• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, June 18, 2025
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Literature

অসমীয়া ল’ৰাৰ ব্যাকৰণ

-দীনবন্ধু তৰ্কালঙ্কাৰ

by Anjan Sarma
June 20, 2021
in Literature, Special Report
Reading Time: 20 mins read
0
Share on FacebookShare on TwitterShare on LinkedIn

(১৮৯০)

-দীনবন্ধু তৰ্কালঙ্কাৰ |

RelatedPosts

Air India Flight AI171 Crashes near Ahmedabad with 242 Onboard

What Happened to Air India Flight AI171?

June 18, 2025
World War III: Could Water Be the Spark?

India’s 2025 Climate Crisis: Scorching Heat, Water Shortages, and Urgent Solutions

June 16, 2025
Heatwave Days to Double in Mumbai, Chennai, Delhi, Patna and other Indian Cities by 2030

Heatwave Days to Double in Mumbai, Chennai, Delhi, Patna and other Indian Cities by 2030

June 16, 2025

[ আৰম্ভণি ]

          অসমীয়া ল’ৰাৰ ব্যাকৰণ

শ্ৰীদীনবন্ধু তৰ্কালঙ্কাৰ-কৰ্ত্তৃক ৰচিত৷

অসম নগাঁও হইতে

শ্ৰীযুক্ত ৰায় গুণাভিৰাম বৰুৱা

বাহাদুৰ-কৰ্ত্তৃক প্ৰকাশিত৷

                  •••••••

কলিকাতা;

বাগ্বাজাৰ, ৰাজা ৰাজবল্লভ ষ্ট্ৰীট্‌ ৮৪ নং নব সাৰস্বত যন্ত্ৰে

শ্ৰীউদয়চন্দ্ৰ ঘোষ কৰ্ত্তৃক মুদ্ৰিত।

                ••••••••••

ইং ১৮৯০ সাল৷

                      || ভূমিকা ||

 আমাৰ দেশৰ পঢ়াশালিবিলাকত অসমীয়া ভাষা শিক্ষাদিবলৈ সংক্ষেপ ব্যাকৰণ নোহোৱাত শ্ৰীযুত দীনবন্ধু তৰ্কালঙ্কাৰ মহাশয়ে এই ব্যাকৰণখানি ৰচনা কৰি তেঁওৰ ছাত্ৰবিলাকক শিক্ষা দিছিল৷ ইয়াক ময় পঢ়ি চালোঁ৷ সংস্কৃত ভাষাৰ ব্যাকৰণ অবলম্বন কৰি ইয়াক ৰচনা কৰা হ’লেও সেই ভাষাৰ নিয়ম আমাৰ ভাষাত যিমান চলিছে তিমানহে ইহাত সংক্ষেপে আছে৷ আরু আমাৰ অসমীয়া ব্যাকৰণত থাকিব লগীয়া প্ৰায় সকলো নিয়ম ইয়াত আছে৷ ইহাৰ দ্বাৰা আমাৰ ভাষা শিকিবলৈ অনেক সাহায্য হব যেন আশা কৰি ময় বৰ সন্তোষ পাইছোঁ আরু গ্ৰন্থকৰ্ত্তাৰ অভিপ্ৰায় অনুসাৰে ইয়াক মুদ্ৰিত কৰিলোঁ৷ এতিয়া আমাৰ দেশৰ ল’ৰা চোৱালী বিলাকৰ ইয়াৰ পৰা উপকাৰ হ’লেই আশা সফল হোৱাৰ সন্তোষ লভিব পাৰিম৷ নগাঁও জিলাৰ শিক্ষাবিভাগৰ ডিষ্ট্ৰিক্ট কমিটিয়েও এই পুথিক পঢ়াশালিত পঢ়িব লগীয়া বুলি অভিমত প্ৰকাশ কৰিছে৷[ ভূমিকা ]

 পৰিশেষে এই কওঁ যে, এই পুথী ময় মুদ্ৰিত কৰিলোঁ হয়, কিন্তু ইয়াৰ স্বত্ব গ্ৰন্থকৰ্ত্তাৰেই আছে

ইতি৷

অসম-নগাঁও

শ্ৰীগুণাভিৰাম শৰ্মা।

শক ১৮৯৬; ১লা বৈশাখ

                    ••••••••

চতুৰ্থবাৰৰ বিজ্ঞাপন৷

 এই মুদ্ৰাঙ্কণত ইয়াক অনেক বৰ্দ্ধিত কৰা হ’ল৷

          শ্ৰীদীনবন্ধু শৰ্মা৷

[ ১ ]

          || অসমীয়া ল’ৰাৰ ব্যাকৰণ ||

                       ভাষা৷

মানুহে যি যি স্পষ্ট শব্দ কবি মনৰ ভাৱ প্ৰকাশ কৰে; তাৰ নাম ভাষা৷

                     ব্যাকৰণ৷

ভাষা শুদ্ধকৈ লিখা পঢ়া কৰিবলৈ আরু ভাল রূপে বুঝিবলৈ যি যি নিয়ম কৰা যায়, তাৰ নাম ব্যাকৰণ৷

দূৰৈৰ মানুহক কথা কই মনৰ ভাব জনাব নোৱাৰি আরু বহুদিন হ’লে মনতো নেথাকে, এই কাৰণে ভাষা লিখা যায়; যি যি চিহ্নেৰে লিখা যায়, তাৰ নাম বৰ্ণ বা আখৰ৷ অসমীয়া ভাষাত এই কেইটা আখৰৰ ব্যৱহাৰ আছে৷ যথা; —অ আ ই ঈ উ উ ঋ ৠ ঌ ৡ এ ঐ ও ঔ অং অঃ৷

ক খ গ ঘ ঙ। চ ছ জ ঝ ঞ। ট ঠ ড ঢ ণ৷ ত থ দ ধ ন৷ প ফ ব ভ ম৷ য ৰ ল ব শ ষ স হ ক্ষ৷

[ ২ ] ইয়াৰ অকে আদি কৰি ঔলৈকে বৰ্ণ কেইটাঃ

আপুনি উচ্চাৰিত হব পাৰে দেখি তাক স্বৰবৰ্ণ আরু আন বিলাক স্বৰৰ সহায় নোহোৱাকৈ উচ্চাৰিত হব নোৱাৰে দেখি সেই বিলাকক ব্যঞ্জনবৰ্ণ বোলে৷

 সেই স্বৰৰ অ ই উ ঋ ঌ এই কেইটা হ্ৰস্ব, আন কেইটা দীৰ্ঘ৷ উচ্চাৰণৰ কাল অনুসাবে হ্ৰস্ব৷ আরু দীৰ্ঘ বোল যায়৷ অং আৰু অঃ এই দুইটী স্বৰ ন হয়, কেবল অনুস্বাৰ আৰু বিসৰ্গৰ উচ্চাৰণ কৰিবলৈ ব্যৱহাৰ কৰা গ’ইছে৷ এই অনুস্বাৰ আরু বিসৰ্গৰ আন স্বৰৰ পাছেও উচ্চাৰণ হয়৷ ক্ষ আপুনি এটা আখৰ ন হয়৷ ক আৰু ষ যুক্ত হই হইছে৷ ড আরু ঢ কঠিনরূপে উচ্চাৰণ হ’লে ড় আৰ ঢ় হয়৷ য় য বৰ্ণৰ আন প্ৰকাৰৰ উচ্চাৰণ৷ হোৱা বৰ্ণ৷ ঁ চন্দ্ৰবিন্দু নিজে কোনো বৰ্ণ ন হয়, অন বৰ্ণৰ লগত থাকিলে তাক নাকেৰে উচ্চাৰণ কৰিব লগা বুঝায়৷

 ব্যঞ্জনবৰ্ণৰ ক আদি মলৈকে পাঁচটী এ পাঁচটী এ এটা এটা বৰ্গ হয়৷ যেনে; ক খ গ ঘ ঙ এই পাঁচটা কবৰ্গ, চ ছ জ বা ঞ চবৰ্গ, ট ঠ ড ঢ ণ [ ৩ ]টবৰ্গ, ত থ দ ধ ন তবৰ্গ, প ফ ব ভ ম পবৰ্গ৷ য ৰ ল ৱ এই কেইটাক অন্তঃস্থ বৰ্ণ বোলে৷

 যি যি আখৰ বৰ্গৰ যি ঠাইত আছে, সেই অনুসাৰেও সিবিলাকৰ নাম হয়৷ যেনে; কবৰ্গৰ৷ প্ৰথম বৰ্ণ বুলিলে ক, দ্বিতীয় বুলিলে খ, তৃতীয় বুলিলে গ, চতুৰ্থ ঘ, পঞ্চম ঙ বুঝায়৷ এই দৰে৷ আন আন বৰ্গৰো জানিবা৷

            বৰ্ণ উচ্চাৰণৰ ঠাই৷

 আগত কোৱা বৰ্ণ বিলাক কণ্ঠ (ডিঙ্গি) জিহ্বামূল, তালু, মূৰ্দ্ধা ( মূৰ ) দন্ত ( দাঁত ) আৰু ওষ্ঠ ( ওঁঠ ) এই কেই ঠাইৰ পৰা উচ্চাৰণ হয়৷ যি ঠাইৰ পৰা যিটোৰ উচ্চাৰণ হয় সেই ঠাইৰ নাম অনুসাৰেও তাৰ এটা নাম হ’ই থাকে৷ যেনে৷ কণ্ঠৰ পৰা যাৰ উচ্চাৰণ সি কণ্ঠ্য, তালুৰ পৰা যাৰ উচ্চাৰণ সি তালব্য ইত্যাদি৷

 যি ঠাইৰ পৰা যি আখৰৰ উচ্চাৰণ আৰু সেই দেখি যাব যি নাম হইছে, তাক তলত লিখা গ’ল৷

# অসমীয়া ভাষাৰ মূল সংস্কৃত; সংস্কৃতৰ বৰ্ণমালা হে ইয়াৰ বৰ্ণমালা, সেই দেখি সংস্কৃতৰ দৰে ইয়াৰ উচ্চাৰণ লিখা গ’ল৷ কিন্তু অসমীয়াৰ দৰে, কিছু লৰ চৰ হয়৷ [ ৪ ] অ আ হ এই তিনটাৰ উচ্চাৰণৰ ঠাই কণ্ঠ এই দেখি এই বিলাকক কণ্ঠ্য বৰ্ণ বোলে।

 ক খ গ ঘ ঙ এই পাঁচটাৰ উচ্চাৰণৰ ঠাই জিহ্বামূল, এই নিমিত্তে এই কেইটাক জিহ্বামূলীয় বৰ্ণ বোলে৷

 ই ঈ চ ছ জ ঝ ঞ য শ এই বিলাকৰ উচ্চাৰণৰ স্থান তালু, এই হেতুকে এই কেইটাক তালব্য বৰ্ণ বোলে৷

 ঋ ৠ ট ঠ ড ঢ ণ ৰ য এই বৰ্ণ কেইটাণ উচ্চাৰণ মুৰ্দ্ধা অৰ্থাৎ মূৰৰ পৰা হয় দেখি এই বিলাকক মূৰ্দ্ধণ্য বৰ্ণ বোলে৷

 ঌ ৡ ত থ দ ধ ন ল স এই বিলাকৰ উচ্চাৰণৰ ঠাই দন্ত, সেই নিমিত্তে এই কেইটাক দন্ত্য বৰ্ণ বোলে৷

 উ ঊ প ফ ব ভ ম এই কেইটাৰ উচ্চাৰণৰ ঠাই ওষ্ঠ, সেই হেতুকে এই বিলাকক ওষ্ঠ্যবৰ্ণ বোলে৷

 ও ঔ এই দুইটাৰ উচ্চাৰণ কণ্ঠ আৰু ওষ্ঠৰ পৰা হয় দেখি এই দুটাক কণ্ঠৌষ্ঠ্য বৰ্ণ বোলে৷

 এ ঐ এই দুই বৰ্ণৰ উচ্চাৰণৰ ঠাই কণ্ঠ আৰু তালু, সেই দেখি এই দুটাক কণ্ঠতালব্য বৰ্ণ বোলে৷ [ ৫ ] ৱ বৰ্ণৰ উচ্চাৰণ দন্ত আরু ওষ্ঠৰ পৰা হয় দেখি ইয়াক দন্তৌষ্ঠ্য বৰ্ণ বোলে৷

 নাসিকাৰ সহায় নহলে ং ঙ ঞ ণ ন ম উচ্চাৰিত হব নোৱাৰে দেখি এই বিলাকক অনুনাসিক বৰ্ণ বোলে৷

 বিসৰ্গৰ উচ্চাৰণৰ কোন নিৰ্দিষ্ট ঠাই নাই; যি স্বৰং পাছত থাকে, তাৰ উচ্চাৰণৰ ঠাইহে বিসৰ্গৰ উচ্চাৰণৰ ঠাই৷

 সকলো বৰ্গৰ প্ৰথম আরু তৃতীয় বৰ্ণক অল্প প্ৰাণ এবং দ্বিতীয় আরু চতুৰ্থ বৰ্ণক মহাপ্ৰাণ বৰ্ণ বোলে৷ অল্প প্ৰাণ বৰ্ণৰ উচ্চাৰণ কোমল আরু মহাপ্ৰাণ বৰ্ণৰ উচ্চাৰণ কঠিন৷ ক, গ, চ, জ, ট, ড, ত, দ, প ও ব এই বিলাক অল্পপ্ৰাণ বৰ্ণ, রু খ, ঘ, ছ, য, ঠ, , থ, ধ, ফ আৰু ভ এই বিলাক মহাপ্ৰাণ বৰ্ণ৷

