• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, May 13, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Media

অসমীয়া বাতৰি-কাকতৰ ইতিহাস : ‘অৰুনোদই’

অসমৰ সংবাদ মাধ্যম: ১৭৫ বছৰীয়া বৰ্ণিল ইতিহাস

by Anjan Sarma
February 28, 2023
in Media, History, Journalism, News, Newspaper
Reading Time: 15 mins read
0
Mahabahu – Special Issue
Share on FacebookShare on TwitterShare on LinkedIn

RelatedPosts

ৰঘু ৰায় : কেমেৰাৰ লেন্সেৰে কাহিনী লিখা মানুহজন

ৰঘু ৰায় : কেমেৰাৰ লেন্সেৰে কাহিনী লিখা মানুহজন

May 12, 2026
Why Hitler Hated Jews: Origins of the Holocaust

Why Hitler Hated Jews: Origins of the Holocaust

May 12, 2026
Love in the Age of Ghosting and Situationships

Love in the Age of Ghosting and Situationships

May 12, 2026

(অসমীয়া বাতৰি-কাকতৰ ইতিহাস)

175+ Years of Media in Assam and Beyond

বেণুধৰ শৰ্মা

Benudhar Sarma1
বেণুধৰ শৰ্মা

অসমীয়া বাতৰি-কাকতৰ ইতিহাস : ‘অৰুনোদই’ (খ্ৰীঃ ১৮৪৬-১৮৮৩)

ইং ১৮৪৬ চনত ওলায় ‘অৰুণোদই’ কাকত। এইখনেই অসমীয়া ভাষাত পোনপ্ৰথম আলোচনী শ্ৰেণীত পৰা বাতৰি-কাকত। ইয়াৰ আগেয়ে আলোচনী বা বাতৰি-কাকত কাক বোলে অসমীয়া মানুহে ভু পোৱা নাছিল। আনকি ইংৰাজী ‘নিউজ-পেপাৰ’ শব্দটোৰো অসমীয়া প্ৰতিশব্দ নাছিল।

‘অৰুনোদইয়ে’ সম্বাদ-পত্ৰ বুলিহে তাৰ অসমীয়া বাংগনী কৰিছিল। ‘সমাচাৰ’ ‘শম্বাদ’ বা ‘সংবাদ’ এই কেইটা শব্দহে ‘নিউজ পেপাৰ’ৰ সলনি ব্যৱহৃত হৈছিল। ‘বাতৰি-কাকত’ নামটো পাছত ওলোৱা।

‘অৰুনোদই’ আমেৰিকান বেপটিষ্ট মিশ্যনৰ ঐতিহাসিক দান। উজনি অসমত ‘অসম-বন্তি’ ওলোৱা দিনতো মানুহে সেইখন কাকতকো ‘অৰুনোদই’ বুলিহে চাবলৈ ওলাইছিল। ই অসমীয়া মানুহৰ মাজত জ্ঞানৰ পোহৰ বিলালে, গোট-গোট হৈ থকা লেখা-পঢ়া জনা শিক্ষিত মানুহখিনিক সভা-সমিতি পাতিবলৈ শিকালে, বাতৰি-কাকতলৈ বাতৰি দিব লাগে কেনেকৈ তাকো শিকালে।

আলোচনীৰূপে অসমৰ সাঁচিপতীয়া বুৰঞ্জী আদি ছপাই অসমীয়া জাতিৰ স্বতন্তৰীয়া সভ্যতা জগতৰ আগত দাঙি ধৰিলে। ‘অৰুনোদই’য়ে আটাইতকৈ ডাঙৰ কাম কৰিলে—অসমীয়া ভাষাটো একেবাৰে স্বতন্তৰীয়া বুলি প্ৰতিপন্ন কৰি। অৱশ্যে ইয়াৰ আঁৰত আছিল আনন্দৰাম ঢেঁকীয়াল ফুকন। তদুপৰি ছপাশালৰ আওবাও নোপোৱা অসমীয়া মানুহক ‘অৰুনোদই’ ছপাশালত আখৰ-বাছিবলৈ শিকালে। বজৰমণি কাঁইটৰ ব্লক কৰি ছবি ছপাব লাগে কেনেকৈ তাকো দেখুৱালে।

‘অৰুনোদই’ উলিওৱা ইতিহাস বৰ দীঘল। তথাপি সকলোৱে জানে যদিও ইয়াৰ বিশেষত্ব দুটিমান নুনুকিয়াই নোৱাৰিলো। ‘অৰুনোদই’ ছপা কৰা যিটো ছপাশাল সেইটো ৰেভাৰেণ্ড কটাৰ (Rev Cutter) চাহাবে শদিয়াৰ পৰা আনি শিৱসাগৰৰ দৈকলঙীয়া গাঁও আৰু থানাঘাটৰ পৰা অলপ ভাটীয়ে পকাঘাটৰ ওচৰত বহুৱায়হি। ইয়াৰ পৰাই ১৮৪৬ চনত, কটাৰ, ডঃ নাথান ব্ৰাউন পাদুৰী চাহাব দুয়ো গোট খাই ‘অৰুনোদই’খন প্ৰকাশ কৰে।

কাকতখনত মাহেকৰ মূৰে মূৰে ওলাইছিল। আজিকালি মাহেকীয়া কাকত এখনক কোনেও বাতৰি-কাকত বুলি নকয়—আলোচনী বুলিহে ক’ব। কিন্তু, অসমত নাভূত-নাশ্ৰুত সম্বাদপত্ৰ ‘অৰুনোদই’য়ে মাহেকৰ মূৰত হ’লেও আলোচনী আৰু বাতৰি দুয়োবিধ কাকতৰে কাম সম্পাদন কৰিছিল।

কাকতখন উকা নাছিল। কাঠৰ ব্লক কৰি ছপোৱা ছবিৰে প্ৰবন্ধ কিছুমান চিত্ৰিত কৰা হৈছিল। অসমীয়া মানুহৰ হতুৱাই সেই চিত্ৰ অঁকোৱাই ওপৰত কোৱা দৰে সৰু সৰু কিছুমান বজৰমণি কাঁইটত কটাই ব্লক কৰাই লৈছিল।

১৮৪৬ চনৰ পৰা ১৮৮২ চনলৈকে ‘অৰুনোদই’ কাকত চলে। ইমান দীঘলীয়া বয়স ‘অৰুনোদয়ে’হে পাইছিল। ইয়াৰ আখৰ-জোঁটনী কৰা হৈছিল গাঁৱলীয়া মানুহে যেনেকৈ মাত-কথা উচ্চাৰণ কৰে তেনেকে। প্ৰথম ‘চ’, শ, ষ, স—এই তিনিটাৰ ভিতৰৰ ‘স’টো, আৰু বাৰে মতৰাৰ ভিতৰত ‘ি’ ইকাৰ, উকাৰ হে ব্যৱহাৰ কৰা হৈছিল। কলিকতাত সীহৰ ৱ আখৰ পোৱা নাছিল দেখি ‘অ’ আখৰটো চলাইছিল। হেমচন্দ্ৰ বৰুৱাই লাগি-ভাগি ‘ৱ’ আখৰটো ঢলাই অনালত হে ‘ৱ’ৰ ব্যৱহাৰ হ’বলৈ ধৰিলে।

অসমীয়া বাতৰি-কাকতৰ ইতিহাস : ‘অৰুনোদই’

সম্পাদক জনেই আছিল সম্পাদকো, আখৰ বাছোতাও, বেচোতাও আৰু সভা পতা দিনা থিয় পোহাৰীও।

১৮৩৬ চনৰ পৰা ক্ৰমান্বয়ে এইসকল আছিল ‘অৰুনোদই’ৰ সম্পাদকঃ

১৮৫৩ চনত—কটাৰ গল।

১৮৫৫ চনত—ডাঃ ব্ৰাউন গ’ল।

১৮৫৬ চনলৈকে ৰেভাৰেণ্ড এচ এৰ হোৱাইটিঙে অকলৈ চলায়।

১৮৫৬ চনত—ডাক্তৰ মাইলচ ব্ৰঞ্চন অসমীয়া অভিধান লেখোতা)।

১৮৬২ চনৰ পৰা শ্ৰীমতী এচ আৰ বাৰ্ড (Mrs, S. R. ward) ।

১৮৬৯ চনত ৰেভাৰেণ্ড ক্লাৰ্ক।

১৮৭৪ চনৰ পৰা ৰেঃ একে গৰ্নী। (Rev. A. K. Gurney)

১৮৮৩ চনত ছপাশালটো নাজিৰাৰ আসাম কোম্পানিয়ে কিনি নিলে।

ভাষাবিদ ডাক্তৰ নাথান ব্ৰাউনে (Dr. Nathan Brown) হে জয়ে জয়ে অসমীয়া ভাষাত কোন ভাষাৰ কিমান শব্দ আছে তাক ফঁহিয়ায় দেখুৱায়। এনেকৈ বিশ্লেষণ কৰাত, বোধকৰো ডাক্তৰ ব্ৰাউনেই প্ৰথম। তেওঁ লেখিছিল—অসমীয়া ভাষাত :

সংস্কৃত ভাষাৰ শব্দ ৬৩টা আছে

খামতিৰ                 ১টা

শ্যামদেশীয়              ১টা

অঁকা                    ৭টা

আবৰ (আদি)            ১টা

মিচিমি                  ১টা

মান                     ৫টা

কাৰেং                   ৩টা

মৰাণ                   ১টা

দক্ষিণ টংকু              ১টা

খৈবু                    ১টা

মাৰেং                   ১টা

জাপানী                  ১টা

নগা                     ৩টা

পুৰন্দৰ সিংহ স্বৰ্গদেৱৰ আদেশত ৰাধানাথ বৰবৰুৱাই কৈ যোৱা মতে কাশীনাথ তামুলী ফুকনে যিখন অসমৰ বুৰঞ্জী লিখিছিল সেইখন পোনপ্ৰথমেই ‘অৰুনোদই’ত প্ৰকাশ হয়। আলোচনীৰূপে ইয়াত ইংলণ্ডৰ বুৰঞ্জী আৰু নানান জ্ঞান-বিজ্ঞান বিষয়ক প্ৰবন্ধ প্ৰকাশিত হৈছিল। খ্ৰীষ্টান ধৰ্ম প্ৰচাৰেই ইয়াৰ মূল উদ্দেশ্য আছিল যদিও, দেশীয় বা-বাতৰি আৰু ভাষা-সম্পৰ্কীয় বিবিধ প্ৰবন্ধাদি থকাত কাকতখন সকলোৰে আতোল-তোল হৈ পৰিছিল।

‘অৰুনোদই’ত ওলোৱা বাতৰিৰ ভাষা আছিল এনেকুৱা—

হেমকান্ত সিংহ যুৱৰাজ

উজান দেশ চাবৰ মনে চন্দ্ৰকান্ত সিংহ মহাৰাজৰ পুত্ৰ শ্ৰীশ্ৰীহেমকান্ত সিংহ যুৱৰাজ গত নৱেম্বৰ মাহত গুৱাহাটীৰ পৰা উজাই আহি যোৰহাট পালেহি। কিছুদিন যোৰহাটত থাকি বচাত খাত চাবলৈ গৈছে। ‘অৰুনোদই’, ডিচেম্বৰ ১৮৫০।

শিৱসাগৰ পুখুৰী সাঁতুৰি পাৰ হোৱা

সিঅসাগৰ জিলাৰ বজাৰত ২১ জুলাই (১৮৪৯ চন) ৰাতিত জুই লাগি ৬টা মান ঘৰ পুৰিলে।

২৭ আগষ্টত এজন ফকিৰে শিৱসাগৰ পুখুৰীত বেলা ১১ বজাত সাঁতুৰি দখিণ পাৰৰ পৰা মাজ পোনেই পাৰ হৈ উত্তৰ পাৰত উঠিলগৈ। সুদা হাতে সাঁতুৰি পাৰ হোৱা আগৈয়ে দেখা নাই।

আৰু এটা বুৰঞ্জীমূলক সংবাদো তুলি দিয়া হ’ল :

মহাৰাজ পুৰন্দৰ সিংহৰ মৃত্যু

“যোৰহাট নগৰত মহাৰজা পুৰন্দৰ সিংহৰ ৩ দিন পৰ্যন্ত মধুমেহৰ পিৰা উপস্থিত হৈ বৰ্তমান মাহৰ (১৮৪৬ চনৰ অক্টোবৰ) প্ৰথম তাৰিখে বৃহস্পতি বাৰৰ দিনা বেলি দুই বজাৰ সময়ত মৃত্যু হ’ল। তেতিয়া দুৰ্গা পূজা চাবলৈ ফুকন বৰুআ আদি বৰবৰুৱা ডাঙ্গৰীয়াসকল গোটখাই সেই মৃত্যু মহাৰজাক নগৰৰ পৰা বাহিৰ কৰি দহন আদি কৰাবৰ নিমিত্তে শ্ৰীশ্ৰীযুজ কামেশ্বৰ সিংহক মৃতু ৰজাৰ স থকা ঠাইতে বৰচৰাত কাপৰ পাৰি বহুআই বৰবৰুআ আৰু ডাঙ্গৰিয়াসকলে চাৰি বজাৰ সময়ত পূৰ্বে পিত্ৰি ৰজাই জুবৰাজ নাম দিয়া শ্ৰীশ্ৰীজুত কামেশ্বৰ সিংহক এক সেআ কৰি জুৱৰাজ মৰ্জতা দিলে। পাচে জুৱৰাজে সোণ-ৰূপ কাঁহ আৰু তাম এই চাৰি কলহেৰে ম্ৰিত্যু ৰজাক গা ধুআই আৰু অলঙ্কাৰ পিন্ধাই সৰাইত সাজ কাপৰ দি কুঅৰি আৰু গোহাঁইসকলে সেআ জনাই চাঙ্গতি চন্দোআৰ তৰি চৌ-দোলাত তুলি দিচৈ নৈৰ ওচৰলৈ নি আঁৰ কাপৰ তৰি চন্দন কাঠ আদিৰে দহন কৰিলে। স নিওতে বৰ লোক আৰু সৰু সৰু লোক বহু মানুহ গৈছিল।’’—অৰুনোদই, অক্তোবৰ, ১৮৪৬।

১৮৪৬ চনৰ পৰা ১৮৮৩ চনলৈকে প্ৰকাশিত ‘অৰুনোদয় সম্বাদ পত্ৰ’খন আধুনিক জ্ঞানান্বেষীসকলৰ নিমিত্তে এখনি সুবিস্তৃত বুৰঞ্জীকে বুলিব পাৰি। অকল ‘অৰুনোদই’ নাম দিয়েই সেই কাকত সম্পৰ্কে এখনি সুন্দৰ গ্ৰন্থ ৰচনা কৰিব পাৰি।

২। আসাম বিলাসিনী ১ম (পৰ্যায়)

১৮৭১-১৮৮৩

মাজুলীৰ আউনীআটি সত্ৰৰ পৰা প্ৰভু দত্তদেৱ সত্ৰাধিকাৰ গোস্বামীৰ দ্বাৰাই প্ৰতিষ্ঠিত মাহেকীয়া ‘আসাম বিলাসিনী’ কাকতেই বাতৰি কাকতৰূপে অসমীয়া ভাষাৰ দ্বিতীয় কাকত। ধৰ্ম বিষয়ত ই ‘অৰুনোদই’ৰ প্ৰতিদ্বন্দ্বীয়েই আছিল। শিৱসাগৰৰ মাজুলী নিচিনা আওহতীয়া ঠাইত সংৰক্ষণশীল চাৰি সত্ৰীয়া সত্ৰাধিকাৰ গোস্বামী গৰাকীয়ে মৰসাহ দি ধৰ্ম প্ৰকাশ নামে ছপাশাল পাতি সংবাদ-পত্ৰ এখন প্ৰকাশ কৰিবলৈ লোৱাটো সঁচাকৈয়ে কল্পনাৰো অতীত নুবুলি নোৱাৰি। সেই দিনত, বাতৰি-কাকতৰ ব্যৱসায়, ধনৰ ভঁৰাল বন্ধা নাছিল—ধাৰবান্ধ লগাই খৰচৰ খাল খনাহে হৈছিল। এনে স্থলত গোস্বামী প্ৰভুৱে ১২ বছৰকে কাকত চলাই বাতৰি কাকতৰ বুৰঞ্জীত খুঁটি এটি যে পুতি থৈ গ’ল সেই বাবে অসমীয়া মানুহে প্ৰভুক কেতিয়াও পাহৰিব নোৱাৰে।

assam bilasini

‘বিলাসিনী’ৰ মূৰতে কিৰীটি স্বৰূপে এই কেইআষাৰ মূলমন্ত্ৰ বা বীজমন্ত্ৰ আঁৰি দিয়া হৈছিল :-

