অসমৰ টাই বৌদ্ধধৰ্মাৱলম্বী সকলৰ উৎসৱ
গৌতম শৰ্মা
বাৰেৰহনীয়া জাতি-জনগোষ্ঠীৰ সংমিশ্ৰিত জনগাঁথনিৰ সাংস্কৃতিক বৈচিত্ৰ্যতাই চহকী অসমখনি।
টাই জনগোষ্ঠীৰ লোকসকল হৈছে এই ভূমিত বাস কৰি অহা অতি এক পুৰণি জনগোষ্ঠী।
মূলতঃ টাইসকল হৈছে সমগ্ৰ দক্ষিণ-পূব এছিয়াতেই বিয়পি থকা মংগোলীয় গোষ্ঠীৰ এক বৃহৎ ডাল। বিভিন্ন ঠাইত বিভিন্ন নামেৰে পৰিচিত টাই জনগোষ্ঠীৰ বিভিন্ন ঠালসমূহৰ ভিতৰত টাই-ফাকে, টাই-টুৰু, টাই-খামতি, টাই-আয়তন, টাই-খামযাং বিশেষভাৱে উল্লেখযোগ্য।
যিসমূহ টাই ঠাল অসমৰ বিভিন্ন ঠাইত বিশেষকৈ উজনি অসমৰ কেতবোৰ সীমামুৰীয়া অঞ্চলত বাস কৰি থাকি নিজৰ স্বকীয় ধৰ্মবিশ্বাস, লোক-উৎসৱ, পৰম্পৰা, ৰীতি-নীতিৰ বৈশিষ্ট্যসমূহে চহকী হৈ অসমীয়া কৃষ্টি-সংস্কৃতি সমৃদ্ধি আৰু সমন্বয় সাধনত এক বিশেষ ভূমিকা অতীজৰে পৰা পালন কৰি আহিছে।
আহোম ৰাজ্যৰ প্ৰাণ প্ৰতিষ্ঠাতা চুকাফাৰ লগত অহা টাইসকলে হিন্দু ধৰ্ম গ্ৰহণ কৰিলেও ভিন্ন সময়ত, ভিন্ন কাৰণত অসমলৈ আহি স্থায়ীভাৱে থাকিবলৈ লোৱা অন্যান্য বহু টাই জনগোষ্ঠীৰ ঠালসমূহে তেওঁলোকৰ পূৰ্ব থেৰবাদ বৌদ্ধ ধৰ্মাৱলম্বীৰ ধৰ্ম-কৰ্ম, পৰম্পৰা অনুসৰি ঋতু অনুযায়ী বিভিন্ন উৎসৱ-পৰ্বসমূহ উদযাপন কৰি অহা দেখিবলৈ পোৱা যায়।
অসমত বাস কৰা টাই-বৌদ্ধধৰ্মাৱলম্বী লোকসকলে পালন কৰা তেনে কেইটামান বিশেষ উৎসৱ হৈছে ‘পয়লেং’, ‘পয় চাংকেন’ আৰু ‘মাই-কু-চোং-ফাই’।
অসমত বাস কৰা টাই-বৌদ্ধধৰ্মাৱলম্বীসকলে উদযাপন কৰা ‘পয়লেং’ হৈছে এক বিচ্ছেদ আৰু বেদনাৰ উৎসৱ; এই পয় শব্দৰ অৰ্থ হৈছে উৎসৱ আৰু লেং মানে হৈছে ৰথ।
উল্লেখযোগ্য যে, যদি কোনোবা বৌদ্ধ ভিক্ষু ঢুকাই তেন্তে তেওঁলোকে এই বিশেষ উৎসৱৰ যোগেদি তেওঁৰ সৎকাৰ কৰে। বিশেষ এক পৰম্পৰাগত অথচ বৈজ্ঞানিক পদ্ধতি প্ৰয়োগেৰে তেওঁলোকে মৃত ভিক্ষুজনৰ শৰীৰটো ছমাহ বা কেতিয়াবা এবছৰলৈকেও সংৰক্ষণ কৰি ৰাখি সকলো গঞাই আলোচনা কৰি মাঘী বা ফাগুনী পূৰ্ণিমাৰ কোনো এটা দিনত এই উৎসৱ পালনেৰে মৃতদেহটোৰ সৎকাৰ কৰে।
