• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, March 11, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

অসমৰ অনুসূচিত জাতিৰ ১৬ টা উপজাতিঃ এক ঐতিহাসিক আৰু সামাজিক পৰ্যালোচনা

-ড০ ইন্দ্ৰেশ্বৰ দাস

by Anjan Sarma
July 6, 2021
in Opinion, Special Report
Reading Time: 2 mins read
0
অসমৰ অনুসূচিত জাতিৰ ১৬ টা উপজাতিঃ এক ঐতিহাসিক আৰু সামাজিক পৰ্যালোচনা
Share on FacebookShare on TwitterShare on LinkedIn

-ড০ ইন্দ্ৰেশ্বৰ দাস |

ভাৰতীয় তথা অসমীয়া জনগাঁথনিৰ এক উল্লেখযোগ্য উপাদান হ’ল অনুসূচিত জাতিৰ বিভিন্ন উপজাতিসমূহ। ভাৰতীয় সমাজ গাঁথনিৰ অনুসূচিত সম্প্ৰদায়সমূহক বাদ দি অসমীয়া সমাজ গাঁথনিৰ অনুসূচিত জাতিৰ ১৬ টা উপজাতিৰ বিষয়ে (সাংবিধানিকভাৱে স্বীকৃত ১৬ টা উপজাতি) এক চমু পৰ্যালোচনা দাঙি ধৰিবলৈ নিবন্ধটিত প্ৰয়াস কৰা হৈছে।

RelatedPosts

Musk

মগজু, ইলন মাস্ক, নিউৰালিংকঃ সাৱধান!!

March 10, 2026
Why Should Women and Not Men Live With And Serve Their in-laws?

Why Should Women and Not Men Live With And Serve Their in-laws?

March 8, 2026
Intersectionality and the Spectrum of Autonomy !

Intersectionality and the Spectrum of Autonomy !

March 7, 2026

অনুসূচিত জাতিৰ ১৬ টা উপজাতি হ’লঃ

১) কৈৱৰ্ত (Kaibartta), ২) নমঃশূদ্ৰ (Namasudra), ৩) বৃত্তিয়াল বা বণিয়া (Bittiyal or Bania), ৪) জাল কেওট (Jal Keot), ৫) ভূঁইমালী বা মালী (Bhuimali or Mali), ৬) সূত্ৰধৰ (Sutradhar), ৭) হিৰা (Heera), ৮) ভূগালা বা ঢুলী (Bhugala or Dhuli), ৯) ঝালো-মালো (Jalo-Malo), ১০) পাতনি (Patni), ১১) ধুবী বা ধুপী (Dhubi or Dhupi), ১২) মুচী বা ঋষি (Mushi or Rishi), ১৩) মেতৰ বা ভাংগী (Mehtor or Bhangi), ১৪) বাসফোঁৰ (Bhansphore), ১৫) লালবেগী (Lalbegi), ১৬) মাহাৰ (Mahar)।

উল্লিখিত ১৬ টা উপজাতি বা সম্প্ৰদায়ক অনুসূচিত জাতত অন্তৰ্ভুক্ত কৰা হৈছে আৰু সম্প্ৰদায়কেইটাৰ ইতিহাস অধ্যয়ন কৰিলে দেখা যায় যে তেওঁলোকৰ সামাজিক ৰীতি-নীতি, কৃষ্টি-সংস্কৃতি, ধৰ্মীয় আচৰণ বেলেগ বেলেগ। কেৱল আৰ্থ-সামাজিক অনগ্ৰসৰতাৰ ওপৰত ভিত্তি কৰি সম্প্ৰদায়সমূহক সংবিধানৰ আছুতীয়া বিশেষ সা-সুবিধাৰে আগুৱাই নিবৰ বাবে অনুসূচিত জাতিৰ তালিকাত লিপিবদ্ধ কৰা হৈছে। কিন্তু দেশ তথা জাতি গঠন প্ৰক্ৰিয়াত উক্ত সম্প্ৰদায়সমূহৰ অৱদান বা ভূমিকা কম নহয়। সেয়ে প্ৰত্যেকটো সম্প্ৰদায়ৰ ঐতিহাসিক তথা সামাজিক পটভূমি তলত সংক্ষেপে আলোচনা কৰা হ’ল।

