• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, September 16, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

অসমৰ প্ৰাক্তন চাহ জনগোষ্ঠী জোলা মুছলমান

-ড৹ মুনিৰুল হুছেইন

by Anjan Sarma
July 6, 2021
in Special Report
Reading Time: 1 min read
0
green trees and plants under sunny sky

Photo by yugixel on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

-ড৹ মুনিৰুল হুছেইন |

অসমৰ জাতি গঠন প্ৰক্ৰিয়া এক বোৱঁতী নৈৰ দৰে। যিদৰে বিভিন্ন জান-জুৰিৰ সংমিশ্ৰণত এখন পূৰ্ণাংগ নৈৰ সৃষ্টি হয়, ঠিক সেইদৰে অসমৰ জাতি গঠন প্ৰক্ৰিয়াত অসমীয়া মুছলমানৰ অৱদান অনৱদ্য। অসমৰ মুছলমানসকল সামাজিক স্তৰীকৰণৰ ওপৰত ভিত্তি কৰি ক্ৰমে ছৈয়দ, গৰীয়া, মৰিয়া আৰু জোলা নামেৰে স্তৰীকৃত।

অসমৰ মুছলমান উপৰিপুৰুষ মূলতঃ তুৰ্কী, আফগান আৰু মোগল আছিল। ইতিহাসৰ মতে, ১২০৫-০৬ খ্ৰীষ্টাব্দতে অসমলৈ মুছলমানসকলৰ আগমন হয়। অসমলৈ মুছলমানৰ প্ৰব্ৰজনৰ ভিতৰত বখতিয়াৰ খিলজি, হিছামুদ্দিন ইয়াজ, তুৰ্বক, মিৰজুমলা, গিয়াছুদ্দিন আউলিয়া, আজান পীৰকে মুখ্য কৰি বিভিন্ন পীৰসকল। ইয়াৰ উপৰি যুদ্ধ-বিগ্ৰহ আৰু ৰজাৰ আক্ৰমণ আদিত বহু মানুহ যুদ্ধবন্দী হিচাপে, বনুৱা, কাৰিকৰ হিচাপে অসম মাতৃৰ কোলাত নিগাজিকৈ থাকি গ’ল।

আহোম ৰজা ৰুদ্ৰসিংহই (১৬৯৬-১৭১৪) বিভিন্ন বৃত্তিত পাৰ্গত আঠোটা কাৰিকৰ পৰিয়াল অসমলৈ অনাইছিল। এই পৰিয়ালকেইটা হ’ল— ফাৰ্চী, পটীয়া, আখৰকটীয়া, শিলাকটীয়া, গুণাকটীয়া, খনিকৰ, নেগেৰীয়া দৰ্জী আৰু জোলা। এই জোলাসকলেই অসমত নিগাজিকৈ বাস কৰা এক শ্ৰেণী অসমীয়া মুছলমান সম্প্ৰদায় হিচাপে চিহ্নিত।

জলহা বা আভিধানিক শব্দ জোলা, ইয়াৰ অৰ্থ তাঁতী। ড৹ মহেশ্বৰ নেওগ, নৱকান্ত বৰুৱা আৰু ড৹ ৰজনীকান্ত শৰ্মাৰ অভিধানেও জোলা শব্দৰ অৰ্থ তাঁতী, পকা কপাহৰ কোঁহা আৰু তাঁতী মানে কাপোৰ বৈ পেট প্ৰৱৰ্তন কৰা মানুহ বুলি উল্লেখ কৰিছে অৰ্থাৎ বয়ন শিল্পৰ লগত জড়িত ইছলাম ধৰ্মাৱলম্বী লোক। ব্ৰুছ চাহাবে অসমত প্ৰথম চাহখেতি আৰম্ভ কৰাৰ সময়ত অসমত থলুৱা বনুৱাৰ অভাৱৰ বাবে বিহাৰ, ঝাৰখণ্ড, হাজাৰিবাগ, ছোটনাগপুৰ, ৰাঁচী, ডুমকা, গিৰিধ, পূৰ্ণিমা আদিৰপৰা গিৰমিটিয়া (অস্থায়ী) আৰু আঁৰকঠীয়া (স্থায়ী) চালান পদ্ধতিৰে এই জোলাসকলক অসমৰ চাহ উদ্যোগত সোণগুটি বুটলিবলৈ অসমলৈ অনা হৈছিল। ইতিহাসৰ মতে, এই জোলা জনগোষ্ঠীৰ লোকসকলক লৈ ১৮৪০ চনত ‘আছাম কোম্পানী’য়ে বনুৱা আমদানি প্ৰথা আৰম্ভ কৰে। সেই বছৰতে ৬৫২ জন বনুৱা হাজাৰিবাগৰপৰা অসমলৈ আনিছিল। অসমলৈ প্ৰথম চালান হৈ অহা শ্ৰমিকসকল বিহাৰৰ হাজাৰিবাগ জিলাৰ মানুহ আছিল। সেইকাৰণে বৰ্তমান অসমত বসবাস কৰা চাহ জনজাতিৰ জোলা জনগোষ্ঠী লোকসকল পূৰ্বতে হাজাৰিবাগৰ বাসিন্দা আছিল। উত্তৰ ভাৰততো তেওঁলোক জোলা নামেৰে পৰিচিত আৰু অসমতো তেওঁলোকক জোলা নামেৰে জনা যায়।

