অসমৰ জাতীয় সঙ্গীতৰ ইতিহাস আৰু শব্দ বিভ্রাট

নীলিম কাশ্যপ বৰঠাকুৰ
সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱে ৰচনা কৰা আৰু সম্প্ৰতি অসমৰ জাতীয় সঙ্গীতৰূপে স্বীকৃতি লাভ কৰা ‘অ’ মোৰ আপোনাৰ দেশ‘ শীর্ষক গীতটি ৰচনাৰ এশ বছৰ পাৰ হ’ল। অসমৰ জাতীয় জীৱনৰ কোঁহে কোঁহে হৃদয়গ্রাহী হৈ পৰা এই গীতটিত অন্তর্নিহিত দেশপ্রেমমূলক ভাব আৰু জাতিপ্ৰেমৰ উৎকৰ্ষৰ বলত গুণগ্রাহী অসমবাসী সদৌজনৰ মন হৰণ কৰিবলৈ সক্ষম হৈছে।
এই গীতটিৰ স্ৰষ্টা, গীতটিক সুৰে-ব্যঞ্জনাই সজাই তোলোতা সুৰকাৰ, কণ্ঠশিল্পীসকল আৰু গীতটিক অসমৰ জীৱনক এটি দিক্দৰ্শন কৰিব পৰা সম্পদেৰে গৌৰৱান্বিত কৰাৰ ক্ষেত্ৰত আগভাগ লওঁতা উদ্যোক্তাবৃন্দকে আদি কৰি গীতটিৰ লগত জড়িত সকলোলৈকে আৰু ইতিমধ্যে প্রয়াত হোৱা সেই গুণগ্রাহীসকলৰ প্ৰতি শ্ৰদ্ধা সহকাৰে স্মৰণ কৰি ভক্তি নিৱেদন কৰিলোঁ। এই গৌৰৱোজ্জ্বল মুহূৰ্তৰ স্মৰণীয় ক্ষণত তেওঁলোকৰ এনে মহান প্রয়াসৰ বাবে অসমবাসীৰ কৃতজ্ঞতাৰ পাত্ৰ হৈছে বা ভৱিষ্যতেও হৈ ৰ’ব।
‘অ’ মোৰ আপোনাৰ দেশ‘ গীতটিয়ে জন্ম লাভ কৰাৰ পৰা সম্প্রতি শতাধিক বৰ্ষ অতিক্ৰম কৰি অসমৰ ইতিহাসতেই নহয়; ই বিশ্বৰ ইতিহাসতো এক ব্যতিক্ৰমী গৌৰৱময় ইতিহাসৰ সৃষ্টি কৰিছে। লক্ষ্মীনাথ বেজবৰুৱাদেৱে ৰচনা কৰা ‘মোৰ দেশ‘ শীর্ষক এই গীতটি বেজবৰুৱাদেৱৰেই সম্পাদিত মাহেকীয়া আলোচনী ‘বাঁহী‘ত প্রকাশ হৈছিল ১৯১০ চনৰ মে’ মাহ, ১৮৩২ শকৰ জেঠ মাহৰ ১ম বছৰ, ৭ম সংখ্যাত।

সেই সংখ্যাত বেজবৰুৱাদেৱৰ দুটি গীত প্রকাশ পাইছিল। ‘মোৰ দেশ’ আৰু আনটি গীতৰ নাম আছিল, ‘চন্দ্ৰা ৰাধাৰ দন্দ’। এই দুয়োটি গীতৰ ৰচয়িতা হিচাপে সেই সময়ত তেখেতে নিজকে ‘শ্রীকৃপাবৰ’ ছদ্মনামেৰে উল্লেখ কৰিছিল।
১৯১৩ চনত কলিকতাৰ পৰা প্ৰকাশিত বেজবৰুৱাদেৱৰ কবিতাপুথি ‘কদমকলি‘ত এই দুয়োটি গীত প্রকাশ পায়। প্রথম অৱস্থাত ‘মোৰ দেশ’ নামৰ গীতটি ইংৰাজী সুৰত পৰিৱেশন কৰিব পৰাকৈ ৪ (চাৰিটা) স্তৱকত লিখা হৈছিল যদিও গীতটিৰ সুৰ-বিন্যাস কৰি সুৰত সজাবলৈ যাওঁতে গীতটিৰ ৰচক বেজবৰুৱাদেৱৰ স্বয়ং অনুমতি সাপেক্ষে শেষৰ পাঁচটি শাৰী, অর্থাৎ-
