• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, August 13, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Remembrance

অসমৰ উদ্ভিদ অন্বেষণৰ পথ প্ৰদৰ্শকসকল

মানস প্ৰতিম দত্ত

by Anjan Sarma
September 30, 2023
in Remembrance, Environment, Geography, Nature
Reading Time: 5 mins read
0
অসমৰ উদ্ভিদ অন্বেষণৰ পথ প্ৰদৰ্শকসকল
Share on FacebookShare on TwitterShare on LinkedIn

অসমৰ উদ্ভিদ অন্বেষণৰ পথ প্ৰদৰ্শকসকল

মানস প্ৰতিম দত্ত

Manas Pratim Dutta
  মানস প্ৰতিম দত্ত

ভাৰতৰ উদ্ভিদৰ বৈচিত্ৰ্যৰ সৰহখিনিৰ আবাসভূমি হ’ল উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ ৷

এই বিচিত্ৰতাই ১৯ শতিকাৰ আৰম্ভণিৰ পৰাই এই অঞ্চলত কাম কৰিবলৈ উদ্ভিদবিজ্ঞানী আৰু টেক্সনমিষ্টসকলক হাতবাউল দি মাতিছিল ৷

এক কথাত ক’বলৈ গ’লে অসম আছিল উদ্ভিদবিদসকলৰ বাবে আকৰ্ষণৰ কেন্দ্ৰস্থল ৷

অসমৰ উদ্ভিদ অধ্যয়নৰ সুকোমল বাটছোৱাৰ বিষয়ে আলোচনাৰ পূৰ্বে আমি ভাৰতৰ বন সুৰক্ষাত অগ্ৰণী ভূমিকা লোৱা বন মহাপৰিদৰ্শক ডায়েট্ৰিচ ব্ৰেণ্ডিছৰ কাৰ্যকুশলতাৰ বিষয়ে আলোচনা নকৰিলে আধৰুৱা হৈ থাকিব৷

ডাইট্ৰিচ ব্ৰেণ্ডিছৰ জন্ম হৈছিল ১৮২৪ চনৰ ৩১ মাৰ্চ তাৰিখে জাৰ্মানীৰ বনত ৷ তেওঁৰ পিতৃ ড॰ খ্ৰীষ্টিয়ান ব্ৰেণ্ডিছ বন বিশ্ববিদ্যালয়ৰ দৰ্শনৰ অধ্যাপক আছিল ৷

১৮৫৬ চনৰ পৰা ১৮৮৩ চনলৈকে তেওঁ ব্ৰিটিছ-ভাৰতত আছিল ৷ তেওঁ প্ৰথমে বাৰ্মাৰ চেগুন অৰণ্যৰ বিষয়ে অধ্যয়ন কৰিছিল ৷

১৮৬৫ চনত তেওঁ বনাঞ্চলৰ মহাপৰিদৰ্শক হিচাপে দায়িত্ব গ্ৰহণ কৰে আৰু অৱসৰ পৰ্যন্ত ব্ৰিটিছ-ভাৰতত ভাৰতত বনজ সম্পদ প্ৰতিষ্ঠা কৰাত বিশেষ গুৰুত্ব প্ৰদান কৰিছিল ৷

ব্ৰেণ্ডিছে গছৰ জনসংখ্যা লিপিবদ্ধ কৰাৰ বাবে “ৰৈখিক মূল্যায়ন জৰীপ” বা “ষ্ট্ৰিপ জৰীপ” ব্যৱস্থা বিকশিত কৰিছিল ৷

লগতে স্থানীয়ভাৱেও “গাৰ্ডলিং” ব্যৱস্থাৰ জৰিয়তে উদ্ভিদৰ জনসংখ্যা গণনা কৰিছিল ৷ ব্ৰেণ্ডিছে পেগু [বাৰ্মা]ৰ কেৰেণ জনজাতীয় প্ৰভাৱিত অঞ্চলত টাউংগিয়া ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল, যাৰ ফলত ৰাষ্ট্ৰই বনাঞ্চল দখল কৰাৰ প্ৰতিৰোধ ক্ষমতা বহু পৰিমাণে হ্ৰাস পাইছিল ৷

