অসম দিৱসৰ চিন্তাঃ গণৰাজ্য দিবসৰ কুছকাৱাজত আক্ৰমণকাৰী চুকাফা ??
ড° ৰক্তিম ৰঞ্জন শইকীয়া
“জাতি” নামৰ ধাৰণাটো অতি আধুনিক ইউৰোপীয় ধাৰণা আৰু ধ্ৰুপদী অর্থত জাতি এটা গঠনৰ বাবে যি সমূহ উপাদানৰ প্ৰয়োজন সেয়া “অসমীয়া” বুলি অভিহিত কৰা জনসমষ্টিটোত অতি কমকৈ থাকিলেও “অসমীয়া” বুলি কোৱা বিমূর্ত ধাৰণাটোৰ সৃষ্টিত চুকাফাৰ অৱদান উপেক্ষা কৰিব নোৱাৰো৷
প্ৰতি বছৰে অসম দিৱসৰ দিনা আমাৰ মাজত আহি পৰা সমস্যাটো হ’ল আমি অসমীয়া জাতিৰ জনক বুলি উল্লেখ কৰা চুকাফাক কেনেকৈ প্ৰক্ষেপ কৰিছোঁ ৷
যোৱা ২০১৩ চনৰ গণৰাজ্য দিৱসৰ কুছকাৱাজত অসমৰ প্ৰতীকপট হিচাপে প্ৰথমজনা স্বর্গদেউ চুকাফাৰ অসম আগমণৰ দৃশ্যটোক উপস্থাপন কৰিবৰ বাবে অসম চৰকাৰে প্ৰস্তাৱ পঠাইছিল৷
দুৰ্ভাগ্যবশতঃ সেইসময়ৰ ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে চুকাফা এজন “বিদেশী আক্ৰমণকাৰী” বুলি প্ৰস্তাৱটো নাকচ কৰিছিল (The Assam Tribune, Guwahati, Tuesday, December 18, 2012)৷
এই বিষয়টো লৈ অসমৰ সেই সময়ৰ এজন সাংসদ কুমাৰ দীপক দাসে ৰাজ্যসভাত কৰা তীব্ৰ প্ৰতিবাদ (The Telegraph Dec 18, 2012) আৰু বিষয়টোলৈ অসমৰ ৰাইজৰ মাজত গভীৰ অসন্তুষ্টিৰ সৃষ্টি হোৱালৈ লক্ষ্য কৰি সেইসময়ৰ ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী এ কে এন্টনীয়ে পলমকৈ প্ৰতীকপট আগবঢ়োৱাৰ বাবেই গণৰাজ্য দিৱসৰ কুছকাৱাজত ‘চুকাফা’ক ভাগ ল’বলৈ দিব পৰা নহ’ল বুলি এটা স্পষ্টীকৰণ দিছিল (Assam Tribune, Guwahati, Friday, January 25, 2013)৷
অৱশ্যে সেয়া অসমবাসীক ভুৰুকিয়াবলৈ গোৱা নিচুকণি গীত বুলি সকলোৱেই অনুভৱ কৰিছিল৷
ব্ৰহ্মপুত্ৰ উপত্যকাৰ জনমানসত “আক্ৰমণকাৰী চুকাফা”ৰ বাগধাৰা কেতিয়াও নাছিল৷ কাৰণ ব্ৰহ্মপুত্ৰ উপত্যকালৈ আগমণৰ সময়ত আক্ৰমণকাৰী হ’বলৈ চুকাফাৰ সম্বলো নাছিল, প্ৰয়োজনো নাছিল ৷
খ্ৰীষ্টীয় দ্বাদশ শতিকাত চেঙ্গিজ খানৰ নেতৃ্ত্বত দক্ষিণ চীনদেশৰ তাই ৰাজ্য সমূহৰ ওপৰত মঙ্গোল সকলৰ আক্ৰমণ আৰম্ভ হৈছিল আৰু চুকাফাৰ পিতৃ ত্যাওচাংনেওৱে নিজৰাজ্য হেৰুৱাই শহুৰেকৰ ঘৰত আছিলহি আৰু তাতে ৰাজকোঁৱৰ চুকাফাই জন্মলাভ কৰিছিল৷
মোমায়েকৰ ঘৰতে ডাঙৰ দীঘল হৈ পাচত মোমায়েকৰ পুত্ৰৰ পৰা কিছু মানুহ লৈ চুকাফাই বসবাসৰ বাবে ভূমিৰ সন্ধানত বর্তমানৰ অসমলৈ গতি কৰে (The Shan of Burma, Memories of a Shan Exile, page 62)৷
