• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Monday, August 17, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAM

অসমৰ কয়লা স্তৰত লুকাই আছিল ২৪ নিযুত বছৰীয়া প্ৰাচীন উদ্ভিদৰ প্ৰমাণ

ASSAMESE SECTION / ASSAM / History

by Anjan Sarma
July 23, 2026
in ASSAM, History, Special Report
Reading Time: 4 mins read
0
অসমৰ কয়লা স্তৰত লুকাই আছিল ২৪ নিযুত বছৰীয়া প্ৰাচীন উদ্ভিদৰ প্ৰমাণ
Share on FacebookShare on TwitterShare on LinkedIn

অসমৰ কয়লা স্তৰত লুকাই আছিল ২৪ নিযুত বছৰীয়া প্ৰাচীন উদ্ভিদৰ প্ৰমাণ

অঞ্জন শৰ্মা

Anjan Pic
অঞ্জন শৰ্মা

মাকুম কয়লাক্ষেত্ৰত পোৱা জীৱাশ্ম পাতে সলনি কৰিলে সুগন্ধি কেৱৰা গছ আমাৰ ভূখণ্ডলৈ অহাৰ ইতিহাস

তিনিচুকীয়া জিলাৰ কয়লা স্তৰৰ তলত বিজ্ঞানীসকলে এনে এক আৱিষ্কাৰ কৰিছে, যি হিমালয় পৰ্বতমালাতকৈও পুৰণি। মাকুম কয়লাক্ষেত্ৰৰ পৰা উদ্ধাৰ হোৱা জীৱাশ্ম পাতৰ ছাপে প্ৰমাণ কৰিছে যে কেতেকী বা ‘কেৱৰা’- সুগন্ধি, মিঠাই, মন্দিৰৰ পূজা-পাতল আৰু পাৰম্পৰিক ঔষধত ব্যৱহৃত যি সুগন্ধি স্ক্ৰু-পাইন উদ্ভিদ- আমাৰ এই ভূখণ্ডত কমেও ২৪ নিযুত বছৰ ধৰি আছে। এই গৱেষণাৰ ফলাফল আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান আলোচনী ‘জিঅ’বায়’ছ’ত (Geobios) প্ৰকাশ পাইছে।

অসমৰ কয়লা স্তৰত লুকাই আছিল ২৪ নিযুত বছৰীয়া প্ৰাচীন উদ্ভিদৰ প্ৰমাণ

আৱিষ্কাৰটো কি?

এই আৱিষ্কাৰ কৰিছে বীৰবল সাহনি প্ৰাচীন বিজ্ঞান প্ৰতিষ্ঠান (BSIP), লক্ষ্ণৌৰ গৱেষক হৰ্ষিতা ভাটিয়া আৰু গৌৰৱ শ্ৰীৱাস্তৱে; বীৰবল সহনি প্ৰাচীন বিজ্ঞান প্ৰতিষ্ঠান হ’ল ‘বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ’ৰ অধীনৰ এক স্বায়ত্তশাসিত প্ৰতিষ্ঠান।
Harshita Bhatia
হৰ্ষিতা ভাটিয়া
গৱেষক দলটোৱে তিনিচুকীয়া জিলাৰ মাকুম কয়লাক্ষেত্ৰৰ টিকক পাহাৰৰ পৰা উদ্ধাৰ কৰা অত্যন্ত সুৰক্ষিত অৱস্থাত থকা চাৰিখন জীৱাশ্ম পাত বিশ্লেষণ কৰিছিল।

সংখ্যাৰ হিচাপত:

২৪ নিযুত বছৰ – জীৱাশ্ম পাতৰ নূন্যতম বয়স, লেট অলিগোচিন যুগৰ!

৮৫ নিযুত বছৰ – বিশ্বব্যাপী পেণ্ডানাছ (কেতেকী) বংশধাৰাৰ বয়স, ইউৰোপ আৰু উত্তৰ আমেৰিকাত পোৱা আগৰ জীৱাশ্ম প্ৰমাণসহ!

