অসমীয়া লোকসংগীতৰ সাধক খগেন মহন্ত
(১৭ আগষ্টত ৮২ তম্ জন্ম বাৰ্ষিকী উপলক্ষ্যে)
যুগান্ত বায়ন
খগেন মহন্ত অসমৰ লোকসংগীত আৰু আধুনিক সংগীতক সম্বৃদ্ধিশালী কৰা অসমৰ এগৰাকী বলিষ্ঠ গায়ক, সুৰকাৰ আৰু গীতিকাৰ।
অসমীয়া থলুৱা গীত-পদৰ স্বকীয়তা নষ্ট নকৰাকৈ তেওঁ লোকসংগীতৰ ভেটিতে বহু কালজয়ী গীত বা গীতৰ সুৰ সৃষ্টি কৰি অসমীয়া সংগীত জগতখনক চহকী কৰি থৈ গৈছে। অসমৰ অন্যতম লোকসংগীত বিহুৰ পৰিৱেশনৰ ক্ষেত্ৰত থকা দক্ষতাৰ বাবে তেওঁক “বিহু সম্ৰাট” বুলি কোৱা হয়।
স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ পাছতেই খগেন মহন্ত সংগীত সাধনাত ব্ৰতী হৈছিল। বিহুগীতক জনপ্ৰিয় কৰা অপ্ৰতিদ্বন্দ্বী শিল্পী হিচাপে লোকগীতৰ সম্ৰাটজন ফিল্ম ক্ৰাফট এৱাৰ্ড, সংগীত নাটক একাডেমি বঁটা, সংগীতাচাৰ্য বঁটা আদিৰে সন্মানিত কৰা হৈছিল।
১৯৬১ চনত শকুন্তলা চিনেমাত অভিনয় কৰা শিল্পীগৰাকীয়ে আকাশবাণীৰ ডুকুমেণ্টৰী ‘লিজেণ্ড অৱ লোহিত’ৰ বাবে ১৯৮৯ চনত বিশেষভাৱে সন্মানিত হৈছিল।
১৯৯০ চনত তেখেতৰ দ্বাৰা প্ৰস্তুত ‘অ’ মোৰ আপোনাৰ দেশ’ গীতটো এছিয়া মহাদেশৰ সাংস্কৃতিক বিনিময় কাৰ্যসূচীৰ অধীনত চীনলৈ লৈ গৈ অসমীয়াৰ এই চিৰযুগমীয়া গীতটোক বিশ্বজনীন ৰূপ দিয়া হৈছিল।
১৯৪২ চনৰ ১৭ আগষ্ট শাওন-ভাদৰ সংক্ৰান্তি তিথিত নগাঁও জিলাৰ জাজৰি বগৰিগুৰি আমতলা গজলা সত্ৰৰ সত্ৰাধিকাৰৰ গৃহত তেওঁৰ জন্ম হৈছিল। পিতৃ প্ৰয়াত হৰেন্দ্ৰনাথ মহন্ত আৰু মাতৃ প্ৰয়াত লক্ষ্মীপ্ৰিয়া দেৱী। শৈশৱৰে পৰা শিল্পীগৰাকীয়ে পিতৃৰ পৰাই নাম-কীৰ্তন, প্ৰসংগ, গায়ন-বায়ন আৰু সত্ৰীয়া নৃত্যকলা আয়ত্ত কৰিবলৈ আৰম্ভ কৰিছিল আৰু এই ক্ষেত্ৰত তেওঁ সফলতা লাভ কৰিছিল। সত্ৰীয়া নৃত্যৰ লগতে খোলবাদনতো তেওঁ বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছিল।
আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিয়মীয়া শিল্পী হিচাপে তেখেতে ১৯৬৫ চনৰ পৰাই গীত গাবলৈ লয় আৰু ১৯৭২ চনত প্ৰথম শ্ৰেণীৰ “সুগম সংগীত” আৰু “লোকসংগীতৰ শিল্পী” হিচাপে আকাশবাণীৰ স্বীকৃতি লাভ কৰে। ১৯৭৬ চনৰ পিছত তেখেতে আকাশবাণীত সংগীতকাৰৰ চাকৰীত যোগদান কৰি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা শিল্পীসকলক একত্ৰিত কৰি সংগীতৰ প্ৰশিক্ষণ দিবলৈ আৰম্ভ কৰে।
পিছত তেওঁ আকাশবাণীত সংগীত প্ৰযোজক হৈ শেষত আকাশবাণীৰ উত্তৰ-পূব সঞ্চালকালয়ৰ উপ-সঞ্চালক হিচাপে ২০০১ চনৰ ৩১ ডিচেম্বৰত অৱসৰ গ্ৰহণ কৰে। আকাশবাণী গুৱাহাটী কেন্দ্ৰত থকাৰ সময়তে তেওঁ অসমীয়া লোকসংগীতৰ শিল্পীসকলক বিচাৰি উলিয়াই অসমৰ লোকসংগীতৰ জগত খনক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ বিভিন্ন কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছিল। ইয়াৰোপৰি অকাশবাণীত শিশু অনুষ্ঠান পৰিচালনা, সংগীতালেখ্য প্ৰস্তুত, সাক্ষাৎকাৰ গ্ৰহণ আদিৰ দৰে অনেক নতুন অনুষ্ঠানৰ তেওঁ শুভাৰম্ভ কৰিছিল।
