অসম-বংগৰ সম্প্ৰীতিৰ উৎসৱ মধুপুৰ মহোৎসৱ
যুগান্ত বায়ন
অসমীয়া জাতিৰ জনক মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ স্মৃতি জড়িত ঐতিহ্যমণ্ডিত উত্তৰবংগৰ কোচবিহাৰত অৱস্থিত বৈষ্ণৱ তীৰ্থ মধুপুৰ সত্ৰত প্ৰতি বছৰে দুদিনীয়া কাৰ্যসূচীৰে সত্ৰীয়া পৰম্পৰাৰ মাজেৰে মধুপুৰ মহোৎসৱ পালন কৰা হয়।
মধুপুৰ সত্ৰ সমিতিৰ উদ্যোগত যোৱা চাৰিটা দশক ধৰি পালন কৰি অহা মধুপুৰ মহোৎসৱ নাম প্ৰসংগৰে পাতনি মেলা হয়।উত্তৰবংগৰ সত্ৰ সমূহৰ ভক্ত প্ৰাণ ৰাইজ আৰু গুৱাহাটী, বৰপেটা, বিজনী, মাণিকপুৰ, সত্ৰশাল, জিনকাটা সত্ৰৰ লগতে কেইবাখনো সত্ৰৰ ভকত-বৈষ্ণৱৰ উপস্থিতিত অনুষ্ঠিত হয় মধুপুৰ মহোৎসৱ।
প্ৰতিবছৰে ডিচেম্বৰ মাহৰ এক নিদিষ্ট তাৰিখত উদযাপন কৰা মধুপুৰ মহোৎসৱৰ সময়ত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ভক্তি ৰসেৰে মুখৰ হৈ পৰে পৱিত্ৰ তীৰ্থ ভূমি মধুপুৰ সত্ৰৰ লগতে পশ্চিমবংগৰ সমগ্ৰ কোচবিহাৰ অঞ্চল।
অসমীয়া সাহিত্য-সংস্কৃতিৰ পীঠস্থান শ্ৰীমন্ত শঙ্কৰদেৱৰ মহাপ্ৰয়াণৰ পবিত্ৰ তীৰ্থভূমি উত্তৰবংগৰ কোচবিহাৰৰ মধুপুৰ সত্ৰত পালন কৰা মধুপুৰ মহোৎসৱৰ জৰিয়তে মহাপুৰুষীয়া কৃষ্টি-সংস্কৃতি বিশ্বমুখী কৰাৰ প্ৰয়াসেৰে মধুপুৰ সত্ৰ সমিতিয়ে মধুপুৰ মহোৎসৱৰ আয়োজন কৰে।মধুপুৰ মহোৎসৱত অসম আৰু উত্তৰবংগৰ বিভিন্ন প্ৰান্তৰ পৰা আহি উপস্থিত হোৱা সহস্ৰাধিক ভকত-বৈষ্ণৱসকলক আদৰণি জনোৱা হয়।
নাম,থিয়নাম,ভাগৱৎ পাঠ আৰু ব্যাখ্যাৰ এক অভিনৱ কাৰ্য্যসূচীৰ লগতে অসম আৰু উত্তৰবংগৰ বিভিন্ন সত্ৰৰ সত্ৰাধিকাৰৰ উপৰিও শতাধিক উত্তৰ বংগৰ ভকত-বৈষ্ণৱে অংশ গ্ৰহণ কৰি গুৰু দুজনাৰ কৰ্মৰাজিৰ ওপৰত আলোচনাত মিলিত হয়। মধুপুৰ সত্রত প্ৰভাত ফেৰী,সাংস্কৃতিক শোভাযাত্ৰা, থিয়নাম সমাৰোহ, স্মৰণিকা উন্মোচন, সাংস্কৃতিক অনুষ্ঠান,ৰাষ্ট্ৰীয় আলোচনা চক্ৰ, ধৰ্মালোচনী সভা আৰু ভাওনা প্ৰদৰ্শন কৰা হয়।
