• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, July 16, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Literature History

অসম ডুয়াৰ্চ

ASSAMESE SECTION/ History

by Editor
March 21, 2025
in History, Nature, Special Report, Travel
Reading Time: 5 mins read
0
অসম ডুয়াৰ্চ
Share on FacebookShare on TwitterShare on LinkedIn

অসম ডুয়াৰ্চ

সৌম্যদ্বীপ দত্ত

Soumyadeep Datta 1
সৌম্যদ্বীপ দত্ত

ডুয়াৰ্চ-ৰ [Dooars] কথা আলোচনা কৰিবৰ হ’লে প্ৰথমতে আমি দুখন দেশৰ কথা সামান্য আলোচনা কৰিব লাগিব৷ তাৰে এখন হ’ল ভূটান, যিখন দেশ বৰ্তমানেও বিৰাজ কৰিছে আৰু আনখন হ’ল প্ৰাচীন কামৰূপ দেশ৷

প্ৰাচীন কামৰূপ দেশ বৰ্তমানে আৰু স্বাধীন দেশ ৰূপে নিজৰ অস্তিত্ব প্ৰতিষ্ঠা কৰি থকা নাই৷ প্ৰাচীন কামৰূপ বৰ্তমানে বিভিন্ন দেশ আৰু ৰাজ্যৰ মাজত নিজৰ ভূখণ্ড, খণ্ড-বিখণ্ডত বিভক্ত হৈ, বিলীন হৈ পৰিছে৷

Dooars
Most of the Duars were under the Kingdom of Bhutan till the Duar War of 1865
অতীতৰ এটা সময়ত কামৰূপ ৰাষ্ট্ৰ বা কামৰূপ দেশৰ সীমা আছিল বিশাল৷ বৰ্তমানৰ উত্তৰবঙ্গ, ভূটানৰ কিছু অঞ্চল, সমগ্ৰ অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, নেপালৰ কিছুমান অঞ্চল আৰু বৰ্তমান বাংলাদেশৰ বিশাল অঞ্চল আছিল কামৰূপ দেশৰ অন্তৰ্গত৷ কামৰূপ দেশৰ স্থায়ী পশ্চিম সীমা আছিল বৰ্তমানৰ কৰোতোৱা নদী৷

কিন্তু সময়ে সময়ে প্ৰাচীন কামৰূপ দেশৰ পশ্চিম সীমা, কৰোতোৱা নদী পাৰ হৈ অধিক পশ্চিম আৰু উত্তৰ-পশ্চিম পিনে অগা-পিছা কৰিছিল৷

প্ৰাচীনকালত বৰ্তমান ভূটান দেশখনৰ নামো ভূটান নাছিল৷ ভূটান নামটো পৰৱৰ্তী সময়ত দিয়া নাম৷ প্ৰাচীন কালত ভূটান অঞ্চল – ড্ৰকিইউল, মনিইউল, ইত্যাদি নামে পৰিচিত আছিল৷ প্ৰাচীন কামৰূপৰ সংস্কৃত ভাষা-ভাষী লোকসকলে এই অঞ্চলক ভূটান নামে নামাঙ্কিত কৰে৷ ভোট + অন্ত = ‘‘ভোটঅন্ত’’ তাৰপৰাই ‘ভূটান’৷ প্ৰাচীন কালত কামৰূপৰ লোকসকলে তিব্বতক ভোটদেশ বুলি কৈছিল৷

এই তিব্বত বা ভোটদেশৰ শেষত বা অন্তত যিটো অঞ্চল, সেইটোৱে ‘ভোটঅন্ত’ পৰৱৰ্তী সময়ত ভূটান৷ প্ৰাচীন কামৰূপৰ বেপাৰীসকল তিব্বতৰ লগত বেপাৰ-বাণিজ্য কৰিছিল ভূটানৰ মাজেৰে৷ অনুৰূপভাৱে ভূটীয়া আৰু তিব্বতী বেপাৰীসকল ভূটানৰ বিভিন্ন স্থানেৰে কামৰূপলৈ নামি আহিছিল আৰু বেপাৰ-বাণিজ্য কৰিছিল৷ সেয়েহে কামৰূপ আৰু তিব্বতৰ লগত বাণিজ্যৰ বাবে ভূটানৰ মাজেৰে বহুকেইখন বাণিজ্য পথ আছিল৷

এই বাণিজ্য পথ অত্যন্ত গুৰুত্বপূৰ্ণ আছিল কাৰণ এই পথেৰে অকল তিব্বতৰ লগত বাণিজ্য হোৱাৰ উপৰিও, চীনৰ লগতো বাণিজ্য হৈছিল৷ আমি  মনত ৰাখিব লাগিব যে তিব্বত আছিল এখন সম্পূৰ্ণ স্বাধীন দেশ৷ চীন দেশ সম্পূৰ্ণ ভিন্ন এখন দেশ৷ ১৯৫৯ চনত চীনে সমগ্ৰ তিব্বত দেশখনক অন্যায়ভাৱে জোৰকৈ দখল কৰে৷ বৰ্তমান তিব্বতক চীনে পৰাধীন কৰি থৈছে৷

