উভতি চাওঁঃ দুবছৰ আগৰ লেখা- “অসম চুক্তি আৰু মূৰৰ বিকৃতি”
ললিত গগৈ

অসম চুক্তি স্বাক্ষৰৰ ৩৫ টা বছৰৰ পিচত চুক্তিখনৰ মহান তথ্য উদ্ভাৱক হিমন্ত বিশ্ব শৰ্মাই হিন্দু বাংলাদেশীৰ সমৰ্থনত যুক্তি দাঙি ধৰাৰ নামত নানা অপবাখ্যাৰে চুক্তিখন নসাৎ কৰিবলৈ গৈ বিধানসভাৰ ভিতৰে-বাহিৰে বেবেৰিবাং কথাৰ বকলা মেলি ৰাইজক বিভ্ৰান্ত কৰাৰ অপচেষ্টা চলাই থকাৰ বিপৰীতে সেইখন চুক্তিৰ বোকোচাত উঠিয়েই ৰাজনৈতিক কেৰিয়াৰ গঢ়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ডাঙৰীয়া নিমাত-নিস্তব্ধ ।
ক্ষমতাৰ গাদীখন বৰ্তাই ৰখাৰ স্বাৰ্থতে তেখেতে সেইজনক মূৰত উঠাই উভতগোৰে নাচিবলৈ এৰি দিছে । মহাপুৰুষ হিমন্তই এইকেইদিন চিঞৰ-বাখৰ কৰি আছে যে অসম চুক্তিৰ ৫•১ দফাৰ পৰা ৫•৪ দফা ইমানদিনে কাৰ্যকৰী হোৱা দূৰৰ কথা কোনেও সেই দফাকেইটা পঢ়িয়েই চোৱা নাই আৰু আছুৱে কেৱল ১৯৭১ চনৰ ভিত্তিবৰ্ষৰ প্ৰসংগ উল্লেখ থকা ৫•৮ নং দফাটোৰ কথা কয় ।
কংগ্ৰেছৰ আমোলত নিজে অসম চুক্তি বিভাগৰ মন্ত্ৰী হৈ থাকি চুক্তিখন পঢ়ি চাবলৈ সময় নোপোৱা হিমন্তই এতিয়া সৰ্বানন্দ সোনোৱালেই চুক্তি ৰূপায়ন বিভাগৰ দায়িত্বত থকাৰ সময়তহে চুক্তিখনক লৈ গৱেষনা আৰম্ভ কৰিছে আৰু বিভাগীয় মন্ত্ৰী সোনোৱাল নিমাতি কন্যা হৈ আছে ।

হিমন্তই কোৱাৰ দৰে চুক্তিৰ উপৰোক্ত দফাবোৰ যদি ইমানবছৰে কাৰ্যকৰীয়েই হোৱা নাই ; তেন্তে যোৱা বছৰ ৪ ফেব্ৰুৱাৰীত বিধায়ক বিনন্দ শইকীয়া আৰু আব্দুল খালেকৰ দুটা প্ৰশ্নৰ উত্তৰত বিভাগীয় মন্ত্ৰী সোনোৱালৰ হৈ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বিধানসভাৰ মজিয়াত কিয় এইবুলি লিখিত উত্তৰ দিছিল যে –
১/ চুক্তিৰ ৫ নং দফাৰ পৰা ১৫ নং দফালৈ মুঠ ১১ টা দফাৰ ভিতৰত ৮•১; ৮•২; ১৩; ১৪ আৰু ১৫ নং দফা ইতিমধ্যে কাৰ্যকৰী কৰি থকা হৈছে । বাকী ৫•১ ৰ পৰা ৫•৯ লৈকে আৰু ৯•১; ৯•২; ১০ ; ১১ আৰু ১২ নং দফা ৰূপায়নৰ কাম গতানুগতিক বিষয়ৰ ওপৰত নিৰ্ভৰশীল হেতুকে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ অধীনৰ সংশ্লিষ্ট বিভাগসমূহৰ দ্বাৰা সময়ে সময়ে আৰু পৰ্যায়ক্ৰমে ৰূপায়িত হৈ আছে ।
২/ ৫•১ দফাৰ পৰা ৫•৯ দফালৈ ৰূপায়নৰ বাবে ১-১-১৯৬৬ আৰু ২৪ মাৰ্চ ১৯৭১ চনক ভিত্তি বছৰ ধৰি ফৰেইনাৰ্চ ট্ৰিবুনেল এক্ট্ৰ ১৯৪৬ আৰু ফৰেইনাৰ্চ ট্ৰিবুনেল অৰ্ডাৰ ১৯৬৪ মতে তদন্ত প্ৰক্ৰিয়া চলাই থকা হৈছে । ১৯৮৫ চনৰ পৰা আগষ্ট ২০১৮ লৈকে বিদেশী নাগৰিকৰ বিৰুদ্ধে গোচৰৰ সংখ্যা ৬২৬৭৯৩ টা ; ট্ৰিবুনেলৰ দ্বাৰা ভাৰতীয় ঘোষনা ১০৮৮১৫ জন ; ট্ৰিবুনেলৰ দ্বাৰা বিদেশী ঘোষনা ১০৩৭৬৪ জন আৰু মুঠ বিদেশী বহিষ্কাৰ ২৯৮২৯ জন ।
৩/ সৰ্বমুঠ ২৪৪১৪৪ জন ডি ভোটাৰৰ বিৰুদ্ধে বিদেশী ন্যায়াধীকৰনসমূহত গোচৰ ৰুজু হৈছিল । তাৰে ১১৮৩২৮ টা গোচৰ ৩১ আগষ্ট ২০১৮ লৈকে নিস্পত্তি কৰা হয় । তাৰ ভিতৰত ২৩৪৩৭ জনক বিদেশী বুলি ঘোষনা কৰা হৈছে ।

