• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, July 19, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Environment

অসমৰ পৰিৱেশ সংৰক্ষণত পৰিৱেশ সাংবাদিকতা,ছপা আৰু দৃশ্য-শ্ৰাব্য মাধ্যমৰ ভূমিকা

by Anjan Sarma
February 29, 2024
in Environment, Literature, Media, Nature
Reading Time: 6 mins read
0
অসমৰ পৰিৱেশ সংৰক্ষণত পৰিৱেশ সাংবাদিকতা,ছপা আৰু দৃশ্য-শ্ৰাব্য মাধ্যমৰ ভূমিকা
Share on FacebookShare on TwitterShare on LinkedIn

অসমৰ পৰিৱেশ সংৰক্ষণত পৰিৱেশ সাংবাদিকতা, ছপা আৰু দৃশ্য-শ্ৰাব্য মাধ্যমৰ ভূমিকা

মানস প্রতিম দত্ত

Manas Pratim Dutta
মানস প্রতিম দত্ত

পৰিৱেশ সাংবাদিকতা বা ইক’ জাৰ্নেলিজিম  শব্দটো মূলতঃ দুটা শব্দ ইক’ আৰু জাৰ্ণেলিজিমৰ সমষ্টি৷

এই শব্দ দুটাৰ পৰা আমি বুজিব পাৰোঁ যে পৰিৱেশ সাংবাদিকতা হৈছে পৰিৱেশ বিষয়ক সংবাদ প্ৰেৰণ আৰু প্ৰকাশ কৰা এক নৱ্য ধাৰণা৷

ডo এণ্ডাৰ্চ হাঁচেনৰ মতে ইক’-জাৰ্নেলিজিম হ’ল- ‘News about the environment, environmental disasters, and environmentalissues or problems does not hahpen by itself, but is… ‘‘produced,” “manufactured,” or “constructed.” 

পৰিৱেশ সাংবাদিকতা আৰু পৰিৱেশগত সংবাদৰ মাজত পাৰ্থক্য আছে ৷

পৰিৱেশ সাংবাদিকতা হ’ল উপযুক্ত পৰিৱেশকৰ্মীৰ দ্বাৰা গৱেষণা, অধ্যয়ন, পৰ্যালোচনা আৰু বিশ্লেষণৰ দ্বাৰা পৰিৱেশৰ সমস্যা সম্পৰ্কে ৰাইজৰ মাজত সজাগতা আনিব পৰাকৈ প্ৰস্তুত কৰা তথ্যসমৃদ্ধ বাৰ্তাবাহী সংবাদ ৷

সাংবাদিকতাৰ অধ্যাপক শ্বাৰণ এম. ফ্ৰাইডমেন [২০০৪]এ পৰ্য্যবেক্ষণ কৰিছিল যে পাৰম্পৰিক গণমাধ্যমত কৰ্মৰত পৰিৱেশ সাংবাদিক সকলে এতিয়াও “shrinking news hole while facing a growing need to tell longer, complicated and more in-depth stories” এই কথাত বিশ্বাস কৰে ৷ পৰিৱেশ বিষয়ক সমস্যা এটা, ইয়াৰ বিভিন্ন কাৰক আৰু আৰু সমস্যাৰ ক্ষেত্ৰত ল’ব পৰা সমাধান সূত্ৰ নিৰ্ণয় কৰাটো ইক’জাৰ্নেলিষ্টৰ দায়িত্ব আৰু কৰ্তব্য হোৱা উচিত ৷

পৰিৱেশ সাংবাদিকসকলে পৃথিৱীৰ বিভিন্ন পৰিৱৰ্তনসমূহৰ বিকাশ সাধন কৰিব পাৰে বুলি বিশ্বাস কৰা হয়৷ তেওঁলোকে বায়ু, পানী, জীৱসমুদায় আৰু প্ৰাকৃতিক সম্পদৰ বিভিন্ন চিৰিয়াছ সমস্যাসমূহ শক্তিশালী গণমাধ্যম কাকত-চেটেলাইট চেনেলৰ জৰিয়তে জনগণক সজাগ কৰিব পৰাকৈ প্ৰস্তুত কৰে৷ বহু সময়ত পৰিৱেশ বিষয়ক কথাবোৰক গুৰুত্ব দিব খোজা নহয় ৷

বহু লোক এনেবোৰ ক্ষেত্ৰত কম-বেছি পৰিমাণেহে আগ্ৰহী৷ সমাজৰ অধিকাংশই ভাৱে যে গছ-গছনি, পানী আৰু অন্যান্য প্ৰাকৃতিক সম্পদৰ ওপৰত তেওঁলোকৰ জীৱনশৈলী সংপৃক্ত হৈ আছে যেতিয়া ইয়াক ব্যৱহাৰ কৰাটো তেওঁলোকৰ অধিকাৰ৷

যথাৰ্থ ৰূপত পৰিৱেশ সাংবাদিকতা ধাৰণাটো বিকাশ হোৱা বেছি দিন হোৱা নাই যদিও অসমীয়া সাহিত্যত  অৰুণোদইৰ পাতত পৰিৱেশ বিষয়ক বিভিন্ন লেখা প্ৰকাশৰ আৰম্ভণি ঘটিছিল৷

অসমৰ পৰিৱেশ সংৰক্ষণত পৰিৱেশ সাংবাদিকতা,ছপা আৰু দৃশ্য-শ্ৰাব্য মাধ্যমৰ ভূমিকা

সেই লেখাসমূহৰ ভিতৰত– সিংহৰ বিবৰন, কাকতি ফৰিংৰ কথা, বলদ গৰুৰ বিবৰন, কেমতাই অৰ্থাৎ বনৰৌ পহুৰ বিবৰন, বাঘৰ বিবৰন, হাতিৰ বিবৰন, গঁৰৰ বিবৰন, তিমি মাচৰ বিবৰন, মঁহৰ বিবৰন, গাই গৰুৰ বিবৰন, তিমি মাচৰ বিবৰন, সিংহৰ কথা, মৌ-মাখিৰ বিবৰন, বেঙ্গ আদি অচেতন হৈ থকাৰ কথা, ঘোঁৰাৰ বিবৰন, পিৰু দেসৰ মেৰ চাগলি, জিৰাফ অৰ্থাত নাহৰফুটুকী পহুৰ বিবৰন, উট চৰাই আদি অন্যতম৷

অসমত পৰিৱেশ সংক্ৰান্তীয় বাতৰি অৱশ্যে ছেগা-চোৰুকাকৈ তেতিয়াৰ কাকততো প্ৰকাশ পাইছিল৷ এই সম্পৰ্কে ‘অসমত সেউজ সংৰক্ষণচেতনা আৰু সাহিত্য’ত ডo নৱ কুমাৰ চমুৱাই লিখিছে–‘…বাতৰি কাকতসমূহত অসমৰ বিভিন্ন ৰাষ্ট্রীয় উদ্যান, অভয়াৰণ্য অথবা বনাঞ্চল-বন্যপ্ৰাণী সম্পৰ্কীয় খবৰ-বাতৰি সণ্ঢালনিভাৱে প্ৰকাশিত হৈ হৈছিল৷

