অসম নাট্য সম্মিলনৰ সভাপতি কুমাৰ দীপক দাসৰ অভিভাষণ
MAHABAHU Desk
অসম নাট্য সম্মিলনৰ সভাপতি কুমাৰ দীপক দাসৰ অভিভাষণ :
৬২ সংখ্যক অসম নাট্য সম্মিলনৰ তেজপুৰ অধিৱেশনৰ এই পবিত্র ক্ষণত উপস্থিত থকা অসম নাট্য সম্মিলনৰ সতীৰ্থসকলৰ লগতে উপস্থিত থকা বিশিষ্টভাবে ৰাজহুৱা সম্বৰ্দ্ধনাৰ বাবে নিমন্ত্রণ কৰি অনা মোৰ অতি শ্রদ্ধাৰ নাট্যশিল্পীবৃন্দ আৰু অসম নাট্য সম্মিলনৰ ৬২ সংখ্যক অধিবেশন স্থলীত উপস্থিত থাকি আজিৰ এই কাৰ্যসূচীক সমৃদ্ধ কৰা মোৰ অতি শ্রদ্ধাৰ সুধী ৰাইজ আৰু সাংবাদিক বন্ধুসকল।
মোৰ এই সভাপতিৰ অভিভাষণ পাঠৰ আৰম্ভণিতে আপোনালোক সদৌটিৰ চৰণত সেৱা জনাইছোঁ আৰু অসম নাট্য সম্মিলনৰ অতি সন্মানৰ সভাপতিৰ দায়িত্বভাব আমাৰ নাট্য সতীর্থসকলৰ সিদ্ধান্ত আৰু পৰামৰ্শক সন্মান জনাই পুনৰবাৰ অন্য এটি কার্যকালৰ বাবে ল’বলৈ আহি আপোনালোকৰ লগতে অসম নাট্য সম্মিলনৰ সমূহ সতীৰ্থৰ আশীর্বাদ আৰু শুভেচ্ছা কামনা কৰিছোঁ।
আমাৰ এই ক্ষুদ্র অভিভাষণৰ পাতনিতে আমাৰ জাতীয় জীৱনক সুৰক্ষা দিবলৈ আত্মবলিদান দিয়া প্রতিজন বীৰ শ্বহীদৰ লগতে অসম নাট্য সম্মিলনক নেতৃত্ব দি, জাগ্রত সৈনিক হিচাপে থাকি অসমৰ নাট্য আন্দোলনক মহিয়ান কৰি আমাৰ মাজৰ পৰা চিৰদিনলৈ বিদায় লোবা সেইসকল পুণ্যাত্মাৰ পবিত্র স্মৃতিত আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ।
অসম নাট্য সম্মিলনৰ ৬২ সংখ্যক পূর্ণাংগ অধিবেশন সমগ্র উত্তৰ-পূৰ্বাঞ্চলৰ সাহিত্য-সংস্কৃতিৰ অন্য এক পীঠভূমি ঐতিহ্যপূর্ণ তেজপুৰত অনুষ্ঠিত হৈছে।
সপ্তম শতিকাত ভাৰতবৰ্ষলৈ আহিছিল চীনা পৰিব্রাজক হিউ-এন-চাও, মধ্যভাৰতৰ পাবনা অতিক্রম কৰি পূৰ্বাঞ্চলৰ পিনে ৯০০ লি বা ১৫০ মাইল পাৰ হৈ পোৱা বৃহৎ নদী পাৰ হৈ তেওঁ প্রবেশ কৰিছিল তেতিয়াৰ কিয়া- মো-লিউ-পো বা কামৰূপত। হিউ-এন-চাঙ অহাৰ বহু আগৰ পৰাই এই ব্রহ্মপুত্র উপত্যকাত জনবসতি আৰম্ভ হৈছিল যাৰ বিৱৰণ তেখেতে লিপিবদ্ধ কৰিছিল।
অবশ্যে এই জনবসতি ইমান ঘন নাছিল, ১৯১১ চনৰ ৰিপৰ্ট মতে, ব্রহ্মপুত্র উপত্যকাৰ জনবসতিৰ ঘনত্ব হ’ল প্রতি বর্গ কিলোমিটাৰত ৬৩ জন। এতিয়াৰ ছবিখন ওলোটা।
তাহানিৰ কামৰূপৰ কথা বাদ দি বৰ্তমানৰ অসমৰ বৃহৎ জনসংখ্যাপূর্ণ জিলাকেইখনৰ ভিতৰত শোণিতপুৰ অন্যতম। যিয়ে আমাৰ সামাজিক, অর্থনৈতিক, সাংস্কৃতিক, বাজনৈতিক সকলো দিশতে এক প্রবল সংগ্রামী সত্ত্বা হৈ এই ঐতিহ্যপূর্ণ তেজপুৰৰ গৰিমা আৰু সংস্কৃতিক জীপাল কৰি সৃষ্টিৰ ন-ন পাতনিৰে বৃহত্তৰ অসমৰ জাতীয় জীবন সমৃদ্ধ কৰি অহর্নিশে শিক্ষা- সাহিত্য-সংস্কৃতিৰ চৰ্চা অব্যাহত ৰাখি, এই আন্দোলনত বিভিন্ন জাতি-উপজাতি, ভাষিক তথা ধর্মীয় গোষ্ঠীৰ মাজত সমন্বয়ৰ এক উজ্জ্বল এনাজৰীৰে নিজৰ জাতীয় ঐতিহ্য অব্যাহত ৰাখিছে।
এইখনেই তেজপুৰ য’ত ভক্তৰ পণ ৰক্ষাৰ বাবে দেবাদি দের মহাদেবে সমুখ কণত অনন্ত কৌটি ব্রহ্মাণ্ডৰ অধিকাৰী শ্রীহৰিৰ সৈতে থিয় হৈছিল যি আছিল ‘হৰি-হৰ যুদ্ধ’ (হৰিঃ কৃষ্ণ, হৰঃ শিব) বুলি জনাজাত। যি বক্তক্ষয়ী যুদ্ধৰ পৰিণতিত এই স্থানৰ মাটিক তেজেৰে ৰাঙলী হৈছিল, শোণিতৰ ঢল বৈছিল। সেয়ে এই স্থান তেজপুৰ বা শোণিতপুৰ বুলি পৰিচিত হৈ পৰে। এইখনেই শোণিতপুৰ যি মাটিত ‘গহপুৰ আৰক্ষী চকীত ১৯৪২ চনত ব্রিটিছৰ বিৰুদ্ধে আন্দোলন কৰি জাতীয় পতাকা উত্তোলন কৰিবলৈ গৈ ১৪ বছৰীয়া কিশোৰী কনকলতা বৰুবাই পুলিচৰ গুলি বুকু পাতি লৈ তেজেৰে ৰাঙলি কৰিছিল।
এইখনেই তেজপুৰ য’ত জাতীয় অস্তিত্ব বক্ষাৰ হেতু ভূপেন ডেকা, অনুকুল কাকতি, রূপক নাথ, মনজিৎ দাস, অনাদি বৰা, কনক চন্দ্র নাথ, প্রভাত বৰা, হৰকান্ত বৰা, বৈজয়ন্তী দেবী, দিলীপ শর্মা, যজ্ঞেশ্বৰ নাথ, সোণেশ্বৰ শইকীয়া, সোণাৰাম নাথ, প্রেম বৰাৰ দৰে তেজাল আৰু চিৰপূজ্য বীৰসকলে জীৱনক তুচ্ছ কৰি শ্বহীদ বৰণ কৰি আইক পূজিবলৈ ওলাই আহিছিল।
তেজপুৰ কলা, সংস্কৃতি, সাহিত্য, ঐতিহ্য আৰু প্রাকৃতিক সম্পদৰ ফালৰ পৰা অতি মনোমোহা নগৰ। ইয়াতেই আছে মহাভৈৰৱ মন্দিৰ। তেজপুৰ চহৰৰ উত্তৰ দিশত অৱস্থিত মূল মন্দিৰৰ ভিতৰত আছে এটা বৃহৎ শিৱলিগং যাৰ উচ্চতা প্রায় ৩.২ মিটাৰ আৰু প্রস্থ ২.৩ মিটাৰ। ইয়াত আছে অগ্নিগড়- এক প্রসিদ্ধ আকর্ষণ স্থলী। যি ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত এখন ধুনীয়া পাহাৰ।
এই পাহাৰখন উষা আৰু অনিৰুদ্ধৰ প্রেমৰ কাহিনী লৈ প্রসিদ্ধ। ইয়াতে আছে দ- পৰ্বতীয়া। য’ত অসমৰ সকলোতকৈ প্রাচীন স্থাপত্য আৰু ভাস্কর্যৰ নিদর্শন পোৱা যায়। য’ত অগ্নিগড়ৰ দৰে স্থাপত্য আছে, য’ত কলীয়া-ভোমবা সেতু আছে, য’ত জ্ঞানব জ্যোতি আছে, এনেখন তেজপুৰকে ড° ভূপেন হাজৰিকাদেরে সপোনপুৰী মায়ানগৰী আখ্যা দিছিল।
ভূপেনদাই বর্ণনা কৰি গৈছিল অগ্নিগড়, ৰাজকুমাৰ অনিৰুদ্ধ, ৰাজকুমাৰী উষা-ভগবান শ্রীকৃষ্ণৰ সৈতে বিজড়িত ইতিহাস, মহান আহোম পুৰোধা কলীয়া- ভোমৰা ফুকনৰ দূৰদৃষ্টি, জ্ঞানৰ ভাণ্ডাৰ, এইবোৰতো তেজপুৰৰ বাবে প্ৰেৰণাৰ উৎস। ভূপেনদাৰ সৈতে জ্যোতিপ্রসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভাৰ দৰে মহান ব্যক্তিত্বই তেজপুৰৰ পৰিচয় বহন কৰি আহিছে।
অসমীয়া সাহিত্যৰ বহুকেইজন বিশিষ্ট ব্যক্তিৰ জন্ম এই তেজপুৰতে হয়। তেওঁলোকৰ ভিতৰত- চন্দ্ৰ কুমাৰ আগৰৱালা, আনন্দ চন্দ্ৰ আগৰৱালা, দণ্ডিৰাম কলিতা, কমলাকান্ত ভট্টাচার্য, বিষ্ণুপ্রসাদ ৰাভা, জ্যোতিপ্রসাদ আগৰৱালা, ফণী শৰ্মা, লম্বোদৰ বৰা, পদ্মনাথ গোহাঞিবৰুৱা, হেমচন্দ্র বৰুৱা, অমিয় কুমাৰ দাস, লক্ষ্মীধৰ শর্মা, গহণ চন্দ্র গোস্বামী, বিজয় চন্দ্র ভাগবতী, গজেন বৰুৱা, কনকলতা বঝরা, সোমনাথ চেটার্জী, ত্রৈলোক্য ভট্টাচার্য, কমলাপ্রসাদ আগৰৱালা, প্রফুল্ল বৰা আদি প্রাতঃস্মৰণীয়।
