• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, July 9, 2025
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Uncategorized

‘অসম কাঞ্চনজংঘা অভিযান’ৰ এটা বছৰ

by Editor
May 25, 2024
in Uncategorized
Reading Time: 5 mins read
0
‘অসম কাঞ্চনজংঘা অভিযান’ৰ এটা বছৰ
Share on FacebookShare on TwitterShare on LinkedIn

২৫ মে’ – অসম কাঞ্চনজংঘা অভিযানৰ এটা বছৰ

ৰুবী বৰা

Ruby Bora
ৰুবী বৰা

মই কাঞ্চনজংঘা

তুষাৰ শুভ্ৰশিৰ

RelatedPosts

Kakali Das’s Symphony of Thoughts Untold Symphony of Thoughts Untold

Kakali Das’s Symphony of Thoughts Untold Symphony of Thoughts Untold

September 25, 2024
COP28: A Crucial Confrontation on Climate, Petrostates, Fossil Fuels, and the Human Future

COP28’s Transformative Journey Towards Climate Resilience

March 11, 2024
ভাৰত ৰত্ন চি ভি ৰমণ: ভাৰতৰ বৈজ্ঞানিক উত্তৰাধিকাৰ প্ৰতিষ্ঠা!

ভাৰত ৰত্ন চি ভি ৰমণ: ভাৰতৰ বৈজ্ঞানিক উত্তৰাধিকাৰ প্ৰতিষ্ঠা!

February 28, 2024

ময়ে অভ্ৰভেদী বীৰ

মোৰ জটা ঝৰি ঝৰি

 নিজৰি নিজৰি বয়

নিগৰি নিগৰি

অবিৰল কল কল……

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ এই কবিতাৰ মাজেৰে অসমৰ মানুহৰ বুকুৰ আপোন হৈ পৰা, ভাৰত নেপালৰ সীমান্তত তুষাৰ শুভ্ৰশিৰেৰে অভ্ৰভেদী বীৰৰ দৰে মূৰ দাঙি থিয় দি থকা, পৃথিৱীৰ তৃতীয় সৰ্বোচ্চ শৃংগ কাঞ্চনজংঘাৰ সৌন্দৰ্য্যৰ তুলনা নাই।

২৫ মে’ - অসম কাঞ্চনজংঘা অভিযানৰ এটা বছৰ
মাউন্ট কাঞ্চনজংঘা

সাগৰপৃষ্ঠৰ পৰা ৮৫৮৬ মিটাৰ উচ্চতাত মূৰ দাঙি থিয় দি থকা মাউন্ট কাঞ্চনজংঘা  হৈছে পাঁচটাকৈ শৃংগৰ সমষ্টি  যাৰ বাবে ইয়াক তিব্বেতিয়ান সকলে স্থানীয় ভাষাত ’পঞ্চসম্পদৰ ভাণ্ডাৰ’ বুলি বিশ্বাস কৰি আহিছে। প্ৰবাদ অনুসৰি সেই পাঁচবিধ সম্পদ হ’ল সোন,ৰূপ, ৰত্ন, শস্য আৰু ধৰ্মগ্ৰন্থ।

তিব্বেতিয়ান সকলৰ সেই বিশ্বাসৰ আঁত ধৰিয়েই কাঞ্চনজংঘা অভিযানত সফল হোৱা কোনো পৰ্বতাৰোহিয়েই শৃংগটোৰ একেবাৰে শীৰ্ষ অংশত আজিলৈকে ভৰি দিয়া নাই, সেয়া হ’ল স্থানীয় লোকৰ বিশ্বাসৰ  প্ৰতি জনোৱা ভক্তি তথা সন্মান।

 আকৰ্ষণীয় ভগৌলিক গঠনৰ লগতে পৰ্বতাৰোহন ক্ষেত্ৰখনত থকা প্ৰত্যাহ্বানভৰা কঠিনতাৰ দিশৰ পৰা এই শৃংগটিৰ এক সুকীয়া পৰিচয় আছে। একেবাৰে তলকিব নোৱাৰা ঘনে ঘনে সলনি হোৱা জলবায়ু, পথৰ দুৰ্গমতাকে ধৰি বিভিন্ন কাৰণত এই শৃংগটোক মৃত্যুমুখি শৃংগ হিচাপে আভিহিত কৰা হৈছে।

