• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Saturday, March 7, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

অসমীয়া ভাষাৰ সংকটক্ষণ

-জগত বৰগোহাঁই

by Anjan Sarma
June 17, 2021
in Opinion, Special Report
Reading Time: 1 min read
0
Share on FacebookShare on TwitterShare on LinkedIn

-জগত বৰগোহাঁই |

সাফল্য আকস্মিকভাৱে লাভ কৰা বস্তু নহয়, ইয়াৰ বাবে লাগে এক দীঘলীয়া প্ৰস্তুতি, অধ্যৱসায়, অপৰিসীম ত্যাগ, ধৈৰ্যশীল দৃঢ়সংকল্প, ঊৰ্ধ্বগামী চিন্তাৰে সমৃদ্ধ এটা সুস্থ মন। জীৱনৰ লগত কৰ্ম, একেডাল ৰছীৰে গঁথা এডাল ফুলৰ মালাৰ দৰে। মানুহৰ ভৰি দুখনেই হ’ল কৰ্মৰ প্ৰথম সঁজুলি। সৎ আৰু অসৎ কৰ্মৰ দুটা ভাগ, দুখন ভৰি। এই দুখন ভৰিৰেই মানুহে গতি কৰে পৃথিৱীৰ ইমূৰৰপৰা সিমূৰলৈ, সংস্কৃতি আৰু দুষ্কৃতিৰ খোজ। বিচিত্ৰ-বৰ্ণাঢ্য জ্ঞান-প্ৰজ্ঞাৰ অভিজ্ঞতাৰে জীৱনৰ গতিপথ নিৰ্ণয় কৰে, নিজৰ উৎকৰ্ষ সাধন কৰাৰ লগতে জগতৰো কল্যাণ সাধন কৰে। নিজৰ কৰ্মৰাজিৰ জৰিয়তে জনগণৰ মাজত প্ৰকৃত লোক হিচাপে পৰিগণিত হয়। সমাজৰ, দেশৰ, বিশ্ববাসীৰ বৃহত্তৰ স্বাৰ্থৰ হকে আত্মনিয়োজন হোৱাটো মহৎ গুণৰ পৰিচায়ক।

RelatedPosts

Intersectionality and the Spectrum of Autonomy !

Intersectionality and the Spectrum of Autonomy !

March 7, 2026
Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

March 7, 2026
New Humanism: seeds of the future in a dystopian present

New Humanism: seeds of the future in a dystopian present

March 5, 2026

এটা জাতিৰ জাতিগত স্বাৰ্থ, আশা-আকাংক্ষা, শোষণ আৰু বৈষম্যমুক্ত সমাজ গঢ়িবলৈ মতবাদৰ ভিত্তিত গঢ় লৈ উঠে জাতীয়তাবাদৰ দৰে সংগঠনসমূহ। অসমীয়া মানুহৰ অস্তিত্বৰ সংকট মোচনৰ অৰ্থে মাত মাতিবলৈ অৰাজনৈতিক দল-সংগঠনৰ সাংবিধানিক অধিকাৰ আছে। সাম্প্ৰতিক সময়ত অসমীয়া ভাষাৰ সংকটে আৰ্তনাদ কৰিছে। এয়া ভাষাৰ সন্ধিক্ষণ। লোকপিয়লত ভাষাভিত্তিক পৰিসংখ্যা এনে ধৰণৰ— ১৯৬১ চনৰ লোকপিয়লত অসমত অসমীয়াভাষীৰ সংখ্যা আছিল ৬২.৩৬ শতাংশ। ২০০১ চনত অসমীয়াভাষীৰ সংখ্যা হ’লগৈ ৪৮.৮০ শতাংশ। ২০১১ চনৰ ভাষাভিত্তিক পৰিসংখ্যা প্ৰকাশ হোৱা নাই। কিন্তু এক সূত্ৰ মতে ২০১১ চনৰ লোকপিয়লত অসমীয়াভাষীৰ সংখ্যা কমি ৪৩ শতাংশ হৈছে আৰু বাংলাভাষীৰ সংখ্যা ১৯৭১ চনৰ ১৯ শতাংশৰ ঠাইত ৩৩ শতাংশ হৈছেগৈ। অসমীয়া মানুহৰ এনে এক সংকটজনক পৰিস্থিতিত পৰ্যালোচকৰ মতে ২০২১ চনত অসমত বাংলাভাষীৰ সংখ্যা গৰিষ্ঠ হ’ব আৰু অসমীয়া ভাষাই সংকটত ভুগিব। এয়া অসমীয়া মানুহৰ বাবে দুৰ্ভাগ্যজনক পৰিস্থিতিৰ সংকেত।

