লেখ কৰিছে (নাওবৈচা ফুকনৰ অসম বুৰঞ্জী, পৃষ্ঠা ০.০৩, ০.১৬)।

নাওবৈচা ফুকনৰ ভাষ্যৰ পৰা অনুমান কৰিব পাৰি যে এই ভাষাটো প্ৰথমে আৰ্যমূলীয়া লোকসকলে প্ৰধানকৈ ব্যৱহাৰ কৰিছিল। লাহে লাহে ব্ৰহ্মপুত্ৰ উপত্যকাত এই ভাষাটো সংযোগী ভাষা হিচাপে ব্যৱহাৰ হ’বলৈ ধৰিলে। নগাঁৱৰ তিপেৰা কছাৰী ৰজাসকলৰ পৃষ্ঠপোষকতাত লিখিত সাহিত্যও সৃষ্টি হ’ল।

আহোমসকলে এই উপত্যকাটোত পদাৰ্পণ কৰি ৰাজ্য বিস্তাৰ কৰাৰ সময়ত তেওঁলোকৰ আইভাষী মূল শ্বান লোকসকল সংখ্যালঘু হোৱাৰ বাবে এই সংযোগী ভাষাটোকে লাহে লাহে গ্ৰহণ কৰিলে। এই ভাষাটোৰে মান্য ৰূপটো পুৰণি বৈষ্ণৱ পুথিবোৰত ব্যৱহাৰ হৈচিল আৰু কোচ ৰাজ্যৰ মান্য ভাষাও এইটোৱেই আছিল।

ইয়াৰ সমান্তৰালভাৱে উজনি আৰু নামনিত কথিত ৰূপত এই ভাষাৰ দুটা বেলেগ ৰূপো চলি আছিল। ১৪৭৮ শকত স্বৰ্গদেউ চুহুংমুঙে কোচৰজা নৰনাৰায়ণলৈ দিয়া পত্ৰখনত এই ভাষাৰ নমুনা পোৱা যায়।

চিঠিখন আছিল এনে ধৰণৰ—

‘‘… তোমাৰ কুশলবাৰ্তা শুনিয়া পৰমাপ্যাতি হৈলো। আৰু যে লিখিছা প্ৰীতিবৃক্ষ অংকুৰিত সেয়ে তোমাৰ আমাৰ সাহলাদেত বৃদ্ধিক পায়া ফলিত পুস্পিত হৈবাৰ যি খান কহিছ ই গোট বিশেষ। কিন্তু তোমাৰ আমাৰ প্ৰীতিগোট যিহত হন্তে ঘটিছে সমষ্টে জানা সেই ৰূপ মৰ্যদা ব্যৱহাৰত যদি ৰহিব ফলিত পুস্পিত কিসক নহৈব। আমৰা পূব অফিপ্ৰায়তে আছি?…’’ (১৯০১ চনত ২৭ জুন তাৰিখৰ ‘আসাম বন্তি’ কাকতত প্ৰকাশ হৈছিল) – নামনি অসমৰ মধ্যশ্ৰেণী, পৃষ্ঠা ৫৯।

পাছলৈ এই ভাষাটোত বুৰঞ্জী সাহিত্যও ৰচনা হোৱা আৰম্ভ হ’ল। কিন্তু আহোমসকলে নামনি অসম অধিকাৰ কৰাৰ পৰৱৰ্তী কালত এই ভাষাটোৰ ব্যৱহাৰ কমি আহে। ইয়াৰ পৰিৱৰ্তে চুহুংমুঙৰ ডেৰশ বছৰৰ পাছতেই ৰুদ্ৰসিংহৰ সময়ৰ পৰাই আহোম ৰাজচ’ৰাই বাঙালী ভাষাৰ পৃষ্ঠপোষকতা কৰিবলৈ আৰম্ভ কৰিছিল।

british in assam
British Imperialist in Assam

১৮১০ চনত ফ্ৰান্সিচ বুকানন হেমিলটনে An Account of Assam গ্ৰন্থত লিখিছে যে ‘‘মুদ্ৰাত বা ৰাজকাৰ্যত ব্যৱহাৰ নহ’লেও গদাধৰৰ পুত্ৰ ৰুদ্ৰৰ সময়লৈকে বাঙালী ভাষাটোও এটা যথেষ্ট চিনাকী ভাষা। আজিকালি ই ৰাজচ’ৰাটো ব্যৱহাৰ হয়। আওৰঙ্গজেৱৰ সময়ত ব্যৱহাৰ হোৱা প্ৰকৃত অসমীয়া ভাষাটো সোনকালেই বিলুপ্ত হোৱাৰসকলে সম্ভাৱনা আছে আৰু এতিয়া ই মৃতভাষা। ই এতিয়া পূজাপাতল অনুসৰণ কৰাসকলেহে ইয়াক আজি ব্যৱহাৰ কৰে। মই অসমত এতিয়া ব্যৱহাৰ হৈ থকা বাঙালী দোৱানৰ এখন শব্দকোষ সংগহ কৰি কোম্পানীৰ পুথিভঁৰালত জমা দিছো।’’

অৰ্থাৎ ১৮ শতিকাতো এবাৰ আজি অসমীয়া নামেৰে অভিহিত ভাষাটো বিপদাপন্ন হৈছিল।

প্ৰকৃত অসমীয়া ভাষা বা ‘Original Assamese’ বুলি বুকানন হেমিলটনে উল্লেখ কৰা ভাষাটোক অনিল ৰায়চৌধুৰীয়ে চুহুংমুঙে নৰনাৰায়ণলৈ লিখা চিঠিৰ ভাষা বা বৈষ্ণৱ পুথিবোৰৰ ভাষাটো বুলি চিনাক্ত কৰছে (নামনি অসমৰ মধ্যশ্ৰেণী, পৃষ্ঠা ৫৯)। সৌভাগ্যক্ৰমে ফ্ৰান্সিচ বুকানন হেমিল্টনে যুগুতাই উলিওৱা অসমত চলা বাঙালী শব্দ সহ দহভাষাৰ শব্দকোষখনৰ পাণ্ডুলিপিখন ২০১৪ চনত ব্ৰিটিছ লাইব্ৰেৰিৰ পৰা আমি সংগ্ৰহ কৰিছিলো।

