• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, August 19, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Opinion

অসমীয়া জাতীয়তাবাদৰ আৱশ‍্যকতা

অঞ্জন শৰ্মা

by Anjan Sarma
May 15, 2023
in Special Report
Reading Time: 6 mins read
0
অসমীয়াৰ পৰা খিলঞ্জীয়ালৈঃ ভাষিক অসমীয়া জাতীয়তাবাদৰ অৱক্ষয়ৰ কাৰণ বিচাৰি
Share on FacebookShare on TwitterShare on LinkedIn

অসমীয়া জাতীয়তাবাদৰ আৱশ‍্যকতা

অঞ্জন শৰ্মা

অসমীয়া জাতীয়তাবাদৰ আৱশ‍্যকতা

[ কেইষাৰমান কথা: ১৯৭১ চনত বাংলাদেশৰ জন্ম হওতে আমি পঞ্চম শ্ৰেণীৰ ছাত্র আছিলো, আৰু ভূপেন হাজৰিকাৰ ‘জয় জয় নৱজাত বাংলাদেশ/ জয় জয় মুক্তিবাহিনী’ আৰু ‘গঙ্গা আমাৰ মা/পদ্মা(পদ্দা)ও আমাৰ মা’ গানটো আওৰাইছিলো!

তেতিয়া বুজা নাছিলো, ‘জয় জয় নৱজাত বাংলাদেশ’ৰ বাংলাদেশীক লৈ আমাৰ জীৱন-যৌৱন কিদৰে ধ্বংস হ’ব, কিদৰে অসমৰ বিভিন্ন থানাত আমাৰ বিৰুদ্ধে বিভিন্ন গোচৰ ৰজু হ’ব, কিদৰে…… থাওক সেইবোৰ, আজিকালি সেইবোৰ বুঢ়ীআইৰ সাধুত পৰিণত হৈছে।…

১৯৭২ চনত জীৱনত প্ৰথমবাৰৰ বাবে আন্দোলনত অংশগ্ৰহণ কৰিছিলো-ভাষা আন্দোলন, অনশন কাৰ্যসূচীৰে আৰম্ভ হৈছিল জীৱনত এক নতুন যাত্ৰা। লাহে লাহে চকু মুকলি হবলৈ ধৰিছিল, এক অব‍্যক্ত বেদনাই হেচা মাৰি ধৰিছিল।

নিজৰ মনৰ ভাৱ টোকাবহীত টুকিছিলো বিভিন্ন ধৰণে, আৰু ১৯৭৮ চনত প্ৰাক্-বিশ্ববিদ্যালয়ৰ ছাত্ৰ হৈ থকা অৱস্থাত সেইসময়ৰ বিখ্যাত ‘সাপ্তাহিক নীলাচল’ কাকতলৈ লেখা এটা প্ৰেৰণ কৰিছিলো। লেখাটো ১৯৭৮ চনৰ মে’ মাহত প্ৰকাশ হৈছিল প্ৰথম পৃষ্ঠাত। মে’ আৰু জুনৰ দুটা সংখ্যাত লেখাটো ধাৰাবাহিক ভাৱে প্ৰকাশিত হৈছিল।

এতিয়া মে’ মাহ, ২০২১৩ চন। মোৰ সেই লেখক জীৱনৰ যাত্ৰাৰ সুদীৰ্ঘ ৪৫ বছৰ পূৰ্ণ হোৱা উপলক্ষে ১৯৭৮ চনৰ মে’ মাহৰ সেই লেখাটো পুনৰ আগবঢ়ালো। মোৰ অনুৰোধ, আপোনালোকে ৪৫ বছৰ অতীতলৈ গৈ এজন ছাত্ৰৰ মৰ্মবেদনা উপলব্ধি কৰিবলৈ যত্ন কৰিব আৰু এয়াও লক্ষ্য ৰাখিব যে আমি আজিও ৰং সলনি কৰা নাই!

৪৫ বছৰ বৃদ্ধ হোৱা লেখাটো তলত আপোনালোকলৈ আগবঢ়ালো ৷ ]

.

অসমীয়া জাতীয়তাবাদৰ আৱশ‍্যকতা

অসমীয়া জাতীয়তাবাদৰ আৱশ্যকতা

অঞ্জন শৰ্মা

(মহাত্মা গান্ধী আৰু সৰ্বভাৰতীয়)

তামাম হিন্দুস্থানৰ মালিক ঔৰংজেৱৰ সৈন্যবাহিনী পৰ্যুদস্ত হৈছিল অসমৰ শৰাইঘাটত, এজনৰ প্ৰচণ্ড শক্তিৰ আঘাতত। এই প্ৰচণ্ড অমিত শক্তিৰ অধিকাৰী আছিল লাচিত বৰফুকন।

হিন্দুস্থানৰ লগত, ঔৰংজেৱৰ বিশাল সাম্ৰাজ্যৰ লগত অসমক সংযোগ কৰিবলৈ অহা সেই বিশাল মোগল বাহিনীক লাচিতে পানী খুৱাই দিলে। অতীতৰ অবিশ্বাস্য দেশপ্ৰেমৰ ক্ষুদ্ৰ নমুনা, জাতীয়তাবাদৰ প্ৰমাণ। সেইজন মহাবীৰক মূৰত তুলি লৈ কল্পনাতে আজিও কেতিয়াবা হঠাৎ আমি কৰো ঊৰ্ধ্ববাহু নৃত্য।

