• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Monday, April 20, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Literature History

অসমীয়া জাতীয়তাবাদ আৰু শৰাইঘাটৰ যুদ্ধ 

ASSAMESE SECTION / Assamese

by Raktim Ranjan Saikia
August 11, 2025
in History, Opinion
Reading Time: 3 mins read
0
অসমীয়া জাতীয়তাবাদ আৰু শৰাইঘাটৰ যুদ্ধ 
Share on FacebookShare on TwitterShare on LinkedIn

অসমীয়া জাতীয়তাবাদ আৰু শৰাইঘাটৰ যুদ্ধ 

ড° ৰক্তিম ৰঞ্জন শইকীয়া

Raktim Ranjan Saikia
ড° ৰক্তিম ৰঞ্জন শইকীয়া

শৰাইঘাটৰ যুদ্ধ বুলিলেই আমি অসমীয়া সকলৰ প্ৰাণত যিমান জাতীয়তাবোধে ক্ৰিয়া কৰে আন কোনো ঘটনাই সিমান খিনি কৰিব নোৱাৰে বুলিয়েই আমাৰ ধাৰণা৷

ইংলণ্ডত ১০৬৬ খ্ৰীষ্টাব্দত সংঘটিত হেষ্টিংচৰ যুদ্ধই যেনেকৈ পৰৱর্তী কেইবাশ বছৰলৈ চেক্সন সকলক অনুপ্ৰাণিত কৰি আহিছিল ঠিক তেনেকৈয়ে শৰাইঘাটৰ যুদ্ধইও আমাক অনুপ্ৰাণিত কৰে৷

শৰাইঘাটৰ যুদ্ধৰ বিজয়ৰ গুৰুত্ব তৎকালীন আহোম ৰজাঘৰৰ বাবেও অতি বেচি আছিল৷ সেয়ে যুদ্ধৰ ঠিক পিচতে শৰাইঘাটৰ ৰণজয়ৰ শিলালিপি খোদাই কৰা হৈছিল৷ উনবিংশ শতিকাৰ গুৱাহটীৰ ফটাশিল অঞ্চলত লাচিত বৰফুকনৰ ৰণজয়ৰ শিলালিপি উদ্ধাৰ হৈছিল৷ লাচিত বৰফুকনৰ ৰণজয়ৰ শিলালিপিৰ ডঃ মহেশ্বৰ নেওগে উদ্ধাৰ কৰা পাঠ হ’ল-

RelatedPosts

Why Hitler Hated Jews: Origins of the Holocaust

Why Hitler Hated Jews: Origins of the Holocaust

April 16, 2026
বিহুৰ ক্ৰমবিকাশ: জাতিগঠনৰ পৰা জাতীয় উৎসৱলৈ 

বিহুৰ ক্ৰমবিকাশ: জাতিগঠনৰ পৰা জাতীয় উৎসৱলৈ 

April 14, 2026
The Lingering Ghost of Racism: Ignorance or Deliberate Hate?

The Lingering Ghost of Racism: Ignorance or Deliberate Hate?

April 10, 2026

“স্বস্তি সকল কলাপালিঙ্গিত কলেৱৰ ৱিৱিধ ৱিদ্যা ৱিদ্যোতিতাস্তৰণ কলি-কলুষ-ৱিনিৰ্মু১০ক্ত-কমনীয়-গুণ-গ্ৰামাভিৰাম-প্ৰতাপোজ্জল গজ ৱাজি সেনাধিপঃ পৰম ধৈৰ্য্য মৰ্যাদা শৌৰ্য্য গাম্ভীৰ্য্য পৰাৱাৰঃ শ্ৰীবড়বড়ুৱাত্মজ নামজানি শ্ৰীবৃহৎফুক্কনঃ জিত্বা যৱন সংগ্ৰামং ৱিৱিধ শস্ত্ৰাদি গজ ৱাজি সেনাপতি প্ৰাৰম্ভিম্বিৰেজ ৰন্ধ্ৰ ৱজ্ৰ ৱাণ চন্দ্ৰ শক্কালযুতং গত বৰষাণি৷৷”

