• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, June 7, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Social Media

অসমীয়া ভাষা, সামাজিক মাধ্যম, ভাষা আন্দোলন আৰু আমি: এক অৱলোকন

লিপিকা দাস

by Anjan Sarma
May 23, 2023
in Social Media, Special Report
Reading Time: 4 mins read
0
অসমীয়া ভাষা, সামাজিক মাধ্যম, ভাষা আন্দোলন আৰু আমি: এক অৱলোকন
Share on FacebookShare on TwitterShare on LinkedIn

অসমীয়া ভাষা, সামাজিক মাধ্যম, ভাষা আন্দোলন আৰু আমি: এক অৱলোকন

লিপিকা দাস

Lipika Das
লিপিকা দাস

“সুৱদী সুৰীয়া মোৰ অসমীয়া ভাষা জগতসভালৈ যাব,
উজ্জ্বল, সুউজ্জ্বল কহিনুৰ পিন্ধি হাঁহি জ্যোতিৰূপা হ’ব ।”

              বিখ্যাত গল্পকাৰ এলফ’ন্স ড’ডেটে তেওঁৰ “The Last Lesson” নামৰ গল্পটিত লিখিছিল, “নিজৰ মাতৃভাষাৰ নিচিনা সুন্দৰ, দাৰ্শনিক, কোমল ভাষা আন কোনো ভাষায়েই হ’ব নোৱাৰে ।”

বৃহত্তৰ অসম আৰু অসমীয়া জাতিটোক প্ৰতিনিধিত্ব কৰিছে সর্বাংগ সুন্দৰ, সুৱদী অসমীয়া ভাষাটোৱে যিটো উল্লেখিত উক্তিটোৰ পৰা ব্যতিক্ৰম নহয় । পৃথিৱীৰ বৃহত্তম ভাষা গোষ্ঠী ইন্দো-ইউৰোপীয় ভাষা পৰিয়ালৰ বিভিন্ন পৰিৱৰ্তনৰ ফলস্বৰূপে খ্ৰীষ্টীয় দশম-একাদশ শতিকাত অসমীয়া ভাষাৰ জন্ম হৈছিল ।  অসমীয়া ভাষা হৈছে ভাৰতবৰ্ষৰ উত্তৰ-পূব প্ৰান্তৰ এটা অতি শক্তিশালী ভাষা ।

২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ ৩,১১,৬৯,২১১ জন লোকৰ আধা সংখ্যক লোকেই ভাব বিনিময়ৰ মাধ্যম হিচাপে অসমীয়া ভাষা ব্যৱহাৰ কৰে । ভাষাবিদ ডঃ গোলোক চন্দ্ৰ গোস্বামীৰ মতে,  “অসমীয়া পৃথিৱীৰ শক্তিশালী ভাষাবোৰৰ অন্যতম । এই ভাষাৰ ভৱিষ্যত অতি উজ্জ্বল ।এই শক্তিশালী ভাষাৰ কোনোদিন মৃত্যু হ’ব নোৱাৰে বা লুপ্ত হ’ব পাৰে বুলি কৰা আশংকাও অমূলক ।”

কিন্তু তথাপিও সময়ে-সময়ে অসমীয়া ভাষাৰ সংকট আৰু ইয়াৰ ভৱিষ্যত সম্পৰ্কে প্ৰশ্ন উত্থাপন নোহোৱাকৈ থকা নাই । অসম ইতিহাসে আমাক সোঁৱৰাই দিয়ে অসমত হোৱা ভাষা আন্দোলনৰ কথা । মানৰ অত্যাচাৰৰ পৰা পৰিত্ৰাণ পাবলৈ অসমীয়াই ১৮২৬ চনত ইংৰাজক অসমলৈ আমন্ত্ৰণ কৰি আনে আৰু ইয়াণ্ডাবু সন্ধি অনুসৰি ইংৰাজে অসম শাসন কৰিবলৈ লয় ।

