অসমীয়াৰ শৌৰ্য-বীৰ্যৰ প্ৰতীক লাচিত বৰফুকনৰ জীৱনৰ আলোকপাত
দিগন্ত কুমাৰ গগৈ
সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক , ক্ষেত্ৰত চিৰকাল উজ্জ্বল হৈ জিলিকি আছে আহোম স্বৰ্গদেউ সকলৰ ছশবছৰীয়া (৬০০) ৰাজত্ব কালৰ সময়ছোৱা ।
আহোম স্বৰ্গদেউ চুকাফা আৰু পিচৰ স্বৰ্গদেউ সকলৰ যি অনবদ্য আৰু মহান অবদান , যুগ যুগান্তৰ চিৰস্মৰনীয় হৈ অসমৰ বুৰঞ্জীত জিলিকি থাকিব।
সেই কাল চোৱাত অসমৰ সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক, ৰাজনৈতিক ক্ষেত্ৰত যি জন ব্যক্তিৰ সৰ্বাধিক ও গুৰূত্ত্বপূৰ্ণ অৱদান আছিল, সেইজন হৈছে মোমাই তামুলী বৰবৰুৱা।
কৰ্তব্যপৰায়ণ , দেশপ্ৰেমিক মোমাই তামুলী বৰবৰুৱাৰ আৰু তেখেতৰ পত্নী নাগেশ্বৰী আইদেউৰ সপ্তম পুত্ৰয়েই হৈছে লাচিত বৰফুকন। সম্ভতঃ পিতৃৰ পৰাই লাচিতে লাভ কৰিছিল অপৰিসীম কৰ্মদক্ষতা, দেশপ্ৰেম, জাতিপ্ৰেমৰ অফুৰন্ত শক্তি। সমসাময়িক অন্য আহোম ৰাজবংশ আৰু বিষয়াসকলৰ সন্তান সকলকৰ দৰে লাচিতে আহোম শাস্ত্ৰ, অৰ্থশাস্ত্ৰ,অস্ত্ৰ চালনা, বুৰঞ্জীৰ শিক্ষা, যুদ্ধৰ সকলো বোৰ কলা-কৌশল ,ৰীতি নীতিৰ শিক্ষা গ্ৰহণ কৰি সকলো বিষয়তে পৰিপক্ক হৈ উঠিছিল।
শিক্ষা সম্পুৰ্ণ কৰি প্ৰথমে লাচিতে ৰাজমন্ত্ৰী বুঢ়াগোহাঁঞি ডাঙৰীয়াৰ, , ‘হাচতি ধৰি তামুলী’ ৰুপে নিযুক্তি লাভ কৰিছিল। প্ৰধান মন্ত্ৰী বুঢ়াগোহাঁঞি ডাঙৰীয়াৰ, ‘হাচতি ধৰা তামুলী’ পদটি হৈছে মন্ত্ৰী বুঢ়াগোহাঁঞিৰ তামোল-পাণ , কাকত -পত্ৰবোৰ চোৱা চিতা কৰা। ইয়াৰ যোগে তেও ৰজাৰ ৰাজচ’ৰা ও বৰচ’ৰাত বহা পাত্ৰমন্ত্ৰীসকলৰ মেলত উপস্থিত হোৱাৰ সুযোগ সুবিধা লাভ কৰিছিল। ফলত সমসাময়িক ৰাজনীতি, সমাজনীতি আদিৰ উপৰি ৰাজ্যৰ তলানলা, মন্ত্ৰী আৰু ডাঙৰীয়াসকলৰ নীতি বিষয়ে বহু জ্ঞান তেও লাভ কৰিব পাৰিছিল।
পিচলৈ লাচিতে ঘোঁৰা বৰুৱাৰ পদ লাভ কৰিছিল। ঘোঁৰা বৰুৱা হিছাপে লাচিতে দুৰ্দান্ত ঘোঁৰাক বশ কৰি ডা-ডাঙৰীয়াৰ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পিছত লাচিতে ক্ৰমে ‘দুলীয়াবৰুৱা’ আৰু গড়গাঁৱৰ শিমলুগুৰি খেলৰ প্ৰধান বিষয়া ‘শিমলুগুৰীয়া ফুকনৰ পদ অধিস্থিত হয়। নিজস্ব কৰ্মপটুতা আৰু পাৰদৰ্শিতাৰ বাবে লাচিত ক্ৰমে দোলা কাষৰীয়া বৰুৱাৰ পদ লাভ কৰি স্বৰ্গদেৱৰ একেবাৰে নিকটৱৰ্তী হ’বলৈ সুযোগ লাভ কৰিলে।