প্ৰাচীন কালত এই দুখন বিশাল দেশৰ কামৰূপৰ লগত বহুকেইখন বাণিজ্য পথ আছিল, ভূটানৰ মাজেৰে৷ কামৰূপৰ পৰা ভূটানৰ মাজেৰে মূলতঃ ১৮টা প্ৰৱেশ পথ আছিল; যাৰ মাধ্যমে ভূটান, তিব্বত আৰু চীন দেশত বেপাৰ-বাণিজ্য চলিছিল৷

এই বেপাৰ-বাণিজ্যৰ কৰ তথা আয়ৰ উৎস আছিল এইবোৰ বাণিজ্য পথ; যাক কেন্দ্ৰ কৰি ১৭৭০-৭৩ চনত ভূটান আৰু কোচ ৰাজত্বৰ মাজত সংঘাত আৰম্ভ হয় আৰু এই সুযোগতে চতুৰ বৃটিছে কোচ ৰাজত্বক সহায় কৰিবলৈ ধৰে৷ বৃটিছৰ মূল উদ্দেশ্য আৰু লক্ষ্য আছিল ভূটানৰ এই বাণিজ্য প্ৰৱেশ পথবোৰ দখল কৰা আৰু ভূটানৰ মাজেৰে তিব্বতত প্ৰৱেশৰ চেষ্টা৷

                     ইফালে সময় অতিবাহিত হ’লত কোচ সাম্ৰাজ্য যেতিয়া দুৰ্বল হৈ আহিছিল, তেতিয়া ভূটীয়াসকলে দলে দলে আহি সমভূমিৰ মাটি অধিকাৰ কৰি পেলালে৷ অনুৰূপভাৱে আহোম ৰজাৰ দুৰ্বলতাৰ সুযোগ লৈ ভূটীয়াসকলে অসমৰ সমভূমিৰ বহুত ঠাই দখল কৰি লয় আৰু বাধ্য হৈ অসমৰ ৰজাই ভূটীয়াসকলক কৰৰ বিনিময়ে মাটি ভোগ কৰিবলৈ দিয়ে৷

১৭৭২ চনত ভূটানৰ সৈন্য যেতিয়া কোচ ৰজাৰ ৰাজধানীত প্ৰৱেশ কৰে তেতিয়া ভূটীয়াক খেদিবলৈ, বৃটিছৰ লগত কোচ ৰাজত্বৰ চুক্তি হয়৷ ইফালে ১৮২৪ চনত প্ৰথম ব্ৰহ্মযুদ্ধৰ ফলস্বৰূপে অসম বৃটিছৰ অধীন হয়৷ ফলত অসমক দিব লগা কৰ ভূটীয়াসকলে এতিয়া বৃটিছক দিব লগাত পৰে কিন্তু ভূটীয়াসকলে বৃটিছক কৰ সঠিকভাৱে নিদিয়াৰ ফলত বৃটিছৰ লগত ভূটীয়াৰ কাজিয়া আৰম্ভ হয়৷

Bhairabkunda
ভৈৰৱকুণ্ড। ছবি:- সঞ্জু মিত্ৰ

          ভূটান হিমালয়ৰ পাদদেশৰ পশ্চিমৰ তিস্তা নদীৰ পৰা পূবে ধনশিৰী নদীলৈকে প্ৰসাৰিত ভূ-খণ্ডৰ মাজেৰে মূলতঃ ১৮টা প্ৰৱেশ পথ অৱস্থিত আছিল৷ এইবোৰ বাণিজ্য পথৰ প্ৰৱেশ পথক, জনপ্ৰিয় ভাষাত কোৱা হৈছিল ‘দুৱাৰ’ বা ‘দুয়োৰ’ যাৰ অৰ্থ হ’ল প্ৰৱেশৰ বাট৷ বৃটিছসকলৰ উচ্ছাৰণত এই ‘দুৱাৰ’ হৈ পৰিল ‘ডুয়াৰ্চ’ [Dooars]৷ পৰৱৰ্তী সময়ত এই ‘ডুয়াৰ্চ’ নামেই অঞ্চলটো অধিক জনপ্ৰিয় হৈ পৰিল৷

ভূটীয়াসকলে কিন্তু সমভূমিত বিশেষকৈ ‘ডুয়াৰ্চ’ অঞ্চলত তেওঁলোকৰ আধিপত্য বজায় ৰখাৰ বাবে সদায় তৎপৰ থাকিছিল৷ নিজৰ অঞ্চলৰ বাহিৰেও সুযোগ পালেই ভূটীয়াসকলে কোচ অঞ্চল, অসমৰ সমতলত আৰু বৃটিছৰ অধিকাৰত থকা অঞ্চলতো আক্ৰমণ, লুটপাত ইত্যাদি কৰিছিল৷ সেই সময়ত ভাৰত চৰকাৰৰ প্ৰথম এজেণ্ট Mr. Scott ভূটীয়াসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ বিচাৰিছিল যদিও উদ্ধৰ্তন কৰ্তৃপক্ষই তেওঁক সেই অনুমতি দিয়া নাছিল৷

