অসম পৰ্বতাৰোহন সন্থা
অসম পৰ্বতাৰোহন সন্থাই আয়োজন কৰা ৫৩ত্বম বাৰ্ষিক শৈলাৰোহন শিবিৰৰ দ্বিতীয়দিনৰ কাৰ্য্যসূচীৰ সফল ভাৱে সামৰণী পৰে। যোৱা ২৮ নৱেম্বৰৰ পৰা হৈ থকা শৈলাৰোহন প্ৰশিক্ষনৰ আজিৰ কাৰ্য্যসূচীভাগ অসম ৰাজ্যিক চিৰিয়াখানাৰ প্ৰাংগনত শাৰিৰীক অনুশীলনেৰে আৰম্ভ হয়। আৰম্ভনী অনুষ্ঠানত উপস্থিত থাকে মুখ্য বন সংৰক্ষক হেমকান্ত তালুকদাৰ। সন্থাৰ মুখ্য উপদেষ্টা সত্যেন শৰ্মা,ৰাজেন গৌতম, পাৰ্বতীপ্ৰসাদ গৌতমকে আদি কৰি জ্যেষ্ঠ সদস্যসকলৰ উপস্থিতিত উৎসাহভৰা মন্তব্যৰে প্ৰশিক্ষাৰ্থী সকলক অনুপ্ৰেৰনা যোগায়।
তাৰ পিছতেই আৰ.কে. মেমৰীয়েল শৈলক্ষেত্ৰত প্ৰায় ৯৫ জন প্ৰশিক্ষাৰ্থীক ৰতন বসুমতাৰীৰ তত্ত্বাৱধানত ভাস্কৰ বৰুৱাৰ নেতৃত্বত ২০ জন প্ৰশিক্ষকে শৈলাৰোহনৰ বিভিন্ন কৌশলৰ প্ৰশিক্ষন দিয়ে। ক’ভিড মহামাৰীয়ে সৃষ্টি কৰা বিভীষিকাময় পৰিৱেশে মানুহবোৰক মানসিকভাৱে কোঙা কৰি পেলোৱা সময়তে এই শিবিৰত যোগদান কৰিবলৈ অসমৰ বিভিন্ন প্ৰান্তৰৰ পৰা যুৱক যুৱতীৰ লগতে বহু কেইগৰাকী বিবাহিত মহিলাও এই শিবিৰত অংশ গ্ৰহন কৰিছেহি। সুদূৰ গোলাঘাট, লখিমপুৰ, তেজপুৰ, নলবাৰী, মঙলদৈৰ পৰা আহি আগ্ৰহেৰে প্ৰকৃতিৰ বুকুত দুঃসাহসিক ক্ৰিয়াৰ অনুশীলনত ভাগ লোৱা এইসকল প্ৰশিক্ষাৰ্থীৰ উৎসাহ দেখি সন্থাৰ সমূহ বিষয়ববীয়া অভিভূত হৈ পৰিছে লগতে দুঃসাহসিক ক্ষেত্ৰখনৰ ক্ষেত্ৰখনলৈও এক ইতিবাচক বাৰ্তা কঢ়িয়াই আনিছে। শৈলাৰোহনৰ প্ৰশিক্ষনৰ অন্তত দুপৰীয়াৰ সুস্বাদু আহাৰ পৰিৱেশনৰ পিছতে ক্লাইম্বিং নটৰ অনুশীলনেৰে আজি দ্বিতীয়দিনাৰ প্ৰশিক্ষনৰ কাৰ্য্যসূচীৰ অন্ত পৰে।