• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, August 9, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Geography

অসমৰ বানপানী আৰু গৰাখহনীয়া

Assamese Section/ Assam / Flood

by Raktim Ranjan Saikia
July 21, 2026
in Geography, Nature, Science, Special Report
Reading Time: 5 mins read
0
অসমৰ বানপানী আৰু গৰাখহনীয়া
Share on FacebookShare on TwitterShare on LinkedIn

অসমৰ বানপানী আৰু গৰাখহনীয়া

নিয়ন্ত্ৰণৰ ইতিহাস আৰু স্থায়ী বিজ্ঞানসন্মত সমাধান

ড০ ৰক্তিম ৰঞ্জন শইকীয়া

Raktim Ranjan Saikia
ড০ ৰক্তিম ৰঞ্জন শইকীয়া

বাৰিষাৰ আগমনৰ লগে লগে অসমৰ ৰাইজৰ মাজত, সামাজিক মাধ্যম আৰু কাকতপত্ৰত সঘনাই উঠা এটা দাবী হ’ল অসমৰ গৰাখহনীয়া আৰু বানপানী সমস্যাৰ এটা স্থায়ী আৰু ‘বিজ্ঞানসন্মত’ সমাধান লাগে।

প্ৰকৃততে এই দাবীটোৱে সহস্ৰ বছৰ ধৰি উপত্যকাটোত বাস কৰি অৰ্জন কৰা জীৱনযুদ্ধৰ কৌশল আৰু ভূপ্ৰকৃতিৰ জ্ঞান ইতিমধ্যেই আমি অসমৰ থলুৱা ৰাইজে হেৰুৱাটোকে সূচায়।

ব্ৰহ্মপুত্ৰ উপত্যকা হিমালয়ৰ উত্থানৰ পাছত উৎপত্তি হোৱা একেবাৰে নতুন গেদেৰে গঠিত। এই উপত্যকা এটাৰ ভূপ্ৰকৃতি এতিয়াও সুস্থিৰ হোৱা নাই আৰু নদীসমূহে ইয়াত সঘনাই গতিপথ সলনি কৰি থাকে।

ঐতিহাসিক কালতে অসমৰ নদীবোৰৰ গতি বহুবাৰ সলনি হ’ল। বানপানী, খহনীয়া, নদীৰ গতিৰ পৰিৱৰ্তন, নদীৰ অধিগ্ৰহণ, নদীৰ মৃত্যু আদিৰ দৰে সংঘটনসমূহ এনে নদী উপত্যকাত সাধাৰণ ঘটনা। নদীয়ে এফালে খহাই নিলেও কোনো এঠাইত জমা কৰি ক্ষতিপূৰণ কৰে।

সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাত্ৰ তিনি ঠাইত শিলেৰে গঠিত নদীৰ পাৰ আছে। সেই ঠাইকেইডোখৰ হ’ল তেজপুৰ, গুৱাহাটী আৰু গোৱালপাৰা। এই তিনি ঠাইত নদীৰ গতি সলনি নহয় বাবে এই তিনি ঠাইতে প্ৰাচীন অসমৰ নগৰবোৰ গঢ়ি উঠিছিল। নগৰ একোখন গঢ়ি তুলিবৰ বাবে প্ৰয়োজন হয় সুস্থিৰ কঠিন শিলেৰে গঠিত আধাৰভূমি, যাতে নদীয়ে ইয়াত গতিপথ সলনি কৰি নগৰ স্থানচ্যুত কৰিব নোৱাৰে।

তদুপৰি নগৰীয়া স্থাপত্য নিৰ্মাণৰ বাবেও কঠিন শিলৰ প্ৰয়োজন। ব্ৰহ্মপুত্ৰ উপত্যকাৰ ই তিনি ঠাই বাদ দি বাকী সকলো ঠাইতে মানুহে নদীৰপৰা দূৰত অৱস্থান কৰিছিল। প্ৰাচীন অসমৰ কৃষিভূমিসমূহ নদী কাষৰীয়া বুলি ইতিহাসবিদ নয়নজ্যোতি লাহিড়ীয়ে যি আৰ্হি আগবঢ়াইছে (Per Ahom Assam, page 95) সেয়া অসমৰ দৰে অস্থিৰ অপৰিপক্ক নদী উপত্যকাত কেতিয়াও সম্ভৱ নহয়।