‘অ’ মোৰ আপোনাৰ দেশ,
অ’ মোৰ সুকীয়া দেশ,
ৰাতাতা, ৰাতা তা,
তাতাতা, ৰাতা তা,
ৰাতা তা, মৰমৰ দেশ’।
উপৰোক্ত অংশ জাতীয় সঙ্গীতটিত অন্তর্ভুক্ত কৰাৰ পৰা বিৰত থাকে। গীতটিৰ স্বকীয় বৈশিষ্ট্য, গভীৰ জাতীয়প্রেম তথা স্বদেশপ্রেম আৰু জাতীয় পর্যায়ত সৰ্বজনৰ মনোগ্ৰাহী হ’ব পৰাকৈ বিভিন্ন সময়ত ভালেকেইজন সঙ্গীতজ্ঞ সুৰকাৰৰ দৃষ্টি আকর্ষিত হৈ একাধিক সুৰকাৰে সুৰাৰোপিত কৰি গীতটিক এটি জাতীয় পৰ্যায়ৰ সঙ্গীতৰ স্বীকৃতি পাব পৰা গীত ৰূপে উপস্থাপন কৰে।
এনেদৰে গীতটিৰ ভাৱাৰ্থই অসম মাতৃক প্রতিনিধিত্ব কৰিব পৰা গুণৰ অধিকাৰী ৰূপে বিবেচিত হৈ কালৰ কোনো এক মাহেন্দ্ৰক্ষণত অসমৰ ‘জাতীয় সঙ্গীত’ৰূপে স্বীকৃতি লাভ কৰে। তৎমুহূৰ্তৰ পৰাই গীতটিয়ে পূৰ্বৰ পৰিচয় ‘মোৰ দেশ’ৰ ঠাইত ‘অ’ মোৰ আপোনাৰ দেশ’ৰূপে পৰিচিত হৈ প্ৰসাৰতা লাভ কৰে।
‘অ’ মোৰ আপোনাৰ দেশ’ অসমৰ জাতীয় সংগীত হয়নে নহয় সেই সন্দর্ভত তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত গোলাঘাটৰ শ্রীঅৰূপবল্লভ গোস্বামী আৰু শ্রীবিশ্বদ্বীপ নেওগে তথ্য বিচাৰি চৰকাৰৰ সংশ্লিষ্ট কর্তৃপক্ষৰ ওচৰত ২১ মে, ২০১৩ চনত এখন আবেদন জনাইছিল। সেই আৱেদন পোৱাৰ পিছত সংশ্লিষ্ট কর্তৃপক্ষই ‘অ’ মোৰ আপোনাৰ দেশ’ক অসমৰ জাতীয় সংগীতৰ স্বীকৃতি দিয়া হোৱা নাই বুলি সংশ্লিষ্ট ব্যক্তিজনক তথ্য দাখিল কৰিছিল।
অসমৰ সংবাদ-পত্ৰসমূহত সেই বাতৰি প্ৰকাশ হোৱাৰ পিছত ৰাজ্যৰ বৌদ্ধিক মহলত এই লৈ তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি হৈছিল। আনহাতে নগাঁৱৰ এটা অনুষ্ঠানে বিভিন্ন জনগোষ্ঠীয় ভাষাত জাতীয় সংগীতটো পৰিৱেশন কৰাইছিল। ইয়াৰ পিছতে বিষয়টোক লৈ সৰৱ চৰ্চা চলাত অসমৰ মুখ্যমন্ত্ৰী শ্রীতৰুণ গগৈ নেতৃত্বাধীন অসম চৰকাৰে সুদীৰ্ঘ দিনৰ অন্তত অসম চৰকাৰৰ ৰাজ্যিক কেবিনেটে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা ৰচিত ‘অ’ মোৰ আপোনাৰ দেশ’ক অসমৰ জাতীয় সংগীতৰূপে স্বীকৃতি দিয়াৰ সিদ্ধান্ত গ্রহণ কৰে।
