• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, July 12, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

অসমৰ ভৱিষ্যত

অঞ্জন শৰ্মা

by Anjan Sarma
October 23, 2022
in Special Report, Justice, Politics
Reading Time: 4 mins read
0
Share on FacebookShare on TwitterShare on LinkedIn

অসমৰ ভৱিষ্যত

অঞ্জন শৰ্মা

অসমৰ ভৱিষ্যত

অসম চুক্তি স্বাক্ষৰিত হোৱাৰ দিনা, ‘অসম গণ পৰিষদ‘ দলটো গঠন হোৱাৰ দিনা, গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত অগপ চৰকাৰৰ মুখ‍্যমন্ত্ৰী হিচাপে প্ৰফুল্ল কুমাৰ মহন্তই শপত গ্ৰহণ কৰাৰ দিনা, ‘আই-এম-ডি-টি‘ বাতিল হ’বৰ দিনা, সৰ্বানন্দ সোণোৱালে মুখ‍্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ দিনা……

অসমৰ বিশাল জনসাধাৰণে আনন্দৰ ভেটা ভাঙি যিদৰে জয়ধ্বনি কৰিছিল, সম্ভৱত: ১৯৪৭ চনৰ ১৫ আগষ্টৰ দিনটোতো অসমৰ ইতিহাসক চিতাত তুলি দি ‘স্বাধীনতা লাভ‘ৰ অৰ্থহীন আনন্দত একেদৰেই মতলীয়া হৈ সতৰ্কতাৰে ইংৰাজ যোৱাৰ পিছতো ব্ৰহ্মদেশৰ দৰে অসমে স্বাধীনতা নোপোৱা বিষয়টো সম্পৰ্কে এটাও ‘টু’ শব্দ উচ্চাৰণ নকৰা অসমৰ সুবিধাবাদী নেতাসকলৰ নৃত্যৰ তালে তালে জয়ধ্বনি দিছিল।

সেইদিনা প্ৰতিবাদ কৰি ক’লা পতাকা উৰুৱাইছিল বিষ্ণুপ্ৰসাদ ৰাভাই।

সেইদিনাই, অৰ্থাৎ ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখৰ ‘দৈনিক অসমীয়া‘ বাতৰিকাকতত বহুকেইজন লেখকে ‘স্বাধীনতা লাভ’ৰ আনন্দোচ্ছাস কৰাৰ বিপৰীতে “অসমৰ ভৱিষ্যত” নামেৰে এটা গুৰুত্বপূৰ্ণ প্ৰৱন্ধ লিখিছিল হৰেন্দ্ৰ নাথ বৰুৱাই। আজি কেইদিনমানৰ আগতে মোৰ হাতত পৰা – মোৰ পিতৃদেৱে সযতনে থোৱা সেই বিশেষ দিনটোৰ ‘দৈনিক অসমীয়া’ বাতৰিকাকতত বৰুৱাদেৱৰ প্ৰৱন্ধটোৰ আৰম্ভনি আছিল এনেধৰণৰ :

         “ভাৰতবৰ্ষ আজি স্বাধীনতাৰ স্বৰ্ণমন্দিৰত প্ৰৱেশ কৰিছে। স্বাধীনতাৰ মুক্ত আৰু অবাধ পাৰিপাৰ্শ্বিকতাৰ সুবিধা লৈ যে ভাৰতবৰ্ষই নানান বিষয়ত নিজৰ উৎকৰ্ষ সাধন কৰিব আৰু পৃথিৱীত এক সন্মানিত – বৰং অগ্ৰগণ‍্য স্থান লাভ কৰিব, তাত আমাৰ কোনো সন্দেহ নাই।

কিন্তু অসমৰ কাৰণে এই স্বাধীনতাৰ কিবা বিশেষ সাৰ্থকতা আছে নে? এই স্বাধীনতা লাভৰ সূত্ৰে অসমে নিজৰ অস্তিত্ব আৰু বৈশিষ্ট্যৰ উৎকৰ্ষ সাধন কৰি ভাৰতত কিম্বা বিশ্ব-সমাজত সন্মানিত স্থান লাভ কৰি আত্মপ্ৰসাদ লাভ কৰিব পাৰিব নে?

