অসমৰ জাতীয় সমস্যা আৰু প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ
যুগান্ত বায়ন

৪ ফেব্ৰুৱাৰীৰ প্ৰত্যাশিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণে অসমৰ আৰ্থসামাজিক উন্নয়নৰ ক্ষেত্ৰখন লৈ এক দৃষ্টান্তমূলক উন্নতিৰ বতৰা কঢ়িয়াই আনিব বুলি শাসক দলে চলাই থকা ব্যাপক তৎপৰতা আৰু প্ৰচাৰৰ ধামখুমীয়াই আজি এই সময়ত গোটেই ৰাজ্যখনকে জোঁকাৰি গৈছে।
এটা নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত সকলো ৰাজনৈতিক দলৰ লগতে, বিশেষকৈ শাসক দলে এনেধৰণৰ তৎপৰতা প্ৰকাশ কৰাটো অতি এক স্বাভাৱিক প্ৰক্ৰিয়া।

কিন্তু অসমৰ দৰে ৰাজ্যখন বিভিন্ন জাতীয় সমস্যাৰে জৰ্জৰিত আৰু ভাৰক্ৰান্ত। যোৱা চাৰিটা দশক ধৰি এই জাতীয় সমস্যাসমূহৰ শুদ্ধ আৰু সঠিক সমাধানৰ পথ বিচাৰি অসমীয়াই হাবাথুৰি খাবলগীয়া হৈছে।
আঞ্চলিক ৰাজনৈতিক দলৰ পৰা সৰ্বভাৰতীয় ৰাজনৈতিক দলসমূহে যোৱা সময়ছোৱাত এই জাতীয় সমস্যাসমূহক কেৱল নিৰ্বাচনী বৈতৰিনী পাৰ হোৱাৰ এক আহিলা হিচাপে ব্যৱহাৰ কৰি আহিছে।
নিৰ্বাচনৰ প্ৰাকক্ষণত বৃহত্তৰ জাতি সত্তাৰ আৱেগ জড়িত হৈ থকা এই সমস্যাসমূহ সমাধান কৰাৰ বাবে ডিঙিৰ শিৰ ফুলাই ফুলাই ভাষণৰ ফুলজাৰি মাৰি অসমীয়া আৱেগৰ লগত খেল খেলি সমগ্ৰ অসমীয়া জাতি সত্তাক আজিৰ তাৰিখত সৰ্বভাৰতীয় ধ্যান-ধাৰণাৰে পৰিচালিত কৰাৰ নামত দুৰ্বল কৰাৰ বাবে যেন এক সুদূৰপ্ৰসাৰী পৰিকল্পনা কৰাৰ এক পৰিৱেশে গা কৰাৰ বাবে উঠি পৰি লাগিছে।
“নিৰ্বাচনৰ প্ৰাকক্ষণত বৃহত্তৰ জাতি সত্তাৰ আৱেগ জড়িত হৈ থকা এই সমস্যাসমূহ সমাধান কৰাৰ বাবে ডিঙিৰ শিৰ ফুলাই ফুলাই ভাষণৰ ফুলজাৰি মাৰি অসমীয়া আৱেগৰ লগত খেল খেলি সমগ্ৰ অসমীয়া জাতি সত্তাক আজিৰ তাৰিখত সৰ্বভাৰতীয় ধ্যান-ধাৰণাৰে পৰিচালিত কৰাৰ নামত দুৰ্বল কৰাৰ বাবে যেন এক সুদূৰপ্ৰসাৰী পৰিকল্পনা কৰাৰ এক পৰিৱেশে গা কৰাৰ বাবে উঠি পৰি লাগিছে। নহ’লেনো ২০১৪ চনৰ নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত ২০১৪ চনৰ ১৬ মে’ৰ পিছত অসমত থিতাপি লোৱা সকলো বিদেশীয়ে টালি-টোপোলা বান্ধি ৰাজ্য ত্যাগ কৰিব লাগিব বুলি ৰাজহুৱাভাৱে দিয়া প্ৰতিশ্ৰুতি আজি ১০ বছৰ পিছতো প্ৰতিশ্ৰুতি হৈয়ে থাকিল।”
নহ’লেনো ২০১৪ চনৰ নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত ২০১৪ চনৰ ১৬ মে’ৰ পিছত অসমত থিতাপি লোৱা সকলো বিদেশীয়ে টালি-টোপোলা বান্ধি ৰাজ্য ত্যাগ কৰিব লাগিব বুলি ৰাজহুৱাভাৱে দিয়া প্ৰতিশ্ৰুতি আজি ১০ বছৰ পিছতো প্ৰতিশ্ৰুতি হৈয়ে থাকিল। নিৰ্বোধ অসমীয়া নেতাসকলৰ প্ৰলোভনত পৰি আকৌ এবাৰ প্ৰতাৰিত হ’ল।