বাহিৰ মেৰত :

“যা শ্ৰীমজ্জগদীশ সদ গুণ গণালঙ্কাৰ

সম্ভূষিণী বাৰ্ত্তাব্ৰাত বিকাশিনী জনমন :

শৰৎ সুধা বৰ্ষিণী

নানাখ্যান সুভাষিণী গুণৱতী স্বেয়াং

শুভান্বেষিণী সৈষাসামবিলাসিনী

বিলসতি শ্ৰীদত্তহ্য তোষিণী’’

ভিতৰ মেৰত :

সম্বাদ সন্দোহজুষাং জনানা। আখ্যায়িকাঞ্চ

কৃত—স্পৃহানাং।

তোষায় সদ্বুত্তৱতাঞ্চ পুংসাৎ। ভূয়াৎ

সদাসাম বিলাশিনীয়ং।

ডিমাই আকাৰৰ দুখিলা কাগজত কাকতখন ছপা হৈছিল। ছপা আখৰ ফটফটীয়া; কিন্তু বৰ্ণাশুদ্ধিৰ পালে বৰকৈ মন কৰা নহৈছিল—অৱশ্যে তেতিয়া সকলোৱে গ্ৰহণ কৰিব পৰা অসমীয়া অভিধান ওলোৱাই নাছিল—যিবা এখন ডাঃ মাইলচ ব্ৰঞ্চনৰ ওলাইছিল তাৰো আখৰ জোঁটনী সকলোৰে মনঃপুত হোৱা নাছিল।

কাকতখনে ভাৰতৰ ৰজা মহাৰজাসকলৰ বা-বাতৰি প্ৰকাশ কৰি সমকালিক সম্ভ্ৰান্ত কূলীয়া পদ-মৰ্যাদাৰ প্ৰতি শ্ৰদ্ধা জনাইছিল। সেই বুলি স্থানীয় অভাৱ-অভিযোগবিলাকো চৰকাৰৰ দৃষ্টিলৈ অনা হৈছিল। অসমৰ প্ৰথমজনা চীফ কমিছনাৰে আউনীআটি সত্ৰ দৰ্শন কৰিবলৈ গৈছিল। তেওঁ যোৱা বিৱৰণটো মহম্মদ আলী নামে এজন উচ্চ খাপৰ বিষয়াই বৰ শুৱলাকৈ লেখি সেই কাকতত প্ৰকাশ কৰিছিল। অধিকাৰ গোস্বামীৰ নামৰ আগত যিবিলাক বিশেষণ দিছিল, ভাল ভাল শৰণীয়া ভকতেও তেনেকুৱাকৈ লেখিব নোৱাৰিছিল বা নেজানিছিল। সেই চিঠিত ‘পৰম পূজনীয়’, ‘প্ৰভু ঈশ্বৰ’ আদি শব্দ ব্যৱহাৰ মন কৰিবলগীয়া।

(এই কাকতখন বৰ্তমান উদ্ধাৰ কৰি উলিয়াব পাৰিলে, আমাৰ গন্ধীয়া ভড়াল বা গ্ৰন্থালয়ৰ এটি আমোলন আপুৰুগীয়া সম্পত্তি যি হ’বই নে, ভৱিষ্যতে সাহিত্যানুৰাগীসকলৰ নিমিত্তে এই গৱেষণাৰ স্যমন্তক মণিও হ’ব।)

৩। আসাম মিহিৰ

ইং ১৮৭২-৭৩

‘আসাম মিহিৰে’ই অসমত প্ৰথম সাপ্তাহিক কাকত। প্ৰথমতে ইয়াৰ ভাষা বঙ্গলা আছিল, পাছত ইংৰাজী আৰু বঙ্গলা দুয়োটা ভাষাতে চলোৱা হৈছিল। সম্পাদক আছিল বৰপেটাৰ চিদানন্দ চৌধাৰী; কাকত ছপা হৈছিল গুৱাহাটীত। সম্পাদকজন অসমীয়া আছিল যদিও, অসমত বঙ্গলা ভাষা চলোৱা দলৰ সমৰ্থক আছিল। গ্ৰাহক অনুগ্ৰাহকৰ সহানুভূতি-অভাৱত কোনোমতে এবছৰ বৰ্তি থাকিল। চৌধাৰী গুৱাহাটীৰ চূণছালি বাগিছাৰ মালিক আছিল।

‘আসাম হিতৈষী’

১৮৩৭ খ্ৰীষ্টাব্দত ইংৰাজী কাকত ‘টাইমচ অব আচাম’ৰ লব্ধপ্ৰতিষ্ঠ সম্পাদক ৰাধানাথ চাংকাকতীয়ে সেই সময়ত অসমীয়া বাতৰি কাকতৰ অভাৱ অনুভৱ কৰি ‘আসাম হিতৈষী’ নাম দি এখনি সাপ্তাহিক কাকত উলিয়াবলৈ আয়োজন কৰিছিল। ‘টাইমচ অব আচাম’ প্ৰেছতে সেইখন ছপা কৰি উলিয়াইছিল। কলিকতাৰ পৰা ব্লক আদিও কৰাই অনাইছিল। সেই কাকতৰ নীতি আছিল অসমীয়া মানুহক ৰাজনৈতিক আন্দোলনৰ অৰ্থে সচেতন কৰা। কিন্তু বাতৰি-কাকতৰ ব্যৱসায়ত দইন পৰাৰ আশংকা কৰি সেই সংবাদপত্ৰ উলিওৱা নহ’ল। তথাপি ইংৰাজী কাকতৰ সম্পাদক হৈয়ো অসমীয়া ভাষাতে কাকত উলিওৱাৰ চেষ্টাত ৰাধানাথ চাংকাকতী ডাঙৰীয়াই প্ৰথম।

৪। ‘আসাম নিউচ’

ইং ১৮৮২-১৮৮৫

‘আসাম নিউচ’ আছিল দ্বিভাষী বা দোভষীয়া সাদিনীয়া বাতৰি কাকত। ছপা হৈছিল ফুলস্কেপ কাগজৰ ৮ পিঠিত। চৰকাৰৰ দৃষ্টিত পেলাবলগীয়া স্থানীয় অভাৱ-অভিযোগ আৰু সম্পাদকীয় প্ৰবন্ধ এটাইবোৰ অসমীয়া ইংৰাজী দুয়োটা ভাষাতে লিখি প্ৰকাশ কৰা হৈছিল। সম্পাদক আছিল অসমীয়া ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা। ৰাজনীতিবিদ, মহান পুৰুষ মাণিকচন্দ্ৰ বৰুৱাই প্ৰায়েই ইংৰাজী স্তম্ভত প্ৰকাশ কৰিবলগীয়া প্ৰবন্ধবিলাক লেখিছিল। অভয়শংকৰ গুহ নামে এজন কৃতবিদ্য বঙালীয়েও ইংৰাজী ছোৱা লেখাত সহায় কৰিছিল।

‘বাতৰি-কাকত’—এই শব্দটো ‘আসাম নিউচ’ ওলোৱাৰ পাছৰ পৰাহে ব্যৱহাৰ হ’বলৈ ধৰিছে। হেমচন্দ্ৰ বৰুৱাই অসমীয়াত নোহোৱা ভালেমান ইংৰাজী শব্দ নিজে সাজি উলিয়াইছিল। তাৰে কিছুমান থাকিল—সকলোৱে গ্ৰহণ কৰিলে আৰু কিছুমান মৰিল—কোনেও ব্যৱহাৰ নকৰিলে। জীয়াই থকাৰ ভিতৰত ‘নিউজ পেপাৰ’ৰ অসমীয়া প্ৰতিশব্দ ‘বাতৰি-কাকত’টোৱেই প্ৰধান। ই আজিও সণ্ঢালনিকৈ চলি আছে।

‘আসাম-নিউচ’ৰ সম্পাদক বৰুৱা ডাঙৰীয়া politically radical উগ্ৰপন্থী ৰাজনীতিক আছিল বুলি সমসাময়িক লোকে কৈছিল। সঁচাকৈয়ে আছিলও। চৰকাৰৰ ৰাজহ-নীতি, অসমীয়া ভাষা-নীতি আৰু ব্ৰিটিছ কৰ্মচাৰীবিলাকৰ অসৎ আচৰণ-ব্যৱহাৰৰ প্ৰতি তেখেতৰ লেখা দেৰদেৰীয়া চোকা আছিল।

‘নিউচ’ৰ ভাষা বৰ গহীন, বিশুদ্ধ আৰু প্ৰয়োগ প্ৰমাদহীন। সেইদেখি এই কাকতৰ ভাষাই আছিল বহুত দিনলৈকে ‘বাতৰি কাকত’ৰ আৰ্হি ভাষা।

পৰাধীন ভাৰতবাসীয়ে ইংৰাজ শাসকৰ হাতত লাঞ্ছিত হোৱা বাতৰি এটা পাই ‘নিউচ’ৰ সম্পাদকে এনেৰূপে সমালোচনা কৰিছিল। সেই সময়ত এয়ে তীব্ৰ স্বাধীন সমালোচনা।

“কলিকতাত লেম্ব নামেৰে এজন ৰাজবংশী ডিষ্ট্ৰীকট চুপাৰিণ্টেণ্ডেণ্ট আছে, তেওঁৰ আগত জোতা পিন্ধিলে তেওঁৰ চকু ফুটে। অলপতে ৰমেশ চন্দ্ৰ বন্দোপাধ্যায় নামেৰে সেই আপিচৰ কেৰেণী এজনে দৰমহা আনিবলৈ তেওঁৰ ওচৰলৈ যায়। কেৰাণীজনৰ দুৰ্ভাগ্যক্ৰমে তেওঁৰ ভৰিত জোতা আছিল, চাহাব মহাপুৰুষৰ চকুত পৰিল; ৰমেশ বাবুক জোতা খহাবলৈ আদেশ দিলে কিন্তু তেওঁ প্ৰকৃত ব্ৰাহ্মণৰ দৰে চাহাবৰ আদেশ পালিবলৈ অসন্মত হ’ল। প্ৰভুৰ আজ্ঞা নমনা বাবে লেম্বে ৰমেশ বাবুৰ এমাহৰ দৰমহা জৰিমণা কৰিলে। ৰমেশ বাবুৱে ডিপুটী কমিশ্যনাৰৰ ওচৰত লেম্ব চাহাবে তেওঁক কেনেকৈ ব্যৱহাৰ কৰিলে তাক বৰ্ণাই আবেদন কৰে, ডিপুটী কমিশ্যনাৰতো আন নহয় একে গছৰে পাণ, সেই বংশৰে; গতিকেই আবেদন নামঞ্জুৰ হ’ল। পাছত, গঢ়গতি বেয়া দেখি ৰমেশ বাবুৱে বিষয় পৰিত্যাগ কৰিছে। ৰমেশ বাবুৱে আৰ্য্যোচিত আত্মগৌৰৱ দেখি আমি সন্তোষ পাইছো।’’

‘আসাম-নিউচ’ৰ পুথি সমালোচনা কৰা ৰীতিটোও পঢ়ি অলপ দকৈ ভাবি চাবলগীয়া। স্বৰ্গীয় হৰিবিলাস আগৰৱালা ডাঙৰীয়ায়েই জয়ে জয়ে মহাপুৰুষ শংকৰদেৱৰ ‘কীৰ্তন’ পুথি ছপা কৰি উলিয়ায়। সেই পুথিখনৰ হেমচন্দ্ৰ বৰুৱাই ‘নিউচ’ৰ নিয়াৰিত সমালোচনাৰে এনেকৈ খুন্দিছিল :–

“এই দেশত বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰোতা শংকৰ আৰু তেওঁৰ শিষ্য মাধৱদেৱে সংস্কৃত ভাগৱত আদি পুথিৰ বৈষ্ণৱ ধৰ্ম সম্বন্ধীয় কোনো কোনো অংশ ভাংঙ্গি অসমীয়া ভাষাৰে ভালেমান পদপুথি কৰি গৈছে; আৰু বোধহয় অসমীয়া ভাষাত তেওঁবিলাকেই আদি কবি আছিল। কিয়নো তেওঁবিলাকৰ আগেয়ে আন কোনোৱে কৰা পদ্য দেখা নেযায়। সেইবিলাক পুথি এই দেশৰ সকলো মানুহৰ ঘাইকৈ বৈষ্ণৱবিলাকৰ বৰ মান্য। এই দেশী বৈষ্ণৱবিলাকে ভাগৱতাদি মূল পুথিতকৈ ও সেইবোৰক অধিকৰূপে মানে আৰু বৰ যত্নেৰে ঘৰত ৰাখি সেৱা ভক্তিৰ কৰে। কিন্তু লিখোতা নোহোৱাত লাহে লাহে সেইবিলাক দুষ্প্ৰাপ্য হৈ আহিছে। কিন্তু বৈষ্ণৱবিলাকৰ ইমান মান্য আৰু আদৰৰ পুথিবিলাক ছপাই সণ্ঢালনি কৰিবলৈ সকলোৱে সাহ কৰিব নোৱাৰে। অনুমান হয়, ইয়াকে ভাবি পূজ্যবৰ শ্ৰীযুত আউনীআটীয়া অধিকাৰ গোস্বামীয়ে প্ৰথমতে ‘গুণমালা’ নামেৰে পুথি এখন ছপাই এটি আৰ্হি দেখুৱায়। ইয়াৰ পাছত, ‘হাজাৰী ঘোষা’ আদি কোনো কোনো পুথিও তেওঁৰ আজ্ঞাৰে ছপা হৈছিল। পাছত, সেই পথৰ পথিক হৈ অন্যান্য লোকেও ‘কীৰ্ত্তন’ আদি কোনো কোনো পুথি ছপাইছে। কিন্তু আৰ্হি তোলোতাৰ দোষত হাতেৰে লিখা পুথিবিলাক এনে বিশ্ৰী হৈ পৰিছে যে অনেক ঠাইত লেখকৰ ভাব বুজাই টান হয়। বঙ্গালীবিলাকে কয়, “তিনি নকলে আসল খাস্ত।” বিশেষ সেইবিলাক পুথি লেখোতাসকলৰ সৰহভাগ ‘ভকত-বৈষ্ণৱ’। তেওঁ ‘বিলাকে’ অন্য দেৱীদেৱৰ উপাসনা নকৰে। এতেকে আই সৰস্বতীৰ সৈতে তেওঁবিলাকৰ ঘোৰ বিবাদ; সৰু কালত ফলি লওঁতে, ‘সৰচতী, সৰচতী, কণ্ঠে গোলাপী, বোগে বিলাপী,’’ বুলি ফলিৰ ছাইৰে যি ফোট লৈছিল, তাৰ বলতে যিমান হ’ব পাৰে; তেওঁবিলাকৰ পৰা তাতকৈ অধিক আশা কৰা বৃথা। এনে স্থলত, শুদ্ধ কীৰ্ত্তন পুথি পোৱা বৰ ঢিলা কথা নহয়। এতেকে তাক শুদ্ধৰূপে ছপোৱাও টান। কিয়নো গ্ৰন্থকৰ্তাই যি ৰূপে লেখিছিল, যিমান পৰা যায় তদ্ৰুপে ছপোৱা পুথিকহে শুদ্ধ বোলা যায়। কিন্তু দুৰ্ভাগ্যৰ গুণে ছপা হোৱা যিবিলাক পদ পুথি আমি দেখিছোহঁক সেইবিলাকৰ ভিতৰত এখনকো সম্পূৰ্ণ শুদ্ধ বুলিব নোৱাৰো।