২০১৩ খ্ৰীষ্টাব্দৰ ১৭ নৱেম্বৰ, দেওবাৰে সন্ধিয়া দিছপুৰস্থিত অসমৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত অনুষ্ঠিত অসম চৰকাৰৰ মন্ত্ৰী পৰিষদৰ কেবিনেট বৈঠকত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি ‘অ’ মোৰ আপোনাৰ দেশ’ক ৰাজ্যিক জাতীয় সংগীতৰ স্বীকৃতি দিয়াৰ ব্যৱস্থা কৰাৰ কথা ৰাজহুৱাভাৱে ঘোষণা কৰে।
সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা ‘অ’ মোৰ আপোনাৰ দেশ’ গীতটি অসমৰ জাতীয় সংগীতৰূপে অসমৰ ৰাইজৰ মাজত সর্বজন সমাদৃত যদিও অসমৰ জাতীয় সংগীত সম্পৰ্কত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মতে লক্ষ্মীনাথ বেজবৰুৱাৰ ‘অ’ মোৰ আপোনাৰ দেশ’ শীর্ষক গীতটি অসম চৰকাৰৰ দ্বাৰা স্বীকৃত জাতীয় সংগীত নহয়।
ওপৰত উল্লেখ কৰা গোলাঘাটৰ বিশিষ্ট সমাজসেৱী শ্রীঅৰূপবল্লভ গোস্বামী আৰু শ্রীবিশ্বদ্বীপ নেওগে চৰকাৰৰ তথ্য জনা অধিকাৰ আইন (আৰ টি আই)-২০০৫ ৰ অধীনত লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা ‘অ’ মোৰ আপোনাৰ দেশ’ গীতটি অসম চৰকাৰৰ জাতীয় সংগীতৰূপে কোন অধিসূচনাৰ দ্বাৰা স্বীকৃত আৰু গীতটিৰ স্বৰলিপি সম্পৰ্কত তথ্য বিচাৰি অসমৰ ৰাজ্যিক লোকতথ্য বিষয়ালৈ ২১ মে, ২০১৩ তাৰিখে কৰা আৱেদনৰ ভিত্তিত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উপ-সচিবে ২০১৩ চনৰ ১৪ জুনৰ পত্ৰ নং চি এ ডি ১০৪/২০০৮ অংশ ৪/৮৭ ক্রমে তেওঁক জনায় যে, সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা ‘অ’ মোৰ আপোনাৰ দেশ’ শীর্ষক গীতটি অসম চৰকাৰৰ দ্বাৰা অসমৰ জাতীয় সঙ্গীতৰূপে বর্তমানেও স্বীকৃত হোৱা নাই।
কিন্তু আমি পূৰ্বতেই উল্লেখ কৰিছোঁ যে,- সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই ‘শ্রীকৃপাবৰ‘ৰ ছদ্মনামত ১৮৩২ শক, ১৯১০ খ্ৰীষ্টাব্দত ৰচনা কৰা আৰু তেতিয়াৰ ‘বাঁহী’ আলোচনীৰ প্ৰথম বছৰ, সপ্তম সংখ্যাত ‘মোৰ দেশ’ নামেৰে প্ৰকাশ পোৱা ‘অ’ মোৰ আপোনাৰ দেশ…’ সুৰীয়া গীতটি অতিশয় জনপ্ৰিয় হৈ ৰসৰাজৰ জীৱন কালতে ‘অসমৰ জাতীয় সংগীত’ বুলি স্বীকৃত হৈছিল।