উদাহৰণস্বৰূপে আমি উল্লেখ কৰিব পাৰোঁ, নতুন দৈনিক কাকতত প্ৰকাশিত তেনেধৰণৰ দুটামান বাতৰিৰ শীৰ্ষক আছিল এনেধৰণৰ– ‘পানী দিহিং পক্ষী অভয়াৰণ্যত পূৰ্ণগতিত পক্ষী নিধন, হোটেলত বিক্ৰী হয় পক্ষীৰ সুস্বাদু মাংস’  ‘প্ৰদূষণ: গুৱাহাটী মহানগৰীৰ মৃত্যুদূত’ [১৫জানুৱাৰী,১৯৮৮] ‘গুৱাহাটীৰ পাহাৰবোৰ নিশ্চিহ্ন হোৱাৰ উপক্ৰম’ [১৩ ফেব্ৰুৱাৰী,১৯৮৮], ‘মহানগৰীত ভয়াবহ শব্দ প্ৰদূষণঃ জনস্বাস্থ্য বিপন্ন’ আদি উল্লেখযোগ্য৷’

অসমৰ পৰিৱেশ সংৰক্ষণত পৰিৱেশ সাংবাদিকতা,ছপা আৰু দৃশ্য-শ্ৰাব্য মাধ্যমৰ ভূমিকা

অসমত পৰিৱেশ সাংবাদিকতাৰ ক্ষেত্ৰত মূল ভূমিকা লৈ পোনপ্ৰথমবাৰৰ বাবে ‘আমাৰ পৰিৱেশ’ নামৰ পৰিৱেশ সম্পৰ্কীয় এটা পৃষ্ঠা অন্তৰ্ভুক্ত কৰা হৈছিল পৰাগ কুমাৰ দাস সম্পাদিত ‘সাপ্তাহিক বুধবাৰ’ত ৷ তাৰ পাছতে ১৯৯১ চনৰ পৰা প্ৰকাশিত ‘আজিৰ বাতৰি’ত প্ৰতি শনিবাৰে প্ৰকাশ পাইছিল ‘বন্য বিশ্ব’ নামৰ প্ৰকৃতি সম্পৰ্কীয় এটা পৃষ্ঠা৷

বৰ্তমান অসমৰ প্ৰায়বোৰ কাকতেই পৰিৱেশ সম্পৰ্কীয় লেখা-মেলাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত গুৰুত্ব দিছে৷ অসমৰ প্ৰতিখন কাকততে পৰিৱেশ সম্পৰ্কীয় একোটাকৈ পৃষ্ঠা প্ৰকাশ হোৱা দেখা যায় ৷

বৰ্তমান প্ৰকাশ হৈ থকা বিভিন্ন প্ৰকৃতি বিষয়ক পৃষ্ঠাসমূহ হ’ল– দৈনিক অসমৰ সুন্দৰ পৃথিৱী, নিয়মীয়া বাৰ্তাৰ প্ৰকৃতি-পৰ্যটন, অসম আদিত্যৰ প্ৰকৃতি-পৰিৱেশ, আমাৰ অসমৰ প্ৰকৃতি ইত্যাদি৷ ইয়াৰ উপৰিও দৈনিক জনমভূমি, সাপ্তাহিক জনমভূমি, অসমীয়া খবৰ, অসম বাণী, দৈনিক অগ্ৰদূত, দৈনন্দিন বাৰ্তা আদিতো মাজে-সময়ে প্ৰকৃতি বিষয়ক বাতৰি আৰু লেখা প্ৰকাশ পাই আহিছে ৷

অসমীয়া প্ৰতিদিনৰ সম্ভাৰৰ ৰ’দালি পৃষ্ঠাৰ উপৰিও প্ৰকৃতি বিষয়ক পৃষ্ঠা আৰু প্ৰকৃতি বিষয়ক লেখা বিভিন্ন সময়ত প্ৰকাশ হৈ থকা দেখা যায় ৷ প্ৰতি বছৰে প্ৰকৃতি বিষয়ক বিভিন্ন লেখা এই পৃষ্ঠাসমূহে সামৰি লৈছে ৷

উদাহৰণস্বৰূপে ২০১৯ বৰ্ষত দৈনিক অসমৰ ‘সুন্দৰ পৃথিৱী’ পৃষ্ঠাত প্ৰকাশিত লেখা আৰু লেখকসমূহ হ’ল- মানস প্ৰতিম দত্তৰ হাতীৰে মানুহৰ সংঘাতৰ সংশে¡ষণ, গৌতম শৰ্মাৰ অসমত ইক’টুৰিজিমৰ সম্ভাৱনা,নাৰায়ণ বৰুৱাৰ সংকটৰ গৰাহত লুৰালি মাছ, মানস প্ৰতিম দত্তৰ গ্ৰাম্য অভয়াৰণ্য, ড০ লোহিত শইকীয়াৰ ঔ-টেঙা, চন্দ্ৰ চহৰীয়াৰ প্ৰকৃতিৰ সম্পদৰ নিৰৱ অৱলুপ্তি, জয়া হাজৰিকাৰ চৰাইৰ মগজু, গৌতম শৰ্মাৰ সংকটত প্ৰাণী প্ৰজাতি, উৎপল কুমাৰ কলিতাৰ মণিপুৰৰ কেইবুল লামজাও, মানস প্ৰতিম দত্তৰ গছপুলি ৰোপণ ঃ প্ৰাসংগিক চিন্তা, গিৰীণ ডেকাৰ বনাঞ্চলত কাৰ অধিকাৰ, অশ্বিনী শৰ্মাৰ ওৰাং ৰাষ্ট˜ীয় উদ্যান, নাৰায়ণ বৰুৱাৰ পৰিৱেশ শুৱনি নাচনী চৰাই, ড০ নৱ কুমাৰ চমুৱাৰ বৰ্ষাৰণ্যত এজাক উন্মত্ত হাতীৰ সন্মুখত, গিৰীণ ডেকাৰ গছত গজাল নামাৰিব, পুলিন কলিতাৰ হনুমানে পাহাৰ আঁতৰাই নিয়া ঠাইখন, উৎপল কুমাৰ কলিতাৰ ৰজা শগুণৰ শেষ সময়, মানস প্ৰতিম দত্তৰ পাক্কে অভয়াৰণ্য, মলয় বৰুৱাৰ অসমঃ বন্যবিশ্ব ২০১৮, বিশ্বজিৎ দাসৰ কলহীৰ শিহু, ভূপেন কুমাৰ দাসৰ তাত এখন বিল আছিল, হেমন্ত বেজবৰুৱাৰ কুমাৰাকোমৰ পক্ষী জগতত, বুবুল শৰ্মাৰ সুস্থ পৃথিৱীৰ ডাকোৱালবোৰ, ড০ নৱ কুমাৰ চমুৱাৰ হস্তী-মানৱ সংঘাত দূৰীকৰণৰ বাবে এটা প্ৰস্তাৱ, নাৰায়ণ বৰুৱাৰ চাৰণ বিল, যোগেন্দ্ৰ ভৰালীৰ প্লাষ্টিকে ঢকা ধৰিত্ৰী, উৎপল কুমাৰ কলিতাৰ ঘনচিৰিকাৰ বাবে এটা দিন, ভূৱনেশ্বৰ ডেকাৰ ফেচা, হুদু, শগুণ আদিৰ কথাৰে, যোগেন্দ্ৰ ভৰালীৰ প্লাষ্টিক প্ৰতিৰোধ, উৎপল কুমাৰ কলিতাৰ বসন্তৰ বাতৰি দিয়া চৰাই, ৰঞ্জন কুমাৰ শৰ্মাৰ ৰঘুমলা, ড০ লোহিত শইকীয়াৰ মণিছাল, লীলাকান্ত পায়েঙৰ হাঁফলু, নাৰায়ণ বৰুৱাৰ বন খঞ্জৰী, মধুছন্দাৰ ঘৰচিৰিকা বৃদ্ধি পাইছে,অভাৱ হৈছে বাসস্থানৰ, ব্ৰজেন্দ্ৰ দেৱ মোহন শৰ্মাৰ কাকৈশিৰা, কৰেন্দ্ৰ চক্ৰৱৰ্তীৰ থলুৱা মাছৰ সংকট, ড০ লোহিত শইকীয়াৰ নাচনীৰ খোপাৰ কপৌ পাহি, গিৰীণ ডেকাৰ বিদায় পেট্ৰল যান, স্বাগতম ই-বাহন, ব্ৰজেন্দ্ৰ দেৱ মোহন শৰ্মাৰ বিহুৱতী চৰাই আদি৷ একেদৰে অসমীয়া প্ৰতিদিনৰ সম্ভাৰৰ পাতত বিদু্যৎ কুমাৰ শৰ্মাৰ প্লাষ্টিক নিষিদ্ধঃ এক আদৰণীয় পদক্ষেপ, জিয়াৰুদ্দিন আহমেদৰ প্লাষ্টিকৰ সামগ্ৰীলৈ প্ৰত্যাহ্বান তামোলৰ ঢকুৱা, পংকজ বৰাৰ মানৱসৃষ্ট আৱৰ্জনা, নাৰায়ণ ডেকাৰ টেনজিং বডোছাৰ নিদৰ্শন, মানস প্ৰতিম দত্তৰ আমাজনৰ পৰা অসমলৈ কিমান দূৰ, প্ৰাণজিৎ ডেকাৰ ভিয়েটনামৰ পৰিৱেশ বান্ধৱ ষ্ট্ৰ আদি পৰিৱেশ বিষয়ক লেখা প্ৰকাশ পাইছে৷