অসমৰ প্ৰথমটো বাদ্যযন্ত্রী দলে ১৯০৭ চনত তেজপুৰতে জন্মলাভ কৰে। অসমৰ প্ৰথমটো আধুনিক ৰংগমঞ্চ বাণ ৰঙ্গমঞ্চ ১৯০৬ চনত এই তেজপুৰতে স্থাপিত হয়।
আমাৰ গৌৰৱ স্থল অসমৰ জাতীয় সংগীত “অ’ মোৰ আপোনাৰ দেশ” প্রথমবাৰৰ বাবে সুৰাৰোপিত কৰি তেজপুৰতে গোৱা হৈছিল। ‘ৰূপকোঁৱৰ‘ জ্যোতিপ্ৰসাদ আগৰৱালাই তেজপুৰতেই প্রথম অসমীয়া চলচ্চিত্র ‘জয়মতী’ৰ সকলো কাম সম্পাদনা কৰে।
ঊষা নগৰী তেজপুৰৰ নাট, সাহিত্য, সংগীতৰ চৰ্চাৰ এক বর্ণিল ইতিহাস আছে। অসমীয়া নাট-সাহিত্য-সংস্কৃতিৰ বহু পুৰোধা লোকৰ জন্মস্থান তেজপুৰ। ১৯০৬ চনত ৰংগমঞ্চ সাজি আধুনিক ৰংগমঞ্চৰ ইতিহাসৰো আৰম্ভণি হৈছিল এই তেজপুৰতেই।
চন্দ্ৰকুমাৰ আগৰৱালা, ফণী শর্মা, দণ্ডিৰাম কলিতা, কমলাকান্ত ভট্টাচার্য, বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্রসাদ আগৰৱালা, লম্বোদৰ বৰা, পদ্মনাথ গোহাঞিবৰুৱা, চন্দ্রনাথ শর্মা, দণ্ডিনাথ কলিতা, হীৰাৱতী গোহাঞিবৰুৱা, হেমচন্দ্র বৰুৱা আদি প্রথিতযশা নাট্যকাৰ, সাহিত্যিকৰ সৃষ্টিৰাজিৰ সৈতে তেজপুৰৰ আছে এক অভিন্ন সম্পর্ক। একাধিক বিশিষ্ট লোকৰ জন্মস্থান তেজপুৰত তাহানিৰ পৰাই নাটকৰ চৰ্চা আৰম্ভ হৈছিল। আন আন নাটৰ লগতে অপছেদাৰী নাট্যক্ষেত্ৰখনত তেজপুৰৰ ৰাইজৰ অংশগ্রহণো উল্লেখনীয়। তেজপুৰৰ পৰা আৰম্ভ হোৱা তাহানিৰ সেই নাট্য আন্দোলন আধুনিকতাৰ পৰশনৰে বর্তমানো তাহানিৰ দৰেই অব্যাহত আছে নাট চর্চা।
নাটক হৈছে পৰিবেশ্য কলাৰ এটা পূর্ণ রূপ। আকৌ দৃশ্য-শ্রব্য মাধ্যম হিচাপেও নাটকে অতীজৰে পৰাই এক বিশেষ সমাদৰ লাভ কৰি আহিছে। ৰঙ্গমঞ্চ হৈছে ইয়াৰ প্ৰতিফলনৰ অন্যতম মাধ্যম। নাট্যকলাৰ সমৃদ্ধি আৰু বিকাশৰ বাবে ৰঙ্গমঞ্চৰ ভূমিকা অতি গুৰুত্বপূর্ণ। নাটক আৰু বঙ্গমঞ্চৰ মাজত এক ওতঃপ্রোত সম্পর্ক আছে। কোৱা হয়, অভিনীত নোহোৱালৈকে নাটক এখনে পূর্ণ মর্যাদা পাব নোৱাৰ। দৃশ্যকাব্য হিচাপে নাটকৰ গুৰুত্ব তেতিয়াহে পূৰণ হ’ব যেতিয়া নাট্যকাৰৰ চিন্তাক পৰিচালকে কলাত্মকভাবে মঞ্চত প্রতিষ্ঠা কৰিব পাৰিব।
শংকৰী যুগত নামঘৰেই আছিল নাট্যমঞ্চ।
অসমৰ প্ৰায়বিলাক চহৰত শিক্ষিত লোকসকল অভিনয়, সংগঠন আদি কার্যত লিপ্ত হোৱাৰ লগে লগে অসমত নাট্যকলাৰ বিকাশে এক সুকীয়া গুৰুত্ব লাভ কৰে। এই বিশিষ্ট লেখকসকলৰ ভিতৰত ৰাধানাথ ফুকন, হেমচন্দ্র গোস্বামী, পদ্মনাথ গোহাঞিবৰুৱা, ভবানীচৰণ ভট্টাচার্য, ৰামৰতন চৌধুৰী, মানিকচন্দ্ৰ বৰুৱা, তৰুণৰাম ফুকন, নবীনচন্দ্র বৰুৱা, ৰঘুনাথ চৌধাৰী, নবীনচন্দ্ৰ বৰদলৈ, বেণুধৰ ৰাজখোৱা, শৈলধৰ ৰাজখোৱা, ৰজনীকান্ত বৰদলৈ, চন্দ্ৰধৰ বৰুৱা, ৰাধাকান্ত সন্দিকৈ, দুর্গেশ্বৰ শর্মা আদি বিশিষ্ট ব্যক্তিসকলৰত ভূমিকা অতি গুৰুত্বপূর্ণ।
এইসকল ব্যক্তিৰ প্রচেষ্টাতেই অসমৰ বিভিন্ন নগৰ চহৰত লাহে লাহে স্থায়ী ৰঙ্গমঞ্চ প্রতিষ্ঠা হ’বলৈ ধৰে। কাৰণ, অস্থায়ী ৰঙ্গমঞ্চবিলাকত সুপৰিকল্পিত নাটক পৰিবেশন সম্ভব হৈ নুঠা বাবে নাটকৰ বিকাশৰ গতি অতি লেহেমীয়া হৈ পৰিছিল। গতিকে অভিনয় কলাক স্থায়ী আৰু বাস্তব রূপ দিবলৈ স্থায়ী ৰঙ্গমঞ্চৰ গুৰুত্ব অনস্বীকার্য হৈ পৰিল।
১৯ শতিকাৰ শেষৰফালে আৰু বিংশ শতিকাৰ আৰম্ভণিত অসমৰ বিভিন্ন চহৰত ৰঙ্গমঞ্চ স্থাপিত হ’বলৈ ধৰিলে। অভিনয় কলাক স্থায়ী আৰু বাস্তব রূপ দিবলৈ বঙ্গমঞ্চৰ গুৰুত্ব সচেতন সমাজে উপলব্ধি কৰিলে।
এই সময়ছোৱাত অসমৰ মঞ্চাভিনয়ত উল্লেখযোগ্য অৰিহণা আগবঢ়োৱা নাট্যমঞ্চকেইখন হ’ল গুৱাহাটীৰ ভাস্কৰ নাট্যমন্দিৰ, আর্য নাট্যমঞ্চ, তেজপুৰৰ বাণ থিয়েটাৰ, যোৰহাটৰ এমচাৰ থিয়েটাৰ, ডুমডুমা বঙ্গমঞ্চ, শিলণ্ডৰ আচাম ক্লাব, শিৱসাগৰৰ নাট্যমন্দিৰ, বিশ্বনাথ চাৰিআলিৰ বীণাপাণি নাট্যমন্দিৰ, বহিপুৰীয়াৰ সম্মিলিত নাট্যসমাজ আৰু ইউনিয়ন থিয়েটাৰ, নাজিবা নাট্যমন্দিৰ, দেৰগাঁৱৰ বাপুজী নাট্যমন্দিৰ, উত্তৰ গুৱাহাটীৰ বংমহল নাট্য সমিতি, ডিব্রুগড় আমোলাপট্টি নামঘৰ নাট্যমন্দিৰ, বৰপেটাৰ মিলন মন্দিৰ, তৰুণৰাম ফুকন হল মঞ্চ, নলবাৰী নাট্যমন্দিৰ ইত্যাদি।
এই ৰঙ্গমঞ্চসমূহৰ ভিতৰত ১৯০৬ চনত প্রতিষ্ঠা হোৱা ‘বাণ থিয়েটাৰ’ অসমৰ পুৰণি ৰঙ্গমঞ্চ। সেই হিচাপে বাণ ৰঙ্গমঞ্চই অসমৰ নাট্যকলাৰ গুৰিধৰোঁতা। উল্লেখযোগ্য যে এই বঙ্গমঞ্চতেই জ্যোতিপ্রসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, নটসূর্য ফণী শৰ্মা আদিৰ দৰে সংস্কৃতিৰ কাণ্ডাৰীসকলে সাধনা কৰিছিল।
নাটকে দৃশ্য আৰু শ্রব্য কাব্যৰ সংমিশ্রণত ৰঙ্গমঞ্চৰ সহযোগত গতিশীল মানৱ জীৱনৰ প্ৰতিচ্ছবি আমাৰ সন্মুখত জীৱন্ত ৰূপত দাঙি ধৰে। ৰঙ্গমঞ্চৰ অবিহনে নাটকৰ বিষয় স্পষ্ট নহয়। নাটকত উল্লিখিত কলা-কুশলীসকলে তেওঁলোকৰ নিপুণ অভিনয়েৰে নাটকৰ জঁকাটোত প্ৰাণৰ সঞ্চাৰ কৰে আৰু তাক বাস্তব জীৱনৰ স্বৰূপ প্রদান কৰে।
অসমৰ নাট্য আন্দোলনৰ উত্তৰণত তেজপুৰৰ ভূমিকা হৈছে একক আৰু অনন্য। পঞ্চদশ-ষোড়শ শতিকাৰ পৰা অসমত মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ গুৰুজনাৰ নেতৃত্বত প্রচেনিয়াম মঞ্চৰ আভাষাৰে নাট্যকলাৰ আধুনিক যাত্রা আৰম্ভ হৈছিল।
