• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, August 13, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Literature History

অসমীয়া জাতিৰ ভেটি গঢ়োতা চাওলুং ছ্যু-কা-ফা

-অণিমা গগৈ

by Anjan Sarma
June 17, 2021
in History, Special Report
Reading Time: 1 min read
0
Share on FacebookShare on TwitterShare on LinkedIn

-অণিমা গগৈ |

ঐতিহ্য চেতনা আমাৰ জাতীয় জীৱনৰ বাবে অনুপ্ৰেৰণাৰ উৎস। ইতিহাসক পাহৰি যোৱা সমাজ এখনে কেতিয়াও নিজকে ভালদৰে চিনিব নোৱাৰে, স্বাভিমানো আয়ত্ত কৰিব নোৱাৰে। আজিৰ তাৰিখত মহান ব্যক্তিত্বৰ অধিকাৰী চাওলুং ছ্যু-কা-ফাই মাওলুঙৰপৰা লগত কঢ়িয়াই অনা বুৰঞ্জী চৰ্চাৰ ধাৰাৱাহিকতা অসমবাসীয়ে অব্যাহত ৰাখিব নোৱৰাটো দুৰ্ভাগ্যজনক বিষয় হিচাপেই বিবেচিত হৈছে। আমাৰ শিক্ষানুষ্ঠানসমূহৰ কোনো পাঠ্যক্ৰমতে অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়া সম্পৰ্কত বিশদ পৰ্যালোচনা অন্তৰ্ভুক্ত নকৰাৰ বাবে নতুন প্ৰজন্মৰ জাতি গঠন সম্পৰ্কে কোনো স্পষ্ট ধাৰণা নাই। আমি উপলব্ধি কৰো যে বহুধা বিভক্ত হৈ পৰা অসমীয়া জাতিক একতাৰ এনাজৰীৰে বান্ধি ৰাখিবলৈ হ’লে আৰু ভাঙোনমুখী অসমীয়া জাতিৰ ভৱিষ্যৎ সুৰক্ষিত কৰিবলৈ হ’লে আমাৰ নতুন প্ৰজন্মই অসমীয়া জাতি গঠনৰ ঐতিহাসিক প্ৰক্ৰিয়াৰ বিষয়ে অৱধাৰিতভাৱে জানিব লাগিব।

অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াৰ বিষয়ে আলোচনা কৰিবলৈ ল’লে পোনেই মনৈল আহে চাওলুং-ছ্যু-কা-ফাৰ নাম, যিগৰাকী ক্ষণজন্মা ব্যক্তিয়ে ত্ৰয়োদশ শতিকাৰ আৰম্ভণিতে ব্ৰহ্মপুত্ৰ উপত্যকালৈ আহি আহোম ৰাজ্য স্থাপনেৰে অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়া সূচনা কৰিছিল। চাওলু-ছ্যু-কা-ফাৰ সৌমাৰলৈ অহাৰ সময়ত সৌমাৰখণ্ড ৰাজনৈতিক, সামাজিক আৰু গোষ্ঠীগতভাৱে খণ্ডিত হৈ আছিল। ছ্যু-কা-ফাৰ আগমনেহে ভৌগোলিক, ৰাজনৈতিক, সাংস্কৃতিক আদি সকলো দিশতে অসমত এক সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাবলৈ সক্ষম হৈছিল আৰু ইয়াৰ প্ৰভাৱ আজিও অসমৰ সকলো ক্ষেত্ৰতে বিদ্যমান হৈ আছে।