Assamese1

এই শব্দকোষখন ইতিমধ্যে ড০ দেৱব্ৰত শৰ্মাই সম্পাদনা কৰি প্ৰকাশ কৰিছে। এই শব্দকোষখনৰ পৰাই আমি আহোম ৰাজত্বৰ শেষৰ ফালে অসমত, বিশেষকৈ নামনি অসমত বাঙালী ভাষাৰ প্ৰাৰ্দুভাৱৰ বিষয়ে ধাৰণা কৰিব পাৰো। নামনি অসমৰ গোৱালপাৰা জিলা ১৭৬৫ চনৰ পৰাই ব্ৰিটিছৰ দখলত আছিল আৰু বংগদেশৰ এক প্ৰশাসনিক গোট আছিল। সেই সূত্ৰে তাৰ লোকসকল আৰু কাষৰীয়া কামৰূপৰ লোকসকল বাঙালী ভাষাৰ লগত অভ্যস্ত আছিল।

১৭৯৩ চনত কেপ্টেইন ৱেল্ছৰ জৰিয়তে ব্ৰিটিছ আৰু আহোমৰ মাজত হোৱা ব্যৱসায়িক চুক্তি মতে এই যোগাযোগ ব্যাপক হৈছিল। ১৮২৬ চনত আহোম ৰাজ্য ব্ৰিটিছৰ অধীনলৈ যোৱাৰ পাছত ১৮৭৩ চনলৈকে সমগ্ৰ অসম প্ৰদেশ বংগদেশৰ প্ৰশাসনিক অংগ আছিল। ১৮৩০ চনত ব্ৰিটিছ চৰকাৰে সমগ্ৰ বংগদেশত কাৰ্যালয়ৰ ভাষা হিচাপে ফাৰ্চীৰ ঠাইত বাঙালী প্ৰৱৰ্তন কৰিলে। বংগদেশৰ অংগ হিচাপে অসমতো সেই আদেশ কাৰ্যত পৰিণত কৰা হ’ল।

সাধাৰণতে ধাৰণা কৰাৰ দৰে অসমত অসমীয়াৰ পৰিৱৰ্তে বাঙালী ভাষাৰ প্ৰচলন কৰা হোৱা নাছিল (হেমচন্দ্ৰ গোস্বামী ৰচনাৱলী, পৃষ্ঠা-১৩০, সম্পাদনা যতীন গোস্বামী)। বাঙালী ভাষাৰ লগত নামনি অসমত কথিত ভাষাৰ যথেষ্ট মিল আছিল বাবে নামনি অসমত ইয়াৰ বিৰূদ্ধে কোনো প্ৰতিবাদ হোৱা নাছিল (নামনি অসমৰ মধ্যশ্ৰেণী, পৃষ্ঠা ৬৪)। ইয়াৰ বিৰোধিতা হৈছিল কেৱল উজনি অসমতহে। কিন্তু সেই সময়ছোৱাত অসমীয়া মধ্যবিত্ত শ্ৰেণীটো আছিল একেবাৰে প্ৰাৰম্ভিক স্তৰত।

Assamese 2

সেই সময়ত উজনিত খ্ৰীষ্টান মিছনেৰিসকলে উজনি অসমৰ কথিত ভাষাটোক মান্য অসমীয়া কৰি উজনিত ধৰ্ম প্ৰচাৰৰ সপোন দেখিছিল আৰু ১৮৪৬ চনৰ পৰাই ‘অৰুনোদই’ কাকতৰ যোগে উজনিৰ কথিত ভাষাটোক মান্য ৰূপ দিবলৈ যত্ন কৰি আছিল। ‘অৰুনোদই’ কাকতৰ ভৰপকৰ সময়তো অৱশ্যে এই ভূখণ্ডত অসমীয়া বুলি কোনো ধাৰণাৰ অস্তিত্ব নাছিল।

১৮৫২ চনৰ জুলাই মাহত ‘অৰুনোদই’-ত প্ৰকাশিত এটা বাতৰিলৈ লক্ষ্য কৰক—‘‘৪ জুলাই তাৰিখে ৰজা (কামেশ্বৰ সিংহ, লেখক)ৰ সৰাধলৈ জাওঁতে ভোগদৈত নাও বুৰি অনেক মানুহ মৰিল। মালৌ কলিয়নিত সিবিলাকৰ মৰাস বামুন তিনিটা, সুদিৰ দুটা, গণক দুটা, এইখিনি পাইচে; নৌ পোআও আছে...’’

– অৰ্থাৎ আজিৰ পৰা মাত্ৰ ১৬৬ বছৰৰ আগতেও এই ভূখণ্ডত অসমীয়া কোনো নাছিল। তাৰ পৰিৱৰ্তে আছিল বামুণ শুদিৰ গণক আদিহে।

উজনি নামনি দুই ঠাইতে গ্ৰহণযোগ্যতা থকা, কেইবাশ বছৰীয়া সাহিত্য-সংস্কৃতি বহন কৰি অহা প্ৰাচীন অসমীয়া ভাষাটোক মান্য ৰূপ দিবলৈ যত্ন নকৰি কেৱল উজনিত প্ৰচলিত কথিত ভাষাটোক মান্য ৰূপ দিবলৈ মিছনেৰিসকলে কিয় ইমান যত্ন কৰিছিল সেয়া এক চিন্তা কৰিবলগীয়া বিষয়। অনিল ৰায় চৌধুৰীৰ মতে প্ৰাচীন অসমীয়া মান্যভাষাটো প্ৰভাৱশালী হিন্দু ধৰ্মৰ বাহক আছিল বাবেই মিছনেৰিসকলে এই পদক্ষেপ লৈছিল (নামনি অসমৰ মধ্যশ্ৰেণী, পৃষ্ঠা ৭৩)।

ভাষাৰ ক্ষেত্ৰত কছাৰী ৰাজ্যত আমি এটি বেলেগ পৰিস্থিতি পাওঁ। ১৭৫০ চনত কীৰ্তিচন্দ্ৰ নাৰায়ণৰ ৰাজত্বকালত মাইবং ত্যাগ কৰি ডিমাচা ৰাজধানী বৰাইল পাহাৰৰ সিপাৰে সমতল কাছাৰৰ বৰ্তমান শিলচৰৰ কাষৰ খাচপুৰলৈ লৈ যোৱা হ’ল। তাৰ পাছত সমতল কাছাৰৰ কছাৰীসকল সম্পূৰ্ণ বাঙালীভাষী হৈ গৈছিল।

কছাৰী ৰজা কৃষ্ঠচন্দ্ৰৰ ৰাজকবি কছাৰীমূলীয় (ডিমাচা) চন্দ্ৰমোহন বৰ্মনৰ কবিতাক আজিও মধ্যযুগীয় বাঙালী সাহিত্যৰ উল্লেখযোগ্য উদাহৰণ বুলি গণ্য কৰা হয় (কাচাড়েৰ ইতিবৃত্ত, পৃষ্ঠা ১৫৩)। সমতল কাছাৰ বাঙালীভাষী হ’ল যদিও পাহাৰৰ কছাৰী জনতাই ডিমাচা ভাষাই ব্যৱহাৰ কৰি থাকিল। কাছাৰৰ দৰে গোৱালপাৰাৰ কোচৰাজবংশীয় জমীদাৰীবোৰতো চৰকাৰীভাৱে বাঙালীয়েই চলিছিল আৰু সাধাৰণ ৰাইজে ৰাজবংশী ভাষা (গোৱালপৰীয়া বুলি অভিহিত) ব্যৱহাৰ কৰিছিল।

