‘অসম নাট্য সন্মিলন বঁটা’ প্ৰাপক দুলাল ৰয়ৰ বিচিত্ৰ জীৱনগাথা
(অসম নাট্য সন্মিলনৰ ৬২ সংখ্যক তেজপুৰ অধিৱেশন উপলক্ষ্যে)
যুগান্ত বায়ন

অসমত অপেছাদাৰী নাটকক গতিশীল কৰাৰ ক্ষেত্ৰত অগ্ৰণী আৰু একক ভূমিকা পালন কৰি অহা বিশিষ্ট নাট্যকাৰ,অভিনেতা, পৰিচালক, সমালোচক, নাট অনুবাদক, অসমীয়া নাট্য জগতক এক অনবদ্য আৰু বৰ্ণিল ৰূপ দিবলৈ অবিৰতভাৱে সংগ্ৰাম চলাই থকা দুলাল ৰয়ক ২০২৪ চনৰ ১৭ জানুৱাৰীৰ পৰা ২১ জানুৱাৰী লৈ অসমৰ সাংস্কৃতিক ৰাজধানী তেজপুৰত অনুষ্ঠিত হৈ থকা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মানস পুত্ৰ অসম নাট্য সন্মিলনৰ ৬২ সংখ্যক অধিৱেশনত “অসম নাট্য সন্মিলন বঁটা“ৰে সন্মানিত কৰাৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তই অসমত বিভিন্ন প্ৰতিকূল পৰিস্থিতিৰ মাজতো অপেছাদাৰী নাটকক জীয়াই ৰখাৰ সংগ্ৰামত ব্ৰতী হোৱা নাট্যকৰ্মীসকলক উৎসাহিত কৰাৰ বাবে গ্ৰহণ কৰা এই সিদ্ধান্তও এক ঐতিহাসিক সিদ্ধান্ত হিচাপে অসমৰ নাটকৰ বুৰঞ্জীত চিৰস্মৰণীয় হৈ ৰ’ব।

নাট্য সন্মিলনৰ এনেধৰণৰ প্ৰচেষ্টাই অসমৰ নতুন প্ৰজন্মক যিসকলে আজিও অপেছাদাৰী ৰূপত নাট্য চৰ্চাত জড়িত হৈ আছে, সেইসকল নাট্যকৰ্মীক ভৱিষ্যতে আৰু অধিক সৱল আৰু শক্তিশালী ৰূপত নাট্য চৰ্চাৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ বাবে প্ৰেৰণা যোগাব।
১৯৪৩ চনত গুৱাহাটীৰ শান্তিপুৰত জন্ম গ্ৰহণ কৰা দুলাল ৰয়ে নগৰীয়া পৰিৱেশত ডাঙৰ-দীঘল হ’লেও শিপা সন্ধানী ৰয়ৰ সৃষ্ঠিশীল মনটো লোকজীৱনৰ সম্বৃদ্ধিৰে পৰিপূৰ্ণ আছিল।
১৯৬৬ চনত নতুন দিল্লীৰ “নেচনেল স্কুল অফ ড্ৰামা“ৰ পৰা নাট্যকলা (নিৰ্দেশনা) ডিপ্লমা গ্ৰহণ কৰা দুলাল ৰয় ১৯৭০ চনত “ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট”ৰ পৰা কথাছবি সম্পাদনা কৰাৰ ডিপ্লমা গ্ৰহণ কৰে।
সৈনিক শিল্পী ব্ৰজনাথ শৰ্মাৰ জীৱন পৰিক্ৰমাৰে সংপৃক্ত বৰনগৰৰ সৈতে আত্মিক আৰু পাৰিবাৰিক সম্পৰ্ক থকা দুলাল ৰয় প্ৰায় ৭২ খনতকৈও অধিক মঞ্চ নাটক পৰিচালনা কৰাত উপৰিও বহুকেইখন অনাতাঁৰ নাট, দূৰদৰ্শনৰ কাহিনী, টেলিফিল্ম পৰিচালনা কৰি অসমীয়া নাট্য জগতৰ বহুল প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত এক অনবদ্য অৱদান আগবঢ়াই আহিছে।