অসমৰ পৰিৱেশ সংৰক্ষণত পৰিৱেশ সাংবাদিকতা,ছপা আৰু দৃশ্য-শ্ৰাব্য মাধ্যমৰ ভূমিকা


অসমীয়া কাকতৰ উপৰিও অসমীয়া আলোচনী গৰীয়সী, সাতসৰী, প্ৰান্তিক, অন্যযুগ, নক্সা, ৰহস্য আদিতো প্ৰকৃতি বিষয়ক বাৰ্তা আৰু বিভিন্ন লেখা প্ৰকাশ হোৱা দেখা যায়৷ অসমীয়া প্ৰকৃতি সাহিত্যৰ ক্ষেত্ৰত বাটকটীয়া হিচাপে অভিহিত কৰা প্ৰথমখন গ্ৰন্থই হৈছে ১৯৬০ চনত প্ৰকাশ পোৱা শ্ৰীধনিৰাম দত্তৰ উদ্ভিদ বিৱৰণ৷

আৰম্ভণ অধ্যায়ক বাদ দি আন সাতটা অধ্যায়ত ভাগ কৰা গ্ৰন্থখনত উদ্ভিদৰ বিভিন্ন অংশৰ গুৰুত্ব আৰু ইয়াৰ সংৰক্ষণমূলক দিশটোক গুৰুত্ব প্ৰদান কৰা হৈছে৷
উদ্‌ভিদ বিৱৰণ কোনো অনুবাদ গ্ৰন্থ নহয়৷ অৱশ্যে এই গ্ৰন্থ প্ৰস্তুতৰ বেলিকা লেখকে বিভিন্ন প্ৰবন্ধ-পাতিৰ সহায় লৈছে৷

এই সম্পৰ্কে তেওঁ পাতনিত লিখিছে– “এই পুথিখন কোনো পুথিৰ অনুবাদ নহয়৷ ইয়াক সংগ্ৰহ কৰোতে ডাক্তাৰ যদুনাথ চট্টোপাধ্যায়ৰ উদ্ভিদ বিচাৰ, বাবু জগদানন্দ দাসৰ গাছপালা, বি, চি, বসুৰ কৃষিবিজ্ঞান, মাননীয় মজিদ চাহাবৰ নিম্ন প্ৰাইমাৰী পাঠ আৰু কোনো কোনো মাহিলী কাকতৰ উদ্ভিদ সম্বন্ধীয় প্ৰবন্ধৰ সহায় লোৱা হৈছে৷’’

ধনিৰাম দত্তই গ্ৰন্থখন প্ৰস্তুত কৰা বেলিকা বহুকেইটা বৈজ্ঞানিক পৰিভাষিক শব্দ নিজে তৈয়াৰ কৰাৰ লগতে সেই সময়ত নিম্ন প্ৰাথমিক পাঠ্যপুথিত ব্যৱহূত মৌলবী আব্দুল মজিদৰ [যাক তেওঁ মজিদ চাহাব হিচাপে সম্বোধন কৰিছিল] উদ্ভিদ পৰিভাষিক শব্দ ব্যৱহাৰ কৰিছে৷

লেখকে আৰম্ভণ অধ্যায়ত আচাৰ্য জগদীশ চন্দ্ৰ বসুৱে প্ৰমাণ কৰা উদ্ভিদৰ অনুভৱপ্ৰৱণ গুণৰ ওপৰত নিৰ্ভৰ কৰি উদ্ভিদৰ সংজ্ঞা দিছে এনেদৰে– “যিবিলাক শৰীৰী বস্তুৰ জীৱন আছে আৰু যিবিলাকে মাটিৰ ৰস দেহলৈ আনি বাঢ়ে, যিবিলাকে প্ৰাণীবোৰৰ নিচিনা সুখ দুখ অনুভৱ কৰিব পাৰে কিন্তু ইচ্ছামতে লৰচৰ কৰিব নোৱাৰে সেইবিলাকক উদ্ভিদ বোলে৷’’

সপুষ্পক উদ্ভিদক সাধাৰণতে দুটা ভাগত ভাগ কৰা হয়৷ এটা হৈছে দুশহীয়া উদ্ভিদ আৰু আনটো হৈছে এশহীয়া উদ্ভিদ৷ লেখকে দুশহীয়া আৰু এশহীয়া উদ্ভিদৰ সংজ্ঞা দিছে এনেদৰে– ‘‘সকলোৱে দেখিছে যে, আম, উৰহী, মাহ, তেঁতেলী, কোমোৰা প্ৰভৃতিৰ গুটিত দুফাল শাহ থাকে আৰু পুলি গজোতে সেই শাহ দুফাল কেতিয়াবা পুলিৰ দুফালে দুটা শাহ হৈ পাত ওলায়৷ এনেকুৱা বিলাক উদ্ভিদক দুশহীয়া উদ্ভিদ বোলে৷ তামোল, নাৰিকল, ধান প্ৰভৃতি উদ্ভিদৰ শাহ গোটা আৰু পুলি গজোতে এটা মাথোন শাহ পাত ওলায় আৰু পুলিটো এটা ঢাকনি বা থোৰৰ ভিতৰত থাকে৷ এই বিলাকৰ এশহীয়া বা গুটীয়া উদ্ভিদ বোলে৷’’