এক তথ্য মতে, ১৯১২ চনত ডিব্ৰুগড়ত ৰজা পঞ্চম জৰ্জক আদৰণি জনোৱাৰ উদ্দেশ্যে বাগ্মীবৰ ককা নীলমণি ফুকনৰ উদ্যোগত নকৈ প্রতিষ্ঠা লভা ‘জর্জ স্কুল’ৰ প্ৰাঙ্গণত সঙ্গীত শিক্ষক তাৰাপ্রসাদ চক্ৰৱৰ্তীয়ে নিজে দিয়া এটি সুৰত এই গীতটি পৰিৱেশন কৰিছিল।
ইয়াৰ পাছত ১৯২৪ চনৰ ১৯ আৰু ২০ এপ্ৰিলত বুৰঞ্জীবিদ কনকলাল বৰুৱাৰ পৌৰোহিত্যত ডিব্ৰুগড়ত বহা অসম সাহিত্য সভাৰ ষষ্ঠ অধিৱেশনত ৰসৰাজৰ ‘অ’ মোৰ আপোনাৰ দেশ’ গীতটি অসম সাহিত্য সভাৰ মঞ্চত প্ৰথমবাৰৰ বাবে পৰিৱেশিত হৈছিল।
পৰৱৰ্তী পৰ্যায়ত সেইখিনি সময়ত ডিব্ৰুগড়ত প্রতিষ্ঠিত ‘বেৰী হোৱাইট মেডিকেল স্কুল‘ৰ এটি অনুষ্ঠানতো এই গীত স্থানীয় শিল্পীসকলৰ দ্বাৰা এটি ন-কৈ আৰোপিত সুৰত পৰিৱেশিত হৈছিল। তাৰ পিছত ১৯২৮ চনত তেজপুৰত দেশভক্ত তৰুণৰাম ফুকনৰ পৌৰোহিত্যত অনুষ্ঠিত অসম ছাত্র সম্মিলনৰ ত্ৰয়োদশ অধিৱেশনত এই গীতটিক অসমৰ জাতীয় সঙ্গীতৰূপে ৰাজহুৱাভাৱে স্বীকৃতি জনোৱা হৈছিল।
তেতিয়াৰে পৰা সাহিত্যৰথী বেজবৰুৱাৰ ‘অ’ মোৰ আপোনাৰ দেশ’ অসমৰ জাতীয় সংগীতৰূপে অসমৰ সকলো স্থানৰে ৰাজহুৱা সভা-সমিতি, অনুষ্ঠান আদিত সন্মানসহকাৰে পৰিৱেশিত হৈ আহিছে।

অসমৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ পাঠ্যপুথিতো ‘অ’ মোৰ আপোনাৰ দেশ’ শীর্ষক গীতটি অসমৰ জাতীয় সংগীতৰূপে সন্নিৱিষ্ট হৈছে। ২০০৬ চনৰ পৰা ভাৰত চৰকাৰৰ আঁচনি অনুসৰি প্ৰৱৰ্তিত ‘সর্বশিক্ষা অভিযান মিছন’ শীর্ষক আঁচনিভুক্ত প্রাথমিক বিদ্যালয়সমূহলৈ প্ৰেৰণ কৰা ‘সৰ্বশিক্ষা অভিযান’ৰ নিৰ্দেশনাতো অসমৰ ছাত্ৰ-ছাত্ৰীসকলে পুৱাবেলাৰ বিদ্যালয়ৰ প্ৰথম কাৰ্যসূচীৰূপে প্রতিদিনে আনুষ্ঠানিকভাবে ৰাষ্ট্ৰীয় সংগীত বা জাতীয় সংগীত গোৱাৰ ব্যৱস্থা বাধ্যতামূলক কৰিছিল।
শিক্ষা বিভাগৰ সেই নিৰ্দেশনাৰ ভিত্তিত প্রাথমিক বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীসকলে সমৱেত হৈ অথবা নিজ নিজ শ্রেণীকোঠাত ৰাষ্ট্ৰীয় সংগীত ‘জন-গণ-মন…‘ আৰু ৰাজ্যিক সংগীতৰূপে ‘অ’ মোৰ আপোনাৰ দেশ’ পৰিৱেশন কৰাৰ নিয়ম প্ৰৱৰ্তিত হয়।
শব্দ বিভ্রাট: ১
‘মুখনি‘ নে ‘মুখখনি‘!