বাংলাৰ পৰিৱৰ্তে শিক্ষাৰ মাধ্যম অসমীয়া কৰিবলৈ উজনিৰ দুৰ্বল মধ্যশ্ৰেণীয়ে কৰা অনুনয়-বিনয় আৰু আমেৰিকান মিছনেৰিসকলৰ অনুযোগলৈ ব্ৰিটিছ চৰকাৰে মুঠেই কাণ দিয়াৰ প্ৰমাণ আমি নাপাওঁ। অসমীয়া বুলি কোনো ভাষা বা জাতিৰ অস্তিত্ব এই খিনিতে শেষ হ’লহেঁতেন। কাৰণ ব্ৰিটিছ চৰকাৰ বিৰুদ্ধে শক্তিশালী আন্দোলন গঢ়ি তুলিবলৈ তেতিয়াৰ অসমীয়া মধ্যশ্ৰেণীটো একেবাৰে নিশকতীয়া আছিল।

tea tourism

কিন্তু সেই সময়তে এই ভূখণ্ডৰ অৰ্থনৈতিক মানচিত্ৰত এনে কিছুমান ঘটনা ঘটিছিল, যাৰ উপজাত সৃষ্টি হ’ল আজি আমি অসমীয়া বুলি উল্লেখ কৰা অৰ্ধনিৰ্মিত জাতিটো। সেই অৰ্থনৈতিক ঘটনা আছিল ১৮২৩ চনত চাহ গছৰ আৰু ১৮২৫ চনত কয়লাৰ আৱিষ্কাৰ।

১৮৩৯ চনত একে বছৰতে অসম কোম্পানী লিমিটেডৰ গঠন ৱিলিয়াম ৰবিনছনৰ ‘Grammar of the Assamese Language’-ৰ প্ৰকাশ, আৰু যাদুৰাম ডেকা বৰুৱাৰ ‘বাঙালী অসমীয়া অভিধান’-ৰ সংকলন কেৱল এক কাকতালীয় সংযোগ নহয় (Tongue has no bone, page 36)। ব্ৰিটিছসকলে অসমত প্ৰচুৰ আৰ্থিক সম্ভাৱনা দেখি ইয়াক বংগদেশৰপৰা পৃথককৈ ৰাজ্য হিচাপে গঢ়িবলৈ সিদ্ধান্ত কৰে।

নামনি অসমৰ কথিত ভাষা অথবা পুৰণি অসমীয়া মান্য ভাষাটোক মান্যতা প্ৰদান কৰিলে বংগদেশৰ লগত স্পষ্ট পাৰ্থক্য আনিবলৈ অসুবিধা হ’ব বাবেই উজনিৰ কথিত ভাষাটোক মান্য ৰূপ দিয়াৰ ব্যৱস্থা কৰা হৈছিল। সেয়ে ৱিলিয়াম ৰবিনছনৰ প্ৰথম অসমীয়া ব্যাকৰণৰ পাতনিটো আচৰিতভাৱে ভাষাকেন্দ্ৰিক হোৱাৰ পৰিৱৰ্তে ৰাজনৈতিক আৰু অৰ্থনৈতিক আছিল।

ৰবিনছনে লিখিছল—‘‘এতিয়া দেশখনৰ গুৰুত্ব দ্ৰুতগতিত বৃদ্ধি পাইছে। দেশখনৰ মাটিৰ অভাৱনীয় উৰ্বৰতা, চাহ গছকে ধৰি ইয়াৰ বিবিধ উৎপাদনশীলতা, অনুসন্ধান নোহোৱাকৈ থকা বিস্তীৰ্ণ মনিক সম্পদ সকলো মিলি ইয়াৰ মূল্য বঢ়াই তুলিছে আৰু ইয়াক ব্ৰিটিছ চৰকাৰৰ সকলোতকৈ মূল্যৱান অধিকাৰ হিচাপে চিহ্নিত কৰিছে। সেয়ে দেশখনৰ ভাষাটোক সকলোতকৈ বেছি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰিব লাগিব, বিশেষকৈ সেই সকলে যি ইয়াত ব্যৱসায়ৰ উদ্দেশ্যে প্ৰৱেশ কৰিব, যিহেতু ই ইয়াৰ লোকসকলৰ লগত ভাৱ বিনিময়ৰ সহজ মাধ্যম হ’ব পাৰে। ই স্থানীয় লোকসকলৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়াটো সহায় কৰিব আৰু ইয়াৰ জৰিয়তে দেশখনৰ বাণিজ্যিক সম্ভাৱনা সম্পৰ্কে তথা সংগ্ৰহ কৰিব পৰা যাব’’— ব্ৰিটিছ শাসকসকলে বংগদেশৰ লগত স্পষ্ট বিভাজন আনিবৰ বাবেই উজনিৰ কথিত ভাষাটোক মান্য ভাষা কৰিলে সুবিধা হ’ব বুলি অনুভৱ কৰিছিল।

বহু চিন্তা-চৰ্চা আৰু বাক-বিতণ্ডাৰ অন্ততঃ ব্ৰিটিছশাসকৰ ছত্ৰছায়াত ১৯ শতিকাৰ সপ্তম দশকত অসমীয়া জাতি গঠনৰ ৰূপৰেখা সম্পূৰ্ণ হ’ল। ১৮৭৩ চনত ব্ৰহ্মপুত্ৰ উপত্যকাত উজনি অসমৰ কথিত ভাষাটোক অসমীয়া ভাষা বুলি মান্যতা দিয়া হয় আৰু ১৮৭৪ চনত বংগদেশৰ পৰা অসমক পৃথক কৰি লগত গোৱালপাৰা, কাছাৰ, আৰু পাহাৰীয়া অঞ্চলকেইটি সামৰি ‘অসম’ নামকৰণ কৰা হয়।

অৱশেষত জাতি গঠনৰ বাবে প্ৰয়োজনীয় এটা কটকটীয়া সীমা এই ভূখণ্ডই পালে। ইয়াৰ আগলৈকে এই অঞ্চলটো বাদেই, গোটেই ভাৰততে মানচিত্ৰৰ ধাৰণা নাছিল। কিন্তু এইবাৰ প্ৰতিবাদ আহিল নতুন ৰাজ্যখনৰ নামনিৰপৰা। উজনিৰ কথিত ভাষাটোক মান্য অসমীয়া বুলি জাপি দিয়াটো নামনিৰ লোকসকলে সহজভাৱে গ্ৰহণ কৰিব পৰা নাছিল।