বর্তমান চীনদেশৰ য়ুন্নান প্ৰদেশৰ দিহং অঞ্চলত (Dehong Prefecture) অৱস্থিত মংগমাওৰ (আজিৰ ৰুইলী নগৰ, Ruili City) পৰা বর্তমানৰ অসমৰ দিহিং উপত্যকা পাওতে চুকাফাৰ ১৩ বছৰ লাগিছিল৷
এটা আক্ৰমণকাৰী সেনাদলে এই পথ ২ মাহতে অতিক্ৰম কৰিব পাৰে৷ চুকাফাৰ এই পথ অতিক্ৰম কৰিবলৈ ১৩ বছৰ লগাৰ কাৰণ হ’ল তেওঁ আহিছিল খেতি আৰু গাঁও পতাৰ উপযোগী মাটি বিছাৰি, আক্ৰমণৰ বাবে নহয়।
“যুঝ কৰিলে দুইৰো মানুহ এঠাই হৈ জিনিব পাৰিব৷ আমাৰ মানুহ ঠায়ে ঠায়ে থৈ অহা গৈছে কিৰিষিক মনে”—দেওধাই বুৰঞ্জীৰ অন্তর্গত বাঁহগৰীয়া বুঢ়াগোহাঁইৰ বুৰঞ্জী, পৃষ্ঠা-৭৪৷
সমগ্ৰ পথচোৱাত বিভিন্ন ঠাইত চুকাফাই দুই একবছৰ ৰৈ গাঁও পাতি খেতি বাতি কৰি বাসোপযোগী হয়নে তাক পৰীক্ষা কৰি অহাৰ বাবে যাত্ৰা ইমান দীঘলীয়া হৈছিল৷
চুকাফাৰ লগত অহা মানুহৰ সংখ্যা এহাজাৰৰ দহাজাৰলৈকে আছিল বুলি বেলেগ বেলেগ বুৰঞ্জীত বেলেগ বেলেগ তথ্য আছে৷ পুৰণি অসম বুৰঞ্জী (পৃষ্ঠা ১০), দেওধাই বুৰঞ্জীৰ অন্তর্গত বাঁহগৰীয়া বুঢ়াগোহাঁইৰ বুৰঞ্জী (পৃষ্ঠা-৭২)৷ মনে”—দেওধাই বুৰঞ্জীৰ অন্তর্গত বিবিধ খণ্ড বুৰঞ্জী ( পৃষ্ঠা-১৬২) আৰু সাতসৰী অসম বুৰঞ্জী (পৃষ্ঠা ৫৪)ৰ মতে এই সংখ্যা এহাজাৰ৷ আনহাতে দেওধাই বুৰঞ্জীৰ আন এটা পৃষ্ঠাৰ মতে (পৃষ্ঠা ৮) এই সংখ্যা দহহাজাৰ আছিল৷
আমাৰ ধাৰণাত এহাজাৰটো শুদ্ধ৷ কাৰণ চুকাফাৰ আদি ভূমিত অৱস্থিত ৰাজ্য (মং) সমূহ ইমান ক্ষুদ্ৰ আছিল যে হঠাতে ন-দহ হাজাৰ মানুহ গুছি আহিলে একো একোখন মং জনশূণ্য হৈ পৰিব৷ চুকাফাৰ মোমায়েকৰ পুত্ৰই নিজৰ ক্ষতি কৰি এনে হ’বলৈ নিশ্চয়কৈ নিদিলে হেতেন৷ এনে এটা ক্ষুদ্ৰ জনসংখ্যাৰে ৰাজ্যজয়ৰ পৰিকল্পনা কৰাটোও এটা অবাস্তৱ ধাৰণাহে৷
চুকাফাৰ আগমণৰ সময়ত দিহিং দিখৌৰ মাজৰ অংশটোত তিনিটা জনগোষ্ঠীৰ (বৰাহী, মৰাণ আৰু কছাৰী) মানুহে বাস কৰিছিল যদিও জনসংখ্যা অতি পাতল আছিল৷ শ্বান সকলে কাকো আতঁৰাই ঠাই দখল কৰিব লগা হোৱা নাছিল৷ তেওঁলোকে আহি মাত্ৰ খালি ঠাই বোৰত সোমাই গৈছিলহি৷ চুকাফাই শ্বান সকলক (তেতিয়াও আহোম হোৱা নাছিল) ঠায়ে ঠায়ে পাতিছিল৷
এই অৱস্থাত বর্তমানৰ উপগ্ৰহীয় শাসন ব্যৱস্থাৰ দৰে চুকাফাৰ অধিকাৰ আন আন জনগোষ্ঠী বোৰৰ মাজে মাজে অন্তৰ্ভূক্তিৰ (Enclave) দৰে সোমাই থকা শ্বান বসতি বোৰৰ ওপৰতহে আছিল৷ এবাৰ মাত্ৰ চুকাফাই দিখৌ পাৰ হৈ চাবলৈ মানুহ পঠাইছিল—
“ছয় লাক্নি তাতে থাকি মানুহ পঠাই চোৱালত নামদাঙ্গত তিনি হেজাৰ পানী খোৱা ঘাট দেখিলে৷……চাৰিঙ্গতো তিনি হেজাৰ ঘাট দেখি কিছুমান ভয়-সংসয় কৰি ডিমৌ আছিলেগৈ”—দেওধাই বুৰঞ্জী, পৃষ্ঠা ৭৷
