• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, September 17, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Literature

অসমীয়া জাতি ডাঙৰ জাতি

by Anjan Sarma
January 14, 2024
in Literature
Reading Time: 4 mins read
0
অসমীয়া জাতি ডাঙৰ জাতি
Share on FacebookShare on TwitterShare on LinkedIn

অসমীয়া জাতি ডাঙৰ জাতি

লক্ষ্মীনাথ বেজবৰুৱা

( কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলাৰ লেখা )

যি এই কথাত নুই কৰে তেওঁক বৰবৰুৱাই ’চমন’ বা ”গিলিপ্‌ দাৰী’ পৰণা দি ’গিলিপ্‌দাৰ’ কৰি ধৰি আনিব, কিয়নো তেওঁ নুই কৰে তাৰ কাৰণ দেখুৱাবলৈ; আৰু সুধিবলৈ, তেওঁ নো কোন তুংখুঙীয়াৰ ঘৰৰ ল’ৰা যে ইমান বৰমতা ওলাইছেহি।

বৰবৰুৱাই কয় অসমীয়া জাতি ডাঙৰ জাতি। ডাঙৰ জাতিৰ যি যি কেইটা ডাঙৰ ডাঙৰ লক্ষণ এটাইকেইটা অসমীয়া জাতিৰ গাত-পোৱা যায় দিলে হাত। অল্পমতি অমুকৰ তমুকৰ চকু-যাঠিত এই ডাঙৰ লক্ষণ নপৰিব পাৰে, কিন্তু মহামতি বৃহত্‍ বৰুৱাৰ চকু শক্তিশেলত যে এই লাখটকীয়া লক্ষণ-লক্ষ্মণ নপৰিব তাৰ মানে দিবলৈ কোনো অভিধানে ব্ৰহ্মাত বৰ পাই অহা নাই নিশ্চয় ।

কি কথাত খোপনি পুতি নো অসমীয়া জাতিক লঠীয়া দি ডাঙৰ জাতিৰ শাৰীলৈ বগৰাই দিয়া হৈছে তাক কোৱা ভাল। সেই গুণে কোন কোন গুণে অসমীয়া জাতিক গুণ টানি উজাই নি ডাঙৰ জাতিৰ ঘূলিত সুমুৱাইছে গৈ, বৰবৰুৱাই তেওঁৰ মনৰ পৰা তাক হুবহু উদ্ধৃত কৰি বা টুকি তলত দিলে।

কোনো এটা জাতিক ডাঙৰ কৰিব লাগিলে কিছুমান সজুলিৰ আৱশ্যক । জাতীয় ”ডাঙৰতালৈ” সেই সজুলিবিলাক নহলে নহয়| কোনো বাঢ়ৈয়ে চাছ, হাতুৰি, ৰেন্দা, বটালি প্ৰভৃতি নহলে কোনো বৰপেৰা সাজিব নোৱাৰে । জাতীয় বৰপেৰা সাজিবলৈকো তেজৰ চাছ, বলৰ বটালি, সহিষ্ণুতাৰ ৰেন্দা, একতাৰ গজাল, স্থিৰতাৰ কৰত, গাম্ভীৰ্য্যৰ হাতুৰি, বাহ্যাড়ম্বৰৰ পাক-ভোঁহৰ, ধৰ্মনিষ্ঠাৰ খিলি, সদাচাৰৰ গৰ্ভ-গজাল লাগে।

অসমীয়াৰ জাতীয় বৰপেৰা সাজিবলৈ এইবিলাক পূৰাপূৰ আছে । তেন্তে নো অসমীয়া জাতি ডাঙৰ জাতি নহব কিয় হেঁ ককাই কোৱাঁ?

অসমীয়া জাতি ডাঙৰীয়া-জাতি!

জাতিক ডাঙৰীয়া কৰিবৰ হলে যিবিলাক উপকৰণৰ আৱ্শ্যক সেইবিলাক অসমীয়া জাতিৰ সমান ভাৰতবৰ্ষৰ আন আন জাতিত নাই। কোনোৱে কয় ডাঙৰ জাতিৰ আৰু গোটাচেৰেক লক্ষণ আছ, বৰবৰুৱাইও কয় তথাস্তু!

যথা দেশ-গৌৰৱ, বংশ-গৌৰৱ আৰু আত্ম-গৌৰৱ, অনুসন্ধিৎসা, আত্মবিসৰ্জন আৰু পৰোপকাৰিতা, অসমীয়া জাতিত এই কেইটাৰো ষোল কলা বৰ্ত্তমান| প্ৰমাণৰ ভাৰ বৰবৰুৱাৰ গাত দেখি শুনি বিশ্বাস কৰি সাধু সাধু বুলি চাপৰি বজাই বৰবৰুৱাক শলাগৰ ভাৰ তোমাৰ তেওঁৰ গাত।

অসমীয়া জাতিক নো ডাঙৰীয়া-জাতি বুলিছোঁ কিয়, কৈ দিওঁ। অসমত ডাঙৰীয়াৰ ভাগ সৰহ| গাঁৱে গাঁৱে, নগৰে নগৰে ডাঙৰীয়া বৃন্দ বৃন্দ। আগেয়ে ৰজাৰ দিনত অসমত দমাই ডাঙৰীয়া নাছিল স্বীকাৰ কৰো, কিন্তু আজিকালি ইমান ডাঙৰীয়া বাঢ়িছে যে অসম-বৰপুখুৰী ডাঙৰীয়া ডাঙৰীয়া-লালুকীৰে কলা পৰি আহিছে।