অসমৰ পৰিৱেশ সংৰক্ষণত পৰিৱেশ সাংবাদিকতা,ছপা আৰু দৃশ্য-শ্ৰাব্য মাধ্যমৰ ভূমিকা


লেখকে প্ৰথম আধ্যাত মূল বা আলু, শিপাৰ কাম, ৰস আকৰ্ষণ বিষয়কেইটা অন্তৰ্ভুক্ত কৰিছে৷ এই আধ্যাতে তেওঁ শিপা আৰু উদ্ভিদৰ আন্তঃসম্বন্ধৰ কথা উল্লেখ কৰি লিখিছে– “গছবিলাক সদায় একে ঠাইতে থাকে, এঠাইৰ পৰা আন ঠাইলৈ ইচ্ছামতে লৰচৰ কৰিব নোৱাৰে৷ এতেকে য’ত উদ্ভিদৰ তলৰ মাটিত সময়ত সেই উদ্ভিদৰ পোষণোপযোগী খোৱা বস্তুৰ অভাৱ হয়, তাত উদ্ভিদক জীয়াই ৰাখিবলৈ আন উপায় হোৱা উচিত৷ মাটিৰ ভিতৰত শিপা বিস্তাৰেই সেই উপায়৷ মাটিৰ তলত যিফালে উদ্ভিদৰ আহাৰ [সাৰ] বেচি থাকে স্বভাৱতে শিপাও সেইফালে বাঢ়ি যায়৷ এইদৰে শিপাবিলাক বহুদূৰলৈ বাঢ়ে৷ সচৰাচৰ গছৰ ঠাল ঠেঙ্গুলি যিমান দূৰলৈ যায়, মাটিৰ ভিতৰত শিপাও সিমান দূৰলৈ যায়৷ কঁঠাল-প্ৰভৃতি কোনো কোনো উদ্ভিদৰ শিপা তাতোকৈ দূৰৈলৈ যোৱা দেখা যায়৷ উদ্ভিদৰ ওচৰৰ মাটি কুৰি দিলে শিপা বঢ়াত সুবিধা হয়৷ সেই কাৰণে কোনো গছক সতেজ কৰিব খুজিলে মাজে সময়ে তাৰ গোৰৰ মাটি কুৰি দিব লাগে৷”

দ্বিতীয় আধ্যাত লেখকে ঠাৰি বা কাণ্ড আৰু ইয়াৰ গুৰুত্ব সম্পৰ্কে বৰ্ণনা কৰিছে৷ মাটিৰ ওপৰত থকা ঠাৰিক বাহ্যঠাৰি আৰথ তলত থকা ঠাৰিক অন্তৰ্ভৌমঠাৰি বুলি কোৱা হয়৷ এই অন্তৰ্ভৌমঠাৰি আকৌ চাৰিপ্ৰকাৰৰ৷ এইবোৰ হৈছে কন্দ, বজ্ৰকন্দ, সংযুক্ত গোটা কন্দ আৰু ওফোন্দা কন্দ৷ একেদৰে বাহ্য ঠাৰিক তৃণ, লতা, গুল্ম আৰু বৃক্ষত ভাগ কৰিছে৷ এই আধ্যাতে লতাৰ তিনিটা ভাগ নখীয়া লতা, পৰিৱেষ্টিকা আৰু আকৰ্ষিকাৰ কথাও উনুকিয়াই বৰ্ণনা কৰিছে৷ ইয়াৰ উপৰিও এই আধ্যাত কাঠ, ছাল, ঠাল আদিৰ পৰিচয়মূলক বৰ্ণনা দাঙি ধৰিছে৷

অসমৰ পৰিৱেশ সংৰক্ষণত পৰিৱেশ সাংবাদিকতা,ছপা আৰু দৃশ্য-শ্ৰাব্য মাধ্যমৰ ভূমিকা
Photo by Marco Antonio Victorino on Pexels.com


তৃতীয় আধ্যাত লেখকে পাত, পাতৰ দাঁতি, পাতৰ অংগ, লতিপাত, পাতৰ শুং আৰু কাঁইট, পাতৰ শিৰ আদি বিষয়কেইটা সামৰি¸ লৈছে৷ উপপাত সম্পৰ্কীয় সৰ্বসাধাৰণৰ মাজত থকা ভুল ধাৰণা ভাঙিবলৈ লেখকে লিখিছে–‘‘নেমুটেঙ্গা, ৰেবাবটেঙ্গা প্ৰভৃতি কিছুমান গছৰ পাতৰ গুৰিৰ ফালে চৰাইৰ পাখিৰ নিচিনা একোটি সৰু পাত দেখা যায়৷ এইবিলাক হ’ল সেই সেই গছৰ উপপাত নহয়৷ উপপাতে প্ৰায়ে কোমল পাতক ঢাকি ৰাখে৷ সেইকাৰণে কোমল পাতবিলাক জাৰ, ৰ’দ, বৰষুণ পৰা ৰক্ষা কৰে৷ টেঙ্গাৰ পাতৰ গুৰিৰ সেই সৰু পাতে কোমল পাতক নাঢাকে৷ এতেকে এইবিলাক উপপাত নহয়৷”

ফুল, ফুলৰ বিভাগ, ফুলৰ কাম, প্ৰজনন আদিৰ বিষযে চতুৰ্থ আধ্যাত, ফলোৎপত্তি, পাতৰ পৰিৱৰ্তন, ফল, স্ফোটক ফল, অস্ফোটক ফল, যুক্ত ফল, বীজ, ফলৰ কাম আদিৰ বিষয়ে পঞ্চম আধ্যাত, উদ্ভিদৰ উষ্ণতা, তাপ আদি সম্পৰ্কে ষষ্ঠ আধ্যাত আৰু সপ্তম আধ্যাত অপুষ্পক উদ্ভিদৰ বিষয়ে প্ৰণালীবদ্ধভাৱে উদ্ভিদৰ জীৱনচক্ৰ আৰু ইয়াৰ গুৰুত্ব সম্পৰ্কে পৰিচয়মূলক বৰ্ণনা আগবঢ়াইছে৷ ইয়াৰ উপৰিও ওপৰঞ্চি আধ্যাত উদ্ভিদৰ বিকাশত মাটি আৰু সাৰ সম্পৰ্কে নিখুঁত বৰ্ণনা কৰিছে৷

এই গ্ৰন্থখনৰ উপৰিও শ্ৰীধনিৰাম দত্তই আৱাহন আলোচনীৰ ১৮৫৪ শঁকৰ চত মাহৰ ৪১্থ বছৰ, ৬ষ্ঠ সংখ্যাতো উদ্ভিদ বিষয়ক লেখা লিখিছিল৷ এই লেখাত তেওঁ ফকৰা যোজনাৰ পৰা আৰম্ভ কৰি চৰক সংহিতা, বৃহৎ সংহিতা আদিত উদ্ভিদৰ পৰিচয়মূলক বৰ্ণনা সম্পৰ্কেও উদ্ধৃতি দিছে৷ অসমীয়া পৰিৱেশ সাহিত্যৰ বাটকটীয়া হিচাপে শ্ৰীধনিৰাম দত্ত চিৰস্মৰণীয় হৈ থাকিব৷