(১) কৈৱৰ্তঃ ভাষাতাত্ত্বিক দৃষ্টিকোণৰপৰা অধ্যয়ন কৰিলে দেখা যায় যেঃ ‘ক’ শব্দৰ অৰ্থ (সংস্কৃতত) হৈছে— পানী, জল, কাৰি, সলিল, নীৰ, নঞা ইত্যাদি। কৈৱৰ্ত- কে বৰ্ততে ইতি (কে + বৃত + অন্) = কেৱৰ্ত কেৱৰ্ত, কেৱঁত, কেওট ইত্যাদি। বৃত = কৰ্মকৰাণাৰ্থে নিযুক্তি, বৃত্ + ক্তিক = থকা, স্থিতি, ব্যৱসায়, জীৱিকা (‘ত্ৰিবেদিকা’, ডাঃ তাৰানাথ দাস, পৃঃ ২০২)। অৰ্থাৎ যিসকল লোকে পানীৰ লগত মিহলি হৈ থকা বা পানীৰ তলত থকা বস্তু আহৰণ কৰি জীৱিকা উপাৰ্জন কৰে, পানীৰ কাষতেই গাঁও পাতি বসবাস কৰে, সেইসকলেই কৈৱৰ্ত। মৎস্য সংগ্ৰহ, মৎস্য পোষণ, পানীৰপৰা শামুক, শংখ, কড়ি, মুক্তা আদি তোলা, সোণ কমোৱা, জলপথক অৱলম্বন কৰি বেপাৰ-বাণিজ্য কৰা, নাও চলোৱা, ঘাট পাৰ কৰা, নাও সজা, পানী জোখা, পানীৰপৰা লোণ তৈয়াৰ কৰা আদি কৈৱৰ্ত লোকসকলৰ প্ৰধান কৰ্ম।

কৈৱৰ্তসকলৰ ইতিহাস অতি প্ৰাচীন। মহাকাব্য ৰামায়ণত শ্ৰীৰামচন্দ্ৰ ৰজাৰ মহামিত্ৰ, “শৃংগাৰবেৰপুৰম’’ ৰাজ্যৰ ৰজা কৈৱৰ্ত ৰাজগুহৰ কথা উল্লেখ পোৱা যায়। মহাভাৰতৰ যুগতে ‘কৈৱৰ্ত প্ৰস্থ’ ৰাজ্যৰ ৰজা ধীবৰ ৰাজৰ কন্যা সত্যৱতী বা পদ্মাগন্ধাক কৌৰৱ-পাণ্ডৱৰ প্ৰপিতামহ কুৰুৰাজ শান্তনুৱে বিয়া কৰোৱাৰ কথা উল্লেখ পোৱা যায়। সেই দাস নন্দিনী সত্যৱতীৰেই পুত্ৰ মহৰ্ষি কৃষ্ণ দ্বৈপায়ন বেদব্যাস আছিল শ্ৰুতি, স্মৃতি আদি বেদ, শাস্ত্ৰৰ অদ্বিতীয় ব্ৰাহ্মণ। তেৱেঁই আছিল অনেক পুৰাণ শাস্ত্ৰ আৰু মহাভাৰতৰ মহাকাব্যৰ মূল ৰচনাকাৰী। মহাভাৰতৰ অন্তৰ্গত ‘ভাগৱত গীতা’ দৰ্শনৰ ৰচকো আছিল মহামুনি ব্যাসদেৱ। কৈৱৰ্ত ব্ৰাহ্মণ ব্যাসদেৱৰ পুত্ৰ শুক মুনিয়েও ব্ৰাহ্মণ বুলি স্বীকৃতি পাইছিল। (ত্ৰিবেদিকা, ডাঃ তাৰানাথ দাস, পৃঃ ২২৯)। পাছলৈ কৈৱৰ্ত যাজ ব্ৰাহ্মণসকলক ব্যাসোক্ত ব্ৰাহ্মণ বোলা হৈছিল। সৰ্বশ্ৰেষ্ঠ ভাৰতীয় সংস্কৃত নাট্যকাৰ কালিদাসৰ ‘শকুন্তলা’ নাটকত শকুন্তলাৰ হেৰোৱা সোণৰ আঙঠিটো এজন মৎস্যজীৱীৰ এটা ৰৌ মাছৰ পেটত ওলোৱাৰ কথা উল্লেখ আছে।

