• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, August 13, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAM

অসমৰ নজনা বীৰৰ কথা

ASSAMESE SECTION / Assam / Inspiration

by Diganta Kumar Gogoi
March 19, 2026
in ASSAM, ASSAMESE SECTION, Inspiration, Remembrance
Reading Time: 5 mins read
0
অসমৰ নজনা বীৰৰ কথা
Share on FacebookShare on TwitterShare on LinkedIn

অসমৰ নজনা বীৰৰ কথা

দিগন্ত কুমাৰ গগৈ

Diganta Gogoi
দিগন্ত কুমাৰ গগৈ

উনবিংশ শতিকাৰ দ্বিতীয় দশকত আহোম ৰাজবিষয়া সকলৰ অন্তৰ্কলহ আৰু বিবাদৰ ফলত অসম নিজৰ চুবুৰীয়া দেশ ম্যানমাৰ পৰা তিনিবাৰ আক্ৰমণৰ বলি হৈছিল।মানৰ উগ্ৰ আক্ৰমণত ৰজা প্ৰজা সকলো জৰ্জৰিত হৈ পৰিছিল। ইয়াৰ পিছত সংঘটিত হোৱা প্ৰথম ইংগ – বাৰ্মিজ যুদ্ধত, বৃটিছ সামৰিক বাহিনীয়ে, মান সৈন্য বাহিনীক পৰাস্ত কৰিলে আৰু ২৪ ফেব্ৰুৱাৰী, ১৮২৬ চনত বৃটিছ সাম্ৰাজ্য আৰু ব্ৰহ্ম দেশৰ( বৰ্তমান কালৰ ম্যানমাৰ), মাজত স্থাপন হোৱা ইয়াণ্ডাবু সন্ধিৰ ফলস্বৰূপে অসমত আহোম ৰাজবংশৰ শাসন আৰু স্বাধীন ৰাজ্য ৰূপে অসমৰ অস্তিত্ব সমাপ্ত হয়।

অসমৰ নজনা বীৰৰ কথা

২৪ ফেব্ৰুৱাৰী ২০২৬ চনত, ঐতিহাসিক ইয়াণ্ডাবু সন্ধিৰ দুশ বছৰ সম্পূৰ্ণ হ’ল। অসমক পৰাধীনতাৰ শিকলিৰ পৰা মুক্ত কৰিবলৈ ঔপনিৱেশিক বৃটিছ শাসনৰ পৰা গমধৰ কোঁৱৰ, পিয়লি ফুকন, মনিৰাম দেৱানৰ, তৰুণৰাম ফুকন, গোপীনাথ বৰদলৈ, ভোগেশ্বৰী ফুকননী, কনকলতা, আদিৰ মুক্তি যুঁজাৰুৰ সংগ্ৰাম আৰু বলিদানৰ বিষয়ে অসমৰ লোক জ্ঞাত আৰু সকলো সময়তে তেওঁলোকক সশ্ৰদ্ধ স্মৰণ কৰা হয়।

কিন্তু ইয়াণ্ডাবু সন্ধিৰ আগতে, আগ্ৰাসী মানৰ পৰা স্বাধীন অসমৰ অস্তিত্ব ৰক্ষাৰ অৰ্থে যিসকল লোকে সংগ্ৰাম কৰিছিল, তেওঁলোকৰ জীৱন আৰু কৰ্মৰাজিৰ বিষয়ে অসমৰ সৰ্বসাধাৰণ লোক বেছি জ্ঞাত নহয় আৰু ক্ৰমান্নয়ে তেওঁলোকৰ নাম আৰু কাৰ্য্যাৱলী ইতিহাসৰ পৃষ্ঠাৰ মাজত হেৰাই গ’ল। ইয়াৰে এগৰাকী অসমীয়া সেনানায়ক পাতৰ ফৈদৰ সৰু অভয়াপুৰীয়া ৰাজখোৱাৰ(পৰৱৰ্তী কালত বৰফুকন) কথা সাদিনৰ ২০ জুলাই,২০২৫ চনৰ সংখ্যাত ‘গগৈ সেনাপতি’ নামত প্ৰকাশ পাইছে। এই প্ৰৱন্ধটিত আমি আৰু কেইগৰাকীমান অসমীয়া সেনা নায়ক আৰু অসমীয়া লোকৰ মানৰ আক্ৰমণ প্ৰতিৰোধ কৰাৰ কথা চৰ্চা কৰিবলৈ লৈছো।

পাতৰ ফৈদৰ ভীষ্ম গগৈ বৰফুকন

বিশ্বেশ্বৰ বৈদ্যাধিপৰ পদ্য আকাৰত বিৰচিত ‘বেলিমাৰ বুৰঞ্জী’ মতে, যোৰহাটৰ স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহই মান সেনাৰ সহায়ত দ্বিতীয়বাৰ ৰাজ্যভাৰ পোৱাৰ পিছত, তেওঁৰ নতুন প্ৰশাসনৰ বাবে নতুনকৈ মন্ত্ৰী বিষয়া নিযুক্তি দিব ধৰিলে। মানৰ দ্বিতীয় আক্ৰমণৰ সময়ত মান সেনাৰ লগত অহা অসমীয়া মূলৰ সেনাপতি মোমাই বৰুৱাই নতুন প্ৰশাসন গঢ়োতে স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহক সহযোগ কৰিছিল।

মটক ৰাজ্যৰ বৰসেনাপতি সৰ্বানন্দ সিংহৰ পুত্ৰ আৰু মাটিবৰ বৰসেনাপতিৰ ভায়েক লঙ্ককীয়া ফৈদৰ কলিবৰক, বুঢ়াগোহাঁই আৰু পাতৰ ফৈদৰ ধনীক, বৰপাত্ৰ গোহাঁই পাতিলে। বদনচন্দ্ৰৰ পুত্ৰ জন্মীক বৰফুকন পদত নিযুক্ত কৰা হৈছিল। মোমাই বৰুৱাৰ খুড়াক জয়ৰামক, ফুকন পদত আৰু ভতিজাক বলোৰামক, বৰুৱা পদত নিযুক্তি দিয়া হৈছিল। মনজুৰ নামৰ কোৱৰ এজনক নেওগ ফুকন পদত আৰু চিৰিং ফুকনৰ নাতি এগৰাকীক ঢেকিয়াল ফুকন পদত নিযুক্তি দিয়া হৈছিল।

নৱ নিযুক্ত মন্ত্ৰীসকলক লৈ, ৰাজ সভাত স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহই নিজৰ কাষত অসমীয়া মূলৰ মান সেনাপতি মোমাই বৰুৱাক ৰাখি, গুৱাহাটীত থিতাপি লোৱা পুৰন্দৰ সিংহ, ৰুচিনাথ বুঢ়াগোহাঁই আৰু তেওঁলোকৰ পক্ষৰ লোকসকলৰ প্ৰতি কি ব্যৱস্থা লোৱা হব তাক লৈ আলোচনা কৰিলে। সভাত স্থিৰ হ’ল যে পুৰন্দৰ সিংহৰ সমৰ্থক সকলৰ বিৰুদ্ধে সামৰিক অভিযান চলাই গুৱাহাটীৰ পৰা উৎখাত কৰিব লাগিব, নহলে তেওঁলোকে স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহৰ প্ৰশাসনৰ স্থিৰতাৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব। সামৰিক অভিযানৰ নেতৃত্ব লবলৈ মোমাই বৰুৱা নিজে আগবাঢ়ি আহিল, আৰু সকলোকে আশ্বস্ত প্ৰদান কৰি কলে যে স্বয়ং বৃটিছ ফিৰিঙ্গী সেনা পুৰন্দৰ সিংহৰ পক্ষত আহিলেও, শত্ৰুক পৰাস্ত কৰিবলৈ ক্ষমতা তেওঁৰ আছে। সভাত উপস্থিত সকলোৱে তেওঁৰ কথাত জয়ধ্বনি দিলে।