অসমীয়া ভাষাত প্ৰকাশিত পৰিৱেশ বিষয়ক অন্যান্য গ্ৰন্থসমূহৰ ভিতৰত ১৯৫৩ চনত প্ৰকাশিত কুমুদ চন্দ্ৰ দত্তৰ অদ্ভূত গছ, ১৯৭৮ চনত প্ৰকাশিত শান্তনু তামুলীৰ অসমৰ বনৌষধ, ১৯৮৬ চনত প্ৰকাশিত অলক কুমাৰ বুঢ়াগোহাঁই আৰু নীলমণি বৰাৰ বিপন্ন উদ্ভিদ, ১৯৮৯ চনত প্ৰকাশিত শান্তা শৰ্মাৰ অসমৰ চৰাই-চিৰিকতি, ১৯৯০ চনত প্ৰকাশিত ফটিক চন্দ্ৰ গগৈৰ অসমৰ বনজ সম্পদ, ১৯৯০ চনত প্ৰকাশিত ফটিক চন্দ্ৰ গগৈৰ অসমৰ বিৰল পশু-পক্ষী, ১৯৮৬ চনত প্ৰকাশিত পবিত্ৰ কুমাৰ পাটোৱাৰীৰ অসমৰ বিবিধ চৰাই, ১৯৯০ চনত প্ৰকাশিত ডিম্বেশ্বৰ চলিহাৰ প্ৰাণী জগতৰ ৰহস্য, ১৯৮৯ চনত প্ৰকাশিত অপৰাজিত বৰকটকীৰ প্ৰাণীজগতত এভূমুকি, ১৯৮৬ চনত প্ৰকাশিত দীনেশ বৈশ্যৰ বিলুপ্ত প্ৰাণী, ১৯৯৩ চনত প্ৰকাশিত পুলক বিশ্বাসৰ ব্যস্ত পৰুৱাবোৰ, ১৯৯১ চনত প্ৰকাশিত ভূৱনেশ্বৰ শৰ্মাৰ লুপ্তপ্ৰায় বন্যপ্ৰাণী, ১৯৭২ চনত প্ৰকাশিত শান্তনু তামুলীৰ সৰীসৃপ,১৯৭৪ চনত প্ৰকাশিত ডিম্বেশ্বৰ চলিহাৰ চৰাই, ১৯৯২ চনত ভোলানাথ তামুলীৰ জীৱ-তত্ত্ব, ১৯৯৮ চনত জীৱন দাসৰ প্ৰকৃতি প্ৰেমীৰ দৃষ্টিপাত, সৌম্যদ্বীপ দত্তৰ অপৰূপা অৰুণাচল, কৰুণা দত্ত চৌধুৰীৰ অৰণ্য আৰু মানুহ, সৌম্যদ্বীপ দত্তৰ অৰণ্য পথৰ পথিক, ৰঞ্জন কুমাৰ দাসৰ পখীৰ কাকলিত ডিব্ৰু-চৈখোৱা, মলয় বৰুৱাৰ অৰণ্যৰ ছাঁ গচকি, ৰয়েল পেগুৰ অৰণ্য-জনাৰণ্য, ঘনশ্যাম ৰাজবংশীৰ অৰণ্যৰ ভিতৰচৰা, সৌম্যদ্বীপ দত্তৰ অসমৰ বনৰীয়া মেকুৰী, ৰেখা চেত্ৰী আৰু দিলীপ চেত্ৰীৰ সোণালী বান্দৰ, সৌম্যদ্বীপ দত্তৰ অসমৰ প্ৰাইমেট, যোগেন্দ্ৰনাথ শইকীয়াৰ পতংগৰ কথা, প্ৰফুল্ল ডেকাৰ বুল্লুম বুথুৰ, শৰৎ চন্দ্ৰ চিৰিংফুকনৰ প্ৰকৃতি, ড° দীনেশ চন্দ্ৰ গোস্বামীৰ পৰিৱেশৰ বাবে সামান্য কাম, প্ৰীতি কাকতিৰ অৰ্কিড, অদীপ কুমাৰ ফুকনৰ অসমৰ অৰ্থনীতিত বনৌষধি আৰু সুগন্ধি উদ্ভিদ, সৌম্যদ্বীপ দত্তৰ নামচাঙৰ অন্তেষপুৰ, ধৰণীধৰ বড়োৰ কাজিৰঙাত ২৪ বছৰ, অমৃত চেতিয়াৰ কাজিৰঙা অ কাজিৰঙা, দিব্যলোচন দাসৰ আস্তে আস্তে আগেত যা, পুলিন কলিতাৰ কাজিৰঙাৰ কাহিনী, অন্নজ্যোতি গগৈৰ উদ্ভিদ বৈচিত্ৰ্য প্ৰসংগ আৰু অনুসংগ, সৌম্যদ্বীপ দত্তৰ বিপন্ন ধৰিত্ৰী, সংকটত বন্যপ্ৰাণী, ড° নৱ কুমাৰ চমুৱাৰ অসমৰ বৰ্ষাৰণ্য, মুনীন বৰগোহাঁইৰ দেশ-বিদেশৰ বনানীকৰণৰ ৰূপৰেখা, অপূৰ্ব বল্লভ গোস্বামীৰ নামবৰৰ পৰা ম্যানমাৰলৈ, ৰূপম বৰুৱাৰ প্ৰসংগঃ প্ৰকৃতি, অমূল্য কুমাৰ হাজৰিকাৰ প্ৰকৃতি প্ৰকৃত বন্ধু, সৌম্যদ্বীপ দত্তৰ অসমৰ চৰাই পৰ্যবেক্ষণৰ হাতপুথি, পংকজ কুমাৰ দত্তৰ অৰণ্যৰ ৰ’দ-বৰষুণ, কুমুদ ঘোষৰ মানুহ, প্ৰকৃতি আৰু ৰবীন্দ্ৰনাথৰ পৰিৱেশ ভাবনা, বুবুল শৰ্মাৰ বিশ্বৰ বিপদাপন্ন প্ৰাণী গঁড়, ২০২২ চনত প্রকাশিত  মানস প্রতিম দত্তৰ ‘সংকট-সম্ভাৱনাৰ আলিবাটেৰে মানুহ আৰু প্রকৃতি’, ২০২৩ চনত প্রকাশিত মানস প্রতিম দত্ত, ধ্রুৱজ্যোতি চেতিয়া আৰু বিমান সন্দিকৈৰ ‘প্রকৃতিৰ জমাদাৰ’ আদি অন্যতম৷

অসমৰ পৰিৱেশ সংৰক্ষণত পৰিৱেশ সাংবাদিকতা,ছপা আৰু দৃশ্য-শ্ৰাব্য মাধ্যমৰ ভূমিকা
Photo by Jonny Lew on Pexels.com


অসমৰ পৰিৱেশ সংৰক্ষণ আৰু গৱেষণামূলক ক্ষেত্ৰত ইংৰাজী ভাষাত লিখা অসমৰ পৰিৱেশকেন্দ্ৰিক গৱেষণা আৰু তথ্যভিত্তিক গ্ৰন্থৰো গুৰুত্বপূৰ্ণ ভূমিকা আছে৷ ইংৰাজী ভাষাত অসমৰ উদ্ভিদ বৈচিত্ৰক মূল বিষয় হিচাপে লৈ গৱেষণামূলক গ্ৰন্থ ৰচনা কৰি অসমৰ প্ৰকৃতি সাহিত্যলৈ অনৱদ্য অৱদান আগবঢ়োৱা বাটকটীয়া বুলিলে আমি প্ৰথমেই ক’ব লাগিব উপেন্দ্ৰনাথ কাঞ্জিলাল, তেওঁৰ পুত্ৰ প্ৰফুল্ল চন্দ্ৰ কাঞ্জিলাল আৰু অতুলানন্দ দাসৰ কথা৷