সেইদৰে অসমৰ কৈৱৰ্তসকলৰ ইতিহাস অতি প্ৰাচীন। বুৰঞ্জীবিদ ড৹ লক্ষ্মী দেৱীৰ মতে প্ৰাচীন অসমৰ জনগাঁথনিৰ এক বৃহৎ অংশই আছিল কৈৱৰ্ত (‘অসম বুৰঞ্জী’, ড০ লক্ষ্মী দেৱী)। প্ৰাচীন কামৰূপৰ শাসক হৰ্জৰ বৰ্মন, পালবংশীয় শাসক ইন্দ্ৰপাল আৰু ধৰ্মপালৰ শিলালিপিত (খ্ৰীষ্টীয় নৱম-দশম শতিকা) কৰ সংগ্ৰহকাৰী কৈৱৰ্ত বিষয়াৰ কথা উল্লেখ আছে। তদুপৰি অনেক মধ্যযুগীয় ইতিহাস তথা অন্যান্য তথ্যত কৈৱৰ্ত লোকৰ উল্লেখ আছে।

কৈৱৰ্তসকল ডোম নহয়। নৃতাত্ত্বিক তথা ঐতিহাসিক দৃষ্টিকোণৰপৰা অধ্যয়ন কৰিলে দেখা যায় যে কৈৱৰ্তসকল ভাৰতীয় তথা অসমীয়া সমাজৰ এটি সংস্কৃতিৱান সম্প্ৰদায়। ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ কৈৱৰ্তসকলক ডোম সম্প্ৰদায়ৰ লোক বুলি প্ৰাচীন কালতো অভিহিত কৰা নহয়। কিন্তু অসমীয়া সমাজ ব্যৱস্থাৰ ইতিহাস অধ্যয়ন কৰিলে এই কথা স্পষ্ট হয় যে প্ৰাচীন কালৰেপৰাই অসমৰ কৈৱৰ্তসকলক কিছুমান ভুৱা সাহিত্যিক, সমাজতত্ত্ববিদ তথা বুদ্ধিজীৱীয়ে সামাজিকভাৱে হেয় প্ৰতিপন্ন কৰিবলৈ ডোম শব্দেৰে অভিহিত কৰিবলৈ প্ৰচেষ্টা চলাইছিল। বৰ্তমানো সেই শব্দেৰে অসমৰ কৈৱৰ্তসকলেই বুজাবলৈ প্ৰচেষ্টা অব্যাহত ৰখা হৈছে। যিটো নৃতাত্ত্বিক, ঐতিহাসিক তথা সামাজিকভাৱে শুদ্ধ নহয়। বিশিষ্ট সমাজবিদ জে. এইচ. হাটনে তেখেতৰ ‘Caste in India’ নামৰ গ্ৰন্থত উল্লেখ কৰিছে যে ডোম শব্দটো ভাৰতীয় সমাজৰ এটি খিলঞ্জীয়া অধিৱাসী ডোমৰা (Domra) বা ডম্বু (Dombu) সকলৰ নামৰপৰা উৎপত্তি। উক্ত গ্ৰন্থমতে (পৃঃ ২৮১) ডোমৰা বা ডম্বুসকলে লেতেৰা আৱৰ্জনা পৰিষ্কাৰ কৰে, কোনো কোনো লোক বয়ন শিল্পৰ লগতো জড়িত আৰু সম্প্ৰদায়ৰে অন্য কোনো লোক ব্যৱসায়ৰ লগতো জড়িত। কিন্তু উক্ত ব্যৱসায় মৎস্য ব্যৱসায় নহয়। ইতিত্মাক ৰাম শৰেণ শৰ্মাই তেখেতৰ গ্ৰন্থ ‘Sudras in Ancient India’ (পৃঃ ২৯০)ত উল্লেখ কৰিছে যে ডোমসকল হ’ল উত্তৰ ভাৰতৰ অস্পৃশ্য (Untouchables) সকলৰ এক বিশাল অংশ। জৈন সাহিত্যসমূহৰ মতে ডোমসকল এটি ঘৃণিত সম্প্ৰদায় (Despised Community)। সমাজবিদ ড০ ৰিগমি্ৰ মতে ভাৰতৰ এটি খিলঞ্জীয়া অধিবাসী হ’ল ডোম্বি (Dombi) সম্প্ৰদায়। এই ডোম্বি শব্দৰপৰাই ডোম্ব বা ডোম শব্দৰ উৎপত্তি হৈছে। ডোম্বিসকলে বিশেষ অনুষ্ঠানত এবিধ ডাঙৰ বাদ্য ঢোলোক (Dholok) পৰিৱেশন কৰে। কিন্তু মধ্যযুগতে সেইসকলৰ তিৰোতাসকলেও অহেতুক নাচ-গান কৰে। মনোৰঞ্জন পণ্ডিত নামৰ অসমীয়া লেখকজনে তেখেতৰ গৱেষণা-পত্ৰ ‘Caste System and its Impact on Politics’ (পৃঃ ৯২)ত উল্লেখ কৰিছে যে যিসকলে বাঁহৰ বয়বস্তু তৈয়াৰ কৰে, খৰাহি-পাচি (Busket Weaving) আৰু অন্যান্য সামগ্ৰী তৈয়াৰ কৰি জীৱিকা উপাৰ্জন কৰে, সেইসকলে ডোম। অন্যহাতেদি এম. এ. ছ্যেৰিঙছ (M.A. Sherring) নামৰ সমাজবিদজনে তেখেতৰ ‘Hindu Tribes and Caste’ নামৰ গ্ৰন্থত (পৃঃ ১৭৯) উল্লেখ কৰিছে যে সমাজৰ সেইসকল লোকেই ডোম যিসকলে মৰা জীৱ-জন্তুৰ মাংস খায়, ফটা-ছিটা বস্ত্ৰ পৰিধান কৰে, অতি দৰিদ্ৰ।

