-ৰবীন তালুকদাৰ |
অসমৰ তেল ৰাষ্ট্ৰীয়, অসমৰ কয়লা ৰাষ্ট্ৰীয়, অসমৰ চাহ ৰাষ্ট্ৰীয় ইত্যাদি ইত্যাদি। কিন্তু অসমৰ বিদেশী, বানপানী ইত্যাদি আঞ্চলিক। বানপানীত অসম উটি-ভাহি যাওক, বিদেশীৰ প্ৰকোপত অসমৰ জাতি-জনগোষ্ঠী তচ-নচ হৈ পৰক, তাতনো দিল্লীৱালাসকলৰ কি আহে-যায়! ‘কা’-খন দেশৰ ভালৰ বাবেহে অনা হৈছে, দেশখনৰ পূৰ্ব দিশৰ মাত্ৰ এখন-দুখন ৰাজ্য ক্ষতিগ্ৰস্ত হ’লেও কথা নাই। সেয়া দেশখনৰ আয়তন অনুপাতে একেবাৰেই নগন্য! জানোৱেই দেখোন, বাৰীৰ পুখুৰী এটা সিঁচিলেও দুই-চাৰিজনক শিঙিয়ে বিন্ধে বুলি। এনেকুৱাই হৈছে দিল্লীৱালাসকলৰৰ চিন্তা! দল-মত নিৰ্বিশেষে দিল্লীৱালাসকলে তেনেধৰণৰ মানসিকতাকেই চিৰযুগমীয়াকৈ গঢ়ি তুলিছে। শেহতীয়াকৈ পৰিৱেশ সংক্ৰান্তীয় যি আইনী পৰিৱৰ্তনৰ কথা চিন্তা-চৰ্চা কৰা হৈছে তাৰ অন্তৰালতো সেই একেটা কথাই নিহিত হৈ আছে।
‘সবার উপরে মানুষ সত্য, তাহার উপরে নাই’। কবি চণ্ডীদাসৰ মুখেৰে নিৰ্গত এষাৰি সোণসেৰীয়া কথা। উন্নয়ন কি আৰু কাৰ বাবে! মানুহক কাৰ্বন-ডাই-অক্সাইড গেছ খুৱাব লগাকৈ উন্নয়ন নকৰে নহয়! মূখ্যতঃ মানুহৰ জীৱন-ধাৰণৰ মান উন্নত কৰাৰ কাৰণেইতো উন্নয়নৰ কথা ভবা হয়। গতিকে উন্নয়নমূলক যিকোনো চিন্তা-চৰ্চা বা আলোচনা-বিলোচনা আৰু সৰ্বশেষত তেনেকুৱা কাম-কাজৰ লগত মানবীয় দিশটো জড়িত হৈ থাকিবই লাগিব। তদুপৰি সংশ্লিষ্ট অঞ্চলৰ মানুহখিনিক লৈহে উন্নয়ন কৰিব লাগিব। কাৰণ, সেই অঞ্চলৰ মানুহক ক্ষতিগ্ৰস্ত কৰি দেশৰ অন্য প্ৰান্তৰ মানুহ বা বাংলাদেশীসকলৰ কথা চিন্তা কৰি কোনো অঞ্চলৰ উন্নয়ন কৰা নহয়। গুজৰাট বা উত্তৰ প্ৰদেশত তেনে উদ্দেশ্যে লৈ উন্নয়ন চলেনে!
অতি পৰিতাপৰ কথা যে উন্নয়নৰ নামত দিল্লীত বহি থকা অনা-অসমীয়া ভব্য-গব্য লোকসকলে আমাৰ সেউজী অসমক খান্দি-খুন্দি নিঃশেষ কৰাৰ পণ লৈছে। কিন্তু আমি কিমান দিন তাক সহ্য কৰি বহি থাকিম! দেশপ্ৰেমী হ’বলৈ বা দেশদ্ৰোহী হোৱাৰ ভয়ত জাতিটোক বিশ্বাসঘাতকতা কৰিম নে! নে নিজৰ মাটিখিনিও আনৰ হাতত তুলি দিম একমাত্ৰ দেশমাতৃক পুঁজিবলৈকে! এনেধৰণৰ ৰাষ্ট্ৰীয় কাম-কাজৰ ইতি পেলাবলৈ কিবা এটা গতি আমি অনতিবিলম্বে ল’বই লাগিব। আকৌ কৈছোঁ, যিকোনো উপায়েৰে তাক প্ৰতিৰোধ কৰিবলৈ উঠি-পৰি লগাৰ সময় সমাগত। এইযে অমুক দিনলৈ শুনানি বা তমুক দিনলৈ মতামত দিব পাৰিম, তেনেকুৱা চলাহী কথাত বৰ বেছি গুৰুত্ব দি লাভ নাই। সেইবিলাক কিছুমান প্ৰক্ৰিয়াগত নিয়ম। বিধি-বিধান আদিৰ পৰা দায় সাৰিবলৈকেহে এইবোৰ কৰা হয়। কওকচোন, অসমৰ কোনটো প্ৰয়োজনক বা অসমৰ সৰ্বসাধাৰণ জনগণৰ কোনটো মতামতক অতীতৰ বা এতিয়াৰ দিল্লীৱালাসকলে গুৰুত্ব সহকাৰে লৈছে! দিয়ক, নিয়ম-নীতি মানি তাতো দিয়ক মতামত বা অভিযোগ। কিন্তু ৰাজপথত বা পথাৰত এতিয়াৰ পৰাই তীব্ৰ প্ৰতিবাদো আৰম্ভ কৰি দিব লাগিব। দিল্লীৱালাসকলৰ ৰাজসিংহাসনক কঁপাই তুলিব পৰাকৈ পৰিকল্পনা কৰিব লাগিব। হয়, এতিয়াৰ পৰাই। শুভস্য শীঘ্ৰম!