‘অ’ মোৰ আপোনাৰ দেশ’ গীতটিৰ ১৪ নং শাৰীত থকা ‘মুখনি‘ আৰু ‘মুখখনি‘ সন্দৰ্ভত পর্যালোচনা কৰিলে আমি দেখা পাওঁ – ১৮৩২ শকৰ জেঠ মাহ, ১৯১০ চনৰ মে’ মাহৰ ‘বাঁহী’ৰ ১ম বছৰৰ ৭ম সংখ্যাত লক্ষ্মীনাথ বেজবৰুৱাৰ ‘মোৰ দেশ‘ শীর্ষক গীতটিত ‘মুখনি’ বুলি প্রকাশিত হৈছে আৰু সেই একেজন লেখক অৰ্থাৎ গীতটিৰ স্ৰষ্টাৰ ১৯১৩ চনত প্রকাশিত ‘কদম-কলি’ নামৰ গ্ৰন্থত ‘মুখনি’ৰ ঠাইত ‘মুখখনি’ বুলিহে ছপা হৈছে।
এই প্রসঙ্গত প্রকৃতার্থত কোনটো অর্থপূর্ণ সেই বিষয় লৈ এটি বাদানুবাদ হোৱাটো স্বাভাৱিক যদিও ইয়াৰ শুদ্ধ উত্তৰ উলিওৱাৰ ক্ষেত্ৰত একমাত্র উপায় হ’ব বেজবৰুৱাদেৱৰ স্ব-হস্তাক্ষৰিত পাণ্ডুলিপি উদ্ধাৰ কৰাৰ প্ৰয়াস কৰাটোতহে; কিন্তু তেনে আশা বোধহয় দুৰুহ।
এই প্রসঙ্গত আমি এটা কথা মন কৰিছোঁ, ‘মুখনি’ আৰু ‘মুখখনি’ বুলি প্রকাশ পোৱা ‘বাঁহী’ আৰু ‘কদমকলি’ বেজবৰুৱাদেৱৰ জীৱিত অৱস্থাতে প্রকাশ হৈছিল। এই পার্থক্যযুক্ত শব্দ দুটিৰ কোনটো প্রকৃতার্থত প্রয়োগ হ’ব লাগে, সেই বিষয়টো তেখেতৰ জীৱিত কালতেই চয়-নিচয় হৈ যোৱাটো কাম্য আছিল। পিছে আমি সাম্প্রতিক সময়ত ভবাৰ দৰে সেয়া নহ’ল।
গীতটিত ‘মুখনি’ বুলি ব্যৱহাৰ কৰাৰ যুক্তিঃ যিহেতু স্বয়ং লক্ষ্মীনাথ বেজবৰুৱা সম্পাদনাত প্রকাশিত ‘বাঁহী’ত প্রকাশিত গীতটিত মুখনি বুলি প্রথম প্রকাশ হৈছিল ১৯১০ চনত আৰু ১৯১৩ চনত ‘কদমকলি’ প্রকাশ পোৱাৰ মাজৰ প্ৰায় ৪ বছৰৰ ভিতৰত ক’তো ‘মুখনি’ৰ ঠাইত ‘মুখখনি’ হ’ব লাগিছিল বুলি স্পষ্টীকৰণ প্ৰকাশ পোৱা নাছিল। গতিকে আমি গীতটিত ‘মুখনি’টোৱেই শুদ্ধ বুলি একপ্ৰকাৰে ধৰি লোৱাৰ থল আছে।
কিয়নো ‘কদমকলি’ৰ ছপা কাৰ্যত বেজবৰুৱাদেৱৰ সেই লেখাত ছপাৰ ভুল হোৱাটো উলাই কৰিব নোৱাৰি। আনহাতে শুদ্ধ বুলি ভাবি লোৱাৰ কথাটোও নুই কৰিব নোৱাৰি।
কিন্তু এই ক্ষেত্রত আমি এটা কথা পর্যবেক্ষণ কৰি চাব পাৰোঁ যে, ১৯২৮ চনত দেশভক্ত তৰুণৰাম ফুকনৰ পৌৰোহিত্যত তেজপুৰত অনুষ্ঠিত অসম ছাত্র সম্মিলনৰ সভাত বেজবৰুৱাদেৱৰ জীৱিত অৱস্থাতেই পৰিৱেশিত গীতটিত ‘মুখখনি’ৰ পৰিৱৰ্তে ‘মুখনি’হে ব্যৱহৃত হৈছিল।