ছ্যু-কা-ফাৰ সমসাময়িক বা পৰৱৰ্তী কালৰ বিশ্বৰ অন্যান্য অভিযানকাৰীসকললৈ লক্ষ্য কৰিলে দেখা যায় যে তেওঁলোকে কেৱল জলপথেদিহে যাত্ৰা কৰিছিল। কিন্তু, ছ্যু-কা-ফাই পৰ্বত, নদ-নদী, ঘন অৰণ্যৰ মাজেৰে অভিযান চলাই সৌমাৰত ভৰি থৈছিল। পদে পদে বনৰীয়া জীৱ-জন্তুৰ লগত যুঁজি-বাগি তেওঁ আগুৱাই আহিব লগা হৈছিল। তেওঁৰ সমসাময়িক বিশ্ব ইতিহাসৰ অন্যান্য অভিযানকাৰীসকলৰ ভিতৰত কলম্বাছ, মেগলান, ড্ৰেক, কুক্ আদিৰ নাম ল’ব লাগিব। ধনে-জনে বলীয়ান এই ইউৰোপীয় অভিযানকাৰীসকলৰ অভিযানৰ মূল উদ্দেশ্য আছিল বিশ্বৰ বিভিন্ন প্ৰান্তত উপনিৱেশ স্থাপন কৰা। তেওঁলোকৰ বাবে মানৱতাবোধ, শান্তি-সম্প্ৰীতি আদি সুদূৰ পৰাহত আছিল। কিন্তু চাওলুং-ছ্যু-কা-ফাই য’লৈ গৈছিল, তালৈ কঢ়িয়াই নিছিল শান্তি, মানৱতা, সম্প্ৰীতি আৰু সমন্বয়ৰ বাৰ্তা। ছ্যু-কা-ফাই অভিযান কালত কেতিয়াও অমানৱীয়তা আৰু জোৰ-জুলুম প্ৰদৰ্শন কৰা নাছিল। তেওঁ সামৰিক শক্তি প্ৰয়োগ নকৰি মিলা-প্ৰীতিৰে থলুৱা মানুহৰ অন্তৰ জয় কৰিব বিচাৰিছিল। ছ্যু-কা-ফা আৰু তেওঁৰ অনুগামীসকলৰ অগতানুগতিকতা, অভিযানৰ উদ্দেশ্যৰ বিষয়ে ফৰাচী পণ্ডিত জৰ্জ কোৰ্ডে এনেদৰে মন্তব্য আগবঢ়াইছে— “Throughout whole of their history, the Tais have always had to remarkable capacity for assimilation and wherever they stayed have all ways raising themselves to the level of the most enlightened section of the society of their.”

তেজ-মঙহেৰে গঢ়া সাধাৰণ মানুহ হৈও অসাধাৰণ ব্যক্তিত্বৰ অধিকাৰী ছ্যু-কা-ফা আছিল এজন প্ৰকৃত নেতা, যাৰ নেতৃত্ব সকলোৱে মানি লৈছিল, এজন সমৰ বিশাৰদ, যিকোনো ৰণতে পৰাজিত হোৱা নাছিল। এজন ৰাজনীতিবিদ, সাত ৰাজ মিলি এখন ডাঙৰ ৰাজ্য গঠন কৰিব পাৰিছিল। এজন নিপুণ অৰ্থনীতিবিদ, যাৰ বাবে তেওঁৰ ৰাজ্যৰ লোকসকলে সুখ-সন্তোষেৰে জীৱন-নিৰ্বাহ কৰিবলৈ সক্ষম হৈছিল। আছিল শিক্ষানুৰাগী, যাৰ বাবে অসমত বুৰঞ্জী চৰ্চা চলিছিল। ছ্যু-কা-ফাই সকলোকে সমভাৱে আদৰি লোৱা এজন উদাৰ মনৰ ব্যক্তি আছিল বাবেই তেওঁ যেনিয়েই অগ্ৰসৰ লৈছিল, তেনিয়েই সকলো জাতি তেওঁৰ বশৱৰ্তী হৈছিল। তেওঁ বৰাহীৰ লগত মিল হৈ “বৰাহীক কাঠকটীয়া, চাংমাই ও ৰান্ধনী ও জৰাধৰা ও বেজ ও কুকুৰচোৱা এনে বনুৱা কৰি লৈছিল।” (অসম বুৰঞ্জীৰ সাৰ, সম্পাদনা প্ৰতাপ চন্দ্ৰ চৌধুৰী, পৃ. ১০)। এইদৰে মিলিজুলি সকলোৰে লগত বাস কৰিবলৈ লোৱাত “বৰাহীসকলে আলোচনা কৰিবলৈ ধৰিলে যে এই ৰজাই আহি ছলেৰে আমাক বনুৱা কৰিলে। যদিও আমি থাকি বেয়া পোৱা নাই, এতেকে ইহঁত দেও সঁচৰ মানুহ, ইহঁতৰ সম কোনো নাই, ইহঁত অসমৰ মানুহ। এইৰূপে ৰাজ্যত কৈ ফুৰোতে ‘অসম’ নাম খ্যাত হ’ল দেখি তেতিয়াৰপৰা ৰজা ও লগত অহা প্ৰজাসকলকো অসম বুলিলে। এই অসমৰে দেশ হ’ল কাৰণে অসম দেশ বোলে আৰু এই জাতিটোক আহম জাতি বোলে।” কালক্ৰমত আহম শব্দটোৰপৰা আহোম জাতি আৰু ‘অসম’ দেশ খ্যাত হৈ পৰিল। (ডঃ সূৰ্যকুমাৰ ভূঞা, সম্পাদনা, অসম বুৰঞ্জী, পৃ. ১৩)। এই আহোমসকলে এই দেশ অধিকাৰ কৰাৰ আগতে এই ‘আহোম’ শব্দ এই ঠাইখণ্ডৰ ক’তো ব্যৱহাৰ কৰা নাছিল আৰু কোঁচ ৰজাসকলৰ বংশাৱলীত উল্লেখ কৰা মতে এই শব্দ জাতিটোৱে শাসন কৰা দেশখনত ব্যৱহাৰ নকৰি ‘আহোমসকলৰ’ ক্ষেত্ৰতহে ব্যৱহাৰ কৰিছিল। গতিকে নিঃসন্দেহে যে এই শব্দটো বৰ্তমান ‘আহোমসকলক’ দিয়া পদৱীৰপৰা ওলাইছে। (হিতেশ্বৰ বৰবৰুৱা, আহোমৰ দিন)।

