• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, July 16, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Literature History

অসমৰ বুৰঞ্জী

অসমৰ বুৰঞ্জী

by Anjan Sarma
February 5, 2023
in History
Reading Time: 5 mins read
0
অসমৰ বুৰঞ্জী
Share on FacebookShare on TwitterShare on LinkedIn

অসমৰ বুৰঞ্জী

মূল: সঞ্জয় মিত্ৰ                                                                                                

অনুবাদ: অঞ্জন শৰ্মা

অসমৰ বুৰঞ্জী

[ ‘অসম বুৰঞ্জী‘ নামৰ এই লেখাটোৰ ‘ডিটিপি’ৰ ফটোষ্টেট বহুবছৰৰ আগতেই বন্ধু এজনে পঢ়িবলৈ দিছিল। লেখাটো ৪/৩/২০০৯ চনৰ বুলি উল্লেখ আছে। পাঠকসকলৰ বাবে তাকেই অসমীয়ালৈ অনুবাদ কৰি আগবঢ়ালো]

( ১ )

বুৰঞ্জী শব্দটো টাই ভাষাৰ তিনিটা শব্দৰ মিশ্ৰণ। ‘বু’ মানে অজ্ঞানী। ‘ৰণ’, অৰ্থাৎ জ্ঞানদান কৰা। ‘জী’ – ভান্ডাৰ। সকলোৰে সংমিশ্ৰণ হ’ল – অজ্ঞানী ব্যক্তিক জ্ঞানৰ ভান্ডাৰ দান কৰা। বুৰঞ্জী প্ৰাচীন টাই-ভাষা বা আহোম অথবা অসমীয়া ভাষাত লেখা মধ্যযুগৰ ইতিহাসধৰ্মী গ্ৰন্থ।

অইন কোনো ভাৰতীয় ভাষাত এনেধৰণৰ বিশদ ইতিহাস চৰ্চা আছে নে নাই, সেয়া গৱেষণাৰ বিষয়বস্তু। কিন্তু ফাৰ্চীত লেখা সমকালীন কিছু কিছু ইতিহাস, যেনে মীৰ্জা নাথনৰ বাহাৰিস্তান-ই-গায়েবী, শিহাবুদ্দিন তালিশৰ ফাতিয়া-ই-ইব্ৰিয়া বা মোগল আৰু তুৰ্কী চুলতানসকলৰ অধীনত কৰ্মৰত “ওয়াকিয়ানবীশ”( ঘটনাৰ লিপিকাৰ)সকলৰ কিছুমান লেখাক এনে পৰ্য্যায়ত পেলাব পাৰি।

উপনিৱেশিক যুগৰ কিছুমান ইংৰাজ ইতিহাসবিদে প্ৰমাণ কৰিবলৈ চেষ্টা কৰিছিল যে ভাৰত উপনিৱেশত প্ৰকৃত ইতিহাসচৰ্চাৰ অভাৱ আছে। ভাৰতত কোনো হেৰোডটাছ বা থুচিডিড্চ নাই। পুৰাণ, ইতিহাস যিবোৰ আছে, সেইবোৰ অলৌকিক ঘটনাৱলীৰে আচ্ছন্ন। পুৰুষনামা, ৰজাসকলৰ প্ৰশস্তি আদি বেছিভাগেই কল্পনাপ্ৰসূত, একেবাৰেই গাঁজাখুৰি অতিশয়োক্তি।

ভাৰতৰ ইতিহাসবিদে এনে উন্নাসিকতাৰ প্ৰত্যুত্তৰ নিদিয়াকৈ থকা নাছিল। সযত্নে বিভিন্ন ভাষাত লেখা, মূলতঃ স্থানীয় ৰজাসকলৰ কাম-কাজৰ ওপৰত আলোকপাত কৰা সকলোধৰণৰ গ্ৰন্থৰ পৰা ঐতিহাসিক তথ্য খুচৰি উলিয়াবলৈ তেওঁলোক সচেষ্ট আছিল। মুদ্ৰা, শিলালিপি, বিজয়স্তম্ভ, দেৱোত্তৰ, দানপত্ৰ – এইবোৰক লৈও গভীৰভাৱে অধ্যয়ন কৰিছিল। যিসময় পৰ্যন্ত তেওঁলোকে যুক্তি, তথ্য আদিৰে জাত্যাভিমানেৰে আচ্ছন্ন উন্নাসিকতাৰ প্ৰত্যুত্তৰ দিছিল, তেতিয়ালৈ সকলোবোৰ ঠিকেই আছিল; কিন্তু যেতিয়াই আৱেগৰ বশৱৰ্তী হৈ স্বজাতীয় জাত্যাভিমানক প্ৰাধান্য দিবলৈ আৰম্ভ কৰিলে, তেতিয়াৰ পৰাই গন্ডগোল আৰম্ভ হ’ল।

স্পষ্টভাৱে অৱাস্তৱ বা অনৈতিহাসিক ঘটনাৱলীক অনাৱশ্যকীয়ভাৱে গুৰুত্ব দিবলৈ আৰম্ভ কৰিছিল বাৰম্বাৰ। পিছে এনেধৰণৰ চৰ্চাৰ মাজেৰেই প্ৰাচীন আৰু মধ্যযুগৰ নানা ধৰণৰ ঐতিহাসিক উপাদানৰ পুনৰমূল্যায়ন কৰা হৈ আহিছে।  দান, স্তুতি, প্ৰশস্তি, গাথা, আখ্যান,‌কথা, বংশাৱলী, ৰজাসকলৰ চৰিত (হৰ্ষচৰিত) – সকলোবোৰ আধুনিক ইতিহাসচৰ্চাৰ প্ৰয়োজনত গভীৰভাৱে পৰীক্ষা কৰা হয়। সাধাৰণ পাঠক হিচাপে এইবোৰ পঢ়ি ভাব হৈছে যে ক্ষেত্ৰবিশেষে ভাৰতৰ ইতিহাসবিদসকল অহেতুক ৰক্ষণাত্মক হৈ পৰিছে। বৃটিছ সাম্ৰাজ্যৰ উপনিৱেশৰ আৰম্ভণিৰ অৱস্থাই বোধহয় এইবোৰ ঘটনাৰ বাবে দায়ী।

এহাতে ভাৰতৰ ইতিহাসপ্ৰেমীসকলে তেওঁলোকৰ পঠন-পাঠন আৰু গৱেষণাৰ ক্ষেত্ৰত পাশ্চাত্যৰ ইতিহাসচৰ্চাৰ সৈতে অঙ্গাঙ্গীভুক্ত হৈ জড়িত আছিল, প্ৰচলিত সকলো সূত্ৰ বা মডেলৰ দ্বাৰা প্ৰভাৱিত আছিল- আৰু সেইবাবেই বহুতেই এইবোৰৰ ঊৰ্দ্ধত উঠি তথা ভাৰতৰ ইতিহাসসূত্ৰৰ স্বৰূপক সঠিকভাৱে ডাঙি ধৰিব পৰা নাছিল। আনহাতে কিছুমানে আকৌ অতিৰিক্তভাৱে নিজৰ সকলোবোৰ কথাকেই অভ্ৰান্ত বুলি ভাবিছিল। দুয়োপক্ষৰ পৰাই ৰক্ষণাত্মক ব্যৱহাৰ নহয় নে বাৰু?