উক্ত সভাত সুদূৰ বঙ্গদেশৰ পৰা অহা বৰেণ্য ব্যক্তি আচার্য প্রফুল্ল চন্দ্ৰ ৰায়সহ অসমৰ ভালেসংখ্যক স্বনামধন্য ব্যক্তি উপস্থিত আছিল। সেই ছাত্র সম্মিলনৰ অধিৱেশনত গীতটি সমৱেত কণ্ঠত ইন্দ্ৰেশ্বৰ বৰঠাকুৰ (বয়স ৪১ বছৰ), প্রফুল্লচন্দ্ৰ বৰুৱা (সেইখিনি সময়ত তেখেতৰ বয়স ২৯ বছৰ), বিষ্ণুপ্ৰসাদ ৰাভা (বয়স ১৯ বছৰ), কুমুদ শৰ্মা প্ৰমুখ্যে অন্যান্যসকলৰ লগত ২২ বছৰ বয়সীয়া গীতটিৰ সুৰকাৰ কমলাপ্রসাদ আগৰৱালাদেৱেও কণ্ঠদান কৰি এই গীতটি পৰিৱেশন কৰিছিল।
উপৰোক্ত সেই সভাত উপস্থিত থকা গণ্য-মান্যসকলৰ ভিতৰত – পদ্মনাথ গোহাঞিবৰুৱা, উপেন্দ্ৰ চন্দ্ৰ লেখাৰু, নকুল চন্দ্ৰ ভূঞা, অতুল চন্দ্ৰ হাজৰিকা, বেলিৰাম দাস, মোহন চন্দ্ৰ মহন্ত, মহাদেৱ শৰ্মা, দুর্গানাথ হাজৰিকা, ৰজনীকান্ত গোস্বামী, ধর্মানন্দ দাস, হৃদয়ানন্দ দাসসহ প্রায় সহস্রাধিক গণ্য-মান্য লোক উপস্থিত আছিল।
সেই সভাতেই এই গীতটি অসমৰ জাতীয় সঙ্গীতৰূপে স্বীকৃতি প্রদান কৰা হৈছিল। উল্লেখযোগ্য যে, বেজবৰুৱাদেৱৰ মৰণোত্তৰ কালত বেজবৰুৱাদেৱৰ লিখনি সম্ভাৰ সংকলন আৰু সম্পাদনা কৰা সাহিত্যাচাৰ্য অতুলচন্দ্ৰ হাজৰিকাৰ সম্পাদনাত প্ৰকাশ পোৱা গ্ৰন্থৰ নিৰ্দিষ্ট ঠাইত ‘মুখনি’ বুলিহে প্রকাশ পাইছে।

শব্দ বিভ্রাট: ২
‘চাই লওঁ তোমাৰ মুখনি এবাৰ‘ নে ‘চাই লওঁ এবাৰ মুখনি তোমাৰ’
লক্ষ্মীনাথ বেজবৰুৱা ৰচিত ‘অ’ মোৰ আপোনাৰ দেশ’ গীতটিৰ তৃতীয় অনুচ্ছেদত থকা ‘অ’ মোৰ ওপজা ঠাই, অ’ মোৰ অসমী আই, চাই লওঁ তোমাৰ মুখনি এবাৰ, হেঁপাহ মোৰ পলোৱা নাই‘ শীর্ষক আৰু মূল পাঠত থকা ‘চাই লওঁ তোমাৰ মুখনি এবাৰ‘ শীৰ্ষক শাৰী দুটি বহুতেই ‘চাই লওঁ এবাৰ, মুখনি তোমাৰ‘বুলি পৰিৱেশন কৰে বা গায়।
গীতটিৰ ভাৱপ্ৰকাশক বা অর্থপ্রকাশক দৃষ্টিকোণৰ পৰা দুয়োটি বাক্যৰ পাৰ্থক্য বৰ বেছি নহয় যদিও গীতটিৰ স্ৰষ্টা বেজবৰুৱাদেৱে ‘বাঁহী’ৰ পৃষ্ঠাত প্রকাশ কৰোঁতে ‘চাই লওঁ তোমাৰ মুখনি এবাৰ’ আৰু ‘কদমকলি’ কবিতা সংকলনটিত প্রকাশ কৰোঁতে ‘চাই লওঁ তোমাৰ মুখখনি এবাৰ’ বুলিহে প্ৰকাশ কৰিছে।
এই দুয়ো ঠাইতে ‘তোমাৰ’ শব্দটি ‘এবাৰ’ শব্দটিতকৈ আগতে প্ৰয়োগ কৰিছে। গতিকে সকলোৱে সেইদৰে পৰিৱেশন কৰিলেহে গীতটি শুদ্ধকৈ গোৱা বুলি ধৰা হ’ব। তাকে নকৰি ‘চাই লওঁ এবাৰ মুখনি তোমাৰ’ বুলি পৰিৱেশন কৰিলে অশুদ্ধ বুলি গণ্য কৰা হ’ব।