(২) নমঃশূদ্ৰঃ অসমৰ লোক গণনাৰ ইতিহাসত অনুসূচিত জাতিৰ ভিত্তিত লোক গণনা ১৯৭১ চনলৈ পোৱা যায় আৰু প্ৰতিটো লোক গণনাত নমঃশূদ্ৰ সম্প্ৰদায়ৰ লোকৰ সংখ্যাই বেছি। এওঁলোক অসবৰ্ণ অনুলোম সন্তান। অসমত যদিও এওঁলোকক মৎস্যজীৱী সম্প্ৰদায় বুলি কোৱা হয়, কিন্তু এই জাতিৰ বেছিভাগ মানুহেই বিভিন্ন ব্যৱসায়ৰ লগত জড়িত।

(৩) বৃত্তিয়াল বা বণিয়াঃ অনুসূচিত জাতিৰ লোকসকলৰ ভিতৰত এওঁলোকৰ স্থান হাৰিৰ পিছত। ১৯৭১ চনৰ লোকপিয়ল মতে জনসংখ্যা ২৮০৮৭ জন। এওঁলোক অসমৰ নিগাজি বাসিন্দা। গুণাভিৰাম বৰুৱাই এওঁলোকৰ দুটা ভাগৰ কথা কৈছে— তাৰে এটা হিৰা আনটো সোণাৰী। হিৰাসকলে আদিতে ৰজা-মহাৰজা বা ধনী মানুহৰ বিষ্ঠাৰ হাৰী পেলাইছিল আৰু সোণাৰীসকলে নৈত সোণ বুটলি সোণৰ কাম কৰিছিল। বৃত্তিয়াল বণিয়া অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ নিগাজি বাসিন্দা, এই সম্প্ৰদায়টো হাৰি সম্প্ৰদায়ৰপৰা ফালৰি কাটি অহা।

The Hindu Tribes and Castes Vol-1-অত M.A. Sherring (১৯৯৪) দেৱে উল্লেখ কৰা মতে হিৰাসকল হৈছে Methor, Bhangi, Hala, Khar জাতিৰ সাতোটা ঠালৰ ভিতৰৰ এটা ঠাল। এওঁলোক আদিতে বেনাৰসত হাৰিৰ বিষ্ঠা চাফা কৰিছিল। হয়তো ইয়াৰ পিছত আহোম ৰজাৰ দিনত অসমত কোনোবা ৰজা বা মন্ত্ৰীয়ে এওঁলোকক উক্ত কামৰ বাবে অসমলৈ আনিছিল আৰু সময়ত এনে কাম কৰা হ’ল যে একেবাৰে অস্পৃশ্য। সেয়ে সোণাৰীৰ লগত সোণৰ কাম আৰম্ভ কৰিলে।