পিছলৈ উনবিংশ শতিকাত অসমীয়া ভাষাৰ উন্নতি সাধিনী সভাই সেই নাট্য আন্দোলনক ত্বৰান্বিত কৰাৰ লগতে প্রচলিত ভাওনাৰ সংস্কাৰ কৰি আৰু ইংৰাজী আৰ্হিৰ থিয়েটাৰ পাতি পুৰণি অসমীয়া নাট আৰু আধুনিক অসমীয়া নাটৰ উন্নতি কৰা আৰু তাৰ লগে লগে অসমীয়া গীত, বাদ্য, নাচোন আদিৰ উন্নতিৰ হকে যত্ন কৰা (ভট্টাচার্য, অসমীয়া নাট্য সাহিত্যৰ জিলিঙনি)ৰ প্ৰসায়েৰে এক নব্য চিন্তাৰে সাহিত্য আৰু সাংস্কৃতিক কর্মীসকল, বিশেষকৈ পৰিকল্পিতভাবে আগবাঢ়িবলৈ এক নতুন যাত্রা আৰম্ভ কৰিছিল। এই যাত্ৰাৰ অন্যতম পটভূমি তৈয়াৰ হৈছিল
তেজপুৰকে ধৰি বিভিন্ন চহৰমুখী অঞ্চলসমূহত। অসমত আৰম্ভ হোৱা এই নতুন যাত্রা চুবুৰীয়া বঙ্গদেশৰ পৰাই বিশেষকৈ প্রভান্বিত হৈছিল। আদিতে বিশেষকৈ ঢাকা আৰু কলিকতাৰ পৰা অহা আধুনিক নাটকীয় চিন্তাসমূহেৰে প্রভাবান্বিত হৈ পিছলৈ ক্রমশঃ অসমীয়া মৌলিক চিন্তাৰ পৰশেৰে অসমৰ নাট্য আন্দোলনৰ এক নতুন যাত্ৰা আৰম্ভ হৈছিল।
এনে পৰিপ্ৰেক্ষিতত তেজপুৰতো অস্থায়ী মঞ্চত পোন প্ৰথমবাৰৰ বাবে লক্ষ্মীকান্ত দাসদেবৰ ঘৰত ১৮১৬ চনত প্রথমখন নাট পূর্ণকান্ত শৰ্মাৰ ‘হবিশ্চন্দ্ৰ’ আৰু তাৰ পিছত দুর্গাপ্রসাদ মজিন্দাৰ বৰুৱাৰ ‘মহৰী’ নাট পৰিৱেশিত হৈছিল। এই ক্ষেত্রত ‘তেজপুৰৰ অবৈতনিক নাট্য সমাজ’ৰ উল্লেখযোগ্য ভূমিকা আছিল। সেই সময়ত অসমীয়া বঙালী সকলোৱে মিলি ইয়াৰ কাম-কাজ পৰিচালনা কৰিছিল।
বঙালীসকলৰ ভিতৰত নাৰায়ণ বেনার্জী, সনৎ ঘোষ, শ্যামচৰণ মিত্র আদি অভিনেতা আছিল। পিছলৈ সীতা বনবাস, ভ্ৰমৰংগ আদি নাটকসমূহো অস্থায়ী মঞ্চত মঞ্চস্থ হৈছিল। ১৯০৭ চনৰ ১৭ অক্টোবৰত পদ্মনাথ গোহাঞি বৰুৱাদেৱৰ প্রস্তাব মর্ম, ‘বাণ ৰঙ্গমঞ্চ’ নামকৰণেৰে এই মঞ্চত ‘হেমপ্রভা’ নাটকখন মঞ্চস্থ কৰিছিল আৰু এয়াই আছিল অসমৰ নাট্য আন্দোলনৰ এক যুগান্তকাৰী সংযোজন।
পদ্মনাথ গোহাঞি বৰুৱাদের সাধাৰণ সম্পাদক হিচাপে বাণ ৰঙ্গমঞ্চৰ গুৰিবঠা ধৰিছিল। বাণ বজা, জয়মতী, গদাধৰ, সাধিনী, লাচিত বৰফুকন, টেটোন তামুলিকে ধৰি ইখনৰ পিছত সিখন নাটক লিখি তাক মঞ্চস্থ কৰি তেজপুৰ বাণ ৰঙ্গমঞ্চক নাট্য আন্দোলনৰ অন্যতম বাটকটীয়া নাট্যমঞ্চ হিচাপে এক জাগৰণ আনিবলৈ সক্ষম হৈছিল। শোণিতপুৰ অঞ্চলৰ বিভিন্নজন প্রাতঃস্মৰণীয় শিল্পী, সাহিত্যিক আৰু সাংস্কৃতিক কর্মী তেওঁৰ সৈতে জড়িত হয়।
১৮৯০ চনত সু- সাহিত্যিক, আইনজীবী লম্বোদৰ বৰাদেৱৰ উদ্যোগত ‘তেজপুৰত অসমীয়া ভাষাৰ আলোচনা সভা’ৰ জন্ম হয়। তেখেতে সংস্কৃতি নাটকৰ প্ৰথম অনুবাদ কৰি মাটিৰ গাড়ী, শকুন্তলা, মেঘদূত অসমীয়া নাট্য সাহিত্যলৈ আগবঢ়াই যায়। তেওঁলোকৰ ভিতৰত অন্যতম আছিল নাট্যকাৰ দণ্ডিনাথ কলিতা, যি গৰাকীয়ে শূদ্রকৰ মূল সংস্কৃত নাটক ‘মৃচ্ছকটিকা’ অসমীয়ালৈ অনুবাদ কৰিছিল তেওঁৰ বিভিন্ন মৌলিক নাটকৰ সৈতে।
উল্লেখযোগ্য নাম হ’ল অভিনেতা বোধনাথ পটঙ্গীয়া, নাট্যকাৰ সাহিত্যৰত্ন চন্দ্ৰধৰ বৰুৱা, দেশপ্রাণ লক্ষ্মীধৰ শর্মা, বিশিষ্ট অভিনেতা চন্দ্রনাথ শর্মা, বাণ বঙ্গমঞ্চত সাংস্কৃতিক জীৱন আৰম্ভ কৰা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদের। উল্লেখযোগ্য যে, তেওঁ মুঠ সাতখন নাট- শোণিত কুঁৱৰী, কাৰেঙৰ লিগিৰী, ৰূপালীম, নিমাতী কইনা, লভিতা, সোণ পখিলী আৰু খনিকৰ- এই আটাইকেইখন নাট বাণ ৰঙ্গমঞ্চক কেদ্ৰ কৰিয়েই লিখিছিল আৰু মঞ্চস্থ কৰিছিল।
আনহাতে, বিশিষ্ট শিল্পী অভিনেতা, নাট্যকাৰ, নৃত্যবিদ বিষ্ণুপ্ৰসাদ ৰাভা আৰু ফণী শৰ্মাৰ নাম বাদ দি বাণ ৰঙ্গমঞ্চৰ অবদান অসমজুৰি ইয়াৰ প্রভাৱ বর্ণনা কৰিব নোৱাৰি। এই দুয়োগৰাকীৰ পিতৃ ক্রমে গোপাল চন্দ্র ৰাভা আৰু মোলান শৰ্মাৰ নাম বাণ বঙ্গমঞ্চ প্ৰতিষ্ঠানৰ সৈতে জড়িত। ওঠৰ বছৰ বয়সতে ‘বৃদ্ধ আকবৰ’ৰ ভূমিকাত অবতীর্ণ হোৱা ফণী শৰ্মাই লিখা নাটক ভোগজৰা, এমুঠি চাউল, কিয়?,
চিৰাজ, ক’লা বজাৰ আজি অন্যতম মঞ্চস্থ নাট উল্লেখযোগ্য। ফণী শৰ্মাৰ ওপৰোক্ত সকলো নাটকতে অভিনেতা, পৰিচালক, সংগীতৰ দায়িত্ব লোৱা বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ নাটসমূহ হ’ল কৃষক, সোণামুরা, গাঁও, সপোন কুঁৱৰী, খাৰুমণি থুৰীয়া, ধুমুহা, তৰাৱতী আইদেউ ইত্যাদি (এই নাটসমূহ বিষ্ণু ৰাভা ৰচনাবলী বা অন্যভাবে প্রকাশিত হোৱা পৰিলক্ষিত হোৱা নাই।)।
তেজপুৰ অভিনয় আৰু নাট সৃষ্টিৰ ক্ষেত্ৰত অনন্য উল্লেখযোগ্য ব্যক্তিসমূহৰ ভিতৰত ডাঃ ললিত মোহন চৌধুৰী, বিষয়ৰাম মহাজন, সু-সাহিত্যিক নকুল চন্দ্র ভূগ, ৰমেশ চন্দ্র শর্মা, তুলসী দাস, কুলেন্দ্র নাৰায়ণ গোস্বামী, ডাঃ হেমচন্দ্র শর্মা। উল্লেখযোগ্য যে নটসূর্য ফণী শৰ্মা পৰিচালিত ‘মাটিৰ ঘৰ’ নাটকখনত ১৯৫৪ চনত প্রথম সহ-অভিনয় আৰম্ভ হৈছিল।
বাণ ৰঙ্গমঞ্চ এই ক্ষেত্রত বিশেষ সহযোগী আছিল ডাঃ হেমচন্দ্র শর্মা, ইয়াৰ পিছত নাম ল’ব লাগিব অসমৰ প্ৰসিদ্ধ নাট্যকাৰ প্রফুল্ল বৰুৱাদেৱৰ, যিজনে সৃষ্টি কৰিছিল সাঁকো, উপপথ, বাণ, সময়, বৰুৱাৰ সংসাৰ আদি জনপ্রিয় বহু নাটক। আনহাতে, সনাতন ধর্ম মণ্ডলীৰ নাট্য সমিতিৰ সম্পাদক বাণীকান্ত শৰ্মাৰ একলব্য, প্রথমখন অসমৰ শিশুনাট বুলি প্রসিদ্ধি লাভ কৰিছিল।
স্বৰ্গদেউ ৰুদ্র সিংহ, কাল ইয়াণ্ডাবু, গড়কা কুঁৱৰী নাট লিখি নাটভড়াল সমৃদ্ধ কৰা দীজেন্দ্র মোহন গোস্বামীদেৱৰ নামো এই ক্ষেত্রত উল্লেখনীয়। থিক একেদৰে তেজপুৰৰ কামৰূপা মঞ্চ, বাণ থিয়েটাৰ, মাজগাঁও শংকৰ নাট্যমন্দিৰৰ সৈতে জড়িত নাট্যকাৰ, পৰিচালক গোপাল শৰ্মাৰ নাটক মহাপুৰুষ, দেবী, তিনিপুৰুষ বিবর্তন আদি নাট উল্লেখযোগ্য।
বিশিষ্ট ঔপন্যাসিক, গল্পকাৰ ত্রৈলোক্য ভট্টাচাৰ্যৰ কক্ষচ্যুত, গতি নাই গতিৰ বাহিৰে ইত্যাদি উল্লেখযোগ্য নাটক। নাৰী চৰিত্ৰৰ অভিনেতা হিচাপে তেখেতৰ বিশেষ খ্যাতি আছিল। সৰ্বভাৰতীয় পৰ্যায়ৰ কেবাখনো উল্লেখযোগ্য নাট অনুবাদ কৰি নাট্যভঁড়াল সমৃদ্ধ কৰা অন্য এগৰাকী সাহিত্যিক দ্বিজেন্দ্ৰ নাথ শৰ্মাৰ নাম ল’বই লাগিব। তেখেতৰ নাটসমূহৰ ভিতৰত অথ গাধ সংবাদ, চুপ আদালত চলি আছে, মাধবী আদি উল্লেখনীয়। তেখেতৰ অন্য এখন মৌলিক নাট ধুমুহা, বাতিৰ গান অতি জনপ্রিয়।