আমাৰ জাতীয় জীৱনৰ অনুপ্ৰেৰণাৰ উৎস হ’ল ইতিহাস চেতনা। বুৰঞ্জী চৰ্চা বা ইতিহাস চেতনাবোধে জাতিটোক জীৱনীশক্তি বঢ়াই কাৰ্যক্ষম আৰু অনুপ্ৰাণিত কৰে। যিটো জাতিৰ নিজ ভূখণ্ড সম্পৰ্কে ভৌগোলিক জ্ঞান নাই আৰু নিজৰ ইতিহাস নাজানে সেইটো জাতি অধঃপতনৰ গৰাহত পৰাটো স্বাভাৱিক।

সদৌ অসম টাই যুৱ ছাত্ৰ পৰিষদে ১৯৮১ চনৰ ১৫, ১৬, ১৭ আঘোণত চৰাইদেউৰ মৈদামৰ সমীপত সদৌ অসম ভিত্তিত ‘স্বৰ্গদেউ ছ্যুকাফা দিৱস’ সফলতাৰে অনুষ্ঠিত কৰে। অৰ্ভ্যথনা সমিতিয়ে ‘ছ্যুকাফা জ্যোতি’ নামেৰে এখনি স্মৃতিগ্ৰন্থও প্ৰকাশ কৰে। স্মৃতিগ্ৰন্থখনিত সম্পাদনা সমিতিৰ সুদূৰ প্ৰসাৰী দৃষ্টিভংগীৰ উদাত্ত আহ্বান আছিল এনে ধৰণৰ— ‘‘জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে আমি সকলোৱে এক অসমীয়া জাতি বুলি ক’বলৈ আমি গৌৰৱ অনুভৱ কৰো, সেই প্ৰেৰণাদায়ক গৌৰৱৰ প্ৰতিষ্ঠাতা মহান স্বৰ্গদেউ ছ্যুকাফা, পৰ্বত-ভৈয়ামক একতাৰ ডোলেৰে বান্ধিব পৰাকৈ স্বৰ্গদেউ ছ্যুকাফাই অতুলনীয় বিচক্ষণতা, উদাৰতা, বদান্যতা আৰু দূৰদৰ্শিতাৰে একজাত, একমাতৰ দি বীজাংকুৰণ কৰি গ’ল সিয়েই অসমীয়া জাতিৰ ভেটি। আজিৰপৰা প্ৰায় ডেৰশ বছৰৰ আগেয়ে আহি পৰা ঐতিহাসিক বিপৰ্যয় তথা বেমেজালিয়ে জাতিটোৰ ধ্যান-ধাৰণা, কৃষি তথা সংস্কৃতিক গভীৰভাৱে বিপৰ্যস্ত কৰি সভ্যতাটিকেই আমূল পৰিৱৰ্তিত কৰি তুলিব খোজাটো উদ্বেগৰ বিষয়। অসমৰ সকলো জাতি-উপজাতিয়ে আৱশ্যকানুসাৰে স্বকীয়তা বজাই ৰাখি ছ্যুকাফাৰ দূৰদৰ্শিতাৰে অসমীয়া জাতিক পুনৰ সঞ্জীৱিত কৰাৰ সময় আহি পৰিছে। আহক, অসমীয়া জাতিক আমি পুনৰ সঞ্জীৱিত কৰো। স্বৰ্গদেউ ছ্যুকাফাৰ আদৰ্শ দীৰ্ঘজীৱী হওক।”