তিনি জনা ডাঙৰীয়া, বৰবৰুৱা, চৰাৰ ছয় ফুকন, আৰু বাৰজনা ৰাজখোৱা, আগেয়ে অসমৰ ঘাই ডাঙৰীয়া আৰু তেওঁবিলাকৰ কাষৰে-পাজৰে কিছুমান পালি-ডাঙৰীয়া আছিল।

Screenshot 20221014 105803 Chrome

আজিকালি কিন্তু, সেইকেজনা ডাঙৰীয়াৰপৰা পৰোক্ষেই বা অপৰোক্ষেই অষ্টাদশ অক্ষৌহিণী লেখী-ডাঙৰীয়া আৰু পিজলা ডাঙৰীয়া হৈ অসম দেশখন উৰাই বাঁহ্গছৰ আগ পোৱাবলগীয়া কৰিছে গৈ। দেশৰ ই এটা উন্নতিৰ প্ৰধান চিন নহয় নে?

Aristocracy অৰ্থাৎ ডাঙৰীয়াসকলেই দেশৰ ইড়া-পিঙ্গলা-সুষুণ্মা নাড়ী । এই ত্ৰি নাড়ীয়েই মনুষ্যজীৱনৰ ত্ৰিবেণী। ত্ৰিবেণী যদি সহস্ৰবেণী হৈ সি গোটেই অসম দেশক স্নান কৰাই শুচি কৰে, তেন্তে ইয়াতকৈ আৰু মঙ্গলৰ চিন কি হব পাৰে?

জাতীয় ’ডাঙৰতাৰ’ লক্ষণবিলাকৰ সম্পৰ্কে অলপ অলপ কোৱা যাওকঃ

তেজঃ কোনে কব পাৰে যে অসমীয়াৰ তেজ ইংৰাজ, ফ্ৰেন্স, এমেৰিকান আৰু জৰ্ম্মাণ জাতিতকৈ কম? ৰসায়ন শাস্ত্ৰ জনাসকলে পৰীক্ষা কৰি বঢ়িয়াকৈ জানিব পাৰিব যে এই কেখন দেশৰ মানুহৰ তেজ যি যি কেইটা পদাৰ্থ আছে, অসমীয়া মানুহৰ তেজতো সেই সেই কেইটা পদাৰ্থই আছে।

বিশেষ, চাহাবৰো তেজ ৰঙা আমাৰো তেজ ৰঙা। সূক্ষ্মদৰ্শী বিচক্ষণ বনৰজাই ৰক্তপান কৰিবৰ সময়ত, জুৰি নাইবা এচেছৰৰ সাহায্য ব্যতিৰেকেও চাহাব আৰু অসমীয়াৰ মাজত নিৰপেক্ষ বিচাৰ কৰে।

জনাথন আৰু জনাৰ্দ্দন, ব্ৰিটিচ্‌বৰ্ণ (British-born) আৰু বনগাঁও-বৰ্ণ, এন্দ্ৰু পেদ্ৰু আৰু এন্ধাৰু পদো, হেট্‌, বুট আৰু জাপি, ফানটি, চুৰট পাইপ আৰু হোকা ঘুৰ্‌ঘূৰী, এইবিলাকৰ মাজত পাৰ্থক্য উলিয়াই উক্ত মহাৰাজ ৰাজাধিৰাজ কাননৰাজে তো কেতিয়াও অলপো পক্ষপাতিতাচৰণ নকৰে।

মুঠতে কবলৈ গ’লে, তেওঁ ইলবাৰ্টবিল নেমানে, অৰ্থাত্‌ তেওঁৰ মানত কলিকতাৰ ইলবাৰ্টবিল আৰু গোলাঘাটৰ গেলাবিল সমান।

বলঃ বলৰ পাকেও অসমীয়াক পেলাওঁতা নাই| কাৰণ অসমীয়াই শাৰীৰিক বলতকৈ দৈব বল বা কপালৰ বলত বেছি ভেজা দিয়ে| শাস্ত্ৰত কৈছে, ’দৈব বলাত্‌ এব নান্যবলং।’

বুঢ়ালোকে কয়, ”মাঘমহীয়া কল, পুহমহীয়া জল, খায় যি তাৰ সাত ভতৰাৰ বল।’ অসমীয়াক জলে কলে জলাকলা কৰি থৈছে, মাহেকীয়াৰপৰা আঠীয়াক খোৱা বাহুবলী বৰবৰুৱাই তাৰ প্ৰকৃষ্ট প্ৰমাণ।

সহিষ্ণুতাঃ  এই গুণ অসমীয়া জাতিৰ যিমান আছে, বঙ্গালীৰ বাহিৰে আন কোনো জাতিৰ সিমান আছে নে নাই ঠিক নাই। এই পাকেও অসমীয়াক মানুহ যে পেলাওঁতা নায়েই, হালৰ আৰু গাড়ীৰ গৰুৱেও অসমীয়াত আঠু লব।