কিন্তু তাৰ সম্পূৰ্ণ দহ বছৰ পিছত, ১৮৩৬ চনৰ পৰা ১৮৭৩ চনলৈ তেওঁলোকে স্কুল-কলেজ, চৰকাৰী কাৰ্যালয় আদিৰ পৰা অসমীয়া ভাষা আঁতৰাই বঙালী ভাষাৰ প্ৰয়োগ আৰম্ভ কৰে । চৰকাৰ তথা একাংশ চতুৰ, স্বাৰ্থলোভী বঙালী মানুহৰ এই ষড়যন্ত্ৰৰ বিৰুদ্ধে কিছুমান সু-শিক্ষিত প্ৰবাসী অসমীয়া ছাত্ৰই বিৰোধ কৰিছিল, যাৰ ফলস্বৰূপে ১৯৬০ চনৰ ভাষা আন্দোলনৰ সূত্ৰপাত হয় ।

এই আন্দোলনত বহু সুযোগ্য অসম সন্তানে নিজ মাতৃভাষাৰ বাবে আত্মবলিদান দিছিল । এই আন্দোলনৰ পৰিণতিস্বৰূপে অসমীয়া ভাষাই ৰাজ্যিক ভাষাৰ মৰ্যাদা লাভ কৰে । গতিকেই ক’ব পৰা যায় যে অসমীয়া ভাষাৰ ইতিহাস অনুকূল নাছিল । সমসাময়িক প্ৰেক্ষাপটলৈ চালেও দেখা যায় যে ভাষাটো বৰ্তমান সংকটৰ গৰাহত ।

অসমীয়া ভাষা, সামাজিক মাধ্যম, ভাষা আন্দোলন আৰু আমি: এক অৱলোকন

সংকটাপন্ন ভাষাটোৰ ভৱিষ্যত সুনিশ্ছিত কৰাৰ ক্ষেত্ৰত বিভিন্নজনে বিভিন্ন মত আগবঢ়াইছে যদিও মূলতঃ দুটা বিষয়ৰ ওপৰত যিকোনো ভাষাৰ ভৱিষ্যত নিৰ্ভৰ কৰে—-

ক) যদিহে ভাষাটো ব্যৱহাৰ কৰা ব্যক্তিৰ সংখ্যা দিনে-দিনে হ্ৰাস পায়, আৰু
খ) নতুবা যদিহে ভাষাটোৰ মাজত অধিকভাৱে আন কোনো ভাষাৰ শব্দৰ পয়োভৰ ঘটে ।

সাম্প্ৰতিক অসমীয়া ভাষালৈ লক্ষ্য কৰিলে উপৰোক্ত দুয়োটা কাৰণেই কম-বেছি পৰিমাণে দেখা যায় । গতিকে এগৰাকী প্রকৃত অসমীয়া হিচাপে ভাষাটোক সুৰক্ষা প্ৰদান কৰাটো আমাৰ প্ৰতিজন অসমীয়াৰ নৈতিক কৰ্তব্য । শ্ৰদ্ধেয় জি. এল. আগৰৱালাদেৱৰ ভাষাত— “এইটো আজি এক প্ৰতিষ্ঠিত সত্য যে মাতৃভাষা অবিহনে এটা জাতিৰ স্বকীয় সাহিত্য-সংস্কৃতি বা পৰম্পৰা জীয়াই থাকিব নোৱাৰে ।”

সেয়েহে অসমীয়া ভাষাৰ উন্নতি তথা ৰক্ষাৰ হেতু আমি আটায়েই এক যোগাত্মক বিপ্লৱৰ অংশীদাৰ হ’ব লাগিব আৰু আমাৰ এই বিপ্লৱত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব পাৰে নব্য মাধ্যমৰ অন্তৰ্গত চ’চিয়েল মিডিয়া বা সামাজিক মাধ্যমৰ উপাদানসমূহে । সামাজিক মাধ্যমৰ সদব্যৱহাৰৰ দ্বাৰা এক ভাষা আন্দোলনৰ সূত্ৰপাত কৰি অসমীয়া ভাষাটোক পুনৰ উজ্জীৱিত কৰিব পৰা যায় ।