কোৱা বাহুল্য যে অসমৰ বৈশিষ্ট্যৰ অৰ্থ হৈছে অসমীয়া জাতিৰ বৈশিষ্ট্য। অসমীয়া জাতিৰ সৈতে অসমক উন্নত আৰু ডাঙৰ কৰি তুলিব নোৱাৰিলে, অসমীয়া জাতিৰ মুমুৰ্ষু অস্তিত্ব লৈ বৰ্ত্তা এখন সমৃদ্ধিশালী অসমো প্ৰকৃত অসম হ’ব নোৱাৰে আৰু তেনে নতুন অসম আমাৰ কাম‍্যও নহয়।

অসমীয়া জাতি তিস্থিবলৈ আৰু উধাবলৈ হলে অসমৰ কেইবাটাও গুৰুতৰ সমস্যাৰ সমাধান কৰাৰ আৱশ্যক। বিদেশী আগমণৰ সমস্যা, ট্ৰাইবেল সম্প্ৰদায়ৰ সমস্যা, চাহ বাগিচাৰ আৰু অন্যান্য কল-কাৰখানাৰ শ্ৰমিক সমস্যা, আৰ্থিক উন্নয়ন সমস্যা, ভাষাৰ সমস্যা – এই কেইটাই তাৰ ভিতৰত সৰ্বপ্ৰধান।”

অসমৰ ভৱিষ্যত
               হৰেন্দ্ৰ নাথ বৰুৱাই ১৯৪৭ চনৰ ১৫ আগষ্টৰ ‘দৈনিক অসমীয়া’ কাকতত আৰু লিখিছিল :

                         পমুৱাৰ সমস্যা

     “বঙ্গদেশীয় পমুৱাৰ অবাধ আমদানি আৰু অসমৰ মাটিত বে-আইনী দখলত অসম গৱৰ্ণমেন্টৰ উচ্ছেদ নীতিৰ ফলত কিছু বাধা পৰিল যদিও এতিয়াও অসমৰ বাহিৰৰ বিশেষকৈ পাকিস্তানৰ হাজাৰ হাজাৰ হিন্দু পমুৱাৰ আগমন আৰু বসতিয়ে অসমৰ আৰ্থিক আৰু জাতীয় ভৱিষ্যত বিপন্ন কৰি তুলিবৰ উপক্ৰম হৈছে। দুবছৰমানৰ আগতে ‘অসমীয়া’ৰ যোগে প্ৰকাশ কৰা আমাৰ প্ৰৱন্ধাৱলীত আমি দেখুৱাইছিলো যে চৰকাৰী হিচাপ মতেই ২০ লাখ বিঘাৰো কম খেতিৰ উপযোগী মাটিহে তেতিয়া অসম উপত্যকাত বাকী আছে। অথচ খাচ অসমীয়াৰ মাজতে একেবাৰে মাটি নোহোৱা লাখ লাখ মানুহ কলমলাই আছে।

অসমীয়া মানুহৰ গড়ে প্ৰতি পৰিয়ালত ৫ বিঘা মাটিও নাই। তদুপৰি অসমীয়াৰ ভৱিষ্যত পৰিবৰ্দ্ধন আৰু পৰিপোষণৰ কাৰণে যথেষ্ট পৰিমাণে মাটি আচুতীয়াকৈ ৰখাৰ দায়িত্বলৈ আমাৰ কাণষাৰেই হোৱা নাই। ১৯৪১ চনত চাদুল্লা গৱৰ্ণমেন্টে অতিৰিক্ত কৰি দিয়া হিচাপমতেই অসম উপত্যকাত, অৰ্থাৎ খাচ অসমত খেতিৰ উপযোগী মুঠ মাটিৰ পৰিমাণ হৈছে ২২৫ লাখ বিঘা। তেওঁলোকৰ কথা মতেই ইয়াৰ ভিতৰত ২০৫ লাখ বিঘাৰ কিছু বেছি মাটি তেতিয়ালৈকে বন্দৱস্তী দিয়া হৈ গৈছে।