সেই সময়ত Mr. Scott ৰংপুৰত অৱস্থান কৰিছিল৷ ১৮৩৭ চনত Capt. Pemberton-ক ভূটানৰ লগত সকলো সমস্যা সমাধানৰ বাবে আলোচনাত পঠোৱা হৈছিল, কিন্তু কোনো সুফল পোৱা নগ’ল৷ দিনে দিনে ভূটীয়াসকলৰ অত্যাচাৰ বৃদ্ধি পাবলৈ ধৰিলে৷ ভূটীয়াসকলে সমতল ভূমিত অধিক অগ্ৰসৰ হৈ কোচ ৰাজ্যত নানাধৰণৰ উৎপাত আৰম্ভ কৰিলে৷ ১৮৩২ চনত ভূটীয়াবোৰে কোচবিহাৰৰ পৰা বহুত মানুহক ধৰি লৈ যায়৷

উত্তৰ-পূব অঞ্চলৰ বড়লাটৰ ৰংপুৰস্থ প্ৰতিনিধি Mr.  Robertson-ৰ অনুৰোধৰ পিছতো ভূটীয়াসকলে যেতিয়া ধৃত ব্যক্তিসকলক মুক্তি দিয়া নাছিল, তেতিয়া বাধ্য হৈ ভূটানৰ বিৰুদ্ধে কোম্পানীয়ে সৈন্য প্ৰেৰণ কৰে৷ তেতিয়া ভূটীয়াসকলে নমনীয় হয় আৰু এখন শান্তি চুক্তিত স্বাক্ষৰ কৰে৷ কিন্তু ১৮৪৪ চনত এই শান্তি চুক্তি ভঙ্গ কৰি ভূটীয়াসকলে পুনৰায় সমভূমিত অশান্তি আৰম্ভ কৰে৷

Bhairabkunda 1
ভৈৰৱকুণ্ড। ছবি:- সঞ্জু মিত্ৰ

সেই সময়ৰ কোম্পানীৰ উত্তৰ-পূব সীমান্তৰ প্ৰতিনিধি Col. Jenkins ১৮৫৯ চনত সমগ্ৰ ডুয়াৰ্চ অঞ্চল ভূটানৰ পৰা অধিকাৰ কৰি ল’বলৈ ভাৰত চৰকাৰক পৰামৰ্শ আগবঢ়ায়৷ কিন্তু ভাৰতৰ বৃটিছ চৰকাৰে তেওঁক, ভূটানৰ অঞ্চল অধিকাৰ কৰাৰ অনুমতি সেই সময়ত দিয়া নাছিল৷ কিন্তু কিছু বছৰৰ ভিতৰত ভূটানৰ অত্যাচাৰ চৰম সীমাত গৈ উপনিত হৈছিল৷ ১৮৬৩ চনত বৃটিছ চৰকাৰৰ দূত হিচাপে Eden চাহাবক ভূটানলৈ পঠোৱা হ’ল৷

কিন্তু ভূটানত Eden চাহাবৰ লগত দুব্যৱহাৰ কৰা হয়, তেওঁক অপমানিত কৰা হয়; তেওঁৰ দ্বাৰা বলপূৰ্বক দুখন চুক্তিপত্ৰত স্বাক্ষৰ কৰোৱাই লোৱা হয়, য’ত লিখা আছিল – ‘‘অসম আৰু বাংলাৰ সমগ্ৰ ডুয়াৰ্চ অঞ্চল বৃটিছে ভূটানক এৰি দিলে৷’’ এই ঘটনাৰ পিছত কোম্পানী চৰকাৰৰ ধৈৰ্যৰ বান্ধ ভাঙি গ’ল৷ ১৮৬৪ চনৰ ১২ নৱেম্বৰত বৃটিছ চৰকাৰে ভূটানৰ সমগ্ৰ ডুয়াৰ্চ অঞ্চল অধিকাৰ কৰি লোৱাৰ বাবে ভূটানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিলে৷

ভূটানৰ লগত বৃটিছ সৈন্যৰ ঠায়ে ঠায়ে তুমূল যুদ্ধ হয়৷ দুই-তিনিটা অঞ্চলত বৃটিছ সৈন্য যথেষ্ট সঙ্কটৰ সন্মুখীন হলেও, অৱশেষত বৃটিছ সৈন্য যেতিয়া ভূটানৰ মূল ভূখণ্ডত প্ৰৱেশ কৰিবলৈ সক্ষম হয় তেতিয়া ভূটানে আত্মসমৰ্পণ কৰে আৰু সন্ধি কৰিবলৈ সন্মত হয়৷ এই সন্ধিৰ চুক্তি অনুসাৰে সমগ্ৰ ডুয়াৰ্চ অঞ্চল বৃটিছ ভাৰতৰ অন্তৰ্ভুক্ত হয়৷ ১৮৬৫ চনৰ এই চুক্তি ‘‘সিনচুলা’’ [Sinchula] চুক্তি নামে খ্যাত৷