ইয়াৰ পিছত মোমাই বৰুৱাৰ নেতৃত্বত মান সৈন্যৰ দল গুৱাহাটীৰ ফালে আগবাঢ়ি আহিল। সৰ্বানন্দ সিংহৰ মটক ৰাজ্যৰ সৈন্য সকলো মোমাই বৰুৱাৰ মান সৈন্যৰ লগ লাগিল। চন্দ্ৰকান্ত সিংহই নতুনকৈ নিযুক্তি দিয়া নেওঁগ ফুকন, চাৰিঙ্গীয়া গোহাঁই, কাপ্তান বৰগোহাঁই, আদি বিষয়াসকলে মোমাই বৰুৱাৰ সৈন্য বাহিনীত যোগদান কৰিলে।

হিতেশ্বৰ বৰবৰুৱা প্ৰণীত ‘আহোমৰ দিন’ গ্ৰন্থখনত উল্লেখ থকা মতে পুৰন্দৰ সিংহ, ব্ৰজনাথ সিংহ, ৰুচিনাথ বুঢ়াগোহাঁই, আদি পুৰন্দৰ সিংহৰ পক্ষৰ লোকসকলে ইতিমধ্যে গুৱাহাটীত উপস্থিত হৈ, নতুন কৈ সৈন্য বাহিনী গঠন কৰিলে। মোমাই বৰুৱাৰ নেতৃত্বত মান সৈন্য গুৱাহাটীৰ অভিমুখে আগবাঢ়ি অহা খবৰ পাই পুৰন্দৰ সিংহৰ প্ৰশাসনে, গুৱাহাটীৰ বৰফুকন, নিৰ্গুনক পদৰ পৰা আঁতৰাই পাতৰ ফৈদৰ গগৈ ৰাজখোৱাক, বৰফুকন পদত অধিষ্ঠিত কৰিলে। মানক বাধা দিবলৈ গগৈ বৰফুকনে খাগৰিজানত (বৰ্তমান কালৰ নগাঁও নগৰৰ সমীপত) কোঠ পাতি সৈন্য বাহিনী সাজু কৰিলে।

কিন্তু দূৰ্ভাগ্যবশতঃ খাগৰিজানৰ ৰণুৱা কোঠতে গগৈ বৰফুকন টান নৰিয়া পৰি মৃত্যু হয়। গুৱাহাটী স্থিত পুৰন্দৰ সিংহই এই বাৰ্তা পাই ভীষ্ম গগৈ নামৰ সেই গগৈ বৰফুকনৰ পাতৰ ফৈদৰ ডেকা এজনক বৰফুকন পদত নিযুক্তি দিলে আৰু খাগৰিজানৰ ৰণুৱা কোঠত অসমীয়া সেনাৰ সেনাপতি পাতিলে। ভীষ্ম গগৈ বৰফুকনে সেনাপতি পদ গ্ৰহণ কৰি তৎপৰতাৰে খাগৰিজানৰ ৰণুৱা কোঠত, কলং নদীৰ পাৰে পাৰে গড় দুৰ্গ নিৰ্মাণ কৰি অসমীয়া সৈন্যৰ সামৰিক স্থিতি সবল কৰিলে। ভীষ্ম গগৈ বৰফুকনৰ তৎপৰতাত নগাওঁ অঞ্চলৰ বহু লোক তেওঁৰ সেনা বাহিনীত যোগ দিলে।

মোমাই বৰুৱাৰ নেতৃত্বত মান সৈন্যৰ দল খাগৰিজানৰ ফালে আগবাঢ়িলে। চেক নামৰ মানৰ সেনাপতি এজনৰ নেতৃত্বত অগ্ৰৱতী দল কলং নদী পাৰ কৰি কোঠ বান্ধিলে। এই সৈন্যদলৰ লগত নেওঁগ ফুকন, কাপ্তান গোহাঁই, আৰু চাৰিঙ্গীয়া গোহাঁইৰ সৈন্যবাহিনীও কলং নদী পাৰ কৰি কোঠ বান্ধিলে। মোমাই বৰুৱাই আন এটা সৈন্য দল লৈ কলং নদীৰ সিটো পাৰত কোঠ বান্ধিলে।

মোমাই বৰুৱাৰ নেতৃত্বাধীন মান সেনা আৰু তেওঁলোকৰ মিত্ৰ সকলৰ সৈন্য বাহিনী দেখি, ভীষ্ম গগৈ বৰফুকনেও নিজৰ সেনাবাহিনী সাজু কৰিলে। ইয়াৰ পিছত সুযোগ বুজি, ভীষ্ম গগৈ বৰফুকনে এদিন ৰাতিপুৱা মান সেনাৰ কোঠত আক্ৰমণ কৰে। দুয়ো পক্ষৰ মাজত প্ৰচণ্ড গুলীয়াগুলী হয়। বিশ্বেশ্বৰ বৈদ্যাধিপৰ পদ্য আকাৰত বিৰচিত ‘বেলিমাৰ বুৰঞ্জী’ মতে ভীষ্ম গগৈ বৰফুকনৰ সেনাবাহিনীত এগৰাকী খালচি নামৰ বঙাল যোদ্ধা আছিল।

পুৰণি অসমীয়া ভাষাত অসমৰ পশ্চিম দিশৰ পৰা অহা সকলো বিদেশীক বঙাল বুলিছিল । ভাৰতৰ ইতিহাস অধ্যয়ন কৰিলে আমি গম পাওঁ যে শিখ যোদ্ধা সকলে নিজকে খালচা বুলি পৰিচয় দিছিল, আৰু অসম বুৰঞ্জীৰ তথ্য মতে আহোম ৰজাৰ সৈন্যবাহিনীত কিছুমান শিখ সৈনিক দৰ্মহাৰ বাবদ যোগদান কৰিছিল। বুৰঞ্জীত উল্লেখ থকা খালচি নামৰ বঙাল যোদ্ধা গৰাকী সম্ভৱতঃ এগৰাকী শিখ খালচা সৈনিক আছিল। খাগৰিজানৰ যুদ্ধত এই খালচি নামৰ যোদ্ধাজনৰ নেতৃত্বত অসমীয়া সেনাই ডাঙৰ আকাৰৰ বৰটোপেৰে মান সেনাৰ ওপৰত প্ৰচণ্ড গোলা বৰ্ষণ কৰে।

অসমীয়া সেনাৰ আক্ৰমণত মান সেনাৰ কোঠ ধ্বংস হয়, আৰু সৈন্যবাহিনী চেদেলী ভেদেলি হৈ পৰে। নদীৰ সিটো পাৰৰ পৰা মান সেনাৰ পৰাজয় দেখি, মোমাই বৰুৱাই নিজৰ লগত থকা সৈন্য বাহিনী লৈ কলং নদী পাৰ কৰিলে। মোমাই বৰুৱাই চেদেলী ভেদেলি হৈ পৰা মান সৈন্য পুনৰ সংগঠিত কৰি, ভীষ্ম গগৈ বৰফুকনৰ লগত মুখামুখি হ’ল। কলং নদীৰ পাৰত দুয়ো পক্ষৰ মাজত তুমুল ৰণ হ’ল। বন্দুক – বৰটোপৰ গুলী চালনাৰ শব্দ আৰু ধোৱাই সকলো ছানি ধৰিলে।