আজিৰ দৰে প্ৰাচীন অসমতো বানপানী আৰু গৰাখহনীয়াৰ প্ৰৱলতা আছিল। সেয়ে নদীৰ গৰাখহনীয়া আৰু বানপানীৰ লগত খাপ খোৱাকৈ অসমৰ মানুহে এটি স্বকীয় জীৱনধাৰা গঢ়ি তুলিছিল। নদীৰ পাৰবোৰ সদায় মুকলি আছিল। গাঁও আৰু কৃষিভূমিবোৰ নদীৰপৰা সদায় দূৰত আছিল।

অসমৰ বানপানী আৰু গৰাখহনীয়া

কাৰণ নদীয়ে সঘনাই দিশ সলনি কৰিছিল। নদীখনৰ গতি সলনি কৰি দূৰলৈ আঁতৰি যোৱাৰ পাছতেই নদীয়ে এৰি যোৱা মাটিত খেতি পথাৰ গঢ়ি তোলা হৈছিল। 

অস্থিৰ নদী এখনৰ কাষৰীয়া প্লাৱনভূমিত স্থায়ী কৃষক সমাজ এখন গঢ়ি উঠিব নোৱাৰে। সেয়ে অসমত বহুদিনলৈ স্থায়ী কৃষক সমাজ গঢ়ি উঠা নাছিল। ধীৰে ধীৰে অসমত বানপানীক নিয়ন্ত্ৰণ কৰাৰ প্ৰচেষ্টা আৰম্ভ হ’ল। প্ৰাচীন অসমত বানপানী নিয়ন্ত্ৰণৰ চেষ্টাবোৰ নগৰবোৰৰ কাষৰীয়া প্লাৱনভূমিসমূহতে আৱদ্ধ আছিল। এনে প্ৰচেষ্টাৰ সকলোতকৈ পুৰণি নথিভুক্ত তথ্য পোৱা যায় দৈয়াং উপত্যকাত।

দৈয়াং উপত্যকাত পোৱা খ্ৰিষ্টীয় পঞ্চম শতিকাৰ বসুন্ধৰ বৰ্মনৰ ‘দূবৰণী শৈলপৃষ্ঠ লিপি’ (Dubarani Stone Slab inscription) মাত্ৰ এশৰীয়া লিপি যদিও ই এটা অতি গুৰুত্বপূৰ্ণ দিশলৈ ইংগিত কৰে। শিলালিপিখনত লিখা আছে—‘অক্ষয় দত্তি উত্তস্বৃষ্ট শ্ৰীবসুন্ধৰবমৰ্ন’। ড০ হেমেন্দ্ৰ নাথ দত্তই ইয়াৰ অৰ্থ ‘শ্ৰীবসুন্ধৰ বৰ্মনে অবিনাশী নদীৰ পাৰ বা জাহাজঘাট এটা নিৰ্মাণ কৰালে’ বুলি নিৰ্ণয় কৰিছে (History, Art and Archaeology of Doiyang Dhansiri Valley, Assam, Page 47)।

আমাৰ ধাৰণা ইয়াত জাহাজঘাটতকৈ ‘অবিনাশী নদীৰ পাৰ’টোহে বেছি উপযুক্ত হ’ব। অবিনাশী নদীৰ পাৰ, অৰ্থাৎ বৃহৎ মথাউৰি নিৰ্মাণৰ যোগেদি বানপানী নিয়ন্ত্ৰণ কৰি এখন কৃষক সমাজ নিৰ্মাণৰে এয়া এটা প্ৰচেষ্টাৰ আৰম্ভণি বুলি ধাৰণা কৰিব পাৰি। মিহনাজে লিখা ‘তাবাকত ই নাচিৰি’ত আমি প্ৰথম ব্ৰহ্মপুত্ৰৰ মথাউৰিৰ খবৰ পাওঁ।

