• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, July 12, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

অসমীয়া চলচ্চিত্ৰৰ গতি ধাৰা…..

ASSAMESE SECTION / Assamese Cinema

by Editor
May 17, 2025
in ASSAMESE SECTION, Bhupen Hazarika, Entertainment, Movie
Reading Time: 4 mins read
0
অসমীয়া চলচ্চিত্ৰৰ গতি ধাৰা…..
Share on FacebookShare on TwitterShare on LinkedIn

অসমীয়া চলচ্চিত্ৰৰ গতি ধাৰা…..

অসমীয়া চলচ্চিত্ৰৰ গতি ধাৰা

ঋতুপৰ্ণা দেৱী

Rituparna Devi
ঋতুপৰ্ণা দেৱী

১৯৩৫ চনত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা নিৰ্মিত ‘জয়মতী’ চলচ্চিত্ৰই এক বর্ণিল পৰিক্ৰমা অতিক্রম কৰিছে।

১৯৩৫ চনৰ পৰা ২০২৪ চনলৈ এই ৮৯ টা বছৰত অসমীয়া চিনেমা জগতত ঘটিল বিভিন্ন উত্থান-পতনৰ ঘটনা। বিভিন্ন সময়ত স্থবিৰ হৈ পৰা চলচ্চিত্ৰ উদ্যোগটো বিভিন্ন সময়ত জীপাল হৈ উঠিল বিভিন্ন সন্মানেৰে।

চল্লিশৰ দশকত ১৯৩৫ চনৰ পাছত জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘ইন্দ্ৰমালতী’, ৰোহিনী কুমাৰ বৰুৱাৰ ‘মনোমতী’, পাৰ্ৱতী প্ৰসাদ বৰুৱাৰ ‘ৰূপহী’, কমল নাৰায়ন চৌধুৰীৰ ‘বদন বৰফুকন’, সুৰেশ চন্দ্ৰ গোস্বামীৰ ‘ৰুণুমী’, ফণী শৰ্মাৰ ‘চিৰাজ’য়ে অসমীয়া চিনেমাৰ ধাৰাটোক আগবঢ়াই লৈ যায়। পঞ্চাশৰ দশকটোৱে আৰম্ভ কৰিছিল অসমীয়া চিনেমাৰ সাফল্যৰ এক নতুন ধাৰা।

Manomoti
অসমীয়া চলচ্চিত্ৰৰ গতি ধাৰা

ফণী শৰ্মা পৰিচালিত ‘পিয়লি ফুকন’-য়ে পোনপ্ৰথমবাৰৰ বাবে আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ ছবি শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰে স্বীকৃতি লাভ কৰে। যশস্বী পৰিচালক নিপ বৰুৱা আছিল পঞ্চাশৰ দশকৰে সৃষ্টি। তেখেতে পৰিচালনা কৰা প্ৰথমখন চিনেমা আছিল ‘স্মৃতিৰ পৰশ’। এইটো দশকতে বিখ্যাত সংগীতজ্ঞ ড: ভূপেন হাজৰিকাই চলচ্চিত্ৰ পৰিচালক হিচাবে আত্মপ্ৰকাশ কৰে।

ড: ভূপেন হাজৰিকা পৰিচালিত ‘এৰা বাটৰ সুৰ’-য়ে অসমীয়া চলচ্চিত্ৰ জগতত আৰম্ভ কৰে এক আধুনিক ধাৰা। ষাঠি আৰু সত্তৰ দশকত সৰ্বেশ্বৰ চক্ৰৱৰ্তীৰ ‘মনিৰাম দেৱান’, নিপ বৰুৱাৰ ‘নৰকাসুৰ’, ড: ভূপেন হাজৰিকাৰ সাংগীতিক সৃষ্টি ‘শকুন্তলা’ৰ লগতে ‘প্ৰতিধ্বনি’, ‘লটিঘটি’, ‘চিকমিক বিজুলী’ আদি চিনেমায়ে ভূমুকি মাৰে।

লগতে নিৰ্মাণ হয় প্ৰথমখন অসমীয়া খুহুতীয়া চিনেমা ব্ৰজেন বৰুৱাৰ ‘ইটো সিটো বহুতো’। ব্ৰজেন বৰুৱাৰ ‘ড: বেজবৰুৱা’-য়ে বাণিজ্যিক ভাৱে লাভ কৰে অভাৱনীয় সফলতা। প্ৰথমখন অসমীয়া থ্ৰীলাৰ হিচাবে ‘ড: বেজবৰুৱা’ই অসমীয়া চিনেমাৰ বাণিজ্যিক দিশত সংযোজন কৰে এক নতুন ধাৰাৰ।