এইক্ষেত্ৰত কিন্তু অসমীয়া ইতিহাসবিদসকল একেবাৰেই সুকীয়া। “অসমীয়া” ইতিহাসবিদ বুলিলে অসমীয়া বা কাষৰীয়া এলেকাৰ ইতিহাসচৰ্চা কৰা মানুহক বুজোৱা হয়। এওঁলোকৰ বহুতেই বিদেশত পঢ়া-শুনা কৰিছে, প্ৰথাগত পাশ্চাত্য ইতিহাসচৰ্চাৰ সৈতে গভীৰভাৱে পৰিচিত হৈছে, খ্যাতনামা বিদেশী গৱেষকৰ অধীনত গৱেষণা কৰিছে। কিন্তু যেতিয়াই অসমৰ ইতিহাস সম্পৰ্কে ভাবিছে বা লিখিছে, তেতিয়া অযথা হীনমন্যতাত ভোগা নাই। সুস্থভাৱে তথ্য আৰু কল্পনাৰ জট ভাঙিবলৈ সচেষ্ট হৈছে।

অসমৰ বুৰঞ্জী

স্থানীয় ভাষাত লিখিত, কথিত, উৎকীৰ্ণ, প্ৰকাশিত, খোদিত – সকলোধৰণৰ প্ৰমাণ সমকালীন অন্যান্য উপাদানৰ সৈতে মিলাবলৈ অকণো দ্বিধা কৰা নাই। এই প্ৰক্ৰিয়াৰ মাজেৰে যাওঁতে যিবোৰ ভুল বুলি ভাব হৈছে, অৱলীলাক্ৰমে সেইবোৰ বৰ্জনো কৰিছে। তেওঁলোকৰ এই আত্মপ্ৰত্যয় আৰু আত্মবিশ্বাস সম্ভৱতঃ “বুৰঞ্জী”ৰ বাবেই সম্ভৱপৰ হৈছে। আগতেই কৈ আহিছো যে অইন কোনো ভাৰতীয় ভাষাত এনেধৰণৰ ঐতিহাসিক তথ্যৰ ভান্ডাৰ হয় সম্পূৰ্ণভাৱে অনুপস্থিত বা যদি কিবা আছেও- তেনেই সামান্য। আহোমৰ দিনৰ ইতিহাসচৰ্চাৰ ক্ষেত্ৰত সকলোসময়তে প্ৰায় প্ৰত্যক্ষদৰ্শী বা অংশগ্ৰহণকাৰীয়ে লেখা তেনেবোৰ বুৰঞ্জী গ্ৰন্থ নি:সন্দেহে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে আৰু অসমীয়া ইতিহাস ৰচকসকলে বহুত বেছি আত্মপ্ৰত্যয়ৰে আগুৱাই যাবলৈ সক্ষম হৈছে।

বুৰঞ্জী প্ৰকৃততে কি? একেষাৰে ক’বলৈ হ’লে অসমীয়া বা “তাই” ভাষাত লেখা ইতিহাস। কিছুমান হ’ল বংশাৱলী। কিছু হ’ল ৰাজসভাৰ বিৱৰণী। কিয়দংশ উচ্চপদস্থ ৰাজপুৰুষ বা সীমান্ত প্ৰদেশৰ দায়িত্বত থকাসকলৰ লিখিত প্ৰতিবেদন। বহুক্ষেত্ৰত মাথোন যুদ্ধৰ বিৱৰণ। প্ৰধান স্থপতিৰ প্ৰাক্কলনেও স্থান লাভ কৰিছে মাজে মাজে। সকলোবিলাক মিলি এক বিচিত্ৰ খিচিৰি। ক’ৰবাত হয়তো ৰাজনৈতিক ঘটনাৱলীৰ বিশদ বিৱৰণ, ক’ৰবাত আকৌ ৰাজন্যবৰ্গৰ ক্ষমতালিপ্সাৰ কথা, ক’ৰবাত চুবুৰীয়া ৰাজ্যৰ – বিশেষকৈ গৌড় বা মোগল সাম্ৰাজ্যৰ পৰিচয়, আকৌ ক’ৰবাত আহোম শাসনৰ পতনৰ পূৰ্বানুমান ; একেবাৰে সজাই থোৱা তথ্যসম্ভাৰ। পঢ়ক, মিলাই চাওক, যিখিনি প্ৰয়োজন- গ্ৰহণ কৰক।

অসমৰ বুৰঞ্জী সাহিত্যকীৰ্তি হিচাপেও অতুলনীয়। ইতিহাস ৰচনা যে এক উৎকৃষ্ট সাহিত্য সেয়া অসমৰ বুৰঞ্জীৰ ক্ষেত্ৰত পৰিষ্কাৰকৈ বুজিব পাৰি। সহজ সৰল, অনাড়ম্বৰ, ফটফটীয়াকৈ অসমীয়া বা তাই ভাষাত লিখা গদ্য। চুটি চুটি বাক্য। সৰল, দেশীয় ভাষা। তৎসম বা তদ্ভৱ শব্দৰ বোজা নাই। ইমান পুৰণি গদ্যও আকৌ প্ৰায়বিলাক ভাৰতীয় ভাষাত নাই। হিন্দী, বঙলা বা তামিল সাহিত্যৰ আৰম্ভণি বোধহয় পদ্যৰ দ্বাৰাই। গদ্য আহিছে বহুত পিছত। সেইক্ষেত্ৰত অসমৰ বুৰঞ্জী সচাই অসাধাৰণ।

এতিয়ালৈকে প্ৰায় এশ-ডেৰশ বুৰঞ্জী “পুনৰাবিষ্কৃত” হৈছে। ১৯৩০ চনৰ পৰা পন্ডিতপ্ৰবৰ সূৰ্যকুমাৰ ভূঞাৰ তত্বাৱধানত বিভিন্ন বুৰঞ্জী সংকলিত, অনুদিত আৰু প্ৰকাশিত হৈছিল। মূল গ্ৰন্থবোৰ বিভিন্ন স্থান আৰু পান্ডুলিপিৰ পৰা সংগ্ৰহীত। সেইবোৰ আছিল সম্ভ্ৰান্ত ৰাজপুৰুষসকলৰ ব্যক্তিগত পুথিভঁৰালত। সংগ্ৰহ কৰা হৈছিল অন্তিম আহোম ৰজা পুৰন্দৰ সিংহৰ মহাফেজখানাৰ পৰা। আহোম পুৰোহিতসকলৰ পৰাও, বিশেষকৈ দেওধাই বা বাইলুং সকলৰ পৰাও সংগ্ৰহ কৰা হৈছিল। আনকি সাধাৰণ পৰিয়ালবোৰৰ পৰাও – যিসকলৰ কিছুমানৰ বাসগৃহত পাৰিবাৰিক বুৰঞ্জীক মাজে-সময়ে পূজাও কৰা হৈছিল। ড: ভূঞা আৰু তেওঁৰ সহযোগীসকলে এইক্ষেত্ৰত অসম চৰকাৰৰ পুৰাতত্ব আৰু ঐতিহাসিক অনুসন্ধান বিভাগৰ অকুন্ঠ সহযোগিতা তথা পৃষ্ঠপোষকতাও লাভ কৰিছিল।

