• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, July 12, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Geography

অসমীয়া বিহুটিৰ GI tag প্ৰাপ্ত সম্পদসমূহ

ASSAMESE SECTION / Culture / Bihu

by Editor
April 15, 2025
in Geography, Special Report
Reading Time: 6 mins read
0
অসমীয়া বিহুটিৰ GI tag প্ৰাপ্ত সম্পদসমূহ
Share on FacebookShare on TwitterShare on LinkedIn

অসমীয়া বিহুটিৰ GI tag প্ৰাপ্ত সম্পদসমূহ

মনস্বিনী শৰ্মা

manaswini sarma
মনস্বিনী শৰ্মা

 GI Tag হৈছে এক আন্তঃৰাষ্ট্ৰীয় মান্যতা। এই মান্যতো কোনো অঞ্চলৰ আঞ্চলিক সামগ্ৰীক প্ৰদান কৰা হয় যাৰ খ্যাতি দেশ তথা বিশ্বত বিয়পি পৰে।

এনে বিশ্ব ব্যাপি সমাদৰ লাভ কৰা সামগ্ৰীবোৰক GI Tag অৰ্থাৎ Geographical Indications প্ৰদান কৰা হয়। এক কথাত GI Tag প্ৰাপ্ত সামগ্ৰীবিধ সকলো দেশৰ সকলো লোকৰ বাবে গ্ৰহণযোগ্যতা লাভ কৰে।

অসমে সৰ্বমুঠ ১৯ টা সম্পদত GI tag লাভ কৰিছে আৰু এইসমূহৰ ভিতৰত অন্তৰ্ভুক্ত হৈ আছে আমাৰ বাপতিসাহোন বিহুটিত ব্যৱহৃত বিশেষ কেইটিমান সম্পদ। সেয়া হৈছে ঢোল,গামোচা,অসমৰ মুগা,জহা চাউল,কোমল চাউল, চকোৱা চাউল,জাপি,গগণা আৰু কাঁহ। বিহুৰ বতৰত 

অসমীয়া বিহুটিৰ GI tag প্ৰাপ্ত সম্পদসমূহ

এইসমূহ সম্পদৰ আছে অনন্য ব্যৱহাৰ। অসমীয়া বিহুটিৰ স্বাভিমান ৰক্ষা কৰাৰ বেলিকা এই সম্পদসমূহৰ আছে অনবদ্য অৱদান।

১) ঢোল: ঢোলক অসমীয়ালোকে দেৱবাদ্য বুলি গণ্য কৰে। ঢোলৰ উৎপত্তি কৈলাসত আৰু তাৰ পৰাই পাণ্ডৱ অৰ্জুনে ইয়াক মৰ্ত্যলৈ নমাই অনা বুলি লোককথাত পোৱা যায়।ঢোল বজাব পৰাটো এসময়ত অসমীয়া ডেকাৰ পৌৰষত্বৰ প্ৰতীক বুলি গণ্য কৰা হৈছিল আৰু লগতে ঢোলক মানুহৰ প্ৰজনন শক্তিৰ পৰিচায়ক বুলিও ভবা হয়।বিহু বা হুঁচৰিৰ আৰম্ভণিৰ পৰা শেষলৈকে কেৱল ঢোল আৰু তাল হে একেৰাহে বজোৱা হয়।

বাকী বাদ্যযন্ত্ৰবিলাক মাজে মাজেহে ব্যৱহাৰ হয়। বিহুৰ ঢোলৰ উপৰিও আন এটা প্ৰকাৰ আছে ওজাঢোল। ওজাঢোল বাদন হৈছে একক ঢোল বাদনৰ অনুষ্ঠান। ওজাসকলৰ ঢোলৰ চেও সাধাৰণ বিহু ঢোলতকৈ কঠিন আৰু আৰু তেওঁলোকে ঢোলত বিভিন্ন শব্দ ফুটাই দৰ্শকক আমোদ দিয়ে। ঢোলক এবিধ মাংগলিক বাদ্য হিচাপে গণ্য কৰা হয় বাবে বিভিন্ন মাঙ্গলিক অনুষ্ঠান, উৎসৱ-পাৰ্বনত ইয়াৰ ব্যৱহাৰ কৰা হয়।