‘হৰিবিলাস বাবুৱে কীৰ্তন পুথি আগেয়েও এবাৰ ছপাইছিল; এই দ্বিতীয়বাৰ। দুইও বাৰৰ পুথি আমি দেখিছো আৰু তেওঁ যে শুদ্ধৰূপে ছপাবৰ নিমিত্তে প্ৰচুৰ পৰিশ্ৰম কৰিছে তাকো আমি বুজিছো। তাত যে কোনো এজন বোধ থকা মানুহৰ হাত লাগিছে সেই পুথিয়েই তাৰ প্ৰমাণ।’’

ইয়াকেই বোলে আওমৰা ছলেৰে বাও মৰা।

‘আসাম নিউচ’ৰ “মত” বা মূলমন্ত্ৰ আছিল:

“কাৰ্য্যং বা সাধয়েচ্ছৰীৰং পাতেয়েদ্বুধঃ” আৰু সাত দিনৰ মূৰে মূৰে ওলোৱা বাবে সাদিনীয়া নুবুলি ‘সাতদিনীয়া অসমীয়া-ইংৰাজী বাতৰি-কাকত’ বুলি লিখিছিল। ‘নিউজ’ শব্দটো ‘নিউচ’ বুলি লেখা বাবে আজিকালি কিবা-কিবি যেন লাগে দেখোন।

আসাম

ইং ১৮৯৪-১৯০১

১৮৯৪ চনত গুৱাহাটীৰ পৰা প্ৰকাশ পোৱা দ্বিতীয় সাপ্তাহিক বাতৰি-কাকত ‘আসাম’।

ইয়াৰ ভাষা অসমীয়া যদিও ততালিকে চৰকাৰৰ দৃষ্টি পেলাবৰ নিমিত্তে মজামজিকৈ কোনো কোনো প্ৰবন্ধ আৰু চিঠি ইংৰাজীৰেও লেখা হৈছিল। ‘আসাম নিউচ’ৰ নীতিয়েই এক প্ৰকাৰ ইয়াৰো নীতি আছিল। কিন্তু হিন্দু ধৰ্মৰ বিষয়ে আলোচনা কৰা চিঠি-পত্ৰ আৰু প্ৰবন্ধই ইয়াৰ সৰহ ঠাই জুৰিছিল। ‘আসাম’ত প্ৰকাশিত ইংৰাজী চিঠি-প্ৰবন্ধৰ ভিতৰত মাণিক চন্দ্ৰ বৰুৱাই লেখা ৰাজহ বৃদ্ধি আৰু কটন কলেজ স্থাপন আৰু পৰিচালনা সম্পৰ্কীয় নিবন্ধবিলাকেই প্ৰধান।

সেইবিলাকৰ উপৰিও কাকতখনত কবিতা ৰচনা শিলালিপিৰ পৰা উদ্ধাৰ কৰা পাঠাদি আৰু স্থানীয় বা-বাতৰিও প্ৰকাশ হৈছিল। অসমীয়া অভিধান প্ৰকাশ হৈছিল যদিও, তেতিয়ালৈকে সকলোৱে সেই অভিধান চাই লেখা-পঢ়া কৰিবলৈ বৰকৈ মন-কাণ নিদিয়াত ‘আসাম’ৰ আখৰ-জোঁটনী নিৰ্বিবাদী নাছিল। সেইবুলি, কাকতখনে হেমচন্দ্ৰ বৰুৱাই চলাব খোজা বা চলাবলৈ হাতত লোৱা কিছুমান শব্দ সণ্ঢালনিকৈ চলোৱাত সংকোচ কৰা নাছিল।

ইয়াত ‘লিখক’ শব্দৰ পৰিৱৰ্তে ‘লেখোতা’ শব্দ ব্যৱহাৰ কৰা হৈছিল—যেনে, চিঠি ‘লেখোতাসকলৰ’ মতামতৰ বাবে আমি জগৰীয়া নহওঁ।‘ দ’ল-দেৱাল, ৰংঘৰ-কাৰেংঘৰ আৰু অন্যান্য ৰজাদিনীয়া পুৰণি স্মৃতি চিহ্নবিলাকৰ সংৰক্ষণাৰ্থে লেখা চিঠি-পত্ৰয়ো ইয়াৰ স্তম্ভত ধাৰাবাহিককৈ ঠাই পাইছিল। সম্পাদক আছিল গুৱাহাটীৰ সাধু পুৰুষ স্বৰ্গীয় কামাখ্যাৰাম বৰুৱাৰ দেউতাক শিক্ষানুৰাগী অৱসৰপ্ৰাপ্ত চাৰ ইন্সপেক্টৰ (শিক্ষা বিভাগৰ) কালিৰাম বৰুৱা। “সম্পাদকৰ শৰাই”ত গতানুগতিকভাৱেই ৰাজভক্তৰূপে সম্পাদকীয় প্ৰবন্ধ আগবঢ়োৱা হৈছিল। ১৯০১ চন মানলৈকে কাকতখনৰ আয়ুস আছিল। “দেশ-বিদেশৰ বাতৰি” শিতানত ওলোৱা এটি সংবাদ তুলি দিয়া হ’ল—

চীফ কমিশ্যনাৰ কটন চাহাবৰ আতিথ্য—নমুনাটি চাওক বুলি—“আমাৰ চীফ কমিশ্যনৰ কটন চাহাবে দ্বাৰভাঙ্গাৰ মহাৰাজক শিলঙ্গলৈ নিমন্ত্ৰণ কৰি নি আতিথ্য কৰাইছিল। চীফ কমিশ্যনৰ পুৰীৰ ভিতৰতে উক্ত মহাৰাজক থাকিবলৈ বাসাঘৰ আৰু পূজাৰ ঘৰ আদি নিৰ্মাণ কৰি দিছিল। চাহাব বাহাদুৰৰ পুৰী শংখ ঘণ্টা-ৰবত পৰিপূৰ্ণ হৈ দেৱালয় ৰূপ ধাৰণ কৰিছিল। শক্তিবানৰ পুৰীত শক্তিবানৰ হাতেৰে মহাশক্তিৰ মহা পূজাই অতি অপৰূপ দৃশ্য হৈ পৰিছিল।”—‘অসাম’ ১৪ নবেম্বৰ ১৯০০ চন।

অসমীয়া বাতৰি-কাকতৰ ইতিহাস : ‘অৰুনোদই’

“আসাম বন্তি” বা “অসম বন্তি” নাইবা ‘বন্তি’

ইং ১৯০০-১৯৪৪ (৪৪ বছৰ)

১৯০০ চনৰ ১৪ জানুৱাৰী সোমবাৰে ‘আসাম বন্তি’ৰ জন্ম হয়। জন্ম দিনৰ পৰা মৃত্যু দিনলৈকে ‘বন্তি’ৰ সম্পাদক, নাম আৰু নীতিৰ বহুত সাল সলনি বা অকল সলনি হৈছিল। তথাপি, আগৰকেইখন কাকততকৈ ‘বন্তি’ দীৰ্ঘজীৱী হোৱা বাবে গাঁৱে-ভূঞে ‘অৰুনোদয়’ৰ দৰেই সমাদৃত হৈছিল। ‘আসাম’ আছিল যদিও, ই শিক্ষিতসকলৰ অভাৱ পূৰণ কৰিব নোৱাৰিছিল আৰু প্ৰচাৰৰ অভাৱত, নগৰ কেইখনৰ বাহিৰে আওহতীয়া ঠাইত ইয়াৰ নাম মানুহে বৰকৈ নুশুনিছিল।

বঙলা কাকত ‘হিতবাদী’ বঙ্গবাসীৰেই তেতিয়া পঢ়া-শুনা জনাসকলৰ ভিতৰত অবাধ প্ৰবেশ। ‘আসাম বন্তি’য়ে এই প্ৰবেশত বাধা জন্মালে আৰু অতি অলপ সময়ৰ ভিতৰতে ই ইমান সৰবৰহী হ’লগৈ যে মানুহে বঙলা কাকত দেখিলেও ‘সেইখন বন্তি নে কি বুলিহে’ সুধিছিল। মণ্ডল, কাণনগু, পঢ়াশলীয়া পণ্ডিতৰ নিমিত্তে ‘আসাম বন্তি’খন আতোল-তোলৰ বস্তু আছিল। ‘বন্তি’ জন্মৰ অন্তৰালত বহু কথা সোমাই আছে।

অগ্নি কবি সমাজ সংস্কাৰক কমলাকান্ত ভট্টাচাৰ্যকে প্ৰমুখ্য কৰি সেইকালৰ তেজপুৰীয়া দেশপ্ৰেমিকসকলেই ইয়াৰ জন্মদাতা আৰু পোনপ্ৰথম সম্পাদক আছিল, “এডভোকেট অৱ আসাম” উলিয়াই পাছত খ্যাতিমন্ত হোৱা মথুৰামোহন বৰুৱা। বৰুৱা ডাঙৰীয়াই ‘বন্তি’ৰ নীতি কৰি লৈছিল, “It is not possible for us ordinary mortals to know the Policies of these big officials” (ইংৰাজৰ) ভব্য-গব্য বিষয়াসকলৰ ৰাজনৈতিক কৌশল (মতলব) আমাৰ নিচিনা মৰণশীল মানুহে বুজা টান।

এই কথা ফাকি লেখাতেই বুজিব পাৰি যে সম্পাদকজন কেনেকুৱা স্বাধীনচিতীয়া। বাক্যশাৰীৰ অৰ্থ দ্ব্যৰ্থবোধক বা দোভাছলীয়া। কাকতখন যে চৰকাৰৰ সমৰ্থক নহয় এই কথা জলজল ফটফটকৈ তাতে ওলাই আছে। বৰুৱাৰ দিনত ‘বন্তি’য়ে চৰকাৰী শাসন-নীতি, উচ্চ বিষয়াবিলাকৰ বিচাৰ-পদ্ধতিৰ তীব্ৰ সমালোচনা কৰিছিল। তেওঁৰ সম্পাদকীয়বিলাক ইমান চোকা আছিল যে ইংৰাজ বিষয়াবিলাকৰ গা বেজাই যোৱা হে নেলাগে, ৰাজভক্ত অসমীয়া বিষয়া জনদিয়েকৰো নাক কোঁচ খাই গৈছিল।

ইয়াত অসমীয়া-ইংৰাজী দুয়োটা ভাষাতেই প্ৰবন্ধ-পাতি, চিঠি-পত্ৰ প্ৰকাশ হৈছিল। কেতিয়াবা কেতিয়াবা বিষয়ৰ গুৰুত্ব বুজি সম্পাদকীয়টোতো ইংৰাজীতেই লেখা হৈছিল। অন্যান্য বা-বাতৰিও ইংৰাজীতেই ওলাইছিল। সেইবুলি ‘অসমীয়াও’ নথকা নহয়। শিক্ষাবিদ উপেন্দ্ৰ নাথ বৰুৱা তেতিয়া কলিকতাত আছিল। তেখেত আছিল বৰ উগ্ৰ আৰু হাতত কাপটো ল’লেই কাৰো মুখলৈ নেচায়। তেখেতে ‘বন্তি’ৰ পাতত কলিকতাৰ পৰাই অসমত থকা ইংৰাজ বিষয়া আৰু চাহ বাগিচাৰ চাহাববিলাকৰ আচৰণ সম্পৰ্কে ইংৰাজীৰেই বৰ টান-টান কথা লেখিছিল।

‘বন্তি’ প্ৰেছৰ সত্বাধিকাৰীসকলৰ লগত মত নিমিলা বাবেই হওক বা ছপাশালৰে বেমেজালি বাবেই হওক, মথুৰামোহন বৰুৱাই দুবছৰ কি তিনি বছৰমান থাকিয়েই সম্পাদকৰ পদ এৰিবলগীয়া হ’ল আৰু তেজপুৰৰ পৰা আহি গুৱাহাটীত ‘এডভোকেট অব আসাম’ ইংৰাজী সাপ্তাহিক কাকত উলিয়ালেহি।

বৰুৱাই কাম এৰাৰ মাহদিয়েক পিছত, স্বৰ্গীয় মহাদেৱ শৰ্মাৰ দেউতাক পণ্ডিত জয়দেৱ শৰ্মা সম্পাদক হয়। আকৌ শেহত পদ্মনাথ বৰুৱাই সম্পাদকৰ ভাৰ লৈ প্ৰতিশ্ৰুতি দিলেহি যে তেওঁ জীয়াই থাকে মানে ‘আসাম-বন্তি’খন মৰিবলৈ নিদিয়ে আৰু তেজপুৰৰ ‘আসাম চেণ্ট্ৰেল প্ৰেছ’ৰ বাহিৰে আন ক’তো নছপায়।

এই চুক্তিকে আখৰে আখৰে পালন কৰি পদ্মনাথ বৰুৱাই প্ৰায় দুকুৰি চাৰি বছৰ কাল ‘বন্তি’ চলালে। ইয়াৰ ভিতৰত ক’ত ধুমুহা, যে পাৰ হৈ গ’ল, তাৰ অন্ত নাই, গ্ৰাহকৰ অভাৱ। লেখকৰ অভাৱ জাননীৰ অভাৱ, পঢ়োতাৰ অভাৱ, ছপাশালৰ বিজুতি, কৰ্মচাৰীৰ অভাৱ, ইত্যাদি কাকত এখন চলাবলৈ যতবোৰ সা-সঁচুলি, যোগাৰ-যন্ত্ৰ, সহায়-সাৰথি লাগে, সেই এটাইবোৰৰ অভাৱ হোৱা সত্ত্বেও পদ্মনাথ গোহাঁই বৰুৱা ডাঙৰীয়াই তেজেৰে ‘বন্তি’ জ্বলাই অসমীয়া সাংবাদিক বুৰঞ্জীত এটি খুঁটি পুতি গ’ল।

গোহাঞিবৰুৱা ডাঙৰীয়াই নিজেই কৈছিল, “অবতৰীয়া পেঞ্চন পাওঁ ১৫ টকা, সাহিত্যিক পেঞ্চন পাওঁ ২৫ টকা—এয়ে-সেয়ে মুঠ দুকুৰি টকা পাওঁ। ইয়াৰে ঘৰকে চলাম নে মিউনিছিপেলিটিৰ টেক্সকে দিম নে, ল’ৰা-ছোৱালীকে পঢ়ুৱাম। কিতাপ বেচি যি দুপইচা পাওঁ সিও ফুটুকাৰ ফেন। ‘বন্তি’খন ডিঙিত হাড়মাল লগায়েই থৈছো। কানিকাছুটি এৰি হ’লেও, ‘বন্তি’ক জীয়াই ৰাখিব লাগিব। টাইপ ভাগিল; ভগা টাইপত মই নিজেই কেতিয়াবা কম্পজ কৰো। ভদ্ৰৰামক (ছপাওঁতা) কওঁ, “হেৰ’, বন্তি”ৰ নটো ভাগিল যদি ছপা হ’লে তাৰ ঠাইত চিঞাহীৰ টোপা এটাকে পেলাই দিবি; তেওঁৰ আখৰ নাই বুলি নছপোৱাকৈ নেথাকিবি।’’