১৬৭০ খ্ৰীষ্টাব্দৰ অসমীয়া উপৰিপুৰুষৰ বীৰ্যই সৃষ্টি কৰা ভ্ৰূণ গর্ভত ধাৰণ কৰি অসম-মাতৃয়ে বহুত অসমীয়াৰ জন্ম দিলে। সেই দুৰ্জেয় বীৰ্যৰ ভ্ৰূণক অস্বীকাৰ নকৰা বাবেই ব্ৰিটিছেও বহুদিন অসমৰ অধৰত চুম্বন যাচিব পৰা নাছিল।

পিছলৈ মানৰ কামনাৰ বলি হোৱাৰ পিছত অসমক উদ্ধাৰ কৰিবলৈ আগুৱাই আহিল ব্ৰিটিছসকল আৰু ইয়াণ্ডাবু সন্ধিৰ গইনা লৈ ক্ৰমে ক্ৰমে তেওঁলোকে নিগাজিকৈ থিতাপি ল’লে আমাৰ অসমভূমিত।

বিভিন্ন ভাষাৰ বিভিন্ন জাতি-উপজাতিবোৰৰ সিঁচৰতি হৈ থকা ৰাজ্যবোৰ একগোট কৰি উপমহাদেশসদৃশ কৰিবলৈ বাণিজ্যপ্ৰেমী সুদূৰ ইংলেণ্ডৰ চাহাববোৰে শাসন আৰম্ভ কৰি দিলে। এই উপমহাদেশৰ নাম দিলে ‍‘ইণ্ডিয়া’—ভাৰতবৰ্ষ।

ভাৰতবাসী তেতিয়া চাহাবৰ শেৱালি-শুভ্ৰ কালছোৱাত একান্ত বাধ্য হৈ পৰিছিল যদিও গড্ডলিকা হৈ পৰা নাছিল। এদিন কিছুমান শিৰ উন্নত হৈ উঠিল। এই শিৰবোৰে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিলে। আমি বিভিন্ন জাতি বৃটিছক বিতাড়ণ কৰাৰ বাবে হঠাৎ গম নোপোৱাকৈ হৈ পৰিলো এটা জাতি—‍‘ভাৰতীয়’।

বিদ্ৰোহ কৰিলে বিপিনচন্দ্ৰ পালে। বিদ্ৰোহ কৰিলে বাল গংগাধৰ তিলকে, অৰবিন্দই।

আমাৰ মহান (?) জাতিয়ে কথাটো বুজি উঠাৰ আগতেই এই সকলোবোৰ মানুহকে আবৃত কৰি ইংলেণ্ডত চাহাব হ’বলৈ চেষ্টা কৰি ব্যৰ্থ হোৱা মোহনদাস কৰমচাঁদ গান্ধীয়ে দক্ষিণ আফ্ৰিকাৰপৰা ভাৰত অভিমুখে আহি আঁঠুৰ মূৰত চুৰিয়া পিন্ধি ৰাতিটোৰ ভিতৰতে হঠাৎ সলনি হৈ গ’ল ‍‘নঙঠা ফকীৰ’জনলৈ; ‍‘ভাৰতীয়’ই তেওঁৰ নেতৃত্বক স্বীকাৰ কৰি তেওঁক নামাকৰণ কৰিলে ‍‘জাতিৰ পিতা’ বুলি। কিন্তু তেওঁ কোন জাতিৰ পিতা?

ভাৰতীয় এটা জাতি হয়নে?

সুভাষচন্দ্ৰ বসু অখ্যাত হৈ ৰ’ল। ফিজো অখ্যাত হৈ ৰ’ল! মহান ভাৰতীয়ৰ বিভিন্ন জাতিৰ ৰং-বিৰঙৰ মিচিলত যোগ দি সুকীয়া জাতি অসমীয়ায়ো নিজকে ‍‘ভাৰতীয়’লৈ পৰিৱৰ্তন কৰিলে। সেই পৰিৱৰ্তনত বহুত ভুল হৈ গ’ল। এজনো অসমীয়া নোলাল এটা কথা ভাবিবলৈ, যে ভাৰতীয় এটা জাতি নহয়।

প্ৰৌঢ় ব্ৰহ্মপুত্ৰই বহু পানী কঢ়িয়াই নিলে। ভৱিষ্যৎবোৰ বৰ্তমান হোৱাৰ লগে লগে জৱাহৰলালৰ বাবে বহু অপেক্ষিত ১৫ আগষ্ট তাৰিখটো ১৯৪৭ চনত আহি পালে, মাউণ্টবেটেনে ভাৰতক ‘স্বাধীনতা’ দিলে! স্বাধীন ভাৰতৰ মছনদত মহাত্মা গান্ধীয়ে জৱাহৰলাল নেহৰুক বহুৱালে।

এই তথাকথিত স্বাধীনতাই আমাৰ মনত মহাত্মা গান্ধীৰ ভাবমূৰ্তি  পোৰা সোণৰ নিচিনা কৰি দিলে। আজিও প্ৰত্যেকৰে স্বপ্নাতুৰ কৈশোৰৰ তেওঁ স্বপ্ননায়ক। সোণালী যৌৱনৰ পথ-প্ৰদৰ্শক। তেওঁৰ নামটোৱে প্ৰত্যেককে যাদুকাঠিৰ অনিৰ্বচনীয় পুলকিত আৱেগমথিত শিহৰণ জগাই তোলে।