অসমীয়া সংস্কৃতিত ঢোলক জনপ্ৰিয় কৰি তোলাত চুতীয়া আৰু আহোম ৰজা সকলৰ অৱদান আটাইতকৈ বেছি।ঢোলে স্বৰ্গদেও সকলৰ আমোলত ৰাজকীয় পৃষ্ঠপোষকতা লাভ কৰিছিল।

বিহুঢোল,ওজাঢোলৰ ওপৰিও ঢোলৰ আন কেইটামান প্ৰকাৰ হৈছে তিৱা-ডিমাছাসকলৰ খ্ৰাম ঢোল, বড়োসকলৰ খাম ঢোল,দৰং-মঙ্গলদৈ অঞ্চলৰ ঢেপাঢোল,জয়ধ্বনি নৃত্যৰ জয়ঢোল,চাহ জনগোষ্ঠীৰ ঝুমুৰ নৃত্যৰ মাদল,পুতলা নাচ ইত্যাদিত ব্যৱহৃত বৰঢোল, গোৱালপৰীয়া লোকগীতত ব্যৱহৃত কৱিঢোল। 

       ঢোলৰ মূল খোলাটো কাঠেৰে তৈয়াৰী । ঢোলৰ বাবে কঠাল কাঠেই উত্তম বুলি ভৱা হয়।ঢোলৰ তালি ফালটোৰ ফালে ছাগলীৰ ছাল আৰু কোবনি ফালটোৰ ফালে গৰুৰ ছাল ব্যৱহাৰ কৰা হয়।বুঢ়া গুৰী বাঁহৰ টুকুৰা চাঁচি মাজি ঢোলৰ মাৰিডাল বনোৱা হয়, মাৰিডালৰ মাজত বাঁহৰ গাঁথিটো ৰখা হয়। ঢোলৰ মুখ্য গাটোত হেঙুল-হাইতালৰ ৰং দিয়া হয়।

২) গামোচা:সাধাৰণতে গামোচা চাৰিওফালে ৰঙা সূতাৰে (সেউজীয়া ৰঙো থাকে) পাৰি দি বোৱা এখন বগা দীঘলীয়া কাপোৰ। কপাহী সূতাৰে বিশেষভাৱে গামোচা তৈয়াৰ কৰা হয় যদিও পাট আদি সূতাৰেও ইয়াক তৈয়াৰ কৰা হয়। ২০২২ চনৰ ১৩ ডিচেম্বৰত গামোচাই GI tag লাভ কৰে।অসমীয়া মানুহে গামোচাখনক এক সাংস্কৃতিক তথা সন্মানৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰে।

অসমীয়া বিহুটিৰ GI tag প্ৰাপ্ত সম্পদসমূহ

কিন্তু আন ঠাইত ইয়াক অকল নিত্য ব্যৱহাৰ্য্য সামগ্ৰী হিচাপেহে ব্যৱহাৰ কৰা দেখা যায়।সাহিত্যিকভাৱে ইয়াৰ অৰ্থ হৈছে কোনো বস্ত্ৰৰে শৰীৰ মচা কাৰ্য। (গা-শৰীৰ + মচ্)। গতিকে অসমীয়া সংস্কৃতিত গা-মচা বস্ত্ৰখনক গামোচা হিচাপে নামকৰণ কৰা হৈছে।