বহুতো গ্রন্থ বা প্রকাশিত গীত সংকলন, পুস্তিকা আদিত এই বাক্যশাৰী ভুলকৈ ছপা হোৱাটো চকুত পৰিছে। আনকি অসম সাহিত্য সভাৰ প্রকাশনতো ‘চাই লওঁ এবাৰ মুখনি তোমাৰ’ বুলিহে ভুলক্রমে প্রকাশ পাইছে আৰু সেই ভুল আন আন সংকলকে কৰা গ্ৰন্থ সংকলন বা সম্পাদনা কৰা গ্ৰন্থ আদিত মুদ্রিত হৈ গৈ আছে।
স্বয়ং সাহিত্য সভাৰ ‘নিয়মাৱলী’ত থকা পাঠটিক শুদ্ধপাঠ বুলি ভাবি অসমৰ এজন জনপ্রিয় যুৱ কণ্ঠশিল্পীয়েও গীতটি সেইধৰণে পৰিৱেশন কৰি যথেষ্ট বিতৰ্কৰ সম্মুখীন হ’বলগীয়া হৈছিল। বিষয়টি সভাৰ দৃষ্টিগোচৰ কৰাত সভাই পৰৱৰ্তী সময়ৰ প্ৰকাশনসমূহত ভুল হৈ থকা পাঠসমূহ শুদ্ধ কৰি সংশোধিত সংস্কৰণৰূপে প্ৰকাশ কৰিছে।
শব্দ বিভ্রাট: ৩
‘পৃথিৱীৰ ক’তো বিচাৰি জনমটো নোপোৱা কৰিলেও পাত‘ নে ‘পৃথিৱীৰ ক’তো বিচাৰি নোপোৱা জনমটো কৰিলেও পাত’!
বেজবৰুৱাদেৱৰ ‘অ’ মোৰ আপোনাৰ দেশ’ গীতটি পৰিৱেশন কৰাৰ ক্ষেত্ৰত এসময়ত জনৈক কোনো কোনো শিল্পীৰ মুখত ‘পৃথিৱীৰ ক’তো বিচাৰি জনমটো নোপোৱা কৰিলেও পাত’ৰ ঠাইত পৰিৱেশিত হোৱা দেখা গৈছিল- ‘পৃথিৱীৰ ক’তো বিচাৰি নোপোৱা জনমটো কৰিলেও পাত’। এই বিভ্রান্তিৰ ক’ত কেনেকৈ আৰম্ভণি ঘটিছিল তাৰ সন্ধান পোৱাটো কঠিন যদিও বহুতো পৰিৱেশনকাৰীৰ মুখত এইধৰণে পৰিৱেশিত হোৱাত বেজবৰুৱাপ্রেমী সচেতন মহলে সচকিত হৈ উঠাটো স্বাভাৱিক কথা।
সেয়ে তেনে ভুলপাঠেৰে গীতটি কাৰো কাৰো মুখত পৰিৱেশিত হৈ প্ৰসাৰতা লাভ কৰিবলৈ আগবঢ়া মুহূৰ্তত গীতটিৰ বিষয়ে সচেতক মহলে হৈ-চৈ লগোৱাত আৰু ভুলটো লোকসমাজৰ দৃষ্টিগোচৰ হোৱাত সম্প্ৰতি বেজবৰুৱা বিৰচিত মূল গীতটি শুদ্ধপাঠৰ আধাৰত পৰিৱেশিত হ’বলৈ লৈছে।
কিন্তু এচাম পুৰণি বা অভ্যাসগতভাৱে গাই অহা শিল্পী বা দেশপ্রেমীৰ কণ্ঠত এতিয়াও সেই পুৰণি ঠাঁচতেই ভুল ধৰণে উচ্চাৰিত হোৱা দেখা যায়। সেয়েহে, ভুলপাঠ অৰ্থাৎ ‘পৃথিৱীৰ ক’তো বিচাৰি নোপোৱা জনমটো কৰিলেও পাত’ৰ ঠাইত গীতিকাৰ বেজবৰুৱাদেৱে লিখা মতে ‘পৃথিৱীৰ ক’তো বিচাৰি জনমটো নোপোৱা কৰিলেও পাত‘হে হ’ব লাগে।
সহায়ক গ্রন্থ–
১. অসমৰ জাতীয় সংগীত আৰু ইতিহাস,সূৰ্য্য হাজৰিকা ।
২. বেজবৰুৱা গ্ৰন্থাৱলী ।
৩. ভাষণমালা, অতুল চন্দ্ৰ হাজৰিকা
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

















