•বুবুল শৰ্মা
চিক্দামাখা যাৰ অৰ্থ তিৱা ভাষাত hiloks of traps অৰ্থাৎ টিলাৰ ফান্দ৷ এই চৌদিশে পাহাৰ-টিলাৰে আবৰি থকা গাঁওখনত বাস কৰা পাহাৰীয়া তিৱাসকলৰ লোকবিশ্বাসৰ মতে অতীজত এই গাঁওখনত হেনো অপদেৱতাই মানুহ ধৰিবলৈ ফান্দ পাতিছিল৷ গাঁওখনৰ নামটোৰ সৈতে এনে অন্ধবিশ্বাস জঢ়িত হৈ থাকিলেও – পশ্চিম কাৰ্বিআংলং জিলাৰ বৈঠালাংছুৰ আমচাই ভেলীত থকা এই গাঁওখনে আজুৰি নিলে অসমৰ আটাইতকৈ পৰিস্কাৰ-পৰিচ্ছন্ন গাঁৱৰ সন্মান৷ গুৱাহাটীৰ পৰা এই গাঁওখনলৈ মাত্ৰ ৮০ কিলোমিটাৰ বাট৷উলুকুঞ্চিৰ উমচ’ৱাইত ৷নেলীয়েদি উলুকুঞ্চিৰ ৰাস্তাত সোমাই আহিব লাগে ৷ মাত্ৰ ৩৫ কিমি ৷ ভাল ৰাস্তা। নভেম্বৰ মাহৰ প্ৰথম আৰু দ্বিতীয় সপ্তাহত আহিলে আপুনি উমৰুলৈ যাব পাৰে ৷ লাখ লাখ পৰিভ্ৰমি আমুৰ ফেলকন আকাশত উৰি থকা দেখিবলৈ পাব ৷ আধাঘণ্টাৰ বাট ৷ এই গাওঁখনৰ জলবায়ু ঠাণ্ডা ৷ গৰমৰ দিনতো পাংখা নালাগে।
আমি জানো যে মেঘালয়ৰ মাওলেনং পৰিচ্ছন্ন গাঁও হিচাপে জনাজাত৷ সম্প্ৰতি পৰ্যটনৰ সোঁত বঢ়াৰ লগে লগে গাঁওখনত ভীৰ কৰি তুলিছে হোটেল-ৰেষ্টুৰা আদিয়ে৷চিকদামাকা গাঁৱত বাস কৰে প্ৰায় এশঘৰ পাহাৰীয়া তিৱা মানুহে৷ জনসংখ্যা প্ৰায় ছয়শ৷শিক্ষাৰ হাৰ ৭৫.১৫%৷ ২০১০ চন মানৰ পৰা এই গাঁওখনে পৰিচ্ছন্নতাৰ ব্ৰত গ্ৰহণ কৰে৷ উল্লেখযোগ্য যে ২০১০ চনৰ আগতে গাঁওখন আবৰ্জনামুক্ত গাঁও নাছিল৷ ২০১০ চনৰ বৰদিনৰ আগদিনা গাঁৱৰ ৰাইজে চাফাই অভিযান সমিতি এখন গঠন কৰে৷ ২০১২ চনত চেণ্ট এণ্টনি ইয়ুথ এচছিয়েছ্যনৰ উদ্যোগত গাঁৱত আৰম্ভ হয় পৰিচ্ছন্নতাৰ প্ৰতিযোগিতা৷ দেশৰ ভিতৰতে
আপোন গাঁওখনক এক নম্বৰ পৰিচ্ছন্ন গাঁও হিচাপে প্ৰতিষ্ঠা কৰাৰ স্বাৰ্থত প্ৰতিজন গাঁওবাসীয়ে কঁকালত টঙালি বান্ধে৷ গাঁৱৰ বাটত সঘনাই ঝাৰু চলিবলৈ আৰম্ভ হয়৷ এই অগতানুগতিক তথা ইতিবাচক প্ৰতিযোগিতাখনে গাঁওবাসীৰ মন-মগজুত প্ৰতিষ্ঠা কৰে পৰিস্কাৰ-পৰিচ্ছন্নতাৰ অভ্যাস৷ গাঁৱত গঞা ৰাইজে প্লাষ্টিকৰ ব্যৱহাৰ নিষিদ্ধ ঘোষণা কৰে৷ মুকলি ঠাইত মল ত্যাগ নিষিদ্ধ কৰে৷ প্ৰতিঘৰ মানুহে ঘৰতে সাজি লয় পকী শৌচালয়৷ চৰকাৰ বা প্ৰশাসনলৈ কোনেও আশা পালি ৰৈ নাথাকিল৷ চৌদিশে কৰ’না মহামাৰীৰ সময়ত গাঁওখনৰ এজন মানুহকো কৰ’নাই স্পৰ্শ কৰিবলৈ সুযোগ নাপালে৷চেনিটাইজাৰ-মাক্স গঞা ৰাইজে নিজে যোগাৰ কৰি ব্যৱহাৰ কৰিলে৷
২০১৬চনত অসম চৰকাৰে এই গাঁওখনক ৰাজ্যখনৰ আটাইতকৈ পৰিচ্ছন্ন গাঁও হিচাপে স্বীকৃতি দিয়ে৷ গাঁওখনৰ পৰিস্কাৰ-পৰিচ্ছন্নতা আৰু নৈসৰ্গিক দৃশ্যই পৰ্যটকৰ মনক সন্তুষ্টি দিবলৈ সক্ষম হৈছে৷ গাঁওখনৰ কাষতে আছে Palakhongon নামৰ ঠাই৷ ইয়াৰ পৰা Umswai Vallyৰ মনোমোহা ৰূপ চকুত পৰে৷পৰ্যটকৰ বাবে এই দৃশ্যাৱলী বৰ মনোমোহা৷ তদুপৰি Tiwa Monolith অৰ্থাৎ গাঁওখনত আছে কিছু শিলাখণ্ড৷ প্ৰতি বছৰে তিৱাসকলে সেই ঠাইত পূৰ্বপুৰুষ সকলক সুঁৱৰি এযোৰা শিলাখণ্ড প্ৰতিষ্ঠা কৰে৷ আহক, এই ঠাণ্ডাৰ দিন কেইটাতে চিকদামাকা গাঁওলৈ যাওঁ ৷ পৰিস্কাৰ-পৰিচ্ছন্ন গাঁওখনৰ এই সুন্দৰ বাৰ্তা অসমৰ প্ৰতিখন গাঁৱলৈ কঢ়িয়াই নিও আহক৷
[ বি.দ্ৰ: গাঁওখনত হোম ষ্টে আছে ৷ ফোন নং 7896682083 Mrs Phrisila Maslai. বৰ্তমান তিনিটা ৰূম আছে ৷ এই ফোনত আৰু দুদিনৰ পিছৰ পৰা যোগাযোগ কৰিব পাৰিব৷]