কামৰূপ কি কাহানী, বন্দিয়াৰ, স্থাফ ফটোগ্ৰাফাৰৰ ছবি আদি দূৰদৰ্শনৰ হিন্দী ধাৰাবাহিক পৰিচালনা কৰি দুলাল ৰয় সৰ্ব ভাৰতীয় প্ৰেক্ষাপটত অসমৰ নাট্যকৰ্মীৰ সাধনা আৰু সৃষ্টিৰাজিক সৱল ৰূপত প্ৰতিষ্ঠা কৰিছে।
তেওঁ চফৰ, দস্তক, বুদ্ধা মিল গেয়া, আনান্দ আদি হিন্দী কথাছবিসমূহত সহকাৰী পৰিচালক হিচাপে কৰ্ম দক্ষতা প্ৰদৰ্শন কৰি হিন্দী কথাছবিক মহীয়ান কৰাৰ লগতে “যাত্ৰা” নামৰ এখন টেলিফিল্ম আৰু “আশ্ৰয়” নামৰ এখন অসমীয়া কথাছবিও পৰিচালনা কৰিছে।
বহুকেইখন পূৰ্ণাংগ আৰু একাংকিকা নাট ৰচনা কৰি তেওঁ যিদৰে অসমীয়া নাট্য সাহিত্যৰ ভঁৰাল চহকী কৰিছে সেইদৰে চিত্ৰনাট্যও ৰচনা কৰিছে আশ্ৰয়, অন্তহীন যাত্ৰা, অংকুৰ আদি অসমীয়া বোলছবি।
অভিনেতা হিচাপে নাট্যমঞ্চ, অনাতাঁৰ, দূৰদৰ্শন, কথাছবি সকলোতেই অভিনয় কৰি যথেষ্ট যশস্বা অৰ্জন কৰা দুলাল ৰয়ৰ “মাছৰ তেলেৰে মাছ”, “শুনা জন্মে জয়”, “অন্ধযুগ”, “আধে অধুৰে” আদি বহুকেইখন নাটক আৰু গ্ৰন্থ প্ৰকাশ পাইছে।

১৯৭৩ আৰু ১৯৭৮ চনত দিল্লীত অনুষ্ঠিত সৰ্বভাৰতীয় পূৰ্ণাংগ নাট প্ৰতিযোগিতাত ক্ৰমে “প্ৰেয়সী” আৰু “চৰকাৰী ইন্সপেক্টৰ” নাট দুখন শ্ৰেষ্ঠ নাট আৰু ৰয়ে শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।
নাট্যকৰ্ম স্বীকৃতি স্বৰূপে তেওঁ ইতিমধ্যে “সংগীত নাটক অকাডেমী বঁটা”, “নাট্য ভাস্কৰ সন্মান”, “চমনলাল মেমৰিয়েল এৱাৰ্ড”, “শ্ৰধাৰ্ঘ্য এৱাৰ্ড”, “নাট্য প্ৰভাকৰ সাৰদাকান্ত বৰদলৈ এৱাৰ্ড”, “ভৱেন বৰুৱা এৱাৰ্ড”, “বিশ্ব মহাবীৰ চিলাৰায় এৱাৰ্ড”, “জীৱন শিল্পী আদ্য শৰ্মা বঁটা”, ” “হাউলী বঁটা” আদি বিভিন্ন বঁটা বিভূষণেৰে সন্মানিত হৈছে।
২০১৪ চনত অসম নাট্য সন্মিলনৰ সভাপতিৰ পদ অলংকৃত কৰা দুলাল ৰয় চৰকাৰী, বেচৰকাৰী অনেক সন্মানীয় পদবীত অধিষ্ঠিত হৈ অসমৰ নাট্য ক্ষেত্ৰ সম্বৃদ্ধিশালী কৰাৰ যুঁজত অৱতীৰ্ণ হৈ আছে। শেহতীয়াভাৱে তেওঁ ৰচনা কৰা ৫খন নাটক অসম প্ৰকাশন পৰিষদে গ্ৰন্থ আকাৰে প্ৰকাশ কৰিবলৈ প্ৰচেষ্টা হাতত লৈছে।

এইজনা পুৰোধা, সংস্কৃতিৰ সাধকক তেওঁৰ জীৱনজোৰা সাধনাৰ স্বীকৃতিৰূপে অসম নাট্য সন্মিলনে ২০২৪ চনত ২১ জানুৱাৰীত তেজপুৰ অধিৱেশনত “অসম নাট্য সন্মিলন বঁটা”ৰে সন্মানিত কৰা দুলাল ৰয় লৈ ভক্তি ভৰা অভিনন্দন জনাইছোঁ।
যুগান্ত বায়ন/৮৮৭৬৪১৫০৮৯
21-01-2024
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)