অসমৰ বিভিন্ন জনগোষ্ঠীয়ে নিজ নিজ গামোচা ব্যৱহাৰ কৰে। গামোচাৰ প্ৰকাৰবোৰ হ’ল‌ নামনি অসমত ব্যৱহৃত অনাকাটা গামোচা, যিখন তাঁতশালত বৈ উঠাৰ পিছত দুখন গামোচা পৃথক কৰিবলৈ কেচিঁ বা ব্লেড বা কটাৰি ব্যৱহাৰ নকৰি হাতেৰে সূতাবিলাক চিঙি নাইবা শিলত থেতেলিয়াই উলিওৱা গামোচা।

ফুল নথকা আৰু সাধাৰণভাৱে ব্যৱহাৰ কৰা গামোচাক পানী গামোচা বা উকা গামোচা, সৰু ফুলৰ গামোচাক তামোল গামোচা আৰু চেনাইলৈ বোৱা ডাঙৰ ফুলৰ গামোচাক বিহুৱান বোলে।

সেইদৰে গোঁসাই ঘৰৰ থাপনা,আসনঘৰ,ধৰ্মীয় গ্ৰন্থ, মণিকূট আদিত ব্যৱহাৰ কৰিবলৈ ৰঙা-সেউজীয়া সূতাৰে ধৰ্মীয় না না চিহ্ন-চানেকীৰে যেনে শৰাই, বৰতাল আদি আপুৰুগীয়া বস্তুৰ চানেকী বাছি গোটেই গামোচাখনত কৃষ্ণ,ৰাম নাইবা কীৰ্তন-নামঘোষাৰ সুন্দৰ ঘোষা-পদ লিখি প্ৰস্তুত কৰা গামোচাক গোঁসাই গামোচা বোলে।

অসমীয়া বিহুটিৰ GI tag প্ৰাপ্ত সম্পদসমূহ

ধৰ্মীয় কাম-কাজ কৰিবলৈ কপাহী সূতাৰে বোৱা বিভিন্ন সেৱা-সকাম, পূজা-পাৰ্বন আদিত পুৰুষ-মহিলা উভয়ে কান্ধত বা ডিঙিত ওলমাই লোৱা গামোচাখনক হাঁচতি বোলে।দুটা মজলীয়া কেঁচা সূতাৰ প্ৰয়োগ কৰি বোৱা,আঁঠুৰ ওপৰত পৰা, পুৰুষসকলে ঘৰত বা কাম কৰাৰ সময়ত আৰু গা ধুবলৈ ব্যৱহাৰ কৰা গামোচাখনক তিয়নী গামোচা বোলে।

উন্নত মানৰ কপাহী,পাট সূতাৰে বোৱা,ৰঙা সূতাৰ পয়োভৰেৰে গামোচাৰ দুয়োফালে সুন্দৰ ভমকাফুলীয়া ফুল আৰু অসমীয়া সংস্কৃতিৰ সম্পদসমূহৰ নক্সাৰে,ধুনীয়া চানেকাৰে বোৱা গামোচাক ফুলাম গামোচা বোলে।সুন্দৰ চানেকিৰে কপাহী,পাট,মুগা সূতাৰে দুইমূৰে ফুল তুলি বোৱা গামোচাক দৰা বৰণৰ গামোচা বোলে।

৩)মুগা: মুগা হৈছে এন্থেৰিয়া আছামেনছিছ প্ৰজাতিৰ পলুৰ পৰা সৃষ্টি কৰা এবিধ ৰেচম।মুগা পৃথিৱীৰ ভিতৰতে কেৱল অসমতহে পোৱা যায়।আহোম যুগত মূগাৰ প্ৰচলন বাৰুকৈ বাঢ়ি গৈছিল কিয়নো মুগা সূতাৰে বোৱা কিংখাপ, চোলা ইত্যাদি সেই সময়ৰ অহোম স্বৰ্গদেউ আৰু তেওঁলোকৰ পৰিয়ালবৰ্গৰ মাজত বহুত জনপ্ৰিয় আছিল।মূগাৰ বাণিজ্যিক স্বাৰ্থ সুৰক্ষা কৰিবলৈ ২০০৬ চনৰ ২০ জুলাইত মুগাক GI tag প্ৰদান কৰা হয়।