বাৰ্মাত থকাৰ সময়ত তেওঁ চেগুন গছৰ খেতিৰ বিকাশ আৰু কীট-পতংগ আৰু জুইৰ পৰা অৰণ্য সুৰক্ষা পৰিকল্পনাৰ ক্ষেত্ৰত পথ প্ৰদৰ্শক আছিল ৷

অসমৰ উদ্ভিদ অন্বেষণৰ পথ প্ৰদৰ্শকসকল
ব্ৰেণ্ডিছ

ইয়াৰ লগতে ব্ৰেণ্ডিছে ভৱিষ্যতে বনজ সম্পদ ব্যৱহাৰৰ বাবে বনাঞ্চলসমূহৰ পদ্ধতিগত বন ব্যৱস্থাপনাৰ জৰিয়তে শ্ৰেণীবিভাজন কৰিছিল৷ ইয়াৰ বাবে সু-প্ৰশিক্ষিত বিজ্ঞান কৰ্মীয়ে বৈজ্ঞানিকভাৱে প্ৰতিবেদন প্ৰস্তুত আৰু প্ৰকাশন কৰিবলগীয়া হৈছিল ৷ তেওঁ দেশৰ বনাঞ্চলৰ অধিক অৱক্ষয় ৰোধ কৰাৰ বাবে খুবেই চিন্তিত হৈ পৰিছিল৷ সেয়েহে ১৮৬৫ চনত তেওঁ বন আইন, ১৮৬৫ প্ৰণয়ন কৰিছিল৷ বন আইনখন ১৮৭৮ আৰু ১৯২৭ চনত সংশোধন কৰা হৈছিল ৷

বন গৱেষণা আৰু প্ৰশিক্ষণৰ প্ৰয়োজনীয়তাক উপলব্ধি কৰি তেওঁ ডেৰাডুনত গৱেষণা আৰু প্ৰশিক্ষণৰ সুবিধা স্থাপন কৰি ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিছিল ৷ ১৮৭৮ চনত তেওঁ ভাৰত সাম্ৰাজ্যৰ সহযোগী হিচাপে আনুষ্ঠানিকভাৱে স্বীকৃতি লাভ কৰিছিল৷ ব্ৰেণ্ডিছে বন সুৰক্ষাক আনুষ্ঠানিকভাৱে স্থানীয় লোকৰ সহযোগত সম্পন্ন কৰাৰ উদ্যোগ গ্ৰহণ কৰিছিল ৷

অসমৰ উদ্ভিদ অন্বেষণৰ পথ প্ৰদৰ্শকসকল
অনন্তমূল

আনকি অৱসৰৰ পিছতো তেওঁ ভাৰতীয় বনজ সম্পদৰ অধ্যয়নৰ কাম অব্যাহত ৰাখিছিল ৪৪০০ উদ্ভিদ প্ৰজাতিৰ পৰিচয়েৰে—ইণ্ডিয়ান ট্ৰী শীৰ্ষক গ্ৰন্থ ৰচনা কৰিছিল ৷ অসমৰ বন-সংৰক্ষক হিচাপে গুস্তাভ মানৰ কাৰ্যকালৰ সময়ছোৱাত ডেৰাডুনত কৰ্মৰত ডি ব্ৰেণ্ডিচৰ পৰামৰ্শ অনুসৰিয়েই তেখেতৰ গ্ৰন্থ ইণ্ডিয়ান ট্ৰীজ [১৯০৭]ৰ বাবে প্ৰণালীবদ্ধভাৱে উদ্ভিদৰ নমুনা সংগ্ৰহ কৰিছিল ৷

উত্তৰ পূৰ্বাঞ্চলৰ উদ্ভিদ অন্বেষণৰ পথ প্ৰদৰ্শক আছিল নাথানিয়েল ৱালিচ ৷ ৱালিচক ১৮০৯ চনত তেওঁৰ বৃত্তিৰ যোগ্যতাৰ ভিত্তিত কলকতাত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে উদ্ভিদবিদ উইলিয়াম ৰক্সবাৰ্গৰ সহায়ক হিচাপে নিযুক্তি দিয়ে ৷ ভাৰতৰ স্থানীয় উদ্ভিদ আৰু প্ৰাণী অন্বেষণৰ প্ৰতি ৱালিচৰ আগ্ৰহ আৰু অধ্যয়নৰ বাবে সমল সংগ্ৰহ আৰু তালিকাভুক্তকৰণৰ ক্ষেত্ৰত আগবঢ়োৱা অবদানে উদ্ভিদ বিজ্ঞানৰ বিদ্বৎ সমাজৰ মাজত তেখেতক এক সুকীয়া স্থান দিবলৈ সক্ষম হৈছিল ৷

গভীৰ অধ্যয়নশীল উদ্ভিদবিদ হিচাপে তেখেতে ২০,০০০তকৈ অধিক নমুনাৰ তালিকা প্ৰস্তুত কৰিছিল৷ তেখেতে টেণ্টামেন ফ্ল’ৰা নেপালেন্সিছ ইলাষ্ট্ৰেট আৰু প্লাণ্টে এছিয়াটিকে ৰেৰিঅ’ৰিজ নামৰ দুখন গুৰুত্বপূৰ্ণ কিতাপ প্ৰকাশ কৰাৰ লগতে কেইবাটাও অধ্যয়ন অভিযানৰ ক্ষেত্ৰত আগভাগ লৈছিল ৷ ১৮১৩ চনত তেওঁ ভাৰতৰ উদ্ভিদসমুদায় অধ্যয়নৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰাৰ লগতে নেপাল, অউধ, ৰোহিলখণ্ড আৰু লৱাৰ বাৰ্মালৈকে অভিযান চলায় ৷

অসমৰ উদ্ভিদ অন্বেষণৰ পথ প্ৰদৰ্শকসকল
ঔ টেঙা

১৮১৪ চনৰ ২ ফেব্ৰুৱাৰীত এছিয়াটিক ছ’চাইটিৰ কাউন্সিললৈ লিখা এখন পত্ৰত ৱালিচে এটা সংগ্ৰহালয় প্ৰতিষ্ঠা কৰাৰ প্ৰস্তাৱ আগবঢ়ায়৷ এই সংগ্ৰহালয়টোৱেই হ’ল- এছিয়াটিক ছ’চাইটিৰ অৰিয়েণ্টেল মিউজিয়াম৷ সংগ্ৰহালয়টো প্ৰতিষ্ঠাৰ পাছত ১৮১৪ চনৰ ৰ জুনত তেখেতে সন্মানীয় কিউৰেটৰ আৰু তেতিয়াৰ অধীক্ষক দায়িত্ব গ্ৰহণ কৰে ৷

১৮১৯ চনৰ পৰা তেখেতে সংগ্ৰহালয়ৰ লগতে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কলকাতাত স্থাপন কৰা ব’টানিকেল গাৰ্ডেনৰ অধীক্ষকৰ দায়িত্বতো আছিল৷ ১৮১৬ চনলৈকে সংগ্ৰহালয়টোলৈ তেখেতে ১৭৪বিধ সামগ্ৰী আৰু ৪২বিধ উদ্ভিদৰ নমুনা দান কৰিছিল৷ নাথানিয়েল ৱালিচে ইষ্ট ইণ্ডিয়া কোম্পানীৰ হৈ বৃহৎ পৰিমাণৰ উদ্ভিদ নমুনাৰ হাৰৰ্বেৰিয়াম প্ৰস্তুত কৰিছিল ৷

