• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, June 7, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

অসমৰ সাংস্কৃতিক জগতলৈ শৰণীয়া কছাৰীসকলৰ অৱদান

-সোণবৰ বৰুৱা

by Anjan Sarma
July 5, 2021
in Special Report
Reading Time: 2 mins read
0
অসমৰ সাংস্কৃতিক জগতলৈ শৰণীয়া কছাৰীসকলৰ অৱদান
Share on FacebookShare on TwitterShare on LinkedIn

-সোণবৰ বৰুৱা |

অসমৰ সাংস্কৃতিক জগতলৈ শৰণীয়া কছাৰীসকলৰ সাংস্কৃতিক অৱদানৰ বিষয়ে লিখিবলৈ যোৱাৰ আগতে ‘সংস্কৃতি’ আৰু “শৰণীয়া কছাৰী জনগোষ্ঠী”টোক বিহংগম দৃষ্টিৰে কিছু অৱলোকন কৰাটো যুগুত হ’ব বুলি অনুভৱ কৰিছো।

অসমীয়া ভাষাৰ ‘সংস্কৃতি’ শব্দটোৰ অৰ্থ অতি ব্যাপক। ইয়াক ইংৰাজী ভাষাৰ “Culture” শব্দটোৰ সমাৰ্থক হিচাপে ব্যৱহাৰ কৰা দেখা যায়। অৱশ্যে “Culture” শব্দটোৰ অৰ্থ অসমীয়া ভাষাৰ “কৃষ্টি” শব্দৰ অৰ্থৰ লগতহে বেছি ওচৰ চপা যেন লাগে। কাৰণ ইংৰাজী ভাষাৰ “Culture” শব্দটোৰ মূল (Root) লেটিন ভাষাৰ “Cultura” – ইয়াৰ অৰ্থ কৰ্যণ কৰা। সেয়ে কৰ্ষণৰ লগত কৃষ্টিৰ ওতপ্ৰোত সম্পৰ্ক। মানুহে যুগ যুগ ধৰি কৃষ্টি আচৰণ বা অনুশীলন কৰিলে ই ৰুচিকৰ পৰিসংশোধিত আৰু পৰিমাৰ্জিত ৰূপ পৰিগ্ৰহ কৰি সমাজত স্থায়িত্ব লাভ কৰে। সেয়েহে সংস্কৃতিক কৃষ্টিৰ সংস্কাৰ ৰূপ বুলি ক’ব পাৰি। সংস্কৃতি “Culture” শব্দটোৰ অৰ্থ বিভিন্ন সময়ত বিভিন্ন পণ্ডিতে বিভিন্ন ধৰণে ব্যাখ্যা আগবঢ়াই গৈছে।

এইক্ষেত্ৰত মহা মহা পণ্ডিতৰ বিভিন্ন ব্যাখ্যা অনুধাৱন কৰিলে উপলব্ধি বা ধাৰণা কৰিব পৰা যায় যে মানুহৰ জীৱন-ধাৰণ প্ৰকৃতি বা উপলব্ধিয়েই সংস্কৃতি।