তিনিদিন ধৰি উদযাপন কৰা এই উৎসৱৰ দিনকেইটাত ধৰ্মালোচনা, জাতকৰ কাহিনীৰ নাটক পৰিৱেশন আদি অনুষ্ঠানসমূহ অনুষ্ঠিত হয়। শেষত ভিন্ন ঠাইৰ বৌদ্ধ ধৰ্মাৱলম্বী লোকসকল সমবেত হৈ এখন সু-সজ্জিত ৰথত মৃতদেহটো তুলি নি কোনো এক বিশেষ ঠাইত ৰথেৰে সৈতে জুই লগাই অৰ্থাৎ দাহ কৰে। তেওঁলোকৰ বিশ্বাস অনুসৰি পোনপ্ৰথমে বুদ্ধদেৱে তেওঁৰ পিতৃ শুদ্ধোধনৰ মৃতদেহ এনেদৰে সৎকাৰ কৰিছিল।
অসমৰ টাই-বৌদ্ধধৰ্মাৱলম্বী লোকসকলে পালন কৰা প্ৰধান অন্য এক উৎসৱ হৈছে ‘পয় চাংকেল’ উৎসৱ। উত্তৰ-পূব তথা অসমৰ লোকসকলে পালন কৰা ফল্গুৎসৱ আৰু ৰঙালী বিহুৰ সৈতে কিছু সাদৃশ্য থকা এই উৎসৱ তেওঁলোকে বসন্ত ঋতু তথা এপ্ৰিল মাহৰ পূৰ্ণিমা তিথিত উদযাপন কৰে। যিসময়ত প্ৰতিজন অসমীয়াই ব’হাগ বিহু পালন কৰে। দ-খেতিত নমাৰ আগেয়ে এই উৎসৱ উদযাপন কৰা বাবে বহুতেই আকৌ এই উৎসৱক ‘পয়-চাম-নাম’ বুলিও কয়।
অন্যহাতেদি ব্যক্তি আৰু ঠাইভেদে এই উৎসৱক ‘সংক্ৰান্তী’ আৰু ‘চনফ্ৰা’ অৰ্থাৎ ‘বুদ্ধমূৰ্তি ধুওৱা’ উৎসৱ হিচাপেও পালন কৰে। সেই উদ্দেশ্যেই উৎসৱৰ সময়ত যাতে বুদ্ধমূৰ্তিৰ গা ধুওৱা সময়ত ভালদৰে স্তুতি কৰিব পৰা যায় তাৰ বাবে উৎসৱৰ এমাহৰ আগৰেপৰা ‘চন লিক-চাংকেন’ অৰ্থাৎ টাই পুথিৰ স্তুতি শিকা পৰ্ব আৰম্ভ হয়।
‘ছাকৌ’ বা টাই গণকৰ গণনা মতে দিন, ঘণ্টা, মিনিট আদি নিৰ্ধাৰণ কৰি বুদ্ধৰ মূৰ্তিসমূহ বৌদ্ধ বিহাৰৰ পৰা মাটিলৈ নমাই অনা হয়। উল্লেখ্য যে, উক্ত দিনা বুদ্ধৰ মূৰ্তিবোৰ বিহাৰৰ প্ৰাংগণত নিৰ্মিত ‘কাংফ্ৰা’লৈ নমাই অনা যায়। এই ‘কাংফ্ৰা’ হৈছে বুদ্ধৰ মূৰ্তিবোৰ থবৰ বাবে নিৰ্মাণ কৰা এক বিশেষ ঘৰ।
বিশ্বাস মতে বুদ্ধৰ মূৰ্তিবোৰ যিফালে প্ৰতিষ্ঠা কৰা হয় সেইফালেদিয়েই পৃথিৱীলৈ মহামাৰী আহে; সেয়েহে সেইদিনা তেওঁলোকে মূৰ্তিবোৰ একেদিশে মুখ কৰি ৰাখে যাতে ঐশ্বৰিক শক্তিয়ে পৃথিৱীখনক ৰক্ষা কৰিব পাৰে।
‘পয়-চাংকেন’ উৎসৱত সাধাৰণ ৰাইজ আৰু বৌদ্ধ ভিক্ষু সকলো মিলিত হৈ বৌদ্ধ বিহাৰলৈ সোমাই ধৰ্মীয় কাৰ্যসমূহ সম্পন্ন কৰি বুদ্ধৰ মূৰ্তি ‘কাংফ্ৰা’ ঘৰত স্থাপন কৰে। পৰম্পৰাগত বিভিন্ন বাদ্যযন্ত্ৰসমূহ বজাই সম্পূৰ্ণ পৰিৱেশটোকে উৎসৱমুখৰ কৰি তোলা হয়। উল্লেখযোগ্য যে, ‘কাংফ্ৰা’ ঘৰত বুদ্ধৰ মূৰ্তিক স্থাপন কৰাৰ আগেয়ে মূৰ্তিভাগক ‘কাংফ্ৰা’ ঘৰৰ সন্মুখৰ ভাগত এখন আসনত সজোৱা হয়; আৰু ইয়াতেই সুগন্ধীযুক্ত পানী ঢালি মূৰ্তিভাগক স্নান কৰাই পূজা কৰা হয়।