সোণালী অতীতপ্ৰেমী ভাববিলাসী ভাৰতীয়সকলে সঁচাকৈয়ে বিশ্বাস কৰিছিল যে ইউৰোপীয় উপনিৱেশবাদীসকল এই দেশলৈ অহাৰ আগতে ভাৰতত দাৰিদ্ৰ্য নাছিল, শোষণ নাছিল।

মহাত্মা গান্ধীক জাতিৰ পিতা হিচাপে ধৰি লৈ প্ৰমাণ কৰিবলৈ চেষ্টা কৰা হৈছিল যে বিদেশী ব্ৰিটিছসকলৰ শাসনেই হ’ল ভাৰত উপমহাদেশৰ জনগণৰ দাৰিদ্ৰ্য আৰু শোষণৰ মূল কাৰণ আৰু এবাৰ এই বগা চাহাবসকলক খেদি ল’ব পাৰিলেই ‘ভাৰতীয়’ই ৰামৰাজ্য ঘূৰাই পাব।

অহিংসা নীতিত বিশ্বাস কৰা ‍‘ভাৰতীয় এক জাতি’ হ’ল। ব্ৰিটিছসকলে ভাৰত এৰি গ’ল, কিন্তু সেই স্বাধীনতাৰ ফলত এই উপমহাদেশৰ কোটি কোটি মানুহে সঁচাকৈয়ে স্বাধীনতা পালেনে? মহাত্মা গান্ধীৰ আদৰ্শ অনুসৰণ কৰি সঁচাকৈয়ে আমি জানো ‘ভাৰতীয় একজাতি’ হ’লো?

‘গো বেক্ ইণ্ডিয়ানছ্’
অসমীয়া জাতীয়তাবাদৰ আৱশ‍্যকতা

গুৱাহাটীৰ পানবজাৰত থকা কামৰূপৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত মহাত্মা গান্ধীৰ মুখাৱয়ৱৰ তলত লিখা চাৰিটা শাৰীয়ে এখন ছাইনব’ৰ্ডত আৰ্তনাদ কৰি আছে ‍‘আমি আটায়ে ভাৰতীয়’ বুলি। এই বাণীষাৰ ইংৰাজী-হিন্দী-অসমীয়া আৰু বঙালীতো লিখা হৈছে। উপায়ুক্তৰ কাৰ্যালয়ৰপৰা জজ ফিল্ডৰ ওচৰৰ দেৱাল-ঘৰবোৰৰ দূৰত্বৰ ব্যৱধান খুব বেছি নহয়।

কিন্তু এই দেৱালবোৰত ‍‘আমি আটায়ে ভাৰতীয়’ বা ‘We all are Indians’ লিখা নাই, লিপিবদ্ধ হৈছে এষাৰ সৰু কথা ‘Go back Indians’। অৰ্থাৎ, ‍‘ভাৰতীয়সকল, উভতি যোৱা।’

এয়া উঠি অহা যুৱসমাজৰ বিকৃত চিন্তাধাৰাৰ প্ৰতিফলন নেকি? বিকৃতি নহয়, এইষাৰ কথা বহু বছৰ আগতেই লিপিবদ্ধ হ’ব লাগিছিল অসমীয়াৰ মনত, অসমৰ খিলঞ্জীয়াৰ মনত। কিন্তু সেইটো নহৈ আমি অসমীয়াসকল হ’লো উদাৰতাবাদী, যাৰ নিচিনা পাশুপাত ক’তোৱেই নাই আত্মঘাতী হ’বলৈ।

জীৱশ্ৰেষ্ঠ মানৱে সৃষ্টি কৰা সমগ্ৰ দেশবোৰ ভাষাভিত্তিক, ভাৰতবৰ্ষ-ছুইজাৰলেণ্ড ব্যতিক্ৰম। ছুইজাৰলেণ্ড সৰু দেশ বাবে বেছি নিকাৰ নুভুঞ্জে। কিন্তু কাশ্মীৰৰপৰা কন্যাকুমাৰীকালৈ এইখন ভাৰত এখন উপমহাদেশ।

ব্ৰিটিছে শাসনপৰ্ব আৰম্ভ কৰাৰ পিছত অসমীয়াই কানিৰ অপূৰ্ব মাদকতাৰ পৰশত উদ্বাউল হৈ বিনা বাক্যব্যয়ে মানি ল’লে ‍‘ভাৰতীয় এটা জাতি’ বুলি। আজি কুৰি শতিকাৰ শেষভাগত অসমে সেই মাদকতাৰ পৰশত কৰা ভুলৰ বাবে চিৎকাৰ কৰিবলগীয়া হৈছে যন্ত্ৰণাত।

ভাৰতবৰ্ষৰ সকলো প্ৰদেশতে ভিন্নভাষীৰ বাবে কপাট ৰুদ্ধ; একমাত্ৰ ব্যতিক্ৰম অসম—য’ত উদাৰতাবাদৰ বাবেই এই ৰাজ্যত ‍‘ভাৰতীয়’ৰ-বাংলাদেশীৰ-নেপালীৰ অবিৰাম গতি।