শণ্যা কছাৰী। অসমীয়া সাধু ভাষাত এওঁলোকক ‘শৰণীয়া কছাৰী’ বুলি কোৱা হয়। সেয়ে শৰণ লোৱা ‘কছাৰী’ মানেই ‘শৰণীয়া কছাৰী’ বুলি বেছিভাগ লোকৰে এটা ভ্ৰান্ত ধাৰণা আছে। দৰাচলতে শৰণীয়া কছাৰীসকল অসমৰ এক আদিম জনজাতি-জনগোষ্ঠী। নৃতাত্ত্বিক আৰু ভাষিক সমলৰ আধাৰত এওঁলোকক বৃহত্তৰ মংগোলীয় জনগোষ্ঠীৰ লোক হিচাপে গণ্য কৰা হৈছে। কছাৰী জাতিৰ ইতিহাস, ঐতিহাসিক দৃষ্টিকোণৰপৰা অৱলোকন কৰিলেই শৰণীয়া কছাৰীসকলৰ বিষয়ে জানিব পৰা যায়। বড়ো, কছাৰী, ৰাভা কছাৰী, ডিমাচা কছাৰী, বৰ্মন কছাৰী, সোণোৱালী কছাৰী, ঠেঙাল কছাৰী, হাজং কছাৰী আদিৰ দৰেই শৰণীয়া কছাৰীসকলো বৃহৎ কছাৰী জাতিৰ এটা ঠাল। অসমৰ বাক্সা, ওদালগুৰি, কামৰূপ (গ্ৰাম্য মহানগৰ), নলবাৰী, দৰং, বৰপেটা, বঙাইগাঁও আদি জিলাত সিঁচৰতি হৈ থকা শৰণীয়া কছাৰীসকলৰ জনসংখ্যা প্ৰায় পাঁচ লাখ। অনেক ঐতিহাসিক গ্ৰন্থত শৰণীয়া কছাৰীসকলক কছাৰী জাতিৰ এটা উপজাতি হিচাপে গণ্য কৰা হৈছে। সাধাৰণতে ভবা যায় যে শৰণীয়া কছাৰীসকল বড়ো কছাৰী, ৰাভা কছাৰী, সোণোৱাল কছাৰী, হাজং কছাৰী আদি জনগোষ্ঠীৰপৰা ‘শৰণ’ লৈহে শৰণীয়া কছাৰী হৈছে। এই ধাৰণা শুদ্ধ নহয়। কাৰণ প্ৰাক্-ঐতিহাসিককালৰপৰা নৱ বৈষ্ণৱবাদলৈকে কছাৰী জাতিৰ অনেকে ঐতিহাসিক কাৰণত হিন্দু সংস্কৃতিৰ প্ৰতি আকৃষ্ট হৈ কোনো গুৰুৰ ওচৰত ‘শৰণ’ লৈ ‘শৰণীয়া’ হৈছে। এয়া ঐতিহাসিক সত্য। কছাৰী জাতিৰ বড়ো কছাৰী, ৰাভা কছাৰী, সোণোৱাল কছাৰী, ঠেঙাল কছাৰী, ডিমাচা কছাৰী, বৰ্মন কছাৰী আদি জনগোষ্ঠীৰ অনেক লোকে হিন্দু ধৰ্ম বা হিন্দু-ধৰ্মৰ অভিব্যঞ্জিত ৰূপ বৈষ্ণৱ ধৰ্মত শৰণ লৈছে যদিও তেওঁলোকক শৰণীয়া কছাৰী বুলি কোৱা নহয়। কাৰণ ‘শৰণ লোৱা লোক’ মানেই শৰণীয়া। কিন্তু শৰণীয়া কছাৰীসকল কছাৰী জাতিৰ এটা ফৈদ। এওঁলোকৰ মাজতো শৰণ লোৱা লোক আছে। এওঁলোকৰ পৰম্পৰাগত নিজস্ব সাজপাৰ, আ-অলংকাৰ, নৃত্য-গীত, উৎসৱ-পাৰ্বণ, দেৱ-দেৱী, ঈশ্বৰ-উপাসনা, খাদ্যাভ্যাস, বিবাহ পদ্ধতি, জন্ম-মৃত্যু সম্পৃক্ত ৰীতি-নীতি, লোক-বিশ্বাস, সাংস্কৃতিক পৰম্পৰা আদি সমৃদ্ধ। এওঁলোকে অসমীয়া ভাষা কয়। প্ৰকৃতাৰ্থত এওঁলোকে প্ৰাচীন কামৰূপী ভাষা কয় আৰু কথনশৈলীত জনজাতীয় উচ্চাৰণৰ ছাপ প্ৰকট; সেয়া ধ্বনিগত বা ৰূপগতই হওক, নাইবা শব্দগত বা অৰ্থগত বা বাক্য বিন্নাসেই হওক।

শৰণীয়া কছাৰীসকলে বাঁহক বুঢ়াডাঙৰীয়া বা শিৱজ্ঞান কৰে। বাঁহ-পূজা কৰিলে বুঢ়াডাঙৰীয়া বা শিৱ সন্তুষ্ট হয় বুলি তেওঁলোকৰ বিশ্বাস। শিৱ গোঁসাই সন্তুষ্ট হ’লে শস্য-মৎস্য, ধন-জন বৃদ্ধি হোৱাৰ লগতে, সকলোৰে অপায়-অমংগল দূৰ হয় বুলি তেওঁলোক গভীৰ আন্তৰিকতাৰে বিশ্বাস কৰে।

শৰণীয়া কছাৰীসকলৰ প্ৰতিখন গাঁও বা প্ৰতিটো চুবুৰিত একোটা গোসাঁইঘৰ থাকে। এই গোসাঁইঘৰত একোজনকৈ দেউৰী নিয়োগ কৰা হয়। দেউৰীজন শৰণীয়া কছাৰী সম্প্ৰদায়ৰ হ’ব লাগিব। গাঁওখনৰ প্ৰায়বোৰ সামাজিক, ধৰ্মীয় আদি কাম-কাজ এই গোসাঁইঘৰৰপৰাই পৰিচালনা কৰা হয়। এই গোসাঁইঘৰতে বাঁহ-গোসাঁই বান্ধা বা সজোৱা হয়। ইয়াৰপৰাই বাঁহ-গোসাঁই সৰি ফুৰাবলৈ নিয়া হয় আৰু ইয়াতে বাঁহ-গোসাঁই খহোৱা বা সামৰণি উৎসৱো উদযাপন কৰা হয়।