তাৰ পাছত শ্ৰমণ অৰ্থাৎ ভিক্ষুৱে মূৰ্তিভাগক ‘কাংফ্ৰা’ ঘৰত স্থাপন কৰে লগে লগে ‘পয় চাংকেন’ উৎসৱৰো শুভাৰম্ভ হয়। ব’হাগ বিহুৰ প্ৰথমদিনাই প্ৰতিজন অসমীয়াই ন-কাপোৰ পৰিধান কৰাৰ ধৰণে উক্ত দিনা ‘পয়-চাংকেন’ উৎসৱ পালন কৰা প্ৰতিজন টাই-বৌদ্ধধৰ্মাৱলম্বী লোকেই ন-সাজ পৰিধান কৰি একোটাকৈ পাত্ৰত তেল, চন্দন মিহলোৱা পানী লৈ বুদ্ধ মূৰ্তিক গা ধুৱাই; এই গা-ধুওৱা পৰম্পৰাক ‘চনফ্ৰা’ বোলা হয়।
টাই-বৌদ্ধধৰ্মাৱলম্বী লোকসকলে বিশ্বাস কৰে যে এনেকৈ বুদ্ধ মূৰ্তিক গা ধুৱাবলৈ পালে তেওঁলোকৰ জীৱন সাৰ্থক হয়।
উল্লেখনীয় যে, বৰপেটা কীৰ্তন ঘৰৰ দৌলোৎসৱৰ আনন্দ-ফুৰ্তিৰ সময়ত এজনে আনজনক ফাকুগুৰি ছটিওৱাৰ দৰে ‘পয়-চাংকেন’ উৎসৱৰ মূৰ্তি স্থান কৰোৱা সময়তো বৃদ্ধ-বনিতা, ডেকা-গাভৰু, ল’ৰা-ছোৱালী সকলোৱে ইজনে-সিজনক আনন্দতে গালৈ পানী ছটিয়াই ৰং-ধেমালি কৰি গোটেই বছৰটোৰ বাবে মনৰ পৰা সকলো বেয়া ভাৱ, ভেদ-ভাৱ, কপটতা ইত্যাদিবোৰ পৰিহাৰ কৰি সকলো এজন ঈশ্বৰৰে সন্তান বুলি ভাবি প্ৰতিজনেই একতাৰ এনাজৰীৰে বান্ধ খায়। এই উৎসৱকালৰ দিনৰ ভাগত গোটেইকেইদিন মূৰ্তিক স্নান কৰোৱা হয় আৰু ৰাতিৰ ভাগত বন্তি জ্বলাই পূজা কৰা হয়।
‘চনফ্ৰা’ সমাপ্ত হোৱাৰ লগে লগে সন্ধিয়া সকলো ৰাইজ সমবেত হৈ বন্তি জ্বলাই প্ৰাৰ্থনা গায়। গোটেই ৰাতি টাই ডেকা-গাভৰুসকলে টাইগীত গাই মূৰ্তি ৰাখে। পুনৰ পিছদিনা সকলো ৰাইজ মিলিত হৈ অন্নদান পূজাই আবেলি ধূপ, মম পুষ্পদান কৰি বুদ্ধমূৰ্তিৰ ওচৰত মংগলৰ কাৰণে প্ৰাৰ্থনা জনায়। ৰাতিপুৱাৰ পূজাভাগক টাই-ফাকে ভাষাত ‘তাংচম’, পূজাৰ বাবে আগবঢ়োৱা সামগ্ৰীক ‘খাও-টাংমে’ আৰু আবেলিৰ সামগ্ৰীক ‘লু-চিমি’ বুলি কোৱা হয়।
সম্পূৰ্ণ তিনিদিন ধৰি এইদৰে ‘পয়-চাংকেন’ উৎসৱ পালন কৰাৰ অন্তত বৌদ্ধ বিহাৰৰ ভিতৰখনত চন্দনেৰে পানী ছটিয়াই শুদ্ধ কৰি লগতে সেই পানী উপস্থিত ৰাইজৰ গালৈ ছটিয়াই সকলোৰে সুখ-শান্তি কামনা কৰি পৰম্পৰাগত ৰীতি-নীতিৰ মাজেদি ভিক্ষু তথা শ্ৰমণে বুদ্ধৰ মূৰ্তিক পুনৰ বিহাৰত প্ৰতিষ্ঠা কৰে। ইয়াৰ পাছতেই এই উৎসৱৰো সামৰণি পৰে।