দিনৰ পিছত দিন ধৰি ভাৰতীয়ৰ অৰ্থলিপ্সু কামনাৰ লেলিহান তপ্তশিখাই অসমক পুৰি ছাৰখাৰ কৰি দি আছে, অথচ আমি নিৰৱে-নিৰলে সহি আছো। নিৰ্লজ্জ উদাৰতাবাদৰ চৰম নিদৰ্শন। আমি বৰফুকনৰ বংশধৰৰপৰা সলনি হৈছো শিখণ্ডীৰ বংশধৰলৈ। দিল্লীয়ে আমাক নপুংসক কৰিছে। ‍‘ভাৰতীয় একজাতি’ হোৱাৰ মাৰাত্মক প্ৰচেষ্টাৰ আমি বলি হৈছো।

India Map under British
পুঁজিপতিৰ ছাইনব’র্ডঃ ভাৰতীয় একজাতি

যদি অসম ঠিকে থাকে, বা-মাৰলীত দিল্লী উৰি যাওক, কাশ্মীৰ পাকিস্তানে দখল কৰক, মাদ্ৰাজ সাগৰৰ চুম্বনত নিশ্চহ্ন হওক, ভুটান চীনে অধিকাৰ কৰক, আমাৰ এডাল নোমো লৰচৰ নহয়। ভাৰতবৰ্ষৰ কোনো ৰাজ্যৰ প্ৰতি আমাৰ আৱেগিক ঐক্য নাই, যিদৰে নাই ভুটানৰ প্ৰতি।

অসমৰ দিন-হাজিৰা কৰা মানুহ এজনে বিহাৰী বনুৱা এজনৰ লগত একজাতিৰ একতা অনুভৱ নকৰে। কাৰণ বিহাৰ আৰু অসমৰ ভাষাগত মিল নাই। দিন-হাজিৰা কৰা অসমীয়াজন আৰু বিহাৰী বনুৱাজনৰ দৰেই ভাৰত উপমহাদেশৰ জনগণৰ বাবে সৰ্বভাৰতীয় একতা নিষ্প্ৰয়োজন।

ভাৰতীয় পুঁজিপতিবিলাকৰ প্ৰচণ্ড লোভৰ বাবেই ছাইনব’র্ডত লিখিব লগা হৈছে—ভাৰতীয় একজাতি। পুঁজিপতি অবিহনে সৰ্বভাৰতীয় দল কেতিয়াও হ’ব নোৱাৰে, আৰু এই সৰ্বভাৰতীয় দলবোৰেও একমাত্ৰ পুঁজিপতিৰ স্বাৰ্থতেই ‍‘ভাৰতীয় এটা একতাবদ্ধ জাতি’ৰ নিচিনা ভণ্ডামিৰ ওচৰত সেও মানিবলগীয়া হৈছে।

হিন্দীৰে সমগ্ৰ ভাৰতীয়ক একজাতি কৰিব খোজা মাৰাত্মক প্ৰচেষ্টাৰ বাবেই (এসময়ত কংগ্ৰেছৰো) জনতা পাৰ্টিৰ দক্ষিণ ভাৰতত অপঘাত মৃত্যু হ’ল আৰু ইন্দিৰা গান্ধীৰ হ’ল পুনৰ্জন্ম। ইন্দিৰা গান্ধীৰ এই বিপুল জয়লাভে ‍‘ভাৰতীয় একজাতি’ কথাষাৰ বিকৃত অপলাপ বুলি প্ৰমাণ কৰিলে।

ৰাছিয়াত বহুত ভাষা হ’লেও ৰাছিয়াৰ ভাষা ৰুছ। চীনৰ ভাষা চীনা। ইংলেণ্ডত বহু ভাষা চলে যদিও এই ভাষাবোৰৰ পাৰ্থক্য আমাৰ কামৰূপ আৰু উজনি অসমৰ দৰে। চীন আৰু ৰাছিয়া সাম্যবাদী ৰাষ্ট্ৰ আৰু সাম্যবাদী ৰাষ্ট্ৰত পুঁজিপতিৰ শোষণৰ হুল সোমোৱা কঠিন।

১৯৩৪ চনত পাটনাত কংগ্ৰেছ ছ’চিয়েলিষ্ট কনফাৰেঞ্চত জাতিৰ পিতাই (?) কৈছিল, ‍‘‍‘মই ব্যক্তিগত উদ্যোগ আৰু উৎপাদনত বিশ্বাস কৰো। কেৱল ৰাজ্যিক উৎপাদন হৈ থাকিলে মানুহবোৰ নৈতিক আৰু বৌদ্ধিকভাৱে দেউলীয়া হৈ পৰিব। তেওঁলোকে নিজ দায়িত্ব পাহৰি পেলাব। গতিকে মই পুঁজিপতি আৰু জমিদাৰসকলক তেওঁলোকৰ কাৰখানা আৰু ভূমি ৰখাৰ অনুমতি দিম।’’

মহাত্মাৰ মহান বাণী সাৰোগত কৰি ১৯৪৭ চনত ভাৰত স্বাধীন হোৱাৰ পিছত আমাক আগবঢ়াই দিয়া হ’ল পুঁজিপতিৰ ওচৰত। আমি প্ৰতাৰিত হ’লো, ধৰ্ষিত হ’লো। আমি আজি নিৰ্লজ্জ শোষণৰ অসহায় বলি।

ভাৰতবৰ্ষ এনে এখন উপমহাদেশ য’ত এটা জাতিয়ে বলপূৰ্বক আন জাতিৰ গৰ্ভত নিৰ্বিবাদে ভ্ৰূণ সৃষ্টি কৰিব পাৰে। আমাৰ আত্মৰক্ষাৰ কৱচ নাই, আছে গণতান্ত্ৰিক বাক্-স্বাধীনতা। যিমান পাৰো বলকিব পাৰো, লিখিব পাৰো, কিন্তু তাৰ বিকল্প ব্যৱস্থা নাই।