অসমৰ বানপানী আৰু গৰাখহনীয়া

১২৫৪ চনত মালিক উজবেগ টুঘ্ৰিল খানে কামৰূপ আক্ৰমণ কৰি দখল কৰিছিল। কিন্তু তাৰ পাছতে বাৰিষা আহিল, কামৰূপৰ সৈন্যবোৰে মথাউৰি কাটি নগৰত পানী ভৰাই দিলে। খাদ্যৰ অভাৱ, বেমাৰত মালিক উজবেগ টুঘ্ৰিল খানে সৈন্যবাহিনী নগৰৰপৰা উলিয়াই উভতি যাবলৈ বাধ্য হ’ল। উভতি যোৱা বাটপথ পানীয়ে বুৰাই পেলোৱাত উপায়হীন হৈ বাহিনীটোৱে খাছি আৰু গাৰোপাহাৰৰ মাজেদি টিক্ৰিকিল্লা হৈ যাবলৈ বাধ্য হ’ল।

তেওঁলোকে এইপথেদি ময়মনসিং ওলাবৰ ইচ্ছা কৰিছিল যদিও এই ঠেক পথতে কামৰূপী সৈন্যই বাহিনীটো ধ্বংস কৰি মালিক উজবেগক হত্যা কৰিলে (Baruah, K.L., Early History of Kamrupa, Page 232)। এইকেইটা উদাহৰণৰ বাহিৰে মথাউৰি নিৰ্মাণৰ প্ৰচেষ্টাৰ বিষয়ে জানিব পৰা নাযায়।

মধ্যযুগৰ উজনি অসমৰ আহোম ৰাজ্য প্ৰথম ৩০০ বছৰ কঠিন শিলাবিহীন পলসুৱা উপত্যকাত বিকাশ হৈছিল। সেয়ে প্ৰথম অৱস্থাত বানপানীৰ বাবে সঘনাই ৰাজ্যৰ ৰাজধানী পৰিৱৰ্তন কৰি থাকিব লগীয়া হৈছিল। এই প্ৰথম ৩০০ বছৰ আহোম ৰাজ্য জনজাতীয় পৰ্যায়তে থকাৰ মূল কাৰণ হ’ল বানপানীৰ বাবে স্থায়ী কৃষক সমাজ বিকাশ নোহোৱাটো। কৃষকসকলে সঘনাই ঠাই সলাই ফুৰিছিল।

স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনত (১৬০৩-১৬৪১ খ্ৰিষ্টাব্দ) মোমাই তামুলীয়ে উজনি অসমত প্ৰথমবাৰৰ বাবে মথাউৰি বান্ধি বান পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিছিল—‘‘তেৱেঁ বৰবৰা হৈ দিহিঙ্গ মথাৰী বন্ধালে। …এই আপাহতে বৰবৰা নাম গুচাই শুকটি তামুলীক বৰবৰুৱা পাতিলে, ‘‘জেওৰা ভেটিবৰ ভাল দেখি’’— (সাতসৰী অসম বুৰঞ্জী, পৃষ্ঠা ৪০)।

অসমৰ বানপানী আৰু গৰাখহনীয়া

মোমাই তামুলীয়ে দিহিঙৰ পাৰে পাৰে গড়গাঁৱৰপৰা দেৰগাঁৱলৈ ‘ৰআলি’ নামৰ মথাউৰিটো নিৰ্মাণ কৰি প্ৰথমবাৰৰ বাবে উজনিত নদীৰ প্লাৱনভূমিত মানৱ বসতি আৰু কৃষিকৰ্মৰ বাবে ঠাই উলিয়াই দিলে। বৰ্ধিত পাইকক দিয়াৰ বাবে অতিৰিক্ত মাটিৰ প্ৰয়োজন হৈছিল বাবেই মথাউৰি নিৰ্মাণৰ যোগেদি মাটিৰ সমস্যাটো সমাধান কৰা হৈছিল।