দোলা কাষৰীয়া বৰুৱাৰ মূখ্য কাম আছিল স্বৰ্গদেউ ক’ৰবালৈ যাবলগীয়া হ’লে তেওঁৰ দোলাৰ চাৰিওফালে থকা পহৰীয়া আৰু সৈনিকৰ কাম নিৰিক্ষণ কৰা। দোলা কাষৰীয়া বৰুৱা পদ’ত থকা অৱস্থাত লাচিতৰ, দক্ষতা , পাৰদৰ্শিতা, মনোবলৰ দৃষ্টান্তই স্বৰ্গদেউৰ দৃষ্টি আকৰ্ষণ কৰিছিল।
১৬৫৭ চনত মোগল সম্ৰাট ছাহ জাহান নৰিয়াত পৰাত, তেওঁৰ পুত্রসকলৰ মাজত সিংহাসনৰ কাৰণে যুদ্ধ আৰম্ভ হল। সেই সুযোগতে অসমৰ আহোম স্বৰ্গদেৱ জয়ধ্বজ সিংহই গুৱাহাটীৰ পৰা মোগলক খেদাই, কৰতোৱা নদীলৈ নিজৰ ৰাজ্য বিস্তাৰ কৰে।
উত্তৰাধিকাৰীৰ সংগ্ৰামত জয়ী হোৱাৰ পিচত, সিংহাসনত অধিষ্ঠিত হৈ মোগল সম্ৰাট ঔৰংগজেৱে ১৬৬২ চনত, মোগল সেনাপতি মিৰজূমলাক বংগৰ চুবেদাৰ পাতি, অসম আক্ৰমণ কৰিবলৈ আদেশ দিলে। সেই সময়তে স্বৰ্গদেৱ জয়ধ্বজ সিংহই মনথিৰ ভৰালী বৰুৱা নামে এজন কায়স্থক মূখ্য সেনাপতি পতাত, ৰক্ষণশীল আহোম সেনাপতিসকলৰ মাজত অসন্তোষ সৃষ্টি হল, আৰু যুদ্ধ পৰিচলনা কৰাত অৱহেলা কৰিবলৈ ধৰিলে।
ফলত অতি সহজেই মোগল সৈন্যবাহিনী মিৰজুমলাৰ নেতৃত্বত অসমৰ সীমা অতিক্ৰম কৰি ৰাজধানী গড়গাওঁ জয় কৰিলে। সেই দূৰ্যোগপূৰ্ণ সময়তো, লাচিতে প্ৰবল পৰাক্ৰমেৰে দিখৌমুখত শত্রুৰ অগ্ৰাসনক বাধা দিছিল।
অৱশেষত স্বৰ্গদেৱ জয়ধ্বজ সিংহই মোগলৰ লগত ঘিলাঝাৰিঘাটত সন্ধি স্থাপন কৰে আৰু সন্ধি চূক্তি মতে গুৱাহাটীকে আদি কৰি নামনি অসম মোগলক এৰি দিয়ে আৰু যুদ্ধৰ ক্ষতিপুৰণৰ উপৰিও নিজৰ কন্যা ৰমণী গাভৰুক মোগল সম্ৰাটৰ অন্তেষপুৰলৈ দিবলৈ বাধ্য হয়। উল্লেখযোগ্য যে ৰমণী গাভৰু লাচিতৰ নিজৰ ভাগিনীয়েক আছিল। এই সন্ধি চুক্তিয়ে অসমীয়াৰ স্বাভিমানত আঘাট হানিছিল, সম্ভতঃ লাচিতক আটাইতকৈ বেছি।
মিৰজুমলাৰ আক্ৰমণৰ পিছত, স্বৰ্গদেৱ জয়ধ্বজ সিংহৰ মৃত্যু হয়। অসমৰ ৰাজ সিংহাসনত স্বৰ্গদেৱ চক্ৰধ্বজ সিংহ অধিষ্ঠিত হয়। স্বৰ্গদেৱ চক্ৰধ্বজ সিংহই গুৱাহাটীকে আদি কৰি নামনি অসম মোগলৰ অধীনৰ পৰা উদ্ধাৰ কৰিবলৈ সংকল্পবদ্ধ হৈ সামৰিক পস্তুতি আৰম্ভ কৰিলে।এই ক্ষেত্ৰত ৰাজমন্ত্ৰী আতন বুঢ়াগোহাঁইদেৱে প্ৰধান সহায়ক আছিল।
অসমীয়া সৈন্য বাহিনীক দক্ষতাসহকাৰে আৰু কৰ্তব্যনিষ্ঠাৰে প্ৰশিক্ষণ দি সাজু কৰি তোলাত আৰু অস্ত্ৰ-শস্ত্ৰাদিৰ ভৰালত কিমান অস্ত্ৰ-শস্ত্ৰ মজুট আছে সেই সকলোবোৰ স্বয়ং স্বৰ্গদেউ আৰু আতন বুঢ়াগোহাঁই দেৱে তদাৰক কৰিছিল। ১৬৬৭চনৰ বাৰিষাৰ আগে আগে সকলো ফালৰ পৰা অসমীয়াৰ সামৰিক প্ৰস্তুতি সম্পুৰ্ণ হৈ উঠিল।