এইখিনি চুক্তি ৰূপায়ন মন্ত্ৰী সৰ্বানন্দ সোনোৱালে বিধানসভাত দিয়া লিখিত তথ্য আৰু ইয়াৰ পৰা স্পষ্ট যে হিমন্তই ৰূপায়িত নোহোৱা বুলি কোৱা দফাকেইটাও ৰূপায়ন হৈ আছে । এতেকে মিছলীয়া কোন-হিমন্ত নে সোনোৱাল ?
যদি হিমন্তৰ কথাই সচাঁ তেন্তে সোনোৱালে কিয় ভুল তথ্য দিলে ?
শেহতীয়া আবোল-তাবোল কথাৰে হিমন্তই মুখ্যমন্ত্ৰী সোনোৱালকে দেখোন ৰাইজৰ আগত মিছলীয়া বুলি প্ৰমান কৰিবলৈ উঠিপৰি লাগিছে । বিধানসভাত দাখিল হোৱা এইবিষয়ৰ আৰু তথ্য আছে । অসম চুক্তিখন নতুনকৈ গৱেষনা কৰিবলৈ যোৱাৰ আগতে হিমন্তই অগপ- কংগ্ৰেছ আমোলৰ কথা বাদেই দিলো ; সোনোৱাল চৰকাৰৰ কাৰ্যকালত অসম চুক্তি আৰু বিদেশী চিনাক্তকৰন- বহিষ্কৰন সংক্ৰান্তীয় যিবোৰ তথ্যপাতি বিধানসভাত দাখিল কৰা হৈছিল সেইবোৰ উলিয়াই ভালদৰে পঢ়ক ।
তাত কি উত্তৰ দিয়া হৈছিল আৰু নিজে বলকি আছে কি ?
তেতিয়াই বুজি পাব কোনে হিতাহিত জ্ঞান হেৰুৱাইছে আৰু মূৰৰ বিকাৰ হৈছে কাৰ ! বিধানসভাত দাখিল হোৱা সেই তথ্যবোৰত এইটোও উদঘাটন কৰিব পাৰিব যে সোনোৱাল চৰকাৰৰ কাৰ্যকালৰ বছৰকেইটাতেই সৰ্বাধিক কম বিদেশী বহিষ্কাৰ কৰা হৈছে । মূৰৰ বিকাৰ হোৱা নাই আৰু নৈতিক সাহস আছে যদি বিধানসভাৰ তথ্যবোৰ ৰাজহুৱা কৰি মুখ্যমন্ত্ৰী সোনোৱাল ডাঙৰীয়াৰ তথ্যবোৰ মিছা প্ৰমান কৰি দেখুওৱাক ।
জাতিৰ অস্তিত্ব বিপন্ন কৰি হলেও অবৈধ হিন্দু বাংলাদেশীৰ মোহত কিমান আৰু চল-চাতুৰিৰ খেলা খেলিব ?
সকলো মানুহকে কিমান আৰু ভেৰা বনাব ? ৰাজ্যখনৰ সকলো মানুহেই কি মূৰ্খ ভাবি লৈছে ?
(First published in 20th January, 2020)
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)