ভূটান হিমালয়ৰ পাদদেশত মুঠ ১৮খন দুৱাৰৰ ভিতৰত ১১খন দুৱাৰ বৰ্তমানে উত্তৰবঙ্গ তথা ভাৰতৰ বাংলাত অৱস্থিত, বাকী ৭খন দুৱাৰ বৰ্তমান অসমৰ অন্তৰ্গত৷ বাংলাত অৱস্থিত দুৱাৰকেইখনৰ নাম হ’ল – [১] ডালিমকোট দুৱাৰ, [২] চামুৰচি দুৱাৰ, [৩] জুমোৰকোট দুৱাৰ, [৪] লুক্কি দুৱাৰ, [৫] বক্সা দুৱাৰ, [৬] ভুলকা দুৱাৰ, [৭] গুমোৰ দুৱাৰ, [৮] ৰিপো দুৱাৰ, [৯] বৰা দুৱাৰ, [১০] বাঘ দুৱাৰ, [১১] সিদলী দুৱাৰ আৰু অসমৰ দুৱাৰকেইখনৰ নাম হ’ল – [১] বৰিগুমা দুৱাৰ, [২] কালিংযখালিং দুৱাৰ, [৩] চুৰকোলা দুৱাৰ, [৪] চাপাগুড়ী দুৱাৰ, [৫] বাচকা দুৱাৰ, [৬] চাপকাহামা দুৱাৰ আৰু [৭] বিজিনী দুৱাৰ৷ বাংলাৰ দুৱাৰক পশ্চিম দুৱাৰ আৰু অসম দুৱাৰক পূৰ্ব দুৱাৰ বুলি বৰ্তমানে অভিহিত কৰা হয়৷

bhutan 1
ভূটান

          সাধাৰণতে বাংলা দুৱাৰ বা পশ্চিম দুৱাৰক লৈ আমাৰ মাজত তুলনামূলকভাবে আলোচনা হয় অধিক৷ বহুতে দুৱাৰ বা ডুয়াৰ্চ বুলি ক’লে অকল বাংলা ডুয়াৰ্চৰ কথাটোকেই ভাবে৷ অসম ডুয়াৰ্চক লৈ তুলনামূলকভাবে আলোচনা হয় যথেষ্ট কম৷ এতিয়া আমি পূৰ্ব ডুয়াৰ্চ বা অসম ডুয়াৰ্চৰ বিষয়ে আলোচনা কৰিম৷

          অসম ডুয়াৰ্চ অত্যন্ত সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্যৰে পৰিপূৰ্ণ৷ পাহাৰ, খৰস্ৰোতা নদী, নিজৰা, বিল, অৰণ্য আৰু অতুলনীয় বন্যপ্ৰাণীৰ বৈচিত্ৰ্যত সমৃদ্ধ অসমৰ ডুয়াৰ্চ অঞ্চল৷ অসমৰ ডুয়াৰ্চ বুলি ক’লে বৰ্তমানে আমি পশ্চিমত সোণকোষ নদীৰ পৰা আৰম্ভ কৰি পূবে ধনশিৰী নদীৰ মাজৰ অঞ্চল, যিটো অসম আৰু ভূটানৰ সংযোগ অঞ্চল অৰ্থাৎ ভাৰত-ভূটান সীমান্ত অঞ্চলক বুজিব লাগিব৷

ভূটানৰ পৰা ওলাই অহা হিংগলা আৰু পিঙ্গলা নদী একত্ৰিত হৈ যেতিয়া অসমত প্ৰৱেশ কৰে তেতিয়া তাৰ নাম সোণকোষ নদী৷ এই সোণকোষ নদী অসম ডুয়াৰ্চৰ পশ্চিম সীমা৷ আটৌ ভূটানৰ পৰা জামপানী নদী ওলাই আহি অসমৰ যি স্থানত ভৈৰৱী নদীক সাৱটি বা ভৈৰৱী নদীৰ লগত মিলিত হৈ ধনশিৰী নদীৰ সৃষ্টি কৰিছে, সেই ঠাইডোখৰ অসম ডুয়াৰ্চৰ পূব সীমা বুলি আমি ক’ব পাৰোঁ৷

                ভূটানৰ পৰা যিকেইখন নদী ওলাই আহি অসম ডুয়াৰ্চৰ মাজেৰে প্ৰবাহিত হৈ, ব্ৰহ্মপুত্ৰ নদৰ উত্তৰ পাৰেৰে আহি ব্ৰহ্মপুত্ৰত বিলীন হৈছেচ সেই নদীবোৰৰ অববাহিকাত গঢ়ি. উঠিছে প্ৰাকৃতিক অৰণ্য৷ স্থানে স্থানে এই নদীবোৰক অবলম্বন কৰি গড়ি উঠিছে অসম ডুয়াৰ্চৰ গ্ৰামীন সভ্যতা৷ সৰ্বমুঠ ২৬ খন নদীয়ে অসম ডুয়াৰ্চক সমৃদ্ধ কৰিছে৷