বাঁহ-গোসাঁই উৎসৱৰ লগতে ব’হাগৰ দোমাহীৰ আনুষংগিক ৰীতি-নীতি, পৰ্বসমূহো শৰণীয়া কছাৰীসকলে নিষ্ঠাৰে পালন কৰি আহিছে।

বুঢ়াডাঙৰীয়া পূজাঃ বুঢ়াডাঙৰীয়া পূজাৰ উদ্দেশ্য জন কল্যাণমুখী। এই পূজা কৰিলে বুঢ়াডাঙৰীয়া বা শিৱই ভকতক জৰা-মৃত্যু ভয়ৰপৰা ৰক্ষা কৰে, সুখে-শান্তিৰে জীৱন নিৰ্বাহ কৰাত অভয় প্ৰদান কৰে বুলি ভকতসকলে বিশ্বাস কৰে। এই পূজাক ‘ভকত সেৱা’ বুলিও কোৱা হয়। এই পূজা ৰাতিহে কৰা হয়। কিন্তু বিশেষ পৰিস্থিতি সাপেক্ষে দিনতো কৰা দেখা যায়। এই পূজাৰ কোনো নিৰ্দিষ্ট দিন, বাৰ, মাহ, তিথি আদি নাই।

বুঢ়াডাঙৰীয়া পূজা ৰাজহুৱা নহয়। পৰিয়ালকেন্দ্ৰিক। গৃহস্থই অইন লোককো পূজালৈ আমন্ত্ৰণ জনাব পাৰে। আমন্ত্ৰিতজনে পূজালৈ আহোতে মদৰ হাড়ি বা চেৰাপৰ বটল লৈ আদি পূজাত নিৱেদন কৰে। যিকোনো গৃহস্থই ভকতক আমন্ত্ৰণ জনাই এই পূজা কৰিব পাৰে। গৃহস্থৰ যিকোনো এটা সুবিধাজনক ঘৰৰ ভিতৰত এই পূজা কৰা হয়। পূজা কৰা ঘৰটোক ‘সচং’ বুলি কোৱা হয়। সাধাৰণতে মহন্ত আৰু ভকতসকলৰ নিজা নিজা ঘৰত ‘সচং’ থাকে।

শৰণীয়া কছাৰী সম্প্ৰদায়ৰ মহন্ত, চতিয়া, ভকত আৰু ভকতনীসকলৰদ্বাৰা এই পূজা সম্পাদনা কৰা হয়। ভকতনী নোহোৱাকৈ অকল মহন্ত, চতিয়া বা ভকতৰদ্বাৰা এই পূজা সম্পাদনা কৰা নহয়। এই পূজা পাঁচটা পৰ্যায়ত অনুষ্ঠিত কৰা হয়।

বুঢ়াডাঙৰীয়া পূজাৰ বীজমন্ত্ৰ, সদাচাৰ আৰু বাক্যসমূহ অতি পুৰাতন আৰু শ্ৰুতিমধুৰ। ইয়াক পাৰমাৰ্থিক গীত হিচাপেও গোৱা শুনা যায়।

বাটৰ পূজা কৰিলে অপায়-অমংগল দূৰ হয় বুলি শৰণীয়া কছাৰীসকলে বিশ্বাস কৰে। সেয়ে তেওঁলোকৰ উপাস্য দেৱ-দেৱী বুঢ়াডাঙৰীয়া, ভগৱতী, কাহুৰী, মীৰু গোসাঁই বা মনসা আৰু জলৰ গোসাঁইক পূজা-অৰ্চনা কৰি মাৰি-মৰকৰপৰা ৰক্ষা পাবলৈ এই পূজা কৰে।