একেই প্ৰতিশ্ৰুতিৰ পুনৰাবৃত্তি হ’ল ২০১৯ চনৰ সাধাৰণ নিৰ্বাচনৰ সময়ত তেতিয়া কোৱা হ’ল ৮৫৫ জন শ্বহীদৰ কেঁচা তেজৰ মূল্য আৰু হেজাৰ হেজাৰ আবাল বৃদ্ধ-বনিতাৰ অসীম ত্যাগক সন্মান জনাই “অসম চুক্তিৰ ৬ নম্বৰ দফা“ৰ জৰিয়তে বৃহত্তৰ অসমীয়া জাতি সত্তাৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে চৰকাৰেই গঠন কৰি দিয়া বিশেষজ্ঞ সমিতিৰ পৰামৰ্শ দাৰী,কমা সহকাৰে ৰূপায়ণ কৰা হ’ব বুলি কৰা অংগীকাৰ আজিলৈ বাস্তৱ নহ’ল।
বৰং তথাকথিত নাগৰিকত্ব সংশোধনী আইন প্ৰণয়নৰ জৰিয়তে একাংশ অভাৰতীয়ক ভাৰতীয় কৰাৰ প্ৰচেষ্টা চলোৱা হ’ল।
জোৰদাৰভাৱে প্ৰচাৰ চলোৱা হ’ল — এই আইন প্ৰযোজ্য হ’লে অসমীয়া সংখ্যালঘু হোৱাৰ পৰা ৰক্ষা পাব।

এনেধৰণে সকলো প্ৰতিশ্ৰুতি ভংগ কৰি শেহতীয়াভাৱে আইৰ মুখৰ ভাষাটো লৈও এক সংকটৰ অমানিশা নমাই আনিবলৈ ব্যৱস্থা লোৱা হ’ল।
প্ৰধানমন্ত্ৰীয়ে সততে নিম্ন পৰ্য্যায়ত মাতৃভাষাৰ জৰিয়তে শিক্ষাদান কৰিব লাগে বুলি ঘোষণা কৰি থকাৰ সময়তে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ পৰামৰ্শকো নস্যাৎ কৰি তথাকথিত বিশ্বায়নৰ লগত ফেৰ মাৰিবলৈ ভাষাটোৰ লগতে খেলা কৰা হ’ল।
নীৰৱ হৈ ৰ’ল অসম সাহিত্য সভাৰ দৰে জাতীয় সংগঠন।
শেহতীয়াভাৱে ৰাজ্য চৰকাৰৰ তৎপৰতাত কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা পদক্ষেপ অতি আদৰণীয়। স্বাধীনতাৰ ৭৫ বছৰ পিছত ৰাজ্যখনে সোণালী দিনৰ এক উকমুকনী দেখিছে।
কিন্তু তাৰ লগে লগে যিবোৰ জাতীয় সমস্যাই অসমীয়া জাতীয় জীৱনক জৰ্জৰিত কৰি ৰাখিছে, সেই সমস্যা সমাধান কৰাটো অতি জৰুৰী।
প্ৰধানমন্ত্ৰী সদ্য অসম ভ্ৰমণে এই জাতীয় সমস্যাসমূহ সমাধানৰ পথৰ সন্ধান দিব বুলি অসমৰ ৰাইজে আশা প্ৰকাশ কৰিছিল।
কিন্তু আজি প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণত অসমৰ জাতীয় সমস্যসমূহৰ সমাধানৰ পথৰ কোনো সন্ধান নোলাল।
জাতীয়তাবাদক সাৰথি কৰি শাসনলৈ অহা আজিৰ শাসক দলে জাতীয় সমস্যাসমূহক আওকাণ কৰা প্ৰৱণতাই জাতিটো লৈ অন্য এক সংকট কঢ়িয়াই অনাৰ সম্ভাৱনাই দেখা দিছে।

অসম তথা উত্তৰ-পূৰ্বাঞ্চলক ভাৰতৰ অস্তলক্ষ্মী বুলি প্ৰধানমন্ত্ৰীয়ে অভিহিত কৰা অসমৰ জাতীয় অংগ পঙ্গু হ’লে দেশখনৰ সামগ্ৰিক উন্নতি সম্ভৱ হ’বনে?
সেয়েহে ভাৰতৰত্ন ড⁰ ভূপেন হাজৰিকাৰ গীতৰ ভাষাৰে ৰজা ঘৰক সোঁৱৰাই দিব খুজিছোঁ —
“তুমি বিশ্বৰ শৰীৰত পঙ্গু অংগ হ’লে
বিশ্বই জানো ভাল পাব
পৃথিৱীত জনমি সচেতন নহ’লে
প্ৰাপ্যও থিতাতে হেৰাব।”

যুগান্ত বায়ন/ ৮৮৭৬৪১৫০৮৯
04-02-2024 ( Images from different sources)
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)