নামনিৰ ২২ গৰাকী উকীল, ৩৩ গৰাকী মৌজাদাৰ, ৭৪ গৰাকী মণ্ডল, ৮ গৰাকী গোসাঁই, ২ গৰাকী দলৈ-বৰদেউৰীকে ধৰি ১২১৬ গৰাকী লোকৰ চহী সম্বলিত এখন পত্ৰ বংগদেশৰ লেফটেনেণ্ট গৱৰ্নৰৰ ওচৰত দাখিল কৰি উজনীয়া অসমীয়াৰ পৰিৱৰ্তে বাঙালী ভাষাকে বিদ্যালয়, কাৰ্যালয় আদিত বাহাল ৰাখিবলৈ অনুৰোধ জনাইছিল। কাৰণ এই ভাষাটো তেওঁলোকৰ বাবে আৰু আচহুৱা আছিল। তাতকৈ তেওঁলোকে বাঙালীকেই সহজ পাইছিল (নামনি অসমৰ মধ্যশ্ৰেণী, পৃষ্ঠা ৭১)।

Assam

বাদ-বিবাদ-প্ৰতিবাদ যিয়েই নহওক লাগে ব্ৰিটিছে সম্পূৰ্ণ আহোম ৰাজ্য আৰু কছাৰী ৰাজ্য, পাহাৰীয়া তিনিটা অঞ্চল (নগা পাহাৰ, খাচী পাহাৰ আৰু আবৰ ডফলা পাহাৰ) আৰু কোচৰাজ্যৰ একাংশ আৰু শ্ৰীহট্ট লৈ অসম ভূখণ্ড একত্ৰ কৰি অসমীয়া জাতি গঠনৰ আবে এক প্ৰধান চৰ্ত পূৰণ কৰি দিলে। জাতিগঠনৰ প্ৰধান চৰ্তই হ’ল এক নিজা ভূখণ্ডকেন্দ্ৰিক পৰিচয়।

সাধাৰণতে সামন্ততন্ত্ৰই জাতিৰাষ্ট্ৰৰ বাবে ভূখণ্ডকেন্দ্ৰিক পৰিচয় এটা গঢ়ি দিয়ে যদিও অসমৰ ক্ষেত্ৰত সেয়া সম্ভৱ নহ’ল। তাৰ পৰিৱৰ্তে ব্ৰিটিছে গঢ়ি দিয়া ভূখণ্ডতে অসমীয়া জাতি গঠনৰ কুচ-কাৱাজ আৰম্ভ কৰা হৈছিল। জাতিসত্তা গঠনৰ বাবে ভূখণ্ডকেন্দ্ৰিক পৰিচয়ৰ (territorial affinity) গুৰুত্ব কিমান সেয়া নৰনাৰায়ণ-চিলাৰায়ৰ কোচৰাজ্য দ্বিখণ্ডিত হোৱাৰ পাছত হোৱা পৰিণতিলৈ লক্ষ্য কৰিলে অনুভৱ কৰিব পাৰি।

চিলাৰায়ৰ মৃত্যুৰ পাছত ৰজা নৰনাৰায়ণে সোণকোষ নদীক সীমা কৰি কোচৰাজ্য দুভাগ কৰি পূবফালে চিলাৰায়ৰ পুত্ৰ ৰঘুদেৱক গতায় আৰু পশ্চিমে নিজে ৰাজত্ব কৰে। ৰঘুদেৱৰ বংশধৰসকল পাছত আহোমৰ কৰতলীয়া দৰঙী ৰজা হিচাপে ৰাজত্ব কৰে আৰু শেষত ব্ৰিটিছ ৰাজত্বত অসম ভূখণ্ডৰ লগত চামিল হয়।

পশ্চিমে নৰনাৰায়ণ আৰু তেওঁৰ পুত্ৰ লক্ষীনাৰায়ণৰ বংশজসকলে ১৯৪৯ চনলৈকে দেশীয় ৰাজ্য হিচাপে তিষ্ঠি থাকি স্বাধীনতাৰ পাছত পশ্চিমবংগৰ লগত চামিল হয়। একে কোচৰাজ্যৰ বাসিন্দাসকলৰ পূবত থকাসকল এতিয়া অসমীয়া আৰু পশ্চিমে থকাসকল বাঙালী হিচাপে চিহ্নত হৈছে। সমসত্ব ভৌগোলিক অঞ্চলৰ ৰাজনৈতিক বিভাজন কৰি এটা জাতি গঠনত বাধা দিব পৰা হয় আৰু অসমসমত্ব ভৌগোলিক অঞ্চলৰ ৰাজনৈতিক একীকৰণে জাতিগঠনত সহায় কৰিব পাৰে।

Kochbiharor Itihash

আজিৰ তাৰিখতো আমি জাতিগঠনৰ এই সূত্ৰটোৰ প্ৰয়োগ কৰিবলৈ অহৰহ যত্ন চলি থকা দেখা পাইছো। এই পৰম সত্যটো উপলব্ধি কৰি নতুনকৈ গঠন হ’বলগীয়া নগা জাতিৰ বাবে নগা নেতাসকলে নগা অধ্যুষিত অঞ্চলবোৰ একীকৰণত গুৰুত্ব প্ৰদান কৰি আছে আৰু বড়োসকলক অসমীয়া হোৱাৰপৰা বাধা দিবলৈ পৃথক বড়োলেণ্ডৰ দাবী উঠি আছে।

ব্ৰিটিছৰ দিনত টুকৰা-টুকুৰ ৰাজ্যবোৰ গোট খুৱাই একত্ৰ কৰি ‘অসম’ নাম দিয়া এই ভূখণ্ডই দীৰ্ঘদিন একেটা সামন্ততন্ত্ৰৰ অধীনত থাকি স্বাভাৱিকভাৱে জাতিগঠনৰ বাবে প্ৰস্তুতি কৰিবলৈ প্ৰয়োজনীয় সময় নাপালে।

ভাষিক জাতি গঠনৰ বাবে একীকৃত কটকটীয়া সীমাৰ ভিতৰত বাস কৰা লোকসকলে সুদীৰ্ঘ সময় সামন্ততন্ত্ৰৰ জুইত একেৰাহে দহন হোৱাৰ পাছতহে ভাষিক জাতি গঠনৰ বাবে উপযুক্ততা লাভ কৰে।