বাটৰ পূজাঃ এই পূজা সাধাৰণতে ব’হাগ মাহত বেছিকৈ কৰা দেখা যায়। এইকেইটা মাহৰ খৰবাৰ অৰ্থাৎ শনি আৰু মঙলবাৰে এই পূজা বেছিকৈ কৰা দেখা যায়। এই পূজা দিনতে সম্পাদন কৰা হয়, ৰাতি কৰা নহয়। অকল মহিলাসকলেহে এই পূজা কৰে। পুৰুষে পূজা সম্পৃক্ত কাম-কাজত সহায় কৰে। অৱশ্যে পূজাৰ শেষত পুৰুষ-মহিলা, ডেকা-বুঢ়া, ল’ৰা-ছোৱালী সকলোৱে পূজাথলীত মাহ-প্ৰসাদ, ভোগ আদি গ্ৰহণ কৰে। গাঁও বা চুবুৰি যিকোনো তিনি আলিৰ সংগমস্থলত অনুষ্ঠিত কৰা এই পূজা পাঁচটা পৰ্যায়ত অনুষ্ঠিত কৰা দেখা যায়।

বাটৰ পূজাৰ নাম আৰু প্ৰাৰ্থনাবোৰ অতি পুৰাতন। এইবোৰ শ্ৰুতিমধুৰ। ইয়াক পাৰমাৰ্থিক গীত হিচাপেও গোৱা শুনা যায়।

চোৰ পূজাঃ ব’হাগ মাহৰ কৃষ্ণপক্ষৰ যিকোনো খৰবাৰ অৰ্থাৎ শনি বা মঙলবাৰৰ গভীৰ নিশা শৰণীয়া কছাৰীসকলে চোৰ পূজা কৰা দেখা যায়। অৱশ্যে মাঘ, ফাগুন আৰু চ’ত মাহতো এই পূজা কৰা হয়। বাটৰ পূজাৰ দৰে এই পূজাও পাঁচটা পৰ্যায়ত অনুষ্ঠিত কৰা দেখা যায়। যেনে— আহান পাতা, ভোগ বৰোৱা, পূজা সম্পাদনা, আহান বিসৰ্জন আৰু ভোগ গ্ৰহণ বা সামৰণি।

এই পূজা অকল বিবাহিত পুৰুষসকলেহে কৰে। মহিলা বা ছলিৰ বাবে এই পূজাত অংশগ্ৰহণ কটকটীয়াভাৱে নিষিদ্ধ। নিশাৰ ভিতৰতে আৰম্ভ কৰি নিশাৰ ভিতৰতে শেষ কৰিবলগীয়া এই পূজাৰ মাহ-প্ৰসাদ-ভোগ আদি পূজাত অংশগ্ৰহণ কৰা লোকৰ বাহিৰে অইনে গ্ৰহণ কৰাটো নাইবা কোনো সামগ্ৰী ঘৰলৈ অনাটো কটকটীয়াভাৱে নিষিদ্ধ।

বাম্বোলপিটা উৎসৱঃ অতীজৰেপৰা শৰণীয়া কছাৰীসকলৰ মাজত বাম্বোলপিটা উৎসৱ নামৰ এক লোক-উৎসৱৰ প্ৰচলন দেখা যায়। এই উৎসৱক ‘হেপৰপিটা উৎসৱ’ নামেৰেও জনা যায়। ভাদ মাহৰ একাদশী তিথিৰপৰা পূৰ্ণিমা তিথিলৈ, ঠাই বিশেষে পূৰ্ণিমা তিথিৰপৰা পাঁচ ৰাতি ধৰি এই উৎসৱ পালন কৰা হয়। বাম্বোলপিটাৰ বাবে শৰণীয়া কছাৰীসকলৰ গাঁও বা চুবুৰিৰ দহ-পোন্ধৰজনীয়া পুৰুষৰ, বিশেষকৈ ডেকাসকলৰ দল একোটাই তেওঁলোকৰ জাতীয় সাজ-পাৰ পিন্ধি প্ৰত্যেকেই একোখন হাতত একোডাল উখনি বা চাৰিহাতমান দীঘৰ বাঁহৰ টোকোন বা আনখন হাতত এহাতমান দীঘল বাঁহৰ টুকুৰা মাৰি একোডাল লৈ, সেই মাৰিডালেৰে উখনি বা টোকোনত আঘাত কৰি অৰ্থাৎ কোবাই কোবাই এক ছন্দময় বোল সঞ্চাৰ কৰি সেই ছন্দময় বোলৰ তালে তালে গীত গাই গাই বৃত্তাকাৰে ঘূৰি ঘূৰি নৃত্য পৰিৱেশন কৰে। দলবিলাকে চকা-ডুবাৰপৰা দোভাগ ৰাতিলৈকে নিজৰ নিজৰ গাঁওবিলাকৰ উপৰি ওচৰৰ গাঁওবিলাকৰ গিৰিহঁতৰ ঘৰলৈ গৈ চোতালত বাম্বোলপিটা নৃত্য-গীত পৰিৱেশন কৰে। তেওঁলোকে কেইটামান গীত গাই নৃত্য পৰিৱেশন কৰি অনুষ্ঠান সামৰে। তেতিয়া গৃহস্থই নিজৰ সামৰ্থ্য অনু়যায়ী চাউল, টকা-পইচা আদিৰে দলবিলাকক সন্মান জনায় আৰু দলবিলাকে গৃহস্থক আশীৰ্বাদ দিয়ে। এইদৰে ঘৰে ঘৰে বাম্বোলপিটি দলবোৰে যি টকা-পইচা, চাউল আদি পায়, সেইবোৰেৰে তেওঁলোকে লগ-ভাত খাই ৰং-ধেমালি কৰে।

