অসম গেচ কোম্পানী লিমিটেড: ৩৩ সংখ্যক দেবেন্দ্ৰনাথ আচাৰ্য্য সোঁৱৰণী সদৌ অসম একাংক নাট প্ৰতিযোগিতাৰ সফল সমাপ্তি
শ্ৰেষ্ঠ নাট্য দল নগাঁৱৰ ‘ জ্যোতি শিল্প’
বিক্ৰমাদিত্য দত্ত কাকতি
দুলীয়াজানস্থিত অসম গেচ কোম্পানী লিমিটেডৰ সৌজন্যত অসমৰ স্বনামধন্য সাহিত্যিক, সাহিত্য অকাডেমি বঁটা প্ৰাপক বিশিষ্ট ঔপন্যাসিক, গল্পকাৰ, অসম গেচ কোম্পানী লিমিটেডৰ প্ৰথম গৰাকী আৱাসিক পৰিচালন সঞ্চালক, প্ৰসিদ্ধ অভিযন্তা দেবেন্দ্ৰনাথ আচাৰ্য্য দেৱৰ সোঁৱৰণত যোৱা ৩০ নৱেম্বৰ আৰু ১ ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে সদৌ অসম ভিত্তিত আয়োজন কৰা ৩৩ সংখ্যক দেবেন্দ্ৰনাথ আচাৰ্য্য সোঁৱৰণী সদৌ অসম একাংক নাট প্ৰতিযোগিতা খিনি সফলতাৰে সম্পন্ন হয়।
অসম গেছ কোম্পানী লিমিটেডৰ কৰ্মী বিনোদন কেন্দ্ৰত আয়োজিত এই অনুষ্ঠানৰ প্ৰথম দিনা পুৱা ৯-৩০ বজাত পতাকা উত্তোলন কৰে আয়োজক সমিতিৰ সভাপতি সুমন বৰুৱাই।
ইয়াৰ পিছত বিয়লি ২-০০ বজাৰ পৰা অনুষ্ঠিত হোৱা মূল অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে অসমৰ চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰীয়ে। বিশিষ্ট অভিনেত্ৰী গৰাকীয়ে প্ৰথমে দেবেন্দ্ৰ নাথ আচাৰ্যৰ প্ৰতিচ্ছবিৰ সন্মুখত এগছি বন্তি প্ৰজ্বলনৰ লগতে পুষ্পাঞ্জলী অৰ্পন কৰে।
এই কাৰ্যসূচীৰ পিছতে তেওঁ একাংক নাট প্ৰতিযোগিতাৰ মঞ্চ উদ্বোধন কৰি প্ৰথমে দেবেন্দ্ৰ নাথ আচাৰ্যক সুঁৱৰি তেখেতে সাহিত্য – সংস্কৃতি ক্ষেত্ৰ খনলৈ আগবঢ়াই থৈ যোৱা অৱদানৰ সন্দৰ্ভত উল্লেখ কৰে।
লগতে তেওঁ কয় যে অসম চৰকাৰৰ সৰ্বাধিক লাভজনক উদ্যোগিক প্ৰতিষ্ঠান বুলি পৰিচিত অসম গেছ কোম্পানী লিমিটেডে তেওঁলোকৰ অত্যাধিক কৰ্ম ব্যস্ততাৰ মাজত অসমৰ সাহিত্য – সংস্কৃতি ক্ষেত্ৰ খনলৈ এনেদৰে অৱদান আগবঢ়াই অহাটোও এটা শলাগিবলগীয়া কথা।
ইয়াৰ বাবে সদায় প্ৰথমেই নাম লব লাগিব অসম গেছ কোম্পানী লিমিটেডৰ প্ৰথম গৰাকী আৱাসিক পৰিচালন সঞ্চালক দেবেন্দ্ৰ নাথ আচাৰ্যৰ। যিয়েই গেছ কোম্পানীৰ কৰ্মচাৰী সকলৰ মাজত অসমীয়া সাহিত্য – সংস্কৃতিৰ এক সুন্দৰ পৰিবেশ সৃষ্টি কৰি থৈ গৈছে।
অভিনেত্ৰী গৰাকীয়ে এই ক্ষেত্ৰত গেছ কোম্পানীৰ বৰ্তমানৰ বিষয়া – কৰ্মচাৰী সকলকো আন্তৰিক ধন্যবাদ জনাই কয় যে আজিও তেওঁলোকে সদৌ অসম ভিত্তিত দেবেন্দ্ৰ নাথ আচাৰ্যৰ নামত বছৰি বছৰি একাংক নাট প্ৰতিযোগিতা আয়োজন কৰি কোম্পানীৰ প্ৰথম গৰাকী আৱাসিক পৰিচালন সঞ্চালকক তেওঁলোকৰ মনত জীয়াই ৰখাৰ লগতে সন্মান জনাই আহিছে।