১৯৪১ চনৰ পৰা ১৯৪৪ চনৰ শেষলৈকে চাদুল্লা চাহাবে যে আগতকৈও মুক্ত ভাবে হাজাৰ হাজাৰ বঙ্গদেশীয় পমুৱাক মাটি বন্দৱস্তী দি অসমক পাকিস্তানৰ অন্তৰ্ভুক্ত কৰিবলৈ প্ৰয়াস পাইছিল, সেই কথা সকলোৱে জানে। এই কেইবছৰৰ ভিতৰত তেওঁলোকে বিদেশী পমুৱাক কিমান মাটি বন্দৱস্তী দিলে, তাৰ বিতং বিৱৰণ এতিয়াও প্ৰকাশ পোৱা নাই। কিন্তু ১৯৪৪ চনৰ নৱেম্বৰ মাহত অসম পৰিষদৰ অধিৱেশনত চাদুল্লা মন্ত্ৰী সভাৰ ৰাজহমন্ত্ৰী মৌ: মনৱাৰ আলি চাহাবে দিয়া এটা প্ৰশ্নোত্তৰৰ পৰাই এই কেইবছৰত তেওঁলোকে কেনে বিপুল পৰিমাণে অসমৰ মাটি বিদেশীক বিলাই দিলে, তাৰ আভাস পাব পাৰি।

তেওঁ কৈছিল যে ১৯৪৩-৪৪ চনৰ বছৰটোৰ ভিতৰত প্ৰায় ২ লাখ একৰ মাটি (অৰ্থাৎ ৬ লাখ বিঘাতকৈও সৰহ) বাহিৰৰ পমুৱাক বন্দৱস্তী দিয়া হৈছিল। এই হিচাপে ধৰি নি:সঙ্কোচে কব পৰা যায় যে ১৯৪১ চনৰ পৰা ১৯৪৪ চনৰ শেষলৈকে অন্ততঃ ১৫ লাখ বিঘা মাটি বিদেশী পমুৱাক বন্দৱস্তী দিয়া হয়। ১৯৪০-৪১ চনলৈকে অসম উপত্যকাত অসম গৱৰ্ণমেন্টে মৈমনছিঙীয়া পমুৱাক প্ৰায় ২৩ লাখ বিঘা মাটি বন্দৱস্তী দিছে বুলি ১৯৪০-৪১ চনৰ “আসাম লেন্ড ৰেভনিউ এডমিনিষ্ট্ৰেশ‍্যন ৰিপৰ্ট“ত কোৱা হৈছে। ইয়াৰ ভিতৰত অসমীয়া মানুহে অধিক দামৰ লোভত কিম্বা উপায়ন্তৰ হৈ মৈমনছিঙীয়াক বিক্ৰী কৰা হাজাৰ হাজাৰ বিঘা মাটিৰ হিচাপ ধৰা হোৱা নাই।

অসমৰ ভৱিষ্যত

            গতিকে আমি নি:সঙ্কোচে কব পাৰো যে ১৯৪৫ চন পৰ্যন্ত বঙ্গদেশৰ পমুৱাই অসম উপত্যকাৰ অন্ততঃ ৪০ লাখ বিঘা মাটি হস্তগত কৰে। তদুপৰি প্ৰায় ২০ লাখ বিঘা মাটি বিদেশী চাহ খেতিয়ক আৰু অন‍্যান‍্য বিদেশীয়ে দখল পাইছে। গতিকে দেখা যায় যে গোটেই প্ৰদেশখনৰ মুঠ ২২৫ লাখ বিঘা খেতিৰ উপযোগী মাটিৰ ভিতৰত ৬০ লাখ বিঘা মাটি অনা-অসমীয়াৰ হাতত পৰিছে। অৰ্থাৎ অসমৰ চাৰিভাগৰ এভাগতকৈও কিছু অধিক মাটি অনা-অসমীয়াৰ হাতত।

ইফালে খেতিৰ উপযোগী বন্দৱস্তী নিদিয়া বাকী মাটি আছে মাত্ৰ প্ৰায় ১৫ লাখ বিঘা। ই যে কি ডাঙৰ সমস্যা তাক বহলাই কবৰ আৱশ্যক নাই। সেই কাৰণেই আমি কওঁ যে অনা-অসমীয়াক মাটি দিয়াটো অৱিলম্বে আইনৰ দ্বাৰা বন্ধ কৰিব লাগে। অসম গৱৰ্ণমেন্টে এই বিষয়ে আৰু অলপো পলম কৰা উচিত নহয়। ই অসমীয়াৰ পক্ষে অকল অৰ্থনৈতিক সমস্যাই নহয় – ইয়াৰ লগত অসমীয়া জাতিৰ বৈশিষ্ট্যমূলক অস্তিত্বও নিৰ্ভৰ কৰিছে।

এতিয়াৰ দৰে হাজাৰে হাজাৰে লাখে লাখে অনা-অসমীয়াই অসমত মাটি-ভেটি লৈ বসতি কৰি নিজৰ সংখ্যা বৃদ্ধি কৰি অসমীয়াৰ ওপৰত টিঘিল ঘিলাবলৈ সুবিধা পাই থাকিলে অসমত অসমীয়াতকৈ বাহিৰৰ মানুহৰ সংখ্যা যে সময়ত বেছি হবগৈ আৰু অসমীয়াৰ অস্তিত্ব লৈ টনাটনি হ’ব সেই কথা কোৱা বাহুল্য মাথোন।….”