অৰণ্য আৰু উদ্ভিদক প্ৰাণ ভৰি ভালপোৱা উপেন্দ্ৰনাথ কাঞ্জিলালৰ জন্ম হৈছিল ১৮৫৯ চনত৷ কলিকতাৰ বিখ্যাত প্ৰেছিডেন্সি কলেজ আৰু ডেৰাদুনৰ ইম্পেৰিয়েল ফৰেষ্ট স্কুলত শিক্ষা সমাপ্ত কৰে৷ উপেন্দ্ৰই অসম চৰকাৰৰ অধীনত বন বিভাগত অতিৰিক্ত বন সংৰক্ষক হিচাপে যোগদান কৰে৷ কাঞ্জিলালৰ পৰিয়ালটো আছিল সেই সময়ৰ গৌড় ৰাজ্যৰ ৰজা আদিসুৰৰ পৰামৰ্শদাতা হিচাপে সেৱা আগবঢ়োৱা পৰিয়াল৷ ১৯১১ চনত ৰায়বাহাদুৰ সন্মান লাভ কৰা উপেন্দ্ৰনাথে উদ্ভিদ বিষয়ক বহুকেইখন গ্ৰন্থ প্ৰণয়ন কৰিছে৷ উদ্ভিদ সংৰক্ষণ আৰু গৱেষণা ক্ষেত্ৰৰ সৈতে জড়িত কাঞ্জিলালে ১৯০২ চনত লিনিয়ান সমাজৰ সভ্যৰ [Fellow of Linnean Society] স্বীকৃতি লাভ কৰে৷ লিনিয়ান চ’ছাইটি হৈছে প্ৰাকৃতিক ইতিহাস, শ্ৰেণীবিভাজন আৰু বিৱৰ্তন সম্পৰ্কে অধ্যয়ন, গৱেষণা আৰু প্ৰচাৰৰ বাবে৷ একত্ৰিত বিজ্ঞানীৰ বিদ্বৎ সমাজ৷  এই চ’ছাইটি  বিখ্যাত উদ্ভিদবিজ্ঞানী ছাৰ জেমছ্‌ এডৱাৰ্ড স্মিথে ১৭৮৮ চনত প্ৰতিষ্ঠা কৰিছিল৷ যি সময়ত বৰ্ণ বৈষম্যই গা কৰি আছিল সেই সময়তে ১৯০৫ চনত পক্ষীবিদ তথা পক্ষী ফটোগ্ৰাফাৰ এমা লুইছা টাৰ্ণাৰক ফেল’ প্ৰদান কৰিছিল৷

অসমৰ পৰিৱেশ সংৰক্ষণত পৰিৱেশ সাংবাদিকতা,ছপা আৰু দৃশ্য-শ্ৰাব্য মাধ্যমৰ ভূমিকা


অসমৰ উদ্ভিদ বৈচিত্ৰ্যত মোহিত হৈ কাঞ্জিলালে প্ৰণালীবদ্ধ উদ্ভিদ গৱেষণা ক্ষেত্ৰৰ সৈতে জড়িত হৈ পৰে আৰু অসমৰ উদ্ভিদৰ পৰিচয়েৰে ‘ফ্ল’ৰা অব্‌ আসাম’ নামৰ গ্ৰন্থ প্ৰণয়নৰ ক্ষেত্ৰত আগবাঢ়ে৷ কিন্তু, সময়ৰ কি যে লীলা ! গৱেষণা আৰু অধ্যয়ন কাৰ্যত জড়িত হৈ থকা অৱস্থাতে ১৯২৮ চনত উপেন্দ্ৰনাথ কাঞ্জিলালৰ মৃত্যু হয়৷ উপেন্দ্ৰনাথ কাঞ্জিলালৰ মৃত্যুৰ পাছত “ফ্ল’ৰা অব্‌ আসাম”ৰ আধৰুৱা কাম সমাপনৰ উদ্যোগ লয় তেখেতৰ পুত্ৰ প্ৰফুল্ল চন্দ্ৰ কাঞ্জিলালে৷ মুঠ পাঁচটা খণ্ডৰ এই গ্ৰন্থখনৰ সৈতে জড়িত আন এজন ব্যক্তি হ’ল উদ্ভিদবিজ্ঞানী, অসমৰ উপ বন সংৰক্ষক অতুলানন্দ দাস৷

১৮৭৯ চনত জন্ম লাভ কৰা অতুলানন্দ দাস ১৯৩৫ চনত লিনিয়ান ফেল’ হিচাপে নিৰ্বাচিত হৈছিল৷ তেখেতে মূলতঃ উদ্ভিদ ৰাজ্যৰ এৰিকেচু, এবিনেচি, ডিপ্টেৰ’কাৰ্পেচি, মাইৰটেচি, ইউফ’ৰবিএচি, একান্থেচি আদি উদ্ভিদ পৰিয়ালৰ বিষয়ে গৱেষণা কৰিছিল৷ তেখেতে আৱিস্কাৰ আৰু বৰ্ণনা আগবঢ়োৱা উদ্ভিদৰ ভিতৰত Phoebe cooperiana P.C.Kanjilal & Das, Agapetes kanjilali Das, Agapetes racemosa Watt ex Kanjilal & Das, Eugenia cyanophylla P.C.Kanjilal & Das, Dipterocarpus mannii King ex U.N.Kanj., P.C.Kanjilal & Das, Helwingia lanceolata Watt ex Kanjilal, P.C.Kanjilal & Das, Flueggeopsis glauca [Wall. ex Hook.f.] Das, Machilus dubia Das & P.C.Kanjilal, Machilus globosa Das আদি অন্যতম৷ তেখেত ‘ফ্লৰা অব্‌ আসাম’ৰ চতুৰ্থ খণ্ড [১৯৪০] ৰচনাৰ সৈতে জড়িত হোৱাৰ উপৰিও ১৯৪৮ চনত ইণ্ডিয়ান ফৰেষ্টাৰ আৰু ১৯৩৪ চনত আসাম ফৰেষ্ট ৰেকৰ্ড প্ৰণয়নত জড়িত আছিল৷