৯০% – উত্তৰ-পূৱৰ মুঠ কয়লা উৎপাদনৰ বিশাল অংশ অকল মাকুম কয়লাক্ষেত্ৰৰ পৰাই আহে, সেইবাবে এই অঞ্চলটো উদ্ভিদ-জীৱাশ্ম গৱেষণাত অহৰহ চৰ্চাত থাকে।

১০°–১৫° উত্তৰ অক্ষাংশ : এই উদ্ভিদবোৰ জীৱাশ্মত পৰিণত হোৱাৰ সময়ত অসম উপত্যকা যি অক্ষাংশত আছিল, BSIPৰ আগৰ গৱেষণা অনুসৰি

অসমৰ কয়লা স্তৰত লুকাই আছিল ২৪ নিযুত বছৰীয়া প্ৰাচীন উদ্ভিদৰ প্ৰমাণ
গৌৰৱ শ্ৰীৱাস্তৱ
জীৱাশ্ম পাতবোৰে কি কয়! এই আৱিষ্কাৰৰ সৈতে জড়িত ভূতাত্ত্বিক আৰু জলবায়ু সম্পৰ্কীয় প্ৰমাণে সংকেত দিয়ে যে ২৪ নিযুত বছৰ আগতে এই অঞ্চলটো আজিৰ অসম সমতলৰ পৰা সম্পূৰ্ণ বেলেগ আছিল। ইয়াৰ পৰিৱৰ্তে, গৱেষকসকলে বৰ্ণনা কৰিছে উষ্ণ, আৰ্দ্ৰ নিম্নভূমিৰ বনানি, সুস্বাদু পানীৰে ভৰা জলাশয় আৰু নদীৰ পাৰৰ পৰিৱেশৰ কথা- যিবোৰ আজিও স্ক্ৰু-পাইন গছ জন্মা পৰিবেশৰ লগত মিলি যায়।

এই গৱেষণাই এই আৱিষ্কাৰক ‘পেণ্ডানেচি’ পৰিয়ালৰ প্ৰাচীন গ্ৰীষ্মমণ্ডলীয় অঞ্চলত ধাৰাবাহিকতাৰ প্ৰমাণ হিচাপে দেখুৱাইছে, যিটো সময়ত আধুনিক পেণ্ডানাছ প্ৰজাতিবোৰৰ বৈচিত্ৰ্যকৰণ হৈ আছিল।

ভাৰত চৰকাৰৰ পাব্লিক ইনফৰ্মেশ্যন ব্যুৰোৰ (PIB) এক সাৰাংশত এই গৱেষণাৰ জলবায়ু সম্পৰ্কীয় দিশটোও উল্লেখ কৰা হৈছে: প্ৰায় ৩৪ নিযুত বছৰ আগতে বিশ্বব্যাপী শীতলীকৰণৰ পিছত আমাৰ এই ভূখণ্ড বহুতো প্ৰাচীন গ্ৰীষ্মমণ্ডলীয় উদ্ভিদ বংশধাৰাৰ বাবে এক জলবায়ু আশ্ৰয়স্থল হিচাপে কাম কৰিছিল বুলি এই আৱিষ্কাৰে সংকেত দিয়ে। আগৰ পেণ্ডানেচি জীৱাশ্মবোৰ কেৱল ইউৰোপ আৰু উত্তৰ আমেৰিকাৰ আৱিষ্কাৰৰ পৰাহে জনা গৈছিল, যিবোৰ ৮৫ৰ পৰা ৬৬ নিযুত বছৰৰ পুৰণি; অসমৰ এই জীৱাশ্মবোৰে সেই প্ৰাচীন প্ৰমাণক এচিয়াৰ নতুন প্ৰমাণৰ সৈতে সংযোগ কৰিছে।

অসমৰ কয়লা স্তৰত লুকাই আছিল ২৪ নিযুত বছৰীয়া প্ৰাচীন উদ্ভিদৰ প্ৰমাণ

এই আৱিষ্কাৰ অকলশৰীয়া নহয়! 