ৰণৰ মাজতে মান সেনাৰ ফলীয়া হৈ যুদ্ধ কৰা নেওগ ফুকনৰ সৈন্যবাহিনীয়ে কৰা বৰটোপৰ গোলাবৰ্ষণত ভীষ্ম গগৈ বৰফুকনৰ গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হয়। লগত থকা সহযোগীসকলে ততালিকে তেওঁক সেই ঠাইৰ পৰা আতৰাই আনিলে। ইতিমধ্যে ৰণ ক্ষেত্ৰৰ আন এক অংশত খালচি বঙাল আৰু মোমাই বৰুৱাৰ মাজত তুমুল ৰণ চলি আছিল।

অৱশেষত মোমাই বৰুৱাৰ বন্দুকৰ গুলীৰ আঘাটত খালচী বঙাল নিহত হ’ল। খালচী বঙাল ৰণত পৰাৰ লগে লগে অসমীয়া সেনাৰ সাহস আৰু মনোবল ভাঙি পৰিল। এই সুযোগতে মোমাই বৰুৱাৰ নেতৃত্বত মান সেনাই প্ৰচণ্ড আক্ৰমণ কৰাৰ ফলত অসমীয়া সেনাৰ বেহু ভাঙি পৰে আৰু অনেক সৈন্য হতাহত হ’ল।

ৰণত পৰাজিত হৈ গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত ভীষ্ম গগৈ বৰফুকন আৰু বাদ বাকী সৈন্য খাগৰিজানৰ কোঠৰ ভিতৰত আশ্ৰয় লয়। ৰাতি ৰণত পোৱা আঘাতৰ পৰা ভীষ্ম গগৈ বৰফুকনৰ মৃত্যু হয়। এইদৰে আক্ৰমণকাৰী মানৰ বিৰুদ্ধে সাহসেৰে প্ৰতিৰোধ কৰা অসমীয়া সেনা নায়ক ভীষ্ম গগৈ বৰফুকনৰ জীৱন লীলাৰ অন্ত পৰে। কম বয়সীয়া হোৱা স্বত্বেও স্বদেশৰ বাবে পাতৰ ফৈদৰ ভীষ্ম গগৈ বৰফুকনে ৰণ ক্ষেত্ৰত অদম্য সাহস আৰু মনোবলৰ পৰিচয় দিছিল আৰু ৰণ ক্ষেত্ৰত প্ৰাণ ত্যাগ কৰি বীৰ গতি লাভ কৰিছিল।

পৰৱৰ্তী কালত এই বীৰ গৰাকীৰ বিষয়ে বেছি আলোচনা নহ’লেও হিতেশ্বৰ বৰবৰুৱা প্ৰণীত ‘আহোমৰ দিন’ আৰু বিশ্বেশ্বৰ বৈদ্যাধিপৰ পদ্য আকাৰত বিৰচিত ‘বেলিমাৰ বুৰঞ্জী’ত গগৈ সেনাপতি ৰূপে তেওঁৰ পৰিচয় থাকি গ’ল। এইখিনিতে উল্লেখ কৰিব লাগিব যে সৰু অভয়াপুৰীয়া গগৈ সেনাপতি (পৰৱৰ্তী কালত বৰফুকন), আৰু ভীষ্ম গগৈ বৰফুকন একে পাতৰ ফৈদৰ সদস্য আছিল আৰু দুয়ো গৰাকীৰ উপাধি গগৈ আছিল বাবে দুয়ো গৰাকী ব্যক্তিক একেজন গগৈ সেনাপতি বুলি ভৱা হয়।

কিন্তু হিতেশ্বৰ বৰবৰুৱা প্ৰণীত ‘আহোমৰ দিন’ ত স্পষ্ট ৰূপত লিখা আছে যে সৰু অভয়াপুৰীয়া গগৈ সেনাপতি ও বৰফুকন খাগৰিজানৰ কোঠত মান সেনাৰ লগত ৰণ আৰম্ভ হোৱাৰ আগতেই মৃত্যু হৈছিল। খাগৰিজানৰ যুদ্ধত নেতৃত্বত দিয়া অসমীয়া সেনাপতি জন একে পাতৰ ফৈদৰ ভীষ্ম গগৈ বৰফুকন। গতিকে এই তথ্যৰ পৰা দুয়োগৰাকী বেলেগ ব্যক্তি বুলি আমি জ্ঞাত হৈছোঁ।

ভীষ্ম গগৈ বৰফুকনৰ মৃত্যুৰ পিছত খাগৰিজানৰ কোঠৰ ভিতৰত থকা অৱশিষ্ট অসমীয়া সৈন্যসকলে, কোঠ এৰি পলায়ন কৰে। পলৰীয়া সৈনিকৰ পৰা যুদ্ধত পৰাজয় আৰু গগৈ বৰফুকনৰ মৃত্যুৰ খবৰ পাই, পুৰন্দৰ সিংহ, ৰুচিনাথ বুঢ়াগোহাঁই আৰু তেওঁলোকৰ সমৰ্থকসকলে গুৱাহাটী ত্যাগ কৰি, বৃটিছ অধিকৃত বংগদেশত আশ্ৰয় লৈছিল।

অসমৰ নজনা বীৰৰ কথা

বৰপেটাৰ চৌধুৰী সকল

বৰ্তমান কালৰ বৰপেটা জিলাৰ অন্তৰ্গত বাউসী পৰগনাৰ অন্তিমজন চৌধুৰী বা ৰাজ প্ৰশাসক, অতিৰাম এজন ঐতিহাসিকভাৱে উল্লেখযোগ্য ব্যক্তি। বৃটিছ মেজৰ আদম হোৱাইটে নিজৰ প্ৰতিবেদনত তেখেতক বাউসী পৰগনাৰ ভূতপূৰ্ব চৌধুৰী বুলি উল্লেখ কৰিছিল, যদিও সম্ভৱতঃ ভুলতে অতিৰাম নামটো অলিৰাম বুলি লিখিছিল।

অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ব বিভাগৰ প্ৰকাশিত আৰু বিপুল চন্দ্ৰ ভট্টাচাৰ্য্য দেৱৰ দ্বাৰা সম্পাদিত ” বুৰঞ্জী আৰু পুৰাতত্ত্ব সঞ্চালকালয়ত সংৰক্ষিত আহোম যুগৰ তাম্ৰপত্ৰ সমূহৰ তালিকা” নামৰ‌ গ্ৰন্থখনত পোৱা তথ্য মতে অতিৰামে আহোম ৰাজ প্ৰশাসনৰ ওচৰত আবেদন কৰিছিল যে মোগলৰ দিনৰ পৰা বাউসী পৰগনা তেওঁৰ পৰিয়ালে চলাইছিল, কিন্তু মাজতে সেই বাব চলাব নোৱাৰাত অন্য এজনে সেই বাব ল’বলৈ চেষ্টা কৰিছিল।

১৮১৬ খ্রীঃত স্বৰ্গদেউ চন্দ্রকান্ত সিংহই ৰাজমন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঞিৰ যোগেদি অতিৰাম চৌধাৰীৰ পুৰণি ফার্চিব মহজৰ-পত্র পৰীক্ষা কৰি তথ্য খিনি শুদ্ধ পাই, অতিৰামক বাউসী পৰগনাৰ ‘চৌধাৰী’ আৰু ‘পাটোৱাৰী’- এই দুই বিষয়ত নিযুক্ত কৰি তাম্রপত্র প্ৰদান কৰিছিল। তাম্রপত্রত অতিৰাম চৌধুৰীক বাউসী পৰগণাৰ পৰা ছয় মাহত ৬৫০ টকা আৰু বছৰত ১৩০০ টকা স্থলাধিকাৰৰ নিকটত সোধাবলৈ নির্দেশ দিছিল।