এই গুৰুত্বপুৰ্ণ সামৰিক অভিযানৰ বাবে স্বৰ্গদেৱ চক্ৰধ্বজ সিংহই এজন উপযুক্ত সেনাপতিৰ সন্ধান কৰিলে আৰু এজন উপযুক্ত সেনাপতিৰ গুণ লাচিতৰ বিচাৰি পালে। স্বৰ্গদেৱ চক্ৰধ্বজ সিংহই লাচিতৰ সাহস, বীৰত্বৰ প্ৰকৃত উমান পাই লাচিতক বৰফুকন পদত অধিষ্ঠিত কৰিলে আৰু সমগ্ৰ সৈন্য বাহিনীৰ প্ৰধান সেনাপতি হিচাপে নিয়োগ কৰিলে।ডা-ডাঙৰীয়া সকলেও এইক্ষেত্ৰত সমৰ্থন আগবঢ়ালে।
১৬৬৭চনৰ আগষ্ট মাহত অসমীয়া সৈন্য দুভাগত বিভক্ত হৈ লাচিত বৰফুকনৰ নেতৃত্বত ব্ৰহ্মপুত্ৰয়েদি আগুৱাই আহি, মোগল সৈন্যক আক্ৰমণ কৰি গুৱাহাটীৰ ওচৰৰ কাজলি চকী, তাতিমৰা আৰু সোণাপুৰ শীঘ্ৰে নিজৰ আয়ত্ত্বলৈ আনিবলৈ সক্ষম হয়।
মোগল ফৌজদাৰ ছৈয়দ ফিৰোজ খান অসমীয়া সৈন্যৰ আক্ৰমণত তিষ্ঠিব নোৱাৰিলে আৰু দুমাহৰ ভিতৰতে লাচিত বৰফুকনৰ নেতৃত্বত অসমীয়াই গুৱাহাটীকে আদি কৰি কামৰুপৰ পৰা মোগলক খেদাই, মানাহ নদীক সীমা কৰি গুৱালপাৰাৰ বিপৰীতে ফুলৰা -হাদীৰাত চকী স্থাপন কৰিলে।
যুদ্ধৰ বিজয় অভিযানৰ খবৰ পাই চক্ৰধ্বজ সিংহ স্বৰ্গদেউদেৱে বৰ সন্তোষ পালে, আৰু কলে ‘এতিয়াহে মই সুখেৰে ভাত এগৰাহ খাব পাৰিম’। লাচিত বৰফুকন আৰু তেওঁৰ সহযোগী সেনাপতি সকলক স্বৰ্গদেৱে পুৰস্কৃত কৰিলে।
গুৱাহাটী আৰু নামনি অসম উদ্ধাৰ হোৱাৰ পিছত, স্বৰ্গদেৱে দেশৰ নিৰাপত্তা আৰু অখন্ডতাৰ কথা গভীৰভাবে অনুধাৱন কৰি দূৰদৰ্শী বিষয়া সকলৰ লগত আলোচনা কৰি থিৰ কৰিলে সামৰিক ভাৱে গুৱাহাটীখন অতি গুৰুত্বপূৰ্ণ।
গুৱাহাটীখনৰ চাৰিসীমাত গড়-কোঠ নিৰ্মাণ কৰি সেই গড়-কোঠৰ ভিতৰত সৈন্য, সমৰসজ্জা,অস্ত্ৰ-শস্ত্ৰাদি নিৰাপদে ৰাখি, সামৰিক অভিযান চলাব পাৰি। লাচিত বৰফুকনৰ মতেও যুদ্ধৰ ঘাটি হিচাপে গুৱাহাটী’ বিশেষ উপযোগী ঠাই, গুৱাহাটীত থাকি যুদ্ধ কৰা মানে নিজৰ ঘৰতে বহি যুদ্ধ কৰাৰ দৰেই।
সেই মতে ৰজাৰ আদেশ অনুযায়ী গুৱাহাটীৰ চাৰিওফালে গড় নিৰ্মাণৰ আয়োজন কৰা হয়। বৰফুকনে অতি সূক্ষ্ম ভাবে কাষৰ, ওচৰ-পাজৰত পহু চিকাৰ কৰাৰ ছলেৰে নিৰিক্ষণ কৰি শত্ৰুক ভেটা দিয়া, শত্ৰুক আক্ৰমণ কৰাৰ সুবিধাজনক হিলৈ আদিও পুতিলে।
পান্ডুৰ পৰা অসুৰৰ আলিলৈকে, শৰাইঘাটৰ পৰা কৰুৱালৈকে ঠায়ে, ঠায়ে সেনাপতি সকল আৰু অস্ত্ৰ- শস্ত্ৰৰে সুসজ্জিত হৈ সৈন্যসকলো সাজু হ’ল। লাচিত বৰফুকনৰ ঘাটি আছিল ইটাখুলিৰ নামনিত, উত্তৰ পাৰৰ সৈন্য সামন্ত পৰিচালনা কৰিবৰ নিমিত্তে আতন বুঢ়াগোহাঁই ডাঙৰীয়াই ‘লথিয়া’পৰ্বতত শিবিৰ পাতিছিল ।