            ১৯৪৭ চনৰ ১৫ আগষ্টৰ লেখাটো পঢ়িলেই যদি আশংকাৰ উদ্ভৱ হয়, এতিয়া অৱস্থা কেনে হব পাৰে- কল্পনাতীত। আজিৰ পৰা ৭৫ বছৰ আগতেই, ভুৱা ‘স্বাধীনতা’ লাভ কৰাৰ দিনা – যিদিনা অসমৰ মানুহ উদ্বেলিত হৈ আছিল ‘অসম চুক্তি’ স্বাক্ষৰিত হোৱা দিনটোৰ দৰে বা সৰ্বানন্দ সোণোৱালে মুখ‍্যমন্ত্ৰী হিচাপে শপত লোৱা দিনটোৰ দৰে, যিদিনা অসমৰ মানুহে মহানন্দৰ পাৰ ভাঙি জয়ধ্বনি দি দি পকামিঠৈ খাই আছিল – সেইদিনা ‘দৈনিক অসমীয়া’ বাতৰিকাকতত হৰেন্দ্ৰ নাথ বৰুৱাই যিখন ছৱি ডাঙি ধৰিছিল, যি সাৱধানবাণী শুনাইছিল- সেয়া অসমৰ ৰাজনৈতিক নেতাসকলৰ ক্ষেত্ৰত ‘গৰুৰ আগত টোকাৰী বজোৱা’ৰ দৰেহে হৈছিল। ফলাফল আমি ইতিমধ্যে দেখিলো।

অসমৰ ভৱিষ্যত
হৰেন্দ্ৰ নাথ বৰুৱা

অসমৰ ৰাজনৈতিক নেতাসকলৰ মেৰুদন্ডহীনতাৰ বাবে ১৯৪৭ চনৰ ১৫ আগষ্টৰ দিনাৰে পৰা নতুন সাম্ৰাজ‍্যবাদী হৈ পৰা ভাৰতবৰ্ষৰ সৈতে অবৈধ সহবাস কৰাৰ ফলস্বৰূপে অসমৰ কি দশা হ’ল – নতুনকৈ দোহাৰিবৰ প্ৰয়োজন নাই। অইন সমস্যাৰ কথা বাদেই দিলো, অসমলৈ দশক দশক ধৰি হৈ থকা অবাধ প্ৰব্ৰজনৰ সমস্যাৰ ভিত্তিত সৃষ্টি হোৱা আশংকা আৰু সেই আশংকাৰ পটভূমিত ‘অবৈধ বিদেশী নাগৰিক’ৰ বিৰুদ্ধে ঐতিহাসিক প্ৰয়োজনতেই আৰম্ভ হোৱা অসম আন্দোলনক নতুন দিল্লী তথা অসমৰ অসমবিৰোধী চৰকাৰসমূহে চক্ৰান্তমূলকভাবে ফুটুকাৰ ফেনত পৰিণত কৰি পেলালে।

অসমত কংগ্ৰেছ চৰকাৰে আই-এম-ডি-টি আইন জাপি দিয়াৰ দৰে ২০১৫ চনৰ ৭ ছেপ্টেম্বৰ তাৰিখে জাৰী কৰা দুখন অধিসূচনাৰে তথা সেই দুখনৰ আধাৰত সংসদত গৃহীত কৰিবলৈ বদ্ধপৰিকৰ হোৱা ‘নাগৰিকত্ব সংশোধনী বিল (২০১৬)’ৰ দ্বাৰা পুনৰ অসমত লক্ষ লক্ষ হিন্দু প্ৰব্ৰজনকাৰী জাপি দিব বিচৰা কাৰ্যই পুনৰবাৰ অসম উত্তপ্ত হ’ল!