 অসমীয়া ভাষাত অকাৰৰ দুবিধ উচ্চাৰণ হয়৷ তাৰ এবিধ কণ্ঠ এবিধ কণ্ঠৌষ্ঠ্য৷ মৰা ( মৃত-অৰ্থত্‌‌‌‌) মহ ( মশক অৰ্থত) ইত্যাদি ঠাইত কণ্ঠ্য উচ্চাৰণ রু ম’ৰা ( ময়ূৰ অৰ্থত ) ম’হ (মহিষ

#ঋৰ উচ্চাৰণ প্ৰায় অল্প প্ৰাণ বৰ্ণৰ দৰে হয়৷ [ ৬ ]অৰ্থত্‌‌‌‌) ল’ৰা য’ত ইত্যাদি ঠাইত কণ্ঠৌষ্ঠ উচ্চাৰণ৷ যি ঠাইত কণ্ঠৌষ্ঠ্য উচ্চাৰণ হয়, ত’তে অকাৰৰ ওপৰতে (,) এনে কামাৰ নিচিনা এটা চিন দিব লাগে৷

 যদিও শ, ষ, স এই তিন আখৰৰ উচ্চাৰণৰ ঠাই বেলেগ বেলেগ বুলি লিখা হ’ইছে কিন্তু চলতি ভাষায় হ’লে এই তিনটাৰ উচ্চাৰণ একে ঠাইৰ পৰা অৰ্থাৎ কেৱল মূৰৰ পৰাহে হয় যেনে, শৰণ, আকাশ, সকলো সময় ইত্যাদি৷ ষ ৰ উচ্চাৰণ কঠিন রূপে হয়, যেনে; ভাষা, বিষয়া, ইত্যাদি৷ কিন্তু ব্যঞ্জনবৰ্ণ আরু ঋবৰ্ণেৰে সৈতে যুক্ত হ’লে এই বিলাকৰ উচ্চাৰণ প্ৰায় তালুৰ পৰা হয়৷ যেনে; ঈশ্বৰ, বিশৃঙ্খলা, বিষ্ণু, কৃষ্ণ, বিস্ময় ও বিস্তৃতি ইত্যাদি৷

 ভিন্ন দেশীয়, ভাষাত থাকিলে অনেক ঠাইত এই বিলাক আখৰৰ উচ্চাৰণ কোনো কোনো অল্পপ্ৰাণ তালব্য বৰ্ণ ( চ ) দৰে হয়৷ * যেনে; সাহাব, মুন্‌সি, রুশিয়া, ইত্যাদি৷ কোনো

#হোৱা, যোৱা, বৰুৱা প্ৰভৃতি এনে কেতবিলাক কথা আছে যাৰ উচ্চাৰণ এই বৰ্ণমালাৰ আখৰেৰে সৈতে নিমিলে৷ সেই [ ৭ ]কোন ঠাইত আপোন উচ্চাৰণ নেৰেয়ো৷ যেনে; সদৰ আামিন, শমন, ইত্যাদি৷

পদ্‌প্ৰকৰণ৷

 এটা কি অধিক আখৰ যোগ হই কোনো অৰ্থ প্ৰকাশ কৰিলে তাক পদ বা কথা বোলে৷ যথা; অ + ক্‌ + অ + ল্‌ + অ = অকল৷ আ + ম্‌ + ই = আমি৷ প্‌ + উ + স্‌ + ত্‌‌‌‌ + ক্‌ + অ = পুস্তক৷

 সেই পদেই পাঁচপ্ৰকাৰ যেনে; বিশেষ্য বিশেষণ, সৰ্বনাম, অব্যয় আরু ক্ৰিয়া৷

দেখি কোনোৱে হোয়া, যোয়া বরুয়া আৰু কোনোৱে, হোৱা, যোৱা, বরুৱা এনেকৈ লিখে। অল্পমনদি শুনিলে বুঝিব পাৰি যে, ইহাৰ ক’তো উপান্ত্য বৰ্ণ উচ্চাৰণ ঠিক হোৱা নাই৷ বেয়া দিয়া কৰতোয়া প্ৰভৃতি কথাত উপান্ত্যবৰ্ণৰ (য়ৰ) যেনে উচ্চাৰণ, যোয়া হোয়া বরুয়া লিখিলে য়ৰ উচ্চাৰণ তেনে নহয়৷ পক্ষান্তৰে জীৱন ব্যৱহাৰ প্ৰভৃতি কথাত য়ৰ উচ্চাৰণ যিঠাইৰ পৰা হয়, হোৱা যোৱা বরুৱা লিখিলে ৱৰ উচ্চাৰণ সেই ঠাইৰ পৰা ন হয়৷ সুতৰাং এই বৰ্ণমালাৰ যেনে উচ্চাৰণ প্ৰসিদ্ধ আছে তাকে ঠিক কৰি আনি এই বিলাক কথা লিখিব নোৱাৰি৷ এতেকে আমি সেই বিচাৰফালে নগই পুৰণি পুথীত যেনে বৰ্ণ বিন্যাস আছে, তাকে ঠিক ৰাখিলোঁ। প্ৰায় ১০০ বছৰৰ পুৰণি পুথীত কোৱা যোৱা এনে কুৱা বৰ্ণবিন্যাস দেথা হইছে৷

#এই দৰে কথাৰ আখৰ বোৰ বেলেগ বেলেগ কৰি দেখুৱাৰ নাম বৰ্ণবিন্যাস বা নাম খৰি৷

[ ৮ ]

                      বিশেষ্য৷

 জাতি, গুণ, দ্ৰব্য, নাম আৰু ক্ৰিয়া বুঝোৱা পদ বিলাকক বিশেষ্য পদ বোলে৷ যেনে; মানুহ গরু, বামুণ, কলিতা, ইংৰাজ, মান; দুষ্টালি, নৈপুণ্য; জল, মাটী; শিৱৰাম, তেজপূৰ, আসাম; দেখা, শুনা গমন, ইত্যাদি৷

 বিশেষ্য পদৰ লিঙ্গ, সংখ্যা আৰু কাৰক আছে।

                    লিঙ্গ৷

 লিঙ্গ তিনি প্ৰকাৰ৷ পুংলিঙ্গ, স্ত্ৰীলিঙ্গ আরু ক্লীবলিঙ্গ৷

 মুনিহ বুঝোৱা পদবিলাকক পুংলিঙ্গ, তিৰোতা৷ বুঝোৱা পদবিলাক স্ত্ৰীলিঙ্গ আরু তাত বাজে আন আন পদবিলাকক ক্লীবলিঙ্গ বোলে৷ পুলিঙ্গ শব্দ যেনে; মানুহ, পশু, চন্দ্ৰ, গছ, ঘোৰা, হাতী ইত্যাদি৷

 স্ত্ৰীলিঙ্গ শব্দ যেনে; তিৰোতা, বৌ, লতা, পেহী ইত্যাদি৷ * ক্লীবলিঙ্গ শব্দ যেনে; জল, মন ইত্যাদি৷

# স্ত্ৰীলিঙ্গৰ বিষয় বিশেষকৈ পাছত হব৷[ ৯ ]

                          বচন

 কোনো শব্দে যেতিয়া এটাক বুঝায় তেতিয়া একবচন, আৰু যেতিয়া সৰহ বুঝায়, তেতিয়া বহুবচন বোলে৷ “দেৱতাই দেখ’ক, সোণায়ে মোৰ পুথীখন নিলে’ এনে বুলিলে এটা মানুহে দেখা আরু এটা মানুহে এজনৰ এখন পুথী নিয়াহে জানিলোঁ, এতেকে দেৱতাই, সোণায়ে, মোৰ আৰু পুথী এই আটাইটি একবচনৰ পদ৷ কিন্তু “দেৱতা সকলে দেখ’ক, সোণাইহঁতে আমাৰ পুখীবিলাক নিলে” এনে বুলিলে অনেকৰ দেখা আৰু অনেকৰ অনেক পুথী নিয়াহে বুঝায়, এই হেতুকে দেবতা সকলে সোণাইহঁত, আমাৰ আরু পুথীবিলাক এই আটাইটি বহুবচনৰ পদ৷ বহুবচন হলে সকল বিলাক, বোৰ, হঁত আদি কৰি শব্দ যোগ হয়৷

                        পুৰুষ

 পুৰুষ তিন প্ৰকাৰ৷ যথা; প্ৰথম পুৰুষ, দ্বিতীয় পুৰুষ আৰু তৃতীয় পুৰুষ৷ ময় প্ৰথম পুৰুষ, তুমি বা তয় দ্বিতীয় পুৰুষ, ইয়াত বাজে

আটাইবোৰ তৃতীয় পুৰুষ৷[ ১০ ]

                        কাৰক৷

 ক্ৰিয়াৰে সৈতে যাৰ সম্বন্ধ থাকে তাৰ নাম কাৰক৷ সেই কাৰকেই ছয় প্ৰকাৰ৷ যেনে; কৰ্ত্তা, কৰ্ম্ম, কৰণ, সম্প্ৰদান, অপাদান, অধিকৰণ৷

                       কৰ্ত্তাকাৰক৷

 যি কৰে সি কৰ্ত্তাকাৰক, কৰ্ত্তাকাৰকত এ, যে আরু ই যোগ হয়; আরু কোনো কোনো শব্দ এনেই থাকে৷ যথা; —মানুহে কলে, গৰুয়ে খালে, তাই দেখিছিল, বেলি উঠিছে, পানী পৰিছে৷ ইয়াত মানুহে, গরুয়ে, তাই, বেলি আৰু পানী কৰ্ত্তাকাৰক৷

                      কৰ্ম্মকাৰক৷

 ক্ৰিয়াৰ ফল য’ত ফলে অৰ্থাৎ যি দেখা যায়, কৰা যায়, থোৱা যায় প্ৰভৃতিক কৰ্ম্ম বোলে। কৰ্ম্মপদত ক আৰু কে যুক্ত হয়; কেতবিলাক বা এনেই থাকে৷ যেনে; তয় হৰিক মাতি আন গই৷ সি ল’ৰাবিলাকক পঢ়াব৷ ময় ম’হটকো বান্ধিলোঁ৷ গ’ৰুয়ে ধান বোৰ খালে৷ সাহেবে বাঘ মাৰিলে৷ ইয়াত হৰিক, ল’ৰাবিলাকক, ম’হটক, ধান বোৰ আৰু বাঘ কৰ্ম্মপদ৷ [ ১১ ] কোনো কোনো ক্ৰিয়াৰ দুটা দুটাকৈ কৰ্ম্মপদ থাকে৷ যেনে; আজি পণ্ডিতে মোক এই পুথীখন পঢ়ালে৷ বাইয়ে তাক ভাত খুৱাইছে৷ ময় জীবৰামক এই কথা ক’লোঁ ইত্যাদি৷ এই বিলাকক দ্বিকৰ্মক ক্ৰিয়া বোলে৷

                  কৰণকাৰক৷

 কৰ্ত্তাই যাৰে ক্ৰিয়া কৰে, তাক কৰণকাৰক বোলে৷ কণকাৰকত ৰে, দি, দ্বাৰা, কৰ্ত্তৃক প্ৰভৃতি শব্দযোগ হয়৷ যেনে; কাপ্টো ভৰিৰে ভাঙ্গিলে৷ তঁহতে জাঠিৰে কুকুৰটোক মাৰিলি, হঁক৷ বিদ্যাদ্বাৰা বৰ উপকাৰ হয়৷ ইয়াত ভৰিৰে, জাঠিৰে, বিদ্যাদ্বাৰা কৰণপদ৷

                সম্প্ৰদানকাৰক

 যাক দিয়া যায় বা দিবলৈ মন হয়, তাক সম্প্ৰদানকাৰক বোলে৷ সম্প্ৰদানকাৰকত ক যোগ হয়, যথা; বামুণক দক্ষিণা দিয়া৷ ময় কণাটোক এখন ফটা কাপৰ দিম৷ যদি থাকিলহেঁতেন তেনে হলে তঁহতক কেইটা মান বগৰি দিলোহেঁতেন; ইয়াত বামুণক, কণাটোক, তহঁতক সম্প্ৰদান-পদ৷ *

* কেতিয়া বা সম্প্ৰদানত লৈ যোগ হয়৷ যেনে; বামুণক দিয়া কুকুৰলৈ দিয়া ইত্যাদি৷[ ১২ ]

               অপাদান-কাৰক৷

 যাৰ বা য’ৰ পৰা যোৱা আরু লোৱা যায়, নাইবা ভয় পোৱা হয়, তাক অপাদান-কাৰক বোলে৷ অপাদানকাৰকত পৰা শব্দ কেতিয়া বা হন্তে শব্দ যোগ হয়৷ যেনে; হাতৰ পৰা কাপটো পৰিল৷ মিনাইয়ে ঘৰৰ পৰা ওলাই গ’ল৷ গছৰ পৰা ফুল আনিলোঁ৷ ন’ইৰ পৰা পানী আন গই৷ বতাহৰ পৰাহে ভয় খালোঁ৷ বৃক্ষ হন্তে ফল পৰে ইত্যাদি৷

                    অধিকৰণ৷

 যি ক্ৰিয়াৰ আধাৰ হয়, তাক অধিকৰণকাৰক বোলে৷ অধিকৰণকাৰকত ত, তে, আরু এ যোগ হয়৷ যথা; পথাৰত ধান হইছে৷ গছত ফুল ফুলিছে৷ দুষ্ট ল’ৰাই ধেমালিতহে ৰঙ্গ পায়৷ বাটতে দেখিলোঁ৷ আদিতে কেইটিমান উপদেশ দিওঁ, তাতে ৰামে উত্তৰ দিলে, অধ্যাপকৰ ঘাটে পানী আনিবলৈ যাম৷