Bhairabkunda 2

পশ্চিমৰ পৰা ক্ৰমান্বয়ে এই নদী কেইখনৰ নাম হল – সোনকোষ, লঙা, সৰলভাঙা, তাৰাং, ধিৰ, চাম্পাৱতী আই, মানাহ, পল্লা, পহুমৰা, কালদিয়া, টিহু, মৰা পাগলাদিয়া, পাগলাদিয়া, বৰলিয়া, পুঠিমাৰী, চেচাঁ, বৰনদী, ননৈ, কুলসী, নোৱানদী, মঙ্গলদৈ বা মংলানদী, গালন্দি, মৰা ধনশিৰি, দৈফাম আৰু ধনশিৰি৷ সময়ে সময়ে নিজৰ গতি পৰিবৰ্তনৰ ফলত এই নদীবোৰে অসম ডুয়াৰ্চত অসংখ্য বীল, জলাভূমী আৰু আদ্ৰভূমীৰ সৃষ্টি কৰিছে৷ এই আদ্ৰভূমি আৰু বীলবোৰত অসংখ্য প্ৰজাতিৰ মাছ, কাছ আৰু বিভিন্ন প্ৰজাতিৰ জলজ উদ্ভিদ বিৰাজ কৰিছে৷             

          ‘‘অসম ডুয়াৰ্চ’’ বন্যপ্ৰাণীৰ সমৃদ্ধিত অতুলনীয়৷ পৃথিৱীৰ কিছুমান অত্যন্ত বিৰল প্ৰজাতিৰ বন্যপ্ৰাণীৰ বাসস্থান এই অসম ডুয়াৰ্চৰ অৰণ্যত৷ অসম ডুয়াৰ্চত পোৱা কিছুমান বন্যপ্ৰাণী অসম ডুয়াৰ্চৰ বাহিৰে পৃথিৱীৰ আন কোনো স্থানত পোৱা নাযায়৷ আনকি বাংলাৰ ডুয়াৰ্চৰ অৰণ্যতো এইবোৰ বিৰল বন্যপ্ৰাণী দেখা পোৱা নাযায়৷

অসম ডুয়াৰ্চৰ অৰণ্যত পোৱা এনে এবিধ বন্যপ্ৰাণী হ’ল সোণালী বান্দৰ Golden Langur যাৰ বৈজ্ঞানিক নাম [Trachypithecus geei]৷ এই বিৰল প্ৰজাতিৰ বান্দৰটো সোণকোষ নদীৰ পূবৰ পৰা মানাস নদীৰ পশ্চিম পাৰৰ অৰণ্য আৰু ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰতেই অকল পোৱা যায়৷ এই অঞ্চলত পোৱা আৰু দুটা অত্যন্ত বিৰল প্ৰজাতিৰ বন্যপ্ৰাণী হ’ল খাগৰিকটা শহা Hispid Hare আৰু নল গাহৰি Pygmy Hog. অসম ডুয়াৰ্চৰ ওখ ওখ ঘাঁহ হাবিত খাগৰিকটা শহাক দেখিবলৈ পোৱা যায়৷

এইবিধ শহাৰ শৰীৰৰ দৈৰ্ঘ্য ১৭ পৰা ১৯ ইঞ্চিলৈকে হয়৷ ওজন বৰ বেছি হ’লে ২ কেজি ৫০০ গ্ৰামলৈকে হ’ব পাৰে৷ খয়েৰী বৰণৰ এইবিধ শহাৰ শৰীৰত কিছুমান কলা কলা নোম মিশ্ৰিত হৈ থাকে সেয়েহে শৰীৰৰ বৰণ খয়েৰী কলা৷ ইহঁতৰ নোমবোৰ ঠৰঙা ঠৰঙা আৰু নেজ অত্যন্ত চুটি৷ এইবিধ শহা বৰ দুষ্প্ৰাপ্য৷ কোমল ঘাঁহ, গছ আৰু ঘাঁহৰ শিপা আৰু কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ বনৰীয়া ফুল ইহঁতে ভক্ষণ কৰে৷

Bhutan
ভূটান

খাগৰিকটা শহাৰ দৰে নল গাহৰিও অত্যন্ত দুষ্প্ৰাপ্য প্ৰজাতি৷ নল গাহৰি অতি ক্ষুদ্ৰ আকাৰৰ বনৰীয়া গাহৰি৷ এইবিধ প্ৰজাতিৰ গাহৰি মাত্ৰ ১০ ইঞ্চি ওখ হয়৷ শৰীৰ খয়েৰী আৰু কলা সৰু সৰু নোমেৰে আবৃত৷ দেখাত অবিকল গাহৰিৰ নিচিনা, কিন্তু আকৃতি সৰু৷ এই গাহৰিৰ মতাবোৰ আকাৰত অলপ ডাঙৰ হয় কিন্তু এই তাৰতম অৰণ্যত বিচৰণৰ সময়ত বাহিৰৰ পৰা ধৰিব পৰা টান৷ ইহঁত নিশাচৰ প্ৰাণী আৰু অত্যন্ত আপুৰুগীয়া৷ ওখ ওখ ঘাঁহৰ হাবিত ইহঁতে বাস কৰে৷ এইবিধ প্ৰাণী নিশাচৰ৷ ঘাঁহ, ঘাঁহৰ শিপা, উদ্ভিদৰ মূল, কেচু ইত্যাদি খাই ইহঁতে জীৱন ধাৰণ কৰে