তেজপুৰৰ অন্য গৰাকী যশস্বী অভিনেতা, পৰিচালক, নাট্যকাৰ হীবেন চৌধুৰীদেৱৰ বহু উল্লেখযোগ্য অৱদানৰ ভিতৰত ক’লী গাই, হৰতনৰ চাহাব বিবি আৰু গোলাম ইত্যাদি উল্লেখযোগ্য নাটক।
তেজপুৰ তথা সাংস্কৃতিক জগতৰ অন্যগৰাকী পুৰোধা শ্রীযুত ঐশ্বর্য কাকতিদেবৰ শিশু নাটসমূহৰ লগতে ঔৰংজেৱৰ ফাঁচী, বদন বৰফুকন, ছাঁ-পোহৰৰ খেলা আদি উল্লেখযোগ্য অবদান। ইয়াৰোপৰি তেজপুৰৰ নাট্যকাৰ আৰু নাট্যকর্মীসকলৰ ভিতৰত উল্লেখযোগ্য নাম হৈছে জ্যেষ্ঠ সাংবাদিক পুলক কুমাৰ ডেকাৰ বহু উল্লেখযোগ্য নাটৰ ভিতৰত সাবধান, আপোনাৰ ঘৰত সোমাব পাৰে, মই আত্মহত্যা কৰিম, ভেলী অব ডেথ, নটী উল্লেখনীয়।
উল্লেখনীয় নাট্যকাৰ, অভিনেতা ৰাজেন মেধি, ভূবন চন্দ্র গগৈ, প্রবোধ মেধি, কুলেন্দ্র দাস। ঠিক সেইদৰে যতীন বৰুৱা, ড° কনক চন্দ্র মহন্ত, বাদল দাস, অভয় ডেকা, উমাকান্ত বৰুৱা, যোগেশ কেওট, পুলেন্দ্র তামুলী, কামাখ্যা চৰণ বৰুৱা, অমিয় কুমাৰ নাথ, দিলীপ চৌধুৰী, ডাঃ দীনেশ শর্মা, নৰেন লহকৰ, অমূল্য বর্মণ আদিৰ অৱদানো কম নহয়।
বিশিষ্ট আবৃত্তিকাৰ, নাট্যকাৰ, অভিনেতা প্ৰণৱ বৰা তেজপুৰৰ উল্লেখযোগ্য নাম। তাৰোপৰি প্রয়াত কার্ত্তিক হাজৰিকা, দেবব্রত শর্মা, অমিয় কুমাৰ নাথ, দিগন্ত কুমাৰ ভূঞা, শান্তনু বৰুৱাৰ নাম উল্লেখযোগ্য। তাৰোপৰি নাট্যকাৰ, অভিনেতা, পৰিচালক প্রমথ দাসো এগৰাকী পৰিচিত নাট্যকাৰ। তেওঁৰ আদিপাঠ, পানী আদি নাট লিখি উল্লেখযোগ্য অৱদান আগবঢ়াইছে। তাৰোপৰি সাংবাদিক প্রয়াত দীপক মহন্ত এগৰাকী বিশিষ্ট নাট্যকাৰ, পৰিচালক হিচাপে অতি জনপ্রিয় হৈ পৰিছিল। তেখেতৰ উল্লেখযোগ্য নাটক হৈছে গজপুৰীয়া, উলংগ বজা, মালতী, মেম হোলী ইত্যাদি।
অন্য উল্লেখনীয় নাট্যকাৰ, নাট্যকর্মী দ্বীজেন নাথৰ শিশু নাটসমূহ, বসন্ত কুমাৰ বৰুৱা, হিৰণ্য বঞ্জন কলিতা, নবীন চন্দ্র দাস হাজৰিকা, খনীন নাথ, দীনেশ বৰুৱা, কন্দর্প বৰা, অর্পণ বেজবৰুৱা, বংকিম শৰ্মাৰ অৱদান অনস্বীকার্য। তেজপুৰৰ মহিলা নাট্যকাৰসকলৰ ভিতৰত চাৰু দেৱী আৰু অমিয়া চক্রবর্তীৰ নাম উল্লেখযোগ্য।
বিপিন পাল দাসদেৱৰ ‘সাক্ষী’, অশ্বিনী বৰাদেৱৰ ৰচিত কুঁৱলীৰ এনিশা নাট্যখনো উল্লেখযোগ্য। নাট্যকাৰ ভূপেন গোস্বামীয়েও নাট পৰিচালক হিচাপে নতুবা কনক শর্মাদেরেও তেখেতৰ প্রজ্ঞাৰে তেজপুৰৰ নাট্য আন্দোলনক সমৃদ্ধ কৰিব পাৰিছে।
ইয়াৰোপৰি তেজপুৰৰ নাট্য ক্ষেত্র সমৃদ্ধ কৰা এনেকুৱা বহু নাট্যকাৰ, অভিনেতা, পৰিচালক আছে যিসকলে অকল তেজপুৰেই নহয় অসম নাট্য সম্মিলনৰ আৰম্ভণীৰ পৰা ইয়াৰ সৈতে জড়িত হৈ সমগ্র অসমৰ নাট্য জগতখনক সমৃদ্ধশালী কৰি থৈ গৈছে বা আজিও অহর্নিশে কাম কৰি আছে। এই ক্ষেত্রত বন্ধু পথ্বিৰাজ ৰাভা, সুজিত শর্মা, মৃগেন বৰা, অলক নাথ আদিৰ নাম এগৰাকী সাংস্কৃতিক কর্মী হিচাপে আমি গৌৰৱেৰে সুঁৱৰিছোঁ।
শেষত তেজপুৰৰ নাট্য ইতিহাসৰ বহু পুৰোধা ব্যক্তিৰ লগতে যিসকল সক্রিয় আৰু বিশিষ্ট নাট্য প্রতিভাৰ নাম উল্লেখ কৰিবলৈ ৰৈ গ’ল- জ্ঞাত-অজ্ঞাত সকলোটিলে আমাৰ আন্তৰিক শ্ৰদ্ধা, কৃতজ্ঞতা আৰু প্ৰণাম জনালো।
অসমৰ নাট্য আন্দোলন আৰু ইয়াৰ গতি-বিধি সমৃদ্ধি আৰু বিকাশৰ প্রয়োজনত ৰংগমঞ্চৰ সৃষ্টি হৈছিল। নামঘৰক কেন্দ্ৰ কৰিয়েই সেই প্রচেনিয়াম মঞ্চৰ পৰিকল্পনা আৰু তাৰ প্রয়োগ ঘটিছিল। সৃষ্টি হৈছিল নৃত্য-নাট অভিনয় মঞ্চ বা বঙীয়াল ঘৰ। এই ধাৰণা মঞ্চতে ভাওনা, ওজাপালি পোহৰৰ বাবে অৰিয়া বা জোৰসমূহৰ প্ৰয়োগ প্ৰথাৰ লগতে আঁকি লোৱা হৈছিল চিত্রপট। দৰ্শকৰ দ্বাৰা চাৰিদেৱাল সৃষ্টি কৰি তাৰ মাজত স্থাপিত মঞ্চ ইত্যাদি। এনে ধাৰণাৰে বিশ্বৰ বুকুত প্রথম নাটকৰ্ম আৰম্ভ হৈছিল আমাৰ অসমৰ পবিত্র ভূমিত।
অসমৰ নাট্য পৰম্পৰাৰ বহু সোণোৱালী অতীত আছে যদিও আজিৰ পৰা ৫৫০ বছৰ আগেয়ে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ স্ব-উদ্ভাবনী চিন্তাৰে এক নব্য ব্যাকৰণৰে অসমৰ নাট্য আন্দোলনে বর্ণাঢ্য ৰূপেৰে অগ্রগামী হৈছিল।
বিশ্বৰ নাট্য আন্দোলনৰ গতিধাৰা সম্পর্কত চিন্তা-চৰ্চা কৰা বিশিষ্ট বিশেষজ্ঞসকল তাহানি গুৰুজনাৰ নেতৃত্বত যি নাট্য আন্দোলনৰ এক যুগজয়ী ধাৰা গতি কৰিছিল তাৰ প্ৰতি সম্যক জ্ঞান আহৰণ কৰিছে তাৰ উমঘাম নোলোৱাকৈ অসমৰ মানুহে বুকু ফিন্দাই ক’ব পাৰে যে শেক্সপীয়েৰতকৈ শ বছৰ আগেয়ে মহাপুৰুষ শংকৰদেৱে আধুনিক নাট্যশালা প্রচেনিয়াম থিয়েটাৰৰ ভেটি স্থাপন কৰিছিল বৰদোৱাত, নাটক আছিল চিহ্নযাত্রা। বার্টোন্ড ব্রেখটতকৈ শ বছৰ আগেয়ে নাটকৰ আংগিক ‘সূত্ৰধাৰ’ নিয়োগেৰে নাট্যকর্মত আধুনিকতা প্রদান কৰিছিল।
অর্থাৎ বিশ্বত নাটকৰ আধুনিক জয়যাত্রা শ্রীমন্ত শংকৰদেৱে ১৪শ শতিকাত আৰম্ভ কৰিছিল।
যিসকলে নাট্যবেদ অধ্যয়ন কৰিছে বা তাৰ সম্যক জ্ঞান লাভ কৰিছে সেইসকলে জানে যে, নট, নৃত্য আৰু নাট্যৰ ৰীতিসম্মত উপস্থাপনত পূর্ববঙ্গ, সূত্ৰধাৰ, নান্দীশ্লোক, প্রস্তাবনা আদি নানান উপাদান জড়িত হৈ আছে।
এই উপাদানবোৰৰ বিধিসম্মত ব্যৱহাৰৰ সকলো ৰীতিৰ বিশদ আলোচনা নাট্য শাস্ত্রত অন্তর্ভূক্ত কৰা হৈছে, লগতে নাটকৰ বিচাৰ সমালোচনা আৰু আদর্শ দর্শকৰ গুণ আৰু গৰিমাৰ পৰা আৰম্ভ কৰি পাত্র-পাত্রীৰ থাকিবলগীয়া গুণাগুণৰ বিস্তৃত বর্ণনা দি থোৱা হৈছে।