(৪) জালকেওটঃ ১৯৭১ চনৰ লোকপিয়ল মতে অসমত বাস কৰা জালকেওটৰ সংখ্যা ২৫৩৭ জন। এওঁলোকক বিশেষকৈ বৰপেটা, নলবাৰী আৰু কামৰূপ জিলাৰ কিছু অংশত বসবাস কৰা দেখা যায়। এওঁলোক কৈৱৰ্তৰ দৰে অসবৰ্ণ অনুলোম সন্তান। ইহঁতৰ দুটা ঠাল, এটা হ’ল হালোৱা কেওট আৰু আনটো জালোৱা কেওট। জালোৱা কেওটসকলে জাল, নাও ইত্যাদিৰ লগত জড়িত বাবে এওঁলোকক জালোৱা কেওট বোলা হয়। এওঁলোকৰ আদি বাসস্থান বংগদেশ। এতিয়া অসমৰ অসমীয়া জাতিৰ মূল সুঁতিৰ লগত মিলি গৈছে।

(৫) ভূঁইমালী বা মালীঃ ১৯৭১ চনৰ লোকপিয়লৰ তথ্য মতে অসমত মালীৰ সংখ্যা ২২,১৭৫ জন। অসমৰ Depressed Classৰ তালিকাত কেৱল সুৰমা উপত্যকাৰ মালীসকলেহে ১৯৩৫ চনত তালিকাভুক্ত হৈছিল। তেতিয়া অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ মালীসকল জল-স্থল আৰু মঠ-মন্দিৰত প্ৰৱেশ কৰিব পৰা বাবে এই তালিকাত পৰা নাই। কিন্তু ১৯৫০ চনৰ তালিকাত সুৰমা উপত্যকাৰ বাধা উঠাই দিয়াত ব্ৰহ্মপুত্ৰ উপত্যকাৰ মালীসকলে চৰকাৰী সা-সুবিধা ভোগ কৰিবৰ কাৰণে নিজকে অনুসূচিত জাতিৰ লোক বুলি পৰিচয় দিব খোজে।

বাচাননৰ মতে এওঁলোকক সাত ভাগত ভগোৱা যায়। যেনে— (১) মাগাহী (২) চাৰসৰ্ভৰ (৩) বেনাৰসীয়া (৪) কনৌজীয়া (৫) বাগেল (৬) কুহলীয়া আৰু (৭) দেশী। এওঁলোক আচলতে অযোধ্যা আৰু কনৌজৰ বাসিন্দা। ইয়াৰে কিছুমানে দৰব দিয়া কামো কৰে।

(৬) সূত্ৰধৰঃ অসমৰ সূত্ৰধৰসকলৰ দুটা ভাগ পোৱা যায়। তাৰে এটা গোৱালপৰীয়া অসমীয়া যাক স্থানীয় জলধা জাতি বুলিও কয় আৰু এওঁলোকে কাঠৰ আৰু খেতিৰ কাম কৰে। এওঁলোকৰ মাতৃভাষা অসমীয়া। দ্বিতীয়তে, দেশ বিভাজনৰ পিছত যিসকল আহিছে আৰু সুৰমা উপত্যকাত যিসকল আছে, এওঁলোকক চান্দ সদাগৰে অসমলৈ আনিছিল, বিশেষকৈ যিসকল অসমীয়াভাষী। ইয়াৰ পিছত দেশ বিভাজনৰ সময়ত বংগভাষী কিছু সূত্ৰধৰ অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত আহি বসবাস কৰিবলৈ লয়। খেতিৰ কামৰ লগতে এওঁলোকৰ মূল ব্যৱসায় হ’ল কাঠৰ আচবাব-পত্ৰ বনোৱা। বৰ্তমানে অৰ্থনৈতিক কাৰণত অসমীয়া সূত্ৰধৰসকলে মদ আৰু গাহৰি ব্যৱসায় কৰে।

১৯৭১ চনৰ লোকপিয়ল মতে এওঁলোকৰ অসমত মুঠ জনসংখ্যা হ’ল ৩২,৭০৩।

(৭) হিৰাঃ অসমৰ হিৰাসকলৰ আদি বাসস্থান উৰিষ্যা। প্ৰায় ছয় শতিকাৰ সিফালে মহেন্দ্ৰ মহাপাত্ৰ নামৰ এজন ব্ৰাহ্মণ মানুহে তেওঁৰ দুই পুত্ৰ আৰু পৰিবাৰক লৈ কামাখ্যা মন্দিৰ চোৱাৰ বাবে অসমলৈ আহে। কিন্তু কিছুদিনৰ পিছত তেওঁৰ মৃত্যু হয়। তেতিয়া বিধৱা পত্নীয়ে ল’ৰা দুটাৰ সৈতে নিজকে ভৰণ-পোষণ দিয়াৰ বাবে ব্ৰহ্মপুত্ৰ নৈৰ পলসুৱা মাটিৰে পাত্ৰ বনাই কামাখ্যা মন্দিৰত যোগান দিয়া আৰম্ভ কৰিলে আৰু এই মাটিৰ ৰং হিৰাৰ নিচিনা হোৱাৰ বাবে, পিছলৈ এওঁলোকৰ বংশাৱলী হিৰা জাতি নামে জনাজাত হ’ল।