অন্তিম আহোম ৰজা পুৰন্দৰ সিংহই নিজৰ মহাফেজখানা পন্ডিতসকলৰ বাবে মুকলি কৰি দিছিল। এয়া পিছে কোনো নতুন ঘটনা নাছিল। বেছিভাগ আহোম ৰজাই সকলো কথা লিপিবদ্ধ কৰিবলৈ সচেষ্ট আছিল। তেওঁলোকে এই কাৰ্যৰ বাবে এজন বিশেষ অধিকাৰী নিয়োগ কৰিছিল আৰু তেওঁক “লিখাকাৰি (লিখক) বৰুৱা” বোলা হৈছিল। এই বিষয়াগৰাকীয়ে বুৰঞ্জী লিখকসকলক বা প্ৰতিবেদকসকলক লেখাৰ দায়িত্ব দিছিল। তেনে কাৰ্যৰ বাবে যিবোৰ ৰাজকীয় বা গোপনীয় নথি প্ৰয়োজন হয়, সেইবোৰো যোগান ধৰিছিল বা যোগাৰ কৰি দিছিল।

অসমৰ বুৰঞ্জী

লেখা সমাপ্ত হ’লে পান্ডুলিপি গুচি গৈছিল “গন্ধিয়া বৰুৱা”ৰ হাতলৈ – যি গৰাকী বিষয়া পুথি বা পান্ডুলিপিৰ সংৰক্ষণৰ দায়িত্বত আছিল। লেখা-পঢ়াৰ ক্ষেত্ৰত আহোমসকল আৰম্ভণিৰ পৰাই সজাগ। আহোম ৰাজবংশৰ প্ৰতিষ্ঠাপক শান ৰাজকুমাৰ চুকাফাই ১২২৮ চনত অসমলৈ আহিয়েই পন্ডিতসকলৰ ফটোৱা জাৰি কৰিছিল সকলোবোৰ কথা লিখি ৰাখিবলৈ। তেওঁলোকৰ এনে ‘লিখা’ কাৰ্য আকৌ বহুত পুৰণি। বৰ্মা, থাইলেণ্ড, কাম্বোডিয়া, লাওচ – এনে সকলো স্থানতেই একেই ধাৰা দৃশ্যমান। ধাৰণা হয় যে এই ধাৰা চীনৰ পৰা লাভ কৰিছিল। সেই সময়ত চীনৰ ইউনান প্ৰদেশে দক্ষিণ-পূব এছিয়াৰ প্ৰায়বোৰ দেশৰ ওপৰতেই গভীৰ প্ৰভাৱ পেলাবলৈ সক্ষম হৈছিল।

বঙ্গ, বিহাৰ, উৰিষ্যাৰ দৰে অসমতো বৃটিছ চিভিলিয়ানসকলে পুৰণি দলিলপত্ৰ বিচাৰিবলৈ আৰম্ভ কৰাৰ লগতে পঢ়িবলৈও আৰম্ভ কৰিছিল। সৰ্বপ্ৰথমে ড: জে পি ৱেডে (Dr. J. P. Wade) ১৭৯২-৯৪ চনত বুৰঞ্জী সংক্ৰান্তীয় বিষয়টো ইংৰাজী জনা সৰ্বসাধাৰণৰ সন্মুখলৈ লৈ আহে। তেওঁলোকে, অৰ্থাৎ ইংৰাজ ৰাজপুৰুষসকলে বোধহয় এনেবোৰ তথ্য-পাতি, পাণ্ডুলিপি ব্যক্তিগতভাৱে যোগাৰ কৰিছিল। ইতিহাস চৰ্চাৰ ক্ষেত্ৰত প্ৰশিক্ষিত নাছিল বাবেই তেওঁলোকৰ পঢ়া-শুনা কিছু বিক্ষিপ্ত আছিল। তেওঁলোকে প্ৰায়েই সঠিকভাৱে উদ্বৃতি দিব পৰা নাছিল। আহোমৰ তথ্যৰ আকৰ সম্পৰ্কে ধাৰণা অস্পষ্ট হৈ থাকিছিল। বহুক্ষেত্ৰত মূল নথি-পত্ৰ ভালকৈ সংৰক্ষণ কৰিবলৈ সক্ষম হোৱা নাছিল।

সেইবাবেই বুৰঞ্জীক লৈ আধুনিকভাৱে কাম-কাজ সম্পন্ন কৰা দায়িত্ব অসমীয়া ইতিহাসবিদসকলৰ হাতলৈ যাবলৈ বাধ্য হয়।  অসমীয়া বুদ্ধিজীৱীসকলে ১৮০০ চনৰ শেষৰফালে অসমীয়া সংস্কৃতি আৰু ভাষাৰ স্বাতন্ত্ৰ্য স্থাপন অৰাৰ প্ৰয়াস কৰিছিল – মূলতঃ বঙালী সংস্কৃতি আৰু বঙলা ভাষাৰ আগ্ৰাসনৰ বিৰূদ্ধে। লিপি মোটামুটি দেখিবলৈ একে ধৰণৰ বাবে বহুতৰে ভুল ধাৰণা আছিল যে অসমীয়া ভাষা বোধকৰো বাংলাৰ উপভাষা আৰু অসমীয়া সংস্কৃতি বঙালী সংস্কৃতিৰ ছাঁয়া হে মাথোন।

এতিয়া অৱশ্যে নিশ্চিতভাৱে ক’ব পাৰি যে সেয়া একেবাৰেই শুদ্ধ নহয়। কিন্তু ১৮০০ চনৰ শেষৰফালে বাংলা ‘ৰেনেছা’ বা নৱজাগৰণৰ প্ৰতাপ ইমানেই শক্তিশালী আছিল যে ওচৰ-পাজৰৰ প্ৰায়বিলাক প্ৰদেশৰ বুদ্ধিজীৱীসকলে অৱস্থা যথাযথ কৰি ৰাখিবলৈ ব্যতিব্যস্ত হৈ পৰিছিল। এই দুই ধৰণৰ সংস্কৃতিৰ স্নায়ুযুদ্ধত বুৰঞ্জীয়ে বিশেষ ভূমিকা গ্ৰহণ কৰাটো অস্বাভাৱিক নহয়।