‘বন্তি’ৰ আখৰ লেপথেপ, টাইপ ভগা ওলোৱাও ঢিমিক-ঢামাক। এইবোৰকে লৈ মানুহে ‘বন্তি’ক হাঁহে। হাঁহক, সেইবোৰ লৌৱালপা কথালৈ মই কাণ নেপাতো। মোৰ তেজেৰে বন্তি চলালো। মোৰ মনত এই ফেৰাই শান্তি যে ‘বন্তি’য়ে অসমীয়া পাঠ্যপুথিৰ বাছনি গত লগালে, শিক্ষা বিভাগৰ পৰা বঙালী কৰ্মচাৰী গুচাই অসমীয়াক কাম দিয়ালে; বাতৰি কাকতৰ ভাষা কেনেকুৱা হ’ব লাগে তাৰ এটা পটি কাটি দেখুৱালে। আৰু কি কৰিলে—অসমীয়াৰ সকলো কথাতে হেঙ্গাৰ পুতি ভেমত ওফন্দি খাই পাত ফালি থকা বোন্দা কেচুবোৰৰ মূৰত লোণপানী ঢালিলে অন্ততঃ তেজপুৰত নক’এও হ’ব যে সঁচাসঁচিকৈয়ে ‘আসাম বন্তি’য়েই এইখিনি কাম কৰিলে।

‘বন্তি’ সম্পাদকৰ ভাষা আছিল মাৰ্জিত। লেখিছিলও গমি-গমি। এপিনে বিদেশী চৰকাৰৰ পোন্দোৱা চকু, ইপিনে অভিযোগ অসন্তোষৰ উজান-ভাটী—এনে গড়খাৱৈ-গজহস্তীৰ নিচিনা উভয় সংকটত পৰিও সম্পাদকে ছান্দনী-সৰকা দি জাতীয় স্বাৰ্থ ৰক্ষা কৰিছিল।

Padmanath Gohain Barua
পদ্মনাথ গোহাঁই বৰুৱা

‘বন্তি’ৰ দিনত গাঁও-ভূঁইৰ বাতৰি যোগান আজিকালিৰ দৰে ধৰা নহৈছিল। আজিকালি সভা-সমিতিৰ যিহে উজান, সেইবোৰেই বাতৰি-কাকতৰ পাত ভৰি ভৰি থাকে। তেতিয়া কিন্তু আছিল বতৰ, স্বাস্থ্য, খেতি-বাতিৰ অৱস্থা, চৰকাৰী বিষয়াৰ গাঁও পৰিদৰ্শন, বজাৰ-ভাও ইত্যাদি। বাতৰি যোগনীয়াৰে কিবা এটি বাতৰি পঠিয়ালে, সম্পাদকীয় চাকত পৰি সি নতুন ৰূপ লৈ প্ৰকাশ পায়।

“শিৱসাগৰ : বহুদিন ৰ২দৰ মূৰত বৰষুণ হৈ বতৰে চকুকে মেলিব খোজা নাই। স্থানীয় ভদ্ৰলোকসকলে ৰাজহুৱা থিয়েটাৰ ঘৰ এটা চিন-ষ্টেজ-ঘৰ আদিৰে সম্পূৰ্ণ কৰা দেখি ভাল লাগিছে। অহা শনিবাৰলৈ ‘মেঘনাদ বধ’ অভিনয়ৰ নিমিত্তে ভাৱৰীয়াবিলাক সাজু হৈছে। হেড কোৱাৰ্টাৰ যোৰহাটলৈ বদলি কৰা সম্বন্ধে জনদিয়েকে সদাই আলোচনা কৰিবই লাগিছে।’’

গোলাঘাট : ইয়াত আজি প্ৰায় ৪/৫ দিনমান ৰ’দ হৈ গ’ল। সেই ৰ’দতে মানুহৰ জ্বৰ বেমাৰ অনেক হ’ল কেঞাপটিৰ অৱস্থা ভাল নহয়, বজাৰৰ দৰ প্ৰায় আগৰ দৰেই আছে। ইয়াৰ স্থানীয় বেজবৰুৱা হাইস্কুলৰ এই বেলি এণ্ট্ৰেঞ্চ পৰীক্ষাত তিনিটি ল’ৰা উত্তীৰ্ণ হোৱা দেখি আমি বৰ সন্তোষ পাইছোহঁক। আজি প্ৰায় ১৫ দিনমান হ’ল, ইয়াৰ মৰিয়া গাঁৱৰ এজনী ছোৱালীক গাড়ীয়ে চেপিলে। গাড়ীৰ গাৰোৱানটোৰ পৰা ৯ টকা ৰূপ লৈ এৰি দিলে বুলি শুনিছো। ছোৱালীজনী দশাৰ বলেৰে ক্ৰমে ২ ভাল হৈছে।

ডিবুৰগড় : বহুদিন খৰাঙৰ মূৰত বৰষুণে অলপ দেশ চেচা কৰিছে। জুলাই মাহৰ শেষত ইয়াৰ ৰেভিনিউ চিৰস্তাদাৰ ডাঙৰীয়াই বিদায় ল’ব আৰু তেওঁৰ পৰিৱৰ্তে যোগ্য অসমীয়া এজন বিচাৰিবলৈ এতিয়াই গৰাকীসকলক কাণ ছোৱাই থৈছো।

ফুলাৰ চাহাবে অসমীয়াৰ হক ৰক্ষা কৰিবলৈ যেতিয়া চৰকাৰী কামত অসমীয়া যোগ্যলোকক নিযুক্তি দিবলৈ স্থিৰ কৰি যেতিয়া ভালেমান বঙালী কৰ্মচাৰীয়ে চেৰেউ ফেৰেউ কৰি অসমীয়া মানুহক ন্যায্যপ্ৰাপ্তিৰ পৰা বঞ্চিত কৰিব খুজিছিল তেতিয়া ‘আসাম বন্তি’ৰ সম্পাদকীয় স্তম্ভত ‘আসামৰ চৰকাৰী চাকৰী’ শিতানেৰে এটি প্ৰবন্ধ প্ৰকাশ কৰা হৈছিল। বন্তিয়ে কিহৰ নিমিত্তে যুঁজ কৰিছিল, সেই প্ৰবন্ধ চৰুৰ পৰা ভাত এটিকে তলত তুলি দিয়া হ’ল : তাতেই তৰা আজিও সত্য হৈ থকা কাৰণটো ওলাই পৰিব :

“বৰ্তমানত অসমীয়া আৰু বঙালী বা আন বিদেশী চৰকাৰী চাকৰীয়ালৰ যোগ্যতাৰো প্ৰকৃত বিচাৰক আসাম-গৱৰ্ণমেণ্টহে আৰু সেই গৱৰ্ণমেণ্টৰে ঘাই গৰাকী মাননীয় ফুলাৰ বাহাদুৰ। গতিকে, এই বিষয়ত মাননীয় ফুলাৰ বাহাদুৰৰ সিদ্ধআন্তমতেই সবাতো পৰি উচ্চ সমৰ্থন বুলি জগতে মানিব। তেনে সিদ্ধান্ত মতে কি কয়, খলকনি লগাওঁতাসকলে ধৈৰ্য ধৰি এবাৰ গমি চাওক। বিস্তৰ বুজনি আৰু চেচনি পাব।

“ইমান দিন আমাৰ লগত থাকি সিবিলাকে আমাৰ মন নুবুজিলেনে? সেই নুবুজাই হে অত কালেও সিবিলাক আমাৰ বুকত সোমাব নোৱৰাৰ মূল কাৰণ। এইবিলাক য’ত হৈছে মানে সিবিলাকৰ নিজ কৰ্মৰ ফল। সিবিলাকে লোকৰ বৰ ভড়ালৰ ধান উলিয়াবলৈ পাই স্বাৰ্থপৰ ভাবৰ দোষত জপাই বনমালী নকৰা হ’লে আজি সিবিলাকৰ খলকনিৰ লগত যোগ দিবলৈ উদাৰ মনৰ অসমীয়াকো আগবঢ়া দেখা গ’লহেঁতেন। কিন্তু এতিয়া দেখিছো, সিবিলাকৰ এই অকলশৰীয়া খলকনিয়ে যে কিবা গুণ ধৰাব পাৰিব, এনে আশা নাই; বৰঞ্চ অমূলক বলকনিয়ে সিবিলাকৰ বেয়া ফাল গৱৰ্ণমেণ্টৰ চকুত বেছিকৈহে পোহৰাই ধৰিব। দৃঢ় চিতীয়া মহামতি ফুলাৰ বাহাদুৰৰ কৃপাদৃষ্টি ইমানতে নপৰা হ’লে, অসমীয়া জাতিটোৰ ভৱিষ্যৎ কেনে ঘোপমৰা হৈয়ে থাকিলহেঁতেন? অসমীয়াই নিজৰ হকে বিচাৰি উচিত কথাৰে দু-আষাৰ গোহাৰি গৱৰ্ণমেণ্টক জনোৱাত পৰম উপকাৰী বঙালী ভাইসকলে সিবিলাকক পৰ যেন ভাবিছে। আৰু সেই ভাবিয়েই আকৌ তাহানিৰ গুপ্ত উপদেশৰ মোহিনী মন্ত্ৰ ফাঁকি গাবলৈ ধৰিছে। সঁচাকৈয়ে ক’ব লাগিলে শেহৰ উপদেশকেইটা বৰ সাৰুৱা; আমি সকলো ভাৰতীয় প্ৰজাই ভাই-ভাই আৰু নলে গ’লে লগা হৈ সাধাৰণ উন্নতিৰ কামনাত থাকিব লাগে। আমিও এই কথা মানো আৰু অসমীয়া প্ৰজাই ইয়াৰ বিপৰীত আচৰণ কৰা নেদেখো, কিন্তু উপদেষ্টাৰ কাষলতিৰ তলত লুকাই থকা স্বাৰ্থৰ জোলোঙাটি চকুত পৰিলেহে মন কোচ খায়। সৰহনো ক’ব লাগিছে কিয়? বেঙ্গলৰ কেখনমান জিলা আসামত লগ লগোৱাৰ বিৰুদ্ধে উঠা সভা-সমিতি কাকত-পত্ৰই অসমীয়া আৰু বঙালী জাতি দুটা কেনেকৈ দুটা সুকীয়া কৰি আঁকিছে, তালৈ মন কৰক। সিদিনা মাথোন মহাৰজা চাৰ জ্যোতিন্দ্ৰ মোহন ঠাকুৰে স্পষ্টকৈ কৈছে যে ভাষা-ধৰ্ম, আচাৰ-ব্যৱহাৰ চৰণ-ফুৰণ, সকলোতে অসমীয়া জাতিটো বঙালীৰপৰা সম্পূৰ্ণ পৃথক। হোজা কৃতজ্ঞ অসমীয়া কেতিয়াও কৃতঘ্ন নহয়, হোজা কাৰণেহে দুতালি মৰা উপদেশ ল’ব পৰা নাই। সেই কাৰণে, সৰলভাৱে অসমীয়াই কয় যে বঙালী বন্ধুসকলে ৰাজবিষয়ৰ বৰভঁৰালত উঠি ইমানদিনে অসমীয়াক উপদেশ আৰু ভাত-কাপোৰেৰে যি চহকী কৰিলে, সেয়ে অসমীয়া পজাত কুলায়-পাচিয়ে নধৰা হৈছে। এতিয়া আৰু নামি থাকে।” আসাম বন্তি, ২২ জানুৱাৰী, ১৯০৪ চন।

‘বন্তি’খন জন্ম হৈছিল ‘আসাম বন্তি’ নাম লৈ। ‘আসাম’ৰ সলনি ‘অসম’ হ’ব লাগে বোলা আন্দোলন হ’লত, নাম হ’ল ‘অসম বন্তি’। আৰু আহোম-সভাক পুনৰ জীৱন দিয়াৰ পিছত হ’ল কেৱল ‘বন্তি’। অসহযোগ আন্দোলনৰ পাছৰপৰাই ‘বন্তি’ৰ পোহৰ ঢিমিক-ঢামাক হ’ল আৰু চুচৰি-চুচৰি সাদিনীয়াৰ দৰেই চাৰিপিঠিয়া বা অতি টানে ৬ পিঠিয়া ফুলস্কেপ কাগজত মৰা আখৰেৰে দেখা দি ৰাইজক অবতৰীয়া বেঙেনা ৰূপে ৪ মাহ ছমাহৰ মূৰে মূৰে মোক তোল, মোক তোল কৰিবলৈ ধৰিলে। অন্তত, ‘বন্তি’ নুমায়েই থাকিল, আৰু যিজনে ‘তেজৰে শলিতা’ৰে ৪৪ বছৰ কাল সেই ‘বন্তি’ জ্বলাই আছিল, তেওঁৰো ১৯৪৬ চনত জীৱন-লীলা সামৰণি পৰিল। ওপৰত কোৱা দৰে, ‘আসাম বন্তি’ সাংবাদিকতাৰ অকল এটা খুটিয়েই নহয় ইয়াৰ জন্মবৃত্তান্তৰ পৰা আৰম্ভ কৰি, মৰণ-বৃত্তান্তলৈকে লেখিবলগীয়া এটি উপাদেয় কাহিনীও।

‘বন্তি’ৰ ভাষা কাৰো লগত নিমিলেই। গোহাঞি বৰুৱাৰ নিজা সুকীয়া ভাষা। সম্পাদক ডাঙৰীয়াই ভালেমান শব্দ সাজি উলিয়াইছিল। যিবিলাক গ্ৰাহকে কাগজ পঢ়ে অথচ সোঁৱৰণী’’ পঠালেও; পইচা নিদিয়ে সেইবিলাকক বন্তিয়ে নাম দিছিল ‘আশীৰ্বদীয়া গ্ৰাহক’ ‘জাননী দিয়া’ নহয়, ‘জাননী মেল’ৰ খৰচি মাৰিকৰা সমালোচনাৰ টাহি মৰা সমালোচনা’ আৰু পাৰ্চেলৰ সলনি ‘বাঙি’ নাম দিছিল। পদ্মনাথ গোহাঞিবৰুৱাই সাজি উলিওৱা সজা শব্দই বাছি উলিয়াব পাৰিলে এখনি আদৰণীয় বা আদৰুৱা পুস্তিকা হ’ব। তাকে পিছে, কৰে কোনে?

বিশ্ববাৰ্তা

ইং ১৯০৭— (?)

অসমৰ সৈতে পূব-বংগৰ জিলাকেইখনমান সাঙুৰি দি অসম নাম সলাই ‘ইষ্টাৰ্ণ বেঙ্গল এণ্ড আসাম’ নাম দিয়াৰ পিছত, গৱৰ্নমেণ্টে ‘বিশ্ববাৰ্তা’ নামেৰে ঢাকৰ পৰা এখন সাপ্তাহিক কাকত প্ৰকাশ কৰে। কাকতৰ সম্পাদক আছিল শ্ৰীযুত কালিৰাম বৰ্মণ। কাকতৰ মূল উদ্দেশ্য আছিল নকৈ পতা প্ৰদেশখনৰ সুচলতা দেখুওৱা আৰু বংগদেশৰ বোমা ফুটোৱা আন্দোলনৰপৰা অসমক বিৰত ৰখা। ৰাইজৰ পৰা আশানুৰূপ সহায় নোপোৱাত কাকতখনৰ অকাল স্মৰণ হ’ল। কিন্তু, বৰ্মন ডাঙৰীয়া সম্পাদক থাকোতে কৰ্ণেল গৰ্ডন চাহাবে কেনেকৈ অসমীয়া ভাষাৰ হিত চিন্তিছিল সেই কথাৰ হ’লে স্মৰণ নহ’ল। গৰ্ডনে বুজাইছিল—অসমীয়া ভাষা, অসমীয়াই; বঙ্গলাৰ সৈতে তেনেই তেলপানী। ‘বিশ্ববাৰ্তা’ৰ ভাষা অসমীয়া। ইয়াৰ ভাষাও সেইদেখি নিভাঁজ অসমীয়া হ’ব লাগে। কিন্তু সম্পাদকে মজামজিকৈ সংস্কৃতীয়া শব্দ ব্যৱহাৰ কৰাত গৰ্ডনৰ খং উঠি, এদিন বৰ্মণ ডাঙৰীয়াক জক-জককৈ ধৰিলেগৈ, “কালিৰাম, তুমি সম্পাদকৰ কাম এৰি দিব লাগে। তুমি অচমীয়া বাষা নেজানা।’’

বৰ্মনে মৃদুভাৱে মাত লগালে, “নিভাঁজ কামৰূপৰ মানুহ মই; মই অচমীয়া ভাষা নাজানো কোনে জানে?’’