কেছাৰীৰ আমোলা ডাঙৰীয়াসকলক সুধিলেই আমুকাইৰ কথাৰ সঁচা-মিছাৰ প্ৰমাণ পাব। এই গুণো বৰ গুণ। গৰুৰ এই সহন গুণ আছে দেখিয়েই, গো আৰু ব্ৰাক্ষ্মণক বেদে একে শাৰীতে থৈছে আৰু ব্ৰক্ষ্মাৰ মুখৰ পৰা ওলাইছে বুলি কৈছে।

অসমীয়াও গতিকে গো-জাতিৰ তুল্য, আৰু ’ব্ৰহ্মাৰ মুখ হন্তে বাজ’ গতিকে পূজ্য।

কোনো প্ৰত্নতত্ববি‌দ্‌ পণ্ডিতে ’অনুমে’ গো ব্ৰক্ষ্মাৰ মুখত বাৰ প্ৰথমতে নোসোমালে তাৰপৰা ওলাব কেনেকৈ? গোহালিত গধূলি গৰু নুসুমালে পুৱা তাৰপৰা উলিয়াবা কি? বৰবৰুৱাই কিন্তু এনে অসন্ত কথালৈ কৰ্ণপাত নকৰে।

একতা— একতাৰ বিষয়ে অসমীয়া জাতি পৃথিৱীত অদ্বিতীয় । একতা মান একেতা, অৰ্থাত্‌ গাইপতি এটা এটা গোট গোট। অসমীয়া মানুহ গাইগোটা-পেটে-ভঁড়াল বুলি ভুৱন-বিদিত। অসমীয়া আপুনি শকত, তেওঁ কেতিয়াও নিবিচাৰে পৰৰ ভকত।

লোকৰ Dependent পৰমুখাপেক্ষী বুলি অসমীয়াৰ গাত কোনেও দোষৰ চাট দিব নোৱাৰে। যদি একতাৰ নিচিনা মহত্‌ গুণ এটা অসমীয়াৰ থাকিলেই তেন্তে তুমি আৰু অসমীয়াৰ গাত কি বিচাৰাঁ? আৰু কিবা লাগে যদি মোৰ নেজত ধৰি অলপ অলপ আগবাঢ়ি আহি চোৱাঁ।

স্থিৰতাঃ  অসমীয়া যে অস্থিৰ এইটো কথা নো তুমি ক’ত শুনিলা? বোধকৰো তুমি ক’তো অসমীয়াৰ কানিখোলা দেখা নাই। জীয়াই থাকিলে গুৰুজনৰ আশীৰ্বাদত দেখিবা আৰু তেতিয়া মোৰ এই কথা মগজুৰ মৰ্ম বুজিবা।

গাম্ভীৰ্য্যঃ অসমীয়াই কথা কৈছে নে, গহীনকৈ ডবাতে কোব মাৰিছে, তত ধৰিব নোৱাৰি| বিশেষকৈ, অসমীয়া ডাঙৰীয়াৰ প্ৰাত:কৃত্যৰপৰা সায়ংকৃত্যলৈকে ’গহীনতাৰ’ ইমান ধুমধাম যে ’গহীন নভে গহীনাই কৈও’ তাৰ অন্ত কৰিব নোৱাৰে।

বাহ্যাড়ম্বৰঃ ডাঙৰ লোক বুলিলেই বাহিৰা আড়ম্বৰ আছে। অমৰাৱতীৰ সহস্ৰলোচনৰপৰা আউনীআটিৰ বৰমেধি ত্ৰিলোচনলৈকে ’আমৰা ইতস্তত: যে সমুদয় বাহ্যাড়ম্বৰপূৰ্ণ প্ৰাণী দেখিতে পাই, সেই সমুদয়কে ডাঙ্গৰ মনুষ্য-পদাৰথ কহে।’

অৱশ্যে তাৰ ভিতৰতে চেতন, অচেতন, আৰু উদ্ভিদ্‌ আছে। ডাঙৰ অসমীয়া জাতিৰো যে এই বাহ্যাড়ম্বৰ থাকিব তাৰ কোনো বিচিত্ৰ নাই।

সৰহ কি, ইন্দ্ৰৰ ভূষণ মেঘাড়ম্বৰ, অসমীয়াৰ ভূষণ বাহ্যাড়ম্বৰ। অসমীয়াৰ শোৱাপাটীৰপৰা চালৰ মাজেদি দৃষ্টিপাত কৰিলে আকাশ নয়নগোচৰ হয় যদি হয়, তাত হানি কি?