কেৱৰা জীৱাশ্মটো একেই কয়লা স্তৰৰ পৰা পোৱা প্ৰাচীন উদ্ভিদ জীৱনৰ এক ক্ৰমবৰ্ধমান তালিকাৰ শেহতীয়া সংযোজন। ২০১৩ চনত, BSIPৰ গৱেষকসকলে একেই ‘লেট অলিগোচিন’ পলিমাটিৰ পৰা Alphonsea (কাষ্টাৰ্ড-আপল পৰিয়ালৰ এটা গণ) ৰ প্ৰথম দক্ষিণ এচিয়ান জীৱাশ্ম প্ৰমাণ বৰ্ণনা কৰিছিল-যিয়ে সেই সময়ত সেই স্থানত মেনগ্ৰোভ, নদীজাত, জলাভূমি আৰু হ্ৰদজাত পৰিৱেশৰ মিশ্ৰণেৰে গঠিত এক নদী-সাগৰীয় ব-দ্বীপীয় পৰিৱেশৰ প্ৰমাণ দিছিল। ইয়াৰ পিছত, এক পৃথক BSIP দলে একেই কয়লাক্ষেত্ৰত আধুনিক Nothopegia গণৰ (এতিয়া কেৱল পশ্চিম ঘাটতহে পোৱা , যাৰ অৱস্থান হাজাৰ হাজাৰ কিলোমিটাৰ দূৰত) সৈতে মিল থকা জীৱাশ্ম পাত চিনাক্ত কৰিছিল-যিটোক প্ৰায় ২৪–২৩ নিযুত বছৰৰ পুৰণি সেই উদ্ভিদ গণৰ বিশ্বৰ সৰ্বপ্ৰাচীন জীৱাশ্ম প্ৰমাণ বুলি প্ৰতিবেদন কৰা হৈছিল।

Fossil in Assam 1

এই সকলোবোৰ একেলগে ল’লে দেখা যায় যে অসমৰ কয়লা অঞ্চলটোৱে এক উদ্ভিদজগতৰ ‘টাইম কেপচুল’ হিচাপে কাম কৰিছিল, যিয়ে এছিয়া মহাদেশৰ তথা ভাৰত উপমহাদেশৰ বিচ্ছিন্ন স্থানত-পশ্চিম ঘাটৰ বৰষুণৰ বনানীৰ পৰা দেশৰ বিভিন্ন প্ৰান্তৰ মন্দিৰৰ বাগিচালৈকে- আজিও জীয়াই থকা উদ্ভিদ বংশধাৰাবোৰ সুৰক্ষিত কৰি ৰাখিছিল ; আৰু ত্ৰেতা যুগৰো বহুকাল আগতে ( বিজ্ঞসকলে কয় যে ২১৬৩১০২ বছৰ আগতে ত্ৰেতা যুগৰ সূচনা হৈছিল), অৰ্থাৎ ‘সত্য যুগ’ৰ সেই সুগন্ধি কেতেকী উদ্ভিদৰ আৱিষ্কাৰে এক নতুন অন্বেষণ আৰু নতুন অধ্যায়ৰ সূচনা কৰিব পাৰে! অৰ্থাৎ, ২৪ নিযুত বছৰ গভীৰলৈ যদি আজিৰ বিজ্ঞানে প্ৰৱেশ কৰিব পাৰে, আমাৰ মুলুকত মহীৰঙ্গ দানৱৰ পূৰ্বে কি আছিল, তাৰো পূৰ্বে কি আছিল – সেই সম্পৰ্কেও অনুসন্ধান সম্ভৱ হ’ব পাৰে!

Fossil 5

ইয়াৰ গুৰুত্ব: মোগলাই ৰন্ধন-প্ৰণালীত কেতেকীৰ বা কেৱৰাৰ পানী, ‘পাৰফিউমাৰী’ত কেতেকী বা কেৱৰা আতৰ, উৰিষ্যা আৰু বংগৰ পূজা-পাতলত ইয়াৰ পাত ব্যৱহাৰ- এনেকৈ ভাৰতীয় দৈনন্দিন জীৱনৰ লগত ওতপ্ৰোতভাৱে জড়িত এই উদ্ভিদৰ বাবে জীৱাশ্ম প্ৰমাণে এক অপ্ৰত্যাশিত সত্য প্ৰকাশ কৰিছে: উপমহাদেশত ইয়াৰ উপস্থিতি শতিকা বা সহস্ৰাব্দৰ কথা নহয়, বৰং কোটি কোটি বছৰৰ। হিমালয় সম্পূৰ্ণৰূপে গঢ় লৈ উঠাৰ আগতেই, ভাৰতীয় প্লেটখন ইউৰেছিয়াৰ সৈতে সম্পূৰ্ণৰূপে সংযুক্ত হোৱাৰ আগতেই ই এই ভূমিলৈ আহিছিল, আৰু তেতিয়াৰে পৰা বিশ্বব্যাপী শীতলীকৰণ আৰু উষ্ণায়নৰ বাৰম্বাৰ চক্ৰৰ মাজেৰে ই জীয়াই আছে।