সমীক্ষা অনুসৰি এতিয়ালৈকে পৃথিৱীৰ সৰ্বচ্চ শৃংগ এভাৰেষ্টলৈ মুঠ ১১,৯৯৬ গৰাকী অভিযাত্ৰী সফল হোৱাৰ পৰিৱৰ্তে কাঞ্চনজংঘালৈ ২০১৮ চনলৈকে মুঠ ৩১২ গৰাকী অভিযাত্ৰীহে সফল হৈছে।

১৯০৫ চনৰ পৰা এই মৃত্যুমুখী শিখৰৰ বুকুলৈ সময়ে সময়ে বিবিন্ন দেশৰ পৰ্বতাৰোহীসকলে অভিযান চলাই আহিছিল যদিও বিভিন্ন কাৰণত সফল হ’ব পৰা নাছিল। ১৯৫৫ চনৰ ২৫ মে’ত প্ৰথম বাৰলৈ কাঞ্চজংঘাৰ বুকুত বিজয়ৰ ধ্বজা উৰুৱাইছিল এটা বৃটিছ অভিযানৰ সদস্য জ ব্ৰাউন আৰু জৰ্জ বেণ্ডে।

আৰু ইয়াৰ ঠিক ৬৮ বছৰ পিছত একে দিনতে অসমৰ পৰা অয়োজিত ’অসম কাঞ্চনজংঘা অভিযান-২০২৩’ সফল কৰি অসম পৰ্বতাৰোহন সন্থাই অসমীয়াৰ স্বাভিমান গামোচা উৰুৱাবলৈ সক্ষম হ’ল ।

 ২০১৫ চনৰ ২৫ এপ্ৰিল তাৰিখে দিনৰ ১১ঃ২৬ বজাত অনুভূত এটা ভূমিকম্পই নেপালখন তচনচ কৰি পেলাইছিল আৰু সমান্তৰালকে অসমৰ পৰ্বতাৰোহন সন্থাৰ পৰা আয়োজিত অসমৰ প্ৰথমটো একক এভাৰেষ্ট  অভিযানৰ ১১ জনকৈ সদস্যই সেই পৰিস্থিতিৰ পৰা নিজক বচাই আধাতে অভিযান সামৰি ঘৰমুৱা হৈছিল।

২৫ মে’ - অসম কাঞ্চনজংঘা অভিযানৰ এটা বছৰ

২৫ মে’ - অসম কাঞ্চনজংঘা অভিযানৰ এটা বছৰ

  এই বৃহৎ সফলতাৰ পিছত পুনৰবাৰ অসম পৰ্বতাৰোহন সন্থাৰ যো জা চলিল পৃথিৱীৰ তৃতীয় সৰ্বোচ্চ শৃংগ কাঞ্চনজংঘাৰ বুকুলৈ। এই অভিযানৰ বাবে নিৰ্বাচিত সদস্য সকল আছিল দলপতি মানস বৰুৱা, চিকিৎসক-ডা’ জগদীশ বসুমতাৰী, উপেন চক্ৰৱৰ্তী, কৌশিক দাস,ভাস্কৰ বৰুৱা, শেখৰ বৰদলৈ আৰু  জয়ন্ত নাথ।

kanchenjunga10

প্ৰতিজন সদস্যই  ঈৰ্ষণীয়  পৰ্বতাৰোহন  অভিজ্ঞতাৰে একো একোজন সুদক্ষ পৰ্বতাৰোহী। নিৰ্বাচিত দলটোৱে অৰুণাচল, লাডাখ আদি বিভিন্ন ঠাইত নিজৰ অনুশীলন আৰম্ভ কৰিলে। 

1000100845
২৫ মে’, ২০২৪ তাৰিখে গুৱাহাটীত হোৱা অনুষ্ঠানৰ ছৱি

 এপ্ৰিল মাহৰ সাত তাৰিখৰ দিনা ’অসম কাঞ্চনজংঘা অভিযান – ২০২৩’ৰ ফ্লেগ অফ কাৰ্য্যসূচিভাগ সম্পন্ন হয় অসম ভ্ৰমণলৈ অহা দেশৰ মাননীয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ দ্বাৰা ৷

২৫ মে’ - অসম কাঞ্চনজংঘা অভিযানৰ এটা বছৰ

অসম ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ আৰ্থিক সাহায্যৰে আয়োজিত অভিযানটোৰ দলপতি মানস বৰুৱাৰ হাতত ৰাষ্ট্ৰীয় পতাকা, আইচ্ এক্স আৰু অভিযানৰ পতাকা অৰ্পন কৰি অভিযানটোৰ ফ্লেগ অফ্ কৰি ৰাষ্ট্ৰপতি মূৰ্মুৱে ।