অসমৰ বুৰঞ্জী

পোনপ্ৰথমে “অসম বুৰঞ্জী” বাংলাত কলকাতাৰ পৰা ১৮২৯ চনত প্ৰকাশিত হয়। সম্পাদক হলিৰাম ঢেকিয়াল ফুকন। অনুবাদ – বি.চি. ভট্টাচাৰ্য্য। আহোমৰ দিনত ৬০০০ সৈন্যৰ অধিনায়কসকলক “ঢেকিয়াল ফুকন” বোলা হৈছিল। গতিকে সম্পাদক সুষ্পষ্টভাৱে সম্ভ্ৰান্ত পৰিয়ালৰ মানুহ। মূল নথি-পত্ৰ নিজৰ পৰিয়ালৰ সংগ্ৰহৰ পৰা যোগাৰ কৰিছিল। অসমীয়া ভাষাত লেখা। এইখনক মূলতঃ অসমৰ পূৰ্ণাংগ ইতিহাস বুলিও ক’ব পাৰি। পুৰণি কালৰ পৰা একেবাৰে বৃটিছসকলৰ আগমণ পৰ্যন্ত বিৱৰণ আছে। ৰাজহ আৰু বিচাৰ ব্যৱস্থা, শাসনতন্ত্ৰ, ভূগোল, নদ-নদী, জাতিব্যৱস্হা,‌ কৃষি, জনবিন্যাস – সকলোবিলাক আছে।

১৮৪৪ চনত শিৱসাগৰৰ পৰা প্ৰকাশিত হয় কাশীনাথ তামুলী ফুকনৰ দ্বাৰা সম্পাদিত “অসম বুৰঞ্জী”। অন্তিম আহোম ৰজা পুৰন্দৰ সিংহৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত। এইখনত আহোমৰ উত্থান আৰু অসমলৈ আগমণৰ পৰা প্ৰাক বৃটিছ আমোল পৰ্যন্ত সকলোবোৰ ৰজা, প্ৰধানমন্ত্ৰী (বুঢ়াগোঁহাই) আৰু অন্যান্য ডাঙৰীয়াসকলৰ বিৱৰণ আছে। “ডাঙৰ” মানে “ডাঙৰ মানুহ” বা উচ্চ-পদাধিকাৰী মানুহ; “ডাঙৰীয়া”ৰ অৰ্থ “ডাঙৰ মানুহ”। আহোম ৰজাসকলৰ দিনত ৫ জন মুখ্য অমাত্যক “ডাঙৰীয়া” বুলি সম্বোধন কৰা হৈছিল।

ইয়াৰ পিছত ১৮৫০ চনত অৰুণোদই পত্ৰিকাত “ছুটীয়া বুৰঞ্জী” প্ৰকাশিত হয়। মূলতঃ উত্তৰ-পূৱ অসমৰ ছুটীয়া ৰাজবংশৰ ইতিহাস। এইখন পুৰণি বুৰঞ্জী – ১১৮৯ চনৰ পৰা আৰম্ভ।

১৮৭৬ চনত গুণাভিৰাম বৰুৱাৰ দ্বাৰা অইন এখন “অসম বুৰঞ্জী” কলকাতাৰ পৰা প্ৰকাশিত হয়। এইখনো খুব বিস্তাৰিত – অসমৰ প্ৰায় পূৰ্ণাংগ ইতিহাস।

১৯২২ চনত হেমচন্দ্ৰ গোস্বামী সম্পাদিত “পুৰণি অসম বুৰঞ্জী” গুৱাহাটীৰ পৰা প্ৰকাশিত হয়। বুৰঞ্জী সমূহৰ ভিতৰত বোধহয় এইখনেই সবাতোকৈ পুৰণি। শ্ৰীগোস্বামীৰ মতে এইখনৰ মূল নথি-পত্ৰ মহাৰাজ গদাধৰ সিংহৰ আমোলৰ (১৬৮১- ১৬৯৫ খ্ৰীষ্টাব্দ )।

অসমৰ বুৰঞ্জী

 ১৯৩০ চনৰ পৰা ডঃ সূৰ্যকুমাৰ ভূঞাই এখনৰ পিছত অইন এখনকৈ ভালেমান বুৰঞ্জী সম্পাদনা কৰে। এইবোৰৰ মাজত উল্লেখযোগ্য হ’ল তুংখুঙীয়া বুৰঞ্জী। মূল লেখক শ্ৰীনাথ দুৱৰা বৰবৰুৱা – এও প্ৰায় ১৭ বছৰ ধৰি আহোম ৰজাৰ প্ৰধান অমাত্যসকলৰ মাজৰ অন্যতম আছিল। তুংখুঙীয়াসকলে উত্তৰ-পূৱ অসমৰ তুংখাং গাওঁৰ নাম গ্ৰহণ কৰিছিল। তেওঁলোক সেই ৫ টা প্ৰধান আহোম পৰিয়ালৰ অন্তৰ্ভুক্ত আছিল, যিসকলৰ আহোমৰ ৰীতি-নীতি অনুসৰি সিংহাসন প্ৰাপ্তিৰ অধিকাৰ আছিল।

এই বংশৰ ১০ জন ৰজাই প্ৰায় ১৫০ বছৰ অসমত ৰাজত্ব কৰিছিল। ১৬৮১ চনৰ পৰা ১৮২৬ চন পৰ্যন্ত, অৰ্থাৎ বৃটিছসকল অহা সময়লৈ। শ্ৰীনাথে মুখ্য বিচাৰক হিচাপেও কাম কৰিছিল। তেওঁৰ লেখাৰ ধৰণ আছিল ধীৰ-স্থিৰ। কোনোধৰণৰ অতিশয়োক্তি নাই। মাজে মাজে অৱশ্যে আহোম ৰাজশক্তিৰ ক্ৰমাগত অবক্ষয়ৰ বাবে ফুটি উঠা বিষাদ লক্ষণীয়। তেওঁৰ লেখা পঢ়ি পৰিষ্কাৰকৈ বুজিব পাৰি যে তেওঁ আহোম ৰজা/ৰাণীসকলৰ ব্যক্তিগত মেজাজ-মৰ্জি আৰু ধৰ্মীয় উন্মাদনাৰ কুফল সম্পৰ্কে সচেতন আছিল।

১৯৩২ চনত “দেওধাই অসম বুৰঞ্জী” অসম চৰকাৰে প্ৰকাশ কৰে। এইখন পুৰণি অসমীয়া ভাষাত লিখা। শকাব্দৰ সলনি “আহোম লাক্-লি” ব্যৱহাৰ কৰা হৈছে। “লাক্-লি” শান পঞ্জিকাৰ অনুসৰণৰ দ্বাৰা। এইখন বহগড়িয়া বংশৰ পাৰিবাৰিক বূৰঞ্জীৰ ওপৰত আধাৰিত। এই বংশৰ আতন বুঢ়াগোঁহাই ১৬৬২ – ৭৯ খ্ৰীষ্টাব্দত অসমৰ প্ৰধানমন্ত্ৰী আছিল। তেওঁৰেই আত্মজীৱনী। ইয়াৰোপৰি দাতিয়লিয়া বুৰঞ্জী ( ৰাজদূত সকলৰ প্ৰতিৱেদন)ৰ পৰাও কিছুমান তথ্য গ্ৰহণ কৰা হৈছে। আহোমসকলৰ সৈতে জয়ন্তীয়া, কছাৰী, চুটীয়াসকলৰ সম্পৰ্ক, তেওঁলোকৰ আদিভূমিৰ ৰজাসকলৰ (নাৰা বংশ) সৈতে “ভাই ৰজা” সম্বন্ধ স্থাপন, স্থানীয় উপজাতি সকলৰ সৈতে লেনদেন – এনে সকলোবোৰ লেখা আছে।