অসমৰ পৰিৱেশ সংৰক্ষণত পৰিৱেশ সাংবাদিকতা,ছপা আৰু দৃশ্য-শ্ৰাব্য মাধ্যমৰ ভূমিকা


এওঁলোকৰ উপৰিও ফ্লৰা অব্‌ আসামৰ সৈতে জড়িত আন দুজন বিজ্ঞানী আছিল অসম চৰকাৰৰ বটানিকেল অফিচাৰ চি পুৰকায়স্থ আৰু বটানিকেল ফৰেষ্ট অফিচাৰ আৰ এন দে৷ অসমৰ গৱেষণামূলক পৰিৱেশ অধ্যয়নৰ সৈতে জড়িত আন এজন ব্যক্তি হ’ল ই পি জী৷ ১৯০৪ চনত সংযুক্ত যুক্তৰাষ্ট˜ৰ ডাৰহামত জন্মগ্ৰহণ কৰা ই পি জীৰ সম্পূৰ্ণ নাম এডৱাৰ্ড প্ৰিটচাৰ্ড জী৷ ‘দ্য ৱাইল্ডলাইফ অব্‌ ইণ্ডিয়া’ গ্ৰন্থৰে খ্যাতি লাভ কৰা ই পি জী অসমত এজন বিখ্যাত চাহ খেতিয়ক হিচাপে পৰিচিত আছিল৷ এজন ফটোগ্ৰাফাৰ হিচাপেও পৰিচিত জীৰ জৰীপ আৰু স্বাধীন গৱেষণাই তেওঁক সেই সময়ৰ বৌদ্ধিক জগতত সুকীয়া পৰিচয় প্ৰদান কৰিছিল৷ অসমৰ বনভূমিত তেঁৱেই প্ৰথমবাৰৰ বাবে সোণালী বান্দৰ আৱিস্কাৰ কৰিছিল৷ সেয়েহে সোণালী বান্দৰৰ বৈজ্ঞানিক নাম [Trachypithecus geei] ৰ ‘প্ৰজাতি’ অংশৰ সৈতে সংযুক্ত হৈ আছে ই পি জীৰ নাম৷ তদুপৰি নেপালৰ প্ৰথমখন ৰাষ্ট˜ীয় উদ্যান চিতৱান ৰাষ্ট্রীয় উদ্যান গঠনৰো মূল উদ্যোগী আছিল ই পি জী৷  তেখেতৰ প্ৰকাশিত বিখ্যাত গৱেষণাপত্ৰসমূহৰ ভিতৰত ১৯৬৪ চনত প্ৰকাশিত The White Tiger, ১৯৩৩ চনত Journal of the Bombay Natural History Society, সংখ্যা ৩৬ত প্ৰকাশিত Note on the Indo-Burmese Pied Hornbill, ১৯৫২ চনত Journal of the Bombay Natural History Society, সংখ্যা ৫১ত প্ৰকাশিত The Management of India’ব্দ Wildlife Sanctuaries and National Parks, ১৯৫৯ চনত Journal of the Bombay Natural History Society, সংখ্যা ৫৬ত প্ৰকাশিত Albinism And Partial Albinism In Tiger, ১৯৬০ চনত Journal of the Bombay Natural History Society, সংখ্যা ৫৭ত প্ৰকাশিত The breeding of the Grey or Spottedbilled Pelican Pelecanus philihpensis [Gmelin] অন্যতম৷

পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত দৃশ্য-শ্ৰাব্য মাধ্যমৰ গুৰুত্বও অপৰিসীম৷ সম্প্ৰতি আকাশবাণী ডিব্ৰুগড়, যোৰহাট, গুৱাহাটী আদি কৰি আকাশবাণীৰ কেন্দ্ৰসমূহৰ লগতে  অন্যান্য দূৰদৰ্শন কেন্দ্ৰসমূহেও ইক’জাৰ্নেলিজিমৰ ক্ষেত্ৰত কম-বেছি পৰিমাণে গুৰুত্ব দিয়া দেখা গৈছে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত বিভিন্ন সময়ত পৰিৱেশ বিষয়ক কথিকা প্ৰচাৰিত হৈ আহিছে৷

ইয়াৰ উপৰিও কেন্দ্ৰটোৱে লোক-সংস্কৃতি আৰু প্ৰকৃতি সংৰক্ষণৰ উদ্দেশ্যে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ জনগোষ্ঠীসমূহৰ পৰম্পৰা আৰু পৰিৱেশ সংৰক্ষণৰ বাবে বসুদৈৱা কুটুম্বকম্‌-এ জাৰ্ণি অফ ফ্ৰেণ্ডশ্বিপ এণ্ড ব্ৰাডাৰহুদ, মিছন ৱাইল্ড লাইফ কনজাৰভেছন, গ্ৰীণ ব্ৰডকাষ্টিং আদি নামৰ অনুষ্ঠান প্ৰচাৰ কৰি আহিছে৷ আকাশবাণীৰ কেউটা কেন্দ্ৰৰ যোগেদি পৰিৱেশ বিষয়ক নাটক, ৰূপক আদি প্ৰচাৰ কৰা শুনা যায়৷ ইয়াকো পৰিৱেশ সাংবাদিকতাৰ এক অংশ বুলি অভিহিত কৰিব পাৰি৷ ইয়াৰ উপৰিও দিহিং পাটকাই আৰু পবাৰ সংৰক্ষণ আৰু স্বীকৃতিৰ দাবীৰ ক্ষেত্ৰত আকাশবাণীয়ে বিভিন্ন প্ৰতিবেদন আৰু অনুষ্ঠান সম্প্ৰচাৰ কৰা শুনা গৈছে৷

অসমৰ পৰিৱেশ সংৰক্ষণত পৰিৱেশ সাংবাদিকতা,ছপা আৰু দৃশ্য-শ্ৰাব্য মাধ্যমৰ ভূমিকা

পৰিৱেশ সংৰক্ষণ আৰু সজাগতা সৃষ্টিত তথ্যচিত্ৰসমূহে গুৰুত্বপূৰ্ণ ভূমিকা লোৱা দেখা যায়৷ এইক্ষেত্ৰত ৰবীন বেনাৰ্জীৰ তথ্যচিত্ৰসমূহ বহু গৱেষণা আৰু অধ্যয়নৰ সমলস্বৰূপ৷ বেনাৰ্জীয়ে ৩২ খন তথ্যচিত্ৰ নিৰ্মাণ কৰিছিল৷ তাৰে ২০ খনে  আন্তৰ্জাতিক সন্মান বুটলিছিল৷ বেনাৰ্জীয়ে প্ৰথমবাৰ কাজিৰঙাৰ পৰিৱেশত মুগ্ধ হৈ কাজিৰঙা শীৰ্ষক তথ্যচিত্ৰ নিৰ্মাণ কৰিবৰ বেলিকা তেওঁৰ হাতত নাছিল এটা মুভি কেমেৰা৷ এজন অন্তৰংগ বন্ধুৰ পৰা ধাৰলৈ আনি নিৰ্মাণ কৰিছিল কাজিৰঙা৷ তেওঁ নিৰ্মাণ কৰা আন কেইখনমান তথ্যচিত্ৰ হৈছে– কাজিৰঙা, ৱাইল্ড লাইফ অব্‌ ইণ্ডিয়া, ৰাইন’ কেপচাৰ, এ ডে টু জ’, এলিফেণ্ট কেপচাৰ, লেক ৱাইল্ডনেচ, ফ্লায়িং ৰেপ্টাইলছ্‌ অব ইণ্ডোনেচিয়া, এনিমেলচ অব আফ্ৰিকা আদি৷

পৰিৱেশ সাংবাদিকতা আৰু পৰিৱেশ বিষয়ক লেখা-মেলাৰ ক্ষেত্ৰত দেখা দিয়া এটা গুৰুত্বপূৰ্ণ সমস্যা হৈছে ‘নগৈ গড়গাঁৱৰ বাতৰি দিয়া’৷ বহু সময়ত কাকতত পৰিৱেশ বিষয়ক বিভিন্ন লেখাত ভুল তথ্য প্ৰদান কৰা দেখা যায়৷ অলপতে এখন বহুল প্ৰচলিত কাকতত এজন লেখকে লিখা এটা লেখাত পানী-দিহিঙৰ বিষয়ে ভুল তথ্য প্ৰদান কৰিছিল৷ এনে ভুল তথ্য সন্নিবিষ্ট হোৱাৰ কাৰণ হ’ল লেখাৰ বাবে প্ৰয়োজনীয় ক্ষেত্ৰ অধ্যয়নৰ অভাৱ৷ বহুতে কেৱল ইণ্টাৰনেটক উৎস হিচাপে লৈয়ে লেখা-মেলা কৰা দেখা যায়৷ এই ইণ্টাৰনেটৰ সকলো তথ্যই কিন্তু প্ৰামাণিক তথ্য নহয়৷ তদুপৰি ডব্লিউ ডব্লিউ এফৰ মতে পৰিৱেশ সাংবাদিকতাৰ ক্ষেত্ৰত দেখা দিয়া মূল সমস্যা সমূহ হ’ল–