অসমীয়া বিহুটিৰ GI tag প্ৰাপ্ত সম্পদসমূহ

অসমৰ প্ৰায় ২৩,৫৪৩ টা পৰিয়াল মুগা খেতি আৰু বয়নশিল্পৰ লগত জড়িত। মুগা সূতা আৰু কপোৰৰ ৰপ্তানিৰ পৰা অসমে বাৰ্ষিক ১০০ৰ পৰা ১২০ কোটি টকা উপাৰ্জন কৰে। উৎপাদনৰ ফালৰ পৰা অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, কামৰূপ জিলা আৰু লখিমপুৰ জিলাৰ ঢকুৱাখনাত মুগাৰ সৰ্বাধিক উৎপাদন হয়।

ইয়াৰে ভিতৰত কামৰূপ জিলাৰ শুৱালকুছি হৈছে বিশ্বৰ সৰ্ববৃহত ৰেচম উৎপাদনকাৰী গাঁও আৰু মুগা উৎপাদনৰ ক্ষেত্ৰতো ই বিশ্বৰ সৰ্ববৃহৎ। সুন্দৰ সোণোৱালী বৰণ আৰু স্থায়িত্বৰ বাবে মুগা জনসাধাৰণৰ মাজত জনপ্ৰিয়। আন ৰেচমৰ তুলনাত মুগা অতি সোনকালে বেয়া নহয়। এযোৰ মুগা কাপোৰৰ আয়ুস প্ৰায় ৫০ বছৰ বা তাতোধিক হ’ব পাৰে।

ৰঙালী বিহুৰ বিহু নৃত্য‌ আধৰুৱা হৈ ৰ’ব একোযোৰ ৰঙা ফুল বছা মুগা মেখেলা-চাদৰ আৰু মুগা চোলাৰ অবিহনে।অসমীয়া কলা-সংস্কৃতিৰ এক পৰিচয় হৈছে মুগা কাপোৰ। বৰ্তমান মুগা কাপোৰ কেৱল মেখেলা -চাদৰতে সীমাবদ্ধ নাথাকি ইয়াৰ পৰা অন্যান্য ধৰণৰ কাপোৰও তৈয়াৰ কৰা হৈছে।

৪)জহা চাউল: জহা চাউল হৈছে চুটি বা মধ্যম আকাৰৰ এবিধ সুগন্ধি চাউল। অসমৰ মাটি আৰু জলবায়ু জহাধানৰ বাবে উপযোগী।২০১৭ চনৰ মাৰ্চ মাহত জহা চাউলে ভৌগোলিক স্বীকৃতি লাভ কৰে। অসমৰ প্ৰায় ২০,০০০ হেক্টৰ কৃষিভূমিত জহা ধানৰ খেতি কৰা হয় আৰু ৰাজ্যখনত বছৰি প্ৰায় ৩০,০০০ মেট্ৰিক টন জহা চাউল উৎপাদিত হয়।

অসমীয়া বিহুটিৰ GI tag প্ৰাপ্ত সম্পদসমূহ

জহা চাউলৰ বিভিন্ন প্ৰকাৰবোৰ হ’ল‌: ক’লা জহা,বগা জহা,ৰামপাল জহা,কণ জহা,মাণিকীমধুৰি জহা,কেতেকী জহা,তুলসী জহা,গোবিন্দ তুুুুলসী জহা ,ঘুগুলী জহা।জহা চাউল শেহতীয়াকৈ মধুমেহ আৰু উচ্চ ৰক্তচাপৰ প্ৰতিষেধক হিচাবে বিবেচিত হৈছে ৷