খগেন মহন্ত ১৯৬৫ চনত অৰ্চনা মহন্তৰ লগত বিবাহপাশত আৱদ্ধ হয়। তেওঁৰ পুত্ৰ অংগৰাগ মহন্তও এগৰাকী সংগীত শিল্পী।
১৯৬০ চনৰ অসমৰ ভাষা আন্দোলনৰ সময়ত বিষ্ণুপ্ৰসাদ ৰাভা, হেমাঙ্গ বিশ্বাস আৰু যুগল দাসৰ দ্বাৰা নিৰ্মাণ কৰা হাৰ্মনি দল (Harmony Group)ৰ এজন সক্ৰিয় সদস্য হৈ তেওঁ গোটেই অসমত শান্তিৰ হকে গীত পৰিৱেশন কৰিছিল।
অসমীয়া সংগীত জগতৰ যুগজয়ী অথবা কালজয়ী অথবা চিৰসেউজ গীতসমূহৰ ভিতৰৰ “কলৰে পাততে কাউৰী পৰে”, “মা আমি শদিয়ালৈ যামেই”, “পাৰৰ পাখিত গাঁঠি দিলোঁ ফুলাম চিঠিখনি”, “পাহাৰৰ জুৰিটি পিৰীতি সাৱটি”, আদি গীতত খগেন মহন্তই কণ্ঠদান কৰি অসমীয়া আধুনিক গীতৰ এক সোণালী যুগৰ সৃষ্টি কৰিছিল। শিল্পী গৰাকীয়ে ২৩খন অসমীয়া চলচ্চিত্ৰত নেপথ্য কণ্ঠশিল্পী হিচাপে কণ্ঠদান কৰাৰ লগতে “মেঘমুক্তি”, “মইনাজান”, “যুঁজ” আৰু “নিশি উজাগৰ”ৰ সংগীত পৰিচালনাও কৰিছিল।
১৯৬১ চনত শকুন্তলা চিনেমাত অভিনয় কৰা শিল্পীগৰাকীয়ে আকাশবাণীৰ ডুকুমেণ্টৰী ‘লিজেণ্ড অৱ লোহিত’ৰ বাবে ১৯৮৯ চনত বিশেষভাৱে সন্মানিত হৈছিল।
১৯৯০ চনত তেখেতৰ দ্বাৰা প্ৰস্তুত ‘অ’ মোৰ আপোনাৰ দেশ’ গীতটো এছিয়া মহাদেশৰ সাংস্কৃতিক বিনিময় কাৰ্যসূচীৰ অধীনত চীনলৈ লৈ গৈ অসমীয়াৰ এই চিৰযুগমীয়া গীতটোক বিশ্বজনীন ৰূপ দিয়া হৈছিল।
১৯৯২ চনত “সংগীত নাটক একাডেমী বঁটা”, ১৯৯৪ চনত “শ্ৰীক্ষয় বঁটা” আৰু ১৯৯৯ চনত “সংগীতাচাৰ্য বঁটা” লাভ কৰা শিল্পীগৰাকীয়ে ১৯৬৫ চনৰ তেতিয়াৰ নেপালৰ ৰজা মহেন্দ্ৰৰ উপস্থিতিত “ৰিয়েল থিয়েটাৰ”ত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত ‘মুৰেলী বাজো বনমা/ ল কৃষ্ণা চমজানা মনমা’ নামৰ নেপালী চহা জীৱনৰ এটি গীতত খগেন মহন্তই কণ্ঠদান কৰি নেপালৰ ভিতৰুৱা অঞ্চলৰ অখ্যাত গীত এটাক ৰাইজৰ মাজলৈ উলিয়াই আনি পৰিৱেশন কৰাৰ বাবে তেওঁ সকলো দৰ্শক-শ্ৰোতাৰ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছিল।
সেইটো অনুষ্ঠানতে খগেন মহন্তৰ গীত শুনি আনন্দিত হৈ নেপালৰ লোকগীতৰ সম্ৰাট ধৰমৰাজ থাপাই মৰমৰ চিনস্বৰূপে খগেন মহন্তৰ শিৰত এটি নেপালী টুপী পিন্ধাই দিছিল। নেপালৰ পৰা লাভ কৰা সেই টুপীটো শিৰত সন্মান সহকাৰে শিল্পীগৰাকীয়ে আমৃত্যু পিন্ধি থাকিছিল।
আজি অসমৰ লোকসংগীতৰ কিংবদন্তি খগেন মহন্তৰ ৮২তম্ জন্ম দিৱসৰ পবিত্ৰ মূহুৰ্তত শিল্পীগৰাকী লৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। আজিৰ এই পবিত্ৰ দিনটোত শিল্পীগৰাকীয়ে অসমৰ থলুৱা গীত-মাত তথা থলুৱা লোকসংগীতৰ চৰ্চা, প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে গ্ৰহণ কৰা অকৃত্ৰিম ব্যৱস্থাৱলীয়ে আজিৰ নতুন প্ৰজন্মক উৎসাহিত কৰি অসমৰ অতি চহকী লোকসংগীত সুস্থ আৰু সু-শৃংখল ৰূপত প্ৰতিষ্ঠা কৰাৰ কাৰণে নিশ্চয় প্ৰচেষ্টা হাতত ল’ব।
যুগান্ত বায়ন ৮৮৭৬৪১৫০৮৯
17-08-2024
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.