অসমীয়া সংস্কৃতিত পাশ্চাত্য সংস্কৃতিৰ প্ৰভাৱ
লিপিকা দাস
মানুহ হৈছে সমাজপ্ৰিয় প্ৰাণী ।
কোনো এক নিৰ্দিষ্ট ভৌগোলিক পৰিসীমাৰ মাজত থাকিয়েই মানুহে নিজৰ সুবিধা অনুযায়ী একোখনকৈ সমাজ গঢ়ি তোলে । সমাজ সৃষ্টিৰ লগে লগেই গঢ় লৈ উঠে সভ্যতা আৰু সংস্কৃতি ।
সভ্যতা আৰু সংস্কৃতিৰ সংজ্ঞা দিয়াটো টান যদিও বিভিন্নজন পণ্ডিতে সময়ে সময়ে বিভিন্ন সংজ্ঞা দি থৈ গৈছে ।
লিণ্টনৰ মতে, “ব্যক্তিৰ সংঘবদ্ধ সমষ্টিয়েই সমাজ । বিশেষ এখন সমাজৰ বৈশিষ্ট্য বহন কৰিব পৰা শিক্ষিত লোকৰ দলবদ্ধ সমষ্টিকেই সংস্কৃতি বুলিব পাৰি ।” গতিকে ইয়াৰ দ্বাৰা বুজা গ’ল যে কোনো এটা সংস্কৃতিয়ে কোনো এক নিৰ্দিষ্ট সমাজ বিশেষৰ ঐতিহ্য তথা বৈশিষ্ট্যসমূহ বহন কৰি চলে । আৰু সেইবাবেই একোটা সংস্কৃতিয়ে নিজৰ সমাজ, জাতি তথা সভ্যতাক আনৰ পৰা পৃথক কৰি ৰাখি তাক বিশ্ব দৰবাৰত প্ৰতিনিধিত্ব কৰে ।
উপৰোক্ত আলোচনাৰ পৰা বুজা গ’ল যে অসমীয়া সংস্কৃতিয়ে অসমীয়া জাতিটোক স্বকীয়তা প্ৰদান কৰাৰ লগতে জাতিটোৰ মেৰুদণ্ডডাল টনকিয়াল কৰি ৰাখিছে । যিহেতু সংস্কৃতিয়ে আমাৰ সামাজিক আচৰণ, খাদ্যাভ্যাস, সাজ পোছাক, আমাৰ ৰুচি অভিৰুচি আদি সাঙুৰি লয়, সেয়েহে এই সংস্কৃতিক জীয়াই ৰখাটো আমাৰ সামাজিক কৰ্তব্য ।
অসমীয়া সংস্কৃতিৰ বৰ পথাৰ খন অতীজৰে পৰা চহকী । পাৰ্চনৰ মতে, “সংস্কৃতি হৈছে পৰৱৰ্তী মানুহৰ আচৰণৰ পথ প্ৰদৰ্শক ।”
অৰ্থাৎ এগৰাকী ব্যক্তিৰ ব্যক্তিত্ব গঢ় লয় তেওঁ বাস কৰা সমাজখনৰ সংস্কৃতিৰ জৰিয়তে । তেওঁৰ পূৰ্ব পুৰুষে দি যোৱা শিক্ষা খিনিৰ জৰিয়তে । অসমীয়া জাতিটোৰ অতিথিপৰায়নতা, সৰলতা আদি সৰ্বজন বিদিত । কিয়নো এই গুণ বোপা ককাৰ পৰা আৰ্জিত । এয়াও এক সংস্কৃতি ।
তাৰোপৰি অসমীয়া সমাজত প্ৰৱৰ্তিত লোকাচাৰ, সাজপাৰ, খাদ্য প্ৰণালী ইত্যাদিও অসমীয়া সংস্কৃতিৰ অন্তৰ্গত । কিন্তু দেখা গৈছে যে, গোলকীকৰণ, নগৰীকৰণ, বাণিজ্যিকৰণ ইত্যাদিয়ে লাহে লাহে এই সংস্কৃতিটোক গ্ৰাস কৰিবলৈ লৈছে যাৰ ফলত সচেতন মহল কিছু পৰিমাণে হ’লেও সৰব হৈ উঠিছে ।
এই ক্ষেত্ৰত সচেতন মহলে উত্থাপন কৰা প্ৰশ্নটো হৈছে অসমীয়া সংস্কৃতিৰ ওপৰত পশ্চিমীয়া সংস্কৃতিৰ কুপ্ৰভাৱ পৰিছে যাৰ ফলত দিনে দিনে আমি আমাক হেৰুৱাই পেলাব ধৰিছোঁ ।
এতিয়া আহিছোঁ মূল কথালৈ । দুটা ভিন্ন সংস্কৃতিৰ মাজৰ আদান প্ৰদান কোনো ডাঙৰ কথা নহয় । বিশ্বায়নৰ যুগত এয়া আৰু অধিক সহজ হৈ পৰিছে বিভিন্ন মাধ্যমবোৰৰ জৰিয়তে ।
প্ৰায়েই আমি পশ্চিমীয়া সংস্কৃতিৰ প্ৰভাৱ সম্পৰ্কে আলোচনা কৰিবলৈ গৈ পশ্চিমীয়া সংস্কৃতিটোক “অপসংস্কৃতি” আখ্যা দিওঁ । দৰাচলতে সেয়া কিমানদূৰ গ্ৰহণযোগ্য??