 ইয়াত বাজে সম্বন্ধ, সম্বোধন, হেতুবাচক আদি কৰি কেতবিলাক পদ আছে, কিন্তু সেই

বোৰক কাৰক নোবোলে৷[ ১৩ ]

                      সম্বন্ধ৷

 আইবোপাই, মিতিৰ আদি কৰি সম্পৰ্ক, অধিকাৰ, অংশ আরু বিকাৰ আদি বুঝোৱা পদ বিলাকক সম্বন্ধ পদ বোলে৷ সম্বন্ধপদত ৰ যুক্ত হয়৷ যথা; গোলাপীৰ জিএক, মেধিৰ পুতেক, মনুৰ সখি, ভূৰামৰ পুথীখন, ৰজাৰ ৰাজ্য, গছৰ পাতকাপৰৰ দহি, সোণৰ কৰিয়া ইত্যাদি৷

                 সম্বোধন৷

 যি পদে মতা বা অহান কৰা বুঝায় তাক সম্বোধন পদ বোলে। সম্বোদন পদৰ আগত হে, অ, এ, ও, ঐ, হেৰাহেৰ আদি কৰি কেইবাটা শব্দযোগ হ’ই থাকে৷ যেনে; হে সমাজিক লোক! অবাপু দেউ! এ আই! ও দেৱতা! হেৰা মানুহটি! হেৰ লালুঙহঁত! ইত্যাদি কেতিয়া বা এনেকুৱা শব্দৰ যোগ ন হয়ো৷ যেনে; বুপাইটি শুনাচোন! বাই! মোৰ ভোক লাগিছে ইত্যাদি

              হেতুবাচক পদ৷

 নিমিত্তে, হেতু, কাৰণ আদি কেতবিলাক শব্দ যিহেতু বুঝায় তাক হেতুবাচক পদ বোলে৷

ইহাতে কাৰকাদিৰ চিহ্ন নে থাকে৷[ ১৪ ]

                   শব্দরূপ৷

তলত কিছুমান শব্দৰূপ দিয়া হ’ল; ইহাক ভালকৈ বুঝিব পাৰিলে আন আন শব্দৰ রূপ কৰিবলৈকে কঠিন ন হব৷

                 মানুহ শব্দ৷

কাৰক।           একবচন।           বহুবচন।

কৰ্ত্তা                 মানুহে          মানুহ বিলাকে।

কৰ্ম্ম                 মানুহক     মানুহ বিলাকক।

কৰণ               মানুহেৰে      মানুহ বিলাকেৰে।

সম্প্ৰদান           মানুহক        মানুহ বিলাকক।

অপাদান      মানুহৰ পৰা   মানুহ বিলাকৰ পৰা।

অধিকৰণ       মানুহত              মানুহ বিলাকত।

সম্বন্ধ               মানুহৰ          মানুহ বিলাকৰ।

সম্বোধন      হেৰ মানুহটো   হেৰ মানুহ বিলাকৰ

                      ল’ৰা শব্দ।

কৰ্ত্তা                ল’ৰাই              ল’ৰাবোৰে।

কৰ্ম্ম               ল’ৰাক             ল’ৰাবোৰক।

কৰণ             ল’ৰাৰে          ল’ৰাবোৰেৰে।

সম্প্ৰদান         ল’ৰাক          ল’ৰাবোৰক।

অপাদান      ল’ৰাৰ পৰা     ল’ৰাবোৰৰ পৰা।

অধিকৰণ      ল’ৰাতে         ল’ৰাবোৰতে।

সম্বন্ধ            ল’ৰাৰ            ল’ৰাবোৰৰ।

সম্বোধন       হেৰ ল’ৰা       হেৰল’ৰা বোৰ।

[ ১৫ ] আন আন শব্দৰো ৰূপ প্ৰায় এই দৰেই হয়৷

আতি মান্য বুঝালে সকল শব্দ আরু অমান্য হলে হঁত শব্দ যোগ হয়, যথা ভাঙ্গৰীয়া সকলে আজ্ঞা কৰিলে৷ মিকিৰ হঁতে গ’ল ইত্যাদি৷

                   বিশেষণ৷

 যি পদে কাৰো, গুণ, দোষ, অবস্থা, আরু ক্ৰিয়া বুঝায়, তাক বিশেষণ পদ বোলে৷ গোপাল বিদ্যাৱন্ত, সুৰদেৱ জ্ঞানী, ল’ৰাটো বৰ দুষ্ট, চোৱালি জনী সুৱনী৷ ডেকা মানুহ, ৰঙ্গা চুৰিয়া, কণা কুকুৰ, দুখীয়া, খাওঁতা ইত্যাদি৷ ইয়াত বিদ্যাৱত্ত, জ্ঞানী, বৰ, দুষ্ট, সুৱনী, ডেকা, ৰঙ্গা; কণা, দুখীয়া, খাওঁতা এই বিলাক বিশেষণ পদ৷

 ক্ৰিয়াৰ গুণ বা অৱস্থা বুঝোৱা পদ বিলাকক ক্ৰিয়াবিশেষণ পদ বোলে৷ ক্ৰিয়া বিশেষণ পদৰ পাছত কৈ, এ, ৰে, রূপে ইত্যাদি যুক্ত থাকে৷ যেনে খৰকৈ নেলেখিবা৷ ৷ ভালেৰে থাকিবা৷ সুন্দৰরূপে চাবা৷ শীঘ্ৰে অহিবা ইত্যাদি৷

                 সৰ্ব্বনাম৷

 ছ০যি, সি, এই, কোন, তয়, সৌ, ঐ * আদি কৰি কেতবিলাক শব্দক সৰ্ব্বনাম বোলে৷

*সৌ আরু ঐ শব্দৰ প্ৰয়োগ এনে ন হয়, এই দুই শব্দ[ ১৬ ]

বিশেষ্য পদৰ নিচিনা সৰ্ব্বনামৰো লিঙ্গ, সংখ্যা আরু কাৰক আছে। আৰু ভিন্ন ভিন্ন কাৰকত ভিন্ন ভিন্ন রূপ হয়। তাৰ বিবৰণ তলত লিখা গ’ল।

                   কৰ্ত্তাকাৰক।

                 মান্য অৰ্থত

মূলশব্দ           একবচন                বহুবচন

যি   যি,      যোনে, যেয়ে   যিবিলাকে,যি সকলে

সি                      তেঁও              তেঁও বিলাকে

এই                      এঁও               এঁও বিলাকে

কোন কোনে,কেৱে কোনবিলাক কেতবিলাকে

তয়     তুমি তোৰা   তোমা বিলাকে তোমালোকে

তোমাসকলে তোৰা সবে

ময়   ময়          আমি   আমাসকলে আমালোকে

আপোন      আপুনি আপোনাসকলে,আপোনালোকে

বিশেষণৰ দৰে আন শব্দৰ আগত হে থাকে।

 যথা; সৌ গছ জোপা, সৌটা নো ক’ৰ মানুহ? ঐ ৰকম, ঐ মামুহটো নো কোন? সি শব্দৰ ঠাইত কেতিয়া বা সেই হয়। যেনে; সেই

কথা সেই ঘৰ।[ ১৭ ]

             অমান্য অৰ্থত।

মূলশব্দ          একবচন                  বহুবচন

যি   যি             যিহঁতে,                   যি বোৰে

সি                    সি                         সিহঁতে

এই   এই, ই       এই বিলাকে,       ইহঁতে

কোন   কোনে,   কেৱে            কোনবিলাক, কেতবিলাক

তয়                     তয়                  তহঁতে

ময়                    ময়            আমি আপোন   –   –

               অন্যকাৰকত॥

মান্য অৰ্থত।

মূলশব্দ          একবচন               বহুবচন

যি   যাক         যি বিলাকক       যি সকলক

সি                  তেঁওক           তেঁও বিলাকক

এই         এওঁক     এওঁ বিলাকক, এই বিলাকক

কোন্‌     কাক    কোন বিলাকক,কেতবিলাকক

তয়       তোমাক,       তেঁৰাক   তোমাবিলাকক, তোমালোকক তোমা সকলক তেঁৰাসকলক

ময়         মোক            আমাক, আমাসকলক, আমালোকক

আপোন      আপনাক         আপোনা সকলক

আপোনা লোকক

[ ১৮ ]

                অমান্য অৰ্থত।

মূলশব্দ             একবচন            বহুবচন

যি                 যাক               যিহঁতক, যি বোৰক

সি                 তাক               সিহঁতক

এই               ইয়াক          ইহঁতক, এই বিলাকক

কোন       কাক   কোনবিলাকক, কেতবিলাকক

তয়             তোক            তহঁতক

ময়            মোক          আমাক, আমাবিলাকক

আপোন   *   *

 ওপৰত কেৱল কৰ্ত্তা আরু কৰ্ম্মকাৰকৰ রূপ দিয়া হল, অন্য অন্য কাৰকৰ চিহ্ন যোগ হলেও এই দৰেই ৰূপ হব।

                    অব্যয়।

 যি শব্দ সদাই একৰূপ হ’ই থাকে’ বেলেগ বেলেগ ৰূপ ন হয়, সেই বিলাকক অব্যয় শব্দ বোলে। অব্যয় পদৰ লিঙ্গ, সংখ্যা আরু কাৰক একো নাই। যেনে; আৰু, ও, ঐ, এবং, তেন্তে, যথা, তথা, সৈতে, দৰে, নাইবা, না, নি, নে, নে, হুনু, যদি, কিন্তু, ইতি, নিমিত্তে, অতএব, এতেকে, কিয়নোহা, আহা, হায়, হায়, উঃ, আঃ, ইঃ, অ, [ ১৯ ]ইত্যাদি৷ প্ৰ, পৰা, অপ, সং, অনু, অব, নিৰ, দুৰ, অভি, অপি, বি, অধি, সু, উৎ, অতি, নি, প্ৰতি, পৰি, উপ, আ৷ এই প্ৰ আদি কৰি কুৰিটাক উপসৰ্গ বোলে৷

 যি শব্দ আন এটা শব্দৰ অনুরূপ হয়, তাক অনুৰূপ অব্যয় বোলা যায়৷। যথা; মৰ মৰ ধূপ্‌ ধূপ্‌, থপ্‌ থপ্‌, ইত্যাদি৷

                       ক্ৰিয়া

 যি যি কথাই কাৰো কোনো কাৰ্য্য কৰা বুঝায় সেই বিলালক ক্ৰিয়াপদ বোলে৷ সেই ক্ৰিয়া পদেই দুবিধ৷ যথা; সমাপিকা আরু অসমাপিকা৷ যি ক্ৰিয়াপদে বাক্য শেষ বা সমাপ্ত হোৱা বুঝায়৷ তাক নমাপিকা আরু যি পদে সেইরূপ নুবুঝায় তাক অসমাপিকা ক্ৰিয়া বোলে৷ যেনে, দেখিলো, পড়িছোঁ, দিম ইত্যাদি সমাপিকা ক্ৰিয়া৷ দেখি, পঢ়ি, যাওঁতে, গলত, ইত্যাদি অসমাপিকা ক্ৰিয়া৷

 সেই ক্ৰিয়া আকৌ দুবিধ৷ সকৰ্ম্মক আরু অকৰ্ম্মক৷ কৰ্ম্মপদ ন হলে যি ক্ৰিয়াৰ অৰ্থ ভাল কৈ বুঝিব নোৱাৰি তাক সকৰ্মক আরু যি ক্ৰিয়াৰ কৰ্ম্ম পদৰ আবশ্যক ন হয়, তাক অকৰ্মক ক্ৰিয়া [ ২০ ]বোলে৷ যথা; মহীমামে ভাত খালে, এইটো সকৰ্ম্মক আরু মহীৰাম শুলে, এইটো অকৰ্ম্মক ক্ৰিয়া৷

 সমাপিকা ক্ৰিয়াৰ প্ৰথম, দ্বিতীয়, তৃতীয় এই তিন পুরুষ আছে৷ যথা;— প্ৰথম পুৰুষে, ময় দেখিছোঁ৷ দ্বিতীয় পুরুষে তুমি দেখিছা৷ তৃতীয় পুরুষে, সি দেখিছে৷ ময় দিম, তুমি দিবা বা তয় দিবি, তেওঁ দিব বা সি দিব ইত্যাদি৷ এই দৰে আাটাই বোৰ ধাতুৰেই ভিন্ন ভিন্ন পুরুষে বেলেগ বেলেগ রূপ হব৷

 বিশেষ্য পদৰ দৰে ক্ৰিয়াৰো এক বচন, বহু বচন আছে৷ কৰ্ত্তা এক বচনৰ হলে ক্ৰিয়াও এক বচনৰ হয়, কৰ্তা বহু বচনৰ হলে ক্ৰিয়া পদো বহু বচনৰহে হয়, বহুবচনৰ চিন হক শব্দ যথা;— এক বচন, ময় দেখিছো৷ বহুবচন, আমি দেখিছোঁহক৷ এক বচন তয় পঢ়িলি৷ বহুবচন, তঁহতে পঢ়িলি হঁক৷*

 কিন্তু তৃতীয় পুরুষৰ ক্ৰিয়া হলে তেনে রূপভেদ ন হয়৷ যথা;– একবচন ৰমাই দেখিলে বহুবচন মাইহঁতে দেখিলে ইত্যাদি৷

* কেতিয়াব কৰ্ত্তা বহুবচনৰ হ’লেও তাৰ ক্ৰিয়াৰ রূপ

এক বচনৰ দৰে হয় যেনে; আমি খাইছোঁ তহঁতে পঢ়িছনে?[ ২১ ]