কথা হ’ল হেষ্টিংচৰ যুদ্ধৰ পাচত ৰাজকীয় ইতিহাসৰ বাহিৰত যিমান লোক সাহিত্যৰ সৃষ্টি হ’ল তাৰ তুলনাত শৰাইঘাটৰ যুদ্ধ আৰু লাচিত বৰফুকনক লৈ যুদ্ধৰ পাচত লোক সাহিত্যৰ সৃষ্টি নহ’ল বুলিবই পাৰি৷

শৰাইঘাটৰ যুদ্ধ আৰু লাচিত বৰফুকক লৈ কোনো মালিতা, গীতৰ ৰচনা বা অন্য কোনো সাহিত্যত উল্লেখ নোহোৱাটো এক আচৰিত কথা বুলিব পাৰি৷ বহু নথিপত্ৰ চলাথ কৰাৰ পাচত বুৰঞ্জী সাহিত্যৰ বাহিৰত লাচিত বৰফুকনৰ বিষয়ে আমি জনা প্ৰথমটো উল্লেখ চকুত পৰিল৷ ১৭২১ খ্ৰীষ্টাব্দ মানত ৰচিত হোৱা “গুৰু চৰিত কথা”ত লাচিত বৰফুকনৰ বিষয়ে আছে এনেদৰে—

 “লাচিতক বৰফুকন পাতি বঙ্গাল খেদি গুৱাহাটি পাতিছে”—গুৰুচৰিত কথা, পৃষ্ঠা ৩০৷

অসমীয়া জাতীয়তাবাদ আৰু শৰাইঘাটৰ যুদ্ধ 

শৰাইঘাটৰ যুদ্ধ হৈছিল ১৬৭১ খ্ৰীষ্টাব্দত৷

অর্থাৎ শৰাইঘাটৰ যুদ্ধৰ প্ৰায় ৫০ বছৰৰ পাচত লাচিত বৰফুকনৰ বিষয়ে এই শাৰীটোৱেই লিখা হৈছিল৷

১৭৫৫ খ্ৰীষ্টাব্দত জিন বেপ্তিষ্ট চেভেলিয়াৰ নামৰ ফৰাচী ব্যৱসায়ী জনে স্বর্গদেউ ৰাজেশ্বৰ সিংহক দেখা কৰিছিল৷ চেভেলিয়াৰে উল্লেখ কৰা মতে সেই সময়ত মীৰজুমলাৰ আক্ৰমণৰ স্মৃতি সজীৱ হৈ আছিল (Adventures of of Jean-Baptist Chevalier in Eastern India, p. 32)৷

আনহাতে চেভেলিয়াৰে শৰাইঘাটৰ ৰণৰ বিষয়ে কোনো কথা শুনা বুলি উল্লেখ কৰা নাই৷ অর্থাৎ শৰাইঘাটৰ ৰণৰ কথা মানুহৰ মানসপটৰ পৰা অদৃশ্য হৈ গ’ল অথচ তাৰ আগৰ মীৰজুমলাৰ আক্ৰমণ মানুহৰ স্মৃতিত জাগ্ৰত হৈয়েই আছিল৷ অর্থাৎ আমি ধৰি ল’ব লাগিব যে লাচিত বৰফুকন আৰু শৰাইঘাটৰ ৰণে সেই সময়ৰ সাধাৰণ প্ৰজাক আজিৰ দৰে আৱেগিক কৰি তুলিব পৰা নাছিল৷

উনবিংশ শতিকাৰ শেষৰ ফালে অসমীয়া জাতি গঠনৰ কুচকাৱাজ আৰম্ভ হোৱাৰ পাছতহে লাচিত বৰফুকন আৰু শৰাইঘাটৰ ৰণ প্ৰাসঙ্গিক হৈ পৰিছিল ৷ এই সমগ্ৰ প্ৰেক্ষাপট উপলব্ধি কৰিবলৈ মধ্যযুগৰ অসমৰ ৰাজনৈতিক বিন্যাশটো উপলব্ধি কৰাটো জৰুৰী৷ 

খ্ৰীষ্টীয় দ্বাদশ শতিকাত প্ৰাচীন কামৰূপৰ পাল ৰাজ্যৰ পতনৰ পাচত ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰথমে আহোম, চুতীয়া, কছাৰী আৰু কমতা আৰু পৰৱর্তী কালত আহোম, কছাৰী আৰু কোচ সকলে নতুন ৰাজনৈতিক বিন্যাস এটাৰ সৃষ্টি কৰিছিল৷ এই সময়ত অসমীয়া বুলি কোনো ধাৰণাৰ জন্ম পোৱাই নাছিল৷