কিন্তু অসমত সেই সময়ৰ পৈণতা ইয়াৰ লোকসকলে কেতিয়াও নাপালে। কাৰণ একেবাৰে আধুনিক যুগতহে সচেতনভাৱে আৱেগক ভিত্তি কৰি এটা জাতি গঠন প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল।

এইখিনিতে আমি ভাৰতীয় জাতীয়তাবাদ আৰু অসমীয়া জাতীয়তাবাদৰ তুলনা কৰি চাব লাগিব। ভাৰতীয় জাতীয়তাবাদ আৰু অসমীয়া জাতীয়তাবাদৰ মৌলিক পাৰ্থক্য আছে। দাদাভাই নৌৰজীয়ে ৰচনা কৰা আৰু ১৯০১ চনত প্ৰকাশ হোৱা Poverty and Unbritish in India নামৰ কিতাপখনৰ পৰাই ভাৰতীয় জাতীয়তাবাদ আৰম্ভ হোৱা বুলি গণ্য কৰা হয়। দাদাভাই নৌৰজী আছিল ভাৰতৰ নতুনকৈ মূৰ দাঙি উঠা ব্যৱসায়ী মধ্যশ্ৰেণীটোৰ প্ৰতিনিধি।

ব্ৰিটিছৰ অৰ্থনৈতিক বৈষম্যৰ বিৰোধিতা কৰিয়েই ভাৰতীয় জাতীয়তাবাদ গঢ়ি উঠিছিল। এক অৰ্থনৈতিক ভিত্তিক লৈ ভাৰতীয় জাতীয়তাবাদৰ ধাৰণাটো গঢ়ি উঠা বাবে ই সকলোৰে বাবে গ্ৰহণযোগ্য আছিল। এক স্বতন্ত্ৰ অৰ্থনৈতিক শক্তিক ভেঁটি হিচাপে লৈ মূৰ দাঙি উঠা ভাৰতীয় জাতীয়তাবাদৰ বিপৰীতে অসমীয়া জাতীয়তাবাদ হ’ল ব্ৰিটিছ চৰকাৰ আৰু আমেৰিকান মিছনেৰিসকলে নিৰ্মাণ কৰি দিয়া জাতীয়তাবাদ।

ইয়াৰ সাৰ-পানী দিওঁতা স্থানীয়সকলৰ বেছিভাগেই আছিল ব্ৰিটিছ চাকৰিয়াল অথবা কৃপাধন্য (Assam, A burning question book Origin of Assamese Middle Class, page 80-81)। মণিৰাম দেৱানৰ বাহিৰে কোনেও ব্ৰিটিছৰ আৰ্থিক নীতিৰ বৈষম্যক উপলব্ধি কৰিবই পৰা নাছিল।

Kochbihar Palace
কোচৰাজ্যৰ ৰাজভৱন

ব্ৰিটিছৰ অধীনৰ অসম নামৰ ভূখণ্ডত নতুনকৈ সৃষ্টি হোৱা মধ্যশ্ৰেণীটোৱে সাম্ৰাজ্যবাদী উচ্ছিষ্টৰ ভাগ-বটোৱাৰাক লৈ সেই সময়ৰ বাঙালী মধ্যবিত্তৰ লগত হোৱা স্বাৰ্থৰ সংঘাতৰ বাবেই জাতীয়তাবাদৰ এটা ছত্ৰৰ প্ৰয়োজন বোধ কৰিছিল।

ঔপনিৱেশিক যুগৰ একেবাৰে চালুকীয়া আৰু আৰ্থিকভাৱে সম্পূৰ্ণ পৰনিৰ্ভৰশীল অসমীয়া মধ্যবিত্ত শ্ৰেণীয়ে ব্ৰিটিছে আনি হাতত ধৰাই দিয়া ভাষাকে জাতীয়তাবাদৰ ভিত্তিৰূপে ল’লে। কাৰণ, অৰ্থনৈতিক জাতীয়তাবাদৰ ওকালতি কৰিবৰ বাবে এই চালুকীয়া মধ্যশ্ৰেণীটোৰ কোনো আৰ্থিক সংগতিয়েই নাছিল।

পণ্য উৎপাদনৰ কোনো ধাৰণাই নথকা অসমত কোনো শক্তিশালী বণিক শ্ৰেণী গঢ়ি উঠা নাছিল যি ব্ৰিটিছসকলক আৰ্থিকভাৱে প্ৰত্যাহ্বান জনাব পাৰে।

সেয়ে অৰ্থনৈতিক স্বাৰ্থৰ পৰিৱৰ্তে অসমীয়া জাতিগঠনৰ আধাৰ হিচাপে লোৱা হ’ল ভাষাক। ভাষাটোও এনে এটা লোৱা হ’ল যাৰ গ্ৰহণযোগ্যতা এক বিশেষ অঞ্চলৰ লোকৰ বাবেহে আছিল। প্ৰাচীন মান্য ভাষাটোকো সম্পূৰ্ণ উপেক্ষা কৰা হ’ল। অসমীয়া জাতি গঠন কৰাত আগৰণুৱা অসমীয়া মধ্যশ্ৰেণীটোৰ মাৰাত্মক ভুল আছিল সেইটোৱেই।

ভাষাক ভিত্তি কৰি জাতি গঠন কৰিবলৈ এক নিৰ্দিষ্ট ভূখণ্ডক যি সময়ৰ পৈণতা (maturity) লাগে, সেয়া এই ভূখণ্ডই কেতিয়াও পোৱা নাছিল। এই ভুল সময়, এক শ্ৰেণীৰ ভুল মানুহে এক ভুল ভিত্তি লৈ ভাষিক অসমীয়া জাতি গঠন কৰিবলৈ আগবঢ়াৰ বাবেই অসমীয়া জাতীয়তাবাদে কেতিয়াও পূৰ্ণতা নাপালে। সেয়ে অসমীয়া ভাষিক জাতিগঠন প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ দিন ধৰি অসমীয়া জাতিটো দিনক দিনে সংকুচিত হৈ গৈ আছে।

অসমীয়া জাতীয়তাবাদ আৰ্থিক ভিত্তিক লৈ গঢ়ি উঠাৰ পৰিৱৰ্তে ভাষাক লৈ হোৱাৰ বাবে নতুনকৈ একীকৃত ভূখণ্ডৰ আৰম্ভণিৰপৰাই গঢ় লৈ উঠিছিল অসন্তুষ্টি। আজি আমি অসমীয়া কোন তাক নিৰ্ধাৰণ কৰিব নোৱৰাৰ মূল কাৰণ এইটোৱেই।