ডাঃ ৱালিছে জন মেকক্লিলেণ্ড আৰু ডাঃ উইলিয়াম গ্ৰিফিথৰ সৈতে অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ নদী-উপনদী সমূহৰ মৎস্য বৈচিত্ৰ্যৰ বিষয়েও অধ্যয়ন কৰিছিল৷ ৱালিচে১৮চ্ছ-১৮৩৬ চনৰ ভিতৰত চিলেট, চট্টগ্ৰাম, মেঘালয় আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰপৰা বিভিন্ন ধৰণৰ উদ্ভিদৰ নমুনা সংগ্ৰহ কৰিছিল ৷

অসমত থকা চাহৰ কথা ডাঃ ৱালিচ আৰু তেখেতৰ সহযোগী ৰামকল সেনৰ জৰিয়তে ব্ৰিটিছে জানিব পাৰিছিল৷ অসমৰ পৰিচয়স্বৰূপ চাহগছ চিনাক্ত কৰা ব্যক্তিজনেই আছিল ৱালিচ ৷ ১৮৩৫ চনত উইলিয়াম গ্ৰীফিথ আৰু জন মেকক্লিলেণ্ডৰ সৈতে ৱালিচক অসমৰ চাহ খেতিৰ সম্ভাৱনাৰ মূল্যায়ন কৰিবলৈ পঠিওৱা হৈছিল৷

অসমৰ উদ্ভিদ অন্বেষণৰ পথ প্ৰদৰ্শকসকল
অসমৰ পৰিচয়স্বৰূপ চাহগছ চিনাক্ত কৰা ব্যক্তিজনেই আছিল ৱালিচ

ৱালিচৰ তত্বাৱধানত বহু উদ্ভিদ অনুসন্ধানকাৰীয়ে অবিভক্ত অসমৰ পৰা উদ্ভিদ সংগ্ৰহ কৰিছিল৷ অৱশ্যে অসমৰ বনাঞ্চলৰ প্ৰথম বনসংৰক্ষক গুস্তভ মান [১৮৭০-১৮৮৫]এ পোনপ্ৰথমে পূৰ্বৰ অসমৰ বিভিন্ন বনাঞ্চল ভ্ৰমণ কৰি উদ্ভিদৰ নমুনা সংগ্ৰহ কৰিছিল৷ এইক্ষেত্ৰত তেখেতক সহায়ৰ হাত আগবঢ়াইছিল সেই সময় বন-মহাপৰিদৰ্শক ব্ৰেণ্ডিছে ৷ ১৮৬৩ চনত গুস্তাভ মান ভাৰতীয় বন সেৱাত যোগদান কৰে আৰু বহু বছৰ অসমৰ বন সংৰক্ষক হিচাপে থাকিল ৷

অসমৰ উদ্ভিদ অন্বেষণৰ পথ প্ৰদৰ্শকসকল

তেখেতে অবিভক্ত অসমৰ পৰা সংগ্ৰহ কৰা নমুনাসমূহৰ ভিতৰত বন জলকীয়া, জুই ফুল লতা, পৰ্বতীয়া, অক্ষী গছ, পানচ’পা, চম্পা, ক’লা চ’পা, দেৱদাৰু, টুবুকীলতা, কতহা, লেমটেম আদি অন্যতম৷ তেখেতে অসমৰ পৰা সংগ্ৰহ কৰা কলৰ প্ৰজাতি Musa aurantiacaৰ নমুনাৰ ওপৰত ভিত্তি কৰিয়েই জন গিলবাৰ্ট বেকাৰে পোনপ্ৰথমবাৰৰ বাবে এই কলবিধৰ বৰ্ণনা আগবঢ়াইছিল ৷

মানৰ পাছত ইউ এন কাঞ্জিলাল, পি চি কাঞ্জিলাল, আৰ এন দে’ আৰু এ দাসে উদ্ভিদ অন্বেষণত গুৰুত্ব আৰোপ কৰিছিল আৰু ‘Flora of Assam’ গ্ৰন্থ প্ৰস্তুত কৰিছিল৷ অসমৰ উদ্ভিদ-বৈচিত্ৰ্যত মোহিত হৈ কাঞ্জিলালে প্ৰণালীবদ্ধ উদ্ভিদ গৱেষণা ক্ষেত্ৰৰ সৈতে জড়িত হৈ পৰে আৰু অসমৰ উদ্ভিদৰ পৰিচয়েৰে ‘ফ্ল’ৰা অব্‌ আছাম’ নামৰ গ্ৰন্থ প্ৰণয়নৰ ক্ষেত্ৰত আগবাঢ়ে ৷

