অসম আন্দোলনৰ অপৰাজেয় বীৰ যোদ্ধা শ্বহীদ মধু বৈশ্য
যুগান্ত বায়ন
[অসম আন্দোলনৰ অপৰাজেয় বীৰ যোদ্ধা শ্বহীদ মধু বৈশ্য লৈ একাজলি শ্ৰদ্ধাঞ্জলি* (৩০ অক্টোবৰত ৪৩ সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষ্যে]
সমগ্ৰ বিশ্বক কপাই তোলা ঐতিহাসিক অসম আন্দোলনৰ অগ্নিগৰ্ভা সময়ছোৱাত ১৯৮০ চনত হাউলী অঞ্চলৰ খিলঞ্জীয়া লোকসকলৰ কাৰণে অতি ভয়াৱহ আৰু দুখজনক বৰ্ষ হিচাপে আমাৰ জাতীয় জীৱনত চিহ্নিত হৈ ৰ’ব ।
সেইটো বৰ্ষৰ ১৯ মে’ত আন্দোলনটোক দুৰ্বল কৰাৰ লক্ষ্যৰে সেই সময়ৰ শাসক পক্ষৰ প্ৰত্যেক্ষ পৃষ্ঠপোষকতাত জন্ম লাভ কৰা তথাকথিত সংখ্যালঘু ছাত্র সংগঠন এটাৰ প্ৰৰোচনাত বৃহত্তৰ হাউলী অঞ্চলৰ কেইবাঠাইতো সন্দেহযুক্ত নাগৰিকে চলোৱা বৰ্বৰ আক্ৰমণত কেবাগৰাকী আন্দোলনকাৰী গুৰুতৰ ভাৱে আহত হ’ব লগা হৈছিল ।
হাউলী হাইস্কুলৰ সন্মুখত হোৱা এক আক্ৰমণত কমল দাস (ৰাজু ) , প্ৰাণকৃষ্ণ দাসকে ধৰি কেবাগৰকীও ছাত্র নেতাৰ কথমপি প্ৰাণ ৰক্ষা পৰিছিল ।
প্ৰকৃতাৰ্থত ১৯৭৯ চনৰ শেষ ভাগৰ এটা দিনত উত্তৰ অসমৰ লখিমপুৰ জিলাৰ পৰা প্ৰায় শতাধিক লোকে আহি হাউলী চহৰত অৱস্থান কৰা সময়ত সৃষ্টি হোৱা পৰিৱেশৰ গইনা লৈ হাউলীত এক উত্তেজনা পূর্ণ পৰিস্থিতিৰ সৃষ্টি হৈছিল ।
সেই সময়ৰ হাউলী আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃবৃন্দই সেই লোকসকলক সন্দেহযুক্ত নাগৰিক হিচাপে সন্দেহ কৰি হাউলী আৰক্ষী চকীত গতাই দিছিল।
পৰৱৰ্তী সময়ত উক্ত ঘটনাৰ আলম লৈ তথাকথিত সংখ্যালঘু সংগঠনৰ জন্ম হৈছিল । সেই সংগঠনৰ সহায়তেই আন্দোলনৰ আৰম্ভণীতে দলাগাওঁ আৰু মৈৰামাৰা গাওঁত আক্ৰমণ কৰিবলৈ এচাম লোকে প্রচেষ্টা চলাইছিল । অৱশ্যে হাউলীৰ সচেতন খিলাঞ্জীয়া লোকৰ তৎপৰতাত এই আক্রমণ প্রতিহত কৰা হৈছিল । এই ঘটনাৰ পিছৰ পৰাই সমগ্ৰ হাউলী অঞ্চল ৰাইজ এটা উত্তেজনাপূর্ণ পৰিস্থিতিৰ মাজত দিন কটাবলগীয়া হৈছিল ।
এইবোৰ ঘটনাৰ পিছতেই ১৯৮০ চনৰ ১৯ মে’ৰ পৰা প্ৰায় দুমাহ ধৰি সমগ্ৰ হাউলী অঞ্চল সান্ধ্য আইনৰ কবলত থাকিব লগা হৈছিল । সেই সময়ছোৱাত হাউলীৰ অৰ্থনৈতিক অৱস্থা একেবাৰে স্তব্ধ হৈ পৰিছিল।
ব্যৱসায়-বাণিজ্য, কৃষিকৰ্ম আদি একেবাৰে স্তব্ধ হৈ পৰাত থলুৱা লোকসকলক গভীৰ সংকটৰ সন্মুখীন হৈছিল। আছু আৰু গণ-সংগ্ৰাম পৰিষদৰ কাৰ্য্যালয় হিচাপে ব্যৱহাৰ কৰা চণ্ডী বৰুৱা স্মৃতি ভৱন নিৰাপত্তা বাহিনীয়ে অধিগ্ৰহণ কৰি সমগ্ৰ ভৱনটোৰ ব্যাপক ক্ষতি সাধন কৰি ইতিহাস সমৃদ্ধ ৰাজহুৱা সম্পদ ধ্বংস কৰিছিল ।
ইয়াৰ পিছৰ পৰাই ১৯৮০ বৰ্ষটো হাউলীৰ কাৰণে এক দুখজনক বৰ্ষ হিচাপে পৰিগণিত হৈছিল । আন্দোলন বিৰোধী শক্তিটোৱে বিভিন্ন কূট কৌশল অৱলম্বন কৰি হাউলী সাতাম পুৰুষীয়া ঐক্য সংহতি বিনষ্ট কৰিছিল ।