মধ্যবিত্তই নেতৃত্ব লোৱা ভাষিক জাতীয়তাবাদৰ সেনানীসকল কিন্তু সদায় উপান্ত কৃষক সন্তানসকলেই হৈ আহিছে। যিমানেই মধ্যবিত্তীয়সকলৰ সংখ্যা বৃদ্ধি পালে, সিমানেই সেনানীৰ সংখ্যা হ্ৰাস পাই সেনাপতিৰ সংখ্যা বৃদ্ধি পালে।

যি মধ্যবিত্তীয় নেতৃত্বই ভাষাভিত্তিক জাতীয়তাবাদৰ ভেঁটি গঢ়ি তোলাৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল, সেইসকলৰ নিজৰে ভাষাভিত্তিক জাতীয়তাবাদৰ ওপৰত সম্পূৰ্ণ বিশ্বাস নাছিল।

lakshminath bezbaroa

উদাহৰণস্বৰূপে অসমীয়া ভাষিক জাতীয়তাবাদৰ এজন সবল প্ৰবক্তা লক্ষ্মীনাথ বেজবৰুৱাৰ কন্যাসকলে অসমীয়া লিখিব-পঢ়িব নাজানিছিল আৰু স্বয়ং বেজবৰুৱাই তেওঁৰ কন্যাসকললৈ লিখা চিঠি-পত্ৰবোৰ লিখিছিল বাঙালী আৰু ইংৰাজীত (সুবাসিত সোঁৱৰণী)। বেজবৰুৱাই আৰম্ভ কৰা পৰম্পৰা আজিও চলি আছে।

লাহে লাহে যিসকল অসমবাসীৰ মাতৃভাষা অসমীয়া নাছিল, সেইসকলৰ মাজৰপৰা মধ্যবিত্তীয় শ্ৰেণীৰ আৰ্বিভাৱ হোৱাৰ লগে লগে তেওঁলোকে অসমীয়া ভাষিক জাতীয়তাবাদক মানিবলৈ অস্বীকাৰ কৰিলে।

কাৰণ জাতিগঠনৰ সুফলৰ অংশ তেওঁলোকে কেতিয়াও সমানভাৱে নাপালে। জাতীয়তাবাদৰ ভিত্তি ভাষাটোৱেই একাংশৰ বাবে অপ্ৰাসংগিক হৈ অহাৰ পাছত এটা জাতি হিচাপে সম্পূৰ্ণ ৰূপে গঠন নৌহওঁতেই অসমীয়া জাতিৰ ক্ষয়ীভৱন আৰম্ভ হ’ল।

লগে লগেই গঢ় লৈ উঠিবলৈ ধৰিলে পুনৰোত্থানবাদী ধাৰণাসমূহ। হয়তো ভাষাভিত্তিক জাতিগঠনৰ উদ্যোগ নোলোৱা হ’লে নিজে নিজেই অসমীয়া ভাষাটোৱে সাৰ্বজনীন ৰূপ এটা পালেহেঁতেন। ঐতিহাসিক কাৰণতে অসমীয়া জাতীয়তাবাদ আৰু অসমীয়া জাতি গঠন অসম্পূৰ্ণ হৈ ৰ’ল।

অসমীয়া জাতি গঠন অসম্পূৰ্ণ হৈ ৰ’ল বুলি আমি উপলব্ধি কৰাৰ সময়তে গোটেই পৃথিৱী আৰ্থ-সামাজিক আৰু ৰাজনৈতিক পৰিৱেশে অন্য এটা পৃথক বাৰ্তা কঢ়িয়াই আনিছে। সেই বাৰ্তা হ’ল জাতিৰ ধাৰণাৰ সংকট। অসমীয়া জাতি গঠন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ আগতেই সমগ্ৰ পৃথিৱীতে জাতিৰ ধাৰণাটোৱে সংকটৰ মুখত পৰিছে। মানৱ সমাজৰ ইতিহাস সদায়েই কিছুমান নিৰ্দিষ্ট পথত গতি কৰে।

Indigenous2

বিশ্বায়নৰ গতি ৰোধ কৰি দীৰ্ঘকালৰ বাবে জাতিৰ ধাৰণা বৰ্তাই ৰখাটো হয়তো সম্ভৱ নহ’ব। সময়ে হয়তো জাতিৰ ধাৰণাটোৱেই অপ্ৰয়োজনীয় প্ৰতিপন্ন কৰিব। অৰ্থনৈতিক সাম্ৰাজ্যবাদে প্ৰথমে সৰু সৰু জাতি-ভাষাসমূহৰ অস্তিত্ব নোহোৱা কৰি দিব। প্ৰথমে অতি ক্ষুদ্ৰ জাতিসত্তাসমূহ বিনা প্ৰতিবাদে অস্তিত্ববিহীন হ’ব। যিসমূহ জাতি বিনা প্ৰতিবাদে বিলুপ্ত হৈ যাব পৰাকৈও ক্ষুদ্ৰ নহয় সেইসমূহে দীৰ্ঘদিনৰ বাবে অস্তিত্ব ৰক্ষাৰ যুঁজ দিব।

তাৰ পাছত সমগ্ৰ পৃথিৱীত দীৰ্ঘকালীন সামাজিক অস্থিৰতাৰ সৃষ্টি হ’ব। সমস্যাটো হ’ল এই যুদ্ধৰত জাতিসত্তাসমূহে নিজেই নাজানে তেওঁলোকে কাৰ বিৰুদ্ধে যুদ্ধ কৰিছে। সাম্প্ৰতিক সময়ত সমগ্ৰ পৃথিৱীজুৰি হঠাতে ক্ষুদ্ৰ ক্ষুদ্ৰ জাতিসত্তাবোৰৰ আগৰণ হোৱা লক্ষ্য কৰা হৈছে। ইয়েই ইংগিত কৰিছে আগ্ৰাসী বিশ্বায়নৰ বিৰুদ্ধে সংগ্ৰাম আৰম্ভ হৈ গৈছে।

Big Dam

বাহ্যিক দৃষ্টিত এইবোৰ ক’ৰবাত পানীৰ অধিকাৰ লৈ সংগ্ৰাম, নদীবান্ধৰ বিৰুদ্ধে কৰা সংগ্ৰাম বা ক’ৰবাত মাটিৰ অধিকাৰ লৈ সংগ্ৰামৰ দৰে লাগিলেও এইবোৰ বহল প্ৰেক্ষাপতত বিশ্বায়নৰ বিৰুদ্ধে সংগ্ৰাম।