সত্তৰ আৰু আশী দশকত কেইবাখনো অসমীয়া চিনেমাই ৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান কঢ়িয়াবলৈ সক্ষম হয়। সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ ‘অৰণ্য’, ব্ৰজেন বৰুৱাৰ ‘ওপজা সোণৰ মাটি’, আব্দুল মজিদৰ ‘চামেলি মেমচাব’, অতুল বৰদলৈৰ ‘কল্লোল’, ড: ভবেন্দ্ৰ নাথ শইকীয়াৰ ‘সন্ধ্যাৰাগ’ । ১৯৮২ চনত ‘অপৰূপা’ চলচ্চিত্ৰৰে অসমীয়া চিনেমাজগতত খোজ দিয়ে জাহ্নু বৰুৱাই।

পৰৱৰ্তী সময়ত জাহ্নু বৰুৱাৰ ‘হালধীয়া চৰায়ে বাওধান খায়’, ‘ফিৰিঙতি’, ‘সাগৰলৈ বহুদূৰ’, ‘কণিকাৰ ৰামধেনু’ আদিৰে বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় বঁটা বুটলিবলৈ সক্ষম হয়। সমান্তৰালভাৱে ড: ভবেন্দ্ৰ নাথ শইকীয়াই অগ্নিস্নান, কোলাহল, সাৰথি, আৱৰ্তন আদি চিনেমাৰে কলাত্মক চিনেমাৰ ধাৰাটোকো সমানে আগুৱাই নিয়ে।

ইয়াৰ লগতে শিৱপ্ৰসাদ ঠাকুৰ, গৌতম বৰা, সঞ্জীৱ হাজৰিকা, মুনীন বৰুৱা, সান্ত্বনা বৰদলৈ, মঞ্জু বৰা আদি চিত্ৰনিৰ্মাতা সকলে তেখেতসকলৰ অৱদানেৰে অসমীয়া চলচ্চিত্ৰৰ ভঁৰাল চহকী কৰে। 

অসমীয়া চলচ্চিত্ৰৰ গতি ধাৰা
ড: ভূপেন হাজৰিকা

    এটা সময়ত আমাৰ অসমত অসমীয়া ছবিয়ে দর্শকক ইমানেই মোহাচ্চন্ন কৰি ৰাখিছিল যে বলিউদৰ জনপ্রিয় হিন্দী ছবিয়েও সেই সময়ত অসমত বিশেষ প্রাধান্য লাভ কৰিবলৈ সক্ষম হোৱা নাছিল । প্ৰায়বোৰ অঞ্চলতে ন্যূনতম এটাকৈ হলেও চিত্ৰগৃহ আছিল।

জ্যোতিপ্ৰসাদ আগৰৱালাই এৰি থৈ যোৱা চলচ্চিত্র ধাৰাটোক সমৃদ্ধ কৰা সুধাকণ্ঠ ড° ভূপেন হাজৰিকা, ড° ভবেন্দ্ৰ নাথ শইকীয়া, পদুম বৰুৱা, ব্ৰজেন বৰুৱা, জাহ্ন বৰুৱাৰ পৰা অশোক কুমাৰ বিষয়া, মুনীন বৰুৱালৈকে বহুকেইজন স্বনামধন্য ছবি পৰিচালকৰ বলিষ্ঠ পৰিচালনাত এখনৰ পাছত আনখন চুপাৰহিট অসমীয়া ছবিয়ে মুক্তি লাভ কৰিছিল। আঠৰ দশকৰ পৰা একবিংশ শতিকাৰ আৰম্ভণিলৈকে অসমীয়া চলচ্চিত্ৰৰ ভাল দিন চলি আছিল।

অসমীয়া চলচ্চিত্ৰৰ গতি ধাৰা
ড° ভবেন্দ্ৰ নাথ শইকীয়া

কিন্তু লাহে লাহে অসমীয়া চলচ্চিত্র জগতখনত কেণা লাগিবলৈ আৰম্ভ কৰিলে। বহু চিত্ৰগৃহ ক্ৰমাৎ বন্ধ হ’বলৈ আৰম্ভ কৰিলে। অৱশ্যে বিগত প্রায় দুটা দশকত ভালেকেইখন ভাল ভাল অসমীয়া ছবি নির্মাণ হৈছে। কেবাখনো অসমীয়া ছবিয়ে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ কৰি আমাৰ ছবিজগতক সমৃদ্ধ কৰিছে। কিন্তু অসমত সেই ছবিৰ দর্শক নাই। যুৱ চলচ্চিত্ৰ পৰিচালক ৰীমা দাসৰ ‘ভিলেজ ৰকষ্টাৰ্চ’-য়ে অসমীয়া চিনেমাৰ গতিধাৰাক দিছে এক নতুন প্ৰাণ।

জুবিন গাৰ্গৰ ‘মিছন চাইনা’ৰ আগতে অসমীয়া ছবিলৈ কিছু শুভ বার্তা আনিছিল বিশ্বজিৎ বৰাৰ ‘বহ্নিমান’ ছবিখনে।সম্প্রতি বহু কেইগৰাকী প্রতিভাবান যুৱ পৰিচালকে আত্মপ্রকাশ কৰিছে। বহু নতুন মুখৰ অভিনয় শিল্পীৰো আত্মপ্রকাশ ঘটিছে। নতুন চিন্তা, নতুন সোৱাদৰে ছবি নির্মাণ কৰিবলৈ লৈছে। উচ্চমানৰ ভালেকেইখন ছবি নির্মাণ হৈছে।

