-মনোজ কুমাৰ বৰুৱা |
জাতীয়তাবাদ বুলিলে মূলতে কি বুজা যায়? জাতি একোটা বুলিলে কি? জাতীয়তাবাদৰ সংজ্ঞা পশ্চিমীয়া দেশ এখনৰ বাবে আৰু ভাৰতৰ দৰে দেশ এখনৰ বাবে বেলেগ বেলেগ নেকি? এনেধৰণৰ পংকিলময় বৰ্ণনাৰ আলোচনাৰ আগতেই নিজকে জাতীয়তাবাদী বুলি দাবী কৰা প্ৰত্যেকজন মানুহেই নিজৰ জাতিটোৰ একেবাৰে নিম্নবৰ্গৰ মানুহজনে নির্দিষ্ট জাতীয়তাবাদৰ কিমানখিনিক প্রতিনিধিত্ব কৰিব পাৰিছে তাক এবাৰ চালি জাৰি চোৱাৰ প্ৰয়োজন আছে(এণ্টনিঅ’ গ্ৰামচিৰ চাবঅলটাৰ্নবাদ) । সংশ্লিষ্ট জাতীয়তাবাদত সকলোকে লৈ একেলগে আগবাঢ়ি যোৱাৰ মনোভাৱ পোষণ কৰা মানুহৰ পয়োভৰ কিমান সেয়াও বিচাৰ বিশ্লেষণ কৰি চাব।
আত্মপক্ষ সমৰ্থনৰ বাবে বিবেকক বন্ধকত থৈ অনেকেই দলৰ বাবে বা ধাৰ্মিকভাৱে নিজৰ অস্তিত্ব জাহিৰ কৰিবলৈ অনেকখিনি শ্লোগান আওঁৰাব পাৰে। কিন্তু সেইবোৰ ধাৰ্মিক উত্তেজনাকাৰী আস্ফালনে অসমীয়া জাতীয়তাবাদৰ প্রতিনিধিত্ব নকৰে। অসমীয়া জাতীয়তাবাদে সেই অৰ্থনৈতিক সচেতনতাবোধৰ কথা কয় যি সচেতনতাবোধ আহিছিল মণিৰাম দেৱানৰ জৰিয়তে। অসমীয়া জাতীয়তাবাদে সেই সন্মিলিত মনোভাৱৰ কথা কয়, যি মনোভাৱ আমাৰ অসমৰ জাতি জনগোষ্ঠী সকলোৱে মিলি ১৯২৯ চনত চাইমন কমিচন চাহাবক সন্মিলিতভাৱে প্ৰদান কৰা প্ৰস্তাৱৰ জৰিয়তে প্ৰকাশ পাইছিল। অসমীয়া জাতীয়তাবাদে শিকায়, কেনেদৰে হিন্দী-হিন্দুত্ব-হিন্দুস্তানৰ আগ্ৰাসনৰ বিৰুদ্ধে এটা ছাত্ৰ সংগঠনৰ এজন নেতাই হাজোত মণিকূট উৎসৱ পাতিব পাৰে, য’ত সম্প্ৰীতি আৰু সমিলমিলেৰে সাম্প্ৰদায়িকতাবাদক প্ৰত্যাহ্বান জনোৱা হয়।
স্পষ্টৰূপে পশ্চিমীয়া দেশ সমূহত জাতি আৰু ৰাষ্ট্ৰ শব্দ দুটাৰ মাজত বৰ এটা বিশেষ পাৰ্থক্য নাই। সেই সমূহ দেশৰ ধৰ্ম ভাষা সংস্কৃতি কেন্দ্ৰিক যি সাদৃশ্যতা, সেই সাদৃশ্যতাই তেওঁলোকক জাতি বা ৰাষ্ট্ৰৰূপে একত্ৰিত কৰে। ফলত জাতীয়তাবাদ আৰু ৰাষ্ট্ৰীয়তাবাদ আদি অভিধাসমূহো পৰস্পৰে পৰস্পৰৰ সমাৰ্থক হৈ পৰে। কিন্তু ভাৰতৰ দৰে এখন দেশ, য’ত প্ৰত্যেক প্রান্ততে এক বিভিন্নতাৰ সমূহ স্পষ্টৰূপে প্ৰতিফলিত হয়, বিশেষকৈ অসমৰ দৰে এখন ৰাজ্য যাৰ বিভিন্নতাই হৈছে ইয়াৰ ব্যতিক্ৰম, য’ত প্ৰত্যেক জনগোষ্ঠী বা বৰ্ণই নিজক জাতি হিচাবে প্ৰতিষ্ঠা কৰিবলৈ উঠি পৰি চেষ্টা কৰে, য’ত প্ৰত্যেক জাতিয়ে নিজৰ স্বাধিকাৰ প্ৰতিষ্ঠাৰ সংগ্ৰামখনৰ কথা কয় তেনে পৰিপ্ৰেক্ষিতত সেই ভিন্নধাৰাৰ জাতীয়তাবাদক সন্মান কৰাই হৈছে অসমীয়া জাতীয়তাবাদ। আমাৰ অসমৰ ৰাজনীতিও এনেদৰে আগবঢ়াটো আমাৰ সকলোৰে কাম্য। কিন্তু বিগত দিনৰ নিৰ্বাচনী ৰাজনীতিয়ে আমাক স্পষ্ট কৰি দিছেই যে অসমৰ ৰাজনীতিয়ে বোকা ছটিওৱাৰ খেল আৰু হিতাধিকাৰীৰ নাটকখনৰ উৰ্ধত অসমৰ ভিন্নতাৰে পৰিপুষ্ট জাতীয়তাবাদক কেতিয়াও গুৰুত্ব নিদিয়ে। যি সকলে এই কথাবোৰ মানুহক বুজাবলৈ যায় তেওঁলোকক যতদূৰ সম্ভৱ বাতৰিকাকত আৰু দূৰদৰ্শনৰ মাজতেই সীমাৱদ্ধ কৰি ৰখাৰ আপ্ৰাণ চেষ্টা চলায়। নিজৰ ৰীতি নীতি, আৱেগেৰে বন্ধা ক্ষুদ্ৰ ক্ষুদ্ৰ জাতিসত্তাসমূহক এই নিৰ্বাচন নামৰ মহামেলাখনত বহুৱাৰ ভাওঁ দিবলৈ বাধ্য কৰায়। অশ্ৰাব্য অথবা অকথ্য হ’লেও সত্য যে নূন্যতম ৰাজনৈতিক সচেতনতা হেৰুওৱা যেনেদৰে বিপদজনক তেনেদৰে পাঁচবছৰৰ মূৰত পৰ্যাবৃত্তভাৱে অহা নিৰ্বাচনৰ বাবেই এই মহান অসমীয়া জাতীয়তাবাদৰ গলত চেপি ধৰা কাৰ্যও সমানেই বিপদজনক।
বিখ্যাত সমাজবাদী, কিউবাৰ দিকনিৰ্ণায়ক, পৃথিৱীত নিজৰ আপোচহীনতাৰে বহুতৰে আদৰ্শ হ’বলৈ সক্ষম হোৱা ছে গুৱেভাৰাৰ জীয়ৰী এলিদা মাৰ্চে তেখেতৰ এটা সাক্ষাৎকাৰত কৈছিল যে তেখেতৰ অন্তৰত দুখ অনুভূত হয় যেতিয়া তেখেতৰ পিতৃৰ আদৰ্শ সমূহক কোনোবাই টি-ছাৰ্ট, পেন্ট অথবা সুৰাৰ বটলত আৱদ্ধ কৰিবলৈ বিচাৰে। অনুৰূপধৰণে যেতিয়া গান্ধীজীৰ সকলো আদৰ্শ আৰু সপোনক তেখেতৰ চচমাযোৰ ব্যৱহাৰ কৰি বৰ্তমানৰ চৰকাৰখনে স্বচ্ছতাৰ মাজতে কেৱল সীমাৱদ্ধ কৰিবলৈ বিচাৰে আমি দুঃখিত হওঁ। তাতকৈও বেছি দুঃখিত হোৱা যায় তেতিয়া, যেতিয়া শাসকসকলে শাসন কৰাৰ সুবিধাৰ্থে অসমীয়া জাতীয়তাবাদৰ কপালত আন্দোলন কৰা জাতীয়তাবাদ হিচাপে নামফলক লগায়। কোনো অসুবিধা নাছিল যদিহে সেই আন্দোলন দমন কৰাৰ পথবোৰ অন্ততঃ গণতান্ত্ৰিক