৫)কোমল চাউল:কোমল চাউল সাধাৰণতে চকোৱা, নানিয়া বা তেনেধৰণৰ ধানৰ পৰা কোমল চাউল উৎপাদন কৰা হয়। এই চাউল নিসিজোৱাকৈ খোৱাৰ বাবে ব্যৱহাৰ কৰিব পাৰি বাবেই বিশেষ সমাদৰ লাভ কৰিছে। কুহুমীয়া বা গৰম পানীত ১০ পৰা ১৫ মিনিট তিয়াই ললে বা ঠাণ্ডা পানীত ৩০ মিনিট মান তিয়ালে এই চাউল খোৱাৰ বাবে উপযোগী হৈ পৰে। কোমল চাউলে ২০১৮ চনত ভাৰতৰ ভৌগোলিক স্বীকৃতি লাভ কৰে।

Assam komal saul

অসমৰ প্ৰায়বোৰ জিলাতেই‌ কোমল চাউলৰ খেতি কৰা হয়।১৭ শতিকাত মোগলৰ সৈতে যুঁজ দিয়া আহোম সৈন্যৰ বাবে ই আছিল দেহৰ শক্তিদায়ী ইন্ধন। পানীত তিয়াই থোৱাত কোমল হোৱাৰ পিছত গুৰ, দৈ, গাখীৰ, কল আদিৰ লগত ইয়াক জলপান হিচাপে অসমীয়াই ব্যৱহাৰ কৰে।

৬) চকোৱা চাউল:চকোৱা চাউল বা চকোৱা ধান অসমৰ বিভিন্ন ঠাইত উৎপাদিত এবিধ থলুৱা জাতৰ শালিধান। এই চাউলবিধত এমিলুজ উপাদান (শৰ্কৰা অণু) তুলনামূলকভাৱে কম পৰিমাণে পোৱা যায়। চকোৱা চাউলৰ তিনিটা প্ৰকাৰ হ’ল:গৰু চকোৱা, সৰু চকোৱা আৰু বৰ চকোৱা।অসমৰ তিনিচুকীয়া, ধেমাজী, ডিব্ৰুগড়, লখিমপুৰ, শিৱসাগৰ, যোৰহাট, গোলাঘাট, নগাওঁ, মৰিগাওঁ আৰু শোণিতপুৰ জিলা, মাজুলী,দৰং জিলাতো চকোৱা চাউলৰ খেতি দেখা যায়।

Assam Chokuwa rice

২০১৯ চনৰ ২৪ অক্টোবৰত চকোৱা চাউলে GI tag লাভ কৰে।কোমল চাউলৰ জলপান সাধাৰণতে চকোৱা বা বৰা ধানৰ পৰাই তৈয়াৰ কৰা হয় । ইয়াৰে যিকোনো এবিধ ধান কেৰাহিত সিজাই, ধানটো ফাটি গ‘লে, কিছু সময় চেঁচা হ‘বলৈ দি, টান ৰ‘দত শুকুৱাব লাগে। ইয়াৰোপৰি চিৰা,মুড়ি,আখৈ, সান্দহ চকোৱা চাউলৰ পৰা প্ৰস্তুত কৰা হয়।

৭)জাপি:জাপি অসমীয়া সংস্কৃতিৰ বাহক।বাঁহ, বেত, গছৰ পাত জাপি সজাৰ ঘাই উপকৰণ।জাপিৰ বিভিন্ন প্ৰকাৰবোৰ হ’ল বৰদৈয়া জাপি, সৰুদৈয়া জাপি, পানীজাপি, গৰখীয়া জাপি আদি।সমাজৰ বৰমূৰীয়া লোকসকলে। বিভিন্ন উৎসৱ-পাৰ্বন আদিত সম্ভ্রান্ত ঘৰৰ লোকসকলে বৰজাপি ব্যৱহাৰ কৰিছিল।কৃষক তথা বনুৱা সকলে বিভিন্ন কাৰ্যত নিয়োজিত হৈ থকাৰ সময়ত ৰ’দ-বৰষুণৰ পৰা ৰক্ষা পাবলৈ হালোৱা জাপি অথবা গৰখীয়া জাপি বা উকা জাপি ব্যৱহাৰ কৰিছিল।