সঁচা কথা ক’বলৈ গ’লে পশ্চিমীয়া সংস্কৃতি আৰু অসমীয়া সংস্কৃতিৰ মাজত আকাশ পাতাল পাৰ্থক্য , আৰু এই পাৰ্থক্য মূল্যবোধৰ । কিয়নো পশ্চিমীয়া সংস্কৃতি ভোগবাদ তথা ব্যক্তিস্বাধীনতাত বিশ্বাসী । তাৰ পৰিৱৰ্তে আমাৰ সমগ্ৰ ভাৰতীয় সংস্কৃতিয়ে গঢ় লৈ উঠিছে ত্যাগৰ ধাৰণাৰ ওপৰত । সেয়া এক অন্য বিষয় ।
কিন্তু প্ৰকৃতাৰ্থত সূক্ষ্মভাৱে নিৰীক্ষণ কৰিলে দেখা যায়, পশ্চিমীয়া সংস্কৃতিৰ প্ৰেক্ষাপটত তেওঁলোকৰ জীৱনশৈলীৰ সৈতে তেওঁলোকৰ সংস্কৃতিখিনি মিলি যায় কিন্তু অসমৰ প্ৰেক্ষাপটত সেইখিনি আমি প্ৰয়োগ কৰিব নোৱাৰোঁ কিয়নো আমাৰ সমাজ ব্যৱস্থা ভিন্ন । গতিকে তেওঁলোকে যিদৰে নিজৰ জীৱন উদযাপন কৰে, তাত কোনো ভুল নাই কিন্তু অসমৰ প্ৰেক্ষাপটত সেয়া সম্ভৱপৰ নহয় ।
কিন্তু দেখা যায় যে প্ৰয়োজনীয় অধ্যয়ন অবিহনে আমাৰ এচাম যুৱ সমাজে পশ্চিমীয়া সংস্কৃতিৰ ভুল পৰ্যৱেক্ষণ কৰি নিজকে উশৃংখলতাৰ জোঁৱাৰত উটুৱাই দিছে । পশ্চিমীয়া শিক্ষা ব্যৱস্থা খুব শৃংখলাবদ্ধ আৰু পৰিপাটী যিয়ে ছাত্ৰ ছাত্ৰীসকলক সময়ানুৱৰ্তী হোৱাৰ লগতে আত্মনির্ভৰশীল আৰু স্বাৱলম্বী হ’বলৈ শিকায় । সৰুৰে পৰাই তেওঁলোকক কৰ্ম সংস্কৃতিৰ সৈতে পৰিচয় কৰাই দিয়া হয় ।
কিন্তু এই ক্ষেত্ৰত আমাৰ অসমীয়া সমাজ নীৰৱ যেনেই পৰিলক্ষিত হয় । পশ্চিমীয়া সংস্কৃতিৰ অন্ধ অনুকৰণ কৰি আমাৰ যুৱচামে সুৰাপান আৰু যৌনতা উপভোগ কৰিব বিচাৰে ।
কিন্তু কথাটো হ’ল, পশ্চিমীয়া দেশবোৰত মুক্তভাৱে সুৰাপান কৰাটো কোনো অপৰাধ নহয় বৰং এয়া তেওঁলোকৰ খাদ্যাভ্যাসৰ ভিতৰত পৰে । আকৌ ভাৰতীয় দৰ্শন তথা সংস্কৃতিয়ে আমাক সংযমী হ’বলৈ শিকায় ।
কিন্তু তাৰ পৰিৱৰ্তে দেখা দেখি কৈ কুকুৰে একাদশী পালন কৰাৰ লেখীয়াকৈ আমিবোৰেও মুক্ত যৌনতা উপভোগ কৰা কাৰ্যই সঁচাকৈয়ে আমাক লজ্জানত কৰে ।
সঁচাই এয়া আমাৰ অসমীয়া সংস্কৃতিৰ প্ৰতি এক নেতিবাচক প্ৰভাৱ ।
এইবোৰৰ উপৰিও উৎসৱ পাৰ্বণৰ ক্ষেত্ৰতো আজিকালি পশ্চিমীয়া সংস্কৃতিৰ ওপৰত অত্যাধিক নিৰ্ভৰশীল হোৱা কাৰ্যই অসমীয়া সংস্কৃতিৰ প্ৰতি ভাবুকি আনিছে ।
ফাকুৱাৰ সমান্তৰাল ভাবে ৰেইন ডেন্স পতাটো আপাত দৃষ্টিত কোনো ডাঙৰ কথা নহয় যেন লাগে কিন্তু নিজক পাহৰি আনক আঁকোৱালি লোৱাটো কিমানদূৰ ঠিক, সেয়া বিচাৰ্য বিষয় কিয়নো আমি হে দিনে দিনে নিজক পাহৰিবলৈ লৈছোঁ কিন্তু কোনো পৰদেশীয়ে আহি নিজৰ “লা ট’মাটিনা” উৎসৱ বাদ দি আমাৰ দৌল উৎসৱক নিজৰ বুলি আঁকোৱালি লোৱা নাই ।