৷ অসম ডুয়াৰ্চৰ অৰণ্যত বাঘ [Tiger], নাহৰফুটুকী [Leopard], গোধাফুটুকী [Clouded Leopard], সোণালী মেকুৰী [Golden Cat], হাপা [Jungle Cat], লতামাকৰি [Leoparf Cat], মাছুৱা মেকুৰী [Fishing Cat], শৰ পহু [Sambar], ফুটুকী হৰিণা [Spotted Deer], খুটিয়া পহু [Hog Deer], দল হৰিণা [Swamp Deer], মাটি ভালুক [Sloth Bear], বিণ্টুৰং [Binturong], হিমালয়ৰ কলা ভালুক [Himalayan Black Bear], উদ [Common Otter], হাতী [Elephant], গঁড় [Great Indian Onehorned Rhinoceros], বনৰীয়া ম’হ [Wild Buffalo], গৌৰ [Gaur], ৰাং কুকুৰ [Dhole], টাপৰী [Hog-Badger], কেঁকোৰা খোৱা নেউল [Crabeating Mongoose], ভোগজিনাৰ [Common Palm Civet] ইত্যাদি অসংখ্য স্তন্যপায়ী বন্যপ্ৰাণী বসবাস কৰে যাৰ অধিকাংশ দুৰ্লভ তথা লুপ্তপ্ৰায় বন্যপ্ৰাণীৰ তালিকাভুক্ত৷

বনৰীয়া চৰাইৰ ক্ষেত্ৰত অসম ডুয়াৰ্চ অত্যন্ত সমৃদ্ধ৷ এই অঞ্চলত ৯০০-তকৈ অধিক বনৰীয়া চৰাই দেখা পোৱা যায়৷ তাৰে ভিতৰত ৰাজধনেশ [Great Hornbill], পাকৈঢোঁৰা [Oriental Pied Hornbill], ৰঙা ধনেশ [Rufous nacked Hornbill], মোনাথকা ধনেশ [Wreathed Hornbill], মৌৰা চৰাই [Indian Peafowl], দেওডৰিক [Kalন্ম Pheasant], তিতিৰ [Black Francolin], বনৰীয়া পাৰ [Pal-cahped Pigeon], পৰঘুমা [Green Imperial Pigeon], বৰ দিনকণা [Large-Tailed Nightjar], কলা টিকনি শেন [Black Baza], সাপকটা [Crested Serpent Eagle], বৰ হুদু [Eurasian Eagle Owl] ইত্যাদিৰ নাম উল্লেখযোগ্য৷ উভচৰ আৰু সৰিসৃপৰ বিচিত্ৰতাত অসম ডুয়াৰ্চ অত্যন্ত সমৃদ্ধ৷

raimona
Image received from Jyotimoy Kalita

          বৰ্তমান অসম ডুয়াৰ্চৰ অৰণ্যক কেন্দ্ৰ কৰি কিছুমান অসাধাৰণ অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যান গঢ়ি তোলা হৈছে৷ অসম ডুয়াৰ্চৰ ৮৫০ বৰ্গ কিলোমিটাৰ অৰণ্যক সামৰি গঢ়ি তোলা হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যান [Manas National Park৷ এই অঞ্চল ভাৰতৰ বাঘ্ৰ প্ৰকল্পৰ [Project Tiger] অন্তৰ্ভুক্ত আৰু বিশ্ব ঐতিহ্যক্ষেত্ৰ ৰূপৈ আন্তৰ্জাতিকভাৱে স্বীকৃত [A UNESCO World Heritage Site]৷

ভাৰতৰ অন্যতম ধুনীয়া আৰু বন্যপ্ৰাণ সমৃদ্ধ ৰাষ্ট্ৰীয় উদ্যানৰ অন্যতম মানাস ৰাষ্ট্ৰীয় উদ্যান৷ এই ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকসকলৰ ভ্ৰমণ আৰু থকাৰ সকলো ব্যৱস্থা আছে৷ অসম ডুয়াৰ্চৰ ভিতৰত মানাস অন্যতম দ্ৰষ্টব্য স্থান৷ মানাহ ৰাষ্ট্ৰীয় উদ্যানত ৪০ প্ৰজাতিৰ স্তন্যপায়ী বন্যপ্ৰাণী বাহ কৰে৷ হাতী [Elephant], গঁড় [Great Indian Onehorned Rhinoceros], বাঘ [Tiger], বনৰীয়া ম’হ [Wild Buffalo], গৌৰ [Gaur], শৰ পহু [Sambar], দল হৰিণা [Swamp Deer], হিমালয়ৰ কলা ভালুক [Himalayan Black Bear] এই আঠ প্ৰজাতিৰ ডাঙৰ স্তন্যপায়ী মানাহত পোৱা যায়; যিটো ভাৰতৰ আন কোনো ৰাষ্ট্ৰীয় উদ্যানত একেলগে পোৱা নাযায়৷