সৰু বাঁহৰ দৈ অথবা মিহি কাঠীৰে সৰুদৈয়া জাপি সজা হয়।জাপি সাধাৰণতে টকৌপাতেৰে তৈয়াৰ কৰা হয়।জাপিৰ উল্লেখ চুতীয়া ৰজাৰ ক্ষেত্ৰত পোৱা যায়।চুতীয়া ৰজাৰ দিনত জাপি নিৰ্মাণ কৰিবলৈ জাপিসজিয়া বুলি এটা খেল ৰাখিছিল।যিটো খেলৰ লোকে পাছলৈ আহোম ৰজা সকলৰ কাৰণেও জাপি নিৰ্মাণ কৰিছিল।

Assam Japi

পুৰণি দিনত ছাতিৰ প্ৰচলন সীমিত হোৱা বাবে খেতিয়ক ৰাইজে আগতে ৰ’দ-বৰষুণৰ পৰা নিজকে ৰক্ষা কৰিবলৈ মুৰত জাপি পিন্ধি লৈছিল। গতিকে কৃষিকাৰ্যৰ বাবে জাপি আছিল এক প্ৰয়োজনীয় অংগ।অসমৰ ভিতৰতে জাপি নিৰ্মানত অভিলেখ সৃষ্টি কৰা নলবাৰী জিলাৰ তিলানা গাঁও এখন শিল্প গাঁও। তথ্য মতে অঞ্চলটোৰ প্ৰায় ৮০শতাংশ লোকে জাপি শিল্পৰ সৈতে জড়িত হৈ জীবন নিৰ্বাহ কৰে।

৮)গগণা:গগনা অসমীয়া মানুহৰ এবিধ ফু দি বজোৱা সুৰাশ্ৰয়ী বাদ্যযন্ত্ৰ। অসমৰ বিহুগীত আৰু বিহুনৃত্যত গগনা বজোৱা হয়।গগনাক ওঁঠেৰে চেপি ধৰি আঙুলিৰে কঁপাই বজোৱা হয়। গগনাৰ মাত বৰ মিঠা আৰু মিহি।অসমত বিভিন্ন প্ৰকাৰৰ গগনাৰ অস্তিত্ব পোৱা যায়। যেনেঃ বৰ গগনা, চুঙা গগনা, লাহৰী বা ৰূপহী গগনা, ৰামধন গগনা, শালিকী ঠুঁটিয়া গগনা আদি।

Assam Gogona

অৱশ্যে বৰ্তমান বহুল ব্যৱহৃত গগনা দুই প্ৰকাৰৰ- গাভৰুৱে বজোৱা গগনা বিধক কোৱা হয় লাহৰী বা ৰূপহী গগনা আৰু ডেকাই বজোৱা বিধক কোৱা হয় ৰামধন গগনা।গগনা তিনি/চাৰি বছৰীয়া পকা জাতি বাঁহৰ পৰা চাঁচি উলিওৱা হয়। শব্দৰ ভিন্নতাৰ বাবে ইয়াৰ আকাৰ ডাঙৰ-সৰু কৰা হয়। বাঁ‌হৰ মিহিকৈ চাঁ‌চিলোৱা চেপেটা গগনাৰ মাজ অংশত কঁপিব পৰাকৈ মিহি নল এডাল বনোৱা হয়, ইয়াক জিভা বুলি কোৱা হয় আৰু হাতেৰে কোবোৱা অংশক মেখেলা বোলে৷