১৯৮১ চনৰ উদাত্ত আহ্বানৰ ফলশ্ৰুতিত অসম চৰকাৰে ১৯৯৮ চনত ২ ডিচেম্বৰ তাৰিখটো ‘অসম দিৱস’ (ছ্যুকাফা দিৱস) হিচাপে ঘোষণা কৰে। স্বৰ্গদেউ ছ্যুকাফা অসমৰ পিতৃপুৰুষ, অসমীয়া মহাজাতিৰ প্ৰতিষ্ঠাতা। এই মহান পিতৃপুৰুষজনক স্মৰণ কৰি প্ৰত্যেক বছৰে এই দিৱস পালন কৰি কেৱল আনুষ্ঠানিকতা ৰক্ষা কৰি ক্ষান্ত থকা হ’লে নহ’ব, এই বিৰল ব্যতিক্ৰমৰ অধিকাৰী চাওলুং ছ্যুকাফাৰ অৱদানৰ সবিশেষ মূল্যায়ন হোৱা উচিত। ‘অসম দিৱস’ পালন কৰাৰ সাৰ্থকতাৰ চিত্ৰখন অধিক পৰিস্ফুট হ’ব।

(‘খিলঞ্জীয়া’ৰ সৌজন্যত)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Tags: অসমীয়া ভাষা
Anjan Sarma

Anjan Sarma

Related Posts

Intersectionality and the Spectrum of Autonomy !
Women

Intersectionality and the Spectrum of Autonomy !

by Dikumoni Hazarika
March 7, 2026
0

Intersectionality and the Spectrum of Autonomy ! Dikumoni Hazarika I’m not well-versed in feminist theory; I am just sharing what...

Read moreDetails
Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

March 7, 2026
New Humanism: seeds of the future in a dystopian present

New Humanism: seeds of the future in a dystopian present

March 5, 2026
Holi2

Holi in Barpeta, Assam: A Symphony of Colors, Culture, and Devotion

March 4, 2026
Rural Waste Management: The Silent Challenge in India’s Sustainability Journey

Rural Waste Management: The Silent Challenge in India’s Sustainability Journey

March 3, 2026
“Putin has already shown what kind of ally he is”: why Russia is not saving Iran and what to expect next

“Putin has already shown what kind of ally he is”: why Russia is not saving Iran and what to expect next

March 3, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
Intersectionality and the Spectrum of Autonomy !

Intersectionality and the Spectrum of Autonomy !

March 7, 2026
স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

March 7, 2026
Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

March 7, 2026
Village Rockstars 2 : Rima Das’s Sequel is a Must Watch

Village Rockstars 2 : Rima Das’s Sequel is a Must Watch

March 6, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    27988 shares
    Share 11195 Tweet 6997
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    11053 shares
    Share 4421 Tweet 2763
  • অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

    139 shares
    Share 56 Tweet 35
  • Khring Khring Baitho Puja: Faith, Folklore and Identity of the Sonowal Kacharis

    110 shares
    Share 44 Tweet 28
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3506 shares
    Share 1402 Tweet 877
  • ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

    104 shares
    Share 42 Tweet 26
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4148 shares
    Share 1659 Tweet 1037
  • Manipur Sees Fresh Ethnic Tensions: Prohibitory Orders in Ukhrul’s Litan

    91 shares
    Share 36 Tweet 23
  • মিচিং সমাজ আৰু সংস্কৃতি

    3492 shares
    Share 1397 Tweet 873
  • From the Brahmaputra to the Himalayas: How a Youth Climate Handbook Launched in Pune Carries the Voice of ASSAM

    75 shares
    Share 30 Tweet 19
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d