আমি আজি গুৱাহাটী বুলিলে অসমৰ প্ৰায় মাজতে অৱস্থিত এখন নগৰ বুলি জানো যদিও শৰাইঘাটৰ যুদ্ধৰ সময়ত ই আছিল সদ্যে আহোম ৰাজ্যৰ ভিতৰুৱা হোৱা এখন সীমান্ত চহৰহে৷ ১২২৮ খ্ৰীষ্টাব্দত আহোম ৰাজ্যৰ ভেটি প্ৰতিষ্ঠা হয় যদিও ১৪৯৭ খ্ৰীষ্টাব্দত চুহুংমুঙৰ ৰাজপাটত আৰোহনৰ সময়লৈকে আহোম ৰাজ্য দিহিং আৰু দিখৌ নদীৰ মাজত আবদ্ধ এক ক্ষুদ্ৰ অঞ্চলতে সীমাবদ্ধ আছিল৷

LachitBorphukan

চুহুংমুঙৰ সময়তহে ব্ৰহ্মপুত্ৰৰ দক্ষিণে ধনশিৰী নদীলৈকে আহোম ৰাজ্যৰ প্ৰসাৰ হয়৷ ব্ৰহ্মপুত্ৰৰ উত্তৰ দিশে চুহুংমুঙৰ সেনাপতি কনচেং বৰপাত্ৰ নৱগঠিত কোঁচ ৰাজ্যৰ মাজেৰে সুদুৰ কৰতোৱালৈকে আগবাঢ়ি গৈছিল যদিও তেওঁ উভতি আহি ভৰলী নদীকহে সীমা কৰি ৰাজ্য পাতিছিল৷ প্ৰতাপ সিংহৰ সময়লৈকে উত্তৰ পাৰে ভৰলীয়ে আৰু দক্ষিণ পাৰে ধনশিৰীয়ে আছিল আহোম ৰাজ্যৰ সীমা- 

“সত্ৰাজিতে বোলে ভড়ৰিয়ে সীমা”৷ (পুৰণি অসম বুৰঞ্জী, পৃষ্ঠা ৬৩)| 

এই ভৰলীৰ নদীৰ সীমা আছিল কোচ ৰাজ্যৰ লগত৷ ১৬১৬ খ্ৰীষ্টাব্দত মোগল সকলে কোচ হাজো ৰাজ্যৰ দখল কৰাৰ পাচত আহোম আৰু মোগল সকল মুখামুখী হয়৷ দীর্ঘদিনৰ নেৰানেপেৰা যুদ্ধৰ অন্তত ১৬৩৯ খ্ৰীষ্টাব্দত প্ৰতাপ সিংহৰ দিনত আহোম ৰাজ্যৰ সীমা ব্ৰহ্মপুত্ৰৰ উত্তৰে বৰনদী আৰু দক্ষিণে অসুৰৰ আলি (বর্তমানৰ ৰাজগড়) পালেগৈ—

“পাচে ঁ দেৱৰ আজ্ঞাৰে দু্যোজনাএ আলিয়াৰখাৰে মিল-প্ৰীতি হৈ বোলে, ‘উত্তৰে বৰনদী, দক্ষিণে অসুৰ আলিক সীমনা কৰি দিও”—সুকুমাৰ মহন্তৰ ঘৰত পোৱা অসম বুৰঞ্জী, পৃষ্ঠা ৬১৷ 

অর্থাৎ ১৬৩৯ খ্ৰীষ্টাব্দত বর্তমানৰ গুৱাহাটীৰ আধালৈকেহে আহোম সকলে শাসন কৰিছিল৷ জয়ধ্বজ সিংহৰ সময়ত ১৬৫৮ খ্ৰীষ্টাব্দত আহোম সকলে মোগল সকলৰ পৰা গুৱাহাটী তথা কামৰূপ দখল কৰি ৫০০ খন যুদ্ধৰ নাও লৈ ব্ৰহ্মপুত্ৰই দি ভটীয়াই ঢাকা আক্ৰমণ কৰিছিল যদিও ঢাকাৰ মোগল শাসনকর্তা ইচলাম খান মুচেদিয়ে আহোম সকলক প্ৰতিৰোধ কৰে (A Maritime History of India, p. 54)৷