সমগ্ৰ পৃথিৱীৰ সাংস্কৃতিক আৰু ভাষিক বৈচিত্ৰ্যতাক নাশ কৰি এক সমসত্ব সমাজ ৰচনাৰ বাবে অভিযান আৰম্ভ হৈ গৈছে। অসমীয়া জাতি হ’ল এটা অৰ্ধসম্পূৰ্ণ জাতি। আমি এতিয়াও ঠিক কৰিব পৰা নাই অসমীয়া কোন। অসমীয়া জাতিগঠন প্ৰক্ৰিয়াৰ মূল ভিত্তিত থকা কেৰোণৰ বাবে আৰু কোনো কালে ইয়াক ঠিক কৰিবও নোৱাৰিম।

সেয়ে বিশ্বায়নৰ প্ৰথম ধাক্কাতে অসমীয়াৰ দৰে জাতি থানবান হোৱাৰ উপক্ৰম ঘটিছে। আমি এতিয়াই সচেতন নহ’লে আমি সাংস্কৃতিক আৰু ভাষিকভাৱে সকলোতকৈ প্ৰথমেই বৈশিষ্ট্যহীন হ’ম।

জাতি ধ্বংসৰ আখৰা আমি ইতিমধ্যে দেখা পাইছো পুনৰোত্থানবাদী চিন্তাৰ পয়োভৰৰ মাজত। পুনৰোত্থানবাদী চিন্তাই ক্ষুদ্ৰ গোষ্ঠীবাদক প্ৰশ্ৰয় দিয়ে, যি জাতিধ্বংসী প্ৰচেষ্টা ত্বৰান্বিত কৰে। যি কোনো শিপাসন্ধানী যাত্ৰাই মৌলিক অৰ্থনৈতিক সমস্যাক সম্বোধন নকৰি আৱেগক প্ৰশ্ৰয় দিলে সি লক্ষ্যভ্ৰষ্ট হয়। পুনৰোত্থানবাদৰ বিকাশৰ অন্যতম কাৰণ হ’ল সমাজৰ স্থৱিৰতা। সমাজ ধাৰণাটোৱেই গতিশীল ধাৰণা। সমাজ কেতিয়াও স্থৱিৰ হ’ব নোৱাৰে।

সমাজ এখন যেতিয়ালৈ বিকাশশীল আৰু গতিশীল হৈ থাকিব, তেতিয়ালৈকে পুনৰোত্থানবাদী চিন্তাই প্ৰশ্ৰয় নাপায়। যেতিয়া সমাজ এখন বিকাশ বন্ধ হৈ স্থৱিৰ হ’ব, তেতিয়া দুটা ঘটনা হ’ব পাৰে। প্ৰথম সম্ভাৱনাটো হ’ল সমাজৰ মাজতে এখন সম্পূৰ্ণ নতুন ধ্যান-ধাৰণাৰে এখন নতুন সমাজৰ ভ্ৰূণ সঞ্চাৰিত হ’ব পাৰে। ইয়াৰ অন্যথা সমাজখনে পশ্চাৎমুখী গতি কৰিব আৰু পুনৰোত্থানবাদী চিন্তাৰ বিকাশ ঘটিব।

ইয়াৰ পাছৰ পৰ্যায়ত পশ্চাৎমুখী সমাজখনৰ কাঠামটো ভাগি ক্ষুদ্ৰ ক্ষুদ্ৰ গোটলৈ পৰিৱৰ্তন হ’ব। আমি অসমীয়া জাতি বুলি ভবা গোটটোৰ বিকাশৰ গতি বিভিন্ন কাৰণত স্তব্ধ হোৱাৰ পাছতে ইয়াৰ মাজৰ পৰাই নতুন সমাজৰ পৰা ভ্ৰুণ বিকাশৰ পৰিৱৰ্তে পশ্চাৎমুখী গতি লাভ কৰিছে আৰু পুনৰোত্থানবাদী চিন্তাৰ প্ৰকোপ বৃদ্ধি পাইছে। প্ৰচলিত সমাজ ব্যৱস্থাটোত মানুহৰ আস্থা হ্ৰাস পাইছে বাবেই দুৰ্নীতি বৃদ্ধি পাইছে।

Indigenous

চলিত সমাজ ব্যৱস্থাটোত নাতিপুতিৰ ভৱিষ্যৎ সুৰক্ষিত নহয় বুলি জানি সুযোগ পোৱাজনে নাতি-পৰিনাতি পৰ্যন্ত হাত তিয়াই ভাত খাব পৰাকৈ সম্পত্তিৰ পাহাৰ তৈয়াৰ কৰাত লাগি গৈছে আৰু সুযোগ নোপোৱাজনে সেই সুযোগ বিচাৰি আছে। ভৱিষ্যৎ নিৰাপত্তাবোধেহে গঢ়ি তোলে মূল্যবোধ।

সমাজত মূল্যবোধ নামৰ শব্দটোৰ অস্তিত্ব নোহোৱাৰ কাৰণো হ’ল ভৱিষ্যৎ নিৰাপত্তাবোধৰ অভাৱ।

মাতৃভাষাৰ প্ৰতি অনীহাৰ কাৰণ হিচাপে ভৱিষ্যৎ নিৰাপত্তাহীনতাৰ লগত যোগ হৈছে আত্মবিশ্বাসহীনতা। আজি এই ভূখণ্ডৰ জনগণে আত্মবিশ্বাসহীনতাৰ অধোবিন্দুত উপনীত হৈছে। এই সময়ত প্ৰশ্ন হয় আমাৰ কৰণীয় কি? সমাজৰ বিকাশৰ এক স্বতঃস্ফূৰ্ত আৰু স্বাভাৱিক গতি থাকে। কিন্তু আমি ইতিমধ্যে উপলব্ধি কৰিছো যে অসমীয়া জাতিসত্তাৰ বিকাশ স্বাভাৱিক নাছিল।

খৰতকীয়াকৈ জাতিগঠনৰ তাগিদাত অসমীয়া মধ্যশ্ৰেণীয়ে এই বিকাশত স্বাভাৱিকভাৱে নিজৰ পথ ল’বলৈ নিদিলে। সেয়ে আজি অসমীয়া শব্দটোকে ‘থলগিৰি’ আৰু ‘খিলঞ্জীয়া’ শব্দই প্ৰতিষ্ঠাপন কৰিবলৈ গৈ আছে। জাতিৰ ধাৰণাৰ ভৱিষ্যৎ ধূসৰ বুলি আমি ইতিমধ্যেই আমাৰ মতামত ব্যক্ত কৰিছো। আমি যদি বিশ্বায়ন প্ৰক্ৰিয়াটো অপৰিৱৰ্তনীয় বুলি ধৰো, তেতিয়া জাতিৰ ধাৰণাও বিলুপ্ত হ’ব বুলি ধৰিবই লাগিব।