(৮) ভূগালা বা ঢুলীঃ যিসকল মানুহে বিয়া-সবাহ, উৎসৱ আদিত ঢোল বজায়, তেওঁলোকক ঢুলী বোলে। ঢুলী জাতিটো বিভিন্ন ঠালৰপৰা অহা আৰু এটা সময়ত এই ঢুলী গোটটোক অস্পৃশ্য বুলি তালিকাভুক্ত কৰাত ই এটা সুকীয়া জাতি বুলি জনাজাত হ’ল। কাৰণ অসমৰ প্ৰায়বিলাক অনুসূচিত জাতিৰ মানুহ ঢোল, তাল আদি বাদ্যৰ লগত জড়িত।

এওঁলোক অৰ্থনৈতিকভাৱে বৰ পিছপৰা। ১৯৭১ চনৰ লোকপিয়ল মতে অসমত এওঁলোকৰ জনসংখ্যা প্ৰায় ৪,০১৩ জন।

(৯) ঝালো-মালোঃ অসমৰ অনুসূচিত জাতিৰ লোকসকলৰ ভিতৰত জনসংখ্যাৰ ফালৰপৰা স্থান ৫মত। ঝালো অৰ্থাৎ জল বা পানী আৰু মালো শব্দটো Arabic শব্দৰ মল্লাহৰপৰা আহিছে যাৰ অৰ্থ নাও খোলা মানুহ, এওঁলোক মৎস্যজীৱী সম্প্ৰদায়ৰ মানুহ। ভাৰতৰ বিশেষকৈ অসম, বংগদেশ, ত্ৰিপুৰা আদি ৰাজ্যত এওঁলোক বাস কৰে। এওঁলোক বিশেষকৈ দেশ বিভাজনৰ পিছত অসমলৈ আহে আৰু অবিভক্ত গোৱালপাৰা আৰু কামৰূপ জিলা আৰু কাছাৰ-কৰিমগঞ্জ অঞ্চলত বসবাস কৰি আছে।

(১০) পাতনিঃ অসমত নমঃশূদ্ৰ আৰু অন্যান্য জিলাত এওঁলোক বসবাস কৰিলেও, এওঁলোকৰ বেছিভাগে বৰাক উপত্যকাত দেশ বিভাজনৰ আগৰপৰাই বসবাস কৰি আহিছে। এই সম্প্ৰদায়টোও সংমিশ্ৰিত জাতি। ১৯৭১ চনৰ লোকপিয়ল মতে অসমত এওঁলোকৰ জনসংখ্যা ৮৫,৯১০ জন।

ভাৰতৰ অন্যান্য ৰাজ্যত এওঁলোকক কিছু পৰিমাণে পালেও অসম, পশ্চিমবংগ, ত্ৰিপুৰা, অৰুণাচল, মেঘালয় আৰু মিজোৰামত এওঁলোকৰ জনবসতি বেছি।

আনহাতে পশ্চিমবংগত এই পাতনিসকল মহেশ্বৰ আৰু গেহটোৱান (Gehetwan) বুলি জনাজাত। এওঁলোকৰ ভিতৰত আৰু কিছুমান সৰু সৰু ভাগ আছে, যেনে— জেট পাতনি, ঘাট পাতনি, বালাসী, ওয়াটাল, ডোম পাতনি আৰু মাছুৱা বা নাগৰাছি।

(১১) ধুবী বা ধোপা বা ধুপীঃ এওঁলোক অসমৰ বাহিৰৰপৰা অহা, ৰাইচিলিৰ মতে ধোপা বা ধুপী হ’ল উৰিষ্যা আৰু বংগদেশৰপৰা অহা, ধুবী হ’ল বিহাৰৰপৰা অহা। ১৯৩৫ চনৰ Depressed Classৰ তালিকাত সুৰমা উপত্যকাৰ ধুপী বা ধোবাসকলক ধৰা হৈছিল আৰু ১৯৫০ চনৰ ভাৰত চৰকাৰৰ ঘোষণাত উপত্যকাৰ বাধাটো উঠাই দিয়াত ব্ৰহ্মপুত্ৰ উপত্যকাৰ শুৱালকুছি আৰু নলবাৰী অঞ্চলৰ ৰাংগলী ধুবীসকলে অনুসূচিত জাতিৰ মানুহ বুলি পৰিচয় দিয়ে। আচলতে এওঁলোক বৰ্ণ হিন্দুৰ লগত চলাচল কৰি আহিছে আৰু মন্দিৰত সোমাব পাৰিছিল।