কিন্তু নতুনকৈ দখল লোৱা কামৰূপক আহোম সকলে বিদেশ বুলিহে গণ্য কৰিছিল আৰু দখলদাৰী বাহিনীয়ে কৰাৰ দৰে কামৰূপীয়া প্ৰজাৰ ঘৰত লুটপাট কৰা হৈছিল—

“আত পাচে জয়ধ্বজ সিংহ মাহাৰাজা বোলে ঢেকেৰিৰ পৰাহে বিবাদ নুগুছ৷ এই বুলি কামৰূপত জত ঢেকেৰি আচিল সবাকে সৰুসোনকোহ পর্যন্তে আহোমে ডকাই আনিলে৷ মেধি দেৱলিয়াবোৰ মাত্ৰ এৰিলে৷ বড়পেটাৰ বাসুদেৱ গোসাঞিক নিলে”—পুৰণি অসম বুৰঞ্জী, পৃষ্ঠা ৯২৷ 

এনে ভয়ংকৰ লুটপাটৰ ফলত কামৰূপ জনবিৰল হৈ পৰিছিল—

“বৰফুকনে পিকচাই চেটিয়াএ বৰীবাৰীত থাকি সৰু সোণকোহ সীমা কৰি ঢেকেৰীক গৰগাৱঁলৈ ডকাই আনিলে৷ পাচে কামৰূপ ৰাজ্য ডেৰ বৎসৰ মান হাবি হৈ আছিল ”—সুকুমাৰ মহন্তৰ ঘৰত পোৱা অসম বুৰঞ্জী, পৃষ্ঠা ৭৬৷ 

পৰৱৰ্তী কালতো আহোম সকলে কামৰূপক এখন মধ্যৱৰ্তী ৰাজ্য (Buffer state) বুলিহে গণ্য কৰিছিল (Anglo Assamese Relations, p. 272)৷ কামৰূপীয়া প্ৰজাক কেতিয়াও আহোম ৰাজ্যৰ পূর্ণ পৰ্যায়ৰ প্ৰজাৰ মর্য্যাদা দিয়া হোৱা নাছিল৷ আনকি ৰাতি হোৱাৰ আগে আগে কামৰূপীয়া প্ৰজা নগৰৰ চাৰিবেৰাৰ পৰা বাহিৰলৈ ওলাই যাব লাগিছিল (Anglo Assamese Relations, p. 271)৷

গতিকে আহোম সকলৰ শৰাইঘাট ৰণৰ বিজয়ে কামৰূপীয়া প্ৰজাৰ মাজত কোনো বিশেষ আৱেগিক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব পৰা নাছিল৷ তেওঁলোকৰ বাবে শৰাইঘাটৰ যুদ্ধ আছিল দুই বিদেশী শক্তিৰ মাজত তেওঁলোকৰ মাটিত হোৱা যুদ্ধ৷ আনহাতে খাচ আহোম ৰাজ্যৰ প্ৰজাৰ বাবে শৰাইঘাট আছিল দুৰণিৰ বিদেশত হোৱা এক বিজয়৷ হয়তো বেচি ভাগ প্ৰজাই এই মহাবিজয়ৰ খবৰেই নাপালে৷ সেয়ে আমি শৰাইঘাটৰ যুদ্ধৰ কোনো জনগোষ্ঠীয় স্মৃতি বিচাৰি নাপাওঁ৷

সেই কালত অসম, আচাম বা অসমীয়া শব্দটোৰ অর্থ তুলনামুলক ভাৱে ঠেক আছিল৷ কেতিয়াবা আচাম মানে আহোম জাতি বুজাইছিল—