আমি এই কথাও মনলৈ আনিব লাগিব যে, “আমি যি কর্মই কৰোঁ, যি চিন্তাই কৰোঁ, যি সপোনেই দেখোঁ, সকলোকেই এই সংস্কৃতিৰ ত্রিভুজটো সমান অনুপাতে ওখ আৰু বহল কৰাত খটুৱাব লাগিব।“
ইয়াক স্পষ্টভাবে কোৱা হৈছে যে নাট্যকলা সাধনাত সফলতা লাভ কৰিবলৈ এক ঋষিসুলভ সাধনাৰো প্রয়োজন আছে। নাটক এতিয়া এক বিজ্ঞান ভিত্তিক কলা। সাধাৰণ নাট মেলিবলৈ হ’লেও অন্ততঃ দুই-তিনি মাহৰ সম্পূর্ণ প্রস্তুতিৰ প্রয়োজন হয়, প্রয়োজন হয় দীর্ঘদিনৰ ৰিহাৰ্চেল আদিৰ। থিয়েটাৰ শিল্প এক সংগ্রামী শিল্প। মঞ্চৰ সেনাপতি পৰিচালকজন। ইয়াৰ প্ৰতিগৰাকী শিল্পী, কলা-কুশলী একো একোজন সংগ্রামী সৈনিক শিল্পী। নাট্যবেদত যি সমূহ কঠোৰ বান্ধোন আৰোপ কৰা হৈছে ঠিক একেদৰে ইয়াৰ সৌন্দৰ্য ৰক্ষা কৰি স্বাধীনতাও দি থৈ গৈছে।
এবং নাট্য প্রয়োগে বহু বহু বিহিতং কর্মশাস্ত্র প্রণীতম।
ন প্রোক্তং যচ্চ লোকাদনুকৃতিকৰণং তত্ত কার্যং বিধিল্টেহঃ।।
অর্থাৎ এই নাট্যকলা প্রয়োগৰ ক্ষেত্ৰত বহু শাস্ত্র অনুমোদিত কর্ম বিধি বা নিষেধ নির্দিষ্ট কৰা হয়। যিবিলাক কথা লিখা নহ’ল নতুবা লিখিবলৈ থাকি গ’ল, সেইবিলাক নাট্যকলাবিদ বা নাটাশাস্ত্রত অভিজ্ঞ লোকসকলে জগতৰ প্ৰচলিত ৰীতি অনুসৰি প্ৰয়োগ কৰিব।
নাটক, নাট্যকাৰ আৰু নাটকৰ পৰিচালক এক যুটীৰে এখন নাটক সফল হ’ব পাৰে। প্ৰতিভাশালী, শিল্পবোধত জ্ঞানী, প্রখৰ কল্পনা শক্তি আৰু সূক্ষ্ম জীবনবোধ নিৰীক্ষণ কৰা পৰিচালক এজনেহে নাট্যকাৰৰ বক্তব্যক উদ্ঘাটন কৰিব পাৰে। যদি মঞ্চখন যুদ্ধক্ষেত্র হয় তেন্তে সেনাপতি পৰিচালকজনৰ দক্ষতাৰ ওপৰতে নির্ভৰশীল হয় সফল যুদ্ধৰ পৰিসমাপ্তি।
গুৰুজনাই আমাক সকলোকে সোঁৱৰাই দি আহ্বান জনাই সুৰৰ বৈৰী নাশ কৰা কথা কৈ গাইছিল,
শুন শুনৰে সুৰ
বৈৰী প্ৰমাণা
নিশাচৰ নাশ নিদানা…
সংস্কৃতি স্থাপনৰ বাবে অপ-সংস্কৃতি নাশ কৰা আহ্বান তাহানি জ্যোতিপ্রসাদ আগৰৱালাদেবে তেওঁ লিখা চিন্তাশীল প্রবন্ধ, গীত-নাটৰ জৰিয়তে তেওঁৰ উপলব্ধি ব্যাখ্যা কৰিছিল। “শিল্পীৰূপে প্রকাশ হ’বলৈ সকলো বাস্তবিক সুযোগ-সুবিধা দিয়াই শিল্পীৰ অর্থনীতি- যি সমাজৰ গাঁথনিত মাথোঁন সকলো শিল্পী- প্রকাশৰ বিকাশৰ সমান অধিকাৰ সুযোগ-সুবিধা সেয়াই শিল্পীৰ সমাজনীতি। যি প্ৰকাৰৰ সংঘাতৰেই দুষ্কৃতি বিনাশ হ’ব- সেয়ে শিল্পীৰ সমৰ নীতি।”
ৰণনীতিৰ মাজত থকা দুষ্কৃতি আঁতৰাই, সংস্কৃতিৰ পোহৰত সৎ প্রবৃত্তিৰ দ্বাৰাই অসৎ প্রবৃত্তি আৰু তাত ওপজা অনাচাৰৰ সম্পূৰ্ণ অবসান তেওঁ কামনা কৰিছিল। আনহাতে, মানবতা আৰু প্রেমৰ অন্তৰ সংস্কৃতিক আৰু সংস্কৃতিৰ সংঘৰ্ষৰ ৰূপলৈ উন্নীত হোবাৰ পথত তেখেতে কৰা শিল্প-চিন্তাধাৰাকো এইখিনিতে উল্লেখ কৰা ভাল হ’ব।
“সাংস্কৃতিক ৰাষ্ট্রনীতি, সাংস্কৃতিক অর্থনীতি, সাংস্কৃতিক সমাজনীতি, সাংস্কৃতিক বণনীতি, সাংস্কৃতিক শিল্পনীতি আৰু (বাণিজ্যও যদিও সূক্ষ্মভাবে চাই তাক সাংস্কৃতিক পৰিধিৰ ভিতৰত সুমুৱাই ল’ব পাৰি তেন্তে) বাণিজ্য নীতিও সাংস্কৃতিক হ’ব লাগিব।” (শিল্পীৰ পৃথিৱী)
নাট্য আন্দোলনক এক জাতীয় আন্দোলন হিচাপে গঢ় দিয়াৰ বাবে ইয়াৰ প্রবাহ জনতাৰ হৃদয়ে হৃদয়ে বোৱাই দিয়াৰ অনুভূতি মনলৈ আনি লৈ এই মনীষাগৰাকীয়ে এনে ব্যাখ্যা সহজ-সৰলকৈ দাঙি ধৰিছিল। ইয়াক ব্যৱহাৰিক ৰূপত আগুৱাই নিয়াৰ সময় সমাগত।
কলিকতাৰ ৬৮ নং আমহার্স্ট স্ট্রীটত অসমীয়া সাহিত্যৰ জোনাকী যুগৰ সূচনা কালত নাট ৰচনা আৰু অভিনয়ৰ বিষয়টো গুৰুত্ব লাভ কৰিছিল- তেনে চিন্তাতে সৃষ্টি হৈছিল ‘ভ্রমবংগ’। অসমীয়া ভাষাৰ প্ৰথমখন নাটক গুণাভিৰাম বৰুৱাৰ ‘ৰামনবমী’ (১৮৫৫) বিধবা বিবাহৰ দৰে সেই সময়ৰ এক বলিষ্ঠ আন্দোলনক জুই দিবলৈহে সৃষ্টি হৈছিল।
সেয়া আছিল অসমীয়া আধুনিক নাট্য বুৰঞ্জীৰ পাতনি।
১৯০০ শতিকাৰ প্রথমখন নাটক পদ্মনাথ গোহাঞি বৰুৱাৰ ‘জয়মতী’। তেওঁৰ শ্রেষ্ঠ সৃষ্টি হ’ল- ‘গাঁওবুঢ়া’ য’ত বৃটিছ শাসনৰ সময়ত, তাহানিৰ অসমীয়া সাধাৰণ মানুহৰ সমাজখনৰ প্রতিচ্ছবি সুন্দৰভাবে বর্ণনা কৰা আছে। তাৰ পিছত লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ নাটৰ ৰসৰ ভাণ্ডাৰ ওপচি পৰা আহিল বিশেষকৈ ধেমেলীয়া আৰু লঘু হাস্যৰসৰ এটা প্রাচুর্যতাৰ ভঁড়াল মেলি থৈ গৈছে। তেওঁ পিছে ১৮৮৯ চনত তেওঁৰ প্রথম নাটক ‘লিতিকাই’ ৰচনা কৰে। তাৰ মাজৰ বাৰ বছৰত গোহাঞি বৰুৱাৰ পাঁচখন গুৰুত্বপূর্ণ নাট প্রকাশ পায়। ১৯১১ চনত বেজবৰুৱাই ‘দেবযানী’ নাটখন লিখে।
জোনাকী যুগৰ তৃতীয়জন নাট্যকাৰ দুর্গাপ্রসাদ মজিন্দাৰ বৰুৱাৰ ‘মহৰী’। মজিন্দাৰ বৰুৱাদেৱৰ সবাতোকৈ মনোগ্রাহী আৰু নির্ভাঁজ হাস্যৰসৰ চুটি নাটক।
সেই সময়ত বেণুধৰ ৰাজখোৱাৰ ‘দক্ষযজ্ঞ’, চন্দ্ৰধৰ বৰুৱাৰ ‘মেঘনাদ বধ’, দুর্গেশ্বৰ শৰ্মাৰ ‘পার্থ পৰাজয়’ নাটসমূহ উল্লেখযোগ্য আছিল। অসমীয়া ভাষাৰ উৎকৃষ্ট অমিত্রাক্ষৰ চন্দৰ নাটখন হ’ল অম্বিকাগিৰি ৰায়চৌধুৰীৰ ‘জয়দ্রথ বধ’ যি হ’ল অসমীয়া সাহিত্যৰ এক অপূর্ব নিদর্শন। এইখিনিতে অসমীয়া নাটৰ ভঁড়াল সমৃদ্ধও কৰা সমসাময়িক নাট্যকাৰসকল হ’ল পদ্মধৰ চলিহা, শৈলধৰ ৰাজখোৱা, মিত্রদের মহন্ত, নবীন চন্দ্ৰ বৰদলৈ, ইন্দ্ৰেশ্বৰ বৰঠাকুৰ।
আধুনিক অসমীয়া নাটক এক অনবদ্য ৰূপ ল’বলৈ সক্ষম হয় তৃতীয় আৰু চতুৰ্থ দশকৰ পৰা- সেই সময়ৰ নাট্যকাৰ হৰিচন্দ্ৰ ভট্টাচাৰ্যৰ ভাষাত অসমীয়া নাটৰ ‘স্বর্ণযুগ শুভাৰম্ভ’ হয় এই সময়ছোৱাত। সেই সময়ৰ নাট্যকাৰসকলৰ ভিতৰত অতুল চন্দ্ৰ হাজৰিকা, নকুল চন্দ্র ভূঞা, জ্যোতিপ্রসাদ আগৰৱালা, মুক্তিনাথ বৰদলৈ, দৈবচন্দ্র তালুকদাৰ, প্রসন্নলাল চৌধুৰী, বিনন্দ চন্দ্র বৰুৱা, কমলাকান্ত ভট্টাচার্য, দণ্ডিনাথ কলিতা, লক্ষীধৰ শৰ্মা, গণেশ গগৈ, সাবদা বৰদলৈ, প্রবীণ ফুকন, লক্ষ্যধৰ চৌধুৰী আৰু সত্যপ্ৰসাদ বৰুৱা।