মোগল সৈন্য অসমীয়াৰ হাতত পৰাজিত হোৱাত দিল্লীৰ বাদশ্বাহ ঔৰংজেৱে অম্বেৰৰ ৰজা মিৰ্জা জয়সিংহৰ পুতেক ৰামসিংহক১৬৬৮ খ্ৰীষ্টাব্দৰ ৬জানুৱাৰীত অসম আক্ৰমণ কৰিবৰ বাবে প্ৰকাশ্যভাৱে সেনাপতি পাতি পঠিয়ালে। ৰামসিংহক আদেশ দিলে যে বাৰিষা পাৰ হোৱাৰ পিছতে গুৱাহাটী দখললৈ আনিব লাগে।
আনহাতেদি হিন্দু সেনাপতি ৰামসিংহই যাতে গোপনে আহোমৰ ৰজা বা মন্ত্ৰীৰ লগত মিত্ৰতা নকৰে তাৰ বাবে ঔৰংজেৱে ভালেমান মুছলমান বিষয়াক চোৰাংচোৱা হিচাপেও নিয়োগ কৰিছিল।
ৰামসিংহৰ সৈন্যবাহিনীত আছিল ২১জন ৰাজপুত বিষয়া, ৪০০০ ৰাজপুত অশ্বাৰোহী সৈন্য ১,৫০০ আহাদী আচোৱাৰী,৫০০ হিলৈদাৰী ,৩০,০০০ পদাতিক সৈন্য
,১৮,০০০ তুৰ্কী ঘোৰাত উঠা অশ্বাৰোহী, কোচবেহাৰৰ ১৫০০ধনুৰ্ধৰ আৰু ৪০খন জাহাজ। বংগৰ মোগল চুবেদাৰ ছায়িষ্টা-খাঁই ঢাকাৰ পৰা পঠোৱা দুহেজাৰ সৈন্য ৰাম সিংহৰ সৈন্যবাহিনীত যোগ দিছিল।
ৰামসিংহৰ আগমনৰ খবৰ পাই লাচিত বৰফুকন সাজু হ’ল আৰু গুৱাহাটীত’গড়’,’কোঠ’, আদি মাৰি অধিক ৰাম সিংহৰ আক্ৰমনৰ সন্মুখিন হবলৈ প্ৰস্তুতি আৰম্ভ কৰিলে । অসমীয়াই নতুন উদ্যম আৰু সাহসেৰে মাতৃ ভূমি ৰক্ষাৰ্থে সাজু হৈ পৰিল।’হয় ৰঙা মাটি নহয় গুৱাহাটী‘ ভাবেৰে দৃঢ়প্ৰতিজ্ঞ হ’ল সকলো। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে আমিনগাঁৱৰ ওচৰত নতুনকৈ গড় এটা বন্ধাৰ বাবে সাজু হ’ল।
গড় বন্ধাৰ কামত নিয়োগ কৰিলে নিজৰ মোমায়েকক ।সময়মতে গড় বন্ধাৰ কাম শেষ কৰাটো সামৰিক ভাৱে অতি গুৰুত্বপূৰ্ণ। দিনে-ৰাতিয়ে গড় বন্ধাৰ কামত সকলো নিযোগ হল। কিন্তু গড় বন্ধাৰ দৰে গুৰুত্বপূৰ্ণ কামত যেতিয়া নিজ মোমায়েকক কৰ্তব্যত অৱহেলা কৰা দেখিলে, লাচিত বৰফুকনে তেতিয়াই মোমায়েকক প্ৰানদন্ড বিহি এক বিৰল নজিৰ সৃস্তি কৰিলে।
বৰফুকনৰ এনে কঠোৰ কাৰ্যত তৎমূহুৰ্ততে সকলো সষ্টম হৈ পৰিল, আৰু বাকী সকলোৱে গড় নিম্মাৰ্ণৰ আধৰুৱা কাম একে ৰাতিৰ ভিতৰতেই সমাপ্ত কৰিলে। ‘দেশতকৈ মোমাই ডাঙৰ নহয়’-বুলি লাচিত বৰফুকনে যুগ -যুগান্তৰলৈ খিয়াতি ৰাখিলে। নিজৰ দেশখনক সৰ্বোপৰি বুলি গণ্য কৰি লাচিত বৰফুকনে কৰ্তব্যনিষ্ঠা আৰু দেশ প্ৰেমৰ চিৰস্মৰণীয় দৃষ্টান্তত দাঙি ধৰিলে।
তৎমূহুতে কৰা কাৰ্য্যই, সকলোকে সস্তম কৰিলে আৰু একে ৰাতিৰ ভিতৰতে গড়ৰ কাম সম্পূৰ্ণ হোৱাত দেশখন ৰক্ষা পৰিল।