                         কাল৷

 ক্ৰিয়াৰ কাল তিন প্ৰকাৰ৷ যথা;—

 অতীতকাল, বৰ্ত্তমানকাল আরু ভবিষ্যৎকাল৷

 যি ক্ৰিয়া সমাপ্ত হই গ’ল তাৰ কালক অতীতকাল, যি ক্ৰিয়া আৰম্ভ হ’ইছে শেষ হোৱা নাই তাৰ কলক বৰ্তমানকাল আরু যি ক্ৰিয়া আৰম্ভ হোৱা নাই আগলৈ হ’ব তাৰ কালক ভবিষ্যৎকাল বোলে৷ অতীতকালৰ ক্ৰিয়া যথা; ধৰিলে, ধৰিছিলা, ধৰিলেহেঁতেন৷ বৰ্ত্তমানকালৰ ক্ৰিয়া পদ যেনে; দেখিছোঁ দেখে৷ ভবিষ্যৎকালৰ ক্ৰিয়া যেনে; পঢ়িম, দিব, খাব৷

                       ষত্ব।

 ই আদি কৰি স্বৰৰ আরু ক আরু বৰ পাছত থকা স ষ হয়৷ যথা;— বিষয়, নিষ্পাপ, পৰিষ্কাৰ, শুষ্ক, গ্ৰীষ্ম ইত্যাদি৷ আরু কোনো কোনো ঠাইত স, ষ নো হোৱাকৈও থাকে৷ যথা;– বিসৰ্গ, বিস্বাদ, নিসৰ্গ ইত্যাদি৷

 টবৰ্গ আরু ঞৰে সৈতে যোগ হ’লে সদাই ষ হয়৷ যেনে;— স্পষ্ট, চেষ্টা, অষ্টম উষ্ণ, কৃষ্ণ,

বিষ্ণু৷ ইত্যাদি৷[ ২২ ]

                     ণত্ব৷

 ঋ, ৠ, ৰ আরু ষৰ পাছত থকা ন ণ হয়৷ যথা;— তৃণ, পূৰ্ণ, তৃষ্ণা ইত্যাদি৷

 ঋ, ৠ, ৰ, ষ আরু ন এই বিলাকৰ ভিতৰত স্বৰবৰ্ণ, কবৰ্গ, পবৰ্গ, আরু য ৱ হৰ আতঁৰ থাকিলেও ন ণ হয়৷ যথা;— কৃপণ, ৰামায়ণ, ভূষণ, ক্ষণ ইত্যাদি৷

 টবৰ্গেৰে সৈতে যোগ হ’লে সদাই ণ ব্যৱহাৰ হয়৷ যেনে;– পণ্ডিত, ঘণ্টা, কুণ্ঠিত ইত্যাদি৷

 গৰ পাছত হ’লে প্ৰায় ণ ব্যৱহাৰ হয়৷ ঘেনে;— গুণ, গুণক, গণ্য ইত্যাদি।

 প আরু কৰ পাছত হ’লে ও কেতিয়া বা ণ হয়৷ যেনে; পুণ্য, নিপুণ, কোণ, কল ইত্যাদি৷

সন্ধিপ্ৰকৰণ৷

 অকে আদি কৰি ৠ লৈকে হ্ৰস্ব আরু দীৰ্ঘ, দীৰ্ঘ আরু হ্ৰস্ব দুই দুই বৰ্ণে সবৰ্ণ হয়৷ যথা;— অ আ এক সবৰ্ণ৷ ই ঈ এক সবৰ্ণ৷ উ ঊ এক সবৰ্ণ৷ ঋ ৠ এক সবৰ্ণ৷ আ অ, অ অ, আ আ এই দৰে

থাকিলেও সবৰ্ণ হয়৷[ ২৩ ]

                      সন্ধি৷

 দুই বৰ্ণৰ যোগ হোৱাৰ নাম সন্ধি, সেই সন্ধি দুই প্ৰকাৰ, স্বৰসদ্ধি আরু ব্যঞ্জন বা হলসন্ধি৷ স্বৰেৰে সৈতে স্বৰৰ যোগ হোৱাৰ নাম স্বৰসন্ধি আরু ব্যঞ্জনেৰে সৈতে ব্যঞ্জনৰ নাইবা স্বৰৰ যোগ হোৱাৰ নাম ব্যঞ্জনসন্ধি৷ সন্ধি হওঁতে কেতিয়া বা কোনো বৰ্ণৰ লোপো হয়৷

                     স্বৰসন্ধি৷

 সবৰ্ণৰ পাছত সবৰ্ণ থাকিলে উভয়ে এক লগ হ’ই দীৰ্ঘ হয়; আৰু দীৰ্ঘ স্বৰ আগৰ আখৰেৰে সৈতে যোগ হয়৷ যেনে;— গুণ + অভিৰাম গুণাভিৰাম, দেৱ + আলয় দেৱালয়, তথা + অপি তথাপি, মহা + আশয় মহাশয়, প্ৰতি + ইতি প্ৰতীতি, ক্ষিতি + ঈশ্বৰ ক্ষিতীশ্বৰ, গৌৰী + ঈশ্বৰ গৌৰীশ্বৰ, গুরু + উপদেশ গুরূপদেশ ইত্যাদি৷

 অ আৰু আৰ পাছত ই বা ঈ থাকিলে দুয়ো মিলি এ হয় এ আগৰ আখৰেৰে সৈতে যোগ হয়৷ যেনে;— পৰম + ঈশ্বৰ পৰমেশ্বৰ, মহা + ইন্দ্ৰ মহেন্দ্ৰ, মহা + ঈশ মহেশ, গণ + ঈশ গণেশ৷ [ ২৪ ] অ আরু আৰ পাছত উ বা ঊ থাকিলে দুয়ো মিলি ও হয়৷ ও আগৰ আখৰেৰে সৈতে যোগ হয়৷ যেনে; অরুণ+উদয় অরুণোদয়, পুরুষ+উত্তম পুরুষোত্তম, সূৰ্য্য +উদয় সূৰ্য্যোদয়, মহা+উৎকণ্ঠা মহোৎকণ্ঠা, মহ+ উদয় মহোদয়৷

 অ আৰু আৰ পাছত এ বা ঐ থাকিলে দুয়ো মিলি ঐ হয়, ঐ আগৰ আখৰত যোগ হয়৷ যেনে; জন+এক জনৈক, মহ+ঐশ্বৰ্য্য মহৈশ্বৰ্য্য৷

 অ আৰু আৰ পাছত ও বা ঔ থাকিলে দুয়ো যোগ হ’ই ঔ হয়৷ ঔ আগৰ আখৰেৰে সৈতে যোগ হয়৷ যেনে;— মহ+ঔষধি মহৌষধি৷

 ৱ অ আৰু আৰ পাছত থকা ঋ ৰ হয়, ৰ পাছৰ আখৰত যোগ হয়, আরু আগৰ আ অ হয়৷ কিন্তু ঋত শব্দ পাছত থাকিলে আগৰ অ আ হয়৷ যেনে;— দেখ+ঋষি দেবৰ্ষি, মহ+ঋষি মহৰ্ষি, ক্ষুধা+ঋ ক্ষুধাৰ্ত্ত, শোক +ঋত শোকাৰ্ত্ত৷

 সবৰ্ণ নোহোৱা স্বৰ পাছত থাকিলে ই ঈ গুছি ঘ, উ উ গুছি ৱ, আরু ঋ ৠ গুছি ৰ হয়৷ যেনে; বি+অৱহাৰ ব্যৱহাৰ, অতি+অন্ত অত্যন্ত, পৰি+অন্ত পৰ্য্যন্ত, অভি+উখান উত্যুত্থান, [ ২৫ ]অনু+এষণ অম্বেষণ, সু+আগত স্বাগত, পিতৃ+আলয় পিত্ৰালয়৷

 স্বৰৰ আগত থকা এ, ঐ ও, ঔ গুছি ক্ৰমে অয়্‌‍, আয়্‌‍, অৱ্‌, আৱ্‌, হয়৷ যেনে;– বিনে+অ বিনয়, নে+অন নয়ন, শে+অন শয়ন, নৈ+অক নায়ক, প্ৰসো+অ প্ৰস, পো+অন পৱন, ভৌ+অ ভাৱ, ভৌ+উক ভাবুক৷

ব্যঞ্জন সন্ধি৷

 চ আৰু ছৰ আগত থকা ত চ হয়৷ যেনে;— উৎ+চাৰণ উচ্চাৰণ, উৎ+ছিন্ন উচ্ছিন্ন৷

 ত, জৰ আগত থাকিলে জ, ডৰ আগত থাকিলে ড, নৰ আগত থাকিলে ন, লৰ আগত থাকিলে ল হয়৷ যেনে; – উৎ+জ্বল উজ্জ্বল, সৎ+জন সজ্জন, উৎ+ডীন উড্ডীন, জগৎ+নাথ জগন্নাথ, উৎ+নতি উন্নতি, উৎ+লেখ উল্লেখ, সং+লোক সল্লোক৷

 স্বৰবৰ্ণ, গ, ঘ, দ, ধ, ব, ভ, য ৰ আরু ৱৰ আগত থকা কৰ ঠাঁইত গ, তৰ ঠাঁইত দ হয়৷ যেনে;– বাক্‌+ঈশ বাগীশ, উৎ+অয় উদয়, [ ২৬ ]তৎ+অন্ত তদন্ত, তৎ+গত তদ্গত, সৎ+বিদ্যা সদ্বিদ্যা, উৎ+-ৰেক উদ্ৰেক৷

 ন আৰ মৰ আগত থকা কৰ ঠাঁইত ঙ, তৰ ঠাঁইত ন হয়৷ যথা;— বাক্‌+ময় বাঙ্ময়, দিক্‌+মণ্ডল দিঙ্মণ্ডল, জগৎ+নাথ জগন্নাথ, উৎ+নতি উন্নতি৷

 তৰ পাছত হ থাকিলে ত আরু হ গুছি দ্ধ হয়৷ যেনে;— তৎ+হিত তদ্ধিত, তৎ+হেতু তদ্ধেতু৷

 ঃ ( বিসৰ্গৰ ) পাছত চ ছ থাকিলে শ, ত থ থাকিলে স হয়৷ যথা;– নিঃ+চয় নিশ্চয়, শিৰঃ ছেদন শিৰশ্চেদন, মনঃ+তাপ মনস্তাপ, নিঃ+তাৰ নিস্তাৰ৷

 দুই অকাৰৰ মাঝত হলে দুয়ো অকাৰেৰে সৈতেঃ (বিসৰ্গৰ ) ঠাঁইত ও হয় আরু ও আগৰ আখৰত যোগ হয়৷ যেনে; মনঃ+অভীষ্ট মনোভীষ্ট, সদ্যঃ+অধিকাৰ সদ্যোধিকাৰ৷

 বৰ্গৰ তৃতীয়, চতুৰ্থ, পঞ্চম বৰ্ণ, য, ৰ, ৱ ও হৰ আগত আরু অকাৰ পাছত থকা ঃ ( বিসৰ্গ) আগৰ অকাৰেৰে সৈতে ও হয় আরু সেই ও [ ২৭ ]আগৰ আখৰত যোগ হয়৷ যথা;— অধঃ+গতি অধোগতি, তপঃ+ধন তপোধন, মনঃ+ৰম্য মনোৰম্য, তেজঃ+ময় তেজোময়৷

 স্বৰবৰ্ণ, বৰ্গৰ তৃতীয়, চতুৰ্থ, পঞ্চম বৰ্ণ আরু য, ৰ, ল, ৱ হ পাছত থাকিলে ইকে আদি কৰি স্বৰৰ পাছত থকা কেতিয়া বা অৰ পাছত থকা ঃ (বিসৰ্গ) ঠাইত ৰ (/) ৰেফ হয়৷ যথা;– নিঃ+আমিষ নিৰামিষ দুঃ+যশস্যা দুৰ্যশস্যা, দুঃ+মতি দুৰ্ম্মতি, * দুঃ+গা দুৰ্গা, দুঃ+বাসনা দুৰ্ব্বাসনা, স্বঃ+গ স্বৰ্গ, পুনঃ+অপি পুনৰপি৷

 ক, খ, প, ফ আগত থকা ঃ (বিসৰ্গ) ঠাঁইত স হয়৷ যথা;— মনঃ+কাম মনস্কাম, দুঃ+কৰ দুস্কৰ, নিঃ+পাপ নিষ্পাপ, নিঃ+ফল নিষ্ফল৷

           স্ত্ৰীলিঙ্গৰ বিশেষ বিবৰণ৷

 তিৰোতা বা তিৰোতাৰ নিচিনা শক্তি আরু গুণ বুঝোৱা পদ বিলাকক স্ত্ৰীলিঙ্গ বোলে৷ যেনে,— আই, বাই, বৌ, জিয়াৰী, বুদ্ধি, পৃথিবী লতা ইত্যাদি৷

* ৰেফৰ তলত থকা আখৰৰ কেতিয়া বা দ্বিত্ব ( দুটা ) হয়। [ ২৮ ] কেতবিলাক শব্দ কেতিয়া বা পুংলিঙ্গ কেতিয়া বা স্ত্ৰীলিঙ্গ হ’ই থাকে৷ যেতিয়া স্ত্ৰীলিঙ্গ হয় তেতিয়া কোনো কোনো প্ৰত্যয় যোগ হই কিছু রূপান্তর হয়৷

 স্ত্ৰীলিঙ্গ হ’লে অধিকাংশ অকাৰান্ত শব্দৰ পাঝত নী হয়৷ যেনে;— কলিতা কলিতানী, বরুৱা বরুৱানী, মৰীয়া মৰীয়ানী, ইত্যাদি৷

 স্ত্ৰীলিঙ্গ হ’লে ব্যঞ্জনাক্ত শব্দৰ পাছত প্ৰায় অনী আরু ঈ হয়৷ যেনে; কেওট কেওটনী, কুমাৰ কুমাৰণী, বঙ্গাল বঙ্গালনী, বামুণ বামুণী, বা বামুণনী ইত্যাদি৷