আধুনিক অসমীয়া নাটকৰ সৰ্বশ্রেষ্ঠ নাট্যকাৰ নিঃসন্দেহে জ্যোতিপ্ৰসাদ আগৰৱালা। তেখেতৰ মুঠ সাতখনৰ সাতোখন অসমৰ নাট্য জগতৰ মণি মুকুটা শাৰীৰ।
পঞ্চাছ দশকৰ পিছৰ নাট্যকাৰ ফণী শৰ্মা, বিষ্ণুপ্ৰসাদ ৰাভা, অনিল চৌধুৰী, অৰুণ শৰ্মা, দুর্গেশ্বৰ বৰঠাকুৰ আৰু যাঠীৰ দশকত মহেন্দ্ৰ বৰঠাকুৰ, ৰত্ন ওজা, ফণী তালুকদাৰ, গকুল পাঠক, অরূপ চক্রবর্তী, আব্দুল মজিদ, প্রফুল্ল বৰা, হিমেন্দ্র কুমাৰ বৰঠাকুৰ, অতুল বৰদলৈ, এক নব্য নাট্যপ্রবাহ আৰম্ভ কৰিলে আৰু এনে বৈচিত্র্যময় আৰু নতুনত্বব নতুন নাট্যধাবাই সত্তৰ আৰু আশীৰ দশকৰ পৰা এক অনন্য রূপ লাবণ্যবে সমাহিত হৈ পৰিছিল।
ফণী শৰ্মাই এই প্রক্রিয়াক সমৃদ্ধ কৰি লিখিছিল-
“সময়ৰ সোঁতত দেশৰ পৰিস্থিতিৰ লগত নাটকো বিভিন্ন ধর্মী, বিভিন্নমুখী হয়। যি নাটকে যুগৰ লগত খোজ মিলাই দেশৰ সমস্যাক দেশৰ সমুখত দাঙি ধৰিব পাৰে, জাতি গঠন কৰাত যি নাটকে বৰঙণি যোগায়, যি নাটকে দর্শকক আমোদ দিয়াৰ উপৰিও চিন্তাৰ খোৰাক যোগাব পাৰে, তেনে নাটকৰ আমাৰ প্রয়োজন।”
সাহিত্য হৈছে সমাজ অর্থাৎ এটা জাতিৰ প্ৰতিচ্ছবি। গতিকে কোনো সমাজৰ ক্ৰমবৰ্দ্ধমান বা ক্রমবিকাশত জীবনৰ প্ৰথম স্বাক্ষৰ তেওঁলোকৰ সাহিত্য। অসমীয়া সাহিত্যও আমাৰ সমাজ বিশেষৰ ভাব-চিন্তা, আশা-আকাংক্ষা আৰু বাস্তব-অবাস্তবৰ কল্পনাৰ ক্ৰমাভিব্যক্তিৰ পাণ্ডুলিপি। নাটক সাহিত্যিৰ অভিন্ন অংগ, অসমীয়া সাহিত্যৰ ইতিহাস অসমীয়া নাটকসমূহক বাদ দি ৰচনা কৰিব নোৱাৰি।
কিন্তু তথাপিও অসমীয়া সাহিত্যত ‘অসমৰ নাটক’ এলাগী সাহিত্যৰূপে ব্যৱহাৰ কৰি অহা হৈছে অসমৰ সাহিত্য কাণ্ডাৰিসকলে- অসমীয়া নাটকে পাব লগা ৰাষ্ট্রীয় স্বীকৃতিৰ পৰা বঞ্চিত কৰি ৰাখিছে। উদাহৰণ স্বৰূপে বছৰে প্রতি ঘোষিত ‘সাহিত্য অকাডেমি’ বঁটা আজিকোপতি কোনো এখন মৌলিক নাটকক স্বীকৃতি দি প্রদান কৰা হোৱা নাই।
এই স্বীকৃতি অসমত কেবল উপন্যাস, কবিতা আদি সৃষ্টি কৰা সাহিত্যিকসকলৰ বাবেহে সীমাবদ্ধ কৰি ৰাখিছে ‘সাহিত্য অকাডেমি’য়ে স্বীকৃতি দিয়া অসমৰ ‘সাহিত্য বিচাৰক ‘সকলে। বহু উচ্চ মানৰ নাটক আৰু নাট্যকাৰ এনেকৈয়ে অনাদৃত আৰু অবহেলাৰ সন্মুখীন হ’বলগীয়া হোৱাতো এক দুর্ভাগ্যজনক পৰিঘটনা। অসমৰ মৌলিক নাটকৰ সৃষ্টি আৰু প্রকাশ সেয়েহে ক্রমান্বয়ে স্তিমিত হ’ব ধৰিছে।
এনে প্রতিবন্ধকতাই উচ্চ মানদণ্ডৰ সাহিত্য সৃষ্টিত অন্তৰায় আনি দিছে। অসমৰ জাতীয় সাহিত্যৰ অনুষ্ঠান অসম সাহিত্য সভাকে ধৰি সাহিত্য কাণ্ডাৰীসকলে এনে পৰিৱেশ আঁতৰাই এক সুস্থ পৰম্পৰা স্থাপনৰ বাবে প্রতিনিয়ত চিন্তা কৰা উচিত।
বিষ্ণুপ্ৰসাদ ৰাভা এগৰাকী বিপ্লবী অথচ এগৰাকী বৰেণ্য গণশিল্পীৰ নাম। যি একেৰাহে আছিল কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা, মুক্তি যুঁজাৰু আৰু জীবন কালত এক জীবন্ত কিংবদন্তীত পৰিণত হোবা সর্বকালৰ শ্রেষ্ঠ এগৰাকী বিশিষ্ট সংগঠক।
অসমৰ নাট্য সম্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি কলাগুৰু বিষ্ণুপ্রসাদ ৰাভাই ১৯৫৯ চনত অসমৰ অপেছাদাৰী নাট্যকর্মীসকলক একত্রিত কৰি অসম নাট্য সম্মিলনৰ ৰূপৰেখা প্রস্তুত কৰিছিল। তেখেতৰ পৰিশ্রমী নেতৃত্ব চিন্তা সাধনা আৰু পৰিকল্পনাৰ আধাৰত এই সুবৃহৎ অনুষ্ঠানটোরে জাতীয় অনুষ্ঠানলৈ পর্যবসিত হৈছে। ৰাভাদেউবে নাট্যাভিনয়ৰ পাতনি মেলিছিল আঠ বছৰ বয়সত।
ঢাকা নগৰত মঞ্চস্থ এখন নাটকত প্রথমে ৰাজকোঁৱৰৰ ভাৱত ৰাভাই অভিনয় কৰিছিল। নাটকখনৰ নাম আছিল হবিশ্চন্দ্ৰ। তেজপুৰৰ বাণ ৰঙ্গমঞ্চত নিয়মীয়াকৈ অভিনয় কৰা বাভাই পাছলৈ যাত্রা- পাৰ্টিৰ লগত নাটকত অভিনয় কৰাৰ উপৰিও কেবাখনো অসমীয়া ছবিত অভিনয় কৰিছিল। তেখেতৰ অভিনীত বোলছবি এৰা বাটৰ সুৰ, প্রতিধ্বনি, চিৰাজ।
নাট্য ইতিহাসত অসমৰ স্থান একক আৰু অনন্য। ৫৫০ বছৰৰ পূৰ্বে অসমত প্রচেনিয়াম থিয়েটাৰৰ প্ৰচলন হৈছিল। এক প্রণালীবদ্ধ আৰু প্রশিক্ষণ ভিত্তিক এনে নাট্য চর্চা তাহানি গুৰুজনাই নগাঁৱৰ পবিত্র ভূমি বৰদোৱাত ‘চিহ্ন যাত্রা’ এই নাটেৰে আৰম্ভ কৰি নাট্য আন্দোলনৰ ইতিহাসক অনন্য রূপ প্রদান কৰি থৈ গৈছে। সেয়াই আছিল বিশ্বত নাটকৰ প্ৰথম আধুনিক যাত্রা। এই যাত্ৰাৰ সূচনাৰ সময়ত বিশ্ববিশ্রুত শেক্সপীয়েৰ দৰে নাট্যকাৰৰ জন্মই হোৱা নাছিল। প্রচেনিয়াম মঞ্চৰ ধাৰণা গুৰুজনাইহে বৰদোৱাৰ পৰা বিশ্বলৈ আগবঢ়াই লৈ গ’ল।
নাট্য কলা সাধনাত সফলতা লাভ কৰিবলৈ এক ঋষিসুলভ সাধনাৰ প্ৰয়োজন। নাটক এতিয়া এক বিজ্ঞান ভিত্তিক কলা। থিয়েটাৰ এক সংগ্রমী শিল্প।
অসমৰ নাটকৰ ধাৰা সলনি হৈছে। নতুন নতুন চিন্তা-চৰ্চাৰ উন্মেষ ঘটিছে। নাটকত কি সূত্র বা তত্ত্ব ব্যৱহাৰ হৈছে সেয়া ডাঙৰ কথা নহয়, ডাঙৰ কথা হৈছে মানুহৰ সৈতে কিদৰে নাটকৰ সংযোগ কৰা যাব এনে চিন্তাক সাকাৰ ৰূপ দিয়াৰ বাবে অসম নাট্য সম্মিলনে বিভিন্ন নর কর্মসূচী, কাৰ্যসূচী লৈ ইয়াৰ গণমুখী যাত্রা অব্যাহত ৰাখিছে। ইয়াৰ সামুহিক প্রতিফলন ঘটিছে বিগত দিনসমূহত অসম নাট্য সম্মিলনৰ কেন্দ্রীয় কার্যসূচী আৰু ইয়াৰ মণ্ডল, জিলা আৰু শাখাসমূহে লোৱা কাৰ্যসূচীসমূহত।
ঐতিহাসিক যোৱা ৫৭ সংখ্যক অসম নাট্য সম্মিলনৰ পৰা ৫৮ সংখ্যক নলবাৰী, ৫৯ সংখ্যক দুলীয়াজান, ৬০ সংখ্যক নগাঁও, ৬১ সংখ্যক বৰপেটাৰোড অধিবেশনৰ বাৰেবৰণীয়া ৰেহ-ৰূৰ কিয়দাংশ সংৰক্ষণ কৰি অসমৰ অন্যতম জাতীয় অনুষ্ঠান অসম নাট্য সম্মিলনৰ গণমুখী যাত্ৰাৰ লগতে অসমৰ নাট্য আন্দোলনৰ এক সুসংহত প্রতিচ্ছবি তুলি ধৰিবলৈ যত্ন কৰা হৈছে।