কিন্তু এটা কথা! জানেই, অসমৰ সমস্যা অলেখ। অসমৰ যে অত সমস্যা সেইবোৰৰ প্ৰধান কেৰোণটো ক’ত আছে! দিল্লীত নে অসমত! আচল সমস্যাটো কিন্তু তাতেই লুকাই আছে দেই। আৰু সেয়েহে দেশৰ স্বাধীনোত্তৰ দীৰ্ঘদিনীয়া কালছোৱাত সময়ে সময়ে কোনোৱে কনোৱে হাতে-কামে যুঁজি অহাৰ পিচতো অসমখনক সজাই-পৰাই ল’ব পৰা নাই। হয়, এয়াই নিয়তিৰ পৰিহাস! কি ক’বলৈ লৈছোঁ তাৰ কিবা আঁত উলিয়াব পাৰিছেনে? কৈ আছো।
আচল সমস্যাটো কি জানেনে? দৰাচলতে আমি অসমীয়াবোৰে একো একোটা মস্ত মস্ত সমস্যা। হয়, আমি নিজেই। আমাৰেই একাংশ সুবিধাবাদী আৰু ক্ষমতালোভীয়ে দিল্লীৱালাসকলৰ এৰেহা চেলেকিবলৈ কিছুমান সুযোগৰ অপেক্ষাত ৰৈ থাকে। মাটিয়ে যাওক বা জাতিটোৱে লৰক-ফৰক হওক সেইবোৰ তেওঁলোকৰ বাবে চিন্তনীয় নহয়, নিজৰ নিজৰ উদৰ ভৰ্ত্তি কৰিব পাৰিলেই হ’ল। নামত দেশপ্ৰেমিক, কিন্তু দেশপ্ৰেম মানে কি সেয়াও তেওঁলোকে নাজানে। দেশমাতৃৰ এটা অঙ্গক পঙ্গু কৰিবলৈ অনুমতি দিয়াটো কি মাতৃভক্তিৰ নিদৰ্শন! দেখিবলৈ তেওঁলোক সৰ্বজান্তা, দৰাচলতে কিন্তু একোজন একোজন মস্ত বুৰ্বকহে! নহয় জানো? গতিকে মই ভাবো, আমাৰ ঘৰখনৰ বস্তু-বাহানিখিনিৰহে প্ৰথমতে থান-থিত লগাব লাগিব। দৰাচলতে সেই মানুখিনিহে মূল সুঁতিটোত নাই। অথচ তেওঁলোকক এৰি চলিলেও নহ’ব! তেওঁলোকক লৈহে প্ৰথমতে কিবা এটা কৰা দৰকাৰ। হয়, আমি আগবাঢ়িব লাগিলে তেওঁলোককো আমাৰ লগত ৰাখিব লাগিব। সেয়েহে সৰ্বশক্তিমানক প্ৰাৰ্থনা কৰিছোঁ, সেই লোকসকলক তুৰন্তে সুমতি প্ৰদান কৰক! তেওঁলোকেও কথাবলাক নিজে নিজে বুজিবলৈ চেষ্টা কৰক। ক্ষুদ্ৰ ক্ষুদ্ৰ চিন্তা পৰিহৰি মনবোৰক বহল কৰক, ইতিবাচক কৰক। ফল-ফুলেৰে মনবোৰক জাতিস্কাৰ কৰি তোলক। তেতিয়াহে, হয় তেতিয়াহে অসম হাবি গুছি ফুলবাৰী হ’ব! আৰু ই আমাৰ অসম হৈয়ে থাকিব! নে কি কয়?