অসমীয়া ভাষা, সামাজিক মাধ্যম, ভাষা আন্দোলন আৰু আমি: এক অৱলোকন

বিংশ শতিকাৰ শেষৰ দশকটোত আধুনিক বিশ্বত ই-প্ৰযুক্তিৰ বহুতো দিশে ব্যাপক প্ৰসাৰতা লাভ কৰিছে । বিশেষকৈ ভাষা-সাহিত্যৰ আৰু সাংস্কৃতিক ক্ষেত্ৰত সামাজিক মাধ্যমে এক বিশেষ ভূমিকা গ্ৰহণ কৰিছে । ইণ্টাৰনেটত সামাজিক মাধ্যম হ’ল ইণ্টাৰনেটভিত্তিক আহিলাসমূহেৰে গঢ়ি তোলা এক সামাজিক মঞ্চ যাৰ জৰিয়তে অংশগ্ৰহণকাৰীসকলে বিভিন্ন কলা-সাহিত্য সৃষ্টি আৰু বিনিময় কৰিব পাৰে ।

সামাজিক মাধ্যমৰ এই ক্ষেত্ৰখন অত্যন্ত গতিশীল, লগতে ই হৈছে সমসাময়িক তথা ঐতিহাসিক পৰিস্থিতিৰ এক পৰিশোধিত সংস্কৰণ । কিন্তু ইয়াত প্ৰকাশ পোৱা লেখাবোৰ আৰু তথ্যবোৰ অসম্পাদিত । সেয়া হ’লেও এইটো কথা আমি মানিবই লাগিব যে বৰ্তমান এই সামাজিক মাধ্যমবোৰে সাহিত্য সৃষ্টিৰ লগতে মনোভাৱ প্ৰকাশৰ বাবে এখনি মঞ্চ দিছে অথচ বৰ্তমানৰ এই দ্ৰুতগামী জীৱন-ধাৰাত আমি লিখা আৰু পঢ়াৰ অভ্যাস প্ৰায় হেৰুৱাই পেলাইছোঁ ।

গতিকে সামাজিক মাধ্যমৰ সহায় লৈ আমি অসমীয়া ভাষা ৰক্ষাৰ প্ৰচেষ্টা হাতত ল’ব পাৰোঁ ভাষাটোৰ প্ৰচাৰ আৰু প্ৰসাৰৰ জৰিয়তে । আমি মনত ৰাখিব লাগিব যে অসমৰ বাহিৰেও বিশ্বৰ বিভিন্ন প্ৰান্তত বহুতো অসমীয়া মানুহে বাস কৰি আছে । গোলকীকৰণে সমগ্ৰ বিশ্বক এখন গোলকীয় গাঁৱলৈ পৰিণত কৰাৰ সময়তে সামাজিক মাধ্যমসমূহে প্ৰবাসী অসমীয়াসকলক অসমীয়া ভাষাটোৰ কাষ চপাই আনিবলৈ সক্ষম হৈছে ।

অসমৰ বাহিৰত থকা অসমীয়াসকলে ফেচবুক, হোৱাটচেপ আদিৰ জৰিয়তে ভাষাটো কেৱল পঢ়াই নহয় তাক চৰ্চাও কৰিব লৈছে । তেনেস্থলত অসমৰ বাসিন্দা হিচাপে আমাৰো যথেষ্ট কৰণীয় আছে । আজিকালি দেখা গৈছে যে প্ৰায় আটায়েই নিজ নিজ সন্তানক ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহত পঢ়াবলৈ যত্ন কৰে । যাৰ বাবে তেওঁলোক নিজ মাতৃভাষাৰ পৰা বিচ্ছিন্ন হ’বলৈ আৰম্ভ কৰে ।

আকৌ এচামে অসমীয়া ভাষা প্ৰয়োগ কৰিলে নিজক যুগৰ সৈতে খাপ নোখোৱা বুলি গণ্য কৰে আৰু সেয়ে ভুলে-শুদ্ধই ইংৰাজী প্ৰয়োগ কৰিবলৈ লয় । আপোন মাতৃক তিৰস্কাৰ কৰি লোকৰ মাতৃক আদৰ দিলে জানো যুক্তিকৰ? গতিকেই পোনপ্ৰথমে আমি নিজৰ মাজত এক জাতীয়তাবোধৰ জন্ম দিব লাগিব আৰু তাৰ পিছত ঐক্যবদ্ধভাৱে সন্মিলিত প্ৰচেষ্টা হাতত ল’ব লাগিব । সামাজিক মাধ্যমসমূহ কেৱল আমাৰ হাতত থকা  অস্ত্ৰহে কিন্তু মূল যুঁজাৰু হ’ব লাগিব আমি ।