৯)কাঁহ: বিহুৰ দিনা জা-জলপান খাবলৈ অসমীয়াই কাঁহৰ পাত্ৰ ব্যৱহাৰ কৰে।আহোম ৰাজত্বৰ কালতেই অসমৰ সৰ্থেবাৰীত কাঁহ-পিতল শিল্পৰ বিকশিত হ’বলৈ ধৰিছিল।বহু ইতিহাসবিদে ক’ব খোজে যে, আহোম ৰজা ৰুদ্ৰ সিংহৰ প্ৰচেষ্টাত সৰ্থেবাৰী আৰু হাজো অঞ্চলত কাঁহ-পিতলৰ বিভিন্ন সামগ্ৰী তৈয়াৰ কৰিবলৈ এক শ্ৰেণীৰ লোক নিয়োগ কৰা হৈছিল।কাঁহ শিল্পৰ ঐতিহ্যৰে সমৃদ্ধ কাঁহ শিল্পৰ পীঠভূমি সৰ্থেবাৰী।

১৯৫৫ চনৰ ৩১ ডিচেম্বৰত বিষ্ণুৰাম মেধিয়ে সৰ্থেবাৰীক নগৰলৈ ৰূপান্তৰিত কৰে।কাঁহ শিল্পই কেতিয়া, ক’ৰ পৰা আহি সৰ্থেবাৰীত স্থিতি লাভ কৰিছিল সেয়া বুৰঞ্জীয়েও ঢুকি নাপায়৷ সৰ্থেবাৰীৰ কাঁহৰ সামগ্ৰীয়ে ক’ব নোৱাৰাকৈ ৰজাঘৰ-প্ৰজাঘৰ সকলোতে সমাদৰ লাভ কৰিছিল৷ইংৰাজ শাসনৰ কালতো সৰ্থেবাৰীৰ কাঁহশিল্পই যথেষ্ট সমাদৰ লাভ কৰিছিল৷

ঊনৈশ শতিকাত/১৮৯৩ চনত মহাৰাণী ভিক্টোৰিয়াৰ ৰাজত্বকালত কাঁহৰ সামগ্ৰীক বিশেষ মৰ্যাদা প্ৰদান কৰা হৈছিল৷সৰ্থেবাৰীৰ কঁহাৰ শিল্পী সকলে নিজ পাৰদৰ্শীতাৰ বাবে ভিন্ন পুৰস্কাৰ লাভ কৰি আহিছে৷কাঁহৰ বাচন নিৰ্মাণ কৰাৰ এক সুকীয়া কৌশল আছে৷ ৰাং শতকৰা ২২ ভাগ আৰু তাম শতকৰা ৭৮ ভাগ নিৰ্দিষ্ট উষ্ণতাত গলাই এক বিশেষ সংমিশ্ৰণত কাঁহ প্ৰস্তুত কৰা হয়৷ কেতিয়াবা সামান্য দস্তা আৰু সীহ যোগ দিয়া হয়৷

Assam kaah

উক্ত প্ৰণালীৰে কাঁহ প্ৰস্তুত কৰি কহাঁৰ সকলে সুনিপুন শিল্পকলাৰে ইয়াক মসৃণ কৰি তোলে৷ সৰ্থেবাৰীৰ কঁহাৰসকলে বৰ্তমান ১৪৮ বিধ কাঁহৰ বাচন তৈয়াৰ কৰি আছে৷ এই কাঁহৰ বাচনবোৰ ভাৰতবৰ্ষৰ উপৰিও অন্য দেশ ভূটান, নেপাল, তিব্বত আদিত বিক্ৰী কৰা হয়৷সেইসমূহৰ কিছুমান হ’ল- কাঁহী,বাতি, তাল,ঘটি,লোটা,কলহ,চৰিয়া,বঁটা,শৰাই,ভোগজৰা, কলচী ইত্যাদি।

     অসমে এইসমূহ সামগ্ৰীৰ লগতে বিভিন্ন কৃষিজাত সামগ্ৰীৰ ক্ষেত্ৰটো লাভ কৰিছে GI tag। অসমৰ পৰা বিভিন্ন সামগ্ৰী বিদেশলৈ ৰপ্তানি হৈ বৈদেশিক বজাৰখন সফলতাৰে গ্ৰহণ কৰিবলৈ সক্ষম হৈছে। GI tag প্ৰাপ্তিয়ে অসমৰ এই থলুৱা সামগ্ৰীসমূহ সফলতাৰে সংৰক্ষণ কৰাৰ লগতে এইসমূহৰ উৎপাদন প্ৰক্ৰিয়াত সহায় কৰে।