বৰ্তমান অসমৰ জোলাসকল গোলাঘাট, খুমটাই, সৰুপথাৰ, যোৰহাট, মেলামাটি, তিতাবৰ, ম’হবন্ধা, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া, তেজপুৰ, বিশ্বনাথ চাৰিআলি, মাকুম, ডুমডুমা, ৰঙামাটি আদিতেই কেন্দ্ৰীভূত হৈ আছে। বৰ্তমান তেওঁলোকৰ জনসংখ্যা প্ৰায় এক লাখৰো অধিক।

বয়ন শিল্পত পাৰ্গত এই জোলাসকলৰ পৰম্পৰাগত বৃত্তি আছিল দৰ্জী আৰু তাঁতী। এই দৰ্জী শ্ৰেণীটোৱে ৰজা, ৰাজবিষয়াৰ পোছাক তৈয়াৰ কৰিছিল কুৰ্তা-পায়জামা, চৌগান, চাপকন আদি তেওঁলোকৰ দান। সম্প্ৰতি তেওঁলোক কৃষি, পশুপালন, হস্ততাঁত, বস্ত্ৰশিল্প আৰু কুটীৰ শিল্পত মনোনিৱেশ কৰাৰ লগতে ধৰ্মীয় শিক্ষাৰে শিক্ষিত হৈ তেওঁলোকৰ মাজত দুই-এজনে হাফিজ, মৌলানা, কাৰী আদি ডিগ্ৰী লৈ বৰ্তমান মছজিদৰ ইমাম আৰু মাদ্ৰাছাত শিক্ষকতা বৃত্তিত নিযুক্ত হৈছে। তেওঁলোকে সাধাৰণ শিক্ষাৰ লগতে কাৰিকৰী শিক্ষা আৰু অন্যান্য উচ্চ শিক্ষাও গ্ৰহণ কৰিছে। অভিযন্তা, চিকিৎসক, সাংবাদিক আৰু চৰকাৰী উচ্চ পদস্থ বিষয়াও এই সম্প্ৰদায়ৰ লোকৰ মাজত বিদ্যমান।

অসমত প্ৰথম নামঘৰৰ ঘাই খুঁটা স্থাপন কৰা শংকৰদেৱৰ প্ৰিয় শিষ্য চান্দ খাঁ আছিল এজন জোলা সম্প্ৰদায়ৰ লোক। ধেলী দৰ্জীও আছিল আৰু সম্প্ৰদায়ৰে ব্যক্তি।

অসম চৰকাৰৰ TAD/BC/268/75/37dtd., 27th November 1975 এক অধিসূচনাযোগে এই জোলাসকলক অন্যান্য পিছপৰা শ্ৰেণী হিচাপে (এম. অ’ বি চি) চাহ বাগান আৰু প্ৰাক্তন চাহ জনজাতিৰ তালিকাৰ উপৰিউক্ত অধিসূচনাৰ ক্ৰমিক নং ৮১ ত অন্তৰ্ভুক্ত হৈ আছে।

ব্ৰিটিছৰ দিনতে অসমলৈ অহা এই জোলাসকলে স্বকীয় বিদ্যাৰে নিজৰ ভাষা, সংস্কৃতি, পৰম্পৰা, সাজ-পোছাক, অলংকাৰ আদি লগত লৈ আহিছিল। জোলাসকলে অসমীয়া ভাষাক মাতৃভাষা হিচাপে গণ্য কৰিলেও তেওঁলোকৰ মাজত ‘খৰটা’ আৰু ‘সাদৰী’ নামৰ দুটা দোৱান আছে। জোলাসকল মূলতঃ ইছলামধৰ্মী লোক। ইছলামধৰ্মীয়লোকসকলৰো ৰীতি-নীতি এওঁলোকে পালন কৰে। ইছলামধৰ্মীয় উৎসৱ, যেনে— ঈদ, মহৰম, ফাতেহা-দোৱাজ দহম আদি তেওঁলোকেও পালন কৰে। ইতিহাসৰ মতে, এই জনগোষ্ঠীৰ লোকসকলে মহৰম পালনৰ সময়তে লাঠীখেলা, মাৰ্চিয়া গীত গোৱা, কাৰৱালাৰ কাহিনী শুনি শোক প্ৰকাশ কৰা, তাজিয়াৰ আয়োজন কৰা, তাজিয়া দফন কৰা আদি তেওঁলোকৰ প্ৰিয়। অতীজতে জোলাসকলৰ মাজত বহুতো পুৰুষ-মহিলাই গোপনে হ’লেও চহৰাই পৰৱ, কৰম পূজাত অংশগ্ৰহণ কৰিছিল।