বৰ্তমান পশ্চিমবংগৰ কোচবিহাৰ জিলাৰ মধুপুৰত অৱস্থিত এই স্থানত ১৫৬৮ খ্ৰীষ্টাব্দত মহাপুৰুষ শঙ্কৰদেৱে দেহ ত্যাগ কৰিছিল।ইয়াৰ উপৰিও মধুপুৰত আন বহুতো ভকতৰো সমাধি আছে জনা যায়। জীৱনৰ অন্তিম সময়চোৱা মহাপুৰুষ শঙ্কৰদেৱে মধুপুৰত থাকি ধৰ্ম চৰ্চা কৰাৰ লগতে বহুতো সাহিত্যিক আৰু সাংস্কৃতিক কৃত্তিও ৰচনা কৰিছিল।
মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ দহজন শিষ্যৰ মধুপুৰত ভেটি থকা কাৰণে মধুপুৰ সত্ৰক দহ মুকুটৰ থান বুলিও কোৱা হয়।মধুপুৰৰ পুৰণি নাম আছিল চন্দনচৌৰা। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে প্ৰায় ৯৭ বছৰ বয়সত প্ৰধান শিষ্য মাধৱদেৱ, নাৰায়ণ ঠাকুৰ,ৰামৰায় আদি কৰি প্ৰায় ছয় কুৰি ভকতক লৈ দ্বিতীয়বাৰৰ বাবে পুৰীৰ ফালে তীৰ্থযাত্ৰা কৰিছিল।
আনুমানিক ১৫৫০ খৃষ্টাব্দত জগতগুৰু শ্ৰীমন্ত শঙ্কৰদেৱে পুৰী তীৰ্থৰ জগন্নাথ ক্ষেত্ৰৰ পৰা উভতি অহাৰ পথত বৰ্তমান কোচবিহাৰ চহৰৰ পশ্চিম দিশত প্ৰায় সাত কিঃ মিঃ আঁতৰত এজোপা পাৰলি বৃক্ষ অৰ্থাৎ জৰিগছৰ তলত ভক্তসকলৰ আগত ভাগৱতৰ পৰা বৃন্দাবনৰ শ্ৰীকৃষ্ণৰ লীলাৰ কথা ব্যাখ্যা কৰিছিল।
সেই সময়তে হেনো জগতগুৰু শ্ৰীমন্ত শঙ্কৰদেৱে আঁউজি থকা জৰি গছজোপাত মৌমাখিয়ে সজা মৌচাকৰ পৰা মৌৰস পৰিছিল আৰু সেই মৌৰস তেওঁলোকে তৃপ্তিৰে খাইছিল বুলি জনা যায়।সেই পৰিৱেশ উপভোগ কৰি জগতগুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ প্ৰধান শিষ্য মাধৱদেৱে বোলে কৈছিল ‘কি মধুময় পৰিৱেশ, কি পুণ্যভূমিখানি গুৰুমুখে হৰিকথা মধুপান গুৰুভক্তৰ‘ কথাৰ আঁত ধৰি জগতগুৰু শ্ৰীমন্ত শঙ্কৰদেৱে সেই স্থানৰ নাম ‘মধুপুৰ থান’ ৰাখে।
ইয়াৰ পিছত জগতগুৰু শ্ৰীমন্ত শঙ্কৰদেৱে ভকতসকলৰ সৈতে পাটবাউসীলৈ যায়।সেই সময়ত বেহাৰ অৰ্থাৎ কোচৰাজ্যৰ ৰজা আছিল নৰনাৰায়ণ আৰু তেওঁৰ ৰাজ্য বৰ্ত্তমান পশ্চিমবংগৰ কোচবিহাৰলৈকে বিস্তৃত আছিল।
পাটবাউসীত উপস্থিত হৈ জগতগুৰু শ্ৰীমন্ত শঙ্কৰদেৱে দেখিলে যে ব্ৰাহ্মণসকলে তেওঁৰ বিৰুদ্ধে নানা অপপ্ৰচাৰ কৰিবলৈ ধৰিছে আৰু ৰজা নৰনাৰায়ণৰ ওচৰত গোচৰ দিছে এইবুলি যে – শঙ্কৰে আপোনাৰ সমষ্ট ৰাজ্যক নষ্ট কৰিলে,জাত-পাতৰ কোনো বিচাৰ নাইকিয়া কৰিলে।