অসমীয়া চলচ্চিত্ৰৰ গতি ধাৰা

অসমীয়া চিনেমাৰ বিকাশ আৰু ছবি নির্মাণ কার্যক উৎসাহিত কৰিবৰ কাৰণে ৰাজ্য চৰকাৰে যি আমোদকৰ ৰেহাই দিয়াৰ ব্যৱস্থা কৰিছে, ই এক শুভবার্তা আৰু ইতিবাচক দিশৰ ইংগিত বহন কৰিছে।

আনহাতে ৰাজ্যখনৰ একমাত্র ফিল্ম ষ্টুডিঅ ‘জ্যোতি চিত্ৰবন’ক বর্তমানেও এটা অত্যাধুনিক প্রযুক্তিসমৃদ্ধ পূর্ণাংগ ফিল্ম ষ্টুডিঅ’ ৰূপে নির্মাণ কৰিবগৈ পৰা নাই।

এই দিশত চৰকাৰী পদক্ষেপৰ বিশেষ প্রয়োজন।অসমীয়া ছবি উদ্যোগৰ বিকাশৰ বাবে আজি প্রধানভাৱে প্রয়োজন হৈছে ছবিগৃহ নির্মাণৰ।

আজি অসমৰ গ্ৰাম্য অঞ্চলৰ লগতে বহুকেইখন মফচলীয় চহৰত চিনেমা হল নাই। ফলত গ্রামাঞ্চলৰ দৰ্শকে আগ্রহ থকা সত্বেও অসমীয়া ছবি এখন চাব নোৱাৰে।

এই দিশৰ প্রতি লক্ষ্য ৰাখি অসমৰ প্ৰতিখন জিলাৰ নগৰ-চহৰৰ লগতে চহৰৰ পৰা দূৰৈত অৱস্থিত গ্রামাঞ্চলক সামৰি একাটাকৈ সৰু-বৰ ছবিগৃহ, মিনি চিনেমা হল আদি নির্মাণ কৰিলে অসমীয়া ছবি উদ্যোগৰ বিকাশৰ গতিটো অধিক ক্ষিপ্রতৰ হ’ব বুলি আশা কৰিব পাৰি।

অসমীয়া চলচ্চিত্ৰৰ গতি ধাৰা

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com(For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Editor

Editor

Related Posts

দেশে দেশে ফুটবল
ASSAMESE SECTION

দেশে দেশে ফুটবল

by HANID R BHUYAN
July 7, 2026
0

দেশে দেশে ফুটবল HISTORY OF FOOTBALL হানিদ ৰঞ্জন ভূঞা বিশ্বৰ ক্ৰীড়াপ্ৰেমীসকলক যোৱা শতকজুৰি সন্মোহিত  কৰি ৰখা খেলবিধেই হৈছে ফুটবল। পৃথিৱীৰ ...

Read moreDetails
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

July 6, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

June 26, 2026
ইতিহাস প্ৰসিদ্ধ কামাখ্যা মন্দিৰ আৰু অম্বুবাচী মেলা

কামাখ্যা, যাৰ বিষয়ে আমি বহু কথাই নাজানো!

June 26, 2026
ইতিহাস প্ৰসিদ্ধ কামাখ্যা মন্দিৰ আৰু অম্বুবাচী মেলা

ইতিহাস প্ৰসিদ্ধ কামাখ্যা মন্দিৰ আৰু অম্বুবাচী মেলা

June 26, 2026
বিষ্ণুদা উভতি আহিল

বিষ্ণুদা উভতি আহিল

June 20, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
“Paromanawik Samay” !

“Paromanawik Samay” !

July 12, 2026
Life beyond Earth is the next big question: Nobel laureate Didier Queloz on exoplanets, AI and the future of science

Life beyond Earth is the next big question: Nobel laureate Didier Queloz on exoplanets, AI and the future of science

July 12, 2026
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 12, 2026
Mahabahu Climate Forum Experience: Seven Days of Climate Learning

Bhattadev University-Where Learning Met Purpose : ‘CLIMATE JUSTICE 101’ Internship Ends, A Responsibility Begins

July 11, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37233 shares
    Share 14893 Tweet 9308
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    16808 shares
    Share 6723 Tweet 4202
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2049 shares
    Share 820 Tweet 512
  • CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

    327 shares
    Share 131 Tweet 82
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    390 shares
    Share 156 Tweet 98
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    239 shares
    Share 96 Tweet 60
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1164 shares
    Share 466 Tweet 291
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    141 shares
    Share 56 Tweet 35
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6728 shares
    Share 2691 Tweet 1682
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3929 shares
    Share 1572 Tweet 982
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d