এওঁলোকৰ দৈনন্দিন ব্যৱহৃত সঁজুলিসমূহৰ ভিতৰত গাগৰী, ঘটী, লোটা, চাউল জুখিবলৈ পৈনা, তেল গৰম কৰিবলৈ দাম্ভৰী, কৰচলি (হেঁতা), বটুৱা আদি।

বিয়া-বাৰুৰ ক্ষেত্ৰত ইছলামধৰ্মীয় নীতি অনুযায়ীহে নিকাহ প্ৰথাৰে সম্পন্ন হয় যদিও এওঁলোকৰ মাজত লগন দিয়া, তেল-হালধি লগোৱা, বিয়ানাম গোৱা আদি পৰম্পৰাৰ প্ৰচলন আছিল। বিয়া-বাৰুত ‘নটুৱা-নাচ’ৰ বিশেষ নৃত্যৰ দলে সকলোকে আকৰ্ষণ কৰিছিল। ছোৱালী বিয়া কৰাই অনাৰ পিছত দৰাঘৰৰ চুমানৰ প্ৰথা প্ৰচলিত আছে।

সভ্যতাৰ বিকাশ হোৱাৰ লগে লগে এই জনগোষ্ঠীৰো সকলো দিশতে উত্তৰণ হোৱা দেখা যায়। বিশেষকৈ সাজপাৰৰ ক্ষেত্ৰত জোলাসকলে পৰম্পৰাগত সাজ হিচাপে দুখনীয়া বস্ত্ৰ, পাগুৰি, ফটহু কুৰ্তা, শিশুসকলৰ কঁকালত ক’লা ৰঙৰ এডাল সূতা আৰু তামৰ পইচা এটা সূতাডালত গাঁঠি পৰিধান কৰাইছিল। এই সূতাডালক কমৰডৰী বা দনকডৰী বোলে। পুৰুষসকলে ৱাচকোট পৰিধান কৰিছিল। বৰ্তমান এই সকলোবিলাক সাজপাৰ আধুনিকতাৰ প্ৰভাৱত পৰি বিলুপ্ত হৈছে।

মহিলাসকলে বিভিন্ন ধৰণৰ অলংকাৰ, যেনে— নাকত নাকচি বা লুলুক বা মাকৰি, কাণত কেৰু, কাণফুল, কানচি, ঝুড়ঝুড়ী, ডিঙিত চিকিমালা, চন্দ্ৰহাৰ, দুগদুগী, চেইন, হাতত চুৰী বা খাৰু, বালা, ভৰিত পিন্ধা গহনাৰ ভিতৰত পৈজন বা পঁয়জী, কঁক আদি। আন চাহ জনজাতি মহিলাৰ দৰে অতীজতে জোলা সম্প্ৰদায়ৰ মহিলাসকলেও প্ৰথমতে সেন্দূৰ ব্যৱহাৰ কৰিছিল যদিও বৰ্তমান ইয়াৰ ব্যৱহাৰো নাইকিয়া হৈছে।

খোৱা-বোৱাৰ ক্ষেত্ৰত ভাততকৈ ৰুটীহে বেছি প্ৰিয় আছিল। চিৰা, মুড়ি, চাউল ভজা, চতুৱা আদিও তেওঁলোকৰ প্ৰিয় খাদ্য। পৌষ পৰৱৰ সময়ত জোলাসকলেও বিভিন্ন ধৰণৰ পিঠা-পনা, জলপান তৈয়াৰ কৰে। মিঠা পোলাও এই জনগোষ্ঠীৰ অন্যতম প্ৰিয় খাদ্য। ঘৰত কোনো মাংগলিক অনুষ্ঠান পতা, কোৰাণ পাঠ কৰা, ন-খোৱাৰ সময়ত এইবিধ পোলাও ব্যৱহাৰ হয়। চাউলৰ গুড়িৰপৰা প্ৰস্তুত কৰা এড়িচা পিঠা দৰাঘৰৰপৰা কইনাঘৰলৈ নিয়া এক পৰম্পৰা আছিল। তদুপৰি তেওঁলোকৰ মাজত চিল্কাৰুটী, ভাপত দিয়া পিঠা, মালপোৱা আদিৰো প্ৰচলন আছিল।