অসমীয়া ভাষা, সামাজিক মাধ্যম, ভাষা আন্দোলন আৰু আমি: এক অৱলোকন

গতিকে নিম্নলিখিত পদক্ষেপসমূহ গ্ৰহণ কৰিব পাৰোঁ—–

ক) প্ৰথমতে, আমি ভাষাটোৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ওপৰত মূলতঃ গুৰুত্ব দিব লাগিব । তাৰবাবে আমি অধিক পৰিমাণে ভাষাটো ব্যৱহাৰ কৰিব লাগিব । পৰাপক্ষত সামাজিক মাধ্যমত পোষ্ট, কমেণ্ট আদি কৰোঁতে অসমীয়া লিপি প্ৰয়োগ কৰিব লাগিব ।

খ) দ্বিতীয়তে, অসমীয়া লিখা অভ্যাস কৰিব লাগিব । বহু ক্ষেত্ৰত দেখা যায় যে অনেকেই লেখা এটা অসমীয়া ভাষাত লিখে যদিও ৰোমান লিপিহে ব্যৱহাৰ কৰে । মেছেজ লিখা ক্ষেত্ৰতো অনুৰূপ ঘটনাই পৰিলক্ষিত হয় । যেনে:- Hi, Ki krisa? (হাই, কি কৰিছা?) ৰোমান লিপিত টাইপ কৰি সময় ৰাহি কৰিব বিচৰা যেন বোধ হয় যদিও আমি ক’বলৈ বাধ্য যে অলপ সময় বেছিকৈ ব্যয় কৰিলে যদি নিজৰ ভাষাটোৰ বৰ্তমান আৰু ভৱিষ্যত সুনিশ্চিত হয় তেন্তে তাত আমাৰ কাৰোৱে আপত্তি থাকিব নালাগে । এয়া আমাৰ কৰ্তব্য বুলি মানি পালন কৰা উচিত ।

গ) কেৱল নিজে অসমীয়া লিখিলেই নহ’ব, আনকো লিখিবলৈ আগ্ৰহী কৰিব লাগিব । তাৰ বাবে অসমীয়া লিখিব পৰা বিভিন্ন এপ, চফ্টৱেৰ ইত্যাদিৰ বিষয়ে তথ্য সংগ্ৰহ কৰি সেইবোৰৰ বিষয়ে সামাজিক মাধ্যমবোৰৰ জৰিয়তে সৰ্বসাধাৰণ ৰাইজৰ মাজত সজাগতা সৃষ্টি আৰু বৃদ্ধি কৰিব পাৰি ।

ঘ) চতুৰ্থতে, মন কৰিবলগীয়া কথাটো হ’ল ভাষাটোৰ শুদ্ধ ৰূপত প্ৰয়োগ হৈছে নে নাই তাৰ প্ৰতি নজৰ দিয়া । ভাষাটোৱে কেৱল নিজস্ব লিপিৰে জিলিকি উঠিলেই নহ’ব, যদিহে ভাষাটো প্ৰয়োগ কৰোঁতে ভুল-ক্ৰুটি ৰৈ যায় আৰু সেইবোৰ অপৰিৱৰ্তিত হৈ ৰয় তেন্তে ভাষাটোৰ গৰিমা আৰু স্বকীয়তা ম্লান হোৱাত সম্ভাৱনা থাকে । এনে ক্ষেত্ৰত আমি অভিধান নতুবা অন্য কোনো পুথিৰ সহায় ল’ব পাৰোঁ ।