 স্ত্ৰীলিঙ্গ হ’লে উকাৰান্ত আরু ইকাৰান্ত শব্দৰ পাছত য়নী হয়৷ যেনে;— বন্ধু বন্ধুয়নী, হিন্দু হিন্দুয়নী, বাবু বাবুয়নী, মিৰি মিৰিয়নী; কেতিয়া বা নীমাত্ৰ হয়৷ যেনে;— হাৰি হাৰিণী৷

 স্ত্ৰীলিঙ্গ হ’লে কেতবিলাক শব্দৰ বহু রূপান্তৰ হয়৷ তাৰ সূত্ৰ নিদি কেৱল পদ দিয়া হ’ল৷ কি কি রূপান্তৰ হ’ল শিক্ষক সকলে তাক দেখুৱাই উদাহৰণ দিব যথা;—[ ২৯ ]

পুংলিঙ্গ                         স্ত্ৰীলিঙ্গ।

বাঘ                             বাঘিনী।

সিংহ                     সিংহিনী বা সিংহী।

ঘোৰা                          ঘুৰী।

কোছ                         কুছুনী।

ডোম                           ডুমুনী।

শহুৰ                            শাহূ।

ধোবা                           ধুবুনী

ডেকা                     ডেকেৰী ইত্যাদি।

 স্ত্ৰীলিঙ্গ হ’লে অকাৰান্ত শব্দৰ কিছুমান আাকাৰান্ত কেতবিলাক ঈকাৰান্ত হ’ই থাকে৷ যেনে, দুষ্ট, কোমল কোমলা বা কুমলী, উত্তম উত্তমা, নদ নদী, ব্ৰাহ্মণ ব্ৰাহ্মণী, সুন্দৰ সুন্দৰী, শুভঙ্কৰ শুভঙ্কৰী, স্বৰ্ণময় স্বৰ্ণময়ী ইত্যাদি৷

 স্ত্ৰীলিঙ্গ হ’লে জাতি, গুণ আরু নামবাচক শব্দৰ পাছত কেতিয়া বা জনী প্ৰত্যয় হয়৷ যেনে মানুহ মানুহজনী, গরু গরুজনী, তিৰোতা তিৰোতাজনী, চোৱালী চোৱালিজনী * সরু সরুজনী, গোলাপী৷ গোলাপিজনী, ফুটুকী ফুটুকিজনী ইত্যাদি৷

* জনী প্ৰত্যয় হলে আগৰ ঈ ই হয়৷ [ ৩০ ] স্ত্ৰীলিঙ্গত কোৱা আন আন প্ৰত্যয় হলেও জনী প্ৰত্যয় হয়৷ যেনে; ডেকেৰী ডেকেৰিজনী ডুমুনী ডুমুনিজনী ইত্যাদি৷

 মতা আৰু মাইকী আদি শব্দ আগত যোগ হ’ই কেতবিলাক শব্দৰ লিঙ্গ ভেদ হয়৷ যেনে;

পুংলিঙ্গ                             স্ত্ৰীলিঙ্গ৷

মতা হাঁহ                         মাইকি হাঁহ।

মতাম’হ                           মাইকিম’হ।

পাঁঠাছাগলী          মাইকি ছাগলী বা পাঠী

                       সমাস৷

 যি কাৰ্য্যদ্বাৰা আগৰ পদ বিলাকৰ কাৰকাদি চিহ্ন গুছাই কেৱল পাঁছৰ পদত ৰাখিলেই অৰ্থ বুঝা যায়, তাৰ নাম সমাস৷ সমাস কৰিলে অল্প কথাৰে বহু অৰ্থ পোৱা যায়, অথচ শুনি বলৈকে ভাল হয়৷

 সেই সমাসেই ছয় প্ৰকাৰ৷ যথা;– দ্বন্দ্ব, বহুব্ৰীহি, কৰ্মধাৰয়, তৎপুরুষ, দ্বিগু আরু অব্যয়ী ভাব৷

                      দ্বন্দ্ব সমাস৷

 বেলেগ বেলেগ অৰ্থ বুঝোবা এক জাতিৰ পদ বিলাকৰ সমাসকে দ্বন্দ্ব সমাস বোলে৷ যথা; [ ৩১ ]ল’ৰাবোৰে আরু চোৱালীবোৰে উমলিছে এই অৰ্থত ল’ৰাচোৱালীয়ে উমলিছে, *আইয়ে আরু বোপাইয়ে দেখিব পায়, আইবোপাইয়ে দেখিব পায়৷ এই দৰে সমাস কৰাত নিতিৰ কুটুম্ব৷ ধান চাউল, পানতামোল, অন্নবস্ত্ৰ, দেবাসুৰ ইত্যাদি বহুপদ সিদ্ধ হয়৷

 কেতিয়াবা সমাস হ’ই পাছৰ পদবোৰ গুছি আগৰ পদত বহুবচনৰ চিহ্ন যোগ হয়, তদ্দ্বাৰা আটাইবোৰ কথাৰ অৰ্থ পোৱা যায়৷ যেনে; গোপালে ভাবিয়ে আরু সোণায়ে পঢ়িবলৈ গ’ল বুলিলে যি অৰ্থ, গোপালহঁতে পঢ়িবলৈ গ’ল বুলিলেও সেই এ অৰ্থ হয়৷ এনে কুৱা সমাসক একশেষ দ্বন্দ সমাস বোলে৷

                     বহুব্ৰীহি৷

 যি যি পদত সমাস হয়, সেই সেই পদৰ অৰ্থ নুবুঝাই যদি অইন পদৰ অৰ্থ বুঝায়, তেনে হলে তাক বহুব্ৰীহি সমাস বোলে৷ সমাস কৰোঁতে যি এটা, যি শব্দৰ পদ দিয়া যায়, সমাস হোৱাপদে

*এই সমাসত আরু, ও, এবং আদি কৰি যৌগিক শব্দৰ লোপ হয়৷ [ ৩২ ]তাৰ হে অৰ্থ বুঝায় আরু তাৰ বিশেষণ হয়৷ যেনে; লম্ব উদৰ যাৰ সি লম্বোদৰ৷ ক্ষুদ্ৰ কায় যাৰ সি ক্ষুদ্ৰকায়৷ নি (নাই) লাজ যাৰ সি নিলাজ! স্ত্ৰীৰে সৈতে যি সি সস্ত্ৰীক৷ বি (নাই) সম (সমান) যাৰ সি বিষম৷ এক বিধ যাৰ সি এবিধ; সেই দৰে সুগন্ধ, গন্ধি, * অনাথ, বিধবা চৰিতাৰ্থ আদি কৰি বহুপদ সিদ্ধ হয়৷

                  কৰ্ম্মধাৰয়৷

 একাৰ্থ বিশেষণ আৰু বিশেষ্য পদৰ সমাসক কৰ্মধাৰয় সমাস বোলে৷ ঘখা, মহান্‌ যি ৰাজা সি এই অৰ্থত মহাৰাজ। ৰঙ্গা যি ফুল সি ৰঙ্গাফুল৷ সেই দৰে দীঘলডিঙ্গি, বগাকাপৰ, পূৰ্ব্বাহ্ন, মধ্যাহ্ন, কুকৰ্ম্ম ইত্যাদি৷

 কেতিয়া বা দুটা দুটা বিশেষ্য পদতো কৰ্ম্মধাৰয় সমাস দেখিবলৈ পাওঁ, কিন্তু তাৰ মাঝত, নাইবা, পাছত নিচিনা, সদৃশ আদি কৰি তুল্যাৰ্থক শব্দ বা রূপ শব্দ যোগ হ’ই এটা বিশেষণৰ দৰে হয়, আরু সমাস হ’লে সেই নিচিনা আদি শব্দৰ লোপ হয়৷ যদি মাঝত থকা শব্দৰ লোপ

* বহুব্ৰীহি সমাসত গন্ধ শব্দৰ গন্ধি হয়৷ [ ৩৩ ]হয় তেন্তে মধ্যপদলুপী, পাছত থকা শব্দৰ লোপ হ’লে অন্ত্যপদলুপী কৰ্ম্মধাৰয় বা উপমিতি সমাস বোলে৷ যদি রূপ শব্দৰ লোপ হয়, তেন্তে রূপক সমাস বোলে৷ যেনে, চন্দ্ৰৰ নিচিনা মুখ চন্দ্ৰমুখ, নাভি কূপৰ তুল্য নাভিকূপ৷ কৰ পদ্মৰ রূপ কৰপদ্ম৷ বাক্য অমৃতৰ তুল্য বাক্যামৃত৷

                      তৎপুৰুষ৷

 কৰ্ম্মকে আদি কৰি কাৰকৰ আরু সম্বন্ধ পদৰ চিহ্ন লোপ হ’ই যি সমাস, হয় তাক তৎপুরুষ সমাস বোলে৷ কৰ্ম্মকাৰকৰ চিহ্ন লোপ হ’লে দ্বিতীয়াতৎপুরুষ, কৰণৰ চিহ্ন লোপ হ’লে তৃতীয়াতৎপুরুষ, সম্প্ৰদানৰ চিহ্ন লোপ হ’লে চতুৰ্থীতৎপুরুষ, অপাদানৰ হ’লে পঞ্চমীতৎপুরুষ, অধিকৰণৰ হ’লে সপ্তমী তৎপুরুষ আৰু সম্বন্ধৰ হ’লে যষ্ঠীতৎপুরুষ সমাস বোলে৷ যেনে, দুঃখক পোৱা মানুহ, দুঃখপোৱা মানুহ৷ মাছক ধৰা জাল, মাছধৰা জাল৷ চৰাইক মৰা শৰ, চৰাইমৰাশৰ৷ গুণেৰে অভিৰাম, গুণাভিৰাম, ক্ষুধা দ্বাৰা ঋত ক্ষুধাৰ্ত৷ * দেৱক দত্ত, দেৱদত্ত গুরুক

* তৃতীয়াতৎপুরুষো হব পাৰে৷ যেনে; দেবকৰ্ত্তৃক দত্ত [ ৩৪ ]দত্ত, গুরুদও৷ জাতিৰ পৰা দ্ৰষ্ট, জাতিভ্ৰষ্ট৷ ধৰ্ম্মৰ পৰা চ্যুত, ধৰ্মচ্যুত৷ অগ্ৰে গণ্য অগ্ৰগণ্য৷ গছত পক, গছপকা৷ ৰাজাৰ পুত্ৰ, ৰাজপুত্ৰ৷ ছাগলীৰ গাখীৰ, ছাগলী গাখীৰ৷

                    দ্বিগুসমাস৷

 সংখ্যা বুঝোৱা পদ আগত থাকি সমাস হ’লে তাক দ্বিগু সমাস বোলে৷ যেনে;— দুহালগরু, হেজাৰ টকা ইত্যাদি৷

               অব্যয়ীভাব সমাস

 অব্যয শঝব্দ আগত থাকি যি সমাস হয় তাৰ নাম অব্যয়ীভাব সমাস। যথা;— দিনে দিনৌ প্ৰতিদিন৷ যেনে শক্তি, যথাশক্তি, রূপৰ নিচিনা অনুরূপ ইত্যাদি৷

               কৃৎ প্ৰকৰণ৷

                  সংজ্ঞা৷

 ধাতুৰ পাছত হোৱা কেতবিলাক প্ৰত্যয়ক কুৎপ্ৰত্যয় বোলে৷ ৷ কৃৎপ্ৰত্যয়ান্ত ধাতু শব্দ হয়, ই ঈৰ ঠাইত এ, উ ঊৰ, ঠাইত ও, ঋ, ৠৰ ঠাইত অৰ হোৱাৰ নাম ‘গুণ’৷

দেৱদত্ত৷ গুরুকৰ্ত্তৃক দত্ত, গুরুদত্ত, কিন্তু ইয়াত অইন প্ৰকাৰ অৰ্থ হব৷ [ ৩৫ ] অৰ ঠাইত আ; ই, ঈ, এৰ ঠাইত ঐ; উ, ঊ, ওৰ ঠাইত ঔ আরু ঋ ৠৰ ঠাইত আৰ হোৱাৰ নাম বৃদ্ধি৷

 বিশেষ বিশেষ কাৰ্য্য সাধনৰ নিমিতে কোনো কোনো প্ৰত্যয়ৰ যি দুটা এটা আখৰ এৰা যায় সেই বিলাকক অনুবন্ধ বা ইৎ বোলে৷

                  কৎ প্ৰত্যয়৷

 ধাতুৰ পাছত ওঁতা হয় কৰ্তৃবাচ্যে অৰ্থাৎ কৰ্ত্তাক বুজাবলৈ। ওঁতা প্ৰত্যয় পাছত থাকিলে ধাতুৰ প্ৰায় গুণ হয়৷ যেনে; যি কৰে, এই অৰ্থত কৰ-ওঁতা, কৰোঁতা৷ যি ধৰে সি ধৰোঁতা, এই দৰে, খাওঁতা, যাওঁতা, লওঁতা, লেখোঁতা, দেখোঁতা ইত্যাদি৷ স্ত্ৰীলিঙ্গ হ’লে অতী হব৷ যেনে; কৰতী ধৰতী ইত্যাদি৷