মহৌখেদা উৎসৱঃ অতি পুৰণি কালৰেপৰা শৰণীয়া কছাৰীসকলৰ মাজত মহৌখেদা উৎসৱ প্ৰচলিত। এই উৎসৱ বাম্বোলপিটা উৎসৱৰ লেখীয়া এক লোক উৎসৱ। আঘোণ মাহৰ একাদশী তিথিৰপৰা পাঁচ নিশা ধৰি এই উৎসৱ পালন কৰা হয়। বাম্বোলপিটাৰ দৰে মহৌখেদাতো কোনো গাঁও বা চুবুৰিৰ আঠ- দহজনীয়া পুৰুষৰ দল, বিশেষকৈ ডেকাসকলৰ দল একোটাই জাতীয় সাজ-পোছাকত হাতত একোডাল চাৰিহাতমান দীঘল টাকোন লৈ সন্ধিয়াৰপৰা দোভাগ ৰাতিলৈ ঘৰে ঘৰে গৈ গৃহস্থৰ চোতালত বৃত্তাকাৰে নাচি নাচি, গীত গাই মহৌখেদে। বাম্বোলপিটাত দলবোৰে টোকান, ওকনি আৰু মাৰি লয়। কিন্তু মহৌখেদাত মাৰি নলয়। অকল টোকোনহে লয়। টোকোনডালেৰে মাটিত ধুমুচ মাৰি থাকে। বাকীবোৰে সেইডাল কোবাই কোবাই ছন্দময় বোল তোলে। কেতিয়াবা আকৌ সকলোৱে অকল ধুমুচ মাৰি মাৰি গীত গায়। প্ৰত্যেকটো দলৰে কোনো এজনক কল-চোঁচনি পিন্ধাই ‘ভালুক’ সজায়। তেওঁ গীতৰ সুৰে সুৰে, ধুমুচৰ ছন্দে ছন্দে নাচ নাচি পৰিৱেশ বেছ মনোগ্ৰাহী কৰি তোলে। নৃত্য-গীত শেষ হোৱাৰ পাছত গৃহস্থই দলটোক চাউল, টকা-পইচা দিয়ে আৰু দলটোৱে গৃহস্থক আশীৰ্বাদ দিয়ে। দলটোৰ সংগৃহীত ধনেৰে সকলোৱে লগ ভাত খায়।

বাম্বোলপিটা গীতৰ দৰে মহৌখেদা গীতবোৰো এক অমূল্য সম্পদ।

কাতিগাছাঃ শৰণীয়া কছাৰীসকলে কাতি বিহুক কাতিগাছা বোলে। ‘কাতি’ মানে কাতিমাহ আৰু ‘গাছা’ মানে গছা অৰ্থাৎ শলা-বন্তি জ্বলোৱা এক প্ৰকাৰ যতন বা আহিলা। কাতিগাছাৰ দিনা সন্ধিয়াৰ আগে আগে শৰণীয়া কছাৰী খেতিয়কসকলে নিজৰ নিজৰ ধাননি পথাৰলৈ যায়। কাতিগাছা জ্বলোৱাজনে সেইজিনা লঘোন খাটিব লাগে। কাতিগাছা জ্বলোৱাৰ পাছতহে তেওঁ গুৰু আহাৰ গ্ৰহণ কৰিব পাৰে। কাতিগাছাত শৰণীয়া কছাৰীসকলে মাটিৰ চাকি ব্যৱহাৰ নকৰে। তাৰ পৰিৱৰ্তে ঔ-টেঙাৰ খোল নাইবা কলৰ দোনাৰে সজা চাকিহে ব্যৱহাৰ কৰে। তদুপৰি কাতিগাছা নোযোৱালৈকে শৰণীয়া কছাৰীসকলে ঔ-টেঙা নাখায়। খালে শস্যৰ অপকাৰ হোৱাৰ লগতে খাওঁতাজনক ‘কাকৰা বাঘ’ নামৰ এক অপদেৱতাই ধৰে বুলি তেওঁলোকে বিশ্বাস কৰে।