সেই সময়ত দিহিং নৈখন বৰ্তমানৰ ব্ৰহ্মপুত্ৰৰ স্থানত আছিল আৰু ই ব্ৰহ্মপুত্ৰৰ সমান্তৰালকৈ বৈ গৈ বোকাখাটৰ ওচৰৰ লখৌত ব্ৰহ্মপুত্ৰত পৰিছিলগৈ।

বানপানী আৰু খহনীয়া হ’ল এই পলসুৱা উপত্যকাৰ এটা সাধাৰণ বৈশিষ্ট্য। কিন্তু আশ্চৰ্যকৰভাৱে অসমীয়াই লিখা কোনো এখন অসম বুৰঞ্জীতে আমি বানপানী আৰু খহনীয়াৰ কথা উল্লেখ নাপাওঁ। ইয়াৰ অৰ্থ এইটো নহয় যে অসমত অতীতত বানপানী, গৰাখহনীয়া হোৱা নাছিল। আমি অসম উপত্যকাত হোৱা বানপানী আৰু গৰাখহনীয়াৰ খবৰ পাওঁ অসম আক্ৰমণ কৰিবলৈ অহা বহিৰাগতসকলৰ টোকাত।

আগতে উল্লেখ কৰা মিহনাজৰ টোকাৰ উপৰিও ১৬৬২ চনত অসমলৈ অহা চাহাবুদ্দিন তালিচৰ বিৱৰণত উজনি অসমৰ বাৰিষাত মিৰজুমলা আৰু তেওঁৰ সৈন্যবাহিনীৰ যি দুৰ্গতি হৈছিল তাৰ বিস্তৃত বৰ্ণনা আছে (Tarikh-e-Asham, page-69, 70, 72)।

১৭৫৫ চনত অসমলৈ অহা ফৰাছী ব্যৱসায়ী জ্যাঁ বেপ্টিষ্ট ছেভেলিয়ৰে (Jean Baptist Chevaller) তেওঁৰ ডায়েৰিত ১৯ নৱেম্বৰৰ দিনা নগাঁও পাৰ হৈ ব্ৰহ্মপুত্ৰত দেখা ভয়ংকৰ গৰাখহনীয়াৰ কথা উল্লেখ কৰিছে [Adventures of Jean-Baptiste Chevalier in Eastern India (1755-1765), Page 173)। ইয়াৰপৰা আমি বুজিব পাৰোঁ যে আজিৰ দৰে ঐতিহাসিক অসমতো বানপানী, গৰাখহনীয়াৰ প্ৰৱলতা সমানেই আছিল।

কিন্তু অসমৰ মানুহে তাক স্বাভাৱিক প্ৰক্ৰিয়া বুলিহে গ্ৰহণ কৰিছিল। নদীৰ বানপানীৰ লগত খাপ খোৱাকৈ অসমৰ মানুহে জীৱনধাৰাটো গঢ়ি তুলিছিল। বৰআলি নিৰ্মাণ কৰি প্ৰথমবাৰৰ বাবে মথাউৰিৰ যোগেদি মাটি উলিয়াই প্লাৱনভূমিত মানৱ বসতি আৰম্ভ কৰা হৈছিল যদিও তেতিয়া বৰআলি ব্ৰহ্মপুত্ৰৰপৰা বহু দূৰত আছিল আৰু নদীখনৰ পাৰ্শ্বীয় (lateral) গতিৰ বাবে সৃষ্ট গৰাখহনীয়াই জীৱনযাত্ৰাত কোনো প্ৰভাৱ পেলাব নোৱাৰিছিল।