“পাচে পত্ৰত সংস্কৃতেৰে ‘আচামঞে’ বুলি লেখি সুৰসেনকে হৰিবল্লভ চক্ৰৱর্ত্তীকে আমাৰ দুই কটকী লগত দি বিদায় দিলে…….’সংস্কৃতেৰে মাহাৰাজাৰ জাতি কিয় উচ্চাৰণ কিয় কৰিব? এই দাই ধৰি কাকত ফালি কলিয়াবৰৰে পৰা হৰিবল্লভ চক্ৰৱর্ত্তীক খেদালে”—সুকুমাৰ মহন্তৰ ঘৰত পোৱা অসম বুৰঞ্জী, পৃষ্ঠা ৭৩৷ 

কেতিয়াবা অচম বুলিলে আহোম ৰাজ্য আৰু অসমীয়া বুলিলে আহোম ৰাজ্যৰ প্ৰজাক বুজায়—

“আৰু ঘাঘৰ মাজি ডফলামাৰনাত অচম ৰাজ্যৰপৰা ভটিয়াই কামৰূপে গোমুৰা সথৈবাৰিতে ৰৈঃ খেতি কৃ্ষীকৈ আধ্যৱন্ত হৈ আচেঃ সেই দেশৰ লোকে অহমিয়া বুলি বাছে আতিগুৰি নপাই”—গুৰুচৰিত কথা, পৃষ্ঠা ১৮৪

East India

১৭৬৫ খ্ৰীষ্টাব্দত কোচৰাজ্যৰ একাংশ গোৱালপাৰা, ১৮২৬ খ্ৰীষ্টাব্দত আহোম ৰাজ্য, ১৮৩২ খ্ৰীষ্টাব্দত কছাৰী ৰাজ্য বিট্ৰিচে অধিকাৰ কৰা পাচত এই সমূহক বংগদেশত প্ৰশাসনিক অংশ ৰূপে ৰখা হৈছিল৷ ১৮৭৪ খ্ৰীষ্টাব্দতহে বিট্ৰিচ সকলে গোৱালপাৰা, আহোম ৰাজ্য (অসম) আৰু কছাৰী ৰাজ্য বংগদেশৰ পৰা পৃথক কৰি এখন প্ৰদেশ গঠন কৰে৷ এই তিনিখণ্ড ৰাজ্যৰ ভিতৰত আহোম ৰাজ্য (অসম) আকাৰত আটাইতকৈ ডাঙৰ আছিল বাবে একীভূত ৰাজ্য খনৰ নাম অসম দিয়া হয়৷

আজি আমি দেখা অসমীয়া অসমীয়া জাতি নির্মানৰ প্ৰক্ৰিয়াটো এই সময়ৰ পৰাহে আৰম্ভ হয়৷ কাৰণ জাতি গঠনৰ এক প্ৰধান চর্ত হ’ল কটকটীয়া সীমাৰে সৈতে এক ভূখণ্ড৷ বিশেষ সাংস্কৃতিক আৰু ভাষিক মিল নথকা আহোম, কোচ আৰু কছাৰী ৰাজ্যৰ প্ৰজাকলৈ জাতি গঠন প্ৰক্ৰিয়াটো ইমান সহজ নাছিল৷ কেৱল কটকটীয়া সীমাৰে বান্ধি ৰাখি জাতি গঠন সম্পূর্ণ নহ’ব বুলি সেই কালৰ অসমীয়া জাতীয়তাবাদৰ গুৰি ধৰোতা সকলে ভালকৈ বুজি পাইছিল৷

গতিকে জাতীয়তাবাদক শক্তিশালী কৰিব পৰাকৈ কিছুমান সৱল প্ৰতীকৰ প্ৰয়োজন বোধ কৰা হৈছিল৷ শৰাইঘাটৰ ৰণ আৰু লাচিত বৰফুকনক অসমীয়া জাতীয়তাবাদৰ সৱল প্ৰতীক হিচাপে ডাঙি ধৰাৰ কেইবাটাও সুবিধা আছিল৷ লাচিতৰ প্ৰতিপক্ষ কোনো স্থানীয় লোক হোৱাৰ পৰিবর্তে আছিল সুদুৰ দিল্লীৰ মোগল বাদশ্বাহৰ প্ৰতিনিধি৷ গতিকে নতুনকৈ গঠন হ’বলৈ ধৰা অসমীয়া জাতিৰ একতাৰ প্ৰতীক ৰূপে সহজেই লাচিত বৰফুকনে নিজৰ সঠিক স্থান পালে৷ 