অসম নাট্য সম্মিলনৰ অপেছাদাৰী নাট্য কর্মৰ এক চমু অৱলোকন:
অসম নাট্য সম্মিলন- আমাৰ এক জাতীয় অনুষ্ঠান। ১৯৫৯ চনত অসমৰ অপেছাদাৰী নাট্যকর্মীসকলক একত্রিত কৰি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱে অসম নাট্য সম্মিলনৰ ৰূপৰেখা প্রস্তুত কৰিছিল- যি অসমৰ এক অন্যতম জাতীয় অনুষ্ঠান হিচাপে গঢ় লয় য’ত পৰশুৰাম বৰুৱা ওৰফে ফুনু বৰুৱা, ড° যোগেন্দ্র নাথ বায়ন, প্রফুল্ল বৰুৱা, কৃষ্ণপ্রসাদ বৰুৱা, লক্ষ্যধৰ চৌধুৰী, ফণী তালুকদাৰ, ৰত্ন ওজা, যোগেন চেতিয়া, মহেন্দ্ৰ বৰঠাকুৰ, অৰুণ শৰ্মা, ড° অখিল চক্রবর্তী, আব্দুল মজিদ, দুলাল ৰয়ক সভাপতি হিচাপে নির্বাচন কৰি ইয়াক এক গতিশীল অনুষ্ঠান হিচাপে আগবঢ়াই নিবলৈ যত্নপৰ হৈছে।
বেবেজীয়াত থকা কেন্দ্রীয় কার্যালয়ৰ ভেটিটোতে এক দীর্ঘম্যাদী আঁচনি লোৱা হৈছে, এতিয়া নগাঁও জিলা সমিতিৰ লগতে সমগ্র নগাঁৱৰ অপেছাদাৰী নাট্যকর্মীসকলৰ সহযোগত ন-উদ্যমেৰে ন-পৰিকল্পনাৰে ইয়াক সক্রিয় কৰিবলৈ কাম আৰম্ভ কৰিছে। বেবেজীয়া প্রকল্পক উত্তৰ-পূবৰ এক অনন্য নাট্য প্রকল্প হিচাপে গঢ় দিব পৰা যায়- য’ত ৰাজ্য চৰকাৰ আৰু কেন্দ্রীয় চৰকাৰৰ সহাঁৰিও আদায় কৰিব পৰা যাব। ইতিমধ্যে ৰাজ্য চৰকাৰ ওচৰত ইয়াৰ উন্নয়নৰ বাবে জাতীয় নাট্য বিদ্যালয় গঢ়ি তুলিবলৈ প্রস্তার উত্থাপন কৰা হৈছে।
অসম নাট্য সম্মিলনে উনৈশৰ দশকৰ শেষৰ পৰাই প্রকাশনৰ এক বিশেষ উদ্যোগ লৈ আহিছে, এই ক্ষেত্ৰত ভৰত মুনিৰ নাট্যকোষ বা ডেৰশ বছৰৰ নিৰ্বাচিত অসমীয়া নাট্য সংকলন বিশেষভাবে উল্লেখযোগ্য। এই নাট্য সংকলনৰ ১৯৫০ৰ পৰা ১৯৭০ চনৰ ভিতৰত নিৰ্বাচিত নাটকৰ তৃতীয় সংকলন এই অধিবেশন স্থলীতে উন্মোচন কৰাৰ দিহা কৰা হৈছে আৰু এই নাট্য সংকলনৰ ৪র্থ সংকলন (১৯৭১-২০০০ চন) প্রকাশ কৰিবলৈ সকলো প্ৰাৰম্ভিক কাম সম্পূর্ণ কৰা হৈছে।
যোৱা কেবাদশকজুৰি সকীয়াই থকাৰ পিছতো অসমীয়া নাটকে আজিকোপতি ৰাষ্ট্রীয় স্বীকৃতি প্রাপ্তিৰ পৰা বঞ্চিত হৈ আছে যাৰ বাবে ইয়াৰ প্ৰকাশৰ ব্যৱস্থা ল’বলৈ প্ৰকাশন আগবাঢ়ি আহিবলৈ অনিহা প্রকাশ কৰে। এই কাৰকে ভাৰতীয় অন্য ভাষালৈ গুণমানবিশিষ্ট, যুগান্তকাৰী নাটক আজিলৈকে অনূদিত নোহোৱাৰ ক্ষেত্ৰতো ক্রিয়া কৰে। বহু নাট্যকাৰৰ কষ্ট কৰি লিখা নাটক এৰাতি-দুৰাতি মঞ্চস্থ হোৱাৰ পিছত প্ৰকাশৰ অভাৱত হেৰাই গৈছে।
মৌলিক নাটকৰ অভাৱ দূৰ কৰিবলৈ, হেৰাই যাব ধৰা পৰিৱেশ নোহোৱা কৰিবলৈ চৰকাৰ তথা অসম সাহিত্য সভা তথা সাহিত্যিক, বিশেষজ্ঞ, পণ্ডিতসকলে মাথোঁ কবিতা, উপন্যাস বা প্ৰবন্ধৰ মাজতে আবদ্ধ নাথাকি নাট্য-সাহিত্যৰ বিকাশৰ বাবে অসমৰ নাটকক ৰাষ্ট্রীয় স্বীকৃতি- অন্ততঃ সাহিত্য একাডেমীৰ জৰিয়তে দিয়াৰ ব্যৱস্থা কৰক। নাটক প্রচাৰ আৰু প্রকাশনৰ এক সুনির্দিষ্ট আঁচনিৰ সর্বদা প্রয়োজন আছে।
সাম্প্রতিক কালৰ উল্লেখযোগ্য ৯০/১০০ মিনিটৰ পূৰ্ণাংগ নাটক আৰু একাঙ্কিকা নাটসমূহ প্রকাশৰ বাবে উদ্যোগ ল’ব লাগে, লগতে নাট্যকাৰৰ জীবনপঞ্জী, নাট সম্বন্ধীয় প্রবন্ধ, পোহৰ, সংগীত, অঙ্গৰাগ (make-up and dresses), ছেটিংচৰ কৌশল আদি লিখনিৰে সমৃদ্ধ হ’ব লাগে। এই ক্ষেঘ্রত অসম নাট্য সম্মিলনে প্রতিবছৰে অধিৱেশনৰ মজিয়াত মঞ্চস্থ শ্রেষ্ঠ আৰু নিৰ্বাচিত নাটসমূহৰ পাণ্ডুলিপি যুগুতাই কিতাপ হিচাপে প্রকাশ কৰি আহিছে।
অসমৰ দুৰ্গত শিল্পীসকলৰ বাবে সকলো শ্ৰেণীৰ নাট্যকর্মীসকলক অন্ততঃ চিকিৎসা ক্ষেত্রত সহায় হ’ব পৰাকৈ এক স্থায়ী ব্যৱস্থা ল’বলৈ অসম নাট্য সম্মিলনে বিগত দিনত বিশেষ তৎপৰতা প্রদর্শন কৰি কেবাবাৰো সংশ্লিষ্ট চৰকাৰী বিভাগৰ ওচৰত আলোচনা মর্মে প্রস্তাব উত্থাপন কৰিছে।
এই কথা সকলোৰে জ্ঞাত যে অসমৰ চিনে-শিল্পী, কলা- কুশলীসকলে কেন্দ্ৰীয় চৰকাৰৰ ESI আঁচনিৰ অন্তৰ্ভুক্ত হৈ এই ক্ষেত্ৰত তেওঁলোকৰ চিকিৎসা আৰু যাবতীয় কামত বিনামূলীয়াকৈ অনুগৃহীত হোৱাৰ সুবিধা পাই আহিছে।
তদ্রূপ আমাৰ নাট্যকর্মী তথা শিল্পী, কলা-কুশলীয়ে যাতে কেন্দ্ৰীয় চৰকাৰে ইয়াৰ শ্রম মন্ত্ৰ্যালয়ৰ দ্বাৰা পৰিচালিত উক্ত ESI আঁচনিৰ অন্তর্ভুক্ত কৰে তাৰ বাবে ব্যৱহাৰিক ব্যবস্থা গ্রহণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত ইয়াৰ খচৰা আৰু প্ৰয়োজনীয় পত্র দাখিল কৰি কেবালানি আলোচনা চলোৱা হৈছে। আমি আশা কৰিছোঁ কেন্দ্ৰীয় চৰকাৰে এই ক্ষেত্ৰত এক দ্রুতকালীন ব্যবস্থা গ্রহণ কৰি নাট্যকর্মীসকলক সকাহ দিব পাৰিব।
পুনৰবাৰ উল্লেখ কৰি ক’ব বিচাৰোঁ যে, অসম নাট্য সম্মিলন অসমৰ এক আশাসুধীয়া অনুস্থান যি অসমৰ অসংখ্য অপেছাদাৰী নাট্যকর্মীৰ সৰৱ আৰু নীৰৱ কৰ্মৰ এক ভৱিষ্যত নির্ণয়কাৰী চিন্তাৰ প্রতিফলন ঘটাই এক সুনির্দিষ্ট কর্মসূচী আৰু পৰিকল্পনাবে সমূহীয়াভাবে ওলাই যাব পৰা এখন গতিশীল মঞ্চ। অসম নাট্য সম্মিলনক অধিক গতিশীল আৰু সর্বজন নাট্য সতীর্থক সাঙুৰিব পৰা এখন জীবন্ত মঞ্চ হিচাপে প্রতিষ্ঠা কৰিব লাগিব।
নাট্য সম্মিলনৰ মজিয়াত বছৰি সম্পাদিত হোৱা আঁচনিৰ মূল্যায়ন আৰু অধিক পৰিপুষ্টিৰ প্রয়োজনীয়তা উপলব্ধি কৰিয়েই ক’ব বিচাৰিছোঁ যে, আমাৰ নাট্যকর্মৰ বাবে অধিক প্রয়োজন হ’ব এক শান্তিপূর্ণ পৰিৱেশ আৰু আর্থিক নিৰাপত্তাৰ স্বাৰ্থত স্বনিৰ্ভৰশীলতা।
নাট্যকর্মীসকলক এই ক্ষেত্ৰত সকাহ দিব পৰাকৈ ৰাইজ আৰু ৰজাঘৰীয়াৰ সহাঁৰি অপৰিহাৰ্য আৰু অসম নাট্য সম্মিলৰ এই ক্ষেত্ৰত কৰণীয় কি হ’ব, কি কর্মসূচী, আঁচনিৰে এনে গুৰুত্বপূর্ণ বিষয়টো চম্ভালিব পৰা যাব তাকো গভীৰভাৱে চিন্তা কৰা দৰকাৰ। ইয়াৰ বাবে অসম নাট্য সম্মিলনৰ এক অন্তর্দৃষ্টিৰ প্রয়োজন। এই ক্ষেত্রত অসম নাট্য সম্মিলনে নাট্যকর্মীসকলক সকাহ দিবলৈ আগৰণুৱা হৈ ওলাই আহিব লাগিব।