অসমৰ বানপানী আৰু গৰাখহনীয়া

ঔপনিৱেশিক যুগত জনসংখ্যা বৃদ্ধি হোৱাত মানুহে নদীকাষৰীয়া প্লাৱনভূমিবোৰত বসতি গঢ়িবলৈ ধৰিলে। এই প্লাৱনভূমিবোৰ বানপানীৰপৰা ৰক্ষা কৰিবলৈ ব্ৰিটিছসকলে ব্ৰহ্মপুত্ৰৰ প্লাৱনভূমিত মথাউৰি জালিকা তৈয়াৰ কৰি নদীৰ স্বাভাৱিক গতিক বাধাগ্ৰস্ত কৰি তুলিলে। মানৱ বসতি নদীৰ ওচৰ চাপি গৈ গৈ একেবাৰে পাৰ পালেগৈ। মাটিৰ পট্টা প্ৰদানৰ যোগেদি জনসমষ্টিটোৰ গতিশীলতা নাশ কৰি মাটিৰ লগত বান্ধি পেলোৱা হ’ল।

এইখিনিতে আমি আমাৰ স্বকীয় জীৱনশৈলী হেৰুৱাই পেলালোঁ আৰু নদীবোৰ সম্পদৰ পৰিৱৰ্তে আপদ বুলি মনত ধাৰণা সুমুৱাই ল’লো। বানপানী এটা প্ৰাকৃতিক দুৰ্যোগ বুলি তাহানিয়েই যি ৰচনা লিখিবলৈ আৰম্ভ কৰিলো, আজিও তাক চলাই আছো।

মন কৰিবলগীয়া যে থলুৱা অসমীয়াসকল বানপানীক লৈ যিমান চিন্তিত, চৰত বাস কৰা অভিবাসীসকল তেনেকৈ চিন্তিত নহয়। কাৰণ তেওঁলোক তেওঁলোকৰ জীৱনশৈলীটোক নদীতন্ত্ৰটোৰ সলত খাপ খোৱাকৈ বহু পৰিমাণে অভিযোজিত কৰিবলৈ সক্ষম হৈছে। তদুপৰি মাটিৰ পট্টাহীনতাই তেওঁলোকক গতিশীলতা প্ৰদান কৰিছে।

বানপানী সমস্যাৰ ‘বিজ্ঞানসন্মত’ সমাধান বিচাৰিবলৈ যাওঁতে বানপানীৰ কাৰণসমূহ আমি অনুধাৱন কৰিব লাগিব। অসমত ব্ৰহ্মপুত্ৰ নদীৰ প্ৰস্থ সকলো ঠাইতে সমান নহয়। কামৰূপৰ গুমিৰ ওচৰত ই ১৮ কিল’মিটাৰ বহল। ডিব্ৰুগড়ত প্ৰায় ৯ কিল’মিটাৰ।

পাণ্ডুৰ ওচৰত ই ডেৰকিল’মিটাৰ মানহে বহল। ব্ৰহ্মপুত্ৰ নদীখন ইতিমধ্যে উল্লেখ কৰি অহা কঠিন শিলেৰে নিৰ্মিত বিশ্বনাথ-কলিয়াবৰ-বুঢ়াপাহাৰ-দুইমুনি শিলা, শুক্লেশ্বৰ-অশ্বক্লান্ত আৰু গোৱালপাৰাৰ ওচৰৰ যোগীঘোপা-পঞ্চৰত্নত অতি ঠেক হৈ পৰিছে। এই ঠেক কঠিন শিলেৰে নিৰ্মিত অংশকেইটাতে ক’লীয়াভোমোৰা, শৰাইঘাট আৰু নৰনাৰায়ণ সেতু অৱস্থিত।

অসমৰ বানপানী আৰু গৰাখহনীয়া

কঠিন নিছিক-গ্ৰেনাইট শিলেৰে নিৰ্মিত হোৱা বাবে এই ঠাইকেইখনত পলসুৱা অঞ্চলবোৰৰ দৰে খহনীয়াৰ জৰিয়তে নদীৰ প্ৰস্থ প্ৰাকৃতিকভাৱে বৃদ্ধি হোৱাৰ কোনো সুযোগ নাই। নিছিক-গ্ৰেনাইট শিলেৰে নিৰ্মিত এই অতি ঠেক অংশ তিনিটাই প্ৰাকৃতিক নিৰাপত্তা কপাট (Safety Valve) হিচাপে কাম কৰি ব্ৰহ্মপুত্ৰ নদীৰ পানীৰ দ্ৰুতি এই ঠাইকেইডোখৰত হঠাতে হ্ৰাস কৰি দিয়ে।