বৰ্তমান জোলাসকলৰ অধিকাংশই দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰিছে। ‘অসম চাহ আৰু প্ৰাক্তন চাহ জনজাতি জলহা’ (জোলা) নামৰ সংস্থা এটাই এই জলহা জনগোষ্ঠীৰ উত্তৰণৰ বাবে চেষ্টা চলাই আছে।

এই সম্প্ৰদায়টোৰ অৰ্থনৈতিক, শৈক্ষিক, সাংস্কৃতিক, সামাজিক দিশবোৰ গৱেষণা কৰাৰ স্থল আছে। এই জনগোষ্ঠীৰ লোকসকল আগবাঢ়ি আহি চৰকাৰী পক্ষৰ লগত আলোচনা কৰি সম্প্ৰদায়টোৰ উন্নতিৰ ক্ষেত্ৰত আগ-ভাগ ল’ব লাগিব। তেতিয়াহে সম্প্ৰদায়টোৰ সকলো দিশত উন্নতি আশা কৰিব পৰা যাব।

অসমীয়া সমাজত ইছলাম ধৰ্মাৱলম্বী জোলা মুছলমানসকলে ঐতিহাসিক কালৰপৰা আন ধৰ্মাৱলম্বীৰ সৈতে সম্প্ৰীতিৰ এনাজৰীৰে বান্ধ খাই আছে। মছজিদৰ আজানৰ শব্দৰ সৈতে নামঘৰ-মন্দিৰৰ দবা-শংখৰ ধ্বনি অনুৰণিত হৈ সমাজখন চিৰদিন প্ৰাণোচ্ছল কৰি ৰাখিব। এই বন্দিত সমন্বয় লুইতৰ সোঁতে সাগৰ-মহাসাগৰৰ বিভিন্ন প্ৰান্তলৈ বোৱাই লৈ যাব।

(খিলঞ্জীয়াৰ সৌজন্যত)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: জোলা মুছলমান
Anjan Sarma

Anjan Sarma

Related Posts

Can Global Warming Trigger a Zombie Apocalypse Like ‘The Last of Us’?
Climate Change

Can Global Warming Trigger a Zombie Apocalypse Like ‘The Last of Us’?

by Kakali Das
September 16, 2026
0

Can Global Warming Trigger a Zombie Apocalypse Like ‘The Last of Us’? KAKALI DAS What do climate change and zombies...

Read moreDetails
Millets: Rediscovering the Super Food!

Millets: Rediscovering the Super Food!

September 15, 2026
The Debt Machine: How Your Future Became the World’s Most Profitable Product

The Debt Machine: How Your Future Became the World’s Most Profitable Product

September 14, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

September 14, 2026
ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

September 13, 2026
Community Support in Mental Health Recovery: Mind X’s Efforts amidst Limited Resources

Community Support in Mental Health Recovery: Mind X’s Efforts amidst Limited Resources

September 12, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
COP 29 – Baku’s Role in Global Climate Action: A Model for the Future

COP 29 IN AZERBAIJAN

1
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
Zubeen Garg: The Voice of Climate Action

কপিল ঠাকুৰৰ “পিতৃৰ দৃষ্টিত জুবিন” : জুবিনৰ বিষয়ে বহুতো নজনা কথা 

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

September 16, 2026
From Montreal to Guwahati: Assam’s New Cooling Imperative

From Montreal to Guwahati: Assam’s New Cooling Imperative

September 16, 2026
Durga Puja and the Assamese “Story” Today, the “mark on the face…”

Opportunities in Rice Based System

September 16, 2026
Zubeen1

দ্য জুবিন গাৰ্গ ইফেক্টঃ এক সোণোৱালী স্মৃতি

September 16, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40999 shares
    Share 16399 Tweet 10250
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    19233 shares
    Share 7693 Tweet 4808
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    4349 shares
    Share 1740 Tweet 1087
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    957 shares
    Share 383 Tweet 239
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    157 shares
    Share 63 Tweet 39
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4132 shares
    Share 1653 Tweet 1033
  • Neeb Karori Baba : An Avadhuta of the Highest Order

    402 shares
    Share 161 Tweet 101
  • Attending RAI’S Class

    101 shares
    Share 40 Tweet 25
  • Arriving at the Kaziranga Buffer Zone, Scientifically

    95 shares
    Share 38 Tweet 24
  • Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

    92 shares
    Share 37 Tweet 23
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d