 কাৰক ৰু ভাৱ অৰ্থত ব্যঞ্জনান্ত ধাতুৰ পাছত আ, আরু স্বৰান্ত ধাতুৰ পাছত ৱা হয়৷ ৱাৰ আগত থকা অ আরু আৰ ঠাইত ও হয়৷ আরু অন্য স্বৰৰ গুণ হয় বিকল্পে৷ যি কৰে নাইবা যাক কৰে সি (ক+-আ) কৰা৷ যি ধৰে বা যাক ধৰে নাইবা যি হেৰে ধৰে সি (ধৰ+আ) ধৰা৷ যি [ ৩৬ ]লয় বা যাক লয় সি (ল+ৱা) লোৱা৷ যি খায় বা যাক খায় সি (খ+ৱা) খুৱা৷ * যি যায় বা য’ত যায় সি (যা+ৱা) যোৱা। যি দিয়ে সি দিয়া ♰ নিয়ে যি সি নিয়া ইত্যাদি৷

 কৰ্ত্তৃ বাচ্যত ধাতুৰ পাছত ঈয়া হয়৷ যথা; গোক (গৰুক) ৰাখে যি সি গ’ৰখিয়া, সেই দৰে পাখীমৰিয়া, পহুমনীয়া ইত্যাদি৷

 ক্ৰিয়াৰ শেষ নোহোৱা বুঝাওঁতে ধাতুৰ পাছত ই, ওঁতে, লে, আরু লত হয়৷ এই বোৰ প্ৰত্যয় পাছত থাকিলে গুণ হয়৷ যেনে; লিখ+ই লেখি৷ যা+ওঁতে, যাওঁতে৷ খা+লে খালে৷ দেখ+লে, দেখিলে৷  গল+লত, গলত ইত্যাদি।

 ভাৱবাচ্যত ধাতুৰ পাছত ৰ হয়৷ যেনে; যা+ব যাব, দেখ+ব, দেখিব, কৰ+ব কৰিব  ইত্যাদি৷

* খা আদি কৰি কেইটা ধাতুৰ আ, উ হয়৷ ♰ ই ঈৰ পাচত ৱাৰ ঠাইত য়া হয়৷

এই বিলাক পদ প্ৰায় বিশেষণ হয়৷ ইয়াৰ ক’ত কি বাচ্যে প্ৰত্যয় হ’ইছে, তাক ছাত্ৰবিলাকে আপুনি দেখুৱাই এটা এটা বিশেষ্য পদ দি সরু সরু বাক্য ৰচনা কৰিব পাৰিলে ভাল৷

 ব্যঞ্জনান্ত ধাতুৰ পাছত কেতিয়া বা ই হয়৷

শিক্ষক সকলে ৰ প্ৰত্যয়ৰ উদাহৰণ এনেকৈ দেখাব৷ যথা; যাবৰ নিমিত্ত, দেখিবৰ পৰা, কৰিবলৈ গ’ল ইত্যাদি৷ [ ৩৭ ] কোনো কোনো ধাতুৰ পাছত নীয়াৰ হয়৷ যেনে; দেখিবলে ভাল এই অৰ্থত দেখনীয়াৰ৷ মাগে যি এই অৰ্থত মাগনীয়াৰ৷ খোজে যি সি খোজনীয়াৰ ইত্যদি৷

                সংস্কৃতানুযায়ি কৃৎ৷

                 সাধাৰণ বিধি৷

 কৃৎ প্ৰত্যয় হ’লে ধাতুৰ শেষত থকা ই ঈ উ ঊ ঋ ৠৰ আরু অন্ত্য আখৰৰ আগত থকা ই উ ঋৰ গুণ হয়৷ কিন্তু ক অনুবন্ধ হোৱা প্ৰত্যৰ পাছত থাকিলে গুণ ন হয়৷

 ণ, ঞ অনুবন্ধ হোৱা প্ৰত্যয় পাছত থাকিলে ধাতুৰ অন্তে স্থিত ই ঈ উ ঊ ঋ ৠৰ উপান্ত্য অৰ বৃদ্ধি আৰু অন্ত্য য়াকাৰৰ পাছত য হয়৷

 ঘ অনুবন্ধ হোৱা প্ৰত্যয় পাছত থাকিলে ধাতুৰ অন্ত্য চ গুছি ক, জ গুছি গ হয়৷

 ধকাৰান্ত, ভকাৰান্ত আরু হকাৰান্ত ধাতুৰ পাছত হোৱা প্ৰত্যয়ৰ ত ধ হয়৷ আরু সেই অন্ত্য ধ দ হয়, ভ ৰ হয়, হ গ হয়৷ *

* রুহ গুহ আদি কেতবিলাক ধাতুৰ হ আরু প্ৰত্যয়ৰ স্থ দুয়ো মিলি চ হয়, আগৰ স্বৰদীৰ্ঘ হয়।[ ৩৮ ]

                প্ৰত্যয় বিধান৷

 ভাব আরু কৰ্ম্মবাচ্যে সাধাৰণ ধাতুৰ পাছত তব্য আরু অনীয় প্ৰত্যয় হয়৷ কৃ+তব্য কৰ্ত্তব্য, কৃ+অনীয় কৰণীয়, স্থা+তব্য স্থাতব্য, বুধ্‌ বোদ্ধব্য প্ৰচ্ছ্‌ পৃচ্ছনীয় * ইত্যাদি৷

 ভাব আরু কৰ্ত্তৃ ভিন্ন কাৰক বাচ্যে সাধাৰণ ধাতুৰ পাছত ঘঞ্‌ হয়৷ ঘঞ্‌ৰ ঘঞ্‌ অনুবন্ধ অ থাকে৷ ৷ পচ্‌+ঘঞ্‌, পাক, ত্যজ্‌ ত্যাগ, ভজ্‌ ভাগ, নশ্‌ নাশ, শুচ্‌ শোক, ভৃ ভাৰ, ভূ ভাৱ, অধি+ই অধ্যায় ইত্যাদি৷

 ভাৱ বাচ্যে সাধাৰণ ধাতুৰ পাছত অল হয়। ল্‌ অনুবন্ধ অ থাকে৷ জি+অল্‌, জয়, ক্ষি ক্ষয়, দ্ৰু দ্ৰৱ, স্তু স্তৱ, ভূ ভৱ, হৃষ্‌, হৰ্ষ ইত্যাদি৷

 ভাৱবাচ্যে আরু কোনো কোনো কাৰক বাচ্যে সাধাৰণ ধাতুৰ পাছত অনট্‌ হয়। ট অনুবন্ধ অন থাকে৷ ভাৱবাচ্যে যথা; গম+-অনট্‌ গমন, ভুজ্‌ ভোজন, দৃশ্‌ দৰ্শন, (দেখা)৷ কৰণবাচ্যে যথা; দৃশ্‌ দৰ্শন, (চকু) শ্ৰু শ্ৰবণ, (কাণ) চৰ চৰণ,

* প্ৰচ্ছ পৃচ্ছ হয়। [ ৩৯ ](ভৰি) অধিকৰণ বাচ্যে যথা; স্থা স্থান, শী শয়ন (শয্যা) ইত্যাদি৷ *

 কৰ্ত্তৃবাচ্যে সাধাৰণ ধাতুৰ পাছত তৃ আরু ণক হয়৷ ণ্‌ অনুবন্ধ অক থাকে৷ দ+তৃ দাতা, দা+ণক দায়ক, কৃ কৰ্ত্তা, কাৰক, বি—ধা বিধাতা, বিধায়ক, যুধ্‌ যোদ্ধা, যোধক, বুধ্‌ বোদ্ধা ইত্যাদি৷

 গমনাৰ্থ আরু অকৰ্মক ধাতুৰ পাছত কৰ্তৃবাচ্যে সকৰ্ম্মক ধাতুৰ পাছত কৰ্ম্মবাচ্যে আরু প্ৰায় সকলো ধাতুৰ পাছত ভাৱবাচ্যে ♰ ক্ত হয়৷ ক্‌ অনুবন্ধ ত থাকে৷ যা+ক্ত বাত, ভী ভীত, মৃ মৃত, প্ৰখ্যা প্ৰখ্যাত, ধৃ ধৃত, উপ—নী উপনীত উচ্‌ উচিত৷

 প্ৰত্যয়ৰ ত পৰে থাকিলে মূচ্‌, যুজ্‌ প্ৰভৃতি কেতবিলাক ধাতুৰ অন্ত্যবৰ্ণ ক হয়৷ মুচ্‌ মুক্ত যুজ্‌ যুক্ত, অতি-ৰিচ অতিৰিক্ত, ভুজ্‌ ভূক্ত, ৰঞ্জ ৰক্ত ‡ ইত্যাদি৷

 প্ৰত্যয়ৰ ত পাছত থাকিলে দৃশ্‌ নশ্‌ সৃজ্‌,

* ভিন্ন ভিন্ন বাচ্যত কেনেকৈ বেলেগ বেলেগ অৰ্থ হয়. তাক ভাললকৈ বুঝাই পঢ়ালে ভাল৷

♰ ভাৱবাচ্যে ক্ত প্ৰত্যয়ান্ত পদ ভাষাত অতি অল্পহে পোৱা যায়।

‡ ন লোপ পায়৷ [ ৪০ ]মৃজ্‌ প্ৰভৃতি কেতবিলাক ধাতুর অন্ত্য আখৰ ষ হয় আৰু সকলো ষৰ পাছত থকা ত ট হয়৷ দৃশ্‌+ক্ত দৃষ্ট, নশ্‌ নষ্ট; সৃজ্‌ সৃষ্ট, মৃজ্‌ মৃষ্ট, প্ৰচ্ছ্‌ পৃষ্ট, তুষ্‌ তুষ্ট ইষ্‌ ইষ্ট ইত্যাদি৷

 কেতবিলাক ধাতুৰ পাছত হোৱা কোনো কোনো প্ৰত্যয়ৰ আদিতে ই যুক্ত হয়৷ যথা; লিখ+ক্ত লিখিত, পত্‌‌‌‌ পতিত, পূজ্‌ পূজিত, বিদ্‌ বিদিত ইত্যাদি৷

 ক্ত পাছত থাকিলে শ্ৰম্‌ ক্ৰম্‌ শম্‌ আদি কেতবিলাক ধাতুৰ অ আরু হয় আৰু ম্‌ ন্‌ হয়৷ যথা; শ্ৰম্‌ শ্ৰান্ত, আ-ক্ৰম্‌ আক্ৰান্ত, শম্‌ শান্ত ইত্যাদি৷

 ক্ত প্ৰত্যয় পাছত থাকিলে গম্‌ নম্‌ ৰম্‌ মন্‌ হন প্ৰভৃতি কেতবিলাক ধাতুৰ অন্ত্যবৰ্ণ লোপ হয়৷ যথা; গম্‌ গত নম্‌ নত, ৰম্‌ ৰত, মন্‌ মত, হন্‌ হত ইত্যাদি৷

 দকাৰান্ত ধাতুৰ দ আরু ক্ত প্ৰত্যয়ৰ ত দুয়ো মিলি ন্ন হয়৷ আ—সদ+ক্ত আসন্ন, অদ্‌ অন্ন, ভিদ্‌ ভিন্ন ইত্যাদি৷

 ক্ত প্ৰত্যয়ৰ ত পাছত থাকিলে ধাতুৰ অন্ত্য ৠ ঈৰ্‌ হয় আরু ৰকাৰৰ আরু ম্লা, ত্ৰা, দী, ডী, ক্ষী, [ ৪১ ]রুজ্‌, মস্‌জ্‌ প্ৰভৃতি কেতবিলাক ধাতুৰ পাছত হোবা ক্ত প্ৰত্যয়ৰ ত ন হয়৷ যথা; জৄ+ক্ত জীৰ্ণ, বি-দৄ বিদীৰ্ণ, উৎ-তৄ উত্তীৰ্ণ, বি-স্তৄ বিস্তীৰ্ণ, ম্লা ম্লান, ত্ৰা ত্ৰাণ, দী দীন, উৎ-ডী উড্ডীন, ক্ষী ক্ষীণ ইত্যাদি।

 ক্ত প্ৰত্যয় পাছত থাকিলে স্থা, মা প্ৰভৃতি কেতবিলাক ধাতুৰ আ ই হয়৷ আরু ধা ধাতুৰ ধা হি হয়৷ যথা স্থা স্থিত, পৰি-মা পৰিমিত, ধা হিত ইত্যাদি।

 ধ, ভ, হ অস্তে থকা ধাতুৰ পদ এনেকুৱা হয়৷ যেনে; ক্ৰুধ্‌, ক্ৰুদ্ধ, শুধ্‌ শুদ্ধ, লভ্‌ লব্ধ, ক্ষুভ্ ক্ষুব্ধ, দুহ দুগ্ধ, মুহ মুগ্ধ ইত্যাদি। *

 ক্ত প্ৰত্যয় কৰি তলত লিখা পদ বিলাকো সিদ্ধ হইছে।

ধাতু     সিদ্ধপদ

গ্ৰহ    গৃহীত

আ-হ্বা আহূত

বচ্‌ উক্ত

বদ্‌ উদিত

গা গীত   ধাতু, সিন্ধপদ

 পা পীত

 হা হীণ

 পচ্‌ পক্ক

 শুষ্‌ শুষ্ক

* মূহ মূঢ়, গুহ্‌ গূঢ়, বহ বাঢ়, এই বিলাক পদও হয়৷ [ ৪২ ] ভাৱবাচ্যে সাধাৰণ ধাতুৰ পাছত ক্তি প্ৰত্যয় হয়৷ ক অনুবন্ধ তি থাকে৷ ক্ত প্ৰত্যয় পাছত থাকিলে যি যি কাৰ্য হয় তাৰ অধিকাংশ ক্তি পাছত থাকিলেও হয়৷ খ্য+ক্তি খ্যাতি, প্ৰী প্ৰীতি, গম্‌ গতি, উৎ-নম্‌ উন্নতি, স্থা স্থিতি, বুদ্‌ বুদ্ধি, শম্‌ শান্তি, মন্‌ মতি ইত্যাদি৷ *