বেহাৰ অৰ্থাৎ কোচৰাজ্যৰ ব্ৰাহ্মণ পণ্ডিত সকল ৰজা নৰনাৰায়ণৰ বৰ প্ৰিয়পাত্ৰ আছিল সেয়ে কোচৰাজ্যৰ ব্ৰাহ্মণ পণ্ডিত সকলৰ পৰা অভিযোগ পাই ৰজা নৰনাৰায়ণ মহা ক্ৰোধান্বিত হয় আৰু ‘মোৰ দেশত শঙ্কৰে এনে কৰে’, ‘হাড়ে পুৱাইবো জুই ছালে ডামা সীম শৰীৰৰ মাংস তাৰ কুকুৰক দিম’ বুলি শ্ৰীমন্ত শঙ্কৰদেৱক ৰজাৰ ৰাজধানীলৈ ধৰি আনিবলৈ দহজন চিপাহী (গড়মলি) পাটবাউসীলৈ পঠিয়াই দিয়ে।
কিন্তু ইতিমধ্যে ৰজা নৰনাৰায়ণৰ ভাতৃ চিলাৰায়ে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ সম্বন্ধীয় ভাতৃ ৰামৰায়ৰ কন্যা ভুৱনেশ্বৰী অৰ্থাৎ কমলাপ্ৰিয়াক বিয়া কৰায় আৰু পত্নীৰ মুখত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ গুণৰাজিৰ কথা জানিব পাৰি জগতগুৰুজনৰ প্ৰতি আকৃষ্ট হৈ তেওঁৰ ওচৰত শৰণ লৈছিল।বিপদৰ আশংকা দেখি জগতগুৰু শ্ৰীমন্ত শঙ্কৰদেৱক ৰজাৰ চিপাহী সকলে ধৰাৰ আগতেই চিলাৰায়ে গোপনে জগতগুৰু শ্ৰীমন্ত শঙ্কৰদেৱক আনি ফুলবাৰীত ৰাখে।
পিছত গুৰুজনাক নিজ আশ্ৰয়ত ৰাখি চিলাৰায়ে জগতগুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ মাহাত্ম্যৰ কথা ককায়েক ৰজা নৰনাৰায়ণক কয়গৈ। ৰজাৰ ইচ্ছাৰ কথা জানিবলৈ পাই চিলাৰায়ে আশ্বস্ত হয় আৰু জগতগুৰু শ্ৰীমন্ত শঙ্কৰদেৱক বেহাৰ অৰ্থাৎ কোচবিহাৰলৈ লৈ যায় আৰু ৰজা নৰনাৰায়ণৰ ৰাজপ্ৰাসাদৰ সিংহদ্বাৰত উপস্থিত কৰায়।হাতত তুলসী মালা।’দেখিতে সুন্দৰ গৌৰবৰ্ণ কলেবৰ।
কৰন্ত প্ৰকাশ আতি সূৰ্য সমসৰ’।দূৰৰ পৰাই গুৰুজনাৰ এনেকুৱা ৰূপ দেখা পাই ৰজা নৰনাৰায়ণ মোহিত হৈ পৰে ৰজাই অভিবাদন জনাই জগতগুৰু শঙ্কৰদেৱক ৰজাৰ ওচৰলৈ আহি আসন গ্ৰহণ কৰিবলৈ কয়।জগতগুৰুনাইও ৰজাৰ প্ৰতি অভিবাদন জনাই সাতখলপা ভেটিৰ ওপৰত থকা সিংহাসনৰ ফালে আগবাঢ়ি যায়।প্ৰত্যেক থাকতে উঠি জগতগুৰু শঙ্কৰদেৱে নিজৰ ৰচিত ‘মধু দানৱ দাৰণ দেৱ বৰং, বৰ ৱাৰিজ লোচন চক্ৰ ধৰম