হ’লহেঁতেন। পাঁচজন যুৱক হত্যা কৰাৰ ন্যায্যতা প্ৰদান কৰোঁতে যুক্তি দিয়া হয় যে আগৰ চৰকাৰখনে ৮৫৫ জনক হত্যা কৰিছিল। বৰ্তমান সময়ত যেতিয়ালৈকে আকৌ ৮৫৫ জনক হত্যা কৰা নহয় তেতিয়ালৈকে প্ৰক্ৰিয়াটো চলিয়ে থাকিব আৰু ৮৫৬ নম্বৰ জনক হত্যা কৰাটোৱেহে আমাৰ জাতীয়তাবাদক আঘাত সানিব, এনেধৰণৰ অবান্তৰ কথা চিন্তা কৰাৰ আঁৰত শাসনৰ বাঘজৰীয়ে যে একমাত্ৰ ইপ্সিত লক্ষ্য সেয়া কাৰো অৱগত নোহোৱাকৈ নথকা নহয়।
যদিহে ইমানেই বেয়াই কৰিছে নিৰ্বাচনত জয়ী হৈছে কিয়? অসমীয়া জাতীয়তাবাদক যদি ইমান অত্যাচাৰ কৰিছে তেন্তে অসমৰ নিৰ্বাচনত তেওঁলোকে আদৰ পাইছে কিয়? ইয়াৰ মূল কাৰণ হৈছে নিৰ্বাচনী ব্যৱস্থা। এই ব্যৱস্থাত সংখ্যাগৰিষ্ঠতাই সৰ্বসন্মতি নুবুজায়। ফিলডেলফিয়া কনভেঞ্চনৰ ইতিহাস বিজড়িত আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ৰাষ্ট্ৰপতি নিৰ্বাচিত হৈ যোৱাৰ পাছতো ‛হি ইজ নট মাই প্ৰেচিডেন্ট’ বুলি প্ৰতিবাদ হয়। গতিকে ১৯৮০ চনতেই অসমৰ সামাজিক ব্যৱস্থাত পদৰ্পণ কৰা ৰাষ্ট্ৰীয় দলে ২০১৬ চন পৰ্যন্ত চৰকাৰ গঠন কৰিব পৰাকৈ অন্ততঃ গণসমৰ্থন আদায় কৰিব পাৰিবই যে তাত কোনো দ্বিমত নাই। কিন্তু চৰকাৰ গঠন আৰু জাতীয়তাবাদৰ প্ৰতি প্ৰত্যাহ্বান এই বিষয় দুটাক সময়ৰ তুলাচনীত জুখিব পৰাৰ সামৰ্থ আমাৰ নাই। চৰকাৰ গঠন কৰা মানেই জাতীয়তাবাদত ব্যাঘাত কৰিব পৰা কাৰ্যৰ বাবে অনুমোদন পত্ৰ লাভ কৰাটো নুসূচায়। অসমীয়া জাতীয়তাবাদৰ ফচল গোপীনাথ বৰদলৈ আৰু ভীমবৰ দেউৰীৰ দৰে মানুহে নিৰ্বাচনী আৰু দলীয় ৰাজনীতিৰো উৰ্ধত অসমীয়া জাতিক গুৰুত্ব দিয়াৰ কথা দোহৰাৰ প্ৰয়োজন নাই। আমি ক’ব পাৰো হেম বৰুৱাৰ কথা যিয়ে অসমৰ বানপানী সমস্যা , ভাষা আন্দোলন আদি বিষয়ত সদনত দিয়া ভাষণ আজিও প্ৰাসংগিক, যদিওবা তেওঁ প্ৰজা ছচিয়েলিষ্ট পাৰ্টিৰহে সদস্য আছিল। গতিকে এইবোৰৰ পৰা এটা কথা স্পষ্ট অসমীয়া জাতীয়তাবাদৰ সংবৰ্ধনৰ প্ৰক্ৰিয়াটো অনন্য। ই এক সামাজিক আৰু গতিশীল প্ৰক্ৰিয়া । নিৰ্বাচন জয় আৰু আৰু চৰকাৰ গঠনেই ইয়াৰ সংৰক্ষণৰ ঠিকা লোৱাটো নুসূচায়।
