• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, September 9, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

অসমৰ জাতীয় মাছৰ প্ৰয়োজনীয়তা

ASSAMESE SECTION / Special Report / Climate Change

by Manas Pratim Dutta
May 25, 2025
in ASSAMESE SECTION, Nature, Special Report
Reading Time: 3 mins read
0
অসমৰ জাতীয় মাছৰ প্ৰয়োজনীয়তা
Share on FacebookShare on TwitterShare on LinkedIn

অসমৰ জাতীয় মাছৰ প্ৰয়োজনীয়তা

মানস প্ৰতিম দত্ত

Manas Pratim Dutta
মানস প্ৰতিম দত্ত

অসম মৎস্য সম্পদৰ ক্ষেত্ৰত অত্যন্ত সমৃদ্ধশালী। ইয়াৰ নদী, বিল, জলাশয় আৰু পুখুৰীত বিভিন্ন প্ৰজাতিৰ থলুৱা মাছ পোৱা যায়।

সেইবোৰৰ ভিতৰত নাৰ, বাট, পাভ, নেৰিয়া, পিঠিয়া, মোৱা, ডৰিকণা,আৰি, চিতল, ৰৌ, কাৱৈ, খলিহনা, গৰৈ, পুঠি, মাগুৰ, বামী, টোৱা, শিঙি, শল, শাল, কুঢ়ি, কাৱৈ, ভকুৱা, মোৱা, কুচিয়া, তোৰা, বটীয়া, চিতল, ইলিচ, শিলঘঁৰিয়া, মালি, চেঙেলী, লাচিম, ভাঙন, চেলকনা, কৰতী, বৰিয়লা, ভেদেংকালি, ভেচেলি, পাটীমুতুৰা, কৰতি, কান্ধুলী, বালিচন্দা, গেঠু, বালিবটিয়া, গাগল, আদি অন্যতম। এই মাছবোৰ অসমীয়া সংস্কৃতি আৰু খাদ্যাভ্যাসৰ এক অবিচ্ছেদ্য অংশ।
অসমৰ জাতীয় মাছৰ প্ৰয়োজনীয়তা

অসমীয়া গীত-মাততো মাছৰ প্ৰসংগ দেখা যায়। “মাছৰ চিকুণ মোৱা, টোপনিৰ চিকুণ পোৱা”, “নয়া নদীৰ নয়া কুল, মাগুৰ মাছৰ বিলাহী জোল”, “মাছৰ সোৱাদ ৰৌ, আঞ্জাৰ সোৱাদ ঔ”, “অধিক মাছত বগলী কণা” “কাৱৈ মাছক কচি কাটিয়া, হালধি মৰিষ তৈলে ভাজিয়া”, “মোৱা মাছ পকনি, কলডিল শুকনি, আয়ে ভোজন বুলি লয়” আদি ইয়াৰ উদাহৰণ।

        অতি সম্প্ৰতি অত্যধিক মাছ ধৰা, পৰিৱেশ প্ৰদূষণ, জলাশয়ৰ সংকোচন আৰু জলবায়ু পৰিৱৰ্তনৰ ফলত এই থলুৱা মাছৰ প্ৰজাতিসমূহ বিপন্ন হৈ পৰিছে। সেয়েহে এই মাছৰ সংৰক্ষণ অতি জৰুৰী।

      থলুৱা মাছৰ সুৰক্ষাৰ বাবে এপ্ৰিলৰ পৰা জুলাইলৈ মাছ ধৰাত আইনী নিষেধাজ্ঞা জাৰি কৰা হয় যদিও ই আজিও কেৱল এখন মাত্ৰ জাননীৰ দৰেই হৈ থকা পৰিলক্ষিত হয়। সমাজৰ শিক্ষিত বুলি ভবা বহু মানুহে কণী লগা মাছৰ জুতি লগাই এসাঁজ খোৱাৰ চিন্তাও এই সময়তে কৰি আনন্দ লোৱাৰ লগতে সংৰক্ষণৰ কথা কোৱা লোকসকলক উপলুঙা, ইতিকিং কৰাহে অধিক দেখা পোৱা যায়।