 ভাৱ আৰু কৰ্মবাচ্যে ঋৠ নাইবা ব্যঞ্জন বৰ্ণ শেষত থকা ধাতুৰ পাছত ঘ্যণ্‌ হয়, ঘ্‌ ণ্‌ অনুবন্ধ য থাকে৷ কৃ+ঘ্যণ কাৰ্য্য, ধৃ ধাৰ্য্য, যুজ যোগ্য ভুজ্‌ ভোগ্য  ইত্যাদি৷

 ভাৱ আরু কৰ্মবাচ্যে স্বৰান্ত ধাতু, শক, সহ আৰু পবৰ্গান্ত আদি কেতবিলাক ধাতুৰ পাছত ষ হয়৷ এই য পাছত থাকিলে আকাৰান্ত ধাতুৰ শেষত থকা আ এ হয়৷ যথা; —দা+য দেয়, পা পেয়, নী নেয়, শক্‌ শক্য, সহ সহ্য, লভ লভ্য, নস নস্য ইত্যাদি৷

* হা ধাতু হানি হয়৷

অনুযোজ্য, ভোজ্য ইত্যাদি পদো হয়। [ ৪৩ ] কৰ্ম্মপদ আগত থকা কেতবিলাক ধাতুৰ পাছত কৰ্ত্তৃবাচ্যে অণ্‌ হয়৷ ণ্‌ অনুবন্ধ অ থাকে৷ শাস্ত্ৰ-কৃ+শাস্ত্ৰকাৰ, সূত্ৰ-ধৃ সূত্ৰধাৰ, মালা-কৃ মালাকাৰ ইত্যাদি৷

 কেতবিলাক ধাতুৰ পাছত কৰ্তৃবাচ্যে অ হয়৷ দিবা-কৃ+অ দিবাকৰ, নিশা-কৃ নিশাকৰ, প্ৰভা-কৃ প্ৰভাকৰ, ক্লেশ-কৃ ক্লেশকৰ, জল-চৰ জলচৰ ইত্যাদি৷

 অ প্ৰত্যয় পাছত থাকিলে কোনো কোনো ঠাইত পূৰ্ব্ব পদৰ শেষত (ং) অনুস্বাৰ যুক্ত হয়৷ যথা; —ভয়-কৃ+অ ভয়ঙ্কৰ, বিশ্ব-ভৃ বিশ্বম্ভৰ, বশ বদ বশংবদ ইত্যাদি৷

 অ প্ৰত্যয় পাছত থাকিলে কোনো কোনো স্বাতুৰ শেষ স্বৰ আরু সেই স্বৰৰ পাছত বৰ্ণৰ লোপ হয়৷ যথা; —জল-দা+অ জলদ, পুৎ-ত্ৰা পুত্ৰ, বি-জ্ঞা বিজ্ঞ, নৃ-পা নৃপ, অগ্ৰ-জন্‌ অগ্ৰজ, পাৰ-গম্‌ পাৰগ ইত্যাদি৷

 কেতবিলাক ধাতুৰ পাছত কৰ্ত্তৃবাচ্যে অন হয়৷ যথা; ভীষ্‌+অন ভীষণ, পূ-পৱন, তপ্‌ তপন, দহ, দহন, দুঃ-যুধ দুৰ্য্যোধন ইত্যাদি৷ [ ৪৪ ] ভাৱবাচ্যে কেতবিলাক ধাতুৰ পাছত আ হয়৷ যধা; সেব্‌+আ সেবা, নি দ নিন্দা, ক্ষম্‌ ক্ষমা, ইষ্‌ ইচ্চা * পূজ্‌ পূজা, ব্যথ্‌ ব্যথা, দয় দয়া, প্ৰ-ভা প্ৰভা, প্ৰতি-জ্ঞা প্ৰতিজ্ঞা ইত্যাদি৷

 ভাৱবাচ্যে কেতবিলাক ধাতুৰ পাছত অনা হয়৷ যথা;— অৰ্চ্চি+অনা অৰ্চ্চনা, কল্পি কল্পনা, যন্ত্ৰি যন্ত্ৰণা, ঘটি ঘটনাৰ আসি বাসনা, বন্দ বন্দনা ইত্যাদি৷

            লিঙ্গ নিরূপণ বিধি৷

 যি যি প্ৰত্যয় কাৰকবাচ্যে হয়, সেই দেই প্ৰত্যয়ান্ত পদ প্ৰায় বিশেষণ; সুতৰাং বিশেষ্য পদৰ যি লিঙ্গ তাৰো সেই লিঙ্গ হই থাকে৷ যেনে; ভীত পুরুষ, ভীতা স্ত্ৰী; পৰ্ব্বতবাসী পুরুষ, পৰ্ব্বতবাসিনী স্ত্ৰী; হস্তী ধৃত হ’ল, হস্তিনী ধৃতা হ’ল; তাৰ ক্ৰোধ অসহ্য, কথা অসহ্যা ইত্যাদি৷

 ক্তি, আ; আরু অনা প্ৰত্যয়ান্ত পদ সকলো স্ত্ৰীলিঙ্গ৷ যথা; মতি, গতি, খ্যাতি, বুদ্ধি, শুদ্ধি, হানি, ৰক্ষা, দয়া, ভিক্ষা, যাতনা, চেতনা, বাসনা ইতাদি৷

* ইষ্‌ ইচ্ছ্‌ হয়৷ [ ৪৫ ] ভাৱবাচ্যে বিহিত ঘঞ্‌ আরু অল্‌ প্ৰত্যয়ান্ত পদ প্ৰায় পুংলিঙ্গ। যথা; নাশ, হাস, ৰোগ তাপ, লাভ, জয়, স্তৱ ইত্যাদি।

 ভাৱবাচ্যে বিহিত অনট্‌ প্ৰত্যয়ান্ত পদ প্ৰায় ক্লীবলিঙ্গ। যথা; গমন, ভোজন, শ্ৰৱণ, শয়ন ইত্যাদি।

            প্ৰেৰণাৰ্থ ক্ৰিয়া পদ।

 আনৰ দ্বাৰা ক্ৰিয়া কৰোৱা বুঝালে ধাতুৰ পাছত আ, ৱা আরু য়া হয়। এই বোৰ প্ৰত্যয় হ’লে ধাতুই থাকে আৰুরু ধাতুৰ পাছত হব লগীয়া যি যি প্ৰত্যয় আছে সেই বিলাকো হয়। যেনে;

ধাতু,  আপুনি কৰিলে,   আনৰদ্বাৰা কৰালে।

কৰ  কৰিছোঁ কৰাইছোঁ,  কৰোৱাইছো।

ৰাখ  ৰাখিছোঁ ৰখাইছোঁ,  ৰখোৱাইছোঁ।

খ     খাইছোঁ খুৱাইছোঁ,  খুৱোৱাইছোঁ।

দি     দিছোঁ দিয়াইছোঁ,  দিয়োৱাইছোঁ।*

ইত্যাদি।

 * ইয়াত যি ভিন্ন ভিন্ন অৰ্থ হয় তাক শিক্ষক সকলে ভালকৈ বুঝাই দিব।[ ৪৬ ]

                   তদ্ধিত।

 তদ্ধিতৰ স্বৰ পাছত থাকিলে আগৰ স্বৰ প্ৰায় লোপ হয়।

 কৰ্ম্ম আদি কৰি কাৰকৰ পাছত ইয়া, উৱা, উৰা, আরু ঈ হয়। যেনে; কানি খায় যি সি কানীয়া। গোচৰ কৰে যি সি গুচৰীয়া।* অসমৰ যি দি অসমীয়া। বন কৰে যি সি বনুৱা। মাঘত উপজে যি সি মঘুৱা৷† বৰকৈ কান্দে যি সি কান্দুৰা। ফাগুনত উপজে যি সি ফাল্গুনা। সেই দৰে আহিনা, পুহা। বাঙ্গালাৰ যি সি বাঙ্গালী। বিলাতৰ যি সি বিলাতী। কাকত লিখে যি সি কাকতী ইত্যাদি।

 আগত কোৱা প্ৰত্যয় হলে গাওঁ আদি কৰি শব্দৰ পাছত ল, বন আদি কৰি শব্দৰ পাছত ৰ, হয়। যেনে; গাওঁত থাকে যি সি গাঁৱলীয়া।‡ মিচা কয় যি সি মিচলীয়া। বনত (হাবিত) থাকে। সি সি বনৰীৰা ইত্যাদি।

* এই বিলাক প্ৰত্যয় হলে শব্দৰ আগৰ ও উ হয় আ{{Bengali ৰু‎} আ, প্ৰায় অ হয়।

† স্ত্ৰীলিঙ্গত এই দৰে পদ হয়। যেনে; মঘুৱা মাঘী আহিনা আহিনী, পুহা পুহী, কান্দুৰা কান্দুৰী ইত্যাদি।

‡ ও, ৱ হয়। [ ৪৭ ] আছে বা থাকে নাইবা সম্বন্ধ অৰ্থত শব্দৰ পাছত আল, কেতিয়াবা য়াল হয়। যথা; বৰ খঙ্গ আছে যাৰ সি খঙ্গাল, হাবিত থাকে যি সি হাবিয়াল, নদীত থাকে যি সি নদীয়াল। মৰম আছে যাৰ সি মৰমিয়াল। * মৰঙ্গৰ কাৰ্য্য কৰে যি দি মৰঙ্গিয়াল ইত্যাদি।

 দ্বিতীয় পুৰুষৰ সম্বন্ধ পদৰ পাছত থকা ইবৰ্ণান্ত উবৰ্ণান্ত শৰ্কৰ পাছত প্ৰায় য়াঁই এঁৰা হয়। যথা; তোমাৰ জোঁৱাইয়াঁই মাৰিলে। তোমাৰ জোঁবাই এঁৰা আছে নে? তোমাৰ ভনীয়াঁই বা ভনী এঁৰাই কইছে। তোমাৰ বউয়াঁই বা বউএঁৰাই দেখিছিল।

 তুচ্ছাৰ্থে কেবল এঁৰে হয়। তোৰ জোঁৱাই এঁৰে আহিলে নে? তোৰ ভনী এঁৰে কি কৰিছে। তোৰ বউ এঁৰে খালেনে? এই তোৰ পদ উহ্য থাকিলেও হয়। যেনে; বউএঁৰে খালেনে? জোঁৱাই এঁৰে গ’লনে? ইত্যাদি।

 তৃতীয় পুৰুষৰ সম্বন্ধ পদৰ পাছত থকা ইবৰ্ণান্ত উবৰ্ণাস্ত শব্দৰ পাছত প্ৰায় এক্‌ হয়।

* য়াল হলে কেতিয়া বা ই হয়।[ ৪৮ ]

যেনে; আপোনাৰ ভনীএঁকে আহিলে তাৰ জোঁৱাই একে গ’ল। যোগাইৰ বউএকে কইছে। তাৰ জোঁৱাই একহঁতে চকু মেলিও নেচায়। ইত্যাদি।

 আছে এই অৰ্থত শব্দৰ পাছত ঈ, ৱন্ত, মন্ত, বি আৰু শালী হয়, পুংলিঙ্গত। কিন্তু স্ত্ৰীলিঙ্গত হলে ইনী, ৱতী, মতী, বিনী আরু শালিনী হয়। যথা; জ্ঞান আছে যাৰ সি (জ্ঞান+ঈ) জ্ঞানী বা (জ্ঞান+ৱন্ত) জ্ঞানৱন্ত। এই দৰে ধনী বা ধনৱন্ত। বুদ্ধিমন্ত, শ্ৰীমন্ত, মায়াবী, ঐশ্বৰ্য্যশালী ইত্যাদি।* স্ত্ৰীলিঙ্গত জ্ঞানিনী, জ্ঞানৱতী, বুদ্ধিমতী ইত্যাদি।

 শব্দৰ পাছত ত্ব, তা আরু য হয়। ভাৱাৰ্থত যধা; প্ৰভুত্ব, সহায়তা, সাহায্য, নৈপুণ্য ইত্যাদি।

 শব্দৰ পাছত ই, অ, এয়, ইক আরু আয়ন প্ৰত্যয় হয়, অপত্য আরু সম্বন্ধ অৰ্থত। এই বিলাক প্ৰত্যয় হলে শব্দৰ আগৰ ফালৰ স্বৰৰ বৃদ্ধি হয়। যথা; দশৰথৰ সন্তান বি সি দাশৰথি, পাণ্ডুৰ সন্তান যি সি পাণ্ডব। ভগিনীৰ

* জ্ঞানৱান্‌, বুদ্ধিমান্‌, ধনৱান্‌ ইত্যাদি পদ ও হয়।[ ৪৯ ]

সন্তান যি সি ভাগিনেয় বা ভাগিন। শৰীৰৰ যি সি শাৰীৰ বা শাৰীৰিক। ৰামৰ সম্বন্ধীয় যি সেই ৰামায়ণ, ভগৱন্তৰ সম্বন্ধে যি সেই ভাগবত।* ইত্যাদি।

 সময় বুঝাওঁতে যি দি আরু এই শব্দৰ ঠাইত ক্ৰমে যেতিয়া, তেতিয়া আরু এতিয়া আদেশ হয়।

 সময় অৰ্থত কোন শব্দৰ ঠাইত কেতিয়া আরু কাহানি হয়।

 অধিক পূৰ্ব্ব সময় বুঝাওঁতে সি শব্দৰ ঠাইত অথনি হয়।

 শব্দৰ পাছত ময় প্ৰত্যয় হয়, ব্যাপ্তি আরু স্বরূপ অৰ্থত। যথা; জলেৰে ব্যাপ্ত জলময়. আনন্দস্বরূপ আনন্দময়, জ্ঞানস্বরূপ জ্ঞানময়।