‍‘জাৰ’ৰ অমানুষিক অত্যাচাৰে জন্ম দিলে ৰাছিয়া সমাজবাদী সংযুক্ত গণতন্ত্ৰক। এই ‍‘সংযুক্ত’ শব্দই ভিন্ন ভাষাৰ প্ৰত্যেক জাতিক স্বীকৃতি দিয়ে; কিন্তু ভাৰতত যুক্তৰাষ্ট্ৰ শব্দই ভিন ভিন জাতিৰ মৌলিক অস্তিত্ব কাৰ্যতঃ স্বীকাৰ নকৰে!

যি ৰাছিয়াত বিভিন্ন জাতিৰ আত্মনিয়ন্ত্ৰণ স্বীকৃত, প্ৰত্যেক জাতিৰে নিজস্ব নাগৰিকত্ব আছে আৰু ইচ্ছাকৃত স্বাধীনতা অৰ্জনৰ অধিকাৰ আছে, সেই ৰাছিয়াতো এই সত্য স্বীকৃত হৈছে যে মানুহৰ চেতনাত থাকি যোৱা জাতীয় বিচ্ছিন্নতাৰ ভাব সহজতে বিলুপ্ত নহয়।

নিজৰ কাৰণে নিজে ভৱিষ্যৎ নিৰ্ধাৰণ কৰাৰ অধিকাৰ ভাৰতবৰ্ষত নাই। নাই আত্মনিয়ন্ত্ৰণৰ অধিকাৰ। অথচ ভণ্ড একতাৰ নামত একোটা জাতি আন জাতিৰ শোষণত ভিক্ষাৰীৰ অৱস্থাপ্ৰাপ্ত হৈছে। ভাষাগত স্বতন্ত্ৰতাই আমাক উত্তেজিত কৰি নোতোলে। এতিয়াও আমাৰ মন সৰ্বভাৰতীয় হৈয়েই আছে, আমি অসমীয়া যেন ধৰ্ষণপিয়াসীহে।

grayscale photography of human skull
Photo by Ahmed Adly on Pexels.com
আমাক ভয়াৰ্ত কৰি তুলিছে

ভাৰতবাসী ‍‘একজাতি’। অসমীয়া-গুজৰাটী একজাতি, অসমীয়া-উড়িয়া একজাতি। কিন্তু অসমীয়া-ভুটানী একজাতি নহয় এই কাৰণেই যে ভুটান ব্ৰিটিছৰ শাসনত নাছিল। আমি অসমৰ বঙালীসকলক কেতিয়াও নিজৰ বুলি ভাবিব পৰা নাই।

বঙালীসকলেও অসমতে জন্মি অসমতেই মৰিব, তথাপি ইহজন্মত তেওঁলোকে নকয়—‍‘আমাৰ অসম’। তেওঁলোকৰ নিজস্বতা আছে আৰু সেই নিজস্বতাখিনিয়েই প্ৰকৃত দেশপ্ৰেম। পাতালী গংগাৰ দৰে প্ৰৱাহিত হৈ থকা দেশপ্ৰেমৰ ঢৌৱে খুন্দা মৰাৰ ফলতেই আজি আমি ক’বলগীয়া হৈছেঃ ‍‘গো বেক্ ইণ্ডিয়ানছ্’।

আচলতে আমি বঙালী-বিহাৰী কাকোৱেই বেয়া নাপাওঁ। এজন জাপানী বা আমেৰিকানক আমি যি দৃষ্টিৰে লওঁ, তাতকৈ বেছি সূক্ষ্মসন্ধানী দৃষ্টিৰেই আমি বঙালী বা বিহাৰীসকলক ল’লোহেঁতেন। কিন্তু তেওঁলোকৰ অবাধ গতিয়ে আমাক ভয়াৰ্ত কৰি তুলিছে।

অসমীয়া কণ্ঠনলীয়ে খাদ্যৰ পৰশৰপৰা বঞ্চিত হৈছে একমাত্ৰ এই ভাৰতীয়সকলৰ বাবেই। অসমত আজি নিবনুৱা সমস্যাৰ অন্তহীন গতি আৰু সুদূৰত ভাৰতীয়ৰ আগন্তুক আগমনৰ পদধ্বনি। আমাৰ প্ৰাণবায়ু কেতিয়া উৰে, তাৰে স্থিৰতা নাই।

তাতে এই ভাৰতীয়সকলে আমাৰ মুখৰ ভাত কাঢ়ি খাব, আমাৰ সহ্য কেনেকৈ হ’ব? পশ্চিমবংগত বিধান ৰায়ৰ দিনৰপৰাই বঙালীৰ বাহিৰে আনক ব্যক্তিগত প্ৰতিষ্ঠানেও চাকৰি দিব নোৱৰা ব্যৱস্থা কৰিছে। যোগ্যতাৰ প্ৰশ্ন নাই, তাত ৰাইজো সজাগ। কিন্তু নিজ মাতৃভূমি অসমত কেইজন থলুৱাই চাকৰি পাইছে?