(১২) মুচী বা ঋষিঃ মুচীসকল হ’ল চামৰাৰ কাম কৰা মানুহ। এওঁলোকে ভাৰতৰ প্ৰায়বিলাক ঠাইত বসবাস কৰি আছে। অসমৰ কাছাৰ আৰু ছিলেটত এওঁলোকৰ বসতি আছে। এওঁলোক অসমলৈ বিহাৰৰপৰা ১৯০১ চনৰ পিছতহে অহা। ১৯৭১ চনৰ লোকপিয়লত অসমৰ ১৬ টা অনুসূচিত জাতিৰ লোকসংখ্যাৰ স্থানত এওঁলোকৰ স্থান চতুৰ্থ। এওঁলোক অসবৰ্ণ সন্তান। এওঁলোকৰ সাতটা ভাগ আছে।

(১৩) মেতৰ বা ভংগীঃ মেতৰ বা ভংগী অসমৰ প্ৰায়বিলাক চহৰ-নগৰতে আছে। এওঁলোকৰ শৌৰ্য-বীৰ্য সম্পৰ্কে Mr. E.A. Reade-এ মন্তব্য কৰিছে যে, “Bhangis, that, they are known to be brave, and to aspire to military service. Ranjeet Singh had one or more Bhangis corps. But they can not be asserted with other classes without much prejudice.”

মনু সংহিতা আৰু বৃহধৰ্ম পুৰাণ মতে এওঁলোক সংকৰ জাতি। এওঁলোকৰ পিতা স্বৰ্ণকাৰ আৰু মাতৃ বৰ্ণ হ’ল অস্বট।

(১৪) বাসফোঁৰঃ এওঁলোক বিভিন্ন সময়ত অসমলৈ আহে, প্ৰথমতে অসমত অস্পৃশ্য কাম কৰাৰ মানুহ নথকাত বিভিন্ন ৰজা-মহাৰজাই এওঁলোকক আনিছিল। তাৰ পিছত বাকীখিনি সংস্থাপনৰ ভাল ঠাই বুলি অসমলৈ অহা আৰম্ভ কৰিলে।

ইয়াৰ বাসফোঁৰসকলে বাঁহৰ কামো কৰি আছে। ১৯৭১ চনৰ অসমৰ লোকপিয়লত এওঁলোকৰ সংখ্যা হ’ল ৪৫ জন আৰু মাহাৰ হ’ল ৮৯৯জন।

ওপৰত আলোচনা কৰা অনুসূচিত জাতিৰ লগতে আৰু কেইটামান অনুসূচিত জাতিৰ লোক অসমত বাস কৰি আছে। যিসকলে সমাজৰ এৰাব নোৱৰা সেৱা দিয়া সত্ত্বেও তেওঁলোকক অতি শূদ্ৰ বুলি কোৱা হয় সেইবোৰ হ’ল (১৫) লালবেগী আৰু (১৬) মাহাৰ।