      থলুৱা মাছ সংৰক্ষণৰ ক্ষেত্ৰত মানুহৰ মাজত সংৰক্ষণ মনোভাৱৰ বিকাশৰ বাবে অসমৰ ৰাজ্যিক মাছৰ অভাৱ অনুভৱ কৰা হয়। আমাৰ দেশৰ বহুকেইখন ৰাজ্যত ৰাজ্যিক মাছ আছে যদিও আমাৰ ৰাজ্যত কোনো থলুৱা মাছকে ৰাজ্যিক মাছ হিচাপে ঘোষণা কৰা হোৱা নাই। অসমৰ জলজ জীৱবৈচিত্ৰ্য প্ৰকৃতিৰ এক অমূল্য সম্পদ। অসমৰ বিল, আৰু জলাশয়ত প্ৰায় ২০০ৰো অধিক মাছৰ প্ৰজাতি পোৱা যায়।

মাছৰ প্ৰজাতিসমূহ অসমৰ নৈপৰীয়া লোকসকলৰ জীৱন-জীৱিকাৰ মূল ভিত্তি আৰু খাদ্য সুৰক্ষাৰ এক গুৰুত্বপূৰ্ণ উৎস। কিন্তু অত্যধিক মাছ ধৰা, উদ্যোগৰ বিষাক্ত পদাৰ্থ, প্লাষ্টিক দূষণ আৰু জলবায়ু পৰিৱৰ্তন, বাসস্থান ধ্বংস আদিৰ লগতে জলাশয়ৰ অবাধ বেদখলৰ ফলত এই প্ৰজাতিসমূহৰ ওপৰত তীব্ৰ ভাবুকিৰ সৃষ্টি হৈছে। এনে পৰিপ্ৰেক্ষিতত, অসমৰ বাবে এটা জাতীয় মাছ নিৰ্বাচন কৰাটো খুবেই গুৰুত্বপূৰ্ণ হৈ পৰিছে।

জাতীয় মাছৰ প্ৰতীকী মৰ্যাদাই জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধি, বিজ্ঞানসন্মত গৱেষণা ত্বৰান্বিতকৰণ, আৰু সংৰক্ষণৰ নীতি প্ৰণয়নত সহায় কৰিব। উদাহৰণস্বৰূপে, অসমৰ জাতীয় বৃক্ষ হোলোং গছ, জাতীয় পক্ষী দেওহাঁহৰ প্ৰতীকী মৰ্যাদাই ইয়াৰ সুৰক্ষাৰ প্ৰচেষ্টাক অধিক শক্তিশালী কৰাৰ লগতে জনসচেতনতাৰো বিকাশ ঘটাইছে। 

অসমৰ জাতীয় মাছৰ প্ৰয়োজনীয়তা
চেং মাছ

     অসমৰ জাতীয় মাছ হিচাপে পাভ মাছ (Ompok bimaculatus) আৰু চেং মাছ (Channa barca) সবাতোকৈ উপযুক্ত বুলি বিবেচনা কৰিব পাৰি। কাৰণ, পাভ মাছ বিপদাপন্ন মাছ হোৱাৰ লগতে অসমৰ থলুৱা মাছ। পাভ মাছ সাধাৰণতে ২৫ চে.মি. পৰ্যন্ত দীঘল হয়। কিছুমান ক্ষেত্ৰত ইয়াৰ আকাৰ ১০-১১ ইঞ্চি পৰ্যন্ত হ’ব পাৰে।শাৰীৰিক। ইয়াৰ শৰীৰ দীঘলীয়া, চিকুণ আৰু বাকলিবিহীন। কাঁইটৰ সংখ্যা তুলনামূলকভাৱে কম।