 সমূহ অৰ্থত শব্দৰ পাছত অনি প্ৰত্যয় হয়। যেনে; বননি, তামোলনি, কাঠনি, ঝাৰনি, ফুলনি ইত্যাদি।

 এই অনি প্ৰত্যয় হলে কেতবিলাক শব্দৰ দুবাৰ উক্তি হয়। যেনে; গছ্‌গছনি, ধপ্‌ধপনি ইত্যাদি।

* ন লোপ হয়।[ ৫০ ]

                অন্বয় প্ৰকৰণ।

                     বাক্য।

 অনেক কথা যথাক্ৰমে স্থাপিত হ’ই ভালকৈ অৰ্থ বুঝালে তাক বাক্য বোলে। বাক্যত যি যি কথা থাকে তাৰ কোন্‌টো নো কি পদ অৰ্থাৎ বিশেষ্য কি বিশেষণ কি আন প্ৰকাৰ আ{বঙালী ৰু}} কোন্‌টো নো কোন্‌ লিঙ্গ আরু কোন কাৰক ইত্যাদি ভালকৈ দেখোবাৰ নাম “অম্বয়”। অন্বয় কৰি পঢ়িলে অল্পতে বুৎপত্তি হয়, সেই দেখি তলত কিছুমান “অন্বয়” কৰি দেখোৱা হল।

 যোৱা মাহত ৰজাই আমাৰ পঢ়াশালিলৈ আাহি আপোন হাতেৰেই কেইবাখন পুথী ল’ৰা বিলাকক দিলে।।

 “যোৱা” ক্ৰিয়াবাচক বিশেষণ পদ, মাহত এই পদৰ বিশেষণ।

 “মাহত” বিশেষ্য পদ, পুংলিঙ্গ, একবচন, আহি এই ক্ৰিয়াৰ কালবাচক অধিকৰণ পদ।

 “ৰজাই” বিশেষ্য পদ, পুংলিঙ্গ, তৃতীয় পুরুষ, একবচন, কৰ্ত্তাকাৰক, আহি আরু দিলে এই দুই ক্ৰিয়াৰ কৰ্ত্তা। [ ৫১ ] “আমাৰ” সৰ্বনাম, বাচ্যলিঙ্গ, বহুবচন, সম্বন্ধ পদ, পঢ়াশালিলৈ পদেৰে সৈতে সম্বন্ধ।

 “পঢ়াশালিলৈ” যষ্ঠীতৎপুরুষ সমাস-নিষ্পন্ন বিশেষ্য পদস্ত্ৰীলিঙ্গ, একবচন, কৰ্ম্মকাৰক, আহি ক্ৰিয়াৰ কৰ্ম্ম।*

 “আহি” অসমাপিকা ক্ৰিয়া।

 “আপোনহাতেৰেই” যষ্ঠীতৎপুরুষ সমাস নিষ্পন্ন বিশেষ্যপদ, পুংলিঙ্গ, একবচন, কৰণকাৰক, দিলে এই ক্ৰিয়াৰে সৈতে সম্বন্ধ।

 “কেইবাখন” সংখ্যাবাচক বিশেষণ। পদ, পুৰ্থীৰ বিশেষণ।♰

 “পুথী” বিশেষ্যপদ, পুংলিঙ্গ, বহুবচন, কৰ্ম্ম কাৰক, দিলে এই ক্ৰিয়াৰ কৰ্ম্ম।

 “ল’ৰাবিলাকক” বিশেষ্যপদ, পুংলিঙ্গ, বহুবচন, সম্প্ৰদানকাৰক, দিলে ক্ৰিয়াৰ সম্প্ৰদান।

 “দিলে’ সমাপিকা ক্ৰিয়া পদ, তৃতীয় পুরুষৰ

* সংস্কৃতৰ দৰে অসমীয়া ভাষাত গগনাৰ্থ ধাতু বিকল্পে সকৰ্ম্মক হয়;আরু সেই কৰ্ম্মপদত প্ৰায় লৈ শব্দ যোগ হয়।

ইয়াৰ বিশেষণ কেইবাথন শব্দেই বহু বুখাইছে, সেই

দেখি আৰু বহুবচনৰ যোগ হে ৱা নাই।[ ৫২ ]

ক্ৰিয়া, অতীত কাল, সকৰ্ম্মক; ইয়াৰ কৰ্ত্তা বজাই, কৰ্ম্ম পুথী।

পদ্য।

“পাছে উগ্ৰসেনক নৃপতি পাতি হৰি।

ন দকো কৰিলা শান্ত বচনে সাদৰি।”

 “পাছে” ক্ৰিয়াবিশেষণ, পাতি এই ক্ৰিয়াৰে। সৈতে সম্বন্ধ।

 “উগ্ৰসেনক” বিশেষ্য পদ, পুংলিঙ্গ, একবচন, কৰ্ম্মপদ, পাতি এই ক্ৰিয়াৰে সৈতে সম্বন্ধ।

 “নৃপতি” বিশেষ্য পদ, যষ্ঠীতৎপুরুষ সমাস নিষ্পন্ন, পুংলিঙ্গ, একবচন, উদ্দেশ্যবিধেয়রূপে অভিন্ন কাৰক।

 “পাতি’ সকৰ্ম্মক অসমাপিকা ক্ৰিয়া ইয়াৰ কৰ্ত্তা হৰি, কৰ্ম্ম উগ্ৰসেন।

 “হৰি” বিশেষ্যপদ, পুংলিঙ্গ, একবচন, তৃতীয় পুরুষ, কৰ্ত্তাকাৰক, পাতি আরু শান্ত কৰিলা এই দুয়ো ক্ৰিয়াৰে সৈতে সম্বন্ধ।

 “নন্দকো” বিশেষ্য পদ, পুংলিঙ্গ, একবচন, কৰ্ম্মকাৰক, শান্ত কৰিলা এই ক্ৰিয়াৰ কৰ্ম পদ। [ ৫৩ ] “শান্ত কৰিলা” সংযুক্ত সমাপিকা ক্ৰিয়া সকৰ্ম্মক, অতীতকাল, তৃতীয় পুরুষ, ইয়াৰ কৰ্ত্তা, হৰি, কৰ্ম্ম নন্দ।

 “বচনে” বিশেষ্য পদ, কৰণকাৰক; শান্ত কৰিয়া ক্ৰিয়াৰে সৈতে সম্বন্ধ।

 “সাদৰি” অসমাপিকা ক্ৰিয়া।

 এই পদৰ অৰ্থ আপোন কথাৰে প্ৰকাশ কৰিলে এই হব। যেনে;

 তাৰ পাছে হৰিয়ে উগ্ৰসেনক ৰজা পাতি মধুৰ বাক্যে আদৰ কৰি নন্দকে শান্ত কৰিলা।

                 ছন্দঃপ্ৰকৰণ।

 অসমীয়া ভাষাত এই কেইটা ছন্দ সচৰাচৰ ব্যৱহাৰ হয়। যেনে; পদ, ছবি, দুলোড়ি, লেচাৰী, একাবলী, ঝুমুৰী, অমিত্ৰাক্ষৰ।

                       পদ।

শুনা শিশু মোৰ কথা, অতি ৰঙ্গ মনে।

অসজ লোকৰ সঙ্গ, এৰিবা যতনে॥

সঙ্গ গুণে ভাল মন্দ, হোৱে সংসাৰত।

এই উপদেশ মনে, নেবা কদাচিত॥

[ ৫৪ ]

                    ছবি।

মিচা কথা ন কহিবা,   আরু চুৰ ন কৰিবা,

শপথ নেখাব অকাৰণে।

সকলোকে স্নেহ কৰা,   গুরুবাক্য চিত্তে ধৰা,

তেহে আদৰিব জ্ঞানিজনে।

                 দুলোড়ি।

কোন দিনা তুমি,   ধেমালিকে কৰি,

কাল নিনিয়াবা শিশু।

নিজ পাঠ পঢ়ি,   মনত ৰাখিবা,

নহলে হবাহে পশু।

              লেচাৰী।

সদা দেশাচাৰ থোবা সাঁচি, পৰমাৰ্থতত্ত্ব লোৱা বাচি,

শাস্ত্ৰ যুক্তিমতে সদা কৰা আচৰণ।

শাস্ত্ৰযুক্তিতেসে দিয়া চিত, গোৱা হৰিনাম গুণগীত,

সকলো শাস্ত্ৰৰ এহি সে সাৰ বচন॥

           একাবলী।

প্ৰসেন নামে তান ভ্ৰাতৃ আছে।

কণ্ঠত মণিক পিন্ধিলা পাছে॥

[ ৫৫ ]

            ঝুমুৰী।

হেন শুনি জাম্বৱন্ত।

দেখি মহা বলৱন্ত॥

নিচিনি স্বামীক পাছে।

ধৰিলন্ত যুদ্ধ কাছে॥

         অমিত্ৰাক্ষৰ পদ।

মোৰ বাক্য, শিশু, ধৰি ৰাখা মনে, তুমি

মিচা পৰ নিন্দা কৰি, নেখেদাবা কাল।

পাব খোজা তুমি যদি, আনৰ মৰম;

চিতে সৈতে সকলোকে, মৰম কৰিবা।

           চিহ্ন প্ৰকৰণ।

 কেতবিলাক চিহ্ন আছে তাৰেও অনেক অৰ্থ পোৱা যায়। সেই বিলাকৰ যি নাম আরু যি অৰ্থ তাক তলত লিখা গল।

 (,) ইয়াৰ মাম কামা; এইটো চিহ্ন থাকিলে এক কওঁতে যি মান সময় লাগে তিমান ৰই পঢ়িব লাগে।

 (;) ইয়াক সিমিকোলেন বোলে; এই চিহ্ন থাকিলে কামাতকৈ অল্প বেছি সময় ৰই পঢ়িব লাগে। [ ৫৬ ] (।) এই চিনৰ নাম দাড়ি; এইটো চিহ্ন থাকিলে শ্বাসটো এৰিব লাগে।

 ? এই চিহ্ন থাকিলে সোধা বুঝায়, সেই দেখি। ইয়াক প্ৰশ্নসূচক চিহ্ন বোলে। এই চিহ্নৰ উদাহৰণ যেনে; নেযাৱ নে? ক’ত আছে? জানো।

 ! ইয়াকে সম্বোধন আরু বিস্ময়ৰ চিন বোলে। বিস্ময়ৰ উদাহৰণ যেনে, জাঠিৰেই হাতীটো মাৰিলনে! ইয়াৰ দুটা বা তিনটা থাকিলে অৰ্থাৎ!! বা!!! এই দৰে থাকিলে বৰ বিস্ময় বুঝাব।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to print (Opens in new window) Print
  • Click to email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Tags: অসমীয়া ল'ৰাৰ ব্যাকৰণ
Anjan Sarma

Anjan Sarma

Related Posts

Air India Flight AI171 Crashes near Ahmedabad with 242 Onboard
Opinion

What Happened to Air India Flight AI171?

by Kakali Das
June 18, 2025
0

What Happened to Air India Flight AI171? KAKALI DAS KAKALI DAS In one of the most tragic incidents in India’s...

Read moreDetails
World War III: Could Water Be the Spark?

India’s 2025 Climate Crisis: Scorching Heat, Water Shortages, and Urgent Solutions

June 16, 2025
Heatwave Days to Double in Mumbai, Chennai, Delhi, Patna and other Indian Cities by 2030

Heatwave Days to Double in Mumbai, Chennai, Delhi, Patna and other Indian Cities by 2030

June 16, 2025
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

June 15, 2025
Is There Really No Ethical Consumption Under Capitalism?

Is There Really No Ethical Consumption Under Capitalism?

June 15, 2025
Nalanda: Ruins that stand for glory of Buddhism

Nalanda: Ruins that stand for glory of Buddhism

June 14, 2025
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 15, 2024
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
Air India Flight AI171 Crashes near Ahmedabad with 242 Onboard

What Happened to Air India Flight AI171?

June 18, 2025
How AI-Driven Automation Can Transform Assam’s Public Sector and Business Landscape

How AI-Driven Automation Can Transform Assam’s Public Sector and Business Landscape

June 18, 2025
Supreme Court Stands Firm Against Wealthy Silencing Media!

Kerala High Court Enforces Ban on Single-Use Plastics in Hilly Areas and Public Events

June 17, 2025
Afghan Women: Unyielding Resilience in the Face of Adversity!

Afghan Women’s Plight: A Call for Global Solidarity

June 17, 2025

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    12377 shares
    Share 4950 Tweet 3094
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    1422 shares
    Share 569 Tweet 356
  • পৰিৱেশ সুৰক্ষা আৰু আমাৰ দায়িত্ব 

    2868 shares
    Share 1147 Tweet 717
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    5550 shares
    Share 2220 Tweet 1388
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    7244 shares
    Share 2898 Tweet 1811
  • ড্ৰাগছ : এক সামাজিক ব্যাধি

    3076 shares
    Share 1230 Tweet 769
  • Guwahati Is Sinking: 70 Years of Floods, No Lessons Learned!

    173 shares
    Share 69 Tweet 43
  • ব্ৰিটিছ ৰাজঃ ১৯০৫ চনৰ বংগ বিভাজনত অসমৰ ভূমিপুত্ৰ সকলৰ মহৎ ভূমিকা

    172 shares
    Share 69 Tweet 43
  • জ্যোতিপ্ৰসাদৰ সাংস্কৃতিক,সাহিত্যিক আৰু ৰাজনৈতিক অৱদানসমূহ

    2158 shares
    Share 863 Tweet 540
  • ৰাজবংশী জাতিগঠন প্ৰক্ৰিয়াঃ সংমিশ্ৰণ আৰু সমাহৰণ প্ৰসংগ

    140 shares
    Share 56 Tweet 35
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges—From Climate Change and Gender Equality to Economic Upliftment.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d