বিশ্বনাথ-কলিয়াবৰ-বুঢ়াপাহাৰ-দুইমুনি শিলাৰ নিছিক-গ্ৰেনাইট শিলেৰে নিৰ্মিত প্ৰাকৃতিক নিৰাপত্তা কপাটৰ বাবেই মাজুলীৰ দৰে প্ৰাকৃতিক খহনীয়াজনিত নদীদ্বীপ ১৭৫০ চনতে সৃষ্টি হোৱাৰ পাছতো যোৱা ২৭০ বছৰে তিষ্ঠি আছে। সেইদৰে শুক্লেশ্বৰ-অশ্বক্লান্তত অৱস্থিত দ্বিতীয়টো নিৰাপত্তা কপাটৰ উপস্থিতি বাবে ইয়াত পানীৰ দ্ৰুতি কমি যায়।

আৰু গেদ পৰিবহণ কৰিব নোৱাৰি কুৰুৱা-চন্দ্ৰপুৰত বিস্তীৰ্ণ বালিৰ চৰ পেলায়। ব্ৰহ্মপুত্ৰৰ পানীৰ দ্ৰুতি যোগীঘোপা-পঞ্চৰত্ন নিৰাপত্তা কপাটত পুনৰ কম হৈ পৰে যদিও এই অঞ্চল পাওঁতে বৃহৎ বালিচৰ হিচাপে জমা হ’ব পৰাকৈ ডাঙৰ আকৃতিৰ গেদৰ কণা নদীত নাথাকেই। যি আছিল কুৰুৱা চন্দ্ৰপুৰতে শেষ হৈ যায় (ব্ৰহ্মপুত্ৰ নদীৰ বানপানীৰ বিভিন্ন কাৰিকৰী নিয়ন্ত্ৰণৰ বিভিন্ন পাৰ্শ্ব, আলাপ, দ্বিতীয় সংখ্যা, অক্টোবৰ ২০১৭ মাৰ্চ ২০১৮)।

অসমৰ বানপানী আৰু গৰাখহনীয়া
An aerial view of flooded Majuli, an island in River Brahmaputra, Assam [File pic: (Photo: AP)]

বাৰিষা সমগ্ৰ ব্ৰহ্মপুত্ৰ অৱবাহিকা আৰু কাষৰীয়া পাহাৰবোৰত বৰষুণৰ ফলত গোট খোৱা সমস্ত পানী উপনৈবোৰৰ যোগেদি আহি ব্ৰহ্মপুত্ৰত পৰেহি। এই পানী বৈ গৈ আমি উল্লেখ কৰা ঠেক নিৰাপত্তা কপাটকেইটা পাওঁতে পানীৰ তুলনাত নদীৰ প্ৰস্থ কম হোৱাৰ বাবে পাৰ হ’ব নোৱাৰি ওফন্দি উঠে আৰু বানপানী হয়। যেতিয়ালৈকে ব্ৰহ্মপুত্ৰৰ বুকুত এই ঠেক অংশকেইটা থাকিব তেতিয়ালৈকে অসমত বানপানী হৈয়েই থাকিব।

গতিকে বেলেগ ‘বিজ্ঞানসন্মত’ সমাধানৰ বাবে আৰাও তোলাৰ কোনো অৰ্থ নাই। কাৰণ সেই ‘বিজ্ঞানসন্মত’ সমাধান কোনেও গ্ৰহণ নকৰে। ডিনামাইট দি ব্ৰহ্মপুত্ৰ নদী বক্ষৰ ঠেক নিছিক-গ্ৰেনাইটে শিলেৰে নিৰ্মিত প্ৰাকৃতিক নিৰাপত্তা কপাটকেইটা ৫ কিল’মিটাৰমানকৈ বহল কৰি দিলেই অসমৰ বানপানীৰ সমস্যা চিৰদিনলৈ সমাধান হ’ব।