ৰামসিংহ নেতৃত্বত মোগল সৈন্যবাহিনী যেতিয়া অসমৰ সীমান্তত উপস্থিত হল, গুৱাহাটীৰ দক্ষিণ পাৰৰ দায়িত্ব নিজে আৰু উত্তৰ পাৰৰ দায়িত্ব ৰাজ মন্ত্রী আতন বুঢ়াগোহাঁইদেৱৰ হাতত ন্যস্ত কৰা হ’ল। মানাহ নদীৰ পাৰত ৰামসিংহৰ সেনাবাহিনীৰ লগত হোৱা যুদ্ধত অসমীয়াই পৰাজিত হৈছিল। ৰামসিংহই লগত অনা হেঙাল কুকুৰৰ দ্বাৰা শিবিৰৰ পৰা অসমীয়া সৈন্যক চোচোৰাই লৈ গৈছিল।
এনেকুৱা ৰণ নীতিৰ লগত অসমীয়া সৈন্য অনভিজ্ঞ আছিল। ৰাম সিংহৰ ৰণ কৌশলৰ সন্মুখিন হবলৈ লাচিত বৰফুকনে এক নতুন উপায় উদ্ভাৱন কৰিলে। শত্ৰুপক্ষক গুৱাহাটীত তৈয়াৰ কৰি থোৱা ৰনক্ষেত্ৰৰ বেহুৰ মাজত সুমুৱাই লৈ পৰাস্ত কৰিবলৈ পৰিকল্পনা কৰিলে। মোগলক গুৱাহাটীলৈ আগবাঢ়ি আহিব দিলে, আৰু মোগল সৈন্যবাহিনীৰ লগত সমুখ সমৰ পৰিহাৰ কৰি, চোৰাং বা ৰাতি দগা যুদ্ধ লিপ্ত হল।
যেতিয়া ৰামসিংহৰ নেতৃত্বাধীণ মোগল সৈন্যবাহিনী গুৱাহাটীৰ কাষ চাপিল, শত্রুসেনাৰ প্ৰকৃত বলাবল বুজিবলৈ লাচিত বৰফুকনে গড়ৰ মূৰত উঠি মোগল সেনা বাহিনী নিৰিক্ষণ কৰোতে , তেওঁৰ চকুলো বাগৰিবলৈ ধৰিলে। “মই ফুকনৰ দিনত এনে দশা হ’ল। মোৰ ৰজা ৰক্ষা হ’ব কেনেকৈ? ৰাজ্য ৰক্ষা হ’ব কেনেকৈ? পিছলৈ বা ৰক্ষা হ’ব কেনেকৈ?” দেশ প্ৰেমৰ এনে নিদৰ্শন বিৰল।
অসমীয়া আৰু মোগল সৈন্যৰ বিভিন্ন ঠাইত দুয়ো পক্ষৰ মাজত কেইবাখনো ৰণ হয়, কিন্তু কোনোখনে নিৰ্ণায়ক নাছিল। ৰাম সিংহই তেতিয়া কূট নীতিৰ আশ্ৰয় লৈছিল। তেওঁ প্ৰথমে লাচিত বৰফুকনলৈ মিত্রতা পস্তাৱ আগবঢ়াই , শান্তিপূৰ্বক গুৱাহাটী মোগলক এৰি দিবলৈ অনুৰোধ কৰিলে।
শান্তি আলোচনাৰ মাজত এবাৰ ৰাম সিংহই লাচিত বৰফুকনক নিজ কটকীৰ হাতত এক টোপোলা আফু গুটি পঠাই , মোগল ৰাজশক্তিৰ সামৰিক বাহিনীৰ আকাৰ আৰু সংখ্যাৰ অনুমান কৰি, শান্তি পস্তাৱ মানি লবলৈ জোৰ কৰিছিল।
ইয়াৰ উত্তৰ স্বৰুপে লাচিত বৰফুকনে নিজ কটকীৰ হাতত এটা পটা গুটি আৰু এক টোপোলা বালি পঠাই ৰাম সিংহলৈ কৈ পঠালে যে পটা গুটিয়ে যেনেকৈ আফু গুটিক পিহি পিঠা কৰি দিয়ে , অসমীয়াই মোগলৰ সামৰিক বাহিনীক ধংস কৰি পেলাব পাৰে। তেনেকৈ এক টোপোলা বালিৰ দ্বাৰা লাচিত বৰফুকনে ৰাম সিংহক বুজালে যে অসমীয়া সৈন্য বালিৰ দৰে টান আৰু অসংখ্য।