১৮১৭ চনৰ পৰা ১৮২৬ চনলৈ অসমত চুবুৰীয়া দেশ ম্যানমাৰৰ পৰা তিনিবাৰকৈ আক্ৰমণৰ সন্মুখীন হৈছিল। ১৮২১ খৃঃত, আহোম ৰজা স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহই, মানৰ তৃতীয় আক্ৰমণৰ সময়ত, ৰাজধানী যোৰহাটৰ পৰা পিছুৱাই আহি গুৱাহাটীত বাহৰ পাতিলে। আক্ৰমণকাৰী মানৰ পৰা দেশ উদ্ধাৰৰ অৰ্থে সেই সময়ত চন্দ্ৰকান্ত সিংহক, বৰ্তমান কালৰ বৰপেটা জিলাৰ বাউসী পৰগনাৰ অতিৰাম চৌধুৰী প্ৰমুখ্যে কামৰূপ ও পশ্চিম অসমৰ বৰুৱা – চৌধুৰীসকলে অৰ্থ সংগ্ৰহ কৰি সহযোগ কৰিলে। এই অৰ্থৰ জৰিয়তে চন্দ্ৰকান্ত সিংহই চুবুৰীয়া বৃটিছ শাসনাধীন বংগ প্ৰদেশৰ পৰা কিছু সংখ্যক ভেৰোনীয় সৈনিক গোটাবলৈ সক্ষম হৈছিল।

ইতিমধ্যে মিঙ্গিমহা তিলোৱাৰ নেতৃত্বাধীন মান সেনাই চন্দ্ৰকান্ত সিংহক আক্ৰমণ কৰি গুৱাহাটীৰ পৰা বিতাড়িত কৰিলে আৰু চন্দ্ৰকান্ত সিংহই বৰ্তমানৰ গোৱালপাৰা নগৰৰ বিপৰীত পাৰত অৱস্থিত, মানাহ আৰু ব্ৰহ্মপুত্ৰৰ সংগমস্থলীত স্থিত আহোম ৰাজ্যৰ পশ্চিম সীমান্ত চকী , হাদিৰাত বাহৰ পাতিলে। গুৱাহাটী অধিকাৰ কৰি মান সৈন্য দুইভাগ হৈ, এভাগ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰেদি আৰু এভাগ দক্ষিণ পাৰেদি হাদিৰাচকী অভিমুখে আগবাঢ়িলে।

দিগম্বৰ দাস বিৰচিত ‘বৰপেটাৰ বুৰঞ্জী’ নামৰ গ্ৰন্থ খনত পোৱা তথ্য অনুসৰি মান সেনা আগবাঢ়ি অহা গম পাই বৰ্তমান কালৰ বৰপেটা জিলাৰ চেঙা অঞ্চলৰ শ্যামনাথ চৌধুৰী , জয়নন্দ চৌধুৰী আৰু শ্ৰীনাৰায়ণ চৌধুৰীয়ে কিছু যুঁজাৰু লোক গোটাই, শুভাত মান সৈন্যৰ অগ্ৰগতি ৰোধ কৰাৰ সাহসীক প্ৰচেষ্টা কৰিছিল, কিন্তু মান সেনাৰ উগ্ৰ আক্ৰমণ আৰু সংখ্যাধিক্যৰ বাবে তিষ্ঠিব নোৱাৰি, তেওঁলোক পিছুৱাই চেঙাৰ ওচৰত চাউল খোৱা নদীৰ পাৰত কোঠ পাতিছিল।

মান সেনাই চেঙাৰ কোঠত, বামেদি আৰু নদীয়েদি, দুয়ো ফালেৰে আক্ৰমণ কৰিলে । অতি সাহসেৰে এই আক্ৰমণৰ সন্মুখীন হৈ অৱশেষত চৌধুৰী কেইজনৰ সৈন্যবাহিনী পৰাজিত হয় আৰু চেঙাৰ কোঠ মান সৈন্যই অধিকাৰ কৰিলে। চৌধুৰী কেইজন তাৰ পৰা পলায়ন কৰিবলৈ বাধ্য হয় আৰু বৃটিছ অধিকৃত অঞ্চলত আশ্ৰয় ললে।

চন্দ্ৰকান্ত সিংহ আৰু শিখ – হিন্দুস্তানী সৈনিক সকল

১৮২১ চনত, মানৰ তৃতীয় আক্ৰমণৰ সময়ত, আহোম ৰজা স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহই গোৱালপাৰা জিলা আৰু বংগৰ পৰা শিখ আৰু হিন্দুস্তানী ভেৰোণীয়া সৈন্য কিছুমান গোটাই অসমক আক্ৰমণকাৰী মানৰ পৰা উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছিল। এই সৈন্য বাহিনীত প্ৰায় ৩০০ পৰা ৫০০ জনকৈ শিখ সৈন্য আছিল বুলি বিভিন্ন তথ্যত প্ৰকাশ। জনপ্ৰিয় লোকশ্ৰুতি মতে এই শিখ সৈন্য পঞ্জাৱৰ ৰজা ৰঞ্জিত সিংহই চন্দ্ৰকান্তৰ অনুৰোধত পঠাইছিল।

কিন্তু সেই সময়ৰ ভাৰতবৰ্ষৰ ইতিহাস অধ্যয়ন কৰিলে আৰু ভৌগলিক ভাৱে অসম আৰু পঞ্জাৱৰ দূৰত্ব চালে, এই কথা বাস্তৱ সন্মত যেন নালাগে। বৰঞ্চ শিখসকলৰ নৱম গুৰু টেগ বাহাদুৰে বংগ, বিহাৰ আৰু অসম ভ্ৰমণ কৰি শিখ ধৰ্ম প্ৰচাৰ কৰাৰ ঐতিহাসিক তথ্য আৰু অসমৰ ধুবুৰীত গুৰু টেগ বাহাদুৰৰ দিনৰ গুৰুদ্বাৰা স্থাপন কৰাৰ তথ্য বিশ্লেষণ কৰিলে, এই শিখ সৈনিক সকল অসমৰ ধুবুৰী, বংগ দেশ আৰু বিহাৰত বসবাস কৰা শিখ লোকৰ পৰা অহা যেন অনুমান হয়।

সমকালীন বৃটিছ সামৰিক বিষয়া আৰু প্ৰশাসক মেজৰ আডাম হোৱাইটৰ লিখনিত আৰু গুণাভিৰাম বৰুৱাৰ দ্বাৰা বিৰচিত ‘আসাম বুৰঞ্জীত’ উল্লেখ থকা চন্দ্ৰকান্ত সিংহৰ সৈন্য বাহিনীত থকা কেইগৰাকীমান শিখ – হিন্দুস্তানী সেনানায়ক আছিল চৈতন্য সিং চুবেদাৰ, গোপাল সিং আৰু চুবেদাৰ যাদিৰ বক্স। বৃটিছ সামৰিক বিষয়া আৰু প্ৰশাসক মেজৰ আডাম হোৱাইটৰ লিখনিত উল্লেখ আছে যে ১৮২১ চনৰ আষাৰ মাহত স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহই মান সেনাই গুৱাহাটী অভিমুখে আগবাঢ়ি অহাৰ বাৰ্তা লাভ কৰে। স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহই নিজৰ সৈন্য বাহিনী সৈতে পিছুৱাই হাদিৰাচকীত বাহৰ পাতিলে।