ইতিমধ্যে ১৯৫০ চনৰ ‘ইমিগ্ৰেন্টছ এন্ড এ’পালচন এক্ট‘ৰ দ্বাৰা ভাৰত চৰকাৰে অসমত পূৱ-পশ্চিম পাকিস্তানৰ ৪৮৭০০০ জন শৰনাৰ্থী উপৰুৱাকৈ ভূতৰ ওপৰত দানহৰ দৰে জাপি দিছিল। এইসকল শৰণাৰ্থী হৈয়েই আছিল। কিন্তু অসম আন্দোলনৰ সময়লৈ শৰণাৰ্থী হৈ থকা সেইসকলক অসম আন্দোলনৰ নেতৃত্বই ‘অসম চুক্তি’ৰ দ্বাৰা ‘ভাৰতীয় নাগৰিকত্ব’ প্ৰদান কৰিলে।

অসম চুক্তিৰ দ্বাৰা ১৯৭১ চনৰ ২৪ মাৰ্চৰ পূৰ্বে অসমলৈ অহা সকলো প্ৰব্ৰজনকাৰীক ‘অতিথি দেৱো ভৱ:’ বুলি ঘোষণা কৰি ৰঙা দলিচা পাৰি দিয়া হ’ল। সেই ৪৮৭০০০ শৰণাৰ্থীৰ লগতে ১৯৭১ চনৰ ২৪ মাৰ্চলৈ অহা লক্ষ লক্ষ প্ৰব্ৰজনকাৰীক অসম আন্দোলনৰ দ্বাৰা, অসম চুক্তিৰ দ্বাৰা নিগাজী পট্টা দিয়া হ’ল! ইয়াৰ বাবেই কৰা হৈছিল নেকি অসম আন্দোলন? ইয়াৰ বাবেই ৮৫৫ গৰাকী হৈছিল নেকি শ্বহীদ?

অসমৰ ভৱিষ্যত
অসম চুক্তি

এই দুটা প্ৰশ্নই সদৌ অসম ছাত্র সন্হা আৰু অসম চুক্তিৰ পটভূমিত জন্ম লোৱা অসম গণ পৰিষদক সহজে মুক্তি নিদিব, আৰু সদৌ অসম ছাত্ৰ সন্হাৰ মজিয়াত থাকি উদাত্ত কন্ঠনিনাদ কৰাসকলে গেৰুৱা হৈ আজি ওলোটাখৰ মৰা কাৰ্যক তথা ওলোটাখৰ মৰাসকলৰ সৈতে এতিয়াও মিত্ৰ হৈ থকা দেৱলোকস্বৰূপ দিশপুৰৰ গজেন্দ্ৰ সকলোকো দুখুনী-লাঞ্চিতা অসমৰ মৰ্মন্তুদ ইতিহাসে কাহানিও ক্ষমা নকৰিব।

৪৮৭০০০ জন শৰণাৰ্থীৰ বিষয়ে ২০১৫ চনৰ ২৮ জুলাইত লোকসভাত ঘোষণা কৰা কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেন ৰিজিজুই পুনৰ কৈছিল যে ১৯৬৪ চনৰ ১ জানুৱাৰীৰ পৰা ১৯৭১ চনৰ ২৪ মাৰ্চলৈ অসমলৈ পূৱ-পাকিস্তানৰ পৰা ২১৪৩১৭ জন অনুপ্ৰৱেশকাৰী আহিছিল (চৰকাৰী সংখ্যা)। গতিকে অৱস্হাটো কেনে হ’ব পাৰে – অনুমান কৰিবলৈ আহুকাল নহয়।

       ১৯৭৭ চনত অসমৰ ভোটাৰ আছিল ৭২২৫৬১৬ জন, অসম আন্দোলনৰ পিছত ১৯৮৫ চনত অসমৰ ভোটাৰৰ সংখ্যা হৈ পৰিল ১০০৯৭৬৬১ জন, অৰ্থাৎ ৮ বছৰত ২৯ লক্ষ বৃদ্ধি!!