পৰিৱেশ বিষয়ক উপযুক্ত প্ৰশিক্ষণৰ অভাৱত গভীৰ আৰু কঠিন বিষয়সমূহৰ প্ৰতি গুৰুত্ব নিদিলে বা এৰি থৈ গলে প্ৰকৃত তথ্যসহ কথাখিনি প্ৰকাশ নাপাব পাৰে৷
পৰিৱেশ সংক্ৰান্তীয় চৰকাৰী তথ্যৰ প্ৰতি গুৰুত্বহীনতা বা চৰকাৰী তথ্য সংগ্ৰহ নকৰা৷
বন-মাফিয়াই ব্যৱসায়িক আৰু ব্যক্তিগত জীৱনক ক্ষতিগ্ৰস্ত কৰিবলৈ কৰা চেষ্টা৷
বিভাগীয় সম্পাদক বা কাকতৰ পৰা প্ৰয়োজনীয় প্ৰশিক্ষণ আৰু গুৰুত্ব লাভ নকৰা৷

পৰিৱেশ সাংবাদিকতা: ২০১৬ চনলৈ প্ৰায় দুকুৰিৰো অধিক পৰিৱেশ সাংবাদিক এনে ষড়যন্ত্ৰৰ বলি হ’বলগীয়া হৈছে ৷ ২০১৩ চনত লাইবেৰিয়াৰ সাংবাদিক ৰ’ডনি ছীহ [Rodney Sieh]এ পূৰ্বৰ এজন কৃষিমন্ত্ৰীয়ে সংক্ৰামক গিনি কৃমি প্ৰতিৰোধৰ বাবে ব্যৱহূত আঁচনিৰ ধন আত্মসাৎ কৰাৰ কথা উন্মোচন কৰে৷ কিন্তু ওলোটাই ছীহকহে ৫০০০ বছৰৰ কাৰাদণ্ড আৰু মানহানিৰ বাবে ৰ.৬ ইউ এচ ডলাৰ জৰিমনা বিহিছিল৷ অৱশ্যে পাছলৈ আন্তৰাষ্ট˜ীয় হেঁচাত তেওঁক মুকলি কৰি দিবলৈ বাধ্য হৈছিল৷

175 Years Of Media SpEd

পৰিৱেশ সাংবাদিকতাৰ সৈতে পৰিৱেশগত সমস্যা, বিজ্ঞান আৰু ৰাজনৈতিক কাৰকো জড়িত হৈ থাকে নেকি বুলি ‘দ্য ৰিভিলেটৰ’ৰ সম্পাদক জন আৰ. প্লটে এটা সাক্ষাৎকাৰত ছ’ছাইটি অফ এনভাইৰনমেণ্ট জাৰ্ণেলিষ্টৰ সভাপতি ববী মেগিলক সোধা প্ৰশ্নত তেওঁ কৈছিল – I like to think about it this way. Maybe not every story, but many stories that we write as journalists can have an environmental angle.You know, the SEJ board just held its board meeting in Fort Collins, Colorado, and Colorado State University recently built a new stadium right on campus. That required land use change on campus, and that had a variety of issues associated with it. That’s an environmental story because it affects land use. It affects traffic patterns. It affects how people use electricity and water, and how they park their car, it affects transportation and all kinds of things that have environmental consequences. So, that’s a sports story. It’s a business story. It’s an education story, and it’s an environmental story.’

অসমত পৰিৱেশ সমালোচনাৰ ধাৰাটোৰ বিকাশৰ লগতে পৰিৱেশ সাংবাদিকতাৰ ধাৰণাটোৰো বিকাশ ঘটিছে৷ এই বিকাশ সম্পৰ্কীয় প্ৰয়োজনীয় তথ্য-পাতি বহুত কমকৈয়ে পোৱা যায়৷ ড০ নৱ কুমাৰ চমুৱাৰ পৰিৱেশ সাহিত্যৰ এখন উল্লেখযোগ্য গ্ৰন্থ অসমত সেউজ সংৰক্ষণ চেতনা আৰু সাহিত্যত এই সম্পৰ্কে তথ্যাদি সুন্দৰকৈ প্ৰকাশ পাইছে বুলিব পাৰি৷ এই লেখাটোত অন্তৰ্ভুক্ত বহুতো তথ্যৰ বাবে এই গ্ৰন্থৰ সহায় লোৱা হৈছে ৷

পৰিৱেশ সাংবাদিকতাৰ ধাৰণাটোক আৰু গণমুখী কৰি তুলিবলৈ হ’লে এনে ধৰণৰ অধিক গ্ৰন্থ প্ৰকাশৰ উদ্যোগ লোৱা উচিত৷ এইক্ষেত্ৰত চৰকাৰী-বেচৰকাৰী প্ৰকাশন প্ৰতিষ্ঠান, সাহিত্যানুষ্ঠান আদিৰো উল্লেখযোগ্য ভূমিকা থকা দৰকাৰী।

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Anjan Sarma

Anjan Sarma

Related Posts

The River That Became a Drain: Bharalu and the Death of a Memory
Environment

The River That Became a Drain: Bharalu and the Death of a Memory

by Editor
July 4, 2026
0

The River That Became a Drain: Bharalu and the Death of a Memory RAHUL ROHAN PAUL There is a photograph...

Read moreDetails
তুষাৰ অদৃশ্য, বৰফ গলি আছে,  কিন্তু সুযোগ এতিয়াও আছে

CLIMATE CHANGE IS EVERYWHERE

June 26, 2026
Gujarat : Sustainable Initiative Under ‘Vikas Saptah’ Celebrations

The Plastic Plague: Why the World Must Act Now

June 26, 2026
Sea Levels Rise: Will the movie ‘Waterworld’ become a reality soon?

Vanishing Shores, Shifting Borders: The Global Warming Reshaping India, Bangladesh, and Assam

June 18, 2026
সাম্ৰাজ্যবাদী বৃটিছ আৰু কামৰূপৰ বজালীৰ ৰাইজৰ সংগ্ৰাম

সাম্ৰাজ্যবাদী বৃটিছ আৰু কামৰূপৰ বজালীৰ ৰাইজৰ সংগ্ৰাম

June 14, 2026
Brahmaputra -The never-ending metaphor as Media of the valley

Brahmaputra -The never-ending metaphor as Media of the valley

June 11, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
দেশে দেশে ফুটবল

দেশে দেশে ফুটবল

July 19, 2026
ukraine1 4

 Putin simply couldn’t care less about any peace talks!

July 19, 2026
Understanding Visual Culture: Its Evolution and Social Influence

Understanding Visual Culture: Its Evolution and Social Influence

July 19, 2026
পৰিৱেশ সংৰক্ষণত নাৰী

পৰিৱেশ সংৰক্ষণত নাৰী

July 19, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37661 shares
    Share 15064 Tweet 9415
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    17089 shares
    Share 6836 Tweet 4272
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2321 shares
    Share 928 Tweet 580
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    242 shares
    Share 97 Tweet 61
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    391 shares
    Share 156 Tweet 98
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    144 shares
    Share 58 Tweet 36
  • Bhattadev University and Climate Justice Classroom

    111 shares
    Share 44 Tweet 28
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6754 shares
    Share 2702 Tweet 1689
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1165 shares
    Share 466 Tweet 291
  • Mahabahu Climate Forum Experience: Seven Days of Climate Learning

    110 shares
    Share 44 Tweet 28
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d