বৰ্তমান আমি বাস কৰি থকা কল্পনাৰ ৰামৰাজ্যখনত সঘন উন্নয়নৰ কথা আলোচনা কৰি থাকোতে সকলোৰে দৃষ্টিগোচৰ হৈছে যে ইকন’মিক ইন্টেলিজেন্স ইউনিটৰ শেহতীয়া তথ্যমতে বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰখন পাছপৰি আহি ৫৩ সংখ্যক স্থান পাইছেহি, ৱৰ্ল্ড হেপ্পীনেছ ৰিপৰ্ট ২০২১ ৰ তথ্য অনুসৰি সুখী দেশৰ তালিকাত ভাৰত ১৩৯ সংখ্যক স্থানত আছে ( পাকিস্তান আৰু বাংলাদেশতকৈও দুখী), গণতান্ত্ৰিক গণৰাজ্য ভাৰতবৰ্ষ সংবাদ মাধ্যমৰ স্বাধীনতাৰ ক্ষেত্ৰত শেহতীয়াকৈ ১৪২ সংখ্যক স্থানত আছে । এই সমূহ পৰিসংখ্যাৰ প্ৰভাৱ পোনপটীয়াকৈ যে অসমীয়া জাতীয়তাবাদত পৰিব , সেইক্ষেত্ৰত কোনো দ্বিমত নাই। জাতীয়তাবাদৰ বিভিন্নতাৰ প্ৰতি সন্মান নাই, গণতান্ত্ৰিক প্ৰতিবাদৰ মূল্য দিব নোখোজে, মাৰ্টিন লুথাৰ কিঙে কোৱাৰ দৰে গণতান্ত্ৰিক প্ৰতিবাদক হিংসুক প্ৰতিবাদৰ ৰূপ দিবলৈ খোজে। এনে এখন ৰামৰাজ্যত বৰ্তমানৰ অসমৰ ৰাজনৈতিক প্ৰক্ৰিয়াৰ মাজেৰে জাতীয়তাবাদ মসৃণ কৰাৰ কোনো পথেই সুগম হৈ উঠা নাই। কোনো ৰাষ্ট্ৰীয় শক্তিয়ে যদি সন্ত্ৰাসবাদ দমনৰ নামত অমানুষিক অত্যাচাৰ চলায় অসমীয়া জাতীয়তাবাদক তেন্তে আন ৰাষ্ট্ৰীয় শক্তিয়ে ৰক্ষণাত্মক কাৰাৰুদ্ধকৰণৰ অচিলা লৈ U(A)PA ৰ দৰে ক’লা আইনৰ সৃষ্টি কৰে। এটা ৰাষ্ট্ৰীয় শক্তিয়ে যদি দুৰ্নীতি আৰু কেলেংকাৰীৰ জৰিয়তে শিক্ষিত যুৱকৰ জীৱনৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব খোজে তেন্তে আনটো ৰাষ্ট্ৰীয় শক্তিয়ে আকৌ উদ্যোগৰ পুনৰিজ্জীৱিতকৰণতকৈ সৰ্বোচ্চ শিৱলিংগকহে প্ৰাধান্য দিয়ে। এটা ৰাষ্ট্ৰ শক্তিয়ে যদি জৰুৰীকালীন ব্যৱস্থাৰ অচিলা লৈ প্ৰতিবাদী সত্তাসমূহক কাৰাবন্দী কৰে তেন্তে আনটো শক্তিয়ে ভাৰতীয় সংবিধানে প্ৰদান কৰা মূল অধিকাৰ সমূহৰ অন্যতম জীয়াই থকাৰ অধিকাৰ সাব্যস্ত কৰাৰ স্বাৰ্থত প্ৰতিবাদ কৰা মানুহখিনিৰ নেতৃত্বক অৰ্থৰ বলেৰে নিজৰ দলত অন্তৰ্ভুক্ত কৰি প্ৰতিবাদৰ মূল উদ্দেশ্যকেই নস্যাৎ কৰে।