“অঃ তুমি নেজানা। তুমি লিখিছা, ‘গৱৰ্ণমেণ্টে মাহে ২০ টকা বৃত্তি দিলে অসমীয়া ছাত্ৰৰ উৎসাহ বাঢ়িব।‘ সেইদৰে কেলেই লিখিবা? তুমি লিখিব লাগিছিল,

‘চৰকাৰে বাহাদুৰে মাহে মাহে কুৰি টকাকৈ জলপানী দিলে অসমীয়া ছাতৰৰ মন-গা দাং খাই আহিব।’’

সি যি কি নহওক, বৰ্মন ডাঙৰীয়াই গুৱাহাটীলৈ আহি ওকালতি ব্যৱসায়ত ধৰিবলগীয়া হোৱাত, ‘বিশ্ববাৰ্তা’ৰ লগত সম্বন্ধ ছিগি থাকিল। তাৰ পাছতেই কাকতৰ অৱস্থাও কাহিল হৈ আহিল আৰু অসমৰ হাড়মাল পূৰ্ববংগ ডোখৰ এৰুৱাই দি অসমক আকৌ আগৰ অসম প্ৰদেশ কৰাত ‘বিশ্ব বাৰ্তা’ৰ আৱশ্যকো নোহোৱা হ’ল।

“আসাম বিলাসিনী” ২য় পৰ্যায়

ইং ১৯১৪-২৫ (?)

ওপৰত কৈ অহা, ‘আসাম বিলাসিনী’ৰে দ্বিতীয় পৰ্যায়—এইখন ‘আসাম বিলাসিনী’। আউনীআটী সত্ৰৰ ‘ধৰ্মপ্ৰকাশ প্ৰেছ’টো এনেয়ে পৰি থকাত যোৰহাটৰ স্বৰ্গীয় কৃষ্ণকান্ত ভট্টাচাৰ্যদেৱে সেইটো আনি যোৰহাটত পাতেহি। আৰু তাৰ পৰাই ১৯১৪ চনত সাদিনীয়া কাকত ‘আসাম বিলাসিনী’ প্ৰকাশ কৰে। প্ৰথমতে ইয়াৰ দেখাদেখি সম্পাদক আছিল ঘনকান্ত ভট্টাচাৰ্য আৰু শেহৰফালে সহায় কৰিছিল বিদ্যাধৰ শৰ্মাই। কিন্তু কংগ্ৰেছ আন্দোলনত যেতিয়া জুই জ্বলিছিল তেতিয়া কৃষ্ণকান্ত ভট্টাচাৰ্যই ঘাই সম্পাদক হৈ ইয়াৰ গুৰি ধৰিছিল।

অসমীয়া বাতৰি-কাকতৰ ইতিহাস : ‘অৰুনোদই’

‘আসাম বিলাসিনী’ অকল জাতীয়তাবাদী কাকতেই নাছিল। ব্ৰিটিছ আমোলাতন্ত্ৰৰ অধীনত থকা নিচেই তল খাপৰ কৰ্মচাৰীৰ পৰা ৰাজধানীত থকা উচ্চ বিষয়াসকললৈকে—সকলোৰে নিমিত্তে সৌকাজৰা বেজস্বৰূপ আছিল অৰ্থাৎ সৌকাজৰা বেজে যেনেকৈ খেদি খেদি চোৰ ধৰা পেলাইছিল বিলাসিনীয়েও তেনেকৈ দুৰন্ত দুৰ্নীতি পৰায়ণ কৰ্মচাৰীৰ দোষ খুচৰি উলিয়াইছিল।

যি সময়ত ইংৰাজ এজন দেখিলেই মানুহে ‘মানুহ নহয় চাহাব’ বুলি ভয়তে কোঁচ-মোচ খাইছিল, সেই সময়ত নিৰ্ভীকভাৱে ইংৰাজ বিষয়াসকলৰ দোষ আঙুলিয়াই মুখলৈ নোচোৱাকৈ সমালোচনা কৰা বাবেই ‘আসাম-বিলাসিনী’ক সকলোৱে আদৰ কৰিছিল। চেনিবন্ধা কাগজতেই ‘বিলাসিনী’ ছপা হৈছিল। আৰু খবৰো নিচেই তাকৰ ওলাইছিল। তথাপি যেয়ে সেয়ে ‘বিলাসিনী’ বুলিলে বৰ হেপাহেৰে হাতত তুলি লৈছিল। কংগ্ৰেছৰ নীতি সমৰ্থন কৰি ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে খোলাখুলিকৈ গৰিহণামূলক প্ৰবন্ধ লেখা বাবেই অসহযোগৰ দিনত ‘ধৰ্মপ্ৰকাশ প্ৰেছটো’ বাজেয়াপ্ত হ’ল আৰু জৰিমণা ভৰি নীলামত মাটিবাৰী গৈ সম্পাদক গৰাকীৰ অৱস্থাও পানীত হাঁহ নচৰা অৱস্থা হ’ল। সেই আপদীয়া লটিঘটিয়েই বিলাসিনীও মৃত্যুমুখত পৰিল।

“দীপ্তি’’ মাহেকীয়া বাতৰি-কাকত

ইং ১৯০৫-১৯৩৮

সাদিনে মাহেকে-পষেকে ওলোৱা এই দীপ্তিখন ১৯০৫ চনতে যোৰহাটৰ পৰা ওলায়। নীতি আছিল—“ধৰ্মত মতি বৃদ্ধি কৰিবৰ নিমিত্তে সকলো কৰা হওক।’’ প্ৰথম সম্পাদক আছিল, গুৱাহাটীৰ ৰেঃ ভিকট হিউগ, ৰেভাৰেণ্ড চোৱাঞ্চন। গুৱাহাটীতো বছৰদিয়েক ছপা হৈছিল। ৰেবাৰেণ্ড টটোল, মিছ ভিকচ আদি অসমত থকা আমেৰিকান খ্ৰীষ্টীয়ান পাদুৰীসকলৰদ্বাৰাই প্ৰকাশিত হোৱা বাবে খ্ৰীষ্টীয় বা খ্ৰীষ্টান সম্প্ৰদায়ৰ মাজত ইয়াৰ প্ৰচলন হৈছিল। নগায়ো অসমীয়া ভাষাৰেহে দীপ্তিৰ পোহৰ লৈছিল। খ্ৰীষ্টান সমাজত অসমীয়া ভাষা প্ৰচাৰ কৰাত ৰেভাৰেণ্ড গল্ডস্মিথ, ৰেভাৰেণ্ড মিনাৰাম শলাগৰ পাত্ৰ।

গোলাঘাটৰ কুমাৰী লাবণ্যলতা শৰ্মাই “স্বদেশৰ মঙ্গলৰ অৰ্থে খ্ৰীষ্টীয়ান ছোৱালীয়ে কি কৰিব পাৰো ও কেনেকৈ” বুলি লেখা এটি প্ৰবন্ধত “অসমী আইৰ উপকাৰ সাধন কৰিবলৈ” এটি পৰামৰ্শ দিছিল। ১৯৩৮ চনৰ মে’ মাহৰ ‘দীপ্তি’ৰ পৰা তাৰে শাৰীদিয়েক তুলি দিয়া হ’ল :

“ছোৱালী জাতিৰ স্বভাৱ কেনেকুৱা হ’ব লাগে সেই বিষয়ে পৌলে আমালৈ এটি সুন্দৰ চানেকী থৈ গৈছে। যেনেকৈ এগৰাকী শিপিনীয়ে চানেকীৰ পৰা এখন কাপোৰত ফুল তুলি সেই কাপোৰখনি শুৱনী কৰি তোলে, ঠিক সেইদৰে আমি বৰ্তমান ছোৱালী জাতিয়ে পৌলে দিয়া সেই চানেকী লৈ আমাৰ নিজৰ স্বভাৱ চৰিত্ৰ গঠন কৰিব পাৰো। পৌলে কৈছে, ‘তিৰুতাবিলাক, সুলাজ, সুবুদ্ধি আৰু পৰিপাটি পোছাকেৰে আপোনাবিলাকক ভূষিত কৰোক; কিন্তু চেলাবটা চুলি, সোণ আৰু মুকুটৰে নহৈ সৎকৰ্মৰে ভূষিত কৰোক।’

যীছুখ্ৰীষ্টৰ ধৰ্মবাণী প্ৰচাৰ কৰোতে ‘অৰুনোদয়ে’ যিৰূপে উমৈহতীয়াভাৱে অসমীয়া মানুহৰ মংগল চিন্তা কৰিছিল, ‘দীপ্তি’য়ে সেই লক্ষ্য অনুসৰণ নকৰি কেৱল খ্ৰীষ্ট ধৰ্মাৱলম্বীসকলৰ কথাহে প্ৰচাৰ কৰিছিল। এয়ে ‘অৰুনোদয়’ আৰু ‘দীপ্তি’ৰ পাথক্য। তথাপি বাতৰি-কাকতৰ তালিকাৰ পৰা ‘দীপ্তি’ৰ নাম বাদ দিব নোৱাৰি।

“অসমীয়া’’

ইং ১৯১৮-৮৯ (?)

স্বৰ্গীয় চন্দ্ৰকুমাৰ আগৰৱালা, সদানন্দ দুৱৰা আৰু নীলমণি ফুকনকে প্ৰমুখ্য কৰি ডিবুৰুগড়ৰ মূৰ জিলিকা নাগৰিকসকলে বাতৰি কাকতৰ অভাৱ পূৰণৰ অৰ্থে এটি যুটীয়া কোম্পানী গঠন কৰি ১৯১৮ চনৰ জন্মাষ্টমীৰ দিনা ডিবুৰুগড়ৰ পৰা ‘অসমীয়া’ বাতৰি-কাকত প্ৰকাশ কৰে। কাকতখনৰ গুৰিয়াল নাইবা প্ৰতি, ঠাট্টা আছিল আগৰৱালা ডাঙৰীয়া। সঁচা কথা ক’বলৈ গ’লে তেখেতেই আছিল অসমীয়া সৎ-সৰ্বহ।

চালুকীয়া অৱস্থাত আগৰৱালা, ফুকন আৰু অনিৰ্দিষ্ট জনদিয়েকে সম্পাদকীয় প্ৰবন্ধ লেখিছিল আৰু অন্যান্য বা-বাতৰিবিলাক আগৰৱালা ডাঙৰীয়াইয়েই চকু ফুৰাই দিছিল। বছৰ দিয়েকমানৰ মূৰত মহেশ্বৰ বৰুৱাই সম্পাদকৰ ভাৰ লয় আৰু আগৰৱালাৰ বিশ্বস্ত কৰ্মচাৰী খগেন্দ্ৰনাথ দত্তই (ভূঞাই) প্ৰবন্ধ যুগুতোৱাৰ পৰা আৰ্হিকাকত চোৱা, আয়-ব্যয়ৰ হিচাপ কৰালৈকে সকলো কামৰ তদাৰক কৰে।

অসমীয়া বাতৰি-কাকতৰ ইতিহাস : ‘অৰুনোদই’

বছৰ দিয়েকমানৰ পিছত ‘অসমীয়া’ৰ ছপাশালটো গুৱাহাটীলৈ তুলি অনা হয় আৰু ‘অসমীয়া’খনো গুৱাহাটীৰ পৰা বন্ধ হোৱা দিনলৈকে ১৯৪৯ চন মানলৈকে নিয়মিতৰূপে ওলাই আছিল। ‘অসমীয়া’ জন্মাৱধি জাতীয়তাবাদী কাকত। ১৯২০ চনত ‘কাউন্সিললৈ’ (বিধান সভা) উঠিব খোজা কেণ্ডিডেট (নিৰ্বাচন প্ৰাৰ্থী) সকলক ‘অসমীয়াই’ সঁকীয়াইছিল এইৰূপে (যি সঁকীয়নি এতিয়া প্ৰযোজ্য)।

“আগৰ কেইজন কাউন্সিল মেম্বৰে দেশৰ ৰাজনৈতিক অৱস্থা বুজি আছে। তেওঁলোকক আমি অসন্ধিগ্ধচিত্তে যাবলৈ কওঁ। কিন্তু কেণ্ডিডেটৰ ভিতৰত এনেকুৱা কেবাজনো ওলোৱা দেখিছো যিকেজনে কাউন্সিললৈ যোৱাৰ আগেয়ে এবাৰ দকৈ ভাবি চোৱা উচিত। কাউন্সিলত সোমাব পাৰিলেই মই ডাঙৰ মানুহ হ’ব পাৰিম বা দহোটাই চিনি পাব, অথবা জিলাৰ বৰ চাহাব বা হাকিমসকলেও কাতিৰ কৰিব, এনে ভাবত কোনোৱে মেম্বৰ হ’বলৈ চেষ্টা কৰা নিতান্ত অনুচিত। যি কেতিয়াও ৰাজনৈতিক বিষয় চৰ্চা কৰা নাই, দেশৰ উন্নতি হক বুলি সভা-সমিতিত যি কেতিয়াও যোগ দিয়া নাই, আৰু বৰ্তমান গৱৰ্ণমেণ্টৰ শাসন প্ৰণালী চৰ্চা কৰি তাৰ কি হ’লে, কি নহ’লে আমাৰ প্ৰজাৰ উপকাৰ বা উন্নতি হ’ব তাক আলোচনা কৰি চোৱা নাই, তেওঁ কাউন্সিললৈ গৈ দেশৰ কথা কাউন্সিলত আগ কেনেকৈ বঢ়াবগৈ লাগিব, তাক শিকা অতিশয় আৱশ্যক, নহ’লে কাউন্সিললৈ যোৱাটো বেয়া বুলি ভবা উচিত।’’

বাতৰি :-

অসমীয়া ছাত্ৰৰ ইংলণ্ড যাত্ৰা।

৺ মালভোগ বৰুৱা ডাঙৰীয়াৰ সৰু-মাজু-পুতেক স্ৰীমান ৰোহিনী কান্ত বৰুৱা (৺ লক্ষ্মীনাথ বেজবৰুৱাৰ জোঞায়েক) এদিনবৰা বিশ্ববিদ্যালয়ত কৃষি-বিদ্যা শিকিবলৈ গ’ল। বৃহস্পতিবাৰে যাত্ৰা কৰিলে।

—অসমীয়া, ৮ আগষ্ট, ১৯২০।

সম্পাদক মহেশ্বৰ বৰৱা।

“স্বাধীনতাৰ ৰণত পৰা অসমৰ বীৰ বীৰাঙ্গনাসকল :-

“আমি ডেকা ল’ৰা ডিঙ্গি পাতি পাতি

তেজেৰে বলি শাল গ’লো বোলাই।”

কুশল কোঁৱৰ, তিলক ডেকা, লক্ষ্মীকান্ত হাজৰিকা ঠানুৰ)ম সূত, বলোৰাম সূত, সৰু চুতীয়া, ৰতন কছাৰী, মনবৰ নাথ, মণিকান্ত বড়ো, দয়াল দাস পাণিকা, মদন কুকু, মহীৰাম কোঁচ, হয়াৎ বড়ো, চন্দ্ৰনাথ, মদন চন্দ্ৰ বৰ্মা ৰাউতৰাম কোঁচ।

দেশৰ বাবে আত্মাহুতি দিয়া অসম-জীয়ৰী-কনকলতা বৰুৱা, ভোগেশ্বৰী ফুকননী, কমলী নেওগ, তিলেশ্বৰী খহুলী নাথ।’’