দিখৌ অতিক্ৰম কৰি বসতি স্থাপন কৰিব পৰাকৈ শক্তি অর্জন কৰিব পৰা নাছিল বাবেই চুকাফাই পুণৰ দিখৌ পূৱ পাৰলৈ উভতি যোৱাৰ সিদ্ধান্ত কৰিছিল—
“যুঁজ কৰিলে দুইৰো মানুহ পৰিব”—সাতসৰী অসম বুৰঞ্জী, পৃষ্ঠা-২৪৷
ব্ৰহ্মপুত্ৰ উপত্যকালৈ চুকাফাৰ নেতৃত্বত আগমণ হোৱা লোক সকলৰ যুদ্ধৰ মাজেৰে ৰাজ্য দখলৰ কোনো পৰিকল্পনা নথকাৰ কথাটো অন্ততঃ মণিৰাম দেৱানৰ সময়লৈকে অসমীয়া মানুহৰ মন মগজুত গভীৰ ভাৱে প্ৰোথিত আছিল৷
চুকাফাৰ সময়ৰ আহোম ৰাজ্য আছিল পতিত ভূমিত কোনো মাটি দখলৰ যুদ্ধাভিযান অবিহনে তিলতিলকৈ গঢ়লৈ উঠা জনপদ; সেয়ে মণিৰাম দেৱানে অতি সুচিন্তিত ভাৱে এই ৰাজ্যক জয় কৰি লোৱা বুলি কোৱাৰ পৰিবর্তে পাতি লোৱা দেশ বুলি উল্লেখ কৰিছে—
“স্বর্গীনাৰায়ন ৰাজাৰ নিজবাহুবলে শ্ৰীশ্ৰী কামাক্ষাৰ প্ৰসাদে পাতি লোৱা হাৰকটোনৰ দেশ”—বুৰঞ্জী বিবেকৰত্ন, পৃষ্ঠা ১০৯৷
কিন্তু স্বাধীনোত্তৰ কালত চুকাফাক বীৰ হিচাপে প্ৰক্ষেপ কৰিবলৈ গৈ চুকাফাৰ দর্শনৰ আত্মাকে সলনি কৰি চুকাফাক আক্ৰমণকাৰী সজাই পেলোৱা হ’ল৷ চুকাফাক দ্বিগ্বীজয়ী বীৰ ৰূপে প্ৰতিষ্ঠা কৰিলে তেওঁৰ গৌৰৱ বৃদ্ধি পাব বুলি চিন্তা কৰা এচামে বুৰঞ্জীৰ সাক্ষ্যপ্ৰমাণক বীৰ সজোৱাৰ প্ৰচেষ্টাত ব্ৰতী হ’ল৷
আনকি বীৰ চুকাফাৰ মোহত ডঃ যতীন্দ্ৰ কুমাৰ বৰগোহাঁঞিৰ দৰে বৰেণ্য ব্যক্তিয়েও তেখেতৰ “অসমৰ অৰ্থনৈতিক ইতিহাস” গ্ৰন্থত স্পষ্টকৈ চুকাফাক আক্ৰমণকাৰী বুলি উল্লেখ কৰিলে (উক্ত গ্ৰন্থ,পৃষ্ঠা ১)৷
এনে উদাহৰণ বিচাৰিলে আৰু ওলাব৷
পুনৰউত্থানবাদী চিন্তাৰ ওভোটা সোঁতে চুকাফা নামৰ সমন্বয়ৰ বাহক মানৱতাবাদী ব্যক্তিজনক এনেকৈ চিনিব নোৱাৰাকৈ সলাই পেলালে যে ২০১৩ চনৰ গণৰাজ্য দিৱসৰ দিনা আনুষ্ঠানিক ভাৱে চুকাফা “আক্ৰমণকাৰী বিদেশী” ঘোষিত হৈ গ’ল৷
টাইমুৰ লং বা চেঙ্গিজ খানৰ লগত চুকাফাৰ কোনো পার্থক্য নাথাকিল৷ ইতিহাসক নিজৰ মতে গতি কৰিবলৈ নিদি নিয়ন্ত্ৰণ কৰিবলৈ চলোৱা যিকোনো প্ৰচেষ্টাৰ ফল এনে হয়৷
চুকাফা হ’ল মধ্যযুগৰ অস্থিৰ ৰাজনৈতিক প্ৰেক্ষপটে সৃষ্টি কৰা এগৰাকী ব্যক্তি ৷ তেওঁৰ মহত্ব যিদৰে আছিল সেইদৰে সীমাবদ্ধতাও আছিল৷ আমি চুকাফাক বিশ্লেষণ কৰোতে সেই যুগৰ পৰিবেশৰ আধাৰতে কৰিব লাগিব৷ সময়ত অতিক্ৰম কৰিবলৈ চলোৱা যিকোনো অবৈজ্ঞানিক প্ৰচেষ্টাই চুকাফাৰ মহত্বক লঘূহে কৰিব৷
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)