অসমৰ বুৰঞ্জী

“কামৰূপৰ বুৰঞ্জী” ১৯৩০ চনত প্ৰকাশিত।অসমীয়াৰ বাহিৰেও হিন্দী, ফাৰ্চী ৰ সংমিশ্ৰণ আছে “কামৰূপৰ বুৰঞ্জী”ত। তাৰোপৰি আছে কোচ, কামৰূপ আৰু অন্যান্য পাৰ্শ্বৱৰ্তী ৰজাসকলৰ সৈতে হোৱা যুদ্ধ বিগ্ৰহ। মোগলৰ আগ্ৰাসন – বিশেষকৈ ১৬৬৭ ৰ ইটাখুলিৰ যুদ্ধৰ বিৱৰণ – ম’ত মোগল সৈন্য সম্পূৰ্ণভাৱে পৰাস্ত হৈছিল,। সেইসম্পৰ্কে ভালেমান তথ্য আছে।

“পাদসা বুৰঞ্জী” সপ্তদশ শতাব্দীত সংকলিত হৈছিল। সেইসময়ত মীৰজুমলাৰ নেতৃত্বত বাৰম্বাৰ মোগলৰ আক্ৰমণ হৈছিল। এইখনত মোগল শাসন ব্যৱস্থা, ৰাজনীতি, বিদেশনীতি বিস্তৃতভাৱে আলোচিত। লেখক বোধহয় উচ্চপদস্থ ৰাজপুৰুষ বা ৰাজদূত, আৰু তেওঁ মুছলমান জগতৰ খুটিনাটি সম্পৰ্কে বিশেষভাৱে জ্ঞাত। তাইমুৰ, বাবৰ, আকবৰ, অন্যান্য মোগল সম্ৰাট, ঢাকাৰ নবাবসকল, মনচবদাৰী ইত্যাদি বিষয় উপস্থাপন কৰি  বোধকৰো পৰৱৰ্তী প্ৰজন্মক ৰাজপুৰুষসকলৰ বাস্তৱ অৱস্থাৰ বিষয়ে অৱহিত কৰোৱা উদ্দেশ্যেও লেখকৰ আছিল।

১৭২৪ চনৰ পান্ডুলিপিক আশ্ৰয় কৰা “ত্ৰিপুৰা বুৰঞ্জী” ১৯৩৮ চনত প্ৰকাশিত হয়। এইখন বুৰঞ্জীত আহোমৰজা ৰুদ্ৰসিংহৰ ৰাজপ্ৰতিনিধিদ্বয় ৰত্নকান্ডালী শৰ্মা কাকতি আৰু অৰ্জুনদাস বৈৰাগীৰ ত্ৰিপুৰা যাত্ৰাৰ বিৱৰণ আছে। লগতে আছে ত্ৰিপুৰাৰ বহুত তথ্য।

ইয়াৰোপৰি “কছাৰী বুৰঞ্জী” আৰু “জয়ন্তীয়া বুৰঞ্জী”ও ১৯৩০ চনৰ শেষৰফালে গুৱাহাটীৰ পৰা প্ৰকাশিত হয়। এই দুখনত স্থানীয় ইতিহাসৰ বহুতো তথ্য-পাতি আছে।

“অসমৰ পদ্য বুৰঞ্জী” ব্যতিক্ৰম। অইন সকলো বুৰঞ্জী গদ্যশৈলীৰে ৰচিত। দুতিৰাম হাজৰিকাৰ দ্বাৰা ৰচিত” কালীভাৰত বুৰঞ্জী” আৰু বিশ্বেশ্বৰ বিদ্যাধীপৰ দ্বাৰা ৰচিত”বেলিমাৰৰ বুৰঞ্জী”ৰ পৰা সংকলিত। ১৬৭৯ চনত চুলিক্ফা বা ল’ৰা ৰজাৰ ৰাজ্যভিষেকৰ পৰা বৃটিছৰ আক্ৰমণ পৰ্যন্ত। মানসৈন্যৰ অগ্ৰাসনৰ বিষয়েও বহু বিৱৰণ পোৱা যায়। মূলতঃ তুংখুঙীয়া বংশৰ ইতিহাস।

IMG 20190218 WA0020

এই কথা পৰিষ্কাৰ যে বুৰঞ্জীৰ পৰিধি খুব বিশাল। বিভিন্ন সময়ৰ বিভিন্ন লেখক – যেনে কোনোবা ৰাজপুৰুষ, কোনোবা প্ৰধান অমাত্য বা ৰাজদূত, বেছিভাগ সম্ভৱতঃ পেশাদাৰী লিপিকাৰ, যিসকলে ৰজাৰ আজ্ঞানুসাৰে মহাফেজখানাত বিশেষভাৱে প্ৰৱেশৰ অধিকাৰ পাইছিল।

বুৰঞ্জী আচলতে বাৰু কিমান ঐতিহাসিক? স্ব-জাতীয়তাবোধৰ পৰা কিছু কিছু অংশ আধুনিক যুগলৈ প্ৰক্ষিপ্ত বা প্ৰৱিষ্ট কৰোৱা হৈছে নেকি? তথ্যৰ ব্যপক গোলমাল বা বিৰাট বিসংগতি আছে নে নাই?

অসমীয়া ইতিহাসৰ পন্ডিতসকল বুৰঞ্জীৰ ঐতিহাসিক মূল্য সম্পৰ্কে ভালদৰেই অৱগত। তেওঁলোকে বাৰম্বাৰ বুৰঞ্জীৰ দিন, বছৰ, ৰাজ্যাভিষেক, যুদ্ধ বিগ্ৰহ আদিৰ মিল বিচাৰিছে অন্য সূত্ৰৰ পৰা। সোণ-ৰূপৰ মুদ্ৰা, তামৰ ফলি, দেৱোত্তৰ বা নিষ্কৰ ভূমিদানৰ চৰকাৰী আদেশ আৰু সমসাময়িক অন্য ইতিহাসবিদৰ গ্ৰন্থ আদিৰ পৰাও মিল বিচাৰিছে। মিল বিচাৰিঐ পাইছে, বহুত মিল। পন্ডিত নগেন্দ্ৰনাথ আচাৰ্যই তেওঁৰ “History of Medieval Assam” গ্ৰন্থত ঐতিহাসিক প্ৰমাণৰ চেষ্টা কৰি সফল হৈছে।