কিন্তু আলিবাটলৈ ওলালে তেওঁ চুৰীয়াই কাপোৰে, ঠেঙাই, বুকুখোলা কোটে, টুংখুঙীয়া ফৈদৰ ল’ৰা, নাইবা বৰফুকনৰ নাতি, নাইবা জমিদাৰৰ ’’বাচ্ছা”, নাইবা চুণা গলীয়া বৰচাহাব নহয় বুলি ফেঁপেৰি পাতি ফেট্‌লেঙা ডিঙিৰে ফেকুন্দা মুখেৰে ফেদেলা জিভাৰে ফেৰেচ্‌কৰে কবলৈ যি সাহ কৰি আহিব, সেই মৰসাহ দিয়া মহাপাপীৰ, মহামতি বৰবৰুৱাই তেতিয়াই মুখাগ্নি কৰি থবলৈ গাত লৈছে।

পেটৰ ভিতৰত বেয়া বস্তু ”চিপ্‌-কমিচন” চাহাবৰো আছে, ”গগৰ্ণমণ্ডলৰো” (Government) আছে। অসমীয়াৰ ঘৰৰ ভিতৰত কেনে অৱস্থা তাৰ দ্বাৰাই অসমীয়াৰ ডাঙৰ সৰু ঠিক কৰিবলৈ যোৱাসকলৰ বুদ্ধিৰ বৰবৰুৱা চাহাবে শলাগ লব নোৱাৰে।

ধৰ্ম্মনিষ্ঠাঃ কোনে কয় অসমীয়াৰ ধৰ্ম্মনিষ্ঠা নাই? ”কওনেৱালা”সকলে অসমীয়াই কৰা ৰাজহুৱা বৰসবাহ, ৰাজহুৱা কালীপূজা আদি দেখিছে নে নাই? যদি নাই দেখা কোনখন মুখেৰে তেওঁবিলাকে তেনে কথা কয়। ’বৰবৰুৱাকু দেখ্‌লাই দেনে হোগা’?

বৰবৰুৱাই স্বচক্ষে দেখিছে, বৰসবাহৰ দিনা, উবুৰি-হোৱা ল’ৰাৰপৰা উবুৰি-হোৱা বুঢ়ালৈকে সকলো অসমীয়াই ৰাজহুৱা নামঘৰলৈ গৈ ভস্মৰ ফোট লৈ জঁপিয়াই জঁপিয়াই হাত বাউল দি ”কাল অ-জগৰে লৈ যায় টা—আ-নি। ৰাখাঁ ৰাখাঁ প্ৰভু সাৰঙ্গপাণি।” গোৱা।

অৱশ্যে কালীপূজাৰ দিনা বহুত নৈষ্ঠিক অসমীয়া ভক্তই কালীতকৈ পাঠাত ঈষৎ বেছি তৎপৰ হয়। কিন্তু তাত নো দোষ কি? ভক্তৰ লক্ষণেই সেই। ঈশ্বৰতকৈ ঈশ্বৰৰ প্ৰসাদ ডাঙৰ, শাস্ত্ৰত আছে।

আকৌ সোধোঁ, ”কওনেৱালা”সকলে, অসমীয়াই সন্ধ্যাকৰা, পূজা কৰা, অশোকাষ্টমী-মাঘীসপ্তমীত স্নান কৰা, ফাকুৱা খেলা, অশুচি হাতী-মাউতক খেদাই শুচি নিজে মাউত হৈ হাতী চলাই হাতীৰ ওপৰত তুলি নিজৰ গুৰুক অনা দেখিছে ন নাই?

নিন্দকে কয়, ’অসমীয়াৰ সন্ধ্যা মানুহ-দুনুহ দেখিলে দীঘল হয়, নেদেখিলে, চুটি হৈ জপ নাইবা তদভাৱে এটা যৱ প্ৰমাণ অৰ্থাত্‌ য ধানৰ তুল্য সৰু প্ৰণামত পৰে। দুৰ্গা পূজাদিত দেৰগঞানীহঁতৰ পূজাভাগ পালাপাঞ্চাত ফেৰ মাৰি নললে দেৱীৰ ভাগতকৈ অলপ গধুৰ হব খোজে। অশোকাষ্টমীৰ স্নানতকৈ ব্ৰক্ষ্মপুত্ৰৰ বালিভাতত তীৰ্থযাত্ৰীসকলৰ ভাব বেছি হয়। ইত্যাদি ইত্যাদি।”

নিন্দকৰ নিন্দা কৰোঁতেই কাল যায়। সজ কথাত পেংলাই কৰা যাৰ স্বভাৱ তেনে শিখণ্ডীক দেখিলে বৰবৰুৱাই হাতৰ ধেনু-কাঁড় দলিয়াই পেলায়। হানি কি, অসমীয়া নৈষ্ঠিক ধাৰ্মিকসকলে পূজা-সন্ধ্যাত নিমগ্ন গৈ থকাৰ মাজৰপৰা, দৰ্কাৰ পৰিলে, মাজে মাজে ”হেৰ ভাত হা নে?” ’ছু:! ছু:! হেৰ চোতালত মেলি দিয়া ধান গৰুৱে খালে!’ ইত্যাদি কথা কয়?

শাস্ত্ৰত কৈছে, ”আগেয়ে চাউল কঠা তাৰ পাছতহে হৰি-কথা।” যদি হৰি-কথাত আগি থাকোঁতে গৰুৱে চোতালৰ চাউল-কঠা খাই আজৰি কৰে, তেন্তে দেখোন বাপুৰ টেকেলি কাতি! দিনৰ-দিনটো কাপ্‌ কাপ্‌কৈ থাকিব লাগিব!