কাতিমাহৰ নামঃ শৰণীয়া কছাৰীসকলৰ গাঁও বা চুবুৰিৰ নিজা নিজা গোসাঁইঘৰত ‘কাতিমাহৰ নাম’ ধৰে। এই নামত পুৰুষ বা মহিলাদলৰ নাগাৰা নাম প্ৰদৰ্শন কৰাটো এক বৈশিষ্ট্য। সাধাৰণতে ওৰেটো নিশা নাম প্ৰদৰ্শন কৰিব পৰাকৈ দুটা দল আমন্ত্ৰণ জনোৱা হয়। দল দুটাই ইটোৰ পাছত সিটোকৈ নাম প্ৰদৰ্শন কৰে। পুৱতি নিশা নাম শেষ হোৱাৰ পাছত সকলোৱে গাজি-লাৰু আদি প্ৰসাদ গ্ৰহণ কৰি সামৰণি কৰে।

মাছমৰীয়া নৃত্যঃ আমতিৰ চুৱা নোযোৱালৈকে মাছৰ পোনা ডাঙৰ নহয়। সেয়েহে আমতিৰ চুৱা যোৱাৰ পাছতহে শৰণীয়া কছাৰীসকলে জাকপাতি মাছ ধৰে। জাকপাতি সমূহীয়াভাৱে মাছ মাৰিবলৈ যাওঁতে আৰু মাছ মাৰোতে যি উলাহ-মালহ, উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয় আৰু সেই উৎসৱমুখৰ পৰিৱেশত স্বতঃস্ফূৰ্তভাৱে যি নাচ-গানৰ সৃষ্টি হয় তাৰ আধাৰত যি নৃত্য-গীত পৰিৱেশ্য কলা হিচাপে প্ৰদৰ্শন কৰা হয়, তাকে মাছমৰীয়া নৃত্য বুলি কোৱা হয়। মাছমৰীয়া নৃত্য তিনিপ্ৰকাৰত ভাগ কৰিব পাৰি। যেনে— (ক) জাকৈ নৃত্য (খ) পল নৃত্য আৰু (গ) জাকৈ-পল নৃত্য।

চিকাৰ নৃত্যঃ অইন জনগোষ্ঠীৰ দৰে শৰণীয়া কছাৰীসকলেও এসময়ত চিকাৰ কৰিছিল। চিকাৰ মানেই অৰণ্য চিকাৰ মানেই জীৱ-জন্তু। চিকাৰ কৰিবলৈ যাওঁতে বাঘ, ভালুক আদি বন্য হিংস্ৰ জন্তুৰপৰা ৰক্ষা পাবলৈ তেওঁলোকৰ ইষ্ট দেৱতাক স্মৰণ কৰি পূজা-পাতল, তন্ত্ৰ–মন্ত্ৰ আদিৰ ব্যৱহাৰ অপৰিহাৰ্য বুলি শৰণীয়া কছাৰীসকলে বিশ্বাস কৰিছিল। সেয়ে জাল, জৰি, ঢাল, বল্লম আদি লৈ পূজা-পাতল কৰি চিকাৰ কৰিবলৈ যাওঁতে, চিকাৰত ভয়-শংকাৰ মাজতো যি শংকাবিহীন অংগ সঞ্চালন কিম্বা চিকাৰ পৰিলে যি বিজয় উল্লাহ হৈছিল সেইবোৰৰ আধাৰত পৰিৱেশ্য কলা হিচাপে যি নৃত্য-গীত পৰিৱেশন কৰা হয় তাকে চিকাৰ নৃত্য বোলে।