Assam

যিদৰে দেওধাই বুৰঞ্জীত আংশিক সূৰ্যগ্ৰহণৰ বিষয়ে উল্লেখ আছে – ৰজা চুচেনফাৰ আমোলত ১৪৮৬ চনত। শ্ৰী আচাৰ্যই গ্ৰীণহাউচ মানমন্দিৰৰ পৰা তথ্য লৈ এই বিশেষ সময়খিনি মিলাবলৈ সক্ষম হৈছে।

শ্বান বংশৰ ইতিহাসৰ পৰাও এইসম্পৰ্কে পৰিপূৰক তথ্য লাভ কৰা সম্ভৱ হৈছে। এন. ইলিয়াছ-এ ১৮৭৬ চনত কলকাতাৰ পৰা “History of the Shans” কৰে। প্ৰথম আহোম ৰজা চুকাফাৰ শ্বান পূৰ্বপুৰুষৰ নাম প্ৰায় হুবহু মিলি যায় – অৱশ্যে উচ্চাৰণৰ পাৰ্থক্য পৰিহাৰ কৰিলে। যেনে আহোম বুৰঞ্জীৰ “তাওখুনমিং”। ই শ্বান গ্ৰন্থত “ছাওখুনমিং”। বুৰঞ্জীৰ “তাওখুনকুম” শ্বান ভাষাত “ছাওখুনকুম” ।

su ka pha

শ্বান ৰজাসকলৰ লগত “ভাইৰজা” সম্বন্ধ, দূত বিনিময়, বৈবাহিক আদান-প্ৰদান আৰু মাজে মাজে যুদ্ধ – সকলোবোৰেই মিলে।

মুছলমান লেখকৰ বিৱৰণৰ সৈতেও প্ৰচুৰ মিল পোৱা যায়। মীৰ্জা নাথনৰ বাহাৰিস্থান -এ- গায়েবী, মীৰজুমলাৰ ওৱাকিয়ানবীশ, চিহাবুদ্দিন তালিশৰ ফাতিয়া-ই-ইব্ৰিয়া, আব্দুল হামিদ লাহোৰীৰ পাদশ্যাহ-নামা, গোলাম হুছেইন খানৰ ৰিয়াজ-উস্- চালাতিন আদি এইবোৰৰ মাজত উল্লেখযোগ্য। ১৮১৭ চনত মানৰ আক্ৰমণৰ সময়ত চাং-আং ওৰফে মুং আং নামৰ ব্ৰহ্মদেশৰ সেনাধ্যক্ষই তাই ভাষাত লিখা ওৱেছালি-হুকং আৰু ওৱেছালি-মুং-দুন-চুন-খাম-অত থকা নানা ধৰণৰ বিৱৰণৰ সৈতেও অসমৰ বুৰঞ্জীৰ মিল পোৱা সম্ভৱ।

ৰাজবংশৰ ইতিহাসত সাধাৰণতে আত্মগৌৰৱৰ প্ৰাধান্য থাকে। পৰাজয়ক তুচ্ছ কৰি ক্ষুদ্ৰ বিজয়ক ‘বিৰাট বিজয়”লৈ পৰিণত কৰা হয়। অসম বুৰঞ্জীৰ পৃষ্ঠাত কিন্তু এইবোৰ নাই। যুদ্ধত পৰাজিত হৈ পলায়ন কৰা ৰজা জয়ধ্বজ সিংহক “ভগনীয়া ৰজা” নাম দিছিল আহোম ৰাজপুৰুষ কাশীনাথ তামুলী ফুকনে। আহোমৰ অন্তেষপুৰৰ নাৰীয়ে মোগলৰ হাৰেমত প্ৰৱেশ কৰাৰ দৰে ঘটনাও পোনপটীয়াকৈ অসমৰ বুৰঞ্জীত কোৱা হৈছে। আহোমৰ দ্বাৰা লিখা বুৰঞ্জীৰ তথ্যই মোটামুটি যথাযথভাবে সমকালীন ঘটনাৱলী ডাঙি ধৰিছে।

মোৱামৰীয়া বিদ্ৰোহ মধ্যযুগৰ অসমৰ ইতিহাসৰ এক দীঘলীয়া আৰু ৰক্তাক্ত অধ্যায়। ৰাজশক্তি আৰু জনশক্তিৰ এক বিচিত্ৰ সংঘৰ্ষৰ কাহিনী। ১৫০ বছৰ ধৰি উৎপীড়ন, প্ৰতিৰোধ, গণহত্যা, ৰাজদ্ৰোহ, লুন্ঠন, ধৰ্ষণ চলিছিল। অত্যাচাৰ আৰু প্ৰতি অত্যাচাৰে সীমা পাৰ হৈ গৈছিল। কেতিয়াবা ৰাজশক্তি বলীয়ান হৈ মোৱামৰীয়াক ধ্বংস কৰিছে, কেতিয়াবা আকৌ বিদ্ৰোহীসকলে ৰাজসৈন্যক পৰ্যুদস্ত কৰি ৰাজধানী অধিকাৰ কৰিছে, বিদ্ৰোহী নেতাসকলে ৰাজ্যৰ আসনত অধিষ্ঠিত হৈ স্বয়ং ৰাণীক অংকশায়িনী কৰিছে। অৱশেষত নিজৰ ভিতৰত হৈ থকা খোৱাকামোৰাৰ বাবে মান আৰু ইংৰাজে আহোমৰ ৰাজত্ব ধ্বংস কৰিছে।

talatal ghar assam

অসমৰ ইমান বিশাল আৰু দীৰ্ঘস্থায়ী ঘটনাৰ বিৱৰণ অসমৰ বিভিন্ন বুৰঞ্জীত পোৱা যায় আৰু সমসাময়িক দেশী-বিদেশী লেখাতো পোৱা যায়। বেছিভাগ ক্ষেত্ৰতে এই বিৱৰণবোৰ পাৰস্পৰিক ভাৱে পৰিপূৰক আৰু পৰিৱৰ্দ্ধক। ব্যপক বিসংগতি ক’তো নাই। বৰং বিশেষ বিশেষ তথ্য অদ্ভুতভাৱে মিলি যায়।

সংক্ষেপে ক’বলৈ হ’লে ঘটনাটো এনেধৰণৰ। ষোড়শ শতাব্দীৰ পৰা অসমত শংকৰদেৱৰ প্ৰভাৱত বৈষ্ণবধৰ্মৰ প্ৰচাৰ হয়। বিভিন্ন সম্প্ৰদায় আৰু জাতিৰ মানুহ প্ৰভাৱিত হয়। আৰম্ভণিতে আহোমৰজাসকল – যিসকলে ধৰ্মৰ ক্ষেত্ৰত সিমান গোড়া নাছিল, তেওঁলোকে বৈষ্ণৱ মহন্ত আৰু সত্ৰসমূহক প্ৰচুৰ নিষ্কৰ ভূমি দান দি সাহায্য কৰিছিল। যেনে মাজুলী দ্বীপৰ আউনীআটী সত্ৰক প্ৰায় ৬০০০০ বিঘা নিষ্কৰ ভূমি দান কৰিছিল।