এই শিল্প সমূহৰ উৎপাদনৰ সৈতে জড়িত শ্ৰমিকসকলে কিছু ক্ষেত্ৰত বিভিন্ন ধৰণৰ উৎপাদনী সুবিধাৰ পৰা বঞ্চিত হোৱাৰ লগতে উচিত বজাৰ মূল্যৰ পৰাও বিৰত থাকে। এসময়ৰ বহুকেইজন ঢোলৰ ওজাৰ বৰ্তমান আৰ্থিক অৱস্থা তথৈবচ। চৰকাৰী সা-সুবিধা, পেঞ্চন ইত্যাদিৰ পৰা বঞ্চিত। গতিকে GI tag প্ৰাপ্তিৰ ফলস্বৰূপে এনেধৰণে বঞ্চিত হৈ থকা উদ্যোগসমূহৰ সংৰক্ষণ কৰাৰ লগতে উচিত ধৰণে গঢ় দি ৰাখিব পৰা যাব।

GI tag য়ে দিয়া এক পৰিচয়ৰ বাবে এইসমূহ সামগ্ৰীৰ উদ্যোগৰ পৰিচালনাই নতুন দিশ লাভ কৰিব,নিয়োগৰ সুবিধা বাঢ়িব,শ্ৰমিকৰ চাহিদা বাঢ়িব আৰু এনেদৰে ই জীয়াই থাকিব।

 (লেখিকা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ স্নাতকোত্তৰ মহলাৰ চতুৰ্থ ষাণ্মাসিকৰ ছাত্ৰী)

Images from different sources

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Editor

Editor

Related Posts

Matcha from Japanese Ritual to Global Obsession
Special Report

Matcha from Japanese Ritual to Global Obsession

by Pradakshina Sarmah
July 12, 2026
0

Matcha from Japanese Ritual to Global Obsession PRADAKSHINA SARMAH Matcha is deeply rooted in Japanese Culture, as well as Zen...

Read moreDetails
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

July 6, 2026
In Between River and the Big Gates: How Sluice Gates are shaping floods in Assam’s Katigorah!

In Between River and the Big Gates: How Sluice Gates are shaping floods in Assam’s Katigorah!

July 5, 2026
The River That Became a Drain: Bharalu and the Death of a Memory

The River That Became a Drain: Bharalu and the Death of a Memory

July 4, 2026
India’s Progress Highlighted in SDG Report 2026

India’s Progress Highlighted in SDG Report 2026

July 2, 2026
Millets: Rediscovering the Super Food!

Millets: Rediscovering the Super Food!

June 30, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
“Paromanawik Samay” !

“Paromanawik Samay” !

July 12, 2026
Life beyond Earth is the next big question: Nobel laureate Didier Queloz on exoplanets, AI and the future of science

Life beyond Earth is the next big question: Nobel laureate Didier Queloz on exoplanets, AI and the future of science

July 12, 2026
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 12, 2026
Mahabahu Climate Forum Experience: Seven Days of Climate Learning

Bhattadev University-Where Learning Met Purpose : ‘CLIMATE JUSTICE 101’ Internship Ends, A Responsibility Begins

July 11, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37233 shares
    Share 14893 Tweet 9308
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    16808 shares
    Share 6723 Tweet 4202
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2049 shares
    Share 820 Tweet 512
  • CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

    327 shares
    Share 131 Tweet 82
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    390 shares
    Share 156 Tweet 98
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    239 shares
    Share 96 Tweet 60
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1164 shares
    Share 466 Tweet 291
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    141 shares
    Share 56 Tweet 35
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6728 shares
    Share 2691 Tweet 1682
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3929 shares
    Share 1572 Tweet 982
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d