অসমীয়াক বা অসমৰ খিলঞ্জীয়াক অসমত চাকৰি দিয়াত কি সংকীৰ্ণতা আছে? এয়া আমাৰ নিজ স্বাৰ্থ নহয়, আমাৰ মাতৃস্বাৰ্থ।

shiva
আমি হৈছো নীলকণ্ঠ

আজিৰ অসমক আমাৰ অসম বুলিব পাৰিনে? আপুনিয়েই কওকচোন, এইখন অসম জানো সকলো খিলঞ্জীয়াৰ সংমিশ্ৰণেৰে গঢ় লোৱা অসমীয়াৰ দেশ?

মহাত্মাৰ বাণী সাৰোগত কৰি দিল্লীৰ আদেশ মানি নিজকে জাতীয়-প্ৰেমেৰে আপ্লুত কৰি একতাৰ বান্ধত আবদ্ধ ভাৰতীয় জাতি হিচাপে ধৰিলে এইখন অসম সকলোৰে দেশ। সকলোৰে দেশ বাবেই মন্থন কৰি অমৃত লুটিবলৈ হাজাৰ-বিজাৰ বিহাৰী, বঙালী, তামিল, উৰিয়া, পঞ্জাবী অসমত সোমাইছেহি।

আমি অসমীয়াই (অসুৰ) পাইছো তীব্ৰ বিষ, যাক আকণ্ঠ পান কৰি আজি আমি হৈছো নীলকণ্ঠ। এই হাজাৰ-বিজাৰ ভাৰতীয় দেৱতাক আমি সভক্তিৰে গদ্-গদ্ স্বৰে ফুল-চন্দন লৈ বন্দিছোনে? যদি বন্দনা কৰা নাই, তেন্তে ভাৰতীয় যে এটা ঐক্যবদ্ধ সুকীয়া জাতি নহয় ইয়েই তাৰ স্পষ্ট প্ৰমাণ।

তেওঁলোকৰ দৈৱশক্তিক আমি হিংসা কৰা নাই, কিন্তু তেওঁলোকৰ অফুৰন্ত সোঁত বন্ধ কৰিব নোৱাৰি জাতিলুপ্ত হোৱাৰ আশংকাত আমাৰ মনত যি ভয়ৰ সঞ্চাৰ হৈছে, সেই ভয়ৰ তীব্ৰ বিপৰীতমুখী ক্ৰিয়াই তেওঁলোকৰ প্ৰতি আমাৰ শত্ৰুভাব জন্মাইছে।

বংশানুক্ৰমে তেওঁলোক অসমত থাকিলেও অসমীয়াৰ প্ৰতি তেওঁলোকৰ আৱেগিক ঐক্য নাই। মাৰোৱাৰীসকলে আমাক তেলৰ পৰিৱৰ্তে বিহ খুৱাইছে, বঙালীসকলে অসমক নিজৰ কব্জাত নিবলৈ অনন্ত চেষ্টা কৰি আছে, আমাৰ সামাজিক মানসিকতাৰ দুৰ্বল দিশক কেন্দ্ৰ কৰিয়েই আহি আছে হেজাৰ-হেজাৰ বিহাৰী—যিয়ে ৰিক্সা চলায়, ঠেলা চলায়, মাটি কাটে সমগ্ৰ অসমত।

নগাঁৱৰ আমোলাপট্টিতেই নাই নে পাঠশালাতেই নাই এই বিহাৰীসকল। আমাৰ মনতো প্ৰত্যয় জন্মিছে যে এওঁলোকে কৰা কামবোৰ অসমীয়াৰ বাবে নিষিদ্ধ। আমাৰ অন্তৰ্দহন হৈছে; কিন্তু বাহ্যিক চেতনা বেলেগৰ চকুত একেই আছে। তদুপৰি ভূতৰ ওপৰত দানহৰ দৰে বাংলাদেশীৰ সমদল!!

বিহ খাই মৰি যাম, তথাপি নকওঁ যে আমাৰ নৈতিক স্খলন হৈছে! এয়া কেনে ধৰণৰ দেশপ্ৰেম?

নে এইবোৰেই ঈশ্বৰ-প্ৰদত্ত জাগতিক ৰীতি!

আমাৰ যদি আত্মৰক্ষাৰ ক্ষমতা আৰু সুবিধা থাকিলহেঁতেন, তেতিয়া যিখিনি ‍‘ভাৰতীয়’ অসমলৈ আহিলহেঁতেন, তেওঁলোকৰ প্ৰতি বিদ্বেষ নজন্মি জন্মিলেহঁতেন সম্প্ৰীতিৰ ভাব। আমাৰ মুখত ভাৰতীয় জাতীয় ঐক্যৰ কথা, যদিও বাস্তৱত চূড়ান্ত ভাষাগত জাতীয় স্বাৰ্থৰক্ষাৰ পৰস্পৰ সংগ্ৰাম।

অৱশ্যে অসমৰ বাহিৰে অইন প্ৰদেশত নিজ মাতৃভাষাৰ বাবে আন্দোলন কৰি অনিল বৰা, মোজাম্মিলৰ দৰে কোনেও প্ৰাণ দিবলগীয়া হোৱা নাই। তথাপিও আমি ‍‘ভাৰতীয়’ কিয়?