Assam Fossil 2

বিজ্ঞানীসকলৰ মতে, এই আৱিষ্কাৰে মাকুম কয়লাক্ষেত্ৰক বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ জীৱাশ্ম স্থল হিচাপে আৰু দৃঢ় কৰি তুলিছে-আৰু ই এই কথাৰো সোঁৱৰণি যে অসমৰ মাটিৰ তলত এতিয়াও এনে বহু অকথিত কাহিনী উদঘাটিত হোৱাৰ বাবে অপেক্ষা কৰি আছে।

Mahabahu Climate Logo
Mahabahu Climate Forum

সূত্ৰ: জিঅ’বায়’ছ (BSIP গৱেষণা, ইষ্টমোজোৰ প্ৰতিবেদন অনুসৰি); ভাৰত চৰকাৰৰ পাব্লিক ইনফৰ্মেশ্যন ব্যুৰো; PLOS ONE (শ্ৰীৱাস্তৱ আৰু মেহৰোত্ৰা, ২০১৩)।

Mahabahu Mirror Ad
MAHABAHU MIRROR

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Anjan Sarma

Anjan Sarma

Related Posts

Supreme Court Stands Firm Against Wealthy Silencing Media!
Special Report

India’s Judicial Transparency In the path of Transition

by Pradakshina Sarmah
August 15, 2026
0

India’s Judicial Transparency In the path of Transition PRADAKSHINA SARMAH Judicial Transparency refers to the openness, accessibility, and accountability of...

Read moreDetails
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

August 14, 2026
Kaziranga’s Biggest Threat Is No Longer Poachers. It’s Development

Kaziranga’s Biggest Threat Is No Longer Poachers. It’s Development

August 14, 2026
The River That Became a Drain: Bharalu and the Death of a Memory

The River That Became a Drain: Bharalu and the Death of a Memory

August 13, 2026
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

August 13, 2026
অসমৰ বানপানী আৰু গৰাখহনীয়া

অসমৰ বানপানী আৰু গৰাখহনীয়া

August 12, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Can Technology Truly Preserve Our Heritage? Unearthing the Soul of Northeast

Social Media Addiction Among Youth: The Invisible Parasite Hijacking Young Minds

August 17, 2026
Hakama Beel: A Community’s Effort to Protect a Changing Wetland 

Hakama Beel: A Community’s Effort to Protect a Changing Wetland 

August 17, 2026
প্ৰকৃতিৰ বাণিজ্যিকীকৰণৰ পৰা ব্যক্তিগতকৰণলৈ: সংকট আৰু দুৰ্ভাৱনা

প্ৰকৃতিৰ বাণিজ্যিকীকৰণৰ পৰা ব্যক্তিগতকৰণলৈ: সংকট আৰু দুৰ্ভাৱনা

August 16, 2026
টুভালু- বিশ্বৰ ইতিহাসৰ পৰা হেৰাই যাব খোজা এখন দেশ

টুভালু- বিশ্বৰ ইতিহাসৰ পৰা হেৰাই যাব খোজা এখন দেশ

August 16, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39798 shares
    Share 15919 Tweet 9949
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18648 shares
    Share 7459 Tweet 4662
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3794 shares
    Share 1518 Tweet 949
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    286 shares
    Share 114 Tweet 72
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4188 shares
    Share 1675 Tweet 1047
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    140 shares
    Share 56 Tweet 35
  • FREEDOM FIGHTERS OF ASSAM

    5109 shares
    Share 2044 Tweet 1277
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    108 shares
    Share 43 Tweet 27
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    97 shares
    Share 39 Tweet 24
  • অসমত বানৰ অকল্পনীয় ধ্বংসলীলা

    94 shares
    Share 38 Tweet 24
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d