অসমৰ উদ্ভিদ অন্বেষণৰ পথ প্ৰদৰ্শকসকল

কিন্তু,  গৱেষণা আৰু অধ্যয়ন কাৰ্যত জড়িত হৈ থকা অৱস্থাতে ১৯২৮ চনত উপেন্দ্ৰনাথ কাঞ্জিলালৰ মৃত্যু হয়৷ উপেন্দ্ৰনাথ কাঞ্জিলালৰ মৃত্যুৰ পাছত ফ্ল’ৰা অব্‌ আছামৰ আধৰুৱা কাম সমাপনৰ উদ্যোগ লয় তেখেতৰ পুত্ৰ প্ৰফুল্ল চন্দ্ৰ কাঞ্জিলালে ৷ মুঠ পাঁচটা খণ্ডৰ এই গ্ৰন্থখনৰ সৈতে জড়িত আন এজন ব্যক্তি হ’ল উদ্ভিদবিজ্ঞানী, অসমৰ উপ-বন সংৰক্ষক অতুলানন্দ দাস ৷ ১৮৭৯ চনত জন্ম লাভ কৰা অতুলানন্দ দাস ১৯৩৫ চনত লিনিয়ান ফেল’ হিচাপে নিৰ্বাচিত হৈছিল৷

তেখেতে মূলতঃ উদ্ভিদ ৰাজ্যৰ এৰিকেচু, এবিনেচি, ডিপ্টেৰ’কাৰ্পেচি, মাইৰটেচি, ইউফ’ৰবিএচি, একান্থেচি আদি উদ্ভিদ পৰিয়ালৰ বিষয়ে মূলতঃ গৱেষণা কৰিছিল৷ অতুলানন্দ দাস ফ্ল’ৰা অব্‌ আছামৰ চতুৰ্থ খণ্ড [১৯৪০] ৰচনাৰ সৈতে জড়িত হোৱাৰ উপৰি ১৯৪৮ চনত ইণ্ডিয়ান ফৰেষ্টাৰ, আৰু ১৯৩৪ চনত আসাম ফৰেষ্ট ৰেকৰ্ড প্ৰণয়নত জড়িত আছিল৷ অসমত ব্ৰিটিছে সংৰক্ষণৰ পদক্ষেপ গ্ৰহণ কৰা অৰণ্যসমূহৰ ভিতৰত কাজিৰঙা অন্যতম ৷

কাজিৰঙা ৰম্য উদ্যানৰ পৰা অভয়াৰণ্য স্বীকৃতিৰ সুদীৰ্ঘ বাটছোৱাৰ সৈতে জড়িত ব্যক্তি আছিল মহী চন্দ্ৰ মিৰি, নিগনা চিকাৰী হিচাপে পৰিচিত বলোৰাম হাজৰিকা আৰু ভাইচৰয় লৰ্ড কাৰ্জনৰ পত্নী লেডী কাৰ্জন [সম্পূৰ্ণ নাম মেৰী ভিক্টোৰিয়া লেইটাৰ কাৰ্জন]৷ প্ৰখ্যাত মাউত নিগনা চিকাৰীয়ে লেডী কাৰ্জনক হাতীত উঠাই গঁড় দেখুৱাবলৈ লৈ গৈছিল৷