মান সেনাই গুৱাহাটী অধিকাৰ কৰি হাদিৰাচকী ফালে আগবাঢ়িলে। চন্দ্ৰকান্ত সিংহৰ সেনাপতি সকলে, ৰজাক ব্ৰহ্মপুত্ৰ নদী পাৰ কৰি গোৱালপাৰা লৈ পঠিয়াই আৰু ৰজাৰ সেনাপতি সকলে আৰু সৈন্যবাহিনীয়ে মান সেনাক লহাবল্লা নামৰ ঠাইত প্ৰতিৰোধ কৰিলে। ৰণত চন্দ্ৰকান্ত সিংহৰ সৈন্যবাহিনীৰ হাতত মান সেনা পৰাস্ত হৈ, গুৱাহাটীলৈ পিছুৱাই যায়।

ইয়াৰ কিছুদিনৰ পিছতে চন্দ্ৰকান্ত সিংহই শিখ, হিন্দুস্তানী, স্থানীয় অসমীয়া লোকৰ, আদি বাৰে বৰণীয়া লোকৰে গঠিত প্ৰায় ২০০০‌ সৈন্যৰ এক বাহিনী লৈ ভোলা পানীফুকন, চিৰিং ফৈদৰ ৰাধানাথ বৰবৰুৱা, আৰু তেওঁৰ শিখ – হিন্দুস্তানী চুবেদাৰ কেইজন লগত লৈ গুৱাহাটী স্থিত মান সেনাক আক্ৰমণ কৰে। মানৰ লগত হোৱা তুমুল যুদ্ধত, চুবেদাৰ যাদিৰ বক্স আৰু কেইবাজনো চিপাহী বীৰগতি প্ৰাপ্ত কৰে, কিন্তু অৱশেষত স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহ বিজয়ী হৈ, গুৱাহাটী মানৰ পৰা উদ্ধাৰ কৰিলে। ইয়াৰ পিছত চন্দ্ৰকান্ত সিংহ আৰু তেওঁৰ সৈন্যবাহিনীয়ে মান সেনাক খেদি, ৰাজধানী যোৰহাটৰ ওচৰত মহগড়ত (বৰ্তমানৰ যোৰহাট জিলাৰ কোকিলামুখ) কোঠ পাতিলে।

ইতিমধ্যে মান ৰজা বাগ্যিদাওয়ে, অসমত মান সেনাৰ পৰাজয়ৰ খবৰ পালে আৰু প্ৰতিকাৰ স্বৰূপে সেই কালৰ মানৰ সৰ্বশ্ৰেষ্ঠ সেনাপতি মিঙ্গিমহা বন্দুলাৰ নেতৃত্বত এক বিশাল মান সেনাবাহিনী চন্দ্ৰকান্ত সিংহক আক্ৰমণ কৰিবলৈ পঠিয়ায়। ১৮২২ চনৰ এপ্ৰিল মাহত, চন্দ্ৰকান্ত সিংহ আৰু তেওঁৰ সৈন্যবাহিনীয়ে মহগড়ত প্ৰবল পৰাক্ৰমেৰে মানৰ বিশাল সেনাবাহিনীৰ লগত অতি সাহসেৰে ৰণত অৱতীৰ্ণ হয়।

বৃটিছ মেজৰ আডাম হোৱাইটৰ লিখনি, গুণাভিৰাম বৰুৱাৰ আসাম বুৰঞ্জী, হিতেশ্বৰ বৰবৰুৱাৰ ‘আহোমৰ দিন’ আৰু এডৱাৰ্ড গেইটৰ ‘হিষ্ট্ৰী অৱ আসাম’ মতে ৰণক্ষেত্ৰত চন্দ্ৰকান্ত সিংহই অপৰিসীম সাহসৰ পৰিচয় দি, শত্ৰুৰ লগত হতাহতি যুদ্ধত নিজ হাতে কেইবাজনো শত্ৰু সৈনিকক বধ কৰিছিল। তেওঁৰ শিখ – হিন্দুস্তানী সৈনিক সকলেও তৰোৱালেৰে আঘাত কৰি অনেক মান সৈনিক বধ কৰিলে। কিন্তু ৰণৰ মাজতে চন্দ্ৰকান্ত সিংহৰ পক্ষৰ গোলা বাৰুদ শেষ হয়।

ইয়াৰ পিছত সংখ্যাগৰিষ্ঠ মান সেনাৰ প্ৰচণ্ড আক্ৰমণত চন্দ্ৰকান্ত সিংহৰ অনেক ক্ষয়-ক্ষতি হয়। চন্দ্ৰকান্ত সিংহৰ পক্ষৰ প্ৰায় ১৫০০ সৈনিক নিহত হ’ল, আৰু অৱশেষত ৰণত তেওঁ পৰাজিত হয়। নিজৰ অৱশিষ্ট সৈন্য বাহিনী লৈ চন্দ্ৰকান্ত সিংহ পিছ হুহকি আহি প্ৰথমে গুৱাহাটী আৰু পিছলৈ হাদিৰাচকীত নিজৰ ঘাটি পাতিছিল।

২১ জুন ১৮২২ চনত, স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহই অন্তিম বাৰ মান সেনাৰ বিৰুদ্ধে হাদীৰাচকীত যুদ্ধত অবতীৰ্ণ হৈছিল। হিতেশ্বৰ বৰবৰুৱাৰ দ্বাৰা লিখিত গ্ৰন্থ “আহোমৰ দিন” ত উল্লেখ আছে যে সেই কালত হাদীৰাচকীত তিনিশ‌ শিখ সৈনিকে আহোম ৰাজ্যৰ পশ্চিম সীমান্ত ৰক্ষী ৰূপে আছিল। মান সেনাই হাদীৰাচকীত আক্ৰমণৰ সময়ত এই শিখ সৈনিক সকলে সাহসেৰে শত্ৰুৰ সন্মুখীন হয়।

ৰণত পৰাজয় অৱশ্যম্ভাৱী যেন গম পাই, স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহ, হলিৰাম ঢেকিয়াল ফুকন, যজ্ঞৰাম খাৰঘৰীয়া ফুকন, আদি ঘাই মানুহ কেইগৰাকী, পৰিয়াল সহ নাওত উঠিবলৈ ললে। মানুহবোৰে নাওত উঠি থকা কালছোৱাত চুবেদাৰ চৈতন্য সিং আৰু শিখ সৈন্যসকলে আক্ৰমণকাৰী মান সেনাক বাধা দি থাকিল।

অৱশেষত মান সেনাই শিখ সৈন্যসকলক চাৰিওফালৰ পৰা ঘেৰি আক্ৰমণ কৰে। ৰণত শেষ লৈকে যুঁজি চুবেদাৰ চৈতন্য সিং আৰু শিখ সৈন্যসকল বীৰগতি লাভ কৰে। হাদীৰাচকী ৰণত স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহৰ পৰাজয়ৰ পিছত স্বাধীন অসমৰ সূৰ্য ডুব যোৱা আৰু ইংৰাজী ২১ জুন ১৮২২ চনৰ সেই দিনটো স্বাধীন অসমৰ অন্তিম দিন বুলি বিশিষ্ট বুৰঞ্জীবিদ ডঃ সূৰ্য কুমাৰ ভূঞা দেৱে উল্লেখ কৰিছে।

হাদিৰাচকীৰ ৰণত শিখ সৈনিকসকলে আহোম ৰজাৰ হৈ আক্ৰমণকাৰী মানক যুদ্ধ কৰা কথা গুণাভিৰাম বৰুৱাৰ দ্বাৰা বিৰচিত ‘আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱনী’ আৰু ‘আসাম বুৰঞ্জী’ ত উল্লেখ আছে। জনশ্ৰুতিৰ মতেই হাদীৰাচকীৰ ৰণত অঃশগ্ৰহণ কৰা শিখ সৈনিকসকলৰ বংশধৰসকলে নগাঁও জিলাৰ বৰকলা গাঁৱখনত থিতাপি লৈছিল, আৰু পিচলৈ অসমীয়া শিখ বুলি পৰিচয় দি, তেওঁলোক বৃহত্তৰ অসমীয়া জাতিৰ অংশ হৈ পৰিল।