উল্লেখযোগ্য যে চাওলুং ছ্যু-কা-ফাৰ লগত মাওলুঙৰপৰা টাই ভাষা-সংস্কৃতিহে আহিছিল। সেয়ে সেই সময়ত সকলো কথা বা ঘটনা টাই ভাষাতেই লিখা হৈছিল। সেই সময়ত থলুৱা জাতি-উপজাতিবিলাকৰ মাজত নিজৰ সুকীয়া মাত-কথা প্ৰচলন আছিল আৰু সেইবোৰ মাত-কথাৰে তেওঁলোকে অন্যৰ লগত মনৰ ভাব প্ৰকাশ কৰিছিল। চাওলুং ছ্যু-কা-ফাই এটা মাথোন ভাষাত শব্দ-ধ্বনি সকলোৰে মাজত উমৈহতীয়া যেন অনুভৱ কৰি তাকেই সংযোগী ভাষা হিচাপে লৈছিল। সেই ভাষাকে প্ৰচলন কৰি ৰজাঘৰীয়া স্বীকৃতি দিছিল। সেই ভাষাটোৱেই বৰ্তমানৰ অসমীয়া ভাষা। তেতিয়াৰেপৰা অসম নামৰ এইখন ৰাজ্যত বসবাস কৰা পুৰণি তথা নতুন সকলো ধৰণৰ মানুহৰ পৰিচয় হ’লগৈ অসমীয়া। চাওলুং ছ্যু-কা-ফা অহাৰ আগতে সৌমাৰত থকা বৰাহী-মৰাণসকলৰ বংশধৰসকলো অসমীয়া, ছ্যু-কা-ফাৰ লগত অহাসকলৰ বংশধৰ সকলো অসমীয়া। কালক্ৰমত কনৌজৰপৰা অহা নাতি-পুতিও অসমীয়া। বাঘ হাজৰিকাৰ নাতি-পুতিও অসমীয়া হ’ল। অসমৰ চাহ বাগিচাত কাম কৰিবলৈ চোটনাগপুৰৰপৰা গিৰমিটীয়া হৈ অহাসকলৰ নাতি-পুতিও অসমীয়া হ’ল। নিজকে অসমীয়া বুলি কৈ সকলো জাতি-জনজাতিৰ লোকে গৌৰৱ অনুভৱ কৰিবলৈ ধৰিছে। এয়াই আছিল চাওলুং ছ্যু-কা-ফাৰ অৱদান। ছ্যু-কা-ফা সৌমাৰলৈ নহা হ’লে এই দেশৰ নাম অসম, ইয়াত বাস কৰা মানুহখিনি অসমীয়া আৰু তেওঁলোকে ব্যৱহাৰ কৰা ভাষাটোৰ নাম অসমীয়া ভাষা কেতিয়াও নহ’লহেঁতেন। সেইবাবেই চাওলুং-ছ্যু-কা-ফাক অসমীয়া জাতিৰ প্ৰথম পুৰুষ বুলি কোৱা হয়।