অসমৰ উদ্ভিদ অন্বেষণৰ পথ প্ৰদৰ্শকসকল
লৰ্ড কাৰ্জনৰ পত্নী লেডী কাৰ্জন

তেতিয়ালৈকে কাজিৰঙা সংৰক্ষিত বনাঞ্চল আছিল৷ সংৰক্ষিত বনাঞ্চলৰ মৰ্যাদা লাভ কৰাৰ পাছতে কাজিৰঙাত গঁড় থকাৰ কথা প্ৰচলিত হৈছিল৷ অৱশ্যে এই ভ্ৰমণকালত তেওঁ স্বচক্ষে গঁড় দেখা পোৱা নাছিল৷ গঁড়ৰ পৰিৱৰ্তে গঁড়ৰ ভৰিৰ খোজৰ ছাপ দেখুৱাই নিগনাই লেডী কাৰ্জনক যাৱতীয় পদক্ষেপ ল’বলৈ অনুৰোধ জনায়৷ লেডী কাৰ্জনেও তেতিয়া কলিকতালৈ উভতি গৈ স্বামী ভাইচৰয় লৰ্ড কাৰ্জনক কাজিৰঙা আৰু গঁড় সুৰক্ষাৰ যাৱতীয় পদক্ষেপ ল’বলৈ অনুৰোধ জনায়৷

কাৰ্জনেও সেই অনুৰোধ ৰক্ষা কৰে৷

অসমৰ উদ্ভিদ অন্বেষণৰ পথ প্ৰদৰ্শকসকল
স্বামী ভাইচৰয় লৰ্ড কাৰ্জনেও সেই অনুৰোধ ৰক্ষা কৰে

১৯৩৮ চনত কাজিৰঙাৰ ৰম্য উদ্যান বা মৃগয়া বনৰ স্বীকৃতি কৰ্তন কৰি তাত চিকাৰ নিষিদ্ধ কৰা হয়৷  পি ডি ষ্ট্ৰেচিয়ে ১৯৫০ চনত কাজিৰঙা প্ৰমোদ উদ্যানক কাজিৰঙা বন্যপ্ৰাণী অভয়াৰণ্য নামেৰে নামকৰণ কৰে ৷ কাজিৰঙাত সাধাৰণতে চাৰি প্ৰকাৰ উদ্ভিদ দেখিবলৈ পোৱা যায় ৷

পলসুৱা মাটিৰ ঘাঁহনি, পলসুৱা মাটিৰ ঘাঁহনি আৰু অৰণ্য, গ্ৰীষ্মপ্ৰধান আদ্ৰৰ্ মিশ্ৰিত পৰ্ণপাতী অৰণ্য আৰু গ্ৰীষ্মপ্ৰধান অৰ্ধ-চিৰসেউজ অৰণ্য৷ কাজিৰঙাত পোৱা বন সম্পদৰ ভিতৰত বৰ্হমথুৰি, গন্ধসৰৈ, ঔটেঙা, কুঁজী থেকেৰা, আজাৰ, জৰী, আঁহত, উৰিয়াম, কৰ্দৈ, গমাৰি, শিমলু আলু, সোণাৰু, গোলাপী জামু, কণাশিমলু, কুঁহিয়াৰ, নল-খাগৰি, বিভিন্ন প্ৰজাতিৰ বনৰীয়া ফুল, আদি ৷

কাজিৰঙাৰ নামকৰণৰ আঁৰৰ ব্যক্তিজন আছিল পেট্ৰিক ড’ণাল্ড ষ্ট্ৰেচী৷ অসমত তেওঁ গঁড় সংৰক্ষণ, বন্যপ্ৰাণী সুৰক্ষা আৰু কাজিৰঙা বন্যপ্ৰাণী অভয়াৰণ্য সুৰক্ষাৰ হকে সেৱা আগবঢ়াইছিল ৷ হাতীৰ সুৰক্ষাৰ ক্ষেত্ৰতো তেখেতেৰ অৱদান বিশেষভাৱে উল্লেখযোগ্য৷  হাতী বিষয়ক তেখেতৰ এখন বিখ্যাত গ্ৰন্থ হ’ল- এলিফেণ্ট গ’ল্ড ৷