বিশেষ ইমান খোৱা-জীয়াৰ লক্ষণ যি জাতিত আছে, সেই জাতি যে স্বৰ্গৰপৰা সোণৰ জখলাৰে নামি অহা আহোম ৰজাৰে সৈতে আকৌ উঠিগৈ হেংদাংহস্তে পুনৰ স্বৰ্গ প্ৰবেশ কৰিব তাক কোন মাইকীৰ পোৱে নুই কৰিব পাৰে?

সদাচাৰঃ অসমীয়াৰ সদাচাৰ জগত-জননী পতিতপাৱনী। বামুণভেকোলাৰে সৈতে অসমীয়া সমানে পানীত পৰি থাকে বুলিলেও বৃহত্‌ বৰুৱাত গাত অত্যুক্তি দশাদোষ গ্ৰহদোষে নপৰ্শে।

বৰবৰুৱাই হিচাপ কৰি চাই অৱগত হৈছে, যে গড় হিচাপত অসমত ”সাৰে” পঁচ্‌ত্তৰজন (আবিয়ৈ হৈ থকাবিলাক ”সাৰে”বা চাৰে) অসমীয়াই দিনটোত তিনি জোবোৰা মাৰে।

অৱশ্যে নিন্দকে কয়, ”ভালেমান সদাচাৰী অসমীয়াই গা ধুবলৈ গৈ, বিশেষকৈ ৰাতি, এঘটী পানী লৈ কোনোৱে ঘৰৰ পানীপাছত, কোনোৱে গাতে হুৰ্‌ হুৰ্‌কৈ ঢালি তিন ধাৰা বোৱাই সেহাই-ফোঁপাই ’গঙ্গে ত্ৰিভুৱন তাৰিণী ত্ৰাহি মা তৰঙ্গে’ বা মোৰ পৰম গু-উ-উ-ৰু’ বুলি ঘৰৰ ভিতৰ পায়হি।

নিন্দকৰ হাত সৰা টান| বৰবৰুৱাৰ বাহিৰ নিন্দকক ”জব্দ কৰনেৱালা আউৰ কই নাহি হেঁয়।” তেওঁ ”মৃগা-মীন-সজ্জনানাং” এই শ্লোকৰ মোখোৰা লগাই বাহ-নিন্দকক হালে হালে সাঙ্গুৰি সদাচাৰৰ মৰণা মাৰিবলৈ নো কতদিন লগাইছে তাৰ এতাৱন্ত নাই। ঘটীৰ পানী তিনি ধাৰা হৈ যোৱাত হানি কি?

চৰ্চ্চিব জানিলে তাতে গূঢ়াৰ্থ আছে। সেই তিনি ধাৰা সংক্ষেপে গঙ্গা, যমুনা, সৰস্বতীৰ বাহিৰে আৰু কি হব পাৰে? ধৰ্মত: কবলৈ গলে সদাচাৰৰ পাকে অসমীয়া শিৰৰ মুকুট| ৰঙা চুৰীয়া পিন্ধি ৰামনামী কাপোৰ লৈ যেতিয়া তেওঁ গা ধুই ধুতী হৈ আহিব, তেতিয়া তেওঁক ’দৰ্শনে পুণ্যং স্পৰ্শনে পাপনাশনং।’

নিন্দকৰ চকুত ৰঙা চুৰীয়াৰ তিনি পুৰুষীয়া মলি আৰু নাকত ৰামনামী কাপোৰৰ শিৱসিংহীয়া শিয়াল-কটহীয়া গোন্ধ পৰিবৰ কথাই, কাৰণ, যি যিহকে বিচাৰে সি তাকেহে পায়, কিন্তু বৰবৰুৱাই হলে এনে সাজেৰে অসমীয়া দৰ্শন কৰিলে তেওঁৰ ’কৌটী পুৰুষৰ’ পাপ পলোৱা যেন লাগি গাটো পাতল পায়।

অসমীয়াৰ নিচিনা এনে কোন সদাচাৰী জাতি আছে, যি ইস্কুল কেছাৰী, বজাৰৰপৰা আহি তামোল নেখায়, কাৰো ঘৰত, আনকি মিতিৰ-কুটুমৰ ঘৰত, বা নিজ পুতেকৰ হাত সিদ্ধান্ন, পক্কান্ন ভক্ষণ নকৰে? সৰহ কথাৰ সকাম কি, অসমীয়া জাতিৰ পুণ্যৰ বলতহে ভাৰতৰ আন আন জাতি আজিলৈকে তললৈ নোযোৱাকৈ ৰৈ আছে।

পাপৰ গোহালি কলিকতাৰ গঙ্গাতীৰত যদি অসমীয়া ভেকো-ককাৰ পাটচেৰেক মৰচেৰেলা শৰ্মাবৰুৱা-খৰম নেথাকিলহেঁতেন, এই কলিকতাক সগৰে কেতিয়াবাই বুৰাই লেঠা ছিঙি থলেহেঁতেন। দেশ-গৌৰৱ, বংশ-গৌৰৱ আৰু আত্ম-গৌৰৱ এই কেটা মহত্‌গুণ অসমীয়াৰ সম্পূৰ্ণৰূপে থকাটো প্ৰমাণ কৰিবলৈ যোৱাটো বাহুল্য মাত্ৰ| বিদেশী মাত্ৰৰে প্ৰতি ঘৃণায়েই দেশ-গৌৰৱৰ প্ৰমাণ।

বংশ গৌৰৱৰ কথা কবৰে সকাম নাই; ”ভগা হক ছিগা হক ভূঞাৰ পোৱালি” কথাই অসমীয়াৰ বংশ গৌৰৱৰ সাক্ষী। ভেম বুলি যে অসমীয়াৰ এটা সাত-পুৰুষীয়া বহুমূলীয়া সম্পত্তি আছে, সিয়েই আত্ম-গৌৰৱৰ চিন| এই ভেমৰ কথা আন কি ”বিলাইতৰ গেজেপতো” (Gazette) ফট্‌ফতীয়া আখৰেৰে মৰা আছে। “তব”?