ঙ) পঞ্চমতে, গঠনমূলক সমালোচনাৰ দ্বাৰা সংস্কাৰ সাধনৰ প্ৰয়োজন । আজিকালি বহুতেই ব্যক্তিগত আগ্ৰহেৰে সামাজিক মাধ্যমত ভাষাটো প্ৰয়োগ কৰিবলৈ লৈছে, ন-ন চিন্তাক লিখনি আকাৰে প্ৰকাশ কৰিবলৈ ধৰিছে । তেনেস্থলত যদিহে আমি গঠনমূলক সমালোচনাক আদৰি নলওঁ তেন্তে ভাষাটোৰ অপপ্ৰয়োগে তাৰ স্বকীয়তা ৰক্ষা কৰাত ব্যৰ্থ হ’ব ।

অসমীয়া ভাষা, সামাজিক মাধ্যম, ভাষা আন্দোলন আৰু আমি: এক অৱলোকন

              ইতিমধ্যেই আমি দেখিবলৈ পাইছোঁ যে ফেচবুকৰ মজিয়াত “অসমীয়াত কথা-বতৰা”, “অনুভূতিৰ মধুৰ স্মৃতি”, “স্বপ্নবিভোৰ পখীৰ আলয়”, “অংকুৰ“কে আদি কৰি কেতবোৰ গোট খোলা হৈছে য’ত অসমীয়া বাদে অইন ভাষাৰ প্ৰয়োগ নিষেধ । আনকি তেওঁলোকে নিজাববীয়া প্ৰচেষ্টাৰে ই-মেগাজিনৰ কামো আৰম্ভ কৰিছে যাৰ বাবে ভাষাটোৰ লগতে সাহিত্য ক্ষেত্ৰখনো উন্নত হৈছে ।

তাৰোপৰি “খোজ”, “জাগৰণ প্ৰকাশন”,”অংকুৰ বিপনী“ৰ দৰে প্ৰতিষ্ঠানসমূহে ফেচবুক, হোৱাটচেপৰ জৰিয়তে এক গ্ৰন্থ বিপ্লৱৰ সূচনা কৰিছে যাৰ জৰিয়তে তেওঁলোকে বহুতো ন-পুৰণি, আপুৰুগীয়া অসমীয়া গ্ৰন্থ পাঠকৰ হাতত তুলি দিবলৈ সক্ষম হৈছে । গতিকেই সময় কটোৱা, মনোৰঞ্জনৰ আহিলা হোৱাৰ উপৰিও সামাজিক মাধ্যমসমূহ এক যুগান্তকাৰী বিপ্লৱৰ জৰিয়তে নতুন যুগৰ সূচনা কৰিব পৰাকৈও সক্ষম ।

           সত্যেন্দ্ৰনাথ শৰ্মাদেৱৰ মতে, “ভাষা বৃক্ষৰ সাহিত্য সৌৰভময় পুষ্পস্বৰূপ ।” সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডখনত অজস্ৰ ভাষা আছে যদিও মাতৃভাষাৰ স্থান সদায় ওপৰত । কিন্তু যদিহে আমি মাতৃভাষাক তুচ্ছ জ্ঞান কৰি আনৰখিনি গ্ৰহণ কৰোঁ তেন্তে সেয়া নিজৰ লগতে জাতি তথা দেশৰ অস্তিত্বৰ প্ৰতিও বিপদজনক ।

সাম্প্ৰতিক অসমীয়া ভাষা পৰ্বত-ভৈয়ামৰ সকলো মানুহৰে উমৈহতীয়া সম্পদ তথা প্ৰকাশৰ বাহন । গতিকে অসমীয়া ভাষাৰ অখণ্ডতা ৰক্ষাৰ জৰিয়তেহে ৰাষ্ট্রীয় অখণ্ডতা ৰক্ষা কৰাটো সম্ভৱ ।

সেয়েহে যুগৰ সৈতে খোজ মিলাই, বিজ্ঞান-প্ৰযুক্তিবিদ্যাই দিয়া উপহাৰস্বৰূপ সামাজিক মাধ্যমসমূহৰ ইতিবাচক প্ৰয়োগে প্ৰতিজন অসমীয়াৰ মনত অসমীয়া জাতীয়তাবাদৰ ভাব জগাই তোলাৰ লগতে ভাষাটোৰ স্বকীয়তা অক্ষুণ্ণ ৰাখি ৰক্ষণাবেক্ষণ দিবলৈ সক্ষম হ’ব বুলি আমি আশাবাদী ।