সামৰণিঃ অসমৰ অনুসূচিত জাতিৰ তালিকাত যি ১৬ টা উপজাতি অন্তৰ্ভুক্ত হৈ আছে, সেইসকলৰ ভাষা-সংস্কৃতি, দশবিধ সংস্কাৰ একে নহয়। কেৱল আৰ্থ-সামাজিক, তথা শৈক্ষিক দিশত পিছ পৰি থাকি অসময়ত ভাৰতৰ সমাজ গাঁথনিত অস্পৃশ্য হোৱা বাবে তেওঁলোকে সংবিধানৰ অনুসূচিত লিপিবদ্ধ হৈছে। অসমৰ জনগাঁথনিত বৰ্তমান প্ৰায় ৩ কোটি জনগণৰ ৪০ লক্ষ লোকেই ১৬ টা উপজাতিৰ অনুসূচিত জাতিৰ লোক। একবিংশ শতিকাৰ আৰম্ভণিতো সাংবিধানিকভাৱে বিশেষ সুৰক্ষাৰ ব্যৱস্থা থকাৰ পাছতো অসমৰ অনুসূচিত জনগণ আৰ্থিক, সামাজিক তথা শৈক্ষিক দিশত আশানুৰূপভাৱে প্ৰগতিৰ পথত আগুৱাব পৰা নাই। ইয়াৰ মূলতে হ’ল চৰকাৰ তথা চৰকাৰৰ আমোলা ব্যৱস্থাটোৰ দুৰ্বল সম্প্ৰদায়সমূহক আগুৱাই নিয়াত অনীহা তথা বৈষম্যমূলক ধ্যান-ধাৰণা। ফলস্বৰূপে চৰকাৰী নীতি-নিৰ্দেশনা বলৱৎ থকাৰ পিছতো চৰকাৰী সংৰক্ষণৰ নীতি উলংঘন কৰা দেখা যায়। অনুসূচিত জাতিক সাংবিধানিকভাৱে আবণ্টিত ধনৰাশি অন্য শিতানত চক্ৰান্তমূলকভাৱে খৰচ কৰি দুৰ্বল জাতিসমূহক বঞ্চিত কৰা দেখা যায়। গতিকে অসমৰ অনুসূচিত জনগণই সময় থাকোতেই ন্যায্য অধিকাৰৰ দাবীত সবলভাৱে যুঁজ দিয়াৰ সময় সমাগত।

(খিলঞ্জীয়াৰ সৌজন্যত)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Tags: অসমৰ অনুসূচিত জাতি
Anjan Sarma

Anjan Sarma

Related Posts

Musk
Tech

মগজু, ইলন মাস্ক, নিউৰালিংকঃ সাৱধান!!

by Anjan Sarma
March 10, 2026
0

মগজু, ইলন মাস্ক, নিউৰালিংকঃ সাৱধান!! অঞ্জন শৰ্মা আমেৰিকান চিনেমা পৰিচালক ৰিচাৰ্ড লেষ্টাৰে (Richard Lester) ১৯৭৯ চনত ‘কিউবা’ নামেৰে এখন চিনেমা...

Read moreDetails
Why Should Women and Not Men Live With And Serve Their in-laws?

Why Should Women and Not Men Live With And Serve Their in-laws?

March 8, 2026
Intersectionality and the Spectrum of Autonomy !

Intersectionality and the Spectrum of Autonomy !

March 7, 2026
Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

March 7, 2026
New Humanism: seeds of the future in a dystopian present

New Humanism: seeds of the future in a dystopian present

March 5, 2026
Holi2

Holi in Barpeta, Assam: A Symphony of Colors, Culture, and Devotion

March 4, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
Air Quality Management System Handed Over to Bajali HS School by Forest Department, Bajali District Administration & Mahabahu Climate Forum

Air Quality Management System Handed Over to Bajali HS School by Forest Department, Bajali District Administration & Mahabahu Climate Forum

March 10, 2026
বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ‘বায়ুৰ গুণমান ব্যৱস্থাপনা প্ৰণালী’ অৰ্পণ 

বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ‘বায়ুৰ গুণমান ব্যৱস্থাপনা প্ৰণালী’ অৰ্পণ 

March 10, 2026
Musk

মগজু, ইলন মাস্ক, নিউৰালিংকঃ সাৱধান!!

March 10, 2026
How is this Middle-East War 2026 different?

How is this Middle-East War 2026 different?

March 9, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    28373 shares
    Share 11349 Tweet 7093
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    11354 shares
    Share 4542 Tweet 2839
  • অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

    139 shares
    Share 56 Tweet 35
  • Khring Khring Baitho Puja: Faith, Folklore and Identity of the Sonowal Kacharis

    119 shares
    Share 48 Tweet 30
  • ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

    110 shares
    Share 44 Tweet 28
  • Mahabahu and HCI in Shillong: NEHU Geography Students Rise to the Challenge of Climate Action

    105 shares
    Share 42 Tweet 26
  • Manipur Sees Fresh Ethnic Tensions: Prohibitory Orders in Ukhrul’s Litan

    91 shares
    Share 36 Tweet 23
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3521 shares
    Share 1408 Tweet 880
  • From the Brahmaputra to the Himalayas: How a Youth Climate Handbook Launched in Pune Carries the Voice of ASSAM

    79 shares
    Share 32 Tweet 20
  • Hundreds of Food Paradoxes : One best solution

    75 shares
    Share 30 Tweet 19
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d