• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Monday, August 17, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

অসমীয়া গীত-মাতত পখিলাৰ ৰহস্যময় জগতখন

ASSAMESE SECTION / Nature / Environment

by Manas Pratim Dutta
April 15, 2026
in ASSAMESE SECTION, Environment, Nature
Reading Time: 5 mins read
0
macro photo of butterfly perched on pink flowers

Photo by Yulia on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

অসমীয়া গীত-মাতত পখিলাৰ ৰহস্যময় জগতখন

মানস প্ৰতিম দত্ত

Manas Pratim Dutta
মানস প্ৰতিম দত্ত

চোৱাচোন পখিলাটি

     কেনেনো শুৱনি

কেনেনো ধুনীয়া তাৰ
পাখি দুইখনি।
কেতিয়াবা ওপৰত
আকৌ তলত
এটা এৰি বহিছেহি
আনটো ফুলত ।

    পখিলা বুলি ক’লেই আমাৰ মনলৈ কবি দুৰ্গাপ্ৰসাদ মজিন্দাৰ বৰুৱাৰ এই কবিতাটিয়েই আহে নহয়নে? শৈশৱ-কৈশোৰত পখিলাৰ পাছে পাছে দৌৰি ফুৰা সময়বোৰ কিমান যে ভাল লগা! 

       শৈশৱতে বুলিয়েই নহয় আজিও আমি পখিলাৰ প্ৰতি একে সস্নেহ অনু্ভৱ কৰোঁ।  এতিয়াও যদি আমাৰ হাতত পখিলা আহি পৰেহি, তেতিয়া কাষত থকাজনে নিশ্চয় অজানিতে কৈয়ে পেলায় যে- তোমাৰ হাতত পখিলা পৰিছে দেখিছা, কিবা ভাল খবৰ আহিব। কথাটো সঁচা নেকি?

এই প্ৰশ্নটোৱে আমাকো ভাবিবলৈ বাধ্য কৰে। আচলতে,  আমি মনত ৰখা উচিত যে, হাতত পখিলা পৰা মানেই শুভকামনা অহা নহয়।  আমাৰ হাতত পখিলা এটা অৱতৰণ কৰিলেই পখিলাটোৱে আমাক ভাল পায় বুলি ক’ব নোৱাৰি।

আমাৰ শৰীৰৰ ঘাম আৰু তেজৰ গোন্ধই পখিলাক আকৰ্ষণ কৰে।  ইহঁতে আমাৰ ছালৰ পৰা পুষ্টিকৰ উপাদান শোষণ কৰে।  পখিলাটোৱে এই কাম খুব সন্তৰ্পণে কৰে বাবে অতি কমসংখ্যক লোকেহে কথাটো লক্ষ্য কৰে।  কিন্তু মানুহৰ শৰীৰৰ পুষ্টিৰ উপৰিও পখিলাবোৰে ফুলৰ পৰা মৌ সংগ্ৰহ কৰে।

অসমীয়া গীত-মাতত পখিলাৰ ৰহস্যময় জগতখন
Photo by Pixabay on Pexels.com

    আচলতে, সকলোৱে পখিলাৰ প্ৰেমত পৰে। ৰং-বিৰং দেহেৰ বাবেই সহজে সকলো পখিলাৰ প্ৰথি মোহিত হয়। তাৰেই প্ৰতিচ্ছবি শুনা যায় কবিৰ কবিতাৰ মাজত। প্ৰতিমাৰ খনিকৰ চন্দ্ৰ কুমাৰ আগৰৱালায়ো পখিলাৰ সৌন্দৰ্যত মুগ্ধ হৈ লিখিছিল-

ফুটুকীয়া সাজ তোমাৰ

হেঙুলীয়া ৰেখা;

কেতেকী ৰেণুৰে ঘঁহা

নাচনী পখিলা।

Screenshot 20240218 174817

বহু সময়ত পখিলাবোৰক জলাশয়, পুখুৰী আদিৰ কাষত হালিজালি নাচি থকা দেখা পোৱা যায়। ইহঁতে পুখুৰীৰ পৰা প্ৰয়োজনীয় পানী খায়। কিছুমান প্ৰজাতিৰ পখিলাই পেলনীয়া পচি যোৱা খাদ্যৰ প্ৰতি আকৰ্ষিত হয়। পচি যোৱা খাদ্য বুলিলে সেয়া মাংসও হ’ব পাৰে বা অন্য কিবা ফলো হ’ব পাৰে।

অসমীয়া গীত-মাতত পখিলাৰ ৰহস্যময় জগতখন

জলাশয়ৰ কাষত থকা পখিলা দেখিয়েই হয়তো চন্দ্ৰকুমাৰ আগৰৱালাদেৱে একেটা কবিতাত লিখিছিল-