অসমীয়া বিহুগীত, লোককথা আৰু কবিতাত এই মাছৰ উল্লেখ পোৱা যায়। পাভ মাছৰ প্ৰজননকাল সাধাৰণতে চ’ত-বহাগ মাহৰ পৰা আহাৰ মাহলৈকে হয়। পানীৰ উষ্ণতা অনুসৰি ১ ঘণ্টাৰ পৰা ২৪ ঘণ্টাৰ ভিতৰত কণীৰ পৰা পোনা জন্ম হয়। পোনাবোৰে প্ৰথমে পানীত থকা ক্ষুদ্ৰ উদ্ভিদ প্লাৱক আৰু প্ৰাণী প্লাৱক খায়।এইখিনিতে পাভ মাছৰ ক্ষেত্ৰত এটা খোকোজা আহিব পাৰে। পাভ মাছ ত্ৰিপুৰাৰ ৰাজ্যিক মাছ।

অসমৰ জাতীয় মাছৰ প্ৰয়োজনীয়তা
পাভ মাছ

এনে স্থলত আমাৰ ৰাজ্যৰ ৰাজ্যিক মাছ হিচাপে পাভ মাছ হোৱাত অসুবিধা হ’ব নেকি। এই প্ৰশ্নৰ উত্তৰ দিবলৈ হ’লে আমি অসম আৰু অৰণাচলৰ ৰাজ্যিক ফুললৈ লক্ষ্য কৰিব পাৰোঁ। কাৰণ, দুয়োখন ৰাজ্যৰে ৰাজ্যিক ফুল হ’ল কপৌফুল। সেয়েহে পাভ মাছক অসমৰ ৰাজ্যিক মাছ ঘোষণা কৰাতো নিশ্চয় একেটা প্ৰক্ৰিয়াই খাটিব।

    এইখিনিতে উল্লেখ কৰা ভাল হ’ব যে অসমৰ জাতীয় মাছৰ প্ৰসংগেৰে বিক্ৰমাদিত্য বকলিয়াল আৰু Mridul Kumar Handique মৃদুল কুমাৰ সন্দিকৈয়ে তিলা চেং (চান্না বাৰ্কা) মাছক অসমৰ জাতীয় মাছ হিচাপে ঘোষণা কৰাৰ প্ৰস্তাৱ আগবঢ়াই লেখা-মেলা কৰিছিল। কাৰণ, চেং মাছ কেৱল মাত্ৰ অসমতহে পোৱা যায়। তদুপৰি Shamim Rahman ড° শ্বামিম ৰহমানেও অসমৰ জাতীয় মাছৰ প্ৰয়োজনীয়তাৰ কথাৰে দ্য অসম ট্ৰিবিউনত আলোকপাত কৰিছিল।

    আমি আশা ৰাখিম, অনতিপলমে চৰকাৰী সদিচ্ছাৰে অসমৰ চেং মাছেই হওক বা পাভ মাছেই হওক বা অন্য মাছেই হওক, যিকোনো এবিধ থলুৱা মাছক জাতীয় মাছ হিচাপে ঘোষণা কৰি থলুৱা মাছ সুৰক্ষাৰ ক্ষেত্ৰত আগভাগ লোৱাৰ উদ্যোগ ল’ব। 

     অসমৰ থলুৱা মাছৰ বৈচিত্ৰ্য সুৰক্ষাৰ বাবে জাতীয় মাছৰ ধাৰণা এক বিজ্ঞানসন্মত, সামাজিক, আৰু অৰ্থনৈতিকভাৱে তাৎপৰ্যপূৰ্ণ পদক্ষেপ। পাভ মাছ, চেং মাছ বা অন্য থলুৱা মাছেই হওক যিকোনো এবিধ থলুৱা মাছক জাতীয় মাছৰ প্ৰজাতিক প্ৰতীকী জাতীয় মৰ্যদা প্ৰদানেৰে জনসচেতনতা বৃদ্ধি কৰাৰ লগতে গৱেষণা ত্বৰান্বিতকৰণ, আৰু সংৰক্ষণৰ নীতি প্ৰণয়নত সহায় কৰিব।