কালক্ৰমত এই মঠবোৰ, অসমত যিবোৰক সত্ৰ বোলা হয়, নিখাদ ধৰ্মীয় আৰু সামাজিক স্তৰৰ পৰা উৰ্দ্ধলৈ উঠি বৈষয়িক আৰু ৰাজনৈতিক ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ হ’বলৈ ধৰে। তেওলোকেও প্ৰশাসক নিযুক্তি দিবলৈ আৰম্ভ কৰে। ৰাজপুৰুষসকলেও সুকীয়া সুকীয়া সত্ৰত দীক্ষাগ্ৰহণ কৰিবলৈ ধৰে । ইংলেণ্ডৰ ৰজা আৰু চাৰ্চৰ মাজত অষ্টম হেনৰীৰ সময়ত যিধৰণৰ বিবাদ হৈছিল, সেইধৰণৰ বিবাদ অসমতো অনিবাৰ্য হৈ পৰিল।

ৰজাসকলৰ কোপদৃষ্টি পৰিল সত্ৰ আৰু সত্ৰাধিকাৰসকলৰ ওপৰত। গদাধৰ সিংহৰ সময়ত (১৬৮১-১৬৯৫ খৃষ্টাব্দ) এই কোপদৃষ্টি বহু বেছি হয়। বহুত সত্ৰ লুন্ঠন কৰা হয়, বিশিষ্ট মহন্তসকলক প্ৰাণদন্ড দিয়া হয়। সত্ৰাধিকাৰসকলে পলাই আত্মগোপন কৰি তৎ নোপোৱা হয়। ক্ষমতা আৰু অৰ্থৰ বাবে হোৱা সংঘাত ক্ৰমশঃ শাক্ত-বৈষ্ণৱৰ ধৰ্মযুদ্ধলৈ পৰিণত হৈ পৰে। যিক্ষেত্ৰত অধিকাংশ প্ৰজা বৈষ্ণৱ, তেনেক্ষেত্ৰত এনে পৰিস্থিতিয়ে যি সমস্যাৰ সৃষ্টি কৰিলে – আশ্বৰ্যান্বিত হৈ লাভ নাই।

Silver rupee of Rudra Simha

গদাধৰ সিংহৰ পুত্ৰ ৰুদ্ৰসিংহৰ যদিও ইমান প্ৰত্যক্ষ বৈষ্ণৱ-দ্বেষ নাছিল, তথাপিও তেওঁ কূটনীতিৰ দ্বাৰা ব্ৰাহ্মণ আৰু অব্ৰাহ্মণ বৈষ্ণৱসকলৰ মাজত বিভেদ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিল। তাৰ দ্বাৰা কাম কিমান হৈছিল কোৱা কঠিন, কিন্তু পাৰস্পৰিক অবিশ্বাস আৰু জাতিদ্বেষ বৃদ্ধি হৈ গৈছিল।

এই পৰ্যন্ত সত্ৰৰ ৰাজনৈতিক আৰু আৰ্থিক অধিকাৰ আৰু ব্ৰাহ্মণত্বৰ মৰ্যদা মুখ্য বিষয় আছিল। ইয়াৰ পিছত সাঙোৰ খালে ধৰ্মান্ধতা। আহোম ৰজাসকলে বহুদিন ধৰি শাক্ত মতবাদৰ ফালে ঢাল খাই আছিল। ৰুদ্ৰ সিংহই ( ৰাজত্বকাল ১৬৯৬-১৭১৪ খৃষ্টাব্দ) নদীয়া জিলাৰ শান্তিপুৰ অঞ্চলৰ গঙ্গা নদীৰ উপত্যকাৰ চিমলা গাওঁ নিৱাসী শাক্ত পন্ডিত কৃষ্ণৰাম ভট্টাচাৰ্য্য ন্যায়বাগীশক আমন্ত্ৰণ কৰি আনি গুৱাহাটীৰ উমানন্দ মন্দিৰৰ দায়িত্ব দিয়ে আৰু প্ৰায় ১০০০০ বিঘা লাখেৰাজ ভূমি দান কৰে।

এই ঘটনাটো বেছিভাগ বুৰঞ্জী লেখকেই লক্ষ্য কৰিছিল। কাশীনাথ তামুলী ফুকনে বঙালী পন্ডিতসকলৰ অধিষ্ঠান সম্পৰ্কে তিৰ্যক মন্তব্য কৰি কৈছে, ” এইজনৰ দিনৰ পৰাই বঙালী গান-বাজনাৰ প্ৰৱৰ্তন হয়।” ইংগিত বেছ পৰিষ্কাৰ, বহিৰাগত মত আৰু প্ৰচাৰক – দুয়োটাই সমস্যাৰ কাৰণ হৈ পৰিছে।

শিৱসিংহই (ৰাজত্ব কাল ১৭১৪-১৭৪৪ খৃষ্টাব্দ) সম্পূৰ্ণৰূপে কৃষ্ণৰামৰ শিষ্যত্ব গ্ৰহণ কৰে আৰু নিজৰ পত্নী ৰাণী ফুলেশ্বৰীকো শাক্তমতে দীক্ষা দিয়ায়। নৱদীক্ষিতৰ উৎসাহ সদায়েই অতি প্ৰৱল। প্ৰাক্তন নৰ্তকী ফুলমতীৰ মূৰ ‘ফুলেশ্বৰী’ হৈ পৰাৰ পিছতেই বোধকৰো কিছু ঘূৰি আছিল, শাক্তধৰ্মৰ নেতৃত্ব বহন কৰি বাৰুকৈয়ে ঘূৰি গ’ল। তেওঁ পোনপটীয়াকৈ সাধাৰণ প্ৰজাৰ ধৰ্মত হস্তক্ষেপ কৰিবলৈ আৰম্ভ কৰিলে। বৈষ্ণৱ মহন্তসকলক বলপূৰ্বক বলিপ্ৰদত্ত পশুৰ তেজৰ ফোঁট কপালত দিবলৈ ধৰিলে।