চিকাৰ নৃত্যৰ তিনিটা পৰ্যায় লক্ষ্য কৰা যায়। যেনে—

(১) আৰম্ভণি পৰ্ব  (২) চিকাৰ পৰ্ব, (৩) সামৰণি পৰ্ব।

গোঁসানী নৃত্যঃ মাৰৈ, মজু আদি গোঁসানীক সন্তুষ্ট কৰি আশিস ল’বলৈ শৰণীয়া কছাৰীসকলে গোঁসানী পূজা কৰে। সাধাৰণতে আঘোণ মাহৰ ন তাৰিখৰ দিনা শৰণীয়া কছাৰীসকলে নৱান খায়। সেইদিনা সকলোৱে গোসাঁনী পূজা কৰে যদিও বছৰৰ যিকোনো দিনতো এই পূজা কৰা দেখা যায়। এই পূজা উপলক্ষে গোসাঁনী নৃত্য পৰিৱেশন কৰা হয়। এই নৃত্যত অকল মহিলাসকলেহে অংশ গ্ৰহণ কৰে। তদুপৰি এই নৃত্যত কোনো ধৰণৰ গীত পৰিৱেশন কৰা নহয়। অকল বাদ্যহে সংগত কৰা দেখা যায়। এই নৃত্যত শৰণীয়া কছাৰীৰ জাতীয় সাজপাৰৰ পৰিৱৰ্তে ৰঙা ৰঙৰ বস্ত্ৰ পৰিধান কৰা দেখা যায়।

গোছালোৱা নৃত্যঃ আহু আৰু শালি—এই দুয়োকালীন ধানৰ খেতিতে গোছালোৱা প্ৰথা শৰণীয়া কছাৰীসকলৰ মাজত প্ৰচলিত। মঙল বা শনিবাৰে আহুৰ আৰু ৰবি বা বৃহস্পতিবাৰে শালিধানৰ গোছা লোৱা হয়।

গোছা ল’বলৈ যাওঁতে আৰু গোছা লৈ উভতি আহোতে ৰোৱণীসকলৰ মাজত স্বতঃস্ফূৰ্তভাৱে যি উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়, সেই পৰিৱেশত সৃষ্টি হোৱা নৃত্য-গীতকে পৰিৱেশ্য কলা হিচাপে গোছালোৱা নৃত্য বুলি কোৱা হয়। এই নৃত্যত অকল মহিলাইহে অংশগ্ৰহণ কৰে। পুৰুষে বাদ্য সংগত কৰে।

ঢুলীয়াঃ যুগ বিৱৰ্তনৰ ফলত শৰণীয়া কছাৰীসকলৰ মাজত ঢুলীয়া কৃষ্টি লোপ পাই আহিলেও এসময়ত তেওঁলোকৰ মাজত বহুল পৰিসৰত বৰঢুলীয়া, ঢেঁপা ঢুলীয়া, চুঙা-ঢুলীয়া আদি ঢুলীয়াদলৰ ঢোলবাদন, নাচ-গান অভিনয় আদিৰ প্ৰচলন আছিল। তেওঁলোকে বিয়া-সবাহ, উৎসৱ-পাৰ্বণ আদিত তেওঁলোকৰ ঢুলীয়া কৃষ্টি প্ৰদৰ্শন কৰিছিল।

ওজাপালিঃ সম্প্ৰতি বিলুপ্তপ্ৰায় যেন লাগিলেও শৰণীয়া কছাৰীসকলৰ মাজত ‘সুকন্নানী’ আৰু ‘ব্যাস’ দুয়োবিধ ওজাপালিৰেই সীমিত পৰিসৰৰ মাজত প্ৰচলন দেখা যায়। ওজাপালিৰ দলবিলাকে বিয়া-সবাহ, উৎসৱ-পাৰ্বণ আদিত অভিনয়সুলভ গীত-নাচেৰে দৰ্শকক আমোদৰ খোৰাক যোগায়। শৰণীয়া কছাৰীসকলৰ অধুনা মৃতপ্ৰায় এই লোককৃষ্টি পুনৰ সজীৱকৰণৰ বাবে কৃষ্টিপ্ৰাণ সদাশয় ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰা হ’ল।

বিয়া, বিয়ানাম, ওঝা আৰু ওঝানীৰ দলঃ শৰণীয়া কছাৰীসকল পিতৃতান্ত্ৰিক। তেওঁলোকে পিতৃৰ গোত্ৰ আৰু উপাধি গ্ৰহণ কৰে। অবিবাহিত ছোৱালীয়ে বিয়া নোহোৱালৈকে পিতৃ-গোত্ৰ আৰু উপাধি গ্ৰহণ কৰে। কিন্তু বিয়াৰ পাছত তেওঁলোকে নিজ নিজ স্বামীৰ গোত্ৰ আৰু উপাধি গ্ৰহণ কৰে। শৰণীয়া কছাৰীসকলৰ মাজত ঘৰজীয়া বিয়া, গন্ধৰ্ব বিয়া, গা-যাচা বিয়া, ঢকাৰাখা বিয়া আদি বিয়াৰ প্ৰচলন থাকিলেও তেওঁলোকৰ মাজত ‘বৰবিয়া বা সামাজিক বিয়া’হে বহুল আৰু জনপ্ৰিয়ভাৱে প্ৰচলন দেখা যায়। শৰণীয়া কছাৰীসকলৰ ছোৱালী প্ৰথম ঋতুমতী হ’লে নাৰীকেন্দ্ৰিক এক বিশেষ ধৰণৰ বিয়া অনুষ্ঠিত কৰা দেখা যায়। ইয়াকে ধুৱানি বিয়া বোলে।