—অসমীয়া, ১১ আগষ্ট ১৯৫৪ চন।

১৯২৬ চনত শ্ৰীঅমিয় কুমাৰ দাস আছিল ইয়াৰ সম্পাদক। তেতিয়াই পাণ্ডু কংগ্ৰেছ বহা কেইদিন ইয়াক দিনীয়াকৈ প্ৰকাশ কৰা হৈছিল। ১৯৩০ চনত তিনিদিনীয়া অসমীয়া ওলায়। তেতিয়াৰ পৰাই ‘প্ৰেছ একট’ মতে কাকতত সম্পাদকৰ নাম প্ৰকাশ হয়। তেতিয়া ক্ৰমান্বয়ে শ্ৰীহৰেন্দ্ৰনাথ বৰুৱা আৰু পদ্মধৰ চলিহা সম্পাদক আছিল। ১৯৪৬ চনত চন্দ্ৰকুমাৰ আগৰৱালা প্ৰতিষ্ঠিত বুলি “আসাম প্ৰিণ্টাৰ্চ এণ্ড পাব্লিচাৰ্চ প্ৰাইভেট লিমিটেডৰ হৈ পূৰ্ণচন্দ্ৰ কাকতীৰদ্বাৰা প্ৰকাশিত” হয় আৰু শ্ৰীদেৱকান্ত বৰুৱাৰ সম্পাদনাত ‘দৈনিক অসম’ নাম লৈ সাদিনীয়া অসমীয়াই নতুন ৰূপত দেখা দিয়ে।

গুৱাহাটীৰ পৰা প্ৰকাশিত হোৱা অসমীয়াৰ উঠি-সম্পাদক আৰু পালী-সম্পাদক কেইবাজনো হৈছিল। তাৰ ভিতৰত প্ৰধান আছিল শ্ৰীঅমিয় কুমাৰ দাস, শ্ৰীলক্ষ্মীনাথ ফুকন, শ্ৰীহৰেন্দ্ৰনাথ বৰুৱা, শ্ৰীদেৱকান্ত বৰুৱা আৰু শ্ৰীআনন্দ চন্দ্ৰ বৰুৱা। শ্ৰীমোহন চন্দ্ৰ মহন্ত, জ্যোতিপ্ৰসাদ আগৰৱালা, হলীৰাম ডেকা, নিধিৰাম দাস, প্ৰতাপ চন্দ্ৰ তালুকদাৰ, শ্ৰীসোণাৰাম বেজ প্ৰভৃতি। প্ৰতিষ্ঠাতা চন্দ্ৰকুমাৰ আগৰৱালা ডাঙৰীয়া বহিঃ সম্পাদক আছিল। ‘অসমীয়া’ই বহুত ডেকা ল’ৰাক সাংবাদিক কৰি তুলি খ্যাতিমন্ত কৰিলে।

‘সত্যবাদী’

ই ১৯২৮

১৯২৮ চনত তোষেশ্বৰ ঢেঁকীয়াল ফুকনৰ সম্পাদনাত ডিব্ৰুগড়ৰ পৰা পষেকীয়া কাকত ‘সত্যবাদী ওলায়। দুবছৰমান থাকিয়েই অথাভাৱত কাকতখন বন্ধ হৈ যায়। সত্যবাদীয়ে অসমীয়া ৰাইজক বেহা-বেপাৰ, খেতি-বাতি আদিত লাগি জাতীয় অস্তিত্ব ৰক্ষা কৰিবলৈ দঢ়াই দঢ়াই উপদেশ উদগনি দিছিল।

“ডেকা অসম’’

ইং ১৯২৮

অসমীয়া জাতিক জাতীয় আদৰ্শেৰে অনুপ্ৰাণিত কৰিবলৈ জাতীয়তাৰ আগ্নেয়গিৰি অম্বিকাগিৰি ৰায়চৌধুৰীয়ে গুৱাহাটীৰ পৰা নিজা, ‘অৰুণা প্ৰেছ’ত নিজে নিজেই কম্পজ কৰি ‘ডেকা অসম’ নাম দি সংৰক্ষিণী নীতিৰে এখনি ‘জ্বালাময়ী’ সাদিনীয়া কাকত প্ৰকাশ কৰে। সম্পাদকৰ প্ৰায় মৃত্যুদিন পৰ্যন্ত এৰাধৰাকৈ ওলাই আছিল। কাকতখনৰ গুণাগুণ নকৈ ৰায় চৌধুৰীৰ ৰাজনৈতিক অভিমত কিমান স্পষ্টা আৰু দূৰদৰ্শিতাৰে পৰিপূৰ্ণ আছিল আৰু অসমীয়াৰ অস্তিত্বৰ বিষয়ে কিমান দকৈ চিন্তা কৰিছিল, তাকে দেখুৱাবৰ নিমিত্তে ১৯৪৫ চনৰ (ঠিক স্বাধীন হোৱাৰ আগে আগে) ‘ডেকা অসম’ৰ সম্পাদকীয় প্ৰবন্ধটোৰ পৰা ষাৰচেৰেকে তুলি দিলো। মৰণমুখী অসমীয়া ডেকাই পঢ়ি উদ্বুদ্ধ হয় যদি ভালেই, নহ’লেও ‘ডেকা অসম’ কাকতৰ ধৰম ক’লৈ যাব?

অসমীয়া বাতৰি-কাকতৰ ইতিহাস : ‘অৰুনোদই’
অম্বিকাগিৰি ৰায়চৌধুৰী

“দলাদলিত মাতৃভূমিৰ সৰ্বনাশ”

ব্যক্তিগত, শ্ৰেণীগত আৰু সম্প্ৰদায়গত নানা স্বাৰ্থত জড়ীভূত বৰ্তমান থকা নেতাসকলৰ কথা নকওঁ, ভৱিষ্যৎ নেতা আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰো এই দলাদলিৰ অন্ধতাই আমাৰ জাতিৰ, জাতীয় ঘৰৰ সৰ্বনাশ ক্ৰমে ওচৰ চপাইহে আনিছে।

(১) বহিৰাক্ৰমণৰ প্ৰচণ্ডতাই ভেদ কৰি মৰ্মস্থলকো অধিকাৰ কৰিলেহি।

(২) সমীয়াৰ জাতীয়ঘৰৰ পকা খুঁটাকেইটা বহিৰাক্ৰমণৰ আঘাতত হালি পৰিল।

(৩) অসমীয়াৰ জাতীয় ঘৰত তাৰ নিজ ভাষাতকৈ আন ভাষাৰ প্ৰতিপত্তি বেছি হ’ল।

(৪) অসমীয়াৰ বাবে তাৰ নিজ ঘৰত ঠাইৰ নাটনি হ’ল।

(৫) অনা-অসমীয়াৰ অসংখ্য বেংক, ইঞ্চিয়ৰেঞ্চ কোম্পানীয়ে অসমীয়াৰ আৰ্থিক ক্ষেত্ৰ ছাটি পেলালে।

(৬) অসমৰ বেহা-বেপাৰ কাম-কাজ, চাকৰি-বাকৰিৰ ক্ষেত্ৰত অসমীয়া চিটিকি পৰিল।

(৭) অসমৰ ভৱিষ্যত জাতি গঠনৰ শ্ৰম শিল্পৰ ক্ষেত্ৰবিলাক অনা-অসমীয়াৰ অধিকাৰত পৰিল।

(৮) অসমীয়া জাতি হিন্দু-মুছলমান, বামুণ-অবামুণ, কেওঁত-কলিতা, ট্ৰাইবেল-চিডিউল্ড, আহোম-চুতীয়া, কোঁচ-কাটনী আদিত ছিনভিন দুৰ্বল হ’ল। অথচ, জাতিটোৰ এই দুৰৱস্থাটোলৈ আওকাণ কৰি, নিজ ভৱিষ্যতলৈ চকু জপাই দেশৰ ভৱিষ্যত মালিক ছাত্ৰ-ছাত্ৰী দলেও আজি ‘ইজোম-শ্লোগান’ গাই কেৱল অৰ্থহীন নেতৃত্বৰ উৎকট মোহত আশাধাৰী। কিন্তু নিজ দেশখন আনে ছাটি পেলালে, নিজ জাতীয় মানুহ কেগণ্ডা ক্ষেত্ৰত অভাৱত অস্তিত্ব নোহোৱা হ’লে, তেওঁলোকে ভৱিষ্যত নেতৃত্ব চলাব কাৰ আৰু কিহৰ ওপৰত? মাত্ৰ ‘ইজম শ্লোগানে’ আনৰ ওপৰত নেতৃত্ব কৰিবলৈ এৰি দিবনে? স্থিৰকৈ চিন্তা কৰি অসমীয়া ছাত্ৰ-ছাত্ৰী সমাজ গোট বান্ধি আন সকলো ‘ইজম’ বাদ দি মাত্ৰ ‘এচামিজম’ বা অসমীয়া বাদক মনেপ্ৰাণে সাবটি ধৰক।’’

‘লীগ’ চৰকাৰৰ অনুগ্ৰহত, “মৈমনচিঙৰ পৰা মৈৰাবাৰীলৈকে ৫ টকাৰ ৰেলৱে টিকট কাটি একেবাৰে হেজাৰে বিজাৰে পমুৱা মৈমনচিঙীয়া আহিবলৈ ধৰে; সেই সোঁত বন্ধ নকৰাত চৰকাৰৰ ফাঁকি বুলিয়েই অভিহিত কৰিছিল। এনে দুৰ্কপলীয়া অভিযোগৰ পৰা গোপীনাথ বৰদলৈৰ মন্ত্ৰী-সভাও বাদ পৰা নাছিল।

“লীগৰ উচটনিত বংগৰ পৰা অসম দখল কৰা ইমিগ্ৰেচনৰ সোঁত যে নিতৌ অসমলৈ আহি আছে—সেই জনস্ৰোত বন্ধ কৰিবলৈ অসম গৱৰ্ণমেণ্টে একো কৰা নাই। এইদৰে ইমিগ্ৰেণ্টৰ সোঁত উজাই আহি অসম ভৰি পৰিলহি, অসমীয়াৰ ভৱিষ্যত সতি-সন্তানৰ বাবে অসমৰ মাটি ৰক্ষা কৰা বুলি মন্ত্ৰী সভাই গ্ৰহণ কৰা এনেবিলাক প্ৰস্তাৱৰ মূল্য ধুৰ্তামিৰ বাহিৰে কি আছে? বলেৰে সোমোৱা অঞ্চলৰ পৰা উপদ্ৰবকাৰী ইমিগ্ৰেণ্টচক উঠাই দিয়াৰ আন্দোলন আৰু ৰাজ কৰ্মচাৰীসকলৰ হুকুম ১৯২৭-ৰ পৰাই আৰম্ভ হয়। তেতিয়াৰ পৰাই এই বাৰিষাৰ পাছত, এই খেতিটো উঠাৰ পাছত সিহঁতক উঠাই দিয়া হ’ব” বুলি কৈ ফাঁকি দি লাখ লাখ ইমিগ্ৰেণ্টচক অসমীয়াৰ মাটিত স্থায়ী কৰা হ’ল। এই ফাঁকি আজিও শেষ হোৱা নাই। আৰু এই ফাকিটোকেই ‘বিশেষ জৰুৰী গেজেটত’ প্ৰকাশিত এই প্ৰস্তাৱটো দেখা গৈছে। গতিকে বলেৰে সোমোৱা ৰিজাৰ্ভৰ পৰা ইমিগ্ৰেণ্টচক কেতিয়াও উঠাই দিয়া নহ’ব—কেৱল অসমীয়া ৰাইজৰ চকুত ধুলা দিবলৈকেহে এই প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। প্ৰকৃত আন্তৰিকতা থাকিলে, মন্ত্ৰী সভাই সেই অঞ্চলবিলাকত ডিপুটী কমিছনাৰৰ পৰা মহকুমাধিপতি, চৰডিপুটী, কাণনগু, মণ্ডল, কলনাইজেছন অফিচাৰলৈকে সাম্প্ৰদায়িকতা উন্মত্ততাৰে মাটিৰ সংশ্ৰবত থকা সকলোবিলাক কৰ্মচাৰীৰ ঠাইত তৎক্ষণাৎ এই অভিসন্ধি ব্যথ কৰা মনোবৃত্তিৰ কৰ্মচাৰী নিয়োগ কৰিলেহেঁতেন।

অসমীয়াৰ জাতীয়ত্বৰ আৰু জাতীয় অস্তিত্বৰ ওপৰত আমাৰ অযোগ্য প্ৰতিনিধিসকলৰ অমাৰ্জনীয় অৱহেলা আৰু মন্ত্ৰী দলৰ জঘন্য স্বাৰ্থপৰতাৰ খেল-ধেমালি আৰু কিমান দিনলৈ চলিব? কিমান দিনলৈকে অসমীয়া ৰাইজে, তেওঁলোকৰ একমাত্ৰ জাতীয় দেশৰ ওপৰত অসমীয়াক নিসিচহ্ন কৰিম বুলি উঠি পৰি লগা অসমীয়া বিৰোধী গৱৰ্ণমেণ্ট আৰু মন্ত্ৰী মণ্ডলীৰ উপদ্ৰব্য সহ্য কৰি থাকিব? অস্তিত্ব লোপৰ শেষলৈকে নে?”

‘ডেকা অসম’ চৰকাৰৰ দোলাভাৰী নাছিল দেখিয়েই এনে নিৰ্ভিক সাৱধান বাণী।

আগ্নেয়গিৰি অম্বিকাগিৰীৰ বুকুৰ পৰা যি জুই ওলাইছিল স্বাধীন হোৱাৰ দুবছৰৰ আগেয়ে, সেই জুই এতিয়াও উমি উমি জ্বলি আছে, দুখ লাগে, ‘ডেকা অসম’ আজি নাই—সেইকুৰা জুই উৰুৱাই পঠিয়াবলৈ।

“সাদিনীয়া বাতৰি”

ইং ১৯৩০

১৮৫২ শকৰ বিজয়া দশমীৰ দিনা ‘সাদিনীয়া বাতৰি’ৰ জন্ম। ‘স্বত্বাধিকাৰী ৰায় বাহাদুৰ শ্ৰীযুত শিৱপ্ৰসাদ বৰুৱা।’ যোৰহাটৰ দাস কোম্পানীৰ প্ৰেছৰ শ্ৰীজিতেন্দ্ৰনাথ দাস মুদ্ৰক। ‘বাতৰি’ নামটো দিছিল ৰায় বাহাদুৰ বৰুৱাৰ ভাগিনীয়েক ভগৱতী প্ৰসাদ বৰুৱাই। কিছুমান দিন কীৰ্তিনাথ বৰদলৈ আৰু শ্ৰীআনন্দ চন্দ্ৰ বৰুৱাই প্ৰবন্ধপাতি লেখি কাকতখন থিয়-দঙা দিব পৰা কৰে আৰু ১৯৩১ চনত, “নীলমণি টি ইষ্টেটৰ মেনেজিং প্ৰপ্ৰাইটৰ’’ শ্ৰীযুত নীলমণি ফুকন ডাঙৰীয়াই সম্পাদকৰ ভাৰ লৈ শ্ৰীআনন্দ বৰুৱাৰ সহায়েৰে ইয়াক গজগজীয়া কৰে। ডেকা বেজবৰুৱা মাধৱৰ অসম বিশ্ববিদ্যালয় পতা আহ্বানৰ অগ্নিস্ফুলিংগ বাণীৰ শিতানে ‘বাতৰি’ৰ পাতত তিৰবিৰণি তুলিছিল।

‘অসম বিশ্ববিদ্যালয়ৰ ঢৌৱে লুইতৰ পাৰ আফালিছে’, “অসম বিশ্ববিদ্যালয়ৰ ধ্বনিয়ে পৰ্বতৰ টিঙে-টিঙে শিঙা বজাইছে।’