অনুসন্ধানেচ্ছা অসমীয়াৰ কিমান প্ৰৱল, তাক কবলৈ ব্ৰহ্মাৰ চাৰি মুখ শতকৰা বাৰ টকা বাঢ়িত ধাৰ কৰিব লাগিব। আত্মবিসৰ্জ্জন আৰু পৰোপকাৰিতাও বৃহত্‌। লোকক ভাল কৰিবৰ ইচ্ছাৰে অৰ্থাত্‌ পৰোপকাৰায় আত্মবিসৰ্জ্জন কৰি অৰ্থাত্‌ আপোনাৰ সময় খৰচ কৰি অনুসন্ধিত্‌সু অসমীয়া পৰৰ দোষ-ছিদ্ৰাদি অনুসন্ধানত সদায় তত্‌পৰ। এনেবিলাক মহত্‌গুণ একাধাৰে কোন জাতিৰ আছে Tell me? Oh I beg my pardon, say me?

আমাৰ নাই কি? উমানন্দ আছে, কামাখ্যা আছে, জয়সাগৰৰ দ’ল আছে, শিৱসাগৰৰ দ’ল আছে, ব্ৰক্ষ্মপুত্ৰ আছে, দিখৌ আছে, অসমীয়া শ্যেক্সপিয়েৰ আছে, অসমীয়া শ্যেলি আছে, অসমীয়া পপ্‌ অৱ-বম আছে, অসমীয়া মাৰ্টিন লুথাৰ আছে।

অসমীয়াৰ কল-কাৰখানা বা নাই? কুঁহিয়াৰ পেৰা কলৰপৰা এন্দুৰ মৰা কললৈকে বাড়ীয়ে ধাপে অসমীয়াৰ কলৰ অন্ত নাই। বিলাতৰ টেমচ্‌, আমাৰ দিখৌ। বিলাতৰ জাহাজ, আমাৰ তেলীয়া নাও। সিহঁতৰ ইয়ট, আমাৰ খেলনাও। লোকৰ ছাপাখানা, আমাৰ ”মদতখানা”!

ৰেইল গাড়ীতকৈও আমাৰ ভাল বস্তু আছিল, যেনে কৃষ্ণ কুণ্ডিনলৈ বা সদিয়ালৈ যোৱা ৰথ। বেদনিধিৰ নিচিনা হৰকৰাই আমাৰ অসমত চিঠি বিলাইছিল। মোমাই তামুলী বৰবৰুৱা, শিৱসাগৰীয়া বৰুৱা; নৰকাসুৰ, শোণিতপুৰ, ভগদত্ত, হৰদত্ত, নৰনাৰায়ণ, বব্ৰুবাহন, লেকাইচতীয়া, পানীমুৱা, হিড়িম্বা, বশিষ্ঠ, কেন্দুকলাই, পূৰ্ণানন্দ বুঢ়াগোহাঁই, অনন্তকন্দলি, জোনাকী, বিজুলী; মণিৰাম দেৱান; বাঘমৰাণ, শঙ্কৰদেৱ, হৰিদেৱ, কলা অধ্যাপক, বগাৰাম পাঠক, ৰুদ্ৰসিংহ ৰজা, নৰসিংহ ওজা, ভুমুক বহুৱা, কৃপাবৰ বৰবৰুৱা, এই এটাইবোৰ অসমীয়া। তেন্তে আউৰ ক্যা মাংতা হেঁয়?

কোনোৱে কয় অসমত পকাঘৰ নাই। সেইবোৰে পাহৰে যে অসমত ভূঁইকপ আছে। আকৌ কয় অসমীয়াৰ টকা নাই। সিহঁতে আকৌ পাহৰে যে ”অৰ্থমনথং ভাবয় নিত্যং। নাস্তি তত: সুখলেশ সত্যং।।”

অসমীয়া মানুহ ইমান মূৰ্খ হোৱা নাই যে টকা উপাৰ্জন কৰি চিন্তা-চৰ্চা বঢ়াই অনৰ্থৰ গুটি সিঁচি লব। বিশেষত: ”অসমত একালো নাই, ভঁড়ালো নাই।” বুধিয়ক অসমীয়াই বেছ জানে যে অসমত ভঁৰাল হলেই একাল হব, গতিকে তেওঁ সেই ফালে কাৰবাৰ কৰি স্বদেশ-দ্ৰোহী কিয় হব?