আনহাতে যদিও আমি এটা অপেছাদাৰী নাট্যকর্মীসকলৰ সংগঠন কিন্তু সমসাময়িক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অসমৰ প্রতিজন নাট্যকর্মীয়ে আত্মনিৰ্ভৰশীল হোৱাৰ শপত লৈ নাট্যকর্ম আঁচনি লোৱাৰ প্রয়োজন হ’ব।
অসম নাট্য সম্মিলন অসমৰ নাট্যকর্মীসকলৰ। সঙ্গীত, নৃত্য, নাটকক একেলগ কৰি নাট্যকর্মই সম্পাদিত কৰে। সেয়া ইটো-সিটোৰ পৰিপূৰক। এই সকলো দিশতে পূর্ণাংগতা প্রদান কৰি নাট্যকর্মীসকলে নাট্য আন্দোলনক গতিশীল কৰি তুলিব লাগিব।
ইয়াৰ বাবে সুনির্দিষ্ট আঁচনি, সুনির্ধাৰিত কৰ্মসূচীৰ প্রয়োজন আছে। ঠিক একেদৰে ভাওনা, ওজাপালি, ঢুলীয়া- ভাওৰীয়া আদি লোকনাট্য শিল্পী, কলা-কুশলীক সামৰি অসম নাট্য সম্মিলনৰ কৰণীয় কি হ’ব তাকো নিৰ্দ্ধাৰণ কৰিব লাগিব। আনহাতে, পেছাদাৰী ভ্ৰাম্যমান থিয়েটাৰ শিল্পী তথা নাট্যকর্মীসকলৰ বাবে কৰিবলগীয়া কিবা কৰ্মসূচীৰ প্রয়োজন আছে নে তাকো বিবেচনাৰ বাবে আনিব লাগিব।
এই কথা স্পষ্ট যে, আমি নাট্য সম্মিলন অপেছাদাৰী নাট্যকর্মীসকলক সমবেত কৰি অসমৰ নাট্য আন্দোলন সুদৃঢ় কৰাটোৱে প্রধান লক্ষ্য, কিন্তু ভ্রাম্যমান থিয়েটাৰৰ লগতে পেছাদাৰী অন্যান্য নাট্যকর্মী আৰু নাট্যগোষ্ঠীসমূহ অসমৰ নাট্য আন্দোলনৰ অন্য এক জনপ্রিয় মাধ্যম। এই বিষয়টো আওকাণ কৰিব নোৱাৰি।
‘জাতীয় নাট্য সাহিত্য ন্যাস পুঁজি’ গঠন নিশ্চিত কৰোঁ আহক
অসম নাট্য সম্মিলন অসমৰ নাট্য আন্দোলনক অধিক অর্থবহ কৰি তুলিবলৈ ‘জাতীয় নাট্য সাহিত্য ন্যাস পুঁজি’ গঠন কৰাৰ সিদ্ধান্ত লৈ ইয়াৰ যাবতীয় সকলো প্রস্তুতি সমাপ্ত কৰি ইয়াৰ পুঁজি সংগ্ৰহৰ কাম আৰম্ভ কৰা হৈছে।
অসম চৰকাৰে অসম সাহিত্য সভাকে আদি কৰি বিভিন্ন জনগোষ্ঠীয় সাহিত্য সভাক উজ্জীবিত কৰিবলৈ প্রশংসনীয়ভাবে যি শকত পুঁজিৰ অনুদানেৰে অনুপ্রাণিত কৰিছে, একে ধৰণে অসম নাট্য সম্মিলনৰ এনে ‘জাতীয় নাট্য-সাহিত্য ন্যাস পুঁজি লৈ অন্ততঃ ৩ কোটি টকা আগবঢ়াবলৈ আমি অসম চৰকাৰক পুনৰবাৰ টানি অনুৰোধ জনাব বিচাৰিলো।
এই ন্যাস পুঁজি শকত কৰাৰ বাবে ৰাইজ তথা অন্যান্য চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্রতিষ্ঠানক সংযোজিত কৰিবলৈ বিভিন্ন কর্ম আঁচনি প্রস্তুত কৰিব লাগে। এই ন্যাস পুঁজিৰ মূলধন ফিক্সড্ কৰি ৰাখি ইয়াৰ পৰা পোৱা সুদ আদিৰ দ্বাৰাহে বিভিন্ন আঁচনি গ্রহণ কৰি ইয়াৰ খৰচৰে সম্পাদিত কৰিবলৈ সিদ্ধান্ত লৈছে। অন্যহাতে, অসমৰ নাট্য আন্দোলন সমৃদ্ধ কৰিবলৈ ভাৰতৰ বিভিন্ন ৰাজ্যত সিঁচৰতি হৈ থকা অসমৰ নাট্য শুভাকাংক্ষীসকলক লৈ অসম নাট্য সম্মিলনৰ শাখা গঠন কৰিবৰ বাবে এক সুদূৰ প্ৰসাৰী ব্যৱস্থা লোৱা হওক।
কেন্দ্রীয় সমিতিখনে বছৰটোৰ ভিতৰত প্ৰস্তুত কৰা সকলো কর্মসূচী সফল কবি তোলাত সক্রিয়তাৰে কাম কৰিবলৈ চেষ্টাৰ ত্রুটি কৰা নাই আৰু ইয়াক অসম নাট্য সম্মিলনৰ বিভিন্ন মণ্ডল, জিলা আৰু শাখাৰ নাট্য সতীর্থসকলৰ লগতে শুভাকাংক্ষী নাট্যপ্রেমীসকলৰ উদ্যোগত তথা অসম চৰকাৰৰ সহযোগিতাত কিছু কর্মসূচী আমি সফলভাবে ৰূপায়িত কৰিবলৈ সক্ষম হওঁহঁক।
উক্ত সহযোগিতাৰ বাবে সদৌটিৰ ওচৰত আমি চিৰঋণী হৈ থাকিম। মন-প্রাণ নতুন আনন্দবে ভৰি পৰা, চৌদিশ নতুন নতুন যেন লগা তেজপুৰৰ ৬২ সংখ্যক নাট্য সম্মিলনৰ এই পবিত্র মুহূর্তৰ জ্যোতি-বিষ্ণু ক্ষেত্র, তেজপুৰত কিবা নতুনকৈ গড়া বা নর চিন্তাৰ পাতনি মেলা মানসেৰে পুনৰ ক’ব বিচাৰো যে- ‘অসম নাট্য সম্মিলন‘ অসমৰ জাতীয় এই অনুষ্ঠানটো অধিক গতিশীল আৰু সমৃদ্ধিশালী কৰাৰ লগতে অসমৰ নাট্য আন্দোলনক বিশ্বপ্রসাৰী কৰি আগুৱাই নিবলৈ অসমৰ নাট্য সতীর্থসকল, নাট্যপ্রেমীসকল আৰু শুভাকাংক্ষী ৰাইজ, আমি একত্রিতভাবে আগবাঢ়ি যাব লাগিব।
শেষত, সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ সেই যুগজয়ী মন্ত্রকে আওৰাই আমি সকলোৱে মিলি গাও আহক:
“বাজক ডবা বাজক শংখ
বাজক মৃদং খোল
অসম আকৌ উন্নতি পথত
জয় আই অসম বোল।।”
শেষত, অসম নাট্য সম্মিলনৰ ৬২ সংখ্যক কেন্দ্ৰীয় তেজপুৰ অধিবেশনৰ সফলতা কামনা কৰিছোঁ আৰু এই অধিবেশন সাফল্য মণ্ডিত কৰিবলৈ তেওঁলোকৰ অসীম কষ্ট, পৰিশ্ৰম আৰু ত্যাগেৰে সকলো ধৰণৰ প্ৰচেষ্টা চলোৱা অসম নাট্য সম্মিলনৰ ৬২ সংখ্যক কেন্দ্রীয় অধিবেশন উদ্যাপন সমিতিৰ সভাপতি, সাধাৰণ সম্পাদক প্রমুখ্যে সকলো বিষয়ববীয়া, কর্ম-কর্তা তথা উপ-সমিতিৰ সদস্য-সদস্যাসকলৰ লগতে সকলো শ্রেণীৰ বাইজ, নাট্যকর্মী, অনুষ্ঠান- প্রতিষ্ঠান, সংবাদ মাধ্যমৰ ওচৰত মোৰ কৃতজ্ঞতা প্রকাশ কৰিলোঁ।
সদৌ শেষত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সেই যুগজয়ী আহ্বানেৰে মোৰ এই অভিভাষণৰ সামৰণি মাৰিলোঁ-
“আজি প্রত্যেক অসমীয়াই সংকল্প কৰা উচিত, অসমক মৰিবলৈ নিদিওঁ, অসমীয়াক জীন যাবলৈ নিদিওঁ; অসমীয়া সংস্কৃতি লুপ্ত হ’বলৈ নিদিওঁ, অসমৰ বুকুত বৈচিত্র্যৰ মাজৰ ঐক্যৰ ডোলেৰে গুঠি দুনাই শক্তিশালী নতুন অসমীয়া জাতি গড়ো, শক্তিমান ন-অসম গড়ি সমন্বিত শক্তিৰে সুন্দৰতম ন-অসমীয়া সংস্কৃতি ৰচো, সোণৰ অসম গঢ়ি আশাৰ ৰংঘৰ, আকাংক্ষাৰ কাৰেংঘৰ, কামনা-বাসনাৰ তলাতল ঘৰ সাজোঁ।“
দিনাংক: তেজপুৰ, ১৮ জানুৱাৰী, ২০২৪ ইং
।। জয় আই অসম।।
জয়তু অসম নাট্য সম্মিলন
কুমাৰ দীপক দাস
18-01-2024
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)