অসম বিশ্ববিদ্যালয়ৰ দিন পাল কৰিয়েই ক্ষান্ত নহ’ব। ধ্যানে জ্ঞানে, বাক্যে বচনে আৰু হাতে-কামে ‘অসমী বিশ্ববিদ্যালয়’ মহামন্ত্ৰ উচ্চাৰণ কৰি নিজ নিজ কৰ্তব্যত অগ্ৰসৰ হওক। অসম জননীৰ নীলাচলত অসম বিশ্ববিদ্যালয়ৰ স্বপ্ন উৰি ফুৰক। ছাত্ৰ-ছাত্ৰীৰ হৃদয়ৰ স্তৰে স্তৰে দিঠক হৈ উঠক—অসম বিশ্ববিদ্যালয়ৰ পৱিত্ৰ মূৰ্তি।’’

জাঁজী জামুগুৰি চাপৰিত ‘লাচিত বৰফুকন’ উৎসৱত সভাপতিৰূপে মাজুলী ৰায়ত সভা, ডাঙৰী ৰায়ত সন্মিলনী, শিক সন্মিলনী আদিৰ কৰ্ণধাৰৰূপে মূৰ্ত হৈ উঠা ফুকন ডাঙৰীয়াৰ দেজ উতলোৱা বাগ্মিতা ঢৌৱে ‘বাতৰি’ পাত খলক লগাই আছিল আৰু সেই খলকনিত অসমীয়া ডেকা শক্তিৰ দেশাত্মবোধ পুনৰ্জীৱিত হৈ হাফোলা-হাফোলে আগবাঢ়ি গৈছিল।

“দৈনিক বাতৰি”

ইং ১৯৩৫

১৮৫৭ শকৰ ২৭ শাওণ সোমবাৰে (১৯৩৫ চনৰ আগষ্ট) ৰায়বাহাদুৰ বৰুৱাই নিজ ঘৰৰ টোলত বহুওৱা নিজা ‘বাতৰি’ প্ৰেছত অসমৰ প্ৰথম দৈনিক সংবাদপত্ৰ ‘দৈনিক বাতৰি’ৰ জন্ম হয়। ইয়াৰ জন্ম চক্ৰত এইসকলক বিৰাজ কৰা দেখা গৈছিল :

     স্বত্বাধিকাৰী : ৰায়বাহাদুৰ শিৱপ্ৰসাদ বৰুৱা

     তত্ত্বাৱধায়ক : শ্ৰীশশীপ্ৰসাদ বৰুৱা

     প্ৰধান সম্পাদক : নীলমণি ফুকন

     সহকাৰী সম্পাদক : শ্ৰীবেণুধৰ শৰ্মা

     (পাছত) সম্পাদক : শ্ৰীলক্ষ্মীনাথ ফুকন

     পালী সম্পাদক : শ্ৰীকৰুণাকান্ত গগৈ, শ্ৰীৰাজীৱ লোচন বৰুৱা

     প্ৰকাশক : ডম্বৰুধৰ ফুকন

     সহ প্ৰকাশক : ৰামপ্ৰসাদ বৰুৱা

     ছপাশালৰ প্ৰধান মুদ্ৰক : শ্ৰীনন্দনাথ গোস্বামী।

     যোৰহাট নগৰৰ পৰা আঠ মাইল দূৰৈত থকা, ৰায়বাহাদুৰৰ জন্মস্থান বংশবনাবৃত ঠেঙ্গালৰ পৰা প্ৰকাশিত হৈ ওলোৱা “দৈনিক বাতৰি’’য়ে ভাষা-সাহিত্য আৰু ৰাজনীতি-সম্পৰ্কীয় ভৱিষ্যদ্বাণীৰ সংখ্যাতীত বিভূতি যি অসমীয়া ৰাইজক দিলেই যে অসমক গিলিবলৈ লোৱা অসম-অসমীয়া-বিৰোধীৰ খাই পাতফলা ‘ষড়যন্ত্ৰমূলক কেৰামতালিৰো’ হাঁফি লৰালে।

     ‘দৈনিক বাতৰি’য়েই পোনপ্ৰথম ‘ৰয়টাৰ’, ‘এচছিয়েটেড প্ৰেছ’ আদি বাতৰি সংস্থানৰ বিজুলী ডাকত (টেলিগ্ৰাফিক) অহা বিদেশৰ বাতৰি কিনি লয়। সেই বাতৰিবোৰ নিতৌ তপতে তপতে তৰ্জমা কৰি কাকতত চকুত লগা শিতানেৰে প্ৰকাশ কৰা পন্থাটোও ‘বাতৰি’য়েই উদ্ভাবন কৰে। এই তৰ্জমান ন-কৈ সজা শব্দৰ শালখনক বোলা হৈছিল ‘শব্দশাল’।

     সম্পাদকীয় প্ৰবন্ধাৱলীৰ উপৰিও, পূৰ্ণকান্ত বুঢ়াগোহাঁইৰ ‘মান দেশৰ বুৰঞ্জী’, মহম্মদ ৰায়হান শ্যাহৰ ‘মহাপুৰুষ শহকৰদেৱ’ প্ৰভৃতি ভালেমান জানিবলগীয়া নতুন কথা আৰু ৰচনা সম্ভাৰেৰে সমৃদ্ধ হৈ ওলাইছিল ‘দৈনিক বাতৰি’।

     “ভাষাৰ ভেঁটিত প্ৰাদেশিক গৱৰ্ণমেণ্ট’’, অসমত হাইক’ৰ্ট, ‘অসমত দুৱলীয়া ভাষা বঙলা হ’বনে? ‘অশুদ্ধ দেশত বিশুদ্ধ স্কুল’, আন্তৰ্জাতিক বিপ্লৱ ‘অসম বিশ্ববিদ্যালয়ৰ আদৰ্শ, ‘সুবিধাবাদ’ প্ৰভৃতি অনেক সম্পাদকীয় প্ৰবন্ধ ওলাইছিল—যিবোৰ সঁচাকৈয়ে ‘দৈনিক বাতৰিৰ চিন্তামূলক প্ৰবন্ধ।

     বাতৰি এই দৈনিক সংস্কৰণটোৰ ১ম সংখ্যাটো কলপুলিৰ চিত্ৰেৰে সুশোভিত কৰি ‘আই তোৰ বাতৰি পৰ্বতে-ভৈয়ামে জানে-জুৰিয়ে বওক’ বুলি স্বাগত প্ৰশস্তি উচ্চাৰি অসমীয়া ৰাইজৰ ওলগ লৈছিল।

     ‘দৈনিক বাতৰি’ৰ জন্মতিথি উপলক্ষে শ্ৰীযুত মহেন্দ্ৰনাথ ডেকা ফুকনে এইবুলি ওলগ জনাইছিল      

     মান্যবৰ ফুকন ককাইদেউ,

     সদাশিৱ প্ৰতিম শিৱপ্ৰসাদৰ অপ্ৰতুল ঐশ্বৰ্যৰ উত্তৰাধিকাৰিণী স্বৰূপা হৈ, অপূৰ্ব অমৃতপ্ৰভ, মহামানী নীলমণিক কণ্ঠত লৈ ডেকা-গাভৰুৰ বুকুৰ বাতৰিয়ে সাদিনীয়াৰ পৰা এই দুদিনৰ মূৰতে সদায় দিনীয়াকৈ দোপ ল’ব। ইয়াতকৈও ৰঙৰ বাতৰি অসমত কোনটি?

     বিদুৰৰ পজা উৰুখাও, উদংও, আগবঢ়াবলৈ একোটো নাই। সেইগুণে, ৰণুৱাৰ সপোন পুৰীৰে পৰা কিবাকিবি এমুঠি লৈ দোকমোকালিতে উঠি, পূবলৈ চাই মালা এধাৰিকে গাঁথি পঠিয়ালো। চলে যদি ‘বাতৰি’ৰ একাষে ঠাই দিব।

     কলপুলিয়ে গঁথা মালা বাৰিয়েই শ্ৰীযুত মহেন্দ্ৰ নাথ ডেকা ফুকনৰ।

নগৰৰ কথা

ইং ১৯৩৫

এই সময়তে মাহদিয়েক বাপুতা ওৰফে মফজল হুচেইন নামে যোৰহাটৰ নাগৰিক এজনে এপইছা দামৰ খিলীয়া (ৰয়েল) কাকত এখন উলিয়াইছিল। তাত খবৰ আছিল এনেকুৱা ধৰণৰ—

     “অসম সম্পাদক কীৰ্তিনাথ বৰদলৈ আৰু ‘বাতৰি’ৰ সম্পাদক শ্ৰীযুত নীলমণি ফুকন দুয়ো আহি-নকুল, কাৰো ৰাহিয়ে ৰাহিয়ে নাহে। সেই দেখি নগৰৰ কথাই বাতৰি দিছিল,—

     “আজি ডাক বঙলাৰ আগেদি শ্ৰীযুত কীৰ্তিনাথ বৰদলৈ আৰু শঅৰীযুত নীলমণি ফুকন ডাঙৰীয়া দুগৰাকীয়ে হাতত ধৰাধৰিকৈ টহলি ফুৰিছে।’’

“অসম’’

ইং ১৯৩৫

     সংগীতাচাৰ্য কীৰ্তিনাথ বৰদলৈৰ সম্পাদনাত যোৰহাটৰ পৰা ‘অসম’ নামে সাদিনীয়া কাকত ওলাইছিল।

“আসাম সেৱক’’

                             ইং ১৯৩৮

“সাদিনীয়া বাতৰি কাকত’’ ‘আসাম সেৱক’ ওলায় তেজপুৰৰ পৰা; সম্পাদক আছিল শ্ৰীযুত বিজয় চন্দ্ৰ ভাগৱতী। ইয়াৰ প্ৰতিষ্ঠাতা ডাঃ হৰিকৃষ্ণ দাস। সম্পূৰ্ণ কংগ্ৰেছ পন্থী।

“তৰুণ অসম’’

ইং ১৯৩৮

     দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যু উপলক্ষে স্বৰ্গীয় অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্যৰ বৰ পুতেক প্ৰখৰ বুদ্ধিসম্পন্ন তৰুণ কুমাৰ ভট্টাচাৰ্যই তৰুণ দলৰ উদ্দেশ্যে ‘উপদেশতকৈ আৰ্হি ভাল’—নীতি অনুসৰণ কৰোতা স্বাৱলম্বী, দানী, ধৰ্মপ্ৰৱণ স্বৰ্গীয় নন্দেশ্বৰ চক্ৰৱৰ্তী ডাঙৰীয়াৰ হতুৱাই সাপ্তাহিক কাকত ‘তৰুণ অসম’খন ১৯৩৯ চনৰ ২৯ জুলাই তাৰিখে ডিব্ৰুগড়ৰ পৰা ‘সদাশিৱ প্ৰেছত ছপাই প্ৰকাশ কৰে। প্ৰতিষ্ঠাতা চক্ৰৱৰ্তীয়ে ‘তৰুণ অসম’ৰ নিমিত্তে বীজমন্ত্ৰ দিছিল, “উঠা, সজাগ হোৱা, শ্ৰেষ্ঠ সম্পদ লাভ কৰা।”

     সম্পাদক হৈছিল তৰুণ কুমাৰ ভট্টাচাৰ্য নিজেই।

‘নিজা বাতৰি দিওঁতা’ আছিন নে নাছিল ক’ব নোৱাৰি, কিন্তু তৰুণ অসমত দেখিব সাদিনে সাদিনে ওলাই থাকে, লেনিনগ্ৰেড, ৱাশ্বিংটন, লণ্ডন, পিকিং, ৰেঙুণ, ইষ্টাম্বুল আদি ঠাইৰ পৰা ‘আমাৰ নিজা সংবাদদাতাৰ পৰা পোৱা বাতৰি’ —সেই বাতৰি শিতানত বৰ বৰ আখৰেৰে ছেৰেলী কোবাই যোৱাকৈ এপিঠি জুৰি প্ৰকাশ পায়।

     “মস্কো-ৱাশ্বিংটনৰ মাজত দুৰ্দ্ধৰ্ষ প্ৰতিদ্বন্দ্বিতা”, “জাৰ্মান টুৰ্কীৰ যুদ্ধ হোৱাৰ সম্ভাৱনা’’ ইত্যাদি।

     ভট্টাচাৰ্যই আগেয়ে শ্বিলঙৰ পৰা ইণ্টাৰনেশ্যনেল টাইমচ (International Times) নাম দি এখন হৈ-চৈ লগোৱা কাকতৰ সম্পাদক আছিল। তাত তেনেকৈ বৈদেশিক সংবাদ পৰিৱেশন কৰাত কাকতখন বন্ধ হৈ থাকে। তাৰ পৰা আহি ‘তৰুণ অসম’তো সেইৰূপেই সংবাদৰ কল্পিত সঁফুৰা মলিবলৈ ধৰাত প্ৰতিষ্ঠাতাই তেওঁক গুচাই শ্ৰীবেণুধৰ শৰ্মাক সম্পাদক পাতে। সহঃ সম্পাদক শ্ৰীসাৰদা শংকৰ প্ৰসাদ দত্ত আৰু শ্ৰীকৃষ্ণকান্ত বৰুৱা। মেনেজাৰ ৰামেশ্বৰ ভট্টাচাৰ্য আৰু গিৰীশচন্দ্ৰ বৰুৱা।

     ১৯৪২ চনত যুদ্ধৰ বাবে কাগজৰ নাটনি হ’লত কাকতৰ প্ৰকাশ বন্ধ হয়।

     এই কাকতত লেখা সম্পাদকীয় প্ৰবন্ধৰ বাবে সম্পাদকজন অজান্তী মুলুক সদিয়া চহৰৰ পলিটিকেল অফিচাৰৰদ্বাৰাই অভিযুক্ত হৈ লাহে লাহে জেলত সোমাবলগীয়া হৈছিল। তেওঁৰ বঙালী কৰ্মচাৰী এজনক ‘তৰুণ অসম’ত ‘টেঙৰ’ বুলি কোৱাটোৱেই আছিল অভিযোগৰ কাৰণ। কৰ্মচাৰীজনে চাহাব বুজাই দিছিল, ‘টেঙৰ’ মানে Sly Intelligent, clever ও হ’ব পাৰে বুলি উদাহৰণেৰে সৈতে বুজাই দিয়াত ‘বেকচুৰে’ নিষ্কৃতি পালে। বাতৰি-কাকতীয় স্বাধীন মত প্ৰকাশ কৰাত তৰুণ অসমৰ সম্পাদকে বহুত লঘু-লাঞ্ছনা সহ্য কৰিবলগীয়া হৈছিল।

     তথাপি ক’ব লাগিব যে যি উদ্দেশ্যৰে ‘তৰুণ অসম’ প্ৰতিষ্ঠিত হৈছিল, সেই উদ্দেশ্য পূৰ্ণ হোৱাত প্ৰতিষ্ঠাতাৰ জীৱন প্ৰাণ-পৰিভোগী হ’ল—লগতে অনাই-বনাই ফুৰা অসমীয়া ডেকা ল’ৰা কিছুমানৰ অন্ন সংস্থান হ’ল।

অসমীয়া বাতৰি-কাকতৰ ইতিহাস : ‘অৰুনোদই’

“অসম ৰাইজ”

ইং ১৯৬৩

     ১৮৫৭ শকৰ চ’ত মাহত (১৯৩৬ চন) যোৰহাটৰ পৰা তিনিদিনীয়াকৈ ‘অসম ৰাইজ’ প্ৰকাশ হয়। সম্পাদক ছিল শ্ৰীদেবে নাথ শৰ্মা, বি, এ; আৰু ছপাখানা আৰু মুদ্ৰাকৰ আছিল ক্ৰমান্বয়ে ‘অন্নদা প্ৰিণ্টিং ৱৰ্কচ’ আৰু শ্ৰীঘনকান্ত গোহাঁই ৰাজকুমাৰ। স্বৰ্গীয় জ্ঞাননাথ বৰাদেৱে ‘অসম ভাৰতত কিয় থাকিব?’ ‘কংগ্ৰেছত সোমালে অসমীয়াৰ অস্তিত্ব নাথাকিব’ —ইত্যাদি সংৰক্ষিণী মতবাদ প্ৰচাৰ কৰাৰ বিৰুদ্ধে অভয়পুৰীয়া আমগুৰি বজালজলি আদি গাঁৱৰ তামুলী, দুৰ্গেশ্বৰ কোঁৱৰ, মোহন বৰুৱা, প্ৰভৃতিৰ চিঠিয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছিল।