তাৰোপৰি ভেলেণ্টাইন ডে’ জাতীয় দিৱসবোৰৰ কথা নকলোৱেই যেনিবা ।
এতিয়া কথা হ’ল, আমি কেৱল যুৱচামক দোষী সাব্যস্ত কৰিলেই নহব । এইক্ষেত্ৰত পাৰিবাৰিক সম্বন্ধবোৰেও ডাঙৰ ভূমিকা পালন কৰে । এগৰাকী যুৱক বা যুৱতী কি পৰিস্থিতিত, কিহৰ অভাৱত বা মানসিক যন্ত্ৰণাত পৰি উশৃখংল হৈ পৰে, তাৰবাবে পিতৃ মাতৃ সকলো নিশ্চয় প্ৰশ্নৰ আৱৰ্তত থাকিব ।
পশ্চিমীয়া সংস্কৃতিৰ ভাল দিশবোৰ গ্ৰহণ নকৰি বেয়াখিনিক সাৱটি লোৱাটো আমাৰ ভুল কিয়নো আমি অন্ধ অনুকৰণ কৰিছোঁ কিন্তু এইক্ষেত্ৰত প্ৰতি গৰাকী পিতৃ মাতৃ সচেতন হব লাগিব আৰু তেওঁলোকে নিজৰ সন্তানক উপযুক্ত শিক্ষাৰে শিক্ষিত কৰি সুনাগৰিক হিচাপে গঢ় দিব লাগিব ।
পশ্চিমীয়া দেশসমূহে প্ৰাচ্যৰ দেশসমূহক পৰোক্ষভাৱে হলেও নিজৰ অধীনত আজিও ৰাখিব বিচাৰে যাৰ বাবে “ওৰিয়েণ্টেল” (Oriental) আৰু “অক্সিডেণ্টেল” (Occidental) জাতীয় বাদ বিবাদ বোৰ চলি আছে ।
এই সম্পৰ্কে এডৱাৰ্ড চেইডে পশ্চিমীয়া দেশসমূহৰ প্ৰাচ্যৰ দেশসমূহৰ ওপৰত চলোৱা দমনমূলক নীতিৰ কথা কৈ গৈছে যে, পশ্চিমীয়া দেশসমূহে, বিশেষকৈ ইউৰোপীয়ান দেশবোৰে প্ৰাচ্যৰ দেশসমূহক নিজৰ তুলনাত সামাজিক, অৰ্থনৈতিক, বৌদ্ধিক আদি সকলো দিশৰ ফালৰ পৰা দুৰ্বল গণ্য কৰে । আৰু সেইবাবেই প্ৰাচ্যৰ দেশসমূহক নিজৰ ধৰণে সজাই লৈ দমন কৰিব বিচাৰে ।
আৰু উল্লেখযোগ্য কথাটো হ’ল এই দমনমূলক নীতি স্বাধীনতাৰ পূৰ্বৰে পৰা বৰ্তমানলৈকে একেদৰেই চলি আছে ।
আমি আৰু আমাৰ দেশ তথাকথিত দৃষ্টিত স্বাধীন হ’লো যদিও এতিয়াও পশ্চিমীয়া প্ৰভাৱৰ পৰা মুক্ত হ’ব পৰা নাই ।
আৰু এই কামটো পশ্চিমীয়া দেশসমূহে খুব চল চাতুৰিৰে সাব্যস্ত কৰি গৈ আছে । সেইবোৰ ক’বলৈ গ’লে বহুত হ’ব । শেষত ইমানেই ক’ব লাগিব যে আমিবোৰ সজাগ হ’বৰ হল, বিশেষকৈ পিতৃ-মাতৃসকল ।
ভেঁটি সুদৃঢ় হলে তাক কেতিয়াও লৰাব নোৱাৰি, সেয়া অবিচল । অন্যথা অসমীয়া সংস্কৃতি পশ্চিমীয়া সংস্কৃতিৰ কৰালগ্ৰাসত পৰি শেষ হৈ যাব ।
[Lipika Das, Assistant Teacher, Goaltuli Girls’ M.E. School, Goalpara]
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)