          অসম ডুয়াৰ্চত অৱস্থিত আৰু এখন অভয়াৰণ্য হ’ল বৰনদী অভয়াৰণ্য৷ ভূটান হিমালয়ৰ পাদদেশত অসম-ভূটান সীমান্তত অৱস্থিত এই বৰনদী অভয়াৰণ্য বৰ্তমানে বাক্সা আৰু ওদালগুৰি জিলাৰ অন্তৰ্ভুক্ত৷ এই অভয়াৰণ্যৰ মাজেৰে যিখন নদী প্ৰবাহিত হৈ গৈছে তাৰ নাম বৰনদী, এই বৰনদীৰ পৰাই অভয়াৰণ্যখনৰ নাম হৈছে – বৰনদী অভয়াৰণ্য৷ বৰনদী অভয়াৰণ্য অত্যন্ত ধুনীয়া এখন অভয়াৰণ্য৷

হাতী, গৌৰ, হিমালয়ৰ কলা ভালুক, নাহৰফুটুকী বাঘ, সুগৰি পহু, শৰপহু, নল গাহৰি ইত্যাদি এই অভয়াৰণ্যত দেখিবলৈ পোৱা যায়৷ এই অভয়াৰণ্যত প্ৰচুৰ পৰিমাণে মৌৰা চৰাই [Indian Peafowl] দেখিবলৈ পোৱা যায়৷ বিভিন্ন প্ৰজাতিৰ স্তন্যপায়ী বন্যপ্ৰাণী, উভচৰ আৰু সৰিসৃপ, পখিলা আৰু বিভিন্ন প্ৰজাতিৰ পতঙ্গ, বিভিন্ন প্ৰজাতিৰ বনৰীয়া চৰাই আৰু অসংখ্য প্ৰজাতিৰ অৰণ্যকেৰু [Orchid] এই অভয়াৰণ্যত আছে৷ এই অভয়াৰণ্য ভ্ৰমণৰ বিভিন্ন সুবিধা ইচ্চা কৰিলেই পৰ্যটকসকলে গ্ৰহণ কৰিব পাৰে৷

Raimona2

          অসমৰ ডুয়াৰ্চৰ বিস্তীৰ্ণ অৰণ্য অঞ্চলৰ ৪২২ বৰ্গ কিলোমিটাৰ সামৰি ২০২১ চনত গঠন কৰা হয় ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান৷ অসম ডুয়াৰ্চৰ এই অৰণ্য অঞ্চল অত্যন্ত সমৃদ্ধ৷ ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানৰ পশ্চিম সীমাৰে প্ৰবাহিত হৈ আছে সোণকোষ নদী৷ সোণকোষ নদীৰ পশ্চিম পাৰত অৱস্থিত বাংলাৰ বক্সা বাঘ্ৰ প্ৰকল্পৰ অৰণ্য৷ ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানৰ অৰণ্যত সোণালী বান্দৰ পোৱা যায়৷

উত্তৰ-পূব ভাৰতৰ ৰাজ্যবোৰৰ ভিতৰত ফুটুকী হৰিণা [Spotted Deer] অকল ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানৰ অৰণ্যতেই পোৱা যায়৷ হাতী, বাঘ, মাটি ভালুক, শৰপহু, গৌৰ, সোণালী মেকুৰী, গেধা ফুটুকী ইত্যাদি অসংখ্য প্ৰজাতিৰ বন্যপ্ৰাণী দেখা পোৱা যায় এই অঞ্চলত৷ কাঠনিৰ চৰাইৰ ক্ষেত্ৰতো এই অঞ্চল অত্যন্ত সমৃদ্ধ৷

সমগ্ৰ অসম ডুয়াৰ্চৰ অঞ্চল, অপূৰ্ব প্ৰাকৃতিক সৌন্দৰ্যত পৰিপূৰ্ণ৷ পাহাৰ, নদী, নিজৰা, ঝোৰা, বিল, ঘাঁহনি অঞ্চল, অৰণ্যৰ লগতে সমৃদ্ধ সংস্কৃতি সম্পন্ন জনগোষ্ঠীয় পৰম্পৰা, গাঁও, চাহ বাগান আৰু খেতিপথাৰৰ সৌন্দৰ্যত অসম ডুয়াৰ্চক অতুলনীয় কৰি তুলিছে৷