এই প্ৰস্তাৱ কেৱল মাছৰ প্ৰজাতিৰ সুৰক্ষাৰ বাবেই নহয়, অসমৰ পৰিৱেশ, অৰ্থনীতি, আৰু সংস্কৃতিৰ সামগ্ৰিক সংৰক্ষণৰ বাবে এক জাগৰণৰ আহ্বান। বিজ্ঞানসন্মত পদ্ধতি—যেনে জিনগত সংৰক্ষণ, বাসস্থান পুনৰুদ্ধাৰ, আৰু দূষণ নিয়ন্ত্ৰণ—আৰু চৰকাৰ, বনবিভাগ, গৱেষক, স্থানীয় পৰিৱেশ সংৰক্ষণ গোষ্ঠী আৰু স্থানীয় সম্প্ৰদায়ৰ সহযোগিতাৰ জৰিয়তে এই লক্ষ্য অৰ্জন কৰিব পাৰি।

অসমৰ প্ৰতিজন নাগৰিকৰ বাবে এই প্ৰশ্ন—আমি আমাৰ জলজ সম্পদৰ ভৱিষ্যৎ সুৰক্ষিত কৰিবলৈ সাজু নে? জাতীয় মাছৰ এই প্ৰস্তাৱ আমাৰ জৈৱ-বৈচিত্ৰ্যৰ প্ৰতি দায়বদ্ধতাৰ এক শক্তিশালী প্ৰমাণ হ’ব পাৰে।

Fish 1

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com(For Assamese article, Unicode font is necessary) Images from different sources

 

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Manas Pratim Dutta

Manas Pratim Dutta

Related Posts

কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!
ASSAMESE SECTION

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

by JYOTIRMOY PRADHANI
September 9, 2026
0

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল ড০ জ্যোতিৰ্ময় প্ৰধানী ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত উত্তৰ পূৰ্বাঞ্চলত যিকেইখন দেশীয় ৰাজ্য আছিল তাৰ ভিতৰত...

Read moreDetails
Soliloquy of a Song: The birth of Buku hom hom kore…

ভূপেন হাজৰিকা: মই বিধানসভাৰ সদস্য কিয় হৈছিলো ?

September 6, 2026
সুধাকন্ঠৰ জীৱন পৰিক্ৰমা : চমু অৱলোকন

ভূপেন হাজৰিকা আৰু লুইত

September 6, 2026
ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

September 6, 2026
Artificial Intelligence’s Growing Water Footprint Amid a Global Water Crisis

Artificial Intelligence’s Growing Water Footprint Amid a Global Water Crisis

September 3, 2026
silhouette of four person with flag of united states background

CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

September 3, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
COP 29 – Baku’s Role in Global Climate Action: A Model for the Future

COP 29 IN AZERBAIJAN

1
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy

Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy

September 9, 2026
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

September 9, 2026
Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

September 7, 2026
Heat, Hunger, and Survival: Why India’s Climate Cooling Summit Cannot Wait?

What ‘natural’ calamities in 2026 indicate about Climate Change

September 7, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40643 shares
    Share 16257 Tweet 10161
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18912 shares
    Share 7565 Tweet 4728
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    4039 shares
    Share 1616 Tweet 1010
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    951 shares
    Share 380 Tweet 238
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    319 shares
    Share 128 Tweet 80
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    152 shares
    Share 61 Tweet 38
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    129 shares
    Share 52 Tweet 32
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4087 shares
    Share 1635 Tweet 1022
  • Attending RAI’S Class

    100 shares
    Share 40 Tweet 25
  • Neeb Karori Baba : An Avadhuta of the Highest Order

    384 shares
    Share 154 Tweet 96
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d