অসম গেছ কোম্পানীৰ জনসংযোগ বিভাগৰ সহকাৰী প্ৰবন্ধক প্ৰেৰণা বৰদলৈয়ে আঁতধৰা অনুষ্ঠানত উপস্থিত থাকি চমু বক্তব্য আগবঢ়াই গেছ কোম্পানীৰ মানৱ সম্পদ আৰু প্ৰশাসন বিভাগৰ মুখ্য প্ৰবন্ধক ধীমন্ত বৰ্মনৰ লগতে চি জি বি বিভাগৰ মুখ্য প্ৰবন্ধক ৰিপুঞ্জয় ফুকনে। অভিনেত্ৰী গৰাকীয়ে সাৰুৱা ভাষণেৰে মঞ্চ উদ্বোধন কৰাৰ পিছতেই অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা নাট্য দল সমূহৰ মাজত নাট প্ৰতিযোগিতা আৰম্ভ হয়।
১ ডিচেম্বৰত অন্ত পৰা নাট প্ৰতিযোগিতাৰ ফলাফল অনুসৰি শ্ৰেষ্ঠ নাট্য দলৰ খিতাপ অৰ্জন কৰে নগাঁৱৰ জ্যোতি শিল্প দলে (নাটক: বলুকাত বিয়লি বেলা),দ্বিতীয় শ্ৰেষ্ঠ দল খিতাপ অৰ্জন কৰে নগাঁও পুৰণি গুদামৰ ভাস থিয়েটাৰে(নাটক: সাউদৰ নাও ভটিয়াই যা) আৰু তৃতীয় শ্ৰেষ্ঠ নাট্য দলৰ খিতাপ অৰ্জন কৰে শিৱসাগৰৰ জ্যোতি সংঘই(নাটক: গুৰি বঠা)।
ইফালে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰে দেৱব্ৰত বৰঠাকুৰে( নাটক: গুৰি বঠা) ,দ্বিতীয় শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰে ৰাজীৱ লোচন বৰাই( নাটক: হেডছাৰ) আৰু তৃতীয় শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰে প্ৰাঞ্জল প্ৰতীম নাথে( নাটক: বলুকাত বিয়লি বেলা)। আনহাতে শ্ৰেষ্ঠ অভিনেত্ৰী হিচাবে নিৰ্বাচিত হয় হিমাক্ষী সোণোৱাল( নাটক: হেডছাৰ),দ্বিতীয় শ্ৰেষ্ঠ অভিনেত্ৰী লিপিকা বৰা( নাটক: জাল) আৰু তৃতীয় শ্ৰেষ্ঠ অভিনেত্ৰী বন্দনা শইকীয়া( নাটক: গুৰিবঠা)।
ইয়াৰোপৰি শ্ৰেষ্ঠ পৰিচালক হিচাবে নিৰ্বাচিত হয় লোহিত বৰা( নাটক: বলুকাত বিয়লি বেলা), শ্ৰেষ্ঠ পাণ্ডুলিপি নাট্যকাৰ মৃণাল কুমাৰ বৰাৰ সাউদৰ নাও ভটিয়াই যা ( নাট্যদল: ভাস থিয়েটাৰ,নগাঁও)। প্ৰতিযোগিতাখনিত শ্ৰেষ্ঠ শিশু শিল্পী হিচাবে খিতাপ অৰ্জন কৰে হীৰক জ্যোতি বৰাই( নাটক: গুৰিবঠা ,জ্যোতি সংঘ,শিৱসাগৰ)।
দেবেন্দ্ৰ নাথ আচাৰ্যৰ সোঁৱৰণত অসম গেছ কোম্পানী লিমিটেডে আয়োজন কৰা একাংক নাট প্ৰতিযোগিতাৰ সফল সমাপ্তিৰ অন্তত আয়োজক সমিতিৰ সভাপতি সুমন বৰুৱা আৰু সম্পাদক দীপাংকৰ বৰুৱাই সমিতিৰ সকলো সদস্যক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে।
বিক্ৰমাদিত্য দত্ত কাকতি, দুলীয়াজান, ০৩ ডিচেম্বৰ
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com(For Assamese article, Unicode font is necessary) Images from different sources.