সম্পূৰ্ণ বিশ্বায়নৰ পাছত সমাজত শক্তিশালী আৰু দুৰ্বল এই দুই শ্ৰেণীহে থাকিব। এই দুৰ্বল শ্ৰেণীটোৱে কিছু দিন আত্মৰক্ষাৰ বাবে জাতীয়তাবাদৰ নাম গাই শেষ হৈ যাব। কিন্তু এই মুহূৰ্তত আমি ইতিহাসক স্বাভাৱিক গতিৰে আগবাঢ়িবলৈ দিয়া উচিত। ‘থলগিৰি’ আৰু ‘খিলঞ্জীয়া’-ই যদি সৰ্বাধিক জনসংখ্যাক আকৰ্ষিত কৰি এক আৱেগিক ঐক্যৰ সৃষ্টি কৰিবলৈ সক্ষম হয়, তেনে সাময়িকভাৱে হ’লেও ইয়াকে গ্ৰহণ কৰা উচিত।

Indigenous1

সাম্প্ৰতিক সময়ছোৱা হ’ল জাতিৰাষ্ট্ৰৰ আৰু বিশ্বায়নৰ মধ্যৱৰ্তী স্তৰ। এই সময়ছোৱাত আমাৰ লক্ষ্য হোৱা উচিত নিজকে অৰ্থনৈতিক আৰু সামাজিক সবলকৰণ কৰি বিশ্বায়নৰ পাছৰ সময়ছোৱাৰ কাৰণে নিজকে প্ৰস্তুত কৰা।

ভৱিষ্যতৰ পৃথিৱীত জাতিৰ ধাৰণা থাকিবনে নাথাকে সেয়া এতিয়াও ধূসৰ; কিন্তু জাতিধ্বংসৰ এই ধাৰা ৰোধ কৰিব নোৱাৰিলেও আমি হয়তো কিছু পলম কৰিব পাৰিম।

যদি পলম কৰিব পাৰো তেতিয়াও কিন্তু ভৱিষ্যতৰ জাতিবিহীন পৃথিৱীত আমি সন্মান সহকাৰে জীয়াই থাকিব পাৰিম। ইয়াৰ অন্যথা দীৰ্ঘকালীন সামাজিক অস্থিৰতাই সমাজ গ্ৰাস কৰিব। সেয়েহে এই মধ্যৱৰ্তী স্তৰত খিলঞ্জীয়াৰ বাবে সাংবিধানিক সুৰক্ষাকৱচ আদায় কৰি নিজকে সবলকৰণত গুৰুত্ব দিব লাগে। এটা সাংবিধানিক ৰক্ষাকৱচে আমাক দুই ধৰণে সহায় কৰিব।

প্ৰথম, যদি আমাৰ ধাৰণা ভুল প্ৰমাণিত হৈ ভৱিষ্যতৰ পৃথিৱীত জাতি নামৰ বিমূৰ্ত ধাৰণাটোৰ অস্তিত্ব টিকিও যায়, তেতিয়া এই ভূখণ্ডৰ খিলঞ্জীয়াসকলৰ মাজৰ পৰা স্বাভাৱিক প্ৰক্ৰিয়াৰে এটি সুস্থ-সবল জাতি সৃষ্টিৰ সম্ভাৱনা থাকে। তেতিয়া নতুনকৈ গঠন হোৱা জাতিটো আজিৰ দৰে ঢিলাসোলোকা নহৈ সুদৃঢ় হ’ব।

দ্বিতীয় সম্ভাৱনা হ’ল সাংবিধানিক ৰক্ষাকৱচে এই দুৰ্বল মানুহখিনিক সবলকৰণত সহায় কৰিব। এই সবল মানুহখিনিয়ে ভৱিষ্যতৰ জাতিবিহীন পৃথিৱীত সন্মান সহকাৰে জীয়াই থাকিব পাৰিব।

এই সবলকৰণ অবিহনে এই লোকসকল খুব বেছি আমেৰিকাৰ ৰেড ইণ্ডিয়ানসকলৰ দৰে ‘ৰিজাৰ্ভেশ্বন’-ত দৰ্শনাৰ্থীৰ দ্ৰষ্টব্য হিচাপে বাস কৰিব পাৰিব বুলি আশা কৰিব পাৰি।

[ Images from different sources]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Raktim Ranjan Saikia

Raktim Ranjan Saikia

Related Posts

দেশে দেশে ফুটবল
ASSAMESE SECTION

দেশে দেশে ফুটবল

by HANID R BHUYAN
July 7, 2026
0

দেশে দেশে ফুটবল HISTORY OF FOOTBALL হানিদ ৰঞ্জন ভূঞা বিশ্বৰ ক্ৰীড়াপ্ৰেমীসকলক যোৱা শতকজুৰি সন্মোহিত  কৰি ৰখা খেলবিধেই হৈছে ফুটবল। পৃথিৱীৰ ...

Read moreDetails
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

July 6, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

June 26, 2026
ইতিহাস প্ৰসিদ্ধ কামাখ্যা মন্দিৰ আৰু অম্বুবাচী মেলা

কামাখ্যা, যাৰ বিষয়ে আমি বহু কথাই নাজানো!

June 26, 2026
ইতিহাস প্ৰসিদ্ধ কামাখ্যা মন্দিৰ আৰু অম্বুবাচী মেলা

ইতিহাস প্ৰসিদ্ধ কামাখ্যা মন্দিৰ আৰু অম্বুবাচী মেলা

June 26, 2026
বিষ্ণুদা উভতি আহিল

বিষ্ণুদা উভতি আহিল

June 20, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
“Paromanawik Samay” !

“Paromanawik Samay” !

July 12, 2026
Life beyond Earth is the next big question: Nobel laureate Didier Queloz on exoplanets, AI and the future of science

Life beyond Earth is the next big question: Nobel laureate Didier Queloz on exoplanets, AI and the future of science

July 12, 2026
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 12, 2026
Mahabahu Climate Forum Experience: Seven Days of Climate Learning

Bhattadev University-Where Learning Met Purpose : ‘CLIMATE JUSTICE 101’ Internship Ends, A Responsibility Begins

July 11, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37233 shares
    Share 14893 Tweet 9308
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    16808 shares
    Share 6723 Tweet 4202
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2049 shares
    Share 820 Tweet 512
  • CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

    327 shares
    Share 131 Tweet 82
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    390 shares
    Share 156 Tweet 98
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    239 shares
    Share 96 Tweet 60
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1164 shares
    Share 466 Tweet 291
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    141 shares
    Share 56 Tweet 35
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6728 shares
    Share 2691 Tweet 1682
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3929 shares
    Share 1572 Tweet 982
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d