শৰণীয়া কছাৰীসকলে ব্যৱহাৰ কৰা কিছুমান বাদ্যঃ ভাৰতীয় নাট্যশাস্ত্ৰত বাদ্যসমূহক চাৰিটা প্ৰধান ভাগত ভাগ কৰা হৈছে। যেনে— অৱনদ্ধ বাদ্য, ঘন বাদ্য, তত বাদ্য আৰু সুষিৰ বাদ্য। এই বাদ্যসমূহক আধাৰ হিচাপে শৰণীয়া কছাৰীসকলে ব্যৱহাৰ কৰা কিছুমান বাদ্যৰ নাম—

(১) অৱনদ্ধ বাদ্যঃ জয়ঢোল, ঢেপাঢোল, চুঙাঢোল, বিহুঢোল, নাগাৰা, দবা, দগৰ, ডম্বৰু আদি।

(২) তত বাদ্যঃ দোতোৰা, চেৰেণ্ডা, গগনা আদি।

(৩) ঘন বাদ্যঃ খুটিতাল, পাতিতাল, ৰামতাল, ভোৰতাল, কেৰেটবাৰী, থৰকা, বৰকাঁহ, ঘণ্টা, ঘাণ্টি আদি।

(৪) সুষিৰ বাদ্যঃ বাঁহী, সুতলী, কালিয়া, শংখ, শিঙা আদি। (খিলঞ্জীয়াৰ সৌজন্যত)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: শৰণীয়া কছাৰী
Anjan Sarma

Anjan Sarma

Related Posts

নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…
Health

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

by Sanghamitra Kashyap
June 6, 2026
0

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা সংঘমিত্ৰা কাশ্যপ আমাৰ সমাজখন বিজ্ঞান প্ৰযুক্তি আৰু স্বাস্থ্য সম্বন্ধীয় বহু ক্ষেত্ৰত আজি আগবাঢ়ি গৈছে।...

Read moreDetails
backview of sad child waiting on a glass window

শিশু সকলৰ মানসিক অৱস্থাৰ খবৰ ৰাখিছোনে? 

June 4, 2026
Legal profession takes a heavier toll on Female Advocates

Legal profession takes a heavier toll on Female Advocates

May 31, 2026
পাৰ্কিনছন ৰোগ

পাৰ্কিনছন ৰোগ

May 31, 2026
Indigenous people and their web of apathies

Indigenous people and their web of apathies

May 28, 2026
Making Mindfulness a Part of the Contemporary Age

Making Mindfulness a Part of the Contemporary Age

May 24, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
বজালী আৰু বজেইলা ৰাজনৈতিক ফুটবল নহয়!

Building a Climate-Resilient Future: World Environment Day 2026 and the Rise of a Green Campus Revolution

June 6, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

June 6, 2026
The Hidden Climate Cost of Food: Why One Health Matters for India’s Future

The Hidden Climate Cost of Food: Why One Health Matters for India’s Future

June 5, 2026
Conditioned, Chilled, but Contaminated : The Hidden Crisis in Urban Climate Adaptation

Conditioned, Chilled, but Contaminated : The Hidden Crisis in Urban Climate Adaptation

June 5, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    33992 shares
    Share 13596 Tweet 8498
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    15167 shares
    Share 6067 Tweet 3792
  • বিশ্ব পৰিৱেশ দিৱস ২০২৬: এক সংকটজনক সন্ধিক্ষণত পূৰ্ব হিমালয়

    644 shares
    Share 258 Tweet 161
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    532 shares
    Share 213 Tweet 133
  • NEHU Shillong Hosts Historic Global Plant Humanities Summit as Scholars from Across the World Reimagine Humanity’s Bond with Nature

    290 shares
    Share 116 Tweet 73
  • পৰিৱেশ সুৰক্ষা আৰু আমাৰ দায়িত্ব 

    3508 shares
    Share 1403 Tweet 877
  • মাধৱদেৱৰ সাহিত্যকৃতি

    694 shares
    Share 278 Tweet 174
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    1012 shares
    Share 405 Tweet 253
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3801 shares
    Share 1520 Tweet 950
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6594 shares
    Share 2638 Tweet 1649
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d