পুৱাৰ সূৰ্যৰ কিৰণত কাঞ্চনজংঘাৰ বৰফাবৃত শিখৰে  ধাৰণ কৰা অপৰূপ  বৰ্ণনা কৰি ৰোমাঞ্চিত হৈ পৰিছিল।তেওঁ অসমৰ পৰা কাঞ্চনজংঘা অভিযানৰ দৰে বৃহৎ অভিযানৰ পৰিকল্পনা কৰাৰ বাবে আনন্দ প্ৰকাশ কৰি অভিযানটোৰ সফলতাৰ বাবে শুভেচ্ছা আৰু আশীৰ্বাদ প্ৰদান কৰিছিল যিয়েই অভিযাত্ৰীসকলক দুগুণে উৎসাহিত কৰিছিল।অভিযানৰ সকলোবোৰ প্ৰস্তুতিৰ সমান্তৰালকে এখন স্মৰণীকাও প্ৰকাশ কৰা হৈছিল আৰু ৰাষ্টপতিৰ হাতত তুলি দিয়া হৈছিল।

kanchenjunga9

্ফ্লেগ অফ অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মা,  ৰাজ্যপাল গুলাৱ চান্দ কাটাৰীয়া আৰু ৰাষ্ট্ৰপতি সচিবালয়ৰ বহুসংখ্যক বিষয়াৰ লগতে  অসম পৰ্বতাৰোহণ সন্থাৰ ’অসম কাঞ্চনজংঘা অভিযান ২০২৩’ৰ বিষয়ববীয়াসকল উপস্থিতিত মুখ্য উপদেষ্টা সত্যেন শৰ্মাই এখনি স্মাৰক পত্ৰও প্ৰদান কৰে ৷

উত্তৰ পূৰ্ৱাঞ্চলৰপৰা কাঞ্চনজংঘালৈ প্ৰথম এককভাৱে আয়োজন কৰা  বৃহৎ অভিযানটোক লৈ সকলোৰে উৎকণ্ঠা আছিল অপৰিসীম।

           ১১ এপ্ৰিলত গুৱাহাটীৰপৰা ৰে’লযোগে যাত্ৰা আৰম্ভ কৰা দলটোৱে  হিমালয়ৰ ৫৫০০ মিটাৰ উচ্চতাত  বেচ কেম্প স্থাপন কৰিছিল সেই মাহৰে ২০ তাৰিখে।

দলৰ সদস্য কৌশিক দাস, ভাস্কৰ বৰুৱা, শেখৰ বৰদলৈ আৰু জয়ন্ত নাথে প্ৰথমবাৰ চামিটলৈ বুলি যাত্ৰা কৰি প্ৰায় ২০০ মিটাৰ বাকী থকা অৱস্থাত বিশেষ কাৰিকৰী অসুবিধাৰ বাবে  কেম্প- লৈ উভতি আহিবলগীয়া হয়। 

kanchenjunga7

পুনৰ  ২৪ মে’ৰ দিনা  সন্ধিয়া ৬ঃ৩০ত  যাত্ৰা আৰম্ভ কৰি ২৫ মে’ৰ দিনা প্ৰায় ৭বাজি ৩০ মিনিটত সকলোৰে উৎকণ্ঠাৰ অন্ত পেলাই কাঞ্চনজংঘাৰ বুকুত অসমীয়া গামোছা  উৰুৱাই থৈ আহিল দলৰ সদস্য জয়ন্ত নাথ আৰু ভাস্কৰ বৰুৱাই। ইতিহাস ৰচি পৰ্বতাৰোহন ক্ষেত্ৰখনত এক সুকীয়া স্থানলৈ উন্নীত হ’ল অসম তথা অসম পৰ্বতাৰোহন সন্থা।