অসমৰ নজনা বীৰৰ কথা

লুকী ৰজা

বৰ্তমান কালৰ দক্ষিণ কামৰূপৰ বকো অঞ্চলত লুকী ৰাজ্য অৱস্থিত আছিল। লুকী ৰাজ্য আহোম ৰজাৰ কৰদ ৰাজ্য ৰূপে আছিল আৰু বুৰঞ্জী সূত্ৰ মতে যুদ্ধ বিগ্ৰহ আদিত আহোম ৰজাক সামৰিক সাহায্য আগবঢ়াইছিল। শ্ৰীনাথ দুৱৰা বৰবৰুৱাৰ দ্বাৰা লিখিত তুংখুঙ্গীয়া বুৰঞ্জীত উল্লেখ আছে, যে স্বৰ্গদেউ লক্ষ্মী সিংহ(ৰাজত্ব ১৭৬৯ -‌ ১৭৮০ চন) আৰু স্বগদেউ গৌৰীনাথ সিংহ (ৰাজত্ব ১৭৮০ -‌ ১৭৯৪ চন) দিনত উজনি অসমত মোৱামৰীয়া বিদ্ৰোহ দমনৰ অৰ্থে দক্ষিণ কামৰূপৰ ৰাণী, লুকী আৰু টোপাকুচিৰ ৰজাই সৈন্য সামন্তৰ সৈতে ৰাজধানী ৰংপুৰত (বৰ্তমানৰ শিৱসাগৰ) উপস্থিত হৈছিল আৰু আহোম ৰজাৰ হৈ মোৱামৰীয়া বিদ্ৰোহীসকলৰ লগত যুদ্ধ কৰিছিল।

মানৰ আক্ৰমণৰ সময়ত গুৱাহাটীত স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহই সৈন্য সংগ্ৰহ কৰি থকা কালছোৱাত লুকীৰ ৰজাই সাহায্য আগবঢ়াইছিল। পৰৱৰ্তী কালত মান আৰু বৃটিছৰ মাজত যুদ্ধ লগাত লুকীৰ ৰজাই গোপনে বৃটিছক সহায় কৰিছিল। মান সেনাই এই কথাৰ উমান পাই তেওঁক বন্দী কৰি লৈ গৈছিল। তাৰ পাছত তেওঁৰ একো সম্ভেদ পোৱা নগ’ল।

সম্ভৱতঃ মানৰ বন্দী হৈ থকা কালতে তেওঁৰ মৃত্যু হ’ল। কুমুদেশ্বৰ হাজৰিকাৰ দ্বাৰা বিৰচিত ‘ ইতিহাসৰ ছাঁ- পোহৰত পুৰণি গুৱাহাটী ‘‌ নামৰ গ্ৰন্থত পোৱা তথ্য অনুসৰি পৰৱৰ্তী কালত নৱ প্ৰতিষ্ঠিত বৃটিছ প্ৰশাসনে লুকী ৰজাৰ বিধৱা ৰাণীক মাটি-বাৰী আৰু পেন্সন দিছিল। পেন্সন পোৱাৰ পাছত বিধবা ৰাণীয়ে গুৱাহাটীত স্থায়ী ভাৱে থাকিবলৈ লয়। তেওঁ থকা দিনৰেপৰা সেই ঠাইডোখৰ পৰৱৰ্তী সময়ত ৰাণীবাৰী নামে পৰিচিত হ’ল। এই ৰাণীবাৰী ঠাইডোখৰ বৰ্তমান গুৱাহাটী মহানগৰীৰ পাণবজাৰ অঞ্চলত অৱস্থিত।

হাউ সাগৰ বৰা

হাউ সাগৰ বৰা আহোম ৰাজ প্ৰশাসনৰ এগৰাকী বিষয়া আৰু সেনাপতি আছিল। বুৰঞ্জী তথ্য মতে হাউ সাগৰ বৰাৰ অধীনত বাচকটীয়া নামৰ সৈন্য বাহিনী আছিল, যাৰ প্ৰধান অস্ত্ৰ আছিল, দা, বৰ্শা আৰু ধেনু-কাঁড়। বিশিষ্ট বুৰঞ্জীবিদ ডঃ সূৰ্য কুমাৰ ভূঞাৰ দ্বাৰা সম্পাদিত ইংৰাজী ভাষাত প্ৰকাশিত তুংখুঙ্গীয়া বুৰঞ্জীত উল্লেখ আছে যে আহোম ৰাজ প্ৰশাসনৰ দিনত নদী দ্বীপ মাজুলীৰ প্ৰশাসকৰ পদটো সাগৰ বৰা নামেৰে জনাজাত আছিল।

গ্ৰন্থখনত উল্লেখ আছে যে সেই কালৰ মাজুলীত‌ বহু জান-জুৰি থকা‌ বাবে আৰু অঞ্চলটোত সঘনাই বানপানী হৈ থকা বাবে মাজুলীৰ প্ৰশাসনিক বিষয়া পদটোৰ সাগৰ বৰা বুলিছিল। হাউ সাগৰ বৰাৰ উল্লেখ আমি শ্ৰীনাথ দুৱৰা বিৰচিত তুংখুঙ্গীয়া বুৰঞ্জীত পঢ়িবলৈ পাওঁ। উক্ত গ্ৰন্থখনত হাউ সাগৰ বৰাক মেচাঘৰীয়া বুলি উল্লেখ কৰিছে, যাৰ অৰ্থ হ’ব পাৰে যে সম্ভৱতঃ তেওঁ বৰ্তমান কালৰ শিৱসাগৰ জিলাৰ মেচাগড় অঞ্চলৰ মূল বাসিন্দা আছিল।

১৮০৩ চনত, স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ ৰাজত্বকালত (ৰাজত্ব ১৭৯৪-১৮১১ চন), কছাৰী ৰজা কৃষ্ণ চন্দ্ৰৰ গোপন সমৰ্থনৰ বলত মোৱামৰীয়াসকলে বৰ্তমান কালৰ নগাঁও আৰু মৰিগাঁও জিলাত বিদ্ৰোহৰ অগনি জ্বলাইছিল। হিতেশ্বৰ বৰবৰুৱাৰ দ্বাৰা বিৰচিত গ্ৰন্থ “আহোমৰ দিন”ত‌ উল্লেখ থকা মতে কছাৰী বীৰ তুলাৰাম সেনাপতিৰ নেতৃত্বত কছাৰী সৈন্য বাহিনীয়েও বিদ্ৰোহীসকলৰ লগত যোগদান কৰিছিল। আহোম ৰজা ৰাজেশ্বৰ সিংহৰ (ৰাজত্ব ১৭৫১-১৭৬৯ খ্ৰীঃ) নাতি ৰাজকোঁৱৰ বৰমুৰা গোহাঁইও বিদ্ৰোহীৰ শাৰীত যোগদান কৰিছিল।