অসমৰ ভৱিষ্যত
Guwahati: Asom Gana Parishad (AGP) President Atul Bora and BJP leader Himanta Biswa Sarma, addresses at AGP-BJP joint press conference in Guwahati, on March 15, 2019. (Photo: IANS)

পৱিত্ৰ ভাদ মাহ ! এই মাহৰ পৰাই আৰম্ভ – নেৰানেপেৰা উৎসৱৰ মহানন্দ -শ্ৰী শ্ৰী কৃষ্ণৰ জন্মোৎসৱ, শ্ৰী শ্ৰী গণেশ পূজা আদিৰে আৰম্ভ হৈ ভেলেণ্টাইন দেৱৰ তিৰোভাৱ তিথি, বৰদিন, নতুন বছৰৰ আগমণ, বিহু, ভোগালী/ৰঙালী/বহাগী বিদায়,….চৰকাৰী মহোৎসৱ.. বছৰজোৰা আনন্দ, মহানন্দ, সৰ্বসুখানন্দ – যি ধৰণৰ আনন্দ অসমে ইতিপূৰ্বে প্ৰত‍্যক্ষ কৰিয়ে আছে; কিন্তু যিমানেই উৎসৱ আৰু অৰ্থহীন আনন্দত অসমীয়া খিলঞ্জীয়া উটি-ভাঁহি নাযাওক কিয় – অসমখন অবিলম্বে দ্বিতীয় ত্ৰিপুৰা হৈ পৰাটো খাটাং – বৰ্তমানৰ পৰিৱেশ পৰিস্থিতিৰ পটভূমিত, আৰু আমি নহলেও ভৱিষ্যত প্ৰজন্ম নিজৰ জন্মভূমিতেই শৰণাৰ্থী হোৱাটোও কল্পনাতীত নহয়।

৭৫ বছৰ আগতে হৰেন্দ্ৰ নাথ বৰুৱাই লেখা “অসমৰ ভৱিষ্যত” প্ৰৱন্ধটো পঢ়ি তেনে ছৱি এখনেই আজি ভাঁহি উঠিছে।

তথাপিও আনন্দ, মহানন্দ, সৰ্বাসুখানন্দ!! আশ্বৰ্য !!

জন্মভূমিতকৈ দল-সংগঠন ডাঙৰ হ’ব পাৰেনে – এই মুহূৰ্তত অসমৰ ৰাজনৈতিক নেতাসকললৈ এইটোৱেই গুৰুত্বপূৰ্ণ ঐতিহাসিক প্ৰশ্ন।

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: অসমৰ ভৱিষ্যত
Anjan Sarma

Anjan Sarma

Related Posts

Matcha from Japanese Ritual to Global Obsession
Special Report

Matcha from Japanese Ritual to Global Obsession

by Pradakshina Sarmah
July 12, 2026
0

Matcha from Japanese Ritual to Global Obsession PRADAKSHINA SARMAH Matcha is deeply rooted in Japanese Culture, as well as Zen...

Read moreDetails
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

July 6, 2026
In Between River and the Big Gates: How Sluice Gates are shaping floods in Assam’s Katigorah!

In Between River and the Big Gates: How Sluice Gates are shaping floods in Assam’s Katigorah!

July 5, 2026
Legal Thresholds of Indian Citizenship: Documents, Jurisprudence, and the Assam Context

Legal Thresholds of Indian Citizenship: Documents, Jurisprudence, and the Assam Context

July 4, 2026
The River That Became a Drain: Bharalu and the Death of a Memory

The River That Became a Drain: Bharalu and the Death of a Memory

July 4, 2026
India’s Progress Highlighted in SDG Report 2026

India’s Progress Highlighted in SDG Report 2026

July 2, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
“Paromanawik Samay” !

“Paromanawik Samay” !

July 12, 2026
Life beyond Earth is the next big question: Nobel laureate Didier Queloz on exoplanets, AI and the future of science

Life beyond Earth is the next big question: Nobel laureate Didier Queloz on exoplanets, AI and the future of science

July 12, 2026
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 12, 2026
Mahabahu Climate Forum Experience: Seven Days of Climate Learning

Bhattadev University-Where Learning Met Purpose : ‘CLIMATE JUSTICE 101’ Internship Ends, A Responsibility Begins

July 11, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37233 shares
    Share 14893 Tweet 9308
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    16808 shares
    Share 6723 Tweet 4202
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2049 shares
    Share 820 Tweet 512
  • CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

    327 shares
    Share 131 Tweet 82
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    390 shares
    Share 156 Tweet 98
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    239 shares
    Share 96 Tweet 60
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1164 shares
    Share 466 Tweet 291
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    141 shares
    Share 56 Tweet 35
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6728 shares
    Share 2691 Tweet 1682
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3929 shares
    Share 1572 Tweet 982
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d