-ডঃ বিক্ৰমজিৎ কাকতি |
(এই কথাখিনিৰ দ্বাৰা মই মোৰ মনৰ ধাৰণাটোহে উল্লেখ কৰিছোঁ, ইয়াত কোনোধৰণৰ গৱেষণাৰ ভিত্তিত বিশ্লেষিত কথা নাই, আপোনাৰ মতামত বেলেগো হ’ব পাৰে গতিকে অনৰ্থক তৰোৱাল নুঘূৰাব।)
বহুদিনৰ পৰা মন কৰিছোঁ অসমীয়াৰ সংজ্ঞা বিচাৰি মানুহবোৰে দোধোৰ-মোধোৰ অৱস্থাত আছে । কিন্তু মই ভাবোঁ অসমীয়াৰ সংজ্ঞা মূলতঃ পাঁচ ভাগত ভগাব পাৰি। (ধৰ্মীয় ভিত্তিত নহয়, অসমীয়া যিকোনো ধৰ্মৰ লোক হব পাৰে)
১) হাড়ে- হিমুজুৱে অসমীয়া – যি সকল লোকৰ মাতৃভাষা অসমীয়া। নিজৰ ঘৰত অসমীয়া ভাষা বাহিৰে আন কোনো ভাষাত কথা নাপাতে।
২) হাড়ে-হাড়ে অসমীয়া – Generation by Generation এওঁলোক অসমত বাস কৰি আহিছে কিন্তু মাতৃভাষা অসমীয়া নহয়। এওঁলোকে সমগোত্ৰীয়ৰ মাজত নিজৰ মাতৃভাষাত ভাব বিনিময় কৰে কিন্তু সামাজিক জীৱনত অসমীয়া ভাষা fluenty ব্যৱহাৰৰ কৰিব পাৰে। শুদ্ধ কৈ “স”, “ষ” আৰু “শ” উচ্চাৰণ কৰিব পাৰে।
৩) “হিমজুৱে অসমীয়া” এওঁলোকৰ মাতৃভাষা অসমীয়া কিন্তু প্ৰবজন নাইবা সামাজিক জীৱনশৈলীৰ পৰিৱৰ্তনৰ বাবেই এওঁলোকৰ নৱপ্ৰজন্মই ভাব বিনিময়ৰ বাবে কমকৈ বা একদমেই অসমীয়া ভাষা ব্যৱহাৰ নকৰে।
৪) জলম-বঁটা অসমীয়া: এই সকল লোকৰ মাতৃভাষা অসমীয়া নহয় যদিওবা নিজৰ স্বাৰ্থ পূৰণৰ বাবে ভুলে-শুদ্ধই অসমীয়া ভাষা ক’ব লগা হয়। “স” উচ্চাৰণ শুদ্ধ নহৈ “চ” হয়গৈ। বেছি অসমীয়া দেখুৱাবলৈ গৈ বহুল প্ৰচাৰিত অসমীয়া Slang word কথা কওঁতে সঘনাই ব্যৱহাৰ কৰে। এওঁলোকৰ অসমীয়া সংস্কৃতিৰ বিষয়ে জনাৰ কোনো ইচ্ছা নাই, বিহুৰ চান্দা দিলেই অসমীয়া সংস্কৃতি উন্নতি সংক্ৰান্তীয় কাম শেষ বুলি ভাবে।
৫) শিক্ষানবিচ অসমীয়া – এওঁলোক অসমৰ নতুন অবাসী, ঠিক হোষ্টেল এটাত থকা 1st yearৰ অবাসীৰ দৰে। এওঁলোকৰ মাতৃভাষা অসমীয়া নাছিল কিন্তু ভিন্ন কাৰণত অসমলৈ প্ৰবজন কৰি আহিছিল। লাহে লাহে অসমীয়া ভাষা আৰু সংস্কৃতি আপোন কৰি লবলৈ চেষ্টা চলাই আছে , কোনো কোনোৱে অসমীয়া ভাষাৰ উন্নতিৰ বাবে নিস্বাৰ্থ ভাবে কাম কৰি আছে, কিন্তু তথাপিও সম্পূৰ্ণ ৰূপে হাড়ে হিমজুৱে অসমীয়ালৈ transformarionৰ বাবে আৰু কিছু সময়ৰ প্ৰয়োজন হব। ঠিক হোষ্টেলত নতুন শিক্ষাৰ্থী ৰেগিঙৰ সন্মুখীন হোৱা দৰে তেওঁলোকো মাজে মাজে “হাড়ে হিমজুৱে” অসমীয়া সকলৰ ৰেগিঙৰ সন্মুখীন হব লগা হয়।
” এই মূল ভাগ সমূহৰ উপভাগো আমি বিচাৰি পাইছো কিন্তু ইয়াত উল্লেখ কৰা নাই” আপুনি বাৰু উপৰোক্ত ১,২,৩,৪,৫-অৰৰ কোনটো শ্ৰেণীত পৰে ?