কিন্তু এই কামটো কৰাৰ এবছৰ পাছতেই মাজুলী নদীদ্বীপ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান খহনীয়াত নোহোৱা হৈ যাব। এনে এটা সমাধান নিশ্চয় কোনেও নিবিচাৰিব আৰু অন্য কোনো বাস্তৱ ‘বিজ্ঞানসন্মত’ সমাধানো নাই। সেয়ে বানপানী নিয়ন্ত্ৰণৰ বাবে কণ্ঠৰ কচবৎ কৰাতকৈ তাহানি শৰৎ সিংহই কোৱাৰ দৰে বানপানীৰ লগত সহাৱস্থান কৰিবলৈ শিকাটোৱেই যুগুত।

তথ্যসূত্ৰ :

১। Baruah, Rai Bahadur K.L. (1933) : Early History of Kamrupa, Published by the Author, Shillong,

২। Dutta, H.N. (2012) : History, Art and Archaeology of Doiyang Dhansiri Valley, Assam, LBS Publication, Panbazar, Guwahati-781001.

৩। Lahiri, Nayanjyoti (1991) : Pre Ahom Assam, Studies in the Inscriptions of Assam between the Fifth and the Thirteenth Centurless AD, Munshiram Manoharlal Publishers Pvt. Ltd., New Delhi-110055.

৪। Talesh, Shehabuddin, Tarikh-e-Assam, Translated by Mhzhar Asif, (2009) : Depertment of Historical and Antiquarlan Studies & Raushanara Foundation, Guwahati.

৫। ডেকা, ড০ প্ৰণৱজ্যোতি (অক্টোবৰ ২০১৭ মাৰ্চ ২০১৮) : ব্ৰহ্মপুত্ৰ নদৰ বানপানীৰ বিভিন্ন কাৰিকৰী নিয়ন্ত্ৰণৰ বিভিন্ন পাৰ্শ্ব, আলাপ, দ্বিতীয় সংখ্যা। 

৬। ভূঞা, সূৰ্যকুমাৰ, (সম্পাঃ) (২০০৯) : সাতসৰী অসম বুৰঞ্জী, বাণীমন্দিৰ, (বাণীমন্দিৰ সংস্কৰণ), গুৱাহাটী।

ড০ ৰক্তিম ৰঞ্জন শইকীয়া, সহকাৰী অধ্যাপক, ভূতত্ত্ব বিভাগ,  জগন্নাথ বৰুৱা মহাবিদ্যালয়,  যোৰহাট-৭৮৫০০১

Images from different sources

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

 

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Raktim Ranjan Saikia

Raktim Ranjan Saikia

Related Posts

Food Safety in India: Why Stronger Standards Should Protect Indians Before Exports
food

Food Safety in India: Why Stronger Standards Should Protect Indians Before Exports

by Kakali Das
August 6, 2026
0

Food Safety in India: Why Stronger Standards Should Protect Indians Before Exports KAKALI DAS Have you ever wondered whether the...

Read moreDetails
The Great Indian Obsession – Government Jobs

The Great Indian Obsession – Government Jobs

August 1, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

July 29, 2026
Youth-led Protest, Resilience and Humanity

Youth-led Protest, Resilience and Humanity

July 25, 2026
The Wrath of Nature : Floods of Assam

The Wrath of Nature : Floods of Assam

July 24, 2026
অসমৰ কয়লা স্তৰত লুকাই আছিল ২৪ নিযুত বছৰীয়া প্ৰাচীন উদ্ভিদৰ প্ৰমাণ

অসমৰ কয়লা স্তৰত লুকাই আছিল ২৪ নিযুত বছৰীয়া প্ৰাচীন উদ্ভিদৰ প্ৰমাণ

July 23, 2026
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d