ৰাম সিংহই তেতিয়া অসমীয়া সৈন্যবাহিনীত ভাঙোন আনিবলৈ অসমীয়া শিবিৰত কাড় মাৰি বিভ্ৰাতিমূলক চিঠি দিব ধৰিলে। লগতে অসমীয়াৰ কটকীক উপহাৰ আদি প্ৰদান কৰি নিজৰ ফালে আনিবলৈ যত্ন কৰিলে। কিন্তু লাচিত বৰফুকনৰ দৃঢ় নেতৃত্বত , আৰু ৰাজ মন্ত্রী আতন বুঢ়াগোহাইৰ বুদ্ধিমত্তাৰ বাবে ৰাম সিংহৰ সকলো কূট নীতি বিফল হল। ৰাম সিংহই আহোম স্বৰ্গদেৱ চক্ৰধ্বজ সিংহক দন্দযুদ্ধলৈ আহ্বান জনালে।
কিন্তু স্বৰ্গদেৱ চক্ৰধ্বজ সিংহই এই আহ্বান নাকচ কৰি উত্তৰ দিলে যে ৰাম সিংহ স্বাধীন ৰজা নহয়, মোগল সম্ৰাটৰ ভৃত্য, কিন্তু অসমৰ ৰজা কাৰো তলতীয়া নহয়। গতিকে এজন স্বাধীন নৰেশ্বে কোনো বেলেগ ৰজাৰ ভৃত্যৰ লগত দন্দ যুদ্ধত লিপ্ত নহয়।

কিন্তু ৰাম সিংহৰ প্ৰস্তাৱত অপমানিত হৈ আৰু যুদ্ধ দিঘলীয়া হোৱাৰ ফলত স্বৰ্গদেৱ চক্ৰধ্বজ সিংহ অধৈয্য হ’ল। যুদ্ধ শীঘ্ৰে বিজয় পাবলৈ তেওঁ আলবৈত কোঠ পাতি থকা মোগল সৈন্যবাহিনী আক্ৰমণ কৰিবলৈ লাচিত বৰফুকনক কঢ়া আদেশ দিলে। সামৰিক ভাৱে সঠিক সিদ্ধান্ত নহয় বুলি জ্ঞাত হলেও, ৰাজ আজ্ঞা পালন কৰি লাচিত বৰফুকনে অসমীয়া সৈন্যবাহিনী লৈ আলবৈত মোগল সৈন্যবাহিনীৰ লগত সমুখ সমৰত লিপ্ত হল।
পাৰম্ভিক প্ৰৰ্যায়ত অসমীয়া সৈন্য বিজয়ী হলেও, অৱশেষত ৰাম সিংহৰ ৰাজপুত অশ্বাৰোহী বাহিনীৰ আক্ৰমণত অসমীয়াৰ পৰাজয় হয়। দহ হেজাৰ অসমীয়া সৈনিকৰ প্ৰাণ হানি হল, আৰু লাচিত বৰফুকনে পত্যেকজন সৈনিকক হাতীৰ লগত তুলনা কৰি দুঃখিত হ’ল।
সেই সময়ত ৰাজ মন্ত্রী আতন বুঢ়াগোহাঁইদেৱে লাচিত বৰফুকনক সান্তনা প্ৰদান কৰি ৰণৰ জয় পৰাজয় বাৰীৰ পুখুৰী সিচিলে শিঙী মাছে খুচাৰ উদাহৰণৰ লগত তুলনা কৰি, লাচিত বৰফুকন আৰু অসমীয়া সৈন্যবাহিনীৰ মনত বল দিলে। আলাবৈৰ ৰণৰ পিচতে ১৬৭০খৃষ্টাব্দৰ এপ্ৰিল মাহত চক্ৰধ্বজ সিংহৰ আকস্মিকভাৱে মৃত্যু হয়।
চক্ৰধ্বজ সিংহৰ মৃত্যুত, তেওঁৰ ভাতৃ উদয়াদিত্য সিংহ অসমৰ ৰাজসিংহাসনত অধিষ্ঠিত হল। যুদ্ধ ইতিমধ্যে বহু দিন ধৰি চলি আছিল। সাধাৰণ অসমীয়া সৈনিকবোৰে যুদ্ধৰ অৱসান ঘটাই আৰু নিজৰ ঘৰলৈ যোৱাৰ কামনা কৰিছিল। ৰাম সিংহই এই সময়তে লাচিত বৰফুকনক গুৱাহাটী এৰি দিয়াৰ বাবদ সন্ধি স্থাপনৰ পস্তাৱ আগবঢ়ালে। কিছুমান সামৰিক বিষয়াই সন্ধি স্থাপন কৰি গুৱাহাটী মোগলক এৰি দিবলৈ আগ্ৰহ প্ৰকাশ কৰিলে।