এইখিনিতে সাম্প্ৰদায়িকতাৰ প্ৰশ্নটোৱে সকলোকে জোকাৰি তোলে। এটা কথা স্পষ্ট যে, মানুহৰ সাধাৰণ চাৰিত্ৰিক বৈশিষ্ট্যৰ ওপৰত অৱস্থান কৰা আপোচহীন সত্তাসমূহৰ বাদে প্ৰায়সকল মধ্যবিত্ত মানুহেই সাম্প্ৰদায়িকতাক প্ৰশ্ৰয় দিয়া দেখা যায় নিজৰ স্বাৰ্থত। কোনোজন যদি হিন্দু তেন্তে তেওঁৰ বাবে মুছলমান মৌলবাদতকৈ হিন্দু মৌলবাদেই ভাল। কথাটো মুছলমানৰ বাবেও একেই। কিন্তু হিতাধিকাৰীসমগ্ৰ আৰু ৰাজনৈতিক সচেতনতাহীন এই মধ্যবিত্তীয় সমাজখনত সামগ্ৰিক মৌলবাদৰ বিৰুদ্ধে যি বিন্দুত চিন্তা আৰম্ভ হ’ব, সেই বিন্দুৰ পৰাই অসমীয়া জাতীয়তাবাদৰ জয়যাত্ৰা আৰম্ভ হ’ব।
কাণ্ড-১: শেহতীয়াকৈ উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী গৰাকীয়ে মহিলাৰ পিন্ধনৰ সৈতে সম্পৰ্কিত এক বিতৰ্কিত মন্তব্য কৰিলে । তেখেতে ক’লে যে, বৰ্তমানৰ মহিলা সকলে আঁঠু প্ৰদৰ্শিত কৰি যি ধৰণৰ বিশেষ জীনছৰ পেন্ট পৰিধান কৰে তাৰ জৰিয়তে সমাজলৈ কু প্ৰভাৱ পৰিৱাহিত হয়। এতিয়া সেইসকল যুৱতী যি সকলে নাৰীবাদী মতাদৰ্শত বিশ্বাস কৰে, উদাৰপন্থী সামাজিক দৃষ্টিকোণলৈ চাই তেনে জীনছ পৰিধান কৰে কিন্তু সামাজিক মাধ্যমত উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীয়ে বিশ্বাস কৰা একেই সোপন্থী ৰাষ্ট্ৰীয়তাবাদৰ বিশ্বাসী হৈ তাৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰে, সেইসকলৰ অৱস্থিতি কল্পনা কৰক।
কাণ্ড-২: এগৰাকী আঞ্চলিকতাবাদী জাতীয়তাবাদী প্ৰাৰ্থী। মিত্ৰজোঁটৰ হোৱাৰ বাবেহে নূন্যতম সাধাৰণ কৰ্মপন্থাৰ ক্ষেত্ৰত আপোচ কৰি তেওঁ ৰাষ্ট্ৰীয় দলৰ সৈতে মিত্ৰতা কৰিছে। কিন্তু নিৰ্বাচনী প্ৰচাৰত তেওঁৰ ৰেলীত বজোৱা গীতসমূহত ৰাষ্ট্ৰীয়তাবাদী দলৰ প্ৰহসন আৰু পোষ্টাৰসমূহত ৰাষ্ট্ৰীয় দলৰ পতাকাৰে আঞ্চলিক জাতীয়তাবাদী দলৰ প্ৰতীক আৰু আৰু তেখেতৰ নিজৰ ফটোখন ঢাক খাই যোৱাৰ উপক্ৰম ঘটিছে। প্ৰাৰ্থীজনৰ অৱস্থিতি কল্পনা কৰক। উপসংহাৰ: পৰিস্থিতি দুটা কল্পনা কৰি নিৰ্বাচনৰ সময়ৰ কঠিন দুৰ্বোধ্য অসমীয়া জাতীয়তাবাদ- নিৰ্বাচন আদি বিশেষ বিশ্লেষণৰ পৰা দুই মিনিটৰ এটা হাস্যকৰ সাময়িক অব্যাহত লওঁক।