খিলঞ্জীয়া থলুৱা লোকসকলক নিৰাপত্তাহীনতাৰ পৰিৱেশলৈ লৈ যোৱাৰ শক্তিটোক বিভিন্ন ধৰণে বৰ্তমান পৰিস্থিতিত তথাকথিত ৰাষ্ট্ৰীয়তাবাদৰ নামত একত্ৰিত হোৱা একাংশ লোকে আৰ্থিক আৰু কায়িকভাৱে সহায়-সহযোগ আগবঢ়াইছিল।
সেই শক্তিটোৰ প্ৰৰোচনা আৰু ষড়যন্ত্ৰৰ চূড়ান্ত পৰ্য্যায় অতিক্ৰম কৰিছিল ১৯৮০ চনৰ ৩০ অক্টোবৰত। সেইদিনা এটা সম্প্ৰদায়ৰ উপাসনা থলীত আন্দোলনকাৰীসকলে আক্ৰমণ কৰা বুলি ভুৱা প্ৰচাৰ চলাই সমগ্ৰ হাউলী চৰহৰ হিংসাত্মক কাৰ্য্য সংঘটিত কৰিছিল।
এই ঘটনাৰ প্ৰতিক্ৰিয়া হিচাপে সম্পূর্ণ পৰিকল্পিতভাৱে এচাম সন্দেহযুক্ত নাগৰিকে দিনৰ ১ মান বজাত ঐতিহাসিক কালজাৰ সত্ৰ আক্ৰমণ কৰিবলৈ অগ্ৰসৰ হৈছিল ।
সম্পূর্ণ নিৰস্ত্ৰ অৱস্থাত থকা কালজাৰ সত্ৰৰ সংখ্যালঘু থলুৱা লোকসকল আতংকিত হৈ পৰিছিল ৷ হেজাৰ হেজাৰ সন্দেহযুক্ত নাগৰিকে নানা ধৰণৰ অস্ত্ৰ সস্ত্ৰ হাতত হৈ কালজাৰ অভিমুখে আগবাঢ়ি আহিছিল । কালজাৰৰ ডেকা শক্তিক একত্ৰিত কৰি মধু বৈশ্যই আক্ৰমণ কাৰীসকলক প্রতিহত কৰিবলৈ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে সম্পূৰ্ণ নিৰস্ৰভাৱে আগবাঢ়ি গৈ আক্ৰমণকাৰীসকলক পিছুৱাই নিবলৈ সক্ষম হৈছিল ।
কিন্তু উন্মাদ আক্রমণকাৰীৰ চক্ৰবেহুত সোমাই পৰি বল্লম , যাঠিৰ তীব্র আঘাতত মধুবৈশ্যই জীৱন হেৰুৱাব লগা হৈছিল । সেই সময়ত তেওঁক সংগ দিয়া বিপিন বৈশ্য আৰু ৰবেন বৈশ্যকে ধৰি কেইবাগৰাকীও যুৱক আহত হ’ব লগা হৈছিল । মূহূৰ্ততে থলুৱা লোকসকল নিজৰ মাটিতেই আলহী হ’ব লগা হৈছিল ।
উক্ত ঘটনাৰ পাৰ্শ্বক্ৰিয়া হিচাপে হাউলী চহৰত কেইবাটাও বিক্ষিপ্ত ঘটনা সংঘটিত হৈছিল । আন্দোলন বিৰোধী শক্তি আৰু আন্দোলনকাৰী প্ৰত্যক্ষ সংঘাটত গোটেই হাউলী চহৰ জৰ্জৰিত হৈ পৰিছিল । যেতিয়া মধুবৈশ্য ক্ষত – বিক্ষত মৃতদেহ হাউলী চাৰিআলিলৈ লৈ অনা হৈছিল তেতিয়া হাউলীত সৃষ্টি হোৱা শোকাকুল পৰিবেশৰ স্মৃতি মনত পৰিলে আজিও দেহ – মন উত্তেজিত হৈ পৰে ।
থলুৱা লোকৰ সংখ্যাতকৈ কেইবাগুণে বেছি বিৰোধী শক্তিৰ আক্রমণক শক্তিশালী ডেকা শক্তিটোৱে সৱল ৰূপত প্রতিহত কৰি হাউলী থলুৱা লোক সকলক ৰক্ষা কৰিবলৈ চলোৱা কাৰ্য্যব্যৱস্থা অসম আন্দোলনৰ ইতিহাসত আজিও সজীৱ হৈ আছে ।
শ্বহীদ মধুবৈশ্যই দেখুওৱা অসীম শক্তি আৰু আদৰ্শক অনুসৰণ কৰি আন্দোলনৰ পৰৱৰ্তী পৰ্য্যায়বোৰ ৰূপায়ন কৰাৰ বাবে আন্দোলনকাৰী সকল অধিক দৃঢ় হৈ পৰিছিল ।
শ্বহীদ মধু বৈশ্যৰ অকৃত্ৰিম জাতি আৰু দেশ প্রেমক সম্বল হিচাপে লৈ নতুন প্ৰজন্মই জাতিটোক আগুৱাই নিয়াৰ বাবে শ্বহীদ গৰাকী ৪৩ সংখ্যক মৃত্যু বাৰ্ষিকীত পণ লোৱাৰ উপযুক্ত সময় । শ্বহীদ মধুবৈশ্যৰ মৃত্যু তিথিৰ এই ক্ষণত তেওঁলৈ জনালোঁ সশ্রদ্ধ প্ৰণিপাত ।
30-10-2023
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)