কোনোৱে কয় ”অসমীয়াই বেহাবেপাৰ নকৰে, সোৰোপা!” অসমীয়াই মান-মৰ্য্যদা সকলোকে দলিয়াই দোকানী-পোহাৰী আৰু বেপাৰী হলে হে এই লপ্‌লপীয়াকৈ কথা কোৱাবোৰৰ সুখ লাগে!

অসমীয়াই আপোন ৰজা হেৰুৱালে, স্বাধীনতা হেৰুৱালে, শেহত এই কুৰ্চ্চিতীয়াখনৰ কথা শুনি সেখ ইমু মুদি আৰু কালুমুকুণ্ড কেয়াঁৰ ব্যৱসায়ত ধৰি যাউতীযুগীয়া মান-মৰ্য্যাত ফেৰাও হেৰুৱাব লাগে?

দেহি, এনে উপদেশ অত দিনে কোনটো থুনপাকত সুমাই থৈছিলাহঁক তোমালোকে? বৰবৰুৱাই কিন্তু ভাই অসমীয়াক এই শকুনিবিলাকৰ কথা শুনি পাশা খেলত নবহিবলৈ সাৱধান কৰি দিছে। ইহঁতৰ কথা আজি শুনিলে, কাইলৈ ইহঁত মৰা গৰুৰ ছাল বখলিওৱা মুচী হবলৈকো অসমীয়াক উপদেশ দিব নাইবা অসমীয়াক বাৰ বছৰ বনলৈ খেদি অসমীয়াৰ ভেটি-মাটি, ঘৰ-দুৱাৰ সোপাকে কাঢ়ি লব।

ধৰ্মত: অসমীয়া জাতি ডাঙৰীয়া জাতি। কেয়াঁ-মুদি বিধিমতে তেওঁবিলাকৰ যোগনীয়া। ক’ত শুনিছা ডাঙৰীয়া লগুৱাৰ কাম কৰিবলৈ পৰামৰ্শ দিয়া?

বিয়াৰ পক্ষেও এই কুৰ্‌বুধীয়াবিলাকৰ কথা নুশুনিবলৈ বৰবৰুৱাই দেশী ভাইসকলক কয়| বৰবৰুৱাৰ পৰামৰ্শ:-দেশত বহু-বিবাহ বাল্য-বিবাহ আদি যিমান পাৰে সিমান চলক। শিক্ষিতবিলাকে এই কাৰ্যৰ গুৰি ধৰক। অসমৰ মাটি দম, মানুহ তাকৰ; আমাক মানুহ বেছিকৈ লগা হৈছ। ঠাৰে-চিয়াঁৰে কলোঁ, বুজি লবাহঁক।

কোনোৱে কয়, অসমীয়া পঢ়া-শুনাত বেছি মনোযোগী নহয়। ”নহবতো। খাবলৈ নোপোৱাৰ পক্ষে হে পঢ়া-শুনা। জমিদাৰৰ লৰাৰ, ডাঙৰীয়াৰ লৰাৰ খাবলৈ ভাত নাই নে পিন্ধিবলৈ কাপোৰ নাই যে পঢ়ি-শুনি ঢোৰাকোৱা হব লাগে?

আকৌ কয়—বিলাতী সভ্যতাত পৰি অসমীয়াই মদ-মঙহাদি অভক্ষ্য ভক্ষণ কৰিবলৈ শিকিছে।”

”আচ্ছা বলনেৱালা!”

যি মানুহৰ এই ফেৰা জ্ঞান নাই যে মদ-মাংস নেখালে জাতি ডাঙৰ হব নোৱাৰে, তাক আৰু বৰবৰুৱাই কি বুলি সম্বোধন কৰিব? বৰ্তমান ডাঙৰ সভ্য জাতি মাত্ৰকে মদ-মাংস ভোজী; গ্লেড্‌ষ্টন্‌ চাহাবো মদ-মাংস খাইহে গ্লেড্‌ষ্টন্‌ হব পাৰিছে। আৰ্য্যবিলাকে মদ-মাংস (সোমৰস আৰু গোমাংস) খোৱালৈক স্বাধীন ডাঙৰ জাতি হৈ আছিল, যেতিয়াই কুমতিয়ে পাই তেওঁবিলাকে সেইবিলাক এৰিলে, তেতিয়াৰপৰাই তেওঁবিলাকৰ পতন আৰু পৰাধীনতা।

বাৰু, যদি দেশত এই কাৰ্য্য চলিত নাই বুলি তুমি আপত্তি কৰা, তেন্তে খাই-বৈ উঠি দিনৌ ”ভক্ষ্যাভক্ষ্যজনিত পাপ” বুলি এধেনু দুধেনু পৰাচিত হবা। বিশেষ, ”ঔষধাৰ্থে” বচন আছেই; আকৌ ”নেখালে আমাৰ নৰীয়া হয়” কথাও আছে; তেন্তে ক্যা বাত্‌?’