চাওলুং ছ্যু-কা-ফাই ১২৫৩ চনৰপৰা চৰাইদেউত ৰাজধানী পাতি ছশ বছৰতকৈ অধিক কাল তিষ্ঠি থকা টাই আহোম ৰাজত্বৰ শুভাৰম্ভ কৰিলে। এইজনা ৰজাই ১২২৮ খ্ৰীষ্টাব্দৰপৰা ১২৬৮ খ্ৰীষ্টাব্দলৈকে সৰ্বমুঠ ৩৯ বছৰ ৪ মাহ দিন অসমত প্ৰবল প্ৰতাপেৰে ৰাজত্ব কৰি ৮২ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে। চাওলুং ছ্যু-কা-ফাই কায়িকভাৱে গতি কৰিলেও তেওঁ আত্মিকভাৱে অমৰ হৈ ৰ’ল। অসমীয়া জাতি যিমান দিনলৈকে জীয়াই থাকিব, ছ্যু-কা-ফাৰ জীৱনাদৰ্শও সিমান দিনলৈকে জীয়াই থাকিব।

(‘খিলঞ্জীয়া’ৰ সৌজন্যত)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: চাওলুং ছ্যু-কা-ফা
Anjan Sarma

Anjan Sarma

Related Posts

অসমৰ বানপানী আৰু গৰাখহনীয়া
Geography

অসমৰ বানপানী আৰু গৰাখহনীয়া

by Raktim Ranjan Saikia
August 12, 2026
0

অসমৰ বানপানী আৰু গৰাখহনীয়া নিয়ন্ত্ৰণৰ ইতিহাস আৰু স্থায়ী বিজ্ঞানসন্মত সমাধান ড০ ৰক্তিম ৰঞ্জন শইকীয়া বাৰিষাৰ আগমনৰ লগে লগে অসমৰ ৰাইজৰ...

Read moreDetails
Politics of ethnicity and Sub-Nationalism of North East India

Politics of ethnicity and Sub-Nationalism of North East India

August 10, 2026
Food Safety in India: Why Stronger Standards Should Protect Indians Before Exports

Food Safety in India: Why Stronger Standards Should Protect Indians Before Exports

August 6, 2026
The Great Indian Obsession – Government Jobs

The Great Indian Obsession – Government Jobs

August 1, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

July 29, 2026
Youth-led Protest, Resilience and Humanity

Youth-led Protest, Resilience and Humanity

July 25, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
How Climate Change Is Affecting Insects and Why It Threatens Life on Earth

How Climate Change Is Affecting Insects and Why It Threatens Life on Earth

August 13, 2026
The Air Quality Leadership We Lack

The Air Quality Leadership We Lack

August 13, 2026
A Day with the Brahmaputra’s Climate Refugees

A Day with the Brahmaputra’s Climate Refugees

August 13, 2026
From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence

From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence

August 12, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39378 shares
    Share 15751 Tweet 9844
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18384 shares
    Share 7354 Tweet 4596
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3542 shares
    Share 1417 Tweet 886
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4177 shares
    Share 1671 Tweet 1044
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    134 shares
    Share 54 Tweet 34
  • Mahabahu Mirror: A Bold New Chapter in Climate Journalism

    101 shares
    Share 40 Tweet 25
  • FREEDOM FIGHTERS OF ASSAM

    5085 shares
    Share 2034 Tweet 1271
  • Cockroaches, Comedians, and Criminals

    99 shares
    Share 40 Tweet 25
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    98 shares
    Share 39 Tweet 25
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    96 shares
    Share 38 Tweet 24
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d