শূন্যৰ কোলাত গা ঘেলাই

পানীত মুখ চোৱা,

পদুম ফুলৰ চকাত পৰি

তাতে মোহ যোৱা।

       পখিলাবোৰ সাধাৰণতে তৃণভোজী।  কিন্তু আচৰিত কথাটো হ’ল হেলিকনিয়াছ চেৰিথনিয়া নামৰ ধুনীয়া পখিলাৰ প্ৰজাতিটোৱে মাংস খায়। অৱশ্যে ইহঁতে নিজৰ মাজতে এই মাংসবোৰ খায়। এই মাংসবোৰ আচলতে ইহঁতৰে পলুবোৰ। অৰ্থাৎ এই প্ৰজাতিৰ পখিলাবোৰে নিজৰ ভাই-ভনীক মাৰি খাই পেলায় বুলি ক’ব পাৰি।

      কেৱল ফুলৰ পৰা পখিলাবোৰৰ কাৰণে প্ৰয়োজনীয় পৰ্যাপ্ত পৰিমাণৰ ছডিয়াম নাপায়। ফলত নিমখীয়া বস্তুৰ প্ৰতি আকৰ্ষিত হয়। আনকি কিছুমান প্ৰজাতিৰ পখিলা মানুহৰ প্ৰস্ৰাৱৰ প্ৰতিও আকৰ্ষিত হয়।  কাৰণ প্ৰস্ৰাৱত ছডিয়াম থাকে।  আনকি তেওঁলোকে প্ৰয়োজনীয় ছডিয়াম পাবলৈ সৰীসৃপৰ চকুলোও সেৱন কৰে।

অসমীয়া গীত-মাতত পখিলাৰ ৰহস্যময় জগতখন
Colorful monarch butterflies collecting nectar – a closeup.

        পলুবোৰে বহুত খায়।  অৰ্থাৎ খায় আৰু মল ত্যাগ কৰে।  একে ঠাইতে বহু পলুৱে শৌচ কৰিলে  তাৰ শব্দও শুনা যায়।  ইহঁতৰ মল-মূত্ৰৰ শব্দ হাবিত বৰষুণৰ হোৱাৰ দৰে হয়।     

       বিষাক্ত উপাদান সকলো উৎসতে থকাৰ দৰে পখিলাৰ মাজতো  কিছুমান বিষাক্ত পখিলা আছে। অৱশ্যে, কোনো বিষাক্ত পখিলাই মানুহ বা বৃহৎ প্ৰাণীক হত্যা কৰিব নোৱাৰে। পখিলাক আমনি নকৰিলে ই কাকো অসুবিধা নকৰে। গতিকে, এইক্ষেত্ৰত ভয় কৰাৰ কোনো কাৰণ নাথাকে।

         ভাৰতবৰ্ষত পোৱা বিষাক্ত পখিলাসমূহৰ ভিতৰত Monarch, Red Lacewing, Zebra Longwing, Pipevine Swallowtail, The Postman, Queen Butterfly, Atala Butterfly, Common Indian Crow, Birdwing Butterflies, Papilio Antimachus আদি অন্যতম।

         উষ্ণতা প্ৰায় ৩০ ডিগ্ৰী চেলছিয়াছ শৰীৰৰ উষ্ণতাৰ অধিকাৰী পখিলাইহে উৰণ সক্ষমতা লাভ কৰে।  ইহঁত শীতলৰক্তী প্ৰাণী হোৱা বাবে শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ কৰিব নোৱাৰে। শৰীৰৰ তাপমাত্ৰা কমি গৈ ১৩ ডিগ্ৰী চেলছিয়াছৰ তলৰ হ’লে ইহঁতে উৰণ সক্ষমতা হেৰুৱাই পেলায়।

অসমীয়া গীত-মাতত পখিলাৰ ৰহস্যময় জগতখন

পখিলাৰ অপৰূপ সৌন্দৰ্যৰ বৰ্ণনাৰে ড° বাণীকান্ত কাকতিয়ে লিখিছিল, “আমি পখিলা। আমাৰ পাখিত নানা বৰণৰ ৰং আছে বুলি আমাৰ এই নাম। গছ-লতাৰ ফুল আৰু পাতক আশ্ৰয় কৰিয়েই আমাৰ জনম। ফুলৰ ৰেণুৱেই আমাৰ প্ৰধান খোৱা বস্তু আৰু ফুলৰ আশ্ৰয়তেই আমি থাকো। আগৰ দিনত আমাক বুলিছিল প্ৰজাপতি। হিন্দুৰ প্ৰধান দেৱতা ব্ৰহ্মাৰ নামো প্ৰজাপতি। কিয়, ক’ব পাৰানে? অনন্ত- শয়নত নাৰায়ণ দেৱতা শুই থাকোতে তেওঁৰ নাইৰপৰা পদুম ফুল এটি ফুটি ওলাইছিল। সেই পদুম ফুলতেই ব্ৰহ্মাৰ জন্ম হৈছিল। ফুলৰপৰা ওপজা বুলিয়েই নেকি আমাৰ আৰু ব্ৰহ্মাৰ নাম একে।”

পখিলাক লৈ মানুহৰ উৎসুকতাৰ অন্ত নাই। শিশু মনত সৌন্দৰ্যৰ সোপান প্ৰোথিত কৰাত পখিলাৰ অৱদানো কম নহয়। গীতিকবি পাৰ্বতীপ্ৰসাদ বৰুৱাই সেয়ে লিখিছিল-

অ’ চিত পখিলি

কচোন ক’ত পাই

সৰু পাখি দুখিলি?