অসমীয়া ভাষা, সামাজিক মাধ্যম, ভাষা আন্দোলন আৰু আমি: এক অৱলোকন
Photo by Tracy Le Blanc on Pexels.com

সহায়ক গ্ৰন্থপঞ্জী:–
নেওগ, মহেশ্বৰ– “অসমীয়া সাহিত্যৰ ৰূপৰেখা”, চন্দ্ৰপ্ৰকাশ, গুৱাহাটী, ২০১৫
শৰ্মা, সত্যেন্দ্ৰনাথ– “অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত”, সৌমাৰ প্ৰকাশ, গুৱাহাটী, ২০০৯

অন্যান্য:-
বৰা, অঞ্জল– “আন্তঃজাতিক মাতৃভাষা দিৱস আৰু অসমৰ ভাষা আন্দোলন”, সাহিত্য ডট অৰ্গ, মাৰ্চ ২০১২
মহন্ত, এম.– “মাতৃভাষাক অৱজ্ঞা কৰিলে বিপদ অনিবাৰ্য”, অসমীয়া সাহিত্যৰ সুবাস, আগষ্ট ২০১৯
লহকৰ, ধীৰাজ জে– “বঞ্চনাৰ ইতিহাস”, সাহিত্য ডট অৰ্গ, মে ২০১৪

[Writer Lipika Das, Assistant Teacher, Goaltuli Girls’ M.E. School, Goalpara]

[images from different sources]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Anjan Sarma

Anjan Sarma

Related Posts

নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…
Health

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

by Sanghamitra Kashyap
June 6, 2026
0

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা সংঘমিত্ৰা কাশ্যপ আমাৰ সমাজখন বিজ্ঞান প্ৰযুক্তি আৰু স্বাস্থ্য সম্বন্ধীয় বহু ক্ষেত্ৰত আজি আগবাঢ়ি গৈছে।...

Read moreDetails
backview of sad child waiting on a glass window

শিশু সকলৰ মানসিক অৱস্থাৰ খবৰ ৰাখিছোনে? 

June 4, 2026
Legal profession takes a heavier toll on Female Advocates

Legal profession takes a heavier toll on Female Advocates

May 31, 2026
পাৰ্কিনছন ৰোগ

পাৰ্কিনছন ৰোগ

May 31, 2026
Indigenous people and their web of apathies

Indigenous people and their web of apathies

May 28, 2026
Making Mindfulness a Part of the Contemporary Age

Making Mindfulness a Part of the Contemporary Age

May 24, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
বজালী আৰু বজেইলা ৰাজনৈতিক ফুটবল নহয়!

Building a Climate-Resilient Future: World Environment Day 2026 and the Rise of a Green Campus Revolution

June 6, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

June 6, 2026
The Hidden Climate Cost of Food: Why One Health Matters for India’s Future

The Hidden Climate Cost of Food: Why One Health Matters for India’s Future

June 5, 2026
Conditioned, Chilled, but Contaminated : The Hidden Crisis in Urban Climate Adaptation

Conditioned, Chilled, but Contaminated : The Hidden Crisis in Urban Climate Adaptation

June 5, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    33992 shares
    Share 13596 Tweet 8498
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    15167 shares
    Share 6067 Tweet 3792
  • বিশ্ব পৰিৱেশ দিৱস ২০২৬: এক সংকটজনক সন্ধিক্ষণত পূৰ্ব হিমালয়

    644 shares
    Share 258 Tweet 161
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    532 shares
    Share 213 Tweet 133
  • NEHU Shillong Hosts Historic Global Plant Humanities Summit as Scholars from Across the World Reimagine Humanity’s Bond with Nature

    290 shares
    Share 116 Tweet 73
  • পৰিৱেশ সুৰক্ষা আৰু আমাৰ দায়িত্ব 

    3508 shares
    Share 1403 Tweet 877
  • মাধৱদেৱৰ সাহিত্যকৃতি

    694 shares
    Share 278 Tweet 174
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    1012 shares
    Share 405 Tweet 253
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3801 shares
    Share 1520 Tweet 950
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6594 shares
    Share 2638 Tweet 1649
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d