সংযুক্ত কছাৰী- মোৱামৰীয়া সৈন্য বাহিনীয়ে কলং নদীৰ পাৰত ৰাজকীয় বাহিনীক আকস্মিক‌ভাৱে আক্ৰমণ কৰি ৫৪০ জন সৈনিক নিহত কৰি অনেক আহিলাপাতি ক্ষতি কৰাত ৰাজকীয় বাহিনী পৰাস্ত হৈ পিছুৱাই আহিছিল। বিজয়ী সংযুক্ত কছাৰী – মোৱামৰীয়া বাহিনীয়ে কাজলী, ব্ৰহ্মপুত্ৰ আৰু মিচা নদীৰ মাজৰ অঞ্চলত নিজৰ অধিকাৰ সাব্যস্ত কৰি তাৰ জনসাধাৰণক তেওঁলোকৰ ওচৰত বশৱৰ্তী হ’বলৈ বাধ্য কৰাইছিল। ততাতৈয়াকৈ আহোম ৰাজমন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে ৰাজধানী যোৰহাটৰ পৰা কূৱৈগঞা বুঢ়াগোহাঁই ফৈদৰ হৰিপদ ডেকা ফুকন আৰু কেপ্তেইন গোহাঁইৰ নেতৃত্বত ৰাজকীয় সৈন্যবাহিনী প্ৰেৰণ কৰে।

বুৰঞ্জী তথ্য মতে হাউ সাগৰ বৰাই তেওঁৰ ৪০০ বাচকটীয়া সৈন্য লৈ ৰাজকীয় সৈন্যবাহিনীত যোগদান কৰিছিল। হৰিপদ ডেকা ফুকনৰ নেতৃত্বত ৰাজকীয় সৈন্যবাহিনীয়ে বৰ্তমান কালৰ নগাঁও আৰু মৰিগাঁও জিলাত, কছাৰী আৰু মোৱামৰীয়া বিদ্ৰোহীৰ সংযুক্ত বাহিনীক পৰাস্ত কৰি, অঞ্চলটোত আহোম ৰাজশাসন পুনৰ স্থাপন কৰিছিল। এই যুদ্ধ বিজয়ত হাউ সাগৰ বৰা আৰু তেওঁৰ বাচকটীয়া সৈন্যবাহিনীৰ উল্লেখযোগ্য অৱদান আছিল, আৰু সেই কাৰণে সম্ভৱতঃ আহোম ৰাজ প্ৰশাসনৰ পৰৱৰ্তী সামৰিক অভিযানত হাউ সাগৰ বৰা আৰু তেওঁৰ বাচকটীয়া সৈন্যবাহিনীক অন্তৰ্ভুক্ত কৰা হৈছিল।

১৮০৫ চনৰ আৰম্ভণিতে আহোম ৰাজ প্ৰশাসনে হৰিপদ ডেকা ফুকনৰ নেতৃত্বত ৰাজকীয় সৈন্যবাহিনী উজনি অসমত মৰাণ মোৱামৰীয়া বিদ্ৰোহ দমন কৰিবলৈ পঠিয়াইছিল। এই সৈন্যবাহিনীত অন্যান্য সেনাপতি সকলৰ লগত মেচাঘৰীয়া ভিতৰ হাউ সাগৰ বৰাও যোগদান কৰিছিল। ৰাজকীয় সৈন্যবাহিনীয়ে ডিব্ৰু নদী পাৰ কৰি ভুটীয়াটিঙ্গত থকা মৰাণ সকলক আক্ৰমণ কৰিলে। ৰণত পৰাজিত হৈ মৰাণ সকল হোলোঙ্গাগুৰিত আশ্ৰয় ল’লে।

ইতিমধ্যে বৰ্ষা কাল আৰম্ভ হোৱাত সামৰিক অভিযান স্থগিত ৰখা হ’ল। বৰ্ষা কালত ৰাজকীয় সৈন্যবাহিনীৰ মাজত ৰছদ পাতিৰ অভাৱে দেখা দিলে আৰু জ্বৰ গ্ৰহণীত প্ৰায় ১০০০ সৈনিক মৃত্যু মুখত পৰিল। ইফালে মৰাণ সকলো অনাহাৰ আৰু ৰোগগ্ৰস্ত হৈ, একাংশই ৰাজকীয় সৈন্যবাহিনীৰ ওচৰত আত্মসমৰ্পণ কৰে। হৰিপদ ডেকা ফুকনে এইসকলক ডিব্ৰু নৈ পাৰ কৰাই ঘিলামৰাত চিপাহী সকলৰ দ্বাৰা পহৰা ব্যৱস্থা স্থাপন কৰিলে আৰু ৰণত জয়ী হৈ লাভ কৰা দ্ৰব্য বস্তু ৰাজ ভঁৰালত জমা দিয়ে। এইদৰে সফল সামৰিক অভিযানৰ অংশ হৈ হাউ সাগৰ বৰা এগৰাকী গুৰুত্বপূৰ্ণ সামৰিক নেতা ৰূপে পৰিচয় গঢ়িবলৈ সক্ষম হৈছিল।

পৰৱৰ্তী আহোম ৰজা স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহ(ৰাজত্ব: ১৮১১-১৮,১৮১৯-২১) আৰু স্বৰ্গদেউ পুৰন্দৰ সিংহৰ(ৰাজত্ব : ১৮১৮-১৮১৯) দিনত অসম চুবুৰীয়া দেশ ম্যানমাৰ পৰা তিনিবাৰ আক্ৰমণৰ বলি হৈছিল। ম্যানমাৰৰ পৰা অহা মানৰ আক্ৰমণত অসমৰ ৰজা- প্ৰজা সকলো শ্ৰেণীৰ লোকৰ অনেক দুখ দুৰ্গতি হয়। মানৰ আক্ৰমণ বাধা দিবলৈ আহোম ৰাজ প্ৰশাসনৰ পৰা পঠিওৱা সামৰিক অভিযানত হাউ সাগৰ বৰাই সক্ৰিয় ভুমিকা পালন কৰিছিল।

দুৰ্ভাগ্যক্ৰমে, হাউ সাগৰ বৰা, তেওঁৰ বাচকটীয়া সৈন্যবাহিনী আৰু অন্যান্য অসমীয়া সেনাপতি সকলৰ সাহসিক প্ৰচেষ্টাৰ সত্বেও মানৰ প্ৰচণ্ড আক্ৰমণ বাধা দিব নোৱাৰিলে।১৮২২ চনত স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহই সাহসেৰে মান সৈন্যক মহগড় আৰু হাদিৰাচকীত যুদ্ধ দিলে, কিন্তু সফল হব নোৱাৰিলে। ৰণত পৰাজিত হৈ চন্দ্ৰকান্ত সিংহই বৃটিছ অধিকৃত বৰ্তমান কালৰ গোৱালপাৰা জিলাত আশ্ৰয় লৈ আছিল। মানে স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহৰ ঠাইত, মান ৰজাৰ কুঁৱৰী হেমো আইদেউৰ ককায়েক যোগেশ্বৰ সিংহক আহোম ৰাজ্যৰ ৰজা পাতিলে।

মানৰ পৰা অসমক মুক্ত কৰিবলৈ স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহৰ প্ৰচেষ্টা বিফল হোৱা স্বত্বেও হাউ সাগৰ বৰা আৰু তেওঁৰ বাচকটীয়া সৈন্যবাহিনীয়ে ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰ বিশেষকৈ বৰ্তমানৰ উত্তৰ লখিমপুৰ অঞ্চল মানৰ আক্ৰমণৰ পৰা ৰক্ষা কৰি আছিল। হিতেশ্বৰ বৰবৰুৱাৰ দ্বাৰা বিৰচিত গ্ৰন্থ ‘আহোমৰ দিন’ ত‌ উল্লেখ আছে যে ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ অসমীয়া লোকে পাহাৰত বসবাস কৰা আবৰ, ডফলা, আদি জনজাতিৰ সহায় লৈ মান সৈন্যক আক্ৰমণ কৰি সমগ্ৰ উত্তৰ পাৰৰ পৰা খেদি পঠিয়াইছিল।