কিন্তু ৰাজ মন্ত্রী আতন বুঢ়াগোহাঁই দেৱে এই পস্তাৱৰ তীব্ৰ বিৰোধিতা কৰি যুক্তি দিলে যে মোগলক গুৱাহাটী দিলে , ভৱিৎষতে অসমৰ স্বাধীনতা সংকটত পৰিব পাৰে। তেওঁ আৰু যুক্তি দিলে যে গুৱাহাটী মোগলক এৰি দিলে ইমান দিনে চলি থকা যুদ্ধত প্ৰাণ হানি হোৱা সৈনিকবোৰৰ বলিদান অথলে যাব।
ৰাজ মন্ত্রী আতন বুঢ়াগোহাঁইৰ মতকে স্বৰ্গদেৱ উদয়াদিত্য সিংহই সমৰ্থন কৰিলে আৰু স্বৰ্গদেৱৰ আদেশ মতে লাচিত বৰফুকন আৰু অসমীয়া সেনাপতিসকল যুদ্ধৰ কাৰণে সষ্টম হল। ৰজা ৰামসিংহই আগবঢ়োৱা সন্ধিৰ প্ৰস্তাৱ অসমীয়া সেনাপতিসকলে প্ৰত্যাখ্যান কৰিলে।
শেষত ৰামসিংহই গুৱাহাটী আক্ৰমণ কৰাৰ বাবে অগ্ৰসৰ হ’ল আৰু নৌবাহিনী লৈ ব্ৰহ্মপুত্ৰ নদী পাৰ কৰি গুৱাহাটী দখল কৰিবলৈ আগবাঢ়িল। সেইখিনি সময়তে লাচিত বৰফুকন নৰিয়া পাটীত আছিল। প্ৰধান সেনাপতিৰ নেতৃত্বৰ অবিহনে অসমীয়া সেনাই উৎসাহ হীন হৈ পৰাজয় নিশ্চিত বুলি ভাবিলে। নিজস্ব মত আৰু আত্মবিশ্বাস অটুট থকা লাচিত বৰফুকন কিন্তু নৰিয়া গা লৈ, যুদ্ধক্ষেত্রত উপষ্ঠিত হৈ সৈন্যবোৰৰ সাহস আৰু উৎসাহ জগাই তুলিলে।
লাচিত বৰফুকনে অসমীয়া সৈন্যক মোগল সেনাক আক্ৰমন কৰিবলৈ আদেশ দিব ধৰোতে ৰাজ জ্যোতিষী অচ্যুতানন্দ দলৈ বাধা দিলে। আহোম স্বৰ্গদেউ সকলৰ এক নীতি আছিল যুদ্ধৰ আয়োজন আৰু আক্ৰমণ আৰম্ভ হোৱাৰ পূৰ্বে পুৰোহিত,দৈৱজ্ঞ, দেওধাই, বাইলুংৰ (আহোমৰ) মতামত ল’ব লাগে। অচ্যুতানন্দ দলৈ দিয়া বাধা আৰু ইফালে শত্রু সেনা আগবাঢ়ি অহা দেখি লাচিত বৰফুকনে খং দমাব নোৱাৰি কৈ পেলাইছিল,’ গণক, স্বৰ্গদেৱে নৌ কাটোতেই মইহে তোক কাটিম।’

অৱশেষত অচ্যুতানন্দ দলৈই লাচিত বৰফুকনক শুভ ক্ষণ উপষ্ঠিত বুলি সংকেত দিলে। মূহুৰ্ততে নৰিয়া গাৰেই লাচিত বৰফুকনে নাৱত উঠি সৈন্যসকলক উৎসাহিত কৰিলে। সকলোৱে শুনাকে তেওঁ চিঞৰি ক’লে- “বঙালে(বিদেশী) মোক ধৰি নিয়ক, ৰাইজ সুখে – শান্তিৰে ওভতি যাওক“। এই বুলি সোঁশৰীৰে নিজৰ নাও মোগলৰ সৈন্যৰ নাওঁৰ ফালে আগ বঢ়াই দিলে। লাচিত বৰফুকনৰ এই কায্যই প্ৰতিজন অসমীয়া সৈনিকক জগাই তুলিলে।
অদম্য শক্তি , সাহসেৰে অসমীয়া সেনাই নাৱেৰে মোগলৰ নৌবাহিনীক আক্ৰমণ কৰিলে। কামাখ্যা , অশ্বক্লান্ত , ইটাখুলি এই তিনি ঠাইত ,নাও উপচি পৰিল।শৰাইঘাটত দুয়ো পক্ষৰ মাজত ভীষণ যুদ্ধত লাগিল, য’ত অসমীয়া সৈন্যৰ প্ৰবল আক্ৰমণত মোগল সেনা তিষ্ঠিব নোৱাৰি পৰাজিত হ’ল।