          ২০২১ চনৰ ১৮ ডিচেম্বৰৰ দিনা মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্য্যালয়ত অসম পৰ্বতাৰোহন সন্থাৰ মুখ্য উপদেষ্টা সত্যেন শৰ্মা, সম্পাদক মানস বৰুৱা মিলিত হওঁতেই এই অভিযানৰ পোখা মেলিছিল। মুখ্যমন্ত্ৰীৰ এটা মাত্ৰ সঁহাৰিতে এক নতুন ইতিহাসে পাতনি মেলিলে। 

kanchenjunga6

      ২০১৫ চনত অসম্পূৰ্ণ হৈ ৰোৱা এভাৰেষ্ট অভিযান, ২০১৬ চনত সফল হোৱা অসম এভাৰেষ্ট অভিযান আৰু ২০২৩ চনত  অসম কাঞ্চনজংঘা অভিযানৰ সফলতাৰ আঁৰত আছিল অভিযান কেইটাৰ নেতৃত্ব লোৱা  এজন সুদক্ষ তথা অভিজ্ঞতা সম্পন্ন অসমীয়া পৰ্বতাৰোহী মানস বৰুৱা আৰু বৰ্তমান কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক তথা অভিজ্ঞ পৰ্বতাৰোহী ডা’ জগদীশ বসুমতাৰী।

দীৰ্ঘদীন ধৰি সন্থাৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্য্যনিবাহ কৰি অহা মানস বৰুৱাই ১৯৯০ চনৰ পৰা এতিয়ালৈ প্ৰায় ৩০ টা পৰ্বতাৰোহন অভিযানত অংশ লৈছে আৰু তাৰ ভিতৰত ১৯৯৭ চনত, অত্যন্ত কঠিন তথা ভাৰতৰ  তৃতীয় সৰ্বোচ্চ শৃংগ মাউন্ট কামেট (৭৭৫৬ মিটাৰ)সফলতাৰে আৰোহন কৰি পৰ্বতাৰোহনৰ ক্ষেত্ৰ খনত নিজৰ পাৰদৰ্শিতাৰে উজলি থাকিবলৈ সক্ষম হৈছে।

kanchenjunga5

পৃথিৱীৰ সৰ্বোচ্চ শৃংগৰ লগতে অতি প্ৰত্যাহ্বানেৰে ভৰপূৰ তৃতীয় সৰ্বোচ্চ শৃংগলৈ চলোৱা অভিযানতো সৱল নেতৃত্বৰে অভিযান সফল কৰি তুলিবলৈ সক্ষম হ’ল। অসমত দুঃসাহসিক ক্ৰীড়াৰ প্ৰচাৰ আৰু প্ৰসাৰত মানস বৰুৱাই বলিষ্ঠ ভূমিকা গ্ৰহন কৰি  আহিছে।

উল্লেখ কৰা আটাইকেইটা অভিযানতে দলীয় চিকিৎসকৰ দায়িত্বত থকা বিশিষ্ঠ পৰ্বতাৰোহী ডা’ জগদ্বীশ বসুমতাৰীৰ আছে ভালে সংখ্যক পৰ্বতাৰোহন অভিযানত চিকিৎসকৰ দৰে গধুৰ দায়িত্ব পালন কৰি সফল হোৱাৰ অভিজ্ঞতা।

kanchenjunga3

১৯৯১ চনত ভাৰতৰ প্ৰথম মহিলা এভাৰেষ্টাৰ বাচেন্দ্ৰী পালৰ দ্বাৰা আমন্ত্ৰিত হৈ মাউন্ট আবি গামিন(মিটাৰ), মাউন্ট কামেটৰ দৰে অভিযানত কেৱল মহিলাৰে গঠিত পৰ্বতাৰোহী দলত চিকিৎসকৰ দায়িত্বৰ লগতে এজন সুদক্ষ পৰ্বতাৰোহী হিচাপে অসমৰ নাম জিলিকাই আহিবলৈ সক্ষম হৈছে।

২০১৫ চনৰ নেপালৰ ভূমিকম্পৰ সময়তো এভাৰেষ্ট অভিযানত অংশ লৈ থকা অৱস্থাত নিজৰ দলৰ লগতে বিদেশী দলক সাহসেৰে চিকিৎসা প্ৰদান কৰি নেপাল চৰকাৰৰ প্ৰশংসাৰ পাত্ৰ হ’বলৈ সক্ষম হৈছে। 

kanchenjunga2

 ঐতিহাসিক অসম কাঞ্চনজংঘা অভিযানৰ এবছৰ অতিক্ৰম কৰাৰ শুভক্ষনত প্ৰতিজন পৰ্বতাৰোহীৰ লগতে অসম পৰ্বতাৰোহন সন্থাৰ উজ্জ্বল ভৱিষ্যত  কামনা কৰিছো, যিয়েই নৱপ্ৰজন্মক দুঃসাহসিক ক্ৰীড়াৰ ক্ষেত্ৰখনত আগুৱাই যাবলৈ অহৰ্নিশে অনুপ্ৰাণিত কৰি আহিছে।