কোন দূৰ-দূৰণিত

পাৰিজাত ফুলনিত

আঁৰে আৰে উৰি তই

কি ছবি দেখিলি?

পোহৰৰ গুণ গাই

ফুটুকাৰ মৌ খাই

তোৰ দৰে ঘূৰি ঘূৰি

উৰিবৰ মন যায়।

ৰ’দালিয়ে বীণ বায়

জিলিয়ে জুৰণি গায়

চেবে চেৱে নাচি তই

কি সুৰ শিকিলি?

Butterfly

পখিলাৰ কথাৰে শিশুসকলক আকৰ্ষিত কৰিবলৈ ইয়াক বিভিন্ন ক্ষেত্ৰত প্ৰয়োগ কৰাও দেখা যায়। অসমীয়া সাঁথৰতো পখিলাৰ উল্লেখ আমাৰ তেনেই চিনাকী। যথা- চিত পখিলা, চিত পখিলা ,তিনি মূৰ দহ ঠেঙ ক’ত দেখিলা ?

     এটা প্ৰাপ্তবয়স্ক পখিলাৰ গড় আয়ুস প্ৰায় ৩-৪ সপ্তাহ।  কিন্তু জন্মৰ সময়ৰ পৰা গণনা কৰিলে প্ৰজাতি অনুসৰি প্ৰায় ২ৰ পৰা ৮ মাহ পৰ্যন্ত হয়। উত্তৰ আমেৰিকাৰ মনাৰ্ক নামৰ পখিলাবিধ প্ৰায় ৮ মাহ জীয়াই থাকে। পখিলাই জীৱনৰ বেছিভাগ সময় পলু হিচাপে কটায়। আন কিছুমান পখিলা আছে, যিবোৰ মাত্ৰ ২৪ ঘণ্টা জীয়াই থাকে।

         পখিলাৰ আটাইতকৈ আকৰ্ষণীয় অংশটো হ’ল ইহঁতৰ পাখি।  ঈহঁতৰ দুখনহে  পাখি থকাৰ দৰে লাগে যদিও  সৰ্বমুঠ চাৰিখন পাখি থাকে।  ভালদৰে চালে পখিলাৰ আগফালে দুখন পাখি আৰু পিছফালে আন দুখন পাখি দেখা পোৱা যায়।

পখিলাবোৰে স্থানীয় পৰিৱেশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। পখিলাই উদ্ভিদৰ পৰাগযোগত গুৰুত্বপূৰ্ণ ভূমিকা পালন লৰে। পখিলাই সাধাৰণতে ৫০টাতকৈয়ো অধিক অৰ্থনৈতিকভাৱে গুৰুত্বপূৰ্ণ উদ্ভিদ শস্যৰ পৰাগযোগ কৰাত সহায় কৰে।

সূত্ৰঃ

১। top1oanimal.com

২। Conservation of Butterflies in Assam, India: Setting example for worldwide efforts. HORIZON INTERNATIONAL SOLUTIONS SITE

Images from different sources

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Manas Pratim Dutta

Manas Pratim Dutta

Related Posts

Hakama Beel: A Community’s Effort to Protect a Changing Wetland 
Climate Change

Hakama Beel: A Community’s Effort to Protect a Changing Wetland 

by Astha Bharadwaj
August 17, 2026
0

Hakama Beel: A Community’s Effort to Protect a Changing Wetland  Astha Bharadwaj There are places that become part of us...

Read moreDetails
প্ৰকৃতিৰ বাণিজ্যিকীকৰণৰ পৰা ব্যক্তিগতকৰণলৈ: সংকট আৰু দুৰ্ভাৱনা

প্ৰকৃতিৰ বাণিজ্যিকীকৰণৰ পৰা ব্যক্তিগতকৰণলৈ: সংকট আৰু দুৰ্ভাৱনা

August 16, 2026
টুভালু- বিশ্বৰ ইতিহাসৰ পৰা হেৰাই যাব খোজা এখন দেশ

টুভালু- বিশ্বৰ ইতিহাসৰ পৰা হেৰাই যাব খোজা এখন দেশ

August 16, 2026
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

August 14, 2026
Kaziranga’s Biggest Threat Is No Longer Poachers. It’s Development

Kaziranga’s Biggest Threat Is No Longer Poachers. It’s Development

August 14, 2026
The River That Became a Drain: Bharalu and the Death of a Memory

The River That Became a Drain: Bharalu and the Death of a Memory

August 13, 2026
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d