বৰবৰুৱাৰ মতে, অসমত যে আকৌ পূৰ্ব্ব পুৰুষসকলৰ প্ৰিয় বস্তু মদ-মাংসৰ প্ৰচাৰ হৈছে, ই উন্নতিৰ চিন্‌ হে। চুলি কটা, এলবাৰ্ট ফেশ্যন কৰা, পটলুং-কট পিন্ধা, এধাডুখৰীয়া ইংৰাজীকৈ নাম চুটীকৈ লেখা, এইবিলাক গোটেই উন্নতিৰ লক্ষণ।

বাস্তৱিকতে, অৰ্থবিচাৰ বা Political economy পুথিৰ দিনৰ কৃপাবৰ বৰুৱাই যে চুটীকৈ K. Borooah (Cobra) নাইবা লৱবৰ বৰুৱাই L. Borooah (Lebra?) নেলেখিব ই হবই নোৱাৰে| নাম চুটীকৈ লেখাত যি আপত্তি কৰে, তেওঁ বৰবৰুৱাৰে সৈতে ৰণ দিয়ক নতুবা তেওঁ বৰবৰুৱাক জোকাই নলব, ললে বৰবৰুৱাই শুদাই নেৰে।

অসমীয়া জাতি যুজাৰু জাতি। মাছ-পোহাৰীৰে সৈতে যুদ্ধ বা ”ধেৱাই” কৰি মাছ কাঢ়ি নিয়া মহীৰাম কনিষ্টবলেই তাৰ প্ৰমাণ।

সঙ্গীতত অনুৰাগঃ আনৰ কথা নকওঁৱেই, অসমৰ ডোম-গাঁৱত ডোমৰ লৰা পৰ্য্যন্ত শয়নে, সপোনে, সচেতে ”অধোমুখে ৰইলি কেন” গান গাই গছৰ পাত সৰায়| ঢোলোক তবলাৰ তো ”গুম্‌ গুম্‌ টেৰেকটা ধেই’ৰ কথাই নাই।

ইত্যাদি অসংখ্য গুণ বৰবৰুৱা ডাঙৰীয়াই অসমীয়া জাতিৰ গাত দেখুৱাব পাৰে, যিবিলাকৰ দ্বাৰাই প্ৰমাণ হয়, যে অসমীয়া জাতি ডাঙৰ জাতি। আজিলৈ খতম।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: কৃপাবৰ বৰুৱা
Anjan Sarma

Anjan Sarma

Related Posts

ভাৰতৰ বুৰঞ্জী আমাৰ দেশৰ বুৰঞ্জী নহয়
History

চিলাৰায় ! চিলাৰায় নাছিল কি!!

by Anjan Sarma
September 13, 2026
0

চিলাৰায় ! চিলাৰায় নাছিল কি!! অঞ্জন শৰ্মা চিলাৰায়! আমি প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকা সময়ছোৱাত প্ৰত‍্যক্ষ কৰা ঘটনা-পশ্চিমবঙ্গৰ পৰা কামাখ্যা মন্দিৰ...

Read moreDetails
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

September 9, 2026
সুধাকন্ঠৰ জীৱন পৰিক্ৰমা : চমু অৱলোকন

ভূপেন হাজৰিকা আৰু লুইত

September 6, 2026
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

কামতাপুৰ আন্দোলন

September 3, 2026
অসমৰ কয়লা স্তৰত লুকাই আছিল ২৪ নিযুত বছৰীয়া প্ৰাচীন উদ্ভিদৰ প্ৰমাণ

অসমৰ কয়লা স্তৰত লুকাই আছিল ২৪ নিযুত বছৰীয়া প্ৰাচীন উদ্ভিদৰ প্ৰমাণ

July 23, 2026
সাম্ৰাজ্যবাদী বৃটিছ আৰু কামৰূপৰ বজালীৰ ৰাইজৰ সংগ্ৰাম

সাম্ৰাজ্যবাদী বৃটিছ আৰু কামৰূপৰ বজালীৰ ৰাইজৰ সংগ্ৰাম

June 14, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
COP 29 – Baku’s Role in Global Climate Action: A Model for the Future

COP 29 IN AZERBAIJAN

1
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
Zubeen Garg: The Voice of Climate Action

কপিল ঠাকুৰৰ “পিতৃৰ দৃষ্টিত জুবিন” : জুবিনৰ বিষয়ে বহুতো নজনা কথা 

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

September 16, 2026
From Montreal to Guwahati: Assam’s New Cooling Imperative

From Montreal to Guwahati: Assam’s New Cooling Imperative

September 16, 2026
Durga Puja and the Assamese “Story” Today, the “mark on the face…”

Opportunities in Rice Based System

September 16, 2026
Zubeen1

দ্য জুবিন গাৰ্গ ইফেক্টঃ এক সোণোৱালী স্মৃতি

September 16, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40999 shares
    Share 16399 Tweet 10250
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    19233 shares
    Share 7693 Tweet 4808
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    4349 shares
    Share 1740 Tweet 1087
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    957 shares
    Share 383 Tweet 239
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    157 shares
    Share 63 Tweet 39
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4132 shares
    Share 1653 Tweet 1033
  • Neeb Karori Baba : An Avadhuta of the Highest Order

    402 shares
    Share 161 Tweet 101
  • Attending RAI’S Class

    101 shares
    Share 40 Tweet 25
  • Arriving at the Kaziranga Buffer Zone, Scientifically

    95 shares
    Share 38 Tweet 24
  • Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

    92 shares
    Share 37 Tweet 23
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d