     এটা খবৰ :

     শিৱসাগৰৰ প্ৰবীণ উকীল শ্ৰীযুত ৰামকুমাৰ বৰুৱা দেৱৰ মৃত্যু।

     যোৱা ১৪/৬/৩৬ তাৰিখে শিৱসাগৰৰ প্ৰবীণ উকীল ৰামকুমাৰ বৰুৱা দেৱ হঠাতে স্বৰ্গী হয়।

     আৰু এটা :

     পকামুৰা ৰায়ত সভা

     সভাপতি শ্ৰীযুত দেৱেশ্বৰ শৰ্মা :

     সভাপতি দেৱে ওজস্বিনী ভাষাৰে ৰাইজৰ অভাৱ-অভিযোগৰ বিষয়ে বহলাই কয় আৰু ৰাইজক সংঘবদ্ধ হৈ কাম কৰিবলৈ কয়।

     সভাত শ্ৰীযুত মোহন চন্দ্ৰ মহন্ত ডাঙৰীয়াই কংগ্ৰেছৰ লগত বেছিকৈ সহযোগ কৰিবলৈ ৰাইজক অনুৰোধ কৰে। তেখেতে আকৌ কয় যে বিশ্ববিদ্যালয় আদি স্থাপনৰ দ্বাৰাই খেতিয়কৰ কোনো বিশেষ উপকাৰ নহয়।’’

     “ৰাইজেই ৰজা” বুলি মন্ত্ৰ মাতি “অসম ৰাইজে” অসমীয়া ৰাইজক সেৱা কৰিছিল।

“স্বৰাজ”

ইং ১৯৩৯

     ১৯৩৯ চনত শ্ৰীযুত বেথাৰাম বৰাৰদ্বাৰা সম্পাদিত মুদ্ৰিত আৰু প্ৰকাশিত হয় যোৰহাট দৰ্পণ প্ৰেছৰ পৰা। ১৯৪০ চনত ইয়াৰ সম্পাদক হয় স্বৰ্গীয় কীৰ্তিনাথ বৰদলৈ।

“জনশিক্ষা”

ইং ১৯৩৫

     “জ্ঞানৰ সমান ধন নাই জগতত”—এইটি মূলমন্ত্ৰকে লৈ গুৱাহাটী ‘জয়ন্তী আৰ্ট প্ৰেছ’ত শ্ৰীগুণেশ্বৰ বৰুৱাৰদ্বাৰা মুদ্ৰিত আৰু অসম জনশিক্ষা বিভাগৰ পৰা জয়ে জয়ে শ্ৰীউপেন্দ্ৰ লেখাৰু এম, এ, বি-এলৰদ্বাৰা সম্পাদিত আৰু প্ৰকাশিত হয়।

প্ৰতিভা

ইং ১৯৩৬

‘প্ৰতিভা’ সাদিনীয়া বাতৰি কাকত—Anglo-Assamese-সম্পাদক শ্ৰীগংগাৰাম চৌধুৰী বি-এল।

     বাতৰি : শ্ৰীযুত সুভাষ চন্দ্ৰ বসু।

     ভাৰত মহাসভা কংগ্ৰেছৰ ভূতপূৰ্ব শ্ৰীযুত সুভাষ চন্দ্ৰ বসুক ৩ বছৰৰ কাৰণে কংগ্ৰেছৰ পৰা ৰষ্টিকেট কৰিছে।

—প্ৰতিভা, ১৬ আগষ্ট ১৯৩৯

“মিলিত জনসংঘ”ৰ মুখপত্ৰ আছিল ‘প্ৰতিভা’।

“বাঁহী”

ইং ১৯৪৫

     স্বৰ্গীয় লক্ষ্মীনাথ বেজবৰুৱাৰ ‘বাঁহী’খন ভতিজাক মাধৱ চন্দ্ৰ বেজবৰুৱাই দদায়েকৰ মৃত্যুৰ পাছত সম্পাদকৰূপে চলাবলৈ লৈ প্ৰথমতে মাহেকীয়াকৈয়ে উলিয়াই থাকে। ১৯৪৫ চনত সেইখনকে সাদিনীয়া সংস্কৰণ কৰে আৰু “কোনোৱেই দেশতকৈ ডাঙৰ নহয়” বুলি লাচিত বৰফুকনৰ আদৰ্শেৰে দেশ সেৱতা আত্মনিয়োগ কৰিবলৈ তৰুণ শক্তিক উদগনি দিয়ে।

“পঞ্চায়ত”

ইং ১৯৬৪

     অসম কৃষক বনুৱা পঞ্চায়তৰ সাদিনীয়া মুখপত্ৰ ‘পঞ্চায়ত’।

     সম্পাদক—কেদাৰনাথ গোস্বামী।

     নীতি আছিল :—

     ১। দিল্লীৰ তথাকথিত গণপৰিষদে ৰাইজৰ অনুকূল শাসনতন্ত্ৰ গঠন নকৰে—বৰ্তমানে শোষণ ব্যৱস্থাকে বাহাল ৰাখিব।

     ২। সমষ্টিত অসমক বলি দিবলৈ কাৰো অধিকাৰ নাই। দৰকাৰ হ’লে অসমৰ শাসনতন্ত্ৰ অসমেই ৰচনা কৰিব।

     ৩। গাঁও, চহৰ আৰু কাৰখানাৰ পঞ্চায়তৰ প্ৰতিনিধিয়ে স্বাধীন সমাজতান্ত্ৰিক পঞ্চায়তী সমাজতন্ত্ৰ ৰচনা কৰক।”

“জনমভূমি”

ইং ১৯৪৭

অসমীয়া বাতৰি-কাকতৰ ইতিহাস : ‘অৰুনোদই’

     ‘জনমভূমি’ৰ জন্ম হয় স্বাধীনতা উৎসৱৰ অধিবাস পালন কৰা বছৰি। জন্মস্থান—যোৰহাট, তাৰ ‘জনমভূমি প্ৰেছ’ৰ পৰা সাদিনে সাদিনে ওলাই ৰাইজক সেৱা কৰি আহি আজি একুৰি পাঁচ বছৰ পূৰ্ণ কৰিছে। জনমৰ পাঁচ বছৰতেই আমাৰ অবাঞ্চিত অধিপতিসকল ভাৰত পৰিত্যাগ কৰি গুচি গ’ল—স্বাধীনতাৰ কাচিয়লি ৰ’দ বিৰিঙিয়ালে। আগেয়ে যি কাকতত আওপকীয়া ভাষাৰে দৰক ধৰি ধৰি বা থমকি থমকি হে মাত মাতিব পৰা হৈছিল, এতিয়া সেই কাকতত সেই খুদুৱনি নোহোৱাকৈ স্বচ্ছন্দে কলম চলাব পৰা হ’ল। ৰাষ্ট্ৰীয় স্বাধীনতা অহাৰ লগে লগে, এইদৰে বাতৰি-কাকতৰ স্বাধীনতাও আহিল।

আহিলহে আহিল, সম্পাদকীয় বোজাটো কিন্তু আগতকৈ দহোগুণে লেকলেকীয়া গধুৰ হৈ আহিল। পৰিচালিত যন্ত্ৰ হোৱা সহজ; পৰিচালনা কৰা যন্ত্ৰী হোৱা কঠিন। আগেয়ে বাতৰি কাকতে দৰ্শকৰূপে চৰকাৰী কৰ্তৃপক্ষৰ কাৰ্যাৱলী ভালে-বেয়াই সমালোচনা কৰিছিল, এতিয়া সেই কৰ্তৃপক্ষকে বাতৰি-কাকতেহে বুদ্ধি পৰামৰ্শ দি দেখুৱাই-শুনোৱাই নিবলগীয়া পালত পৰিল।

বৰ দুখে-কষ্টে মৰণ ভুঞ্জি আমোলাতান্ত্ৰিক বিদেশী শাসন আঁতৰাই গণতান্ত্ৰিক স্বদেশী শাসন প্ৰবৰ্তন কৰা হ’ল হয়, পাছে তাকে সুখে-স্বাচ্ছন্দে পালি-পাচি, উপভোগ কৰি যুগমীয়াকৈ ৰক্ষা কৰাটোহে ভালুকৰ সাঙ্গী হোৱাদি হ’ল। তথাপি, জনমভূমিৰ চালুকীয়া অৱস্থআতে শ্ৰীদুলাল চন্দ্ৰ ভূঞাই সম্পাদকীয় গাদীত বহি সেই সাঙ্গী ভাৰখন কানত তুলি ল’লে। স্বাধীনতা ৰক্ষাৰ আনুষংগিক উপায় বুদ্ধি দি তেওঁৱেই ‘জনমভূমি’খন থিয়-দঙা দিব পৰা কৰি গ’ল। তেওঁৰ পাছতে সম্পাদক হ’ল শ্ৰীজগদীশ চন্দ্ৰ ফুকন; এওঁ নতুন তেজ সুমুৱাই কাকতখনৰ উত্তৰোত্তৰ উন্নতি সাধন কৰিলে। তাৰ পাছত সম্পাদকীয় সাঙ্গী ভাৰখন ন্যস্ত হ’ল শ্ৰীত্ৰৈলোক্যনাথ শৰ্মাৰ কান্ধত।

     ৰাজনীতিৰ সম্পৰ্কে এওঁ ‘আঁঠুৱা চাই ঠেং মেলা’ নীতি অৱলম্বন কৰাত ‘জনমভূমি’খন টনকিয়াল আৰু সৰবৰহী হৈ উঠিল আৰু ই যে এখন উচ্চ শ্ৰেণীৰ সাদিনীয়া বাতৰি-কাকত সেইটোও প্ৰতিপন্ন হ’ল। শৰ্মা সম্পাদকে আজৰি লোৱাৰ পিছতে শ্ৰীপ্ৰফুল্ল বৰুৱাৰ গাত সম্পাদকৰ বাব পৰিল। ‘পানীৰ চিন ভেট’ত পোৱালি এওঁৰ সম্পাদকীয় কুশলতা আৰম্ভতেই দেখা গৈছে ‘জনমভূমি’ৰ বিতোপন সাজ-পাৰ আৰু জাতীয় সংহতিমূলক বিবিধ প্ৰবন্ধ ৰাজিত।

     সম্পাদকসকলৰ ঐকান্তিক দায়িত্ব পালন আৰু স্বদেশহিতব্ৰতী প্ৰতিষ্ঠাপকসকলৰ অনৱচ্ছিন্ন উদ্যোগ পৰামৰ্শৰ বলত স্বাধীনতাৰ বেলি নৌ-উঠাৰ পৰতে ‘জনমভূমি’য়ে জনম লৈ থকা স্বাধীনতাৰ থিয়-দুপৰত ২৫ বছৰ পূৰ্ণ কৰিলে। আজি ‘জনমভূমি’ৰ জন্ম-জয়ন্তীৰ ৰূপালী উৎসৱ—‘হয় জীম, নহয় মৰিম’ বুলি সংকল্প লৈ আগবাঢ়ি যাবৰ বছৰ।

     আগবাঢ়ি যোৱা বছৰ সঁচা; তাতে কিন্তু এটা ‘কিন্তু’ আছে। কিন্তুটো হৈছে যোৱা বাট সুগম নহয়। এশ-এবুৰি বিয়াগোম-বিয়াগোম সমস্যা পৰ্বত প্ৰমাণ হৈ বাটত থিয় দি আছে। সেইবোৰৰে ঘাই ঘাই কিটা হৈছে : —

     শাসনৰ চেৰেকী ঘূৰাওঁতা দুতলীয়া, পেটকুলী, পেট-টেহৰ ৰাজনীতিবিদসকলৰ অসমীয়া জাতিক (জাতি বুলিবলৈ নায়েই) ছিৰাল ফটা দিবলৈ কৰা ষড়যন্ত্ৰ; পাকিস্তানীৰ অবাধ অনুপ্ৰৱেশ; অস্পষ্ট নিশ্চিত ভূমি আইন প্ৰণয়ন; প্ৰকৃত থলুৱা ভূমিহীন অসমীয়াক বঞ্চিত কৰি ‘ন-সমীয়া’ বুলি ভুৱা দিয়া দুদিনীয়া পমুৱাৰ মাজত ভূমি বিতৰণ; যধে-মধে, য’তে-ত’তে সাম্প্ৰদায়িক বিভীষিকাৰ বেহেলা বাদন; জনগণৰ কুম্ভকৰ্ণ শয়ন, নিভাৰসা তৰুণ দলৰ চেলেপু বাক্যবচন আৰু বিলাসিতা নিমৰ্জন, কায়িক পৰিশ্ৰমক ঘৃণনীয় কৰণ; আই বসুমতীক পোন প্ৰথমেই দৰ্শন কৰা গাঁও এৰি নগৰলৈ প্ৰব্ৰজন আৰু গাঁৱবোৰ এৰাবাৰী কৰি অসমীয়া ক’ব নোৱৰা মাটি-খকুৱাৰ সেইবোৰ উপভোগকৰণ।

     ‘জনমভূমি’ৰ ৰূপালী জয়ন্তী উৎসৱৰ উৎপ্ৰেৰণাই এফালৰ পৰা এইবোৰ সমস্যা দলি নিব পৰা শক্তি-বিবেক প্ৰদান কৰক।

[অসমৰ সংবাদ মাধ্যমৰ ১৭৫ বছৰীয়া জয়ন্তী উপলক্ষে মহাবাহুৰ দ্বাৰা আয়োজিত অনুষ্ঠানৰ সৈতে সংগতি ৰাখি মহাবাহুৰ দ্বাৰা প্ৰকাশিত  ঐতিহাসিক গ্ৰন্থ ‘অসমৰ সংবাদ মাধ্যম: ১৭৫ বছৰীয়া বৰ্ণিল ইতিহাস আৰু বহিঃ প্ৰেক্ষাপট’ত এই প্ৰৱন্ধটো প্ৰকাশ কৰা হৈছে।]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Anjan Sarma

Anjan Sarma

Related Posts

ৰঘু ৰায় : কেমেৰাৰ লেন্সেৰে কাহিনী লিখা মানুহজন
Inspiration

ৰঘু ৰায় : কেমেৰাৰ লেন্সেৰে কাহিনী লিখা মানুহজন

by JOYSHREE SAIKIA
May 12, 2026
0

ৰঘু ৰায় : কেমেৰাৰ লেন্সেৰে কাহিনী লিখা মানুহজন জয়শ্ৰী শইকীয়া কলমেৰে কাহিনী লিখাৰ বিপৰীতে এচাম মানুহে কাহিনী ক'বলৈ ব্যৱহাৰ কৰে...

Read moreDetails
Why Hitler Hated Jews: Origins of the Holocaust

Why Hitler Hated Jews: Origins of the Holocaust

May 12, 2026
Love in the Age of Ghosting and Situationships

Love in the Age of Ghosting and Situationships

May 12, 2026
Legal profession takes a heavier toll on Female Advocates

Legal profession takes a heavier toll on Female Advocates

May 10, 2026
Will AI Steal Your Job – or Build You a Better One? India’s Workforce Stands at a Historic Crossroads

Will AI Steal Your Job – or Build You a Better One? India’s Workforce Stands at a Historic Crossroads

May 10, 2026
Sangken Festival: The Tai New Year’s Sacred Splash

Sangken Festival: The Tai New Year’s Sacred Splash

May 9, 2026
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d