এসময়ত ইংলণ্ডৰ যুদ্ধৰত গোষ্ঠী নর্মান আৰু চেক্সন সকলৰ মাজত সংমিশ্ৰণ ঘটি বিট্ৰিচ জাতিৰ সৃষ্টি হোৱাৰ পাচত চেক্সন জাতীয়তাবাদৰ শক্তিশালী প্ৰতীক হেষ্টিংচৰ যুদ্ধৰ গুৰুত্ব কমি গৈ বর্তমান নোহোৱাৰ দৰেই হ’ল৷

আনহাতে অসমীয়া জাতি ধীৰে ধীৰে গঢ়ি উঠাৰ পথত শৰাইঘাটৰ যুদ্ধৰ গুৰুত্ব বাঢ়ি গৈ আজিৰ তাৰিখত ই সৰ্বোচ্চ অৱস্থানত উপনীত হৈছে৷ অসমীয়া জাতি সত্বা তিস্থি থকালৈকে লাচিত বৰফুকনৰ প্ৰাসঙ্গিকতা থাকিব৷

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Raktim Ranjan Saikia

Raktim Ranjan Saikia

Related Posts

Why Hitler Hated Jews: Origins of the Holocaust
History

Why Hitler Hated Jews: Origins of the Holocaust

by Kakali Das
April 16, 2026
0

Why Hitler Hated Jews: Origins of the Holocaust Hitler’s rise, Nazi ideology, antisemitism, and how it led to genocide in...

Read moreDetails
বিহুৰ ক্ৰমবিকাশ: জাতিগঠনৰ পৰা জাতীয় উৎসৱলৈ 

বিহুৰ ক্ৰমবিকাশ: জাতিগঠনৰ পৰা জাতীয় উৎসৱলৈ 

April 14, 2026
The Lingering Ghost of Racism: Ignorance or Deliberate Hate?

The Lingering Ghost of Racism: Ignorance or Deliberate Hate?

April 10, 2026
Why are there few women in Indian Politics?

Why are there few women in Indian Politics?

April 8, 2026
How to Sell Your Brains to the Highest Bidder: the Complete Guide

How to Sell Your Brains to the Highest Bidder: the Complete Guide

April 7, 2026
Why Did So Many People Die in the Middle Ages? Plague, Famine, War, and the Struggle to Survive

Why Did So Many People Die in the Middle Ages? Plague, Famine, War, and the Struggle to Survive

April 7, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
এশটা বসন্তৰ গান…

এশটা বসন্তৰ গান…

April 20, 2026
Guwahati Flood Crisis: How City Is Sinking Under Decades of Urban Neglect

Guwahati Flood Crisis: How City Is Sinking Under Decades of Urban Neglect

April 20, 2026
অসমৰ অশান্তি অতীতৰ সৈতে গভীৰভাৱে বিজড়িত

Assam Crisis : How Melting Glaciers, Rising Seas & Decades of Political Neglect Are Threaten the Indigenous Communities

April 19, 2026
Climate Crisis Alert: How Global Warming is Destroying Sualkuchi (Assam)’s Priceless Muga, Eri & Pat Silk Legacy

Climate Crisis Alert: How Global Warming is Destroying Sualkuchi (Assam)’s Priceless Muga, Eri & Pat Silk Legacy

April 19, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    30719 shares
    Share 12287 Tweet 7680
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    12846 shares
    Share 5138 Tweet 3212
  • Dr. Utpal Das: Modern Architect of LNB Library, Dibrugarh University

    229 shares
    Share 92 Tweet 57
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4271 shares
    Share 1708 Tweet 1068
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3615 shares
    Share 1446 Tweet 904
  • ‘Kije Nidarun Khobor Asil’ by Trishna Devi & Miranda Choudhury

    89 shares
    Share 36 Tweet 22
  • চুতীয়া ৰাজ্য আৰু সেনানায়ক মানিকচন্দ বৰুৱা

    922 shares
    Share 369 Tweet 231
  • দেশে দেশে ফুটবল

    240 shares
    Share 96 Tweet 60
  • Collective Agency and Climate Resilience: How Women-led Institutions are Redefining Adaptation in Rural India?

    78 shares
    Share 31 Tweet 20
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    854 shares
    Share 342 Tweet 214
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d