ব্যতিক্ৰম সদায় বেলেগ বস্তু বুলি প্ৰমাণ কৰি দেখুৱালে জ্যোতিপ্ৰসাদ আগৰৱালাই, কিন্তু জ্যোতিপ্ৰসাদৰ মৃত্যুৰ ইমান বছৰ পিছতো আমি কোনো ‍‘আগৰৱালা’ক জ্যোতিৰ বংশধৰ বুলি ভাবিব নোৱাৰিলো একমাত্ৰ এটা কাৰণতেই যে তেওঁলোকে এতিয়াও অসমত অসমীয়া নহৈ ভাৰতীয় হৈয়েই আছে নিজ স্বাৰ্থ পূৰণ কৰি কৰি। তেওঁলোকেই আমাৰ বাবে আজি আতংকৰ হেতু। (জ্যোতিপ্ৰসাদ, কাকূতি কৰিছো, আগৰৱালা হৈয়েই তুমি অসমত আৰু মাত্ৰ এবাৰৰ বাবে ভূমিষ্ঠ হোৱা।)

flood4
বৰঘৰ এৰি দিব লাগিব

অসমীয়া ভাষাৰে অসমীয়া এটা সুকীয়া জাতি আৰু অসম অসমীয়া খিলঞ্জীয়াৰ। অসমপ্ৰেম সম্পূৰ্ণ স্বাভাৱিক, যিদৰে স্বাভাৱিক বৰ্তমান পৰিস্থিতিত ভাৰতীয় বিদ্বেষ। এই দেশপ্ৰেমৰ অভাৱতেই আজি লাচিত বৰফুকনৰ বীৰ্যেৰে বলীয়ান এটা জাতি লুপ্তপ্ৰায়।

কৃত্ৰিম ভাৰতীয় ঐক্য একমাত্ৰ প্ৰয়োজন পুঁজিপতিৰ বাবে আৰু তেওঁলোকৰ স্বাৰ্থতেই ভাৰত আজি একদেশ। অসমক আজি প্ৰয়োজন সমাজবাদী জাতীয়তাবাদ, আঞ্চলিক ৰাজনৈতিক দল, যাৰ অবিহনে নিজকে বচোৱাৰ বিকল্প পথ নাই। ভাৰতবৰ্ষ বুলিলে আমাৰ জাতীয় প্ৰেম উদ্ভৱ নহয়।

অসমে যদি স্বতন্ত্ৰতা নাপায় তেন্তে সমাজবাদৰ ধ্বনি মূল্যহীন। দিল্লী আৰু পিকিং আমাৰ বাবে একেই। আমাৰ যদি জাতীয়তাবাদ নাথাকে তেন্তে আমাৰ ভৱিষ্যৎ অন্ধকাৰ। অসম চৰকাৰৰ আঁচনি মূল্যহীন হৈয়েই থাকিব যেতিয়ালৈ অনা-অসমীয়াৰ আৰু বাংলাদেশী-নেপালীৰ জনসংখ্যাৰ গতি ৰুদ্ধ নহ’ব।

অসমীয়াই আত্মৰক্ষাৰ কৱচ নিপিন্ধালৈ সি জানো সম্ভৱ হ’ব? কোনে পিন্ধাব আমাক এই কৱচ? ত্ৰিপুৰাত আগতে ত্ৰিপুৰী মানুহ আছিল। এতিয়া ত্ৰিপুৰী লুপ্ত হ’ল। তাত চলিছে বঙালীৰ শাসন। ত্ৰিপুৰী-শোষণৰ এয়ে জ্বলন্ত উদাহৰণ। জাতি-ধর্ষণৰ নগ্নতা।

ঠিক তেনেকৈ আমাৰ ইয়াতো খাবলৈ নাই, ভগনীয়া সংস্থাপিত কৰাৰ যুক্তি ক’ত চৰকাৰৰ? নে এদিন আমিও এওঁলোকক আমাৰ বৰঘৰ এৰি দি আমি নিজে ভগনীয়া হ’ব লাগিব?

চাহপাতৰপৰা অসমে বছৰি ৬০০ কোটিতকৈও বেছি টকা পায়। আৰু আছে মৰাপাট, তেল, বনজ সম্পদ, জলসম্পদ। অসমীয়াৰ ভাগ্য পৰিৱৰ্তন কৰিবলৈ এইখিনিয়েই যথেষ্ট। বহু ক্ষেত্ৰত অসম আত্মনিৰ্ভৰশীল হ’ব পাৰে। কিন্তু এইবোৰৰ ওপৰত অসমৰ হাত নাই। ইয়াতকৈও দুৰ্ভাগ্য কিবা আছেনে?

এইবিলাকেৰে ধনী হয় কেন্দ্ৰ, অথচ যেতিয়া আমি ব্ৰডগজ ৰে’লপথ লাগে বুলি চিঞৰো, সহায় লাগে বুলি আৰ্তনাদ কৰো—তেল নাই, চেনি নাই বুলি চিৎকাৰ কৰো, তেতিয়া দিল্লী নিৰুত্তৰ। কাৰণ অসমত লোকসভাৰ আসনৰ সংখ্যা কম। ভাবি চাওক, কেনেকুৱা নাৰকীয় শোষণ!