বহু মোগল সৈন্য পানীত পৰি ককবকাবলৈ ধৰিলে আৰু বহু মোগল সৈন্যৰ মৃত্যু হ’ল। শৰাইঘাটৰ যুদ্ধত অসমীয়া সৈন্য জয়ী হৈ এক নতুন ইতিহাস ৰচনা কৰিলে। লাচিত বৰফুকনৰ দুৰ্বাৰ সাহস আৰু দূৰদৰ্শিতাৰ বাবে অসমীয়া জাতি এক নিশ্চিত বিপদৰ পৰা ৰক্ষা পৰিল।
১৬৭১ খ্ৰীষ্টাব্দৰ পাচ এপ্ৰিল তাৰিখত ৰামসিংহই আৰু মোগল সৈন্যবাহিনী অসমৰ পৰা উভতনি যাত্ৰা আৰম্ভ কৰিলে। যোৱাৰ আগতে হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰত প্ৰবেশ কৰি শেষবাৰৰ বাবে ৰামসিংহই কৈ গৈছিল-বৰ নবাব লাচিত বৰফুকন সামান্য বীৰ নহয়,যন্ত্ৰাকৃতি গড়, মই কোনো ঠাইত ছিদ্ৰই নাপালো।’ এজন বীৰ পুৰুষৰ আন এজন বীৰৰ প্ৰতি কৰা এক যথোচিত প্ৰশংসা।
যুদ্ধ জয়ৰ বাতৰি পাই স্বৰ্গদেৱ উদয়াদিত্য সিংহই সেনাপতিসকলক বহুমূলীয়া উপহাৰ প্ৰদান কৰিলে। কিন্তু শৰাইঘাট যুদ্ধৰ অলপ পাচতে লাচিত বৰফুকনৰ মৃত্যু হ’ল আৰু ৰাজ্যৰ যুদ্ধ জয়ৰ আনন্দত শোকৰ ছাঁ পৰিল। নিজৰ দেশ, ৰজা আৰু প্ৰজাক শত্রুৰ আক্ৰমনৰ পৰা ৰক্ষা কৰি আৰু নিজৰ কতৰ্ব্য পালন কৰাৰ পিচত অসমৰ এই বীৰ সন্তানৰ জীৱনৰ ইহ-লিলাৰ সামৰণি মাৰিলে। যোৰহাট জিলাৰ হোলোঙাপাৰত লাচিত বৰফুকনৰ মৈদাম আজিও বিদ্যমান।
২০০২ চনত লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উপলক্ষে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে চলোৱা পদক্ষেপৰ বাবে অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষত এই বীৰ পুৰুষজনাৰ জীৱন গাথা প্ৰচাৰ চলিছিল আৰু ভাৰতবৰ্ষৰ অন্য প্ৰান্তৰ লোকে লাচিত বৰফুকনৰ কাৰ্যাৱলী আৰু তাৰ ঐতিহাসিক গুৰুত্ব প্ৰতি জ্ঞাত হৈছিল। অসমীয়া হিচাপে আমি সকলো তেতিয়া গৌৰৱ অনুভৱ কৰিছিলোঁ।
৯ মাৰ্চ, ২০২৪ চনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাবীৰ লাচিত বৰফুকনৰ স্মৃতি চিৰযুগমীয়া কৰি তুলিবৰ বাবে যোৰহাট মেলেং হোলোঙাপাৰস্থিত লাচিত মৈদামত নিৰ্মাণ কৰি উলিওৱা লাচিত বৰফুকনৰ ১২৫ ফুট দৈৰ্ঘৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি উন্মোচন কৰে ৷
আমাৰ আশা ভৱিষ্যতৰ প্ৰজন্মই লাচিত বৰফুকনৰ জীৱন গাথাৰ পৰা শিক্ষা আৰু অনুপ্ৰেৰণা লাভ কৰিব, আৰু অসম তথা ভাৰতৰ প্ৰতিজন নাগৰিকৰ মাজত লাচিতৰ দৰে দেশ প্ৰেম আৰু কতব্য নিষ্ঠাৰ বীজ অংকুৰিত হব।
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com(For Assamese article, Unicode font is necessary) Images from different sources.


