অৱশ্যে কিছুমান অঞ্চলত এই উৎসৱৰ দুদিনৰ পাছত গাঁৱৰ ৰাইজে মিলি এক ডাঙৰ ভোজৰ আয়োজন কৰে। প্ৰথমে তেওঁলোকে ভোজৰ বাবে বস্তুবোৰ সংগ্ৰহ কৰি ‘জোমৌ’ অৰ্থাৎ ৰাজহুৱা ঘৰত থয়। গোটেই ৰাতি গাঁৱৰ ডেকা-গাভৰুসকলে ৰং-ধেমালি কৰি ‘জোমৌ’তেই কটায়। ৰাতিপুৱা ভোজ-ভাত ৰান্ধি প্ৰথমে বুদ্ধলৈ উৎসৰ্গা কৰি থৈ শাৰী পাতি ভোজ-ভাত খাই উৎসৱৰ সামৰণিৰ ঘোষণা কৰে।
এইখিনিতে এটা কথা বিশেষভাৱে মন কৰিবলগীয়া যে, বুদ্ধৰ মূৰ্তি বৌদ্ধ বিহাৰৰ পৰা আনি ‘কাংফ্ৰা’ ঘৰত প্ৰতিষ্ঠা কৰাৰ সময়ছোৱা টাই-বৌদ্ধধৰ্মাৱলম্বী লোকসকলে এক পবিত্ৰ সময় বুলি গণ্য কৰে। এইছোৱা সময়ত তেওঁলোকে আপোনজনক তথা ঘৰৰ অন্যান্য সদস্যসকলে ঘৰতে থকাটো বিচাৰে। উৎসৱৰ সময়ত অনৈতিক কাম, সুৰাপান, মাছ ধৰা, চিকাৰ কৰা, কৃষিকৰ্ম কৰা আদি কাৰ্যসমূহ নিষিদ্ধ হিচাপে লৈ ‘গেনা’ পালন কৰে।
‘মাই-কো-চুম-ফাই’ হৈছে অসমত বাস কৰা টাই বৌদ্ধধৰ্মাৱলম্বীসকলে পালন কৰা অন্য এক প্ৰধান উৎসৱ। মাঘ মাহৰ পূৰ্ণিমাত উদযাপন কৰা এই উৎসৱত তেওঁলোকে কাঠ জাপি জ্বলাই। যিটো উৎসৱ অসমীয়া সমাজত পালন কৰা মাঘ বিহুৰ মেজি পূজাৰ সৈতে যথেষ্ট সামঞ্জস্য আছে। তেওঁলোকে প্ৰায় চৈবিশ ফুটৰ পৰা ত্ৰিশ ফুট ওখ পৰ্যন্ত মেজি সাজে।
মহিলাসকলে ফুল, কপাহ, পাতেৰে মালা গাঁঠি মেজিৰ তলৰপৰা ওপৰলৈ আঁৰে। সন্মুখৰ ভাগত বুদ্ধ, ধৰ্ম আৰু সংঘৰ নামত তিনিখন শৰাই আগবঢ়াই ভিক্ষুৰ বাবে আসনৰ ব্যৱস্থা কৰা হয়; ভিক্ষুৱে মেজিৰ উদ্দেশ্যি প্ৰাৰ্থনা জনায়। মাজনিশা ‘মাই-কো-চুম-ফাই’ উৎসৱৰ মেজি জ্বলোৱা হয় আৰু সকলোৱে প্ৰাৰ্থনা জনাই মেজিলৈ ফুল, আখৈ আদি ছটিয়াই। এই উৎসৱৰ পিছদিনা ‘খাও-বা-কুপ’ পতা হয়।
য’ত সকলোৱে প্ৰতিঘৰ মানুহৰ পৰা আলু, কচু, শাক-পাচলি ইত্যাদিবোৰ সংগ্ৰহ কৰি আনি খিচিৰি খাই আনন্দ কৰে। মহিলাসকলেও ভিন্ন পিঠাসমূহ প্ৰস্তুত কৰি আলহীক খুৱাই।
উল্লেখযোগ্য যে, এনেকৈয়েই বহুবছৰ ধৰি অসমত বাস কৰা বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে স্বকীয় বৈশিষ্ট্য তথা ৰীতি-নীতি, পৰম্পৰাৰে বিভিন্ন উৎসৱসমূহ পালন কৰি নিজৰ সাতামপুৰুষীয়া কৃষ্টি-সংস্কৃতিক ধৰি ৰাখি নিজৰ অস্তিত্ব আজিকোপতি জীয়াই ৰাখিবলৈ সক্ষম হৈছে।
(লেখক ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ শিক্ষক। ফোন: +৯১৯৯৫৪০০০২০০)
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)