ইয়েই আহোম ৰাজত্বৰ ‘কাল’ হৈ পৰিল। তাৰোপৰি অবিশ্ৰাম গৃহযুদ্ধ চলিয়েই আছিল, যাৰ অন্তিম পৰিণতি মান আৰু বৃটিছৰ আক্ৰমণ আৰু আহোম ৰাজত্বৰ পতন। কাশীনাথে লিখিছে যে ৰজা গৌৰীনাথ সিংহ(১৭৮০-১৭৯৪ খৃষ্টাব্দ)ই “এই সময়ত মোৱামৰীয়া বহুত মাৰিলে”। শ্ৰীনাথ দুৱৰাই বিষয়টো আৰু অধিক মুকলিকৈ কৈছে। কিদৰে নৰ্তকী ফুলমতী বৰকুঁৱৰী ফুলেশ্বৰী (পাটৰাণী) হৈ পৰিল, কিদৰে তেওঁৰ আত্মীয়সকলে উচ্চপদ পালে, কিদৰে তেওঁ ক্ৰমাগত ভাৱে বৈষ্ণৱ-মহন্তসকলক অপমান কৰি থাকিল বা নতুনকৈ মৃতকক সমাধি দিয়াৰ সলনি দাহ কৰা প্ৰথা প্ৰচলন কৰিলে, ইত্যাদি কথা মুকলিকৈ কৈছে।

kareng ghar

ধৰ্মীয় নিৰ্যাতন বৃদ্ধি পোৱাৰ বিষয়ে হৰকান্ত বৰুৱা সদৰামিনৰ বুৰঞ্জীতো বিশেষভাৱে উল্লেখ আছে। শ্ৰীনাথ বৰবৰুৱাই ব্যপক গৃহযুদ্ধৰ বিসয়ে বহুত লিখিছে। কিদৰে গৃহযুদ্ধ আৰম্ভ হ’ল, কিদৰে বাঢ়ি গ’ল, ইত্যাদি। কিদৰে দুয়োপক্ষই অশেষ অত্যাচাৰত লিপ্ত হ’ল। কিদৰে অতি শীঘ্ৰেই আদৰ্শবাদী মোৱামৰীয়া একেবাৰে ভোগলিপ্সু ৰাজদ্ৰোহীলৈ ৰূপান্তৰিত হ’ল আৰু কষ্টাৰ্জিত ৰাজ্যৰ পৰা বঞ্চিত হ’ল। বুৰঞ্জীৰ মতে প্ৰায় ৭০০০০০ মানুহৰ মৃত্যু হৈছিল। তৎকালীন জনসংখ্যাৰ (২৪-২৫ লাখ) প্ৰায় এক-তৃতীয়াংশ। ফলত বৃটিছসকলে যেতিয়া অসম দখল কৰে, তেতিয়া প্ৰায়বোৰ অঞ্চলেই জনমানৱশূণ্য।

মণিৰাম বৰুৱাৰ ভাষাত, “পানী খোৱাৰ যোগ্য হৈ থকা নাছিল, পথেৰে খোজ কাঢ়িব পৰা অৱস্হা নাছিল, চাৰিওফালে মাথোন পচা-গলা মৃতদেহ, অৰ্ধেক দেশ মনুষ্যহীন”।

আহোম শাসনৰ শেষ পৰ্যায়ত এই কৰুণ পৰিণতি আৰু তাৰে আগৰ সময়ছোৱাত ক্ৰমাগত অৱক্ষয় – অসমৰ বুৰঞ্জী সমূহত এই দুই ধাৰা অতি স্পষ্টভাৱে ফুটি উঠিছে। অসমৰ বাহিৰৰ অইন স্থানীয় ইতিহাসৰ ক্ষেত্ৰত যেতিয়া দেখা যায় বাস্তৱ ঘটনা বহুত সময়ত নিৰ্লজ্জ তোষামোদেৰে ঢাকি পেলোৱা হৈছে আৰু যিবোৰ ইতিহাসত এইধৰণৰ অন্তৰ্মুখী চিন্তা-ভাৱনাৰ অভাৱ লক্ষণীয়; তেনে ক্ষেত্ৰত অসম বুৰঞ্জী বিৰল ব্যতিক্ৰম।

ভাৰতৰ সকলো অংশৰ বিভিন্ন ৰাজবংশৰ উত্থান-পতনৰ অনেক নিদৰ্শন আছে, কিন্তু অংশগ্ৰহণকাৰী বা প্ৰত্যক্ষদৰ্শীৰ বাস্তৱধৰ্মী আত্মদৰ্শন বোধহয় ক’তোৱেই নাই।

সেইবাবেই অসমৰ বুৰঞ্জীসমূহ অনন্য।

(সমাপ্ত)

Reference:
1. A History of Revenue Administration in Assam (1228-1826)
2. The History of Medieval Assam
3. Tungkhugia Buranji
4. A Comprehensive History of Assam
5. Assam Buranji
6. Cultural Pasts- Essays in Early Indian History

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: অসমৰ বুৰঞ্জী
Anjan Sarma

Anjan Sarma

Related Posts

সাম্ৰাজ্যবাদী বৃটিছ আৰু কামৰূপৰ বজালীৰ ৰাইজৰ সংগ্ৰাম
ASSAMESE SECTION

সাম্ৰাজ্যবাদী বৃটিছ আৰু কামৰূপৰ বজালীৰ ৰাইজৰ সংগ্ৰাম

by Anjan Sarma
June 14, 2026
0

সাম্ৰাজ্যবাদী বৃটিছ আৰু কামৰূপৰ বজালীৰ ৰাইজৰ সংগ্ৰাম অঞ্জন শৰ্মা  ফেব্ৰুৱাৰী মাহৰ সময়, ১৮২৪ চন। অসম বিধ্বস্ত মানৰ আক্ৰমণত ! চৌদিশে...

Read moreDetails
Brahmaputra -The never-ending metaphor as Media of the valley

Brahmaputra -The never-ending metaphor as Media of the valley

June 11, 2026
Why Hitler Hated Jews: Origins of the Holocaust

Why Hitler Hated Jews: Origins of the Holocaust

May 28, 2026
DANIEL RAUSH, AN EUROPEAN SALT TRADER TO AHOM KINGDOM

DANIEL RAUSH, AN EUROPEAN SALT TRADER TO AHOM KINGDOM

May 16, 2026
বিহুৰ ক্ৰমবিকাশ: জাতিগঠনৰ পৰা জাতীয় উৎসৱলৈ 

বিহুৰ ক্ৰমবিকাশ: জাতিগঠনৰ পৰা জাতীয় উৎসৱলৈ 

April 14, 2026
মৃতদেহৰ আকৌ অংগহানি কিহৰ?

মৃতদেহৰ আকৌ অংগহানি কিহৰ?

April 6, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

July 16, 2026
Bhattadev University and the Mahabahu Climate Forum in Manas National Park

Bhattadev University: A Comprehensive Journey through the Climate Justice 101

July 15, 2026
Adaptation Without Agency Is Not Resilience

Adaptation Without Agency Is Not Resilience

July 15, 2026
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 15, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37518 shares
    Share 15007 Tweet 9379
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    17015 shares
    Share 6806 Tweet 4254
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2247 shares
    Share 899 Tweet 562
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    241 shares
    Share 96 Tweet 60
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    391 shares
    Share 156 Tweet 98
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    144 shares
    Share 58 Tweet 36
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1165 shares
    Share 466 Tweet 291
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6748 shares
    Share 2699 Tweet 1687
  • Bhattadev University and Climate Justice Classroom

    111 shares
    Share 44 Tweet 28
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3938 shares
    Share 1575 Tweet 985
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d