তাৰ পিছত তেওঁলোকে নিজৰ অঞ্চলৰ সুৰক্ষাৰ অৰ্থে কাঠ আৰু বাঁহৰ গড় নিৰ্মাণ কৰিছিল। বিশ্বেশ্বৰ বৈদ্যধিপৰ দ্বাৰা বিৰচিত পদ্য বুৰঞ্জীত উল্লেখ আছে যে মাজে সময়ে মানৰ সুৰা সুৰা সৈন্য দল ব্ৰহ্মপুত্ৰ নদী পাৰ কৰি উত্তৰ পাৰত ছাউনী পাতিলে, হাউ সাগৰ বৰা আৰু তেওঁৰ বাচকটীয়া সৈন্যবাহিনীয়ে তেনে সৈনিক ছাউনী বোৰ আক্ৰমণ কৰি ধ্বংস কৰি দিছিল।

অৱশেষত মানৰ প্ৰধান সেনাপতিয়ে উত্তৰ পাৰৰ অঞ্চল দখল কৰিবলৈ বৃহৎ সামৰিক অভিযান পৰিকল্পনা কৰে। মানৰ এটা বিৰাট আকাৰৰ সৈন্যবাহিনী বন্দুক বৰটোপ আদি অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত হৈ ব্ৰহ্মপুত্ৰ নদী পাৰ কৰিলে। প্ৰতিকুল পৰিস্থিতি আৰু লগত বন্দুক বৰটোপ নথকা সত্বেও হাউ সাগৰ বৰা আৰু তেওঁৰ বাচকটীয়া সৈন্যবাহিনীয়ে দা, বৰ্শা আৰু ধেনু-কাঁড় লৈ সাহসেৰে আক্ৰমণকাৰী মানক প্ৰতিৰোধ কৰিলে।

কিন্তু মানৰ সংখ্যাগৰিষ্ঠতা আৰু বন্দুক বৰটোপৰ আক্ৰমণৰ ফলত অনেক বাচকটীয়া সৈনিক বীৰগতি প্ৰাপ্ত হয় আৰু অৱশেষত তেওঁলোক ৰণত পৰাজয় বৰণ কৰে। হাউ সাগৰ বৰা আৰু অৱশিষ্ট বাচকটীয়া সৈন্যবাহিনী ৰণক্ষেত্ৰ ত্যাগ কৰে। ৰণত বিজয়ী হৈ মান সৈন্যই কাঠ – বাঁহৰ গড় ভাঙি বহু গাঁও নগৰ ধ্বংস কৰিলে। মান সেনাই তেওঁলোকক প্ৰতিৰোধ কৰাৰ শাস্তি ৰূপে উত্তৰ পাৰৰ লোকৰ ওপৰত অকথ্য অত্যাচাৰ কৰিছিল।

ইতিমধ্যে গোৱালপাৰাত নতুনকৈ সৈন্য সংগ্ৰহ কৰিবলৈ চেষ্টা কৰি থকা আহোম ৰজা স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহই মানৰ উত্তৰ পাৰ দখলৰ খবৰ পালে। সেই সময়তে মান কৰ্তৃপক্ষই চন্দ্ৰকান্ত সিংহক পুনৰ ৰজা পতাৰ আশ্বাস দিয়াত, স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহই মান সৈন্যৰ ওচৰত আত্মসমৰ্পণ কৰিলে। কিন্তু মান সেনাপতিয়ে চন্দ্ৰকান্তক ৰজা নাপাতিলে আৰু ৰংপুৰত নজৰ বন্দী কৰি ৰাখিলে।

হাউ সাগৰ বৰাৰ শেষ পৰিণতি বিষয়ে উপলব্ধ বুৰঞ্জীত কোনো তথ্য পোৱা নাই। তেওঁৰ বংশধৰ সকল বৰ্তমান কালৰ উত্তৰ লখিমপুৰ জিলাত বসবাস কৰা তথ্য পোৱা গৈছে। বিশিষ্ট বুৰঞ্জীবিদ ডঃ সূৰ্যকুমাৰ ভূঞাৰ অনুসৰি হাউ সাগৰ বৰা আৰু তেওঁৰ বাচকটীয়া সৈন্যৰ প্ৰতিৰোধ, অসমত অসমীয়াৰ দ্বাৰা আক্ৰমণকাৰী মানক উৎখাত কৰাৰ অন্তিম প্ৰচেষ্টা। কোনো ধৰণৰ ৰাজকীয় সাহায্য আৰু উন্নত অস্ত্ৰৰ অবিহনেও হাউ সাগৰ বৰা আৰু তেওঁৰ বাচকটীয়া সৈন্যই আক্ৰমণকাৰী মানক প্ৰতিৰোধ কৰা চেষ্টা অতি প্ৰশংনীয় আৰু তেওঁলোক অসমীয়া জাতিৰ বাবে শ্ৰদ্ধাৰ পাত্ৰ।

(ৰেখা চিত্ৰৰ বাবে কৃতজ্ঞতা প্ৰকাশ: হানিদ ৰঞ্জন ভূঞা লৈ)

দিগন্ত কুমাৰ গগৈ; দাৰ্জিলিং , ৯৮৫৪৩৭৯৭১৩

Mahabahu Climate Logo
 
Mahabahu Climate Forum

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Diganta Kumar Gogoi

Diganta Kumar Gogoi

Related Posts

How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades
Climate Change

How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

by Pranamika Bhuyan
August 12, 2026
0

How Prepared Are We, Really? Assam's Climate Promises Meet Its Worst Flood in decades DR. PRANAMIKA BHUYAN In Sonari, ration...

Read moreDetails
International Day of the World’s Indigenous Peoples observed at Tihu College by Mahabahu Climate Forum

International Day of the World’s Indigenous Peoples observed at Tihu College by Mahabahu Climate Forum

August 11, 2026
Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

August 11, 2026
কচু শাকৰ গুণাগুণ

কচু শাকৰ গুণাগুণ

August 10, 2026
বান, পাহাৰ, মানুহ আৰু এক অস্বস্তিকৰ সত্য

বান, পাহাৰ, মানুহ আৰু এক অস্বস্তিকৰ সত্য

August 10, 2026
Ajon Ukum: How Rekha and Ranjit Doley Are Preserving Mising Culture Through Community Tourism

Ajon Ukum: How Rekha and Ranjit Doley Are Preserving Mising Culture Through Community Tourism

August 9, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
How Climate Change Is Affecting Insects and Why It Threatens Life on Earth

How Climate Change Is Affecting Insects and Why It Threatens Life on Earth

August 13, 2026
The Air Quality Leadership We Lack

The Air Quality Leadership We Lack

August 13, 2026
A Day with the Brahmaputra’s Climate Refugees

A Day with the Brahmaputra’s Climate Refugees

August 13, 2026
From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence

From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence

August 12, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39378 shares
    Share 15751 Tweet 9844
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18384 shares
    Share 7354 Tweet 4596
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3542 shares
    Share 1417 Tweet 886
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4177 shares
    Share 1671 Tweet 1044
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    134 shares
    Share 54 Tweet 34
  • Mahabahu Mirror: A Bold New Chapter in Climate Journalism

    101 shares
    Share 40 Tweet 25
  • FREEDOM FIGHTERS OF ASSAM

    5085 shares
    Share 2034 Tweet 1271
  • Cockroaches, Comedians, and Criminals

    99 shares
    Share 40 Tweet 25
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    98 shares
    Share 39 Tweet 25
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    96 shares
    Share 38 Tweet 24
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d