অসমৰ ‘কেটেল প্ৰিজাৰভেশ্যন’ আইন
ৰেজাউল কৰিম
পৱিত্ৰ ঈদ উজ জোহাৰ শুভেচ্ছাৰ লগতে দুই এটা মনৰ কথা কবলৈ ওলাইছো।
অসমত চলি থকা cattle preservation আইনখন নতুন নহয়। ১৯৫০ চনৰ পৰা ২০২১ চনলৈকে আইনখন চলি আছিল।
এতিয়া আগৰ আইনখন বাতিল কৰি নতুনকৈ আইন প্ৰণয়ন কৰিছে যদিও নীতি নিয়মসমূহ প্ৰায় আগৰ নিচিনাই আছে। নতুনকৈ সংযোজিত হৈছে যে গাই গৰু কটাটো বন্ধ, লগতে মন্দিৰ বা নামঘৰৰ পাচ কিলোমিটাৰৰ ওচৰত গৰু কটাটো বন্ধ আৰু বাংলাদেশ সীমান্তলৈ গৰু সৰবৰাহ কৰাটো বন্ধ। কাৰণ বাংলাদেশলৈ গৰুৰ চোৰাং ব্যৱসায় বন্ধ কৰিব লাগে।
গৰু মাংস বিক্ৰি কৰা সকলে ইমান দিনে আগৰ আইনখন মানি চলা নাছিল। প্ৰশাসনো কঠোৰ নাছিল। এজন পশু চিকিৎসক হিচাপে আমি আইনখন মানি চলিবলৈ কচাইসকলৰ সৈতে অনেক যুঁজ বাগৰ কৰিছিলো। তাৰ বাবে অনেক কটু কথাও শুনিব লগা হৈছিল। আনকি আমাৰ দৰে অনেক পশু চিকিৎসকে কচাইসকলৰ পৰা এটা সময়ত ভাবুকিও পাইছিল বুলি শুনিছিলো। আনকি গোমাংসপ্ৰিয় এচামে গাই গৰুৰ মাংসহে বেছি পছন্দ কৰে। এইচামৰ অনেক লোক উচ্চ শিক্ষিত। গতিকে cattle preservation আইনখন কাৰ্যতঃ ব্যৰ্থ হৈছিল। যধে মধে গৰু কাটি মাংস বিক্ৰি কৰি এটা পৰ্যায়ত ই বাংলাদেশলৈ চোৰাং কৰা পৰ্যায় পালেগৈ।

প্ৰশাসন এতিয়া কঠোৰ হৈছে। আইনখন কিন্তু একেই আছে। গতিকে মোৰ বোধেৰে এই আইনখনক লৈ অযথা বিতৰ্কৰ প্ৰয়োজন নাই। নিয়ম নীতি আগৰে পৰাই মানি চলিলে আজি হয়তো সমালোচনাৰ বাটো নাথাকিলেহেতেন।
এইখন আইনৰ সৈতে Animal transporation act খনক সাঙুৰি দিয়া হৈছে। এইখনো পুৰণি আইন। এই আইন মতে এখন ট্ৰাকত বা ট্ৰেইনৰ দবাত কেইটা গৰু,মহ,গাহৰি,ছাগলি আদি কিদৰে আনিব লাগে তাৰ নিৰ্দেশ দিয়া আছে। কেবল বাংলাদেশৰ সীমামূৰিয়া ঠাইলৈ গৰু সৰবৰাহত বাধা আছে।
অতি প্ৰয়োজনীয় কথাটো হৈছে Animal slaughter act খন। এইখন মতে সকলো জন্তুক নিৰ্দ্দিষ্ট কচাইখানাত কাটি মাংস বিক্ৰি কৰিব লাগে। কচাইখানাৰ এটা সুনিৰ্দ্দিষ্ট সূত্ৰ আছে। এই সূত্ৰ মানি চলা কচাইখানা অসমত খুবেই কম আছে। কাৰ্যতঃ নাই বুলিও কব পাৰি। এই আইন মানি চলি মাংস খাব খুজিলে আজিৰ দিনত গৰু বাদেই দিয়ক ছাগলি,গাহৰি আনকি মুৰ্গীৰ মাংসও খাব নোৱাৰিব। অথচ আমি সকলোৱে কোনো বাধা নোপোৱাকৈ সকলো মাংস বিক্ৰি কৰিছো আৰু খাইছো। এটা কথা মনত ৰখা উচিত যে Animal slaughter act খন অকল গৰুৰ বাবে নহয়।

এই সকলোবোৰ আইনৰ উৎস হৈছে Prevention of Cruelty to Animal act 1960. খন। 1960 চনত জীৱজন্তুৰ প্ৰতি সদয় হবলৈ এই আইনখন প্ৰস্তুত কৰা হৈছিল। পশু বধ কৰা কাৰ্যক নিৰ্দয় কাৰ্য বুলি ভাবিলেও ইয়াতো কিছু সদয় দেখুৱাব পৰা বিধি নিৰ্ধাৰিত কৰা আছে। পশু বধ কৰোতে পশুটোৱে যাতে বেছি কষ্ট নাপায় সেই কথাও মানি চলিবলৈ কোৱা হৈছে। এই দৃষ্টিকোনেৰে চালে আজিৰ দিনত গাহৰি বধৰ প্ৰচলিত নিয়মটো cruelty ৰ ভিতৰত পৰে। পশুবধ কৰিলে একপ্ৰকাৰ সংজ্ঞাহীন কৰি লোৱাটো আইনত উল্লেখ আছে।
আন এটা গুৰুত্বপূৰ্ণ কথা হ’ল পশু বধৰ লগতে মাংস বিক্ৰি সম্পৰ্কীয় আইনবোৰ সদায়েই ব্যৱহাৰ হৈ থকা আইনৰ ভিতৰত পালনীয় বুলি গণ্য হয়। এই নীতি নিয়ম পালনৰ ক্ষেত্ৰত কিছু ব্যতিক্ৰম আছে। সেইটো হৈছে ধৰ্মীয় কাৰণত পশু বধৰ ক্ষেত্ৰত এই আইনখনত ৰেহাই আছে।
শেষত এজন পশু চিকিৎসক হিচাপে কব খোজো যে দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত অসম আগুৱাই যাব লাগিলে গো মাংস বিক্ৰিৰ ক্ষেত্ৰত মতা গৰুৰ মাংস বিক্ৰি কৰাৰ লগতে উৎপাদন ক্ষমতা নথকা গাই গৰুৰ মাংস বিক্ৰিৰ অনুমতি থকা উচিত। আনহাতে গো মাংস ভক্ষণৰ সৈতে ইছলাম ধৰ্মক সাঙুৰি লোৱাৰ কোনো যুক্তি নাই। ধৰ্মক আমি বহল দৃষ্টিভংগীৰে চাব লাগে। এই কথা হিন্দু ধৰ্মাৱলম্বী লোকেও ভাবি চাব লাগে।সময়ত এই সংক্ৰান্তীয় কথাবোৰৰ আলোচনা হোৱা উচিত। অৱশ্যে অসমত প্ৰচলিত cattle preservation act মতে গাই গৰু বধ বন্ধৰ কথা আছে। মতা গৰুৰ ক্ষেত্ৰত একো কোৱা নাই।
সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলো।
10-07-2022
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)