          যোৱা প্ৰায় ৩০ বছৰ ধৰি মই আমাৰ সংগঠন নেচাৰ্চ বেকনৰ হৈ অসম ডুয়াৰ্চৰ বিভিন্ন প্ৰান্তত বন্যপ্ৰাণী সংৰক্ষণৰ কাম কৰি আছো৷ এই অঞ্চলত বসবাস কৰা বড়ো, ৰাভা, সাওতাল, ৰাজবংশী, নেপালী ইত্যাদি জনগোষ্ঠীৰ মাজত বন্যপ্ৰাণী সংৰক্ষণ আৰু প্ৰকৃতি পৰ্যটনৰ কামৰ মাধ্যমে, নেচাৰ্চ বেকনে এই অঞ্চলত প্ৰকৃতি সংৰক্ষণৰ আন্দোলনৰ ভেটি শক্তিশালী কৰি তুলিছে৷ আনকি বড়ো ভাষাৰ মাধ্যমে কিতাপ-পত্ৰ আৰু প্ৰশিক্ষণৰ ব্যৱস্থা কৰি, শিবিৰ স্থাপন কৰি আমি এই অঞ্চলত প্ৰকৃতি ৰক্ষাৰ আন্দোলনক শক্তিশালী কৰি তুলিছো৷

Raimona3

          অসম ডুয়াৰ্চৰ আৰু কিছুমান স্থান হ’ল – উল্টাপানী, মাছ ভাণ্ডাৰ, কয়লা-ময়লা, ভৈৰৱকুণ্ড ইত্যাদি৷ সমগ্ৰ অঞ্চলটো প্ৰাকৃতিক সৌন্দৰ্য আৰু প্ৰাকৃতিক সম্পদত পৰিপূৰ্ণ হৈ আছে৷ বৰ্তমানে যিটো অসম ডুয়াৰ্চ, সেই অঞ্চলক প্ৰশাসনিকভাৱে পৰিচালনা কৰি আছে শ্ৰীপ্ৰমোদ বড়োৰ নেতৃত্বাধীন বডোলেণ্ড প্ৰদেশীয় আঞ্চলিক স্বায়ত্ত শাসিত চৰকাৰখনে [Bodoland Territorial Council]৷

এই অঞ্চলক যদি পৰিকাঠামো গঢ়ি তোলাৰ ব্যৱস্থা কৰা হয় আৰু এই অঞ্চলৰ প্ৰাকৃতিক সম্পদৰ কথা যদি সমগ্ৰ ভাৰতবাসীক আৰু বিশ্ববাসীক অৱগত কৰাবলৈ শ্ৰীপ্ৰমোদ বড়োৰ নেতৃত্বাধীন চৰকাৰখনে সফল হয়, তেনেহ’লে ‘অসম ডুয়াৰ্চ’ ভাৰতৰ শ্ৰেষ্ঠ ই’ক পৰ্যটনস্থলীত ৰূপান্তৰিত হ’ব পাৰে৷ যাৰফলত অভূতপূৰ্বভাৱে এই অঞ্চলৰ অৰ্থনৈতিক বিকাশৰ দুৱাৰ উন্মুক্ত হ’ব৷

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Editor

Editor

Related Posts

Matcha from Japanese Ritual to Global Obsession
Special Report

Matcha from Japanese Ritual to Global Obsession

by Pradakshina Sarmah
July 15, 2026
0

Matcha from Japanese Ritual to Global Obsession PRADAKSHINA SARMAH Matcha is deeply rooted in Japanese Culture, as well as Zen...

Read moreDetails
The Dangote Effect and Nigeria’s Energy Transition

The Dangote Effect and Nigeria’s Energy Transition

July 15, 2026
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

July 6, 2026
In Between River and the Big Gates: How Sluice Gates are shaping floods in Assam’s Katigorah!

In Between River and the Big Gates: How Sluice Gates are shaping floods in Assam’s Katigorah!

July 5, 2026
The River That Became a Drain: Bharalu and the Death of a Memory

The River That Became a Drain: Bharalu and the Death of a Memory

July 4, 2026
India’s Progress Highlighted in SDG Report 2026

India’s Progress Highlighted in SDG Report 2026

July 2, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Bhattadev University and the Mahabahu Climate Forum in Manas National Park

Bhattadev University: A Comprehensive Journey through the Climate Justice 101

July 15, 2026
Adaptation Without Agency Is Not Resilience

Adaptation Without Agency Is Not Resilience

July 15, 2026
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 15, 2026
From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence

From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence

July 15, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37480 shares
    Share 14992 Tweet 9370
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    16979 shares
    Share 6792 Tweet 4245
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2214 shares
    Share 886 Tweet 554
  • CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

    328 shares
    Share 131 Tweet 82
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    241 shares
    Share 96 Tweet 60
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    391 shares
    Share 156 Tweet 98
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1165 shares
    Share 466 Tweet 291
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    143 shares
    Share 57 Tweet 36
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6748 shares
    Share 2699 Tweet 1687
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3937 shares
    Share 1575 Tweet 984
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d