পি ডি ষ্ট্ৰেচিয়ে পৰিৱেশ অন্য বহুকেইখন গ্ৰন্থ ৰচনা কৰিছিল ৷ তাৰ ভিতৰত ৰিডঃ এলিফেণ্ট হাণ্টাৰ, টাইগাৰচ্‌ [দ্য ৱল্ড অব্‌ এনিমেলচ্‌], ফৰেষ্ট ইণ্ডাষ্ট্ৰিজ অব্‌ আসাম, দ্য ৱাইল্ড লাইফ অব্‌ ইণ্ডিয়াঃ ইটচ্‌ কনজাৰ্ভেশ্যন এণ্ড কণ্ট্ৰল আদি প্ৰধান৷

অসমৰ উদ্ভিদ অন্বেষণৰ পথ প্ৰদৰ্শকসকল
Image: Bhaskar J barua

মানস প্ৰতিম দত্ত: অসম বিজ্ঞান লেখক সংস্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক। বৰ্তমান ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্নাতক শিক্ষক হিচাপে কৰ্মৰত। পৰিৱেশ বিষয়ক প্ৰকাশিত গ্ৰন্থ ‘সংকট-সম্ভাৱনাৰ আলিবাটেৰে মানুহ আৰু প্ৰকৃতি’ আৰু ‘প্ৰকৃতিৰ জমাদাৰ’।

Images from different sources

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Anjan Sarma

Anjan Sarma

Related Posts

অসমৰ বানপানী আৰু গৰাখহনীয়া
Geography

অসমৰ বানপানী আৰু গৰাখহনীয়া

by Raktim Ranjan Saikia
August 12, 2026
0

অসমৰ বানপানী আৰু গৰাখহনীয়া নিয়ন্ত্ৰণৰ ইতিহাস আৰু স্থায়ী বিজ্ঞানসন্মত সমাধান ড০ ৰক্তিম ৰঞ্জন শইকীয়া বাৰিষাৰ আগমনৰ লগে লগে অসমৰ ৰাইজৰ...

Read moreDetails
Turning Plastic Waste into Forest Wealth: A Vital Mission for the Eastern Himalayan Region

Turning Plastic Waste into Forest Wealth: A Vital Mission for the Eastern Himalayan Region

August 12, 2026
Ajon Ukum: How Rekha and Ranjit Doley Are Preserving Mising Culture Through Community Tourism

Ajon Ukum: How Rekha and Ranjit Doley Are Preserving Mising Culture Through Community Tourism

August 9, 2026
তুষাৰ অদৃশ্য, বৰফ গলি আছে,  কিন্তু সুযোগ এতিয়াও আছে

CLIMATE CHANGE IS EVERYWHERE

June 26, 2026
Gujarat : Sustainable Initiative Under ‘Vikas Saptah’ Celebrations

The Plastic Plague: Why the World Must Act Now

June 26, 2026
Sea Levels Rise: Will the movie ‘Waterworld’ become a reality soon?

Vanishing Shores, Shifting Borders: The Global Warming Reshaping India, Bangladesh, and Assam

June 18, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
How Climate Change Is Affecting Insects and Why It Threatens Life on Earth

How Climate Change Is Affecting Insects and Why It Threatens Life on Earth

August 13, 2026
The Air Quality Leadership We Lack

The Air Quality Leadership We Lack

August 13, 2026
A Day with the Brahmaputra’s Climate Refugees

A Day with the Brahmaputra’s Climate Refugees

August 13, 2026
From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence

From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence

August 12, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39378 shares
    Share 15751 Tweet 9844
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18384 shares
    Share 7354 Tweet 4596
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3542 shares
    Share 1417 Tweet 886
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4177 shares
    Share 1671 Tweet 1044
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    134 shares
    Share 54 Tweet 34
  • Mahabahu Mirror: A Bold New Chapter in Climate Journalism

    101 shares
    Share 40 Tweet 25
  • FREEDOM FIGHTERS OF ASSAM

    5085 shares
    Share 2034 Tweet 1271
  • Cockroaches, Comedians, and Criminals

    99 shares
    Share 40 Tweet 25
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    98 shares
    Share 39 Tweet 25
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    96 shares
    Share 38 Tweet 24
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d