অসমৰ পৰা আৰু পৰ্বতাৰোহীৰ জন্ম হওক, আন্তৰ্জাতিক পৰিসৰত পৰ্বতাৰোহনৰ কঠিন যাত্ৰাত  অসমীয়া সন্তানে বিজয়ৰ ধাৰা অব্যাহত ৰাখক তাকেই কামনা কৰিলো।

May You Climb from Peak to Peak.

kanchenjunga1

ৰুবী বৰা/ ৯৭০৭২৭৫৮৫৮

25-05-2024

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to print (Opens in new window) Print
  • Click to email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Editor

Editor

Related Posts

Kakali Das’s Symphony of Thoughts Untold Symphony of Thoughts Untold
Book

Kakali Das’s Symphony of Thoughts Untold Symphony of Thoughts Untold

by Sanjeev Kumar Nath
September 25, 2024
0

Kakali Das’s Symphony of Thoughts Untold  Sanjeev Kumar Nath Sanjeev Kumar Nath Kakali Das’s Symphony of Thoughts Untold : Reviewing...

Read moreDetails
COP28: A Crucial Confrontation on Climate, Petrostates, Fossil Fuels, and the Human Future

COP28’s Transformative Journey Towards Climate Resilience

March 11, 2024
ভাৰত ৰত্ন চি ভি ৰমণ: ভাৰতৰ বৈজ্ঞানিক উত্তৰাধিকাৰ প্ৰতিষ্ঠা!

ভাৰত ৰত্ন চি ভি ৰমণ: ভাৰতৰ বৈজ্ঞানিক উত্তৰাধিকাৰ প্ৰতিষ্ঠা!

February 28, 2024
Navalny’s Death in Prison: Western Leaders Point Finger at Kremlin

Navalny’s Death in Prison: Western Leaders Point Finger at Kremlin

February 17, 2024
“মে ডাম মে ফী “– এটি দৃষ্টি …

“মে ডাম মে ফী “– এটি দৃষ্টি …

January 31, 2024
Solutions in 10 minutes: How would life be then?

Solutions in 10 minutes: How would life be then?

December 12, 2023
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 15, 2024
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
When Summers Stopped Being Fun: How Climate Change Stole Our Childhood

When Summers Stopped Being Fun: How Climate Change Stole Our Childhood

July 9, 2025
Rapid Arctic Ice Meltdown: New Research Predicts Ice-Free Summers by 2030s !

বৰফবিহীন পৃথিৱী: সুমেৰু, কুমেৰু, তৃতীয় মেৰু, অসম আৰু হ’ব পৰা সংকট !

July 9, 2025
A Violent and Broken World!

The Unseen Cost: Wrestling with a World Not of Our Design

July 9, 2025
বিৱর্তনৰ ধামখুমীয়াত বিয়া

বিৱর্তনৰ ধামখুমীয়াত বিয়া

July 9, 2025

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    12710 shares
    Share 5084 Tweet 3177
  • Sikhna Jwhwlao Puts Assam Second in Protected Areas Race

    590 shares
    Share 236 Tweet 148
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    1574 shares
    Share 630 Tweet 394
  • ড্ৰাগছ : এক সামাজিক ব্যাধি

    3218 shares
    Share 1287 Tweet 805
  • ইতিহাস প্ৰসিদ্ধ কামাখ্যা মন্দিৰ আৰু অম্বুবাচী মেলা

    1271 shares
    Share 508 Tweet 318
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    5642 shares
    Share 2257 Tweet 1411
  • জ্যোতিপ্ৰসাদৰ সাংস্কৃতিক,সাহিত্যিক আৰু ৰাজনৈতিক অৱদানসমূহ

    2231 shares
    Share 892 Tweet 558
  • Global Outcry Over Iran’s Attack on Israel: The Escalating Middle East Tensions

    165 shares
    Share 66 Tweet 41
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    993 shares
    Share 397 Tweet 248
  • ব্ৰিটিছ ৰাজঃ ১৯০৫ চনৰ বংগ বিভাজনত অসমৰ ভূমিপুত্ৰ সকলৰ মহৎ ভূমিকা

    205 shares
    Share 82 Tweet 51
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges—From Climate Change and Gender Equality to Economic Upliftment.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d