সেইবাবেই যেতিয়ালৈকে আমি আত্মনিয়ন্ত্ৰণ কৰি অসমীয়া একজাতি হৈ নপৰো তেতিয়ালৈকে মূল্যহীন আমাৰ সম্পদ। মূল্যহীন আমাৰ চৰকাৰ। মূল্যহীন বিশ্ববিদ্যালয় আৰু বুদ্ধিজীৱীবোৰ। মূল্যহীন অসম সাহিত্য সভাৰ অধিৱেশনবোৰ। অসমৰ খাৰুৱা তেল নিৰৱচ্ছিন্নভাৱে বৈ আছে ভাৰতলৈ, আমি সুখীনে? ‍

‘তেল নিদিওঁ তেজ দিম’ বুলি কৰা আন্দোলন পাহৰিবৰ সময় এতিয়াও হোৱা নাই। যদি আমি ঐক্যবদ্ধ ভাৰতীয় জাতি হ’লোহেঁতেন, তেন্তে এই আন্দোলনৰ জন্ম নহ’লহেঁতেন। বঙাইগাঁৱত নতুন শোধনাগাৰত অসমীয়া মানুহৰ সংখ্যাৰ অনুপাত কাৰো অবিদিত নহয়। আমি সুখীনে এই শোধনাগাৰৰ এই ভাৰতীয়সকলক লৈ?

ৰে’লৱে বিভাগত অসমীয়া মানুহ নাই বুলিলে মিছা কোৱা নহয়! যদি আমি ঐক্যবদ্ধ ভাৰতীয়, তেন্তে আমি এই বিভাগবোৰৰ ভাৰতীয়বোৰক লৈ সুখী নহয় কিয়?

যেতিয়ালৈকে কেন্দ্ৰত শক্তিশালী চৰকাৰ থাকিব তেতিয়ালৈ আমাৰ আন্দোলন নিৰৰ্থক। নিৰৰ্থক আমাৰ লিখা-মেলা। আমাৰ বাক্-স্বাধীনতাহে থাকিব, কিন্তু বিকল্প ব্যৱস্থা নেথাকিব। যি দলেই অসমত শাসনভাৰ নলওক কিয়, যদি ‍‘হাইকামাণ্ড’বোৰ অসমীয়া নহৈ ভাৰতীয় হয় তেন্তে সেই চৰকাৰ মূল্যহীন।

কংগ্ৰেছ গ’ল, জনতা আহিল। জনতা যাব,…(?) আহিব, মূল্যহীন। কেৱল আমি সোমাই যাম অন্ধকূপৰ অতল গর্ভলৈ, য’ত মাথোন ক’লা আৰু ক’লা। আমি জঠৰ। অসম সঁচাই দুখীয়া পোহৰবিহীন দেশনে?

অসমেই নহয়, ভাৰতবৰ্ষৰ অইন প্ৰদেশবোৰেও সাৰ্বভৌমত্বৰ অধিকাৰ দাবী কৰা উচিত। সম্পূৰ্ণ স্বায়ত্ত শাসনৰ দাবী কৰা উচিত। যদি অসমৰ সম্পদেৰে অসমক নোজোৰে, তেন্তে চীনৰ দৰে আমিও দাৰিদ্ৰ্যক ভাগ কৰি ল’বলৈ সাজু থাকিব লাগিব।

ভাৰতীয় হিচাপে অসমীয়া কেতিয়াও গৌৰৱান্বিত নহয়, কাৰণ ভাৰতীয় এটা জাতি নহয়।

(সাপ্তাহিক নীলাচল, ৩১ মে’, ১৯৭৮, ৭ জুন, ১৯৭৮)

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: অসমীয়া জাতীয়তাবাদ
Anjan Sarma

Anjan Sarma

Related Posts

Legal profession takes a heavier toll on Female Advocates
Opinion

Legal profession takes a heavier toll on Female Advocates

by Pradakshina Sarmah
August 18, 2026
0

Legal profession takes a heavier toll on Female Advocates Pradakshina Sarmah The Legal profession has long been associated with prestige...

Read moreDetails
Supreme Court Stands Firm Against Wealthy Silencing Media!

India’s Judicial Transparency In the path of Transition

August 15, 2026
The River That Became a Drain: Bharalu and the Death of a Memory

The River That Became a Drain: Bharalu and the Death of a Memory

August 13, 2026
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

August 13, 2026
অসমৰ বানপানী আৰু গৰাখহনীয়া

অসমৰ বানপানী আৰু গৰাখহনীয়া

August 12, 2026
Politics of ethnicity and Sub-Nationalism of North East India

Politics of ethnicity and Sub-Nationalism of North East India

August 10, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Understanding the Value Chain of Ecological Restoration

Understanding the Value Chain of Ecological Restoration

August 18, 2026
Legal profession takes a heavier toll on Female Advocates

Legal profession takes a heavier toll on Female Advocates

August 18, 2026
How the Education System Trains You for the Rat Race: The Truth No One Talks About

How the Education System Trains You for the Rat Race: The Truth No One Talks About

August 18, 2026
Afghan women2

Afghanistan Five Years under the Taliban: Economic Collapse at the Household Level and a Deepening Human Crisis

August 18, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39811 shares
    Share 15924 Tweet 9953
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18659 shares
    Share 7464 Tweet 4665
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3806 shares
    Share 1522 Tweet 952
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    289 shares
    Share 116 Tweet 72
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4188 shares
    Share 1675 Tweet 1047
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    140 shares
    Share 56 Tweet 35
  • FREEDOM FIGHTERS OF ASSAM

    5109 shares
    Share 2044 Tweet 1277
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    109 shares
    Share 44 Tweet 27
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    97 shares
    Share 39 Tweet 24
  • অসমত বানৰ অকল্পনীয় ধ্বংসলীলা

    94 shares
    Share 38 Tweet 24
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d