অসমীয়া সাহিত্য জগতত ৰত্না দত্তৰ “দ্বিতীয়া” উপন্যাসৰ স্থান
লিপিকা দাস
লোকসাহিত্য হৈছে সমাজ জীৱনৰ এক অবিচ্ছেদ্য অংগ ।
মুখে মুখে প্ৰচলিত সাধুকথা, বিভিন্ন আখ্যান-উপাখ্যান, গীত-মাত আদিৰ সমন্বয়ে লোকসাহিত্যৰ পথাৰখন চহকী কৰি ৰাখিছে । এই মৌখিক সাহিত্যকে এটা সময়ত বিভিন্নজনে ছপা ৰূপ দিবলৈ চেষ্টা কৰি আহিছে । তেনেস্থলত লোকসাহিত্যক বাদ দি অইন কোনো বিষয় সম্বন্ধে চিন্তা কৰা অসম্ভৱ ।
লোকসাহিত্য বা লোককথাৰ ভিতৰত সাধুকথা অন্যতম । ৰজা-ৰাণী, পৰী, ভূত, ৰাজকুমাৰ-ৰাজকুমাৰীৰ সাধু নুশুনাকৈ ডাঙৰ হোৱা বুলি কোনো প্ৰজন্মৰ কথা কল্পনা কৰিব নোৱাৰি কিয়নো আমাৰ শৈশৱ ৰঙীণ কৰি ৰাখে এই সাধুকথাবোৰেই । সাধুকথা সম্পৰ্কীয় আলোচনাত লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ “বুঢ়ী আইৰ সাধু”ক কোনোপধ্যেই বাদ দিব নোৱাৰি ।
“বুঢ়ী আইৰ সাধু”, “ককাদেউতা আৰু নাতি ল’ৰা”, “সাধুকথাৰ কুকি” আদি সাধুপুথি কেইখনৰ জৰিয়তে বেজবৰুৱাদেৱে সাধুকথাক এক অনন্য মাত্ৰা প্ৰদান কৰিছিল । সেয়ে হয়তো এতিয়াও তেওঁৰ সাধুকথাবোৰক লৈ বিভিন্নজনে গৱেষণামূলক অধ্যয়ন তথা পৰীক্ষণমূলক চেষ্টা অব্যাহত ৰাখিছে । তাৰে ভিতৰত ভাস্কৰ হাজৰিকাদেৱ পৰিচালিত বোলছবি “কথানদী”, মৃদুল শৰ্মাদেৱৰ “তেজীমলাৰ মাকৰ সাধু” আৰু ৰত্না দত্ত বাইদেউৰ “দ্বিতীয়া” উপন্যাসৰ নাম ল’ব পাৰি ।
এই আলোচনাত মূলতঃ ৰত্না দত্ত বাইদেউৰ উপন্যাস “দ্বিতীয়া” সম্পৰ্কে অধ্যয়ন কৰিবলৈ চেষ্টা কৰা হৈছে যদিও উল্লেখিত আনখন উপন্যাস আৰু বোলছবি সম্পৰ্কেও এটা সম্যক ধাৰণা দিবলৈ চেষ্টা কৰা হৈছে ।
অসমীয়া উপন্যাসৰ গতি-প্ৰকৃতিলৈ উভতি চালে আমি দেখোঁ যে বিভিন্ন গৱেষকে অসমীয়া উপন্যাস সাহিত্যক অন্যান্য আধুনিক ভাৰতীয় ভাষাৰ দৰে পাশ্চাত্য সাহিত্যৰ প্ৰভাৱৰ ফল বুলি মত পোষণ কৰিছে । ১৮৯১ চনত গ্ৰন্থকাৰে প্ৰকাশ পোৱা পদ্মনাথ গোহাঞিবৰুৱাদেৱৰ উপন্যাস “ভানুমতী”ৰ জৰিয়তে অসমীয়া সাহিত্যত উপন্যাসে পদাৰ্পন কৰে । প্ৰাৰম্ভিক অৱস্থাত অসমীয়া উপন্যাসৰ মূল বিষয়বস্তু আছিল ঐতিহাসিক আৰু সামাজিক ।
কিন্তু স্বাধীনোত্তৰ কালছোৱাত অসমীয়া উপন্যাস সাহিত্যত ৰাজনীতি, নাৰীবাদ, মনস্তত্ব, আঞ্চলিকতাবাদ, বিজ্ঞানমনস্কতা, আধুনিকতাবাদ, উত্তৰ আধুনিকতাবাদ আদি অইন অইন বিষয়বোৰেও সমানেই অগ্ৰাধিকাৰ লাভ কৰিছে । ন ন ভাৱধাৰাই ভুমুকি মাৰিলেও কিন্তু সমসাময়িক উপন্যাস সাহিত্যত এতিয়াও বিভিন্ন সামাজিক দিশ-সমস্যা উপস্থাপন কৰা সামাজিক উপন্যাসৰ ৰচনা দেখিবলৈ পোৱা যায় ।
সামাজিক উপন্যাসৰ পৰা ফালৰি কাটি আমি যদি বৰ্তমান সময়ত বহুলভাৱে সমাদৃত উপন্যাস সাহিত্যৰ কথা ক’বলৈ যাওঁ তেন্তে আমি অসমীয়া উপন্যাস সাহিত্যৰ “পুনৰ নিৰ্মাণ”ৰ ধাৰা সম্পৰ্কে আলোচনা কৰিবই লাগিব ।
“পুনৰ নিৰ্মাণ” অৰ্থাৎ যাক ইংৰাজীত Reconstruction বুলি কোৱা হৈছে । সাধাৰণতে পৌৰাণিক আখ্যান-উপাখ্যান আদিৰ নিৰ্বাচিত কোনো কোনো চৰিত্ৰৰ ওপৰত ভিত্তি কৰি সেই চৰিত্ৰটোক এক নতুন দৃষ্টিৰে উপস্থাপন কৰাই হৈছে পুনৰ নিৰ্মাণ ধাৰাৰ শৈলী । ৰামায়ণ-মহাভাৰতৰ ভালেমান চৰিত্ৰৰ পুনৰ নিৰ্মাণ কৰি ইতিমধ্যে ভালেকেইখন উপন্যাস ৰচনা কৰা হৈছে । তাৰ ভিতৰত চন্দ্ৰপ্ৰসাদ শইকীয়াদেৱৰ উপন্যাস “মহাৰথী”, “ৰাজনন্দিনী উত্তৰা”, “যাজ্ঞসেনী”, “গান্ধাৰী” আদি অন্যতম ।
প্ৰতিখন উপন্যাসে আমাক সেই চৰিত্ৰসমূহৰ সৈতে অন্য এক দৃষ্টিকোণেৰে পৰিচয় কৰাই দিয়ে । কিন্তু অত্যন্ত আশ্চৰ্যকৰ বিষয় এয়া যে এতিয়া লৈকে এই পুনৰ নিৰ্মাণৰ ধাৰাটো মহাকাব্য, পৌৰাণিক আখ্যান-উপাখ্যানক বাদ দি লোকসাহিত্য বা সাধুকথাৰ খুব বেছি সমীপলৈ যাব পৰা নাই । এইক্ষেত্ৰত পৰীক্ষণ মূলকভাৱে লিখা ৰত্না দত্ত বাইদেউৰ উপন্যাস “দ্বিতীয়া”ৰ নাম উল্লেখনীয় কিয়নো ইয়াৰ পূৰ্বে সাধুকথাৰ চৰিত্ৰক লৈ কোনেও উপন্যাস লিখিবলৈ চেষ্টা কৰা নাছিল ।
১৯১১ চনত প্ৰকাশিত লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ সাধুপুথি “বুঢ়ী আইৰ সাধু” পঢ়ি নোপোৱা ব্যক্তি হয়তো সমগ্ৰ অসমতে নোলাব । “তেজীমলা”, “চম্পাৱতী”, “তুলা আৰু তেজা” আদিৰ দৰে সাধুবোৰ পঢ়ি-শুনি সেই চৰিত্ৰবোৰৰ সৈতে একাত্ম হৈ নোযোৱা মানুহো হয়তো নাই । তেজীমলাৰ মাহীমাকে যেতিয়া তাইক ঢেঁকীৰে খুন্দি হত্যা কৰিছিল তেতিয়া সেই বিষে আচলতে প্ৰতিজন পাঠকৰ হৃদয় ভাঙি থানবান কৰিছিল ।
তেজীমলাৰ মাহীমাকৰ প্ৰতি সকলোৰে মনত ঘৃণাৰ উদ্ৰেক ঘটিছিল । কিন্তু সেইগৰাকী মাহীমাককো যে অন্য ধৰণেও চাব পাৰি, বুজিবলৈ চেষ্টা কৰিব পাৰি সেয়া আমাক ভাবিবলৈ বাধ্য কৰিলে “দ্বিতীয়া” উপন্যাসখনে । ২০০২ চনত প্ৰকাশিত উপন্যাসখনত লোকসাহিত্যৰ তেজীমলাক নাৰীবাদী দৃষ্টিভংগীৰে উপস্থাপন কৰিব বিচৰা হৈছে ।
আমি পঢ়ি অহা তেজীমলাৰ কাহিনীভাগ হৈছে এনে ধৰণৰ– এগৰাকী সাউদৰ অত্যন্ত মৰমৰ জীয়েক তেজীমলা । মাহীমাকৰ হাতত তেজীমলাৰ দায়িত্ব অৰ্পণ কৰি সদাগৰে বেপাৰলৈ বুলি ওলাল । তেজীমলা আছিল মাহীমাকৰ চকুৰ কূটা দাঁতৰ শূল । তাইক কিদৰে আলৈ-আথানি কৰিব পাৰি সেই চিন্তাত মজি থকা মাহীমাকৰ বাবে এয়া আছিল সুৱৰ্ণ সুযোগ ।
সখীয়েকৰ বিয়াত পিন্ধিবলৈ তেজীমলাক দি পঠোৱা কাপোৰৰ ভাঁজত মাহীমাকে নিগনি আৰু অঙঠা ভৰাই দিলে । কাপোৰ নষ্ট কৰাৰ অপৰাধত শাস্তি দিয়াৰ চলেৰে ঢেঁকীত খুন্দি মাহীমাকে তেজীমলাক হত্যা কৰিলে যদিও তেজীমলাৰ মৃত্যু নহ’ল । সময়ে সময়ে তাই বিভিন্ন ৰূপ ধাৰণ কৰি নিজৰ অস্তিত্ব বজাই ৰাখিলে আৰু শেষত নিজৰ আচল ৰূপ উভতাই পালে ।
তেজীমলাৰ মুখেৰে সকলো জানিব পাৰি সদাগৰে মাহীমাকক ঘৰৰ পৰা খেদি পঠালে । থুলমূলকৈ এয়াই হৈছে মূল কাহিনীৰ সাৰাংশ । এতিয়া আহিছো “দ্বিতীয়া” উপন্যাসৰ কথালৈ । খুব কম পৰিসৰৰ ভিতৰতে লেখিকাই নিজৰ বক্তব্য উপস্থাপন কৰিছে, এয়া লেখিকাৰ সাফল্য । উপন্যাসখনত লেখিকাই প্ৰথম পুৰুষৰ জৰিয়তে চৰিত্ৰটোৰ আত্মকথনৰ দ্বাৰা কাহিনীভাগ আগুৱাই লৈ গৈছে ।
আপাত দৃষ্টিত তেজীমলাৰ মাহীমাকৰ প্ৰতি পাঠক ৰাইজৰ কোনো সহানুভূতি নাজাগে যদিও উপন্যাস খন পঢ়ি উঠি পাঠকে ভাবিবলৈ বাধ্য হয়, সঁচাকৈয়ে মাহীমাক অকলেই দোষী আৰু দায়ী আছিল নে । উপন্যাসখনত চৰিত্ৰটোৱে নিজৰ বিষয়ে পাঠকক জনাইছে, চৰিত্ৰটোৰ মনত চলি থকা অন্তৰ্দ্বন্দ, অপৰাধবোধ, স্বীকাৰোক্তি আদি সকলোখিনি পাঠকে অনুধাৱন কৰিব পাৰিছে । চৰিত্ৰটোৰ ভাষ্য অনুসৰি চৰিত্ৰটো খুব বেছি দেখনিয়াৰ নহয় ।
খুব সাধাৰণ ছোৱালী এজনী যাৰ ৰূপ নাথাকিলেও সুৱদী কণ্ঠই সকলোৰে মন মুহিব পাৰে । সৰুৰে পৰা অত্যন্ত আশাবাদী আৰু ইতিবাচক আছিল তাই । সুন্দৰ চেহেৰাৰ গৰাকী নোহোৱা বাবে তাইৰ কোনো আক্ষেপ নাই । নিজৰ জগতত নিজকে লৈ অলপতে সন্তুষ্ট হৈ থাকিব জানে তাই কিন্তু এনে এজনী ছোৱালীৰ জীৱনলৈ কালধুমুহা হৈ নামি আহে “বিবাহ” নামৰ শব্দটো ।
কাৰণ তাই ৰূপৱতী নোহোৱা বাবেই ভৱিষ্যতে বিয়া দিবলৈ সুযোগ্য দৰা বিচাৰি নাপাব বুলি,লগতে এনে আঢ্যৱন্ত দৰা হাতৰ পৰা এৰাই যায় বুলি তাইৰ পিতৃয়ে সুযোগ বুজি তাইৰ বিয়া ঠিক কৰিলে পত্নীহাৰা, এজনী ছোৱালীৰ পিতৃ সদাগৰৰ লগত । এই বিয়াত তাইৰ, তাইৰ মাতৃ-আইতা কাৰো সন্মতি নাছিল যদিও কোনোৱেই বাপেকৰ ঊৰ্ধত গৈ প্ৰতিবাদ কৰাৰ সাহস আৰু ইচ্ছা প্ৰকাশ নকৰিলে ।
বৰং তাইৰ সকলো আশা-ভৰসা, সপোন জলাঞ্জলি দি উলহ-মালহেৰে তাইৰ বিয়া সদাগৰৰ সৈতে হৈ গ’ল যদিও তাই কিন্তু সদাগৰৰ পৰা পত্নী হিচাপে পাবলগা উচিত মৰ্যাদা নাপালে ।
সদাগৰে কেৱল নিজৰ জীয়ৰীৰ আলপৈচান ধৰিবলৈ এজনী বান্দী হে যেন বিয়া পাতি নিছিল কিয়নো মাহীমাকে কেতিয়াও সদাগৰৰ পৰা পত্নীৰ মৰম পোৱা নাছিল, নিজ গৰ্ভত সন্তান ধাৰণ কৰাৰ সন্মতি লাভ কৰা নাছিল, সদাগৰ তাইৰ লগত থাকিও যেন তাইৰ লগত নাছিল, সকলো সময়তে কেৱল নিজৰ প্ৰথমা পত্নীৰ স্মৃতিচাৰণ কৰি থাকিছিল ।
এনেবোৰ কথাই এগৰাকী গাভৰুৰ মনত কেনে ভাৱৰ উদ্ৰেক কৰিব পাৰে সেয়া সহজেই অনুমেয় । স্বামীৰ অৱহেলাই এগৰাকী পত্নীৰ মনত কিদৰে দকৈ শিপাই পৰি তাইৰ মনত অপৰাধপ্ৰৱণতাৰ সৃষ্টি কৰে, সেয়া উপন্যাস খনৰ জৰিয়তে প্ৰতিফলিত হৈছে । মাহীমাকে ভাল পত্নী-মাতৃ হোৱাৰ চেষ্টা কৰি কৰি ভাগৰি পৰিছে । তেওঁৰ মনত গোপনে বাহ বান্ধিছে তেজীমলাৰ ক্ষতি কৰাৰ চিন্তাই ।
সখীয়েকৰ বিয়াৰ পৰা উভতি অহা তেজীমলাক শাস্তি দিবলৈ গৈ মাহীমাকে তাইৰ প্ৰাণ হৰণ কৰিলে যদিও তেওঁ মানসিক শান্তি নাপালে । প্ৰতিটো মূহুৰ্তত এক অদ্ভূত অপৰাধবোধে মানুহগৰাকীক খুলি খুলি খাবলৈ ধৰিলে । নিজ হাতে সজাই পৰাই তোলা সুন্দৰ ঘৰখন এৰাবাৰী হৈ চৌদিশে চাব নোৱাৰা অৱস্থা হ’ল । মানসিক অন্তৰ্দ্বন্দত ভুগি ভুগি মানুহজনী ক্ৰমে শেষ হৈ যাবলৈ ধৰিলে ।
বাণিজ্য কৰি উভতি আহি সকলো জনাৰ পিছত সদাগৰে মাহীমাকক ঘৰৰ পৰা খেদি পঠালে কিন্তু মাহীমাকে ঘৰৰ পৰা ওলাই গৈও শান্তি নাপালে । এটা সময়ত মানসিক ভাৰসাম্য হেৰুৱাই মাহীমাক বাউলি হৈ নৈৰ পাৰে পাৰে গাঁৱৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ ঘূৰি ফুৰা হ’ল । এইখিনি পঢ়ি উঠি চৰিত্ৰটোৰ প্ৰতি আমাৰ সহানুভূতি জাগি উঠে । কিয়নো এইটো দৃষ্টিৰে আমি কোনোদিনে মাহীমাকক চাবলৈ মন কৰা নাছিলো ।
অতদিনে আমি মাহীমাকক দোষী বুলি ভাবি আহিছিলো যদিও ৰত্না দত্ত বাইদেৱে আমাক কথাবোৰ নতুনকৈ বাধ্য কৰিলে । মাহীমাকৰ মনস্তাত্বিক দিশটো উপস্থাপন কৰিবলৈ গৈ লেখিকাই যিদৰে প্ৰকৃতি আৰু মানুহৰ মাজৰ সম্পৰ্কটোক উপস্থাপন কৰিছে সেয়া লক্ষণীয় ।
উপন্যাসখনত চৰিত্ৰটোৱে ভোগা অস্তিত্বৰ সংকট, পৰিচয়ৰ সংকট আদি প্ৰতিফলিত কৰাত লেখিকা বহুলাংশে সফল যদিও এইখনৰ লেখিয়াকৈ একেটা বিষয়ৰ ওপৰত লিখা মৃদুল শৰ্মাদেৱৰ “তেজীমলাৰ মাকৰ সাধু” উপন্যাসখনৰ তুলনাত “দ্বিতীয়া” উপন্যাসখন কিছু ক্ষেত্ৰত অপৈণত যেন অনুভৱ হয় । তুলনাত্মকভাৱে “তেজীমলাৰ মাকৰ সাধু” উপন্যাসখনত লেখকে এটি পুৰঠ কাহিনীৰ জৰিয়তে কাহিনীটোক আৰু চৰিত্ৰটোক এটা অন্য মাত্ৰা দিবলৈ চেষ্টা কৰিছে ।
“দ্বিতীয়া” খন পঢ়ি উঠি আমাৰ ভাৱ হয় যেন মাহীমাকে যি কৰিছিল সেয়া উচিত আছিল আৰু সমগ্ৰ জগতখনেই তাৰ বাবে জগৰীয়া কিন্তু “তেজীমলাৰ মাকৰ সাধু” ৱে আমাক সমস্ত ঘটনাৰাজি নতুনকৈ চাবলৈ বাধ্য কৰে । কেৱল একপক্ষীয় দৃষ্টিকোণেৰে কাহিনীটোক বৰ্ণনা কৰিবলৈ গৈ যেন লেখিকাই আনুষংগিক কথাবোৰ উলাই কৰিছে ।
কোনো কোনো মূহুৰ্তত লেখিকাই এটা শক্তিশালী আধাৰ লোৱা যেন অনুভৱ হয় যদিও কোনো মূহুৰ্তত লেখিকাৰ উপস্থাপন শৈলী দুৰ্বল যেন ভাৱ হয় । এইখিনিতে যদি আমি ভাস্কৰ হাজৰিকাদেৱৰ বোলছবি “কথানদী”ৰ প্ৰসংগলৈ আহোঁ, তেতিয়াও আমি দেখোঁ যে ইয়াত কাহিনীকাৰে বেজবৰুৱাদেৱৰ নিৰ্বাচিত সাধুবোৰক ইটোৰ লগত সিটোক সাঙুৰি এডাল শিকলিৰ দৰে ছবিখনৰ কাহিনীটো আগুৱাই নিয়াত সফল হৈছে । কেৱল সেয়াই নহয়, তাত Gothic Element আৰু Post Colonial Element ৰ সংযোজনে দৰ্শকক এক নতুন স্বাদ প্ৰদান কৰিছে ।
সাহিত্যৰ কোনো সৃষ্টিয়েই সমালোচনাৰ ঊৰ্ধত নহয়, হ’ব নোৱাৰে । সেয়ে হয়তো এই আলোচনাৰ জৰিয়তে “দ্বিতীয়া” উপন্যাসৰ সবল আৰু দুৰ্বল দিশবোৰ উনুকিয়াই দিব পৰা গ’ল । এই তুলনাত্মক অধ্যয়নৰ জৰিয়তে এই কথা স্পষ্ট হৈ পৰিছে যে অসমীয়া উপন্যাস সাহিত্যত লোককথা-সাধুকথাৰ পুনৰ নিৰ্মাণ শৈলীয়ে এতিয়াও কোনো ধাৰা হিচাপে ৰূপ ল’বলৈ সক্ষম হোৱা নাই ।
সেয়ে অনাগত দিনত এই বিষয় সম্পৰ্কীয় ধাৰা সৃষ্টি হ’ব পৰাকৈ ন ন সৃষ্টিৰ সৃষ্টি হওক, পাঠক হিচাপে সেয়া আমাৰ কাম্য । শেষত এইখিনিয়েই সংযোজন কৰিব বিচাৰিম যে কম পৰিসৰৰ ভিতৰত এগৰাকী নাৰীৰ মনোকষ্টক সুন্দৰকৈ উপস্থাপন কৰাৰ ক্ষেত্ৰত “দ্বিতীয়া” খন উপন্যাস হিচাপে সফল ।
লিপিকা দাস: সহ: শিক্ষয়িত্ৰী, গোৱালটুলী ছোৱালী মধ্য ইংৰাজী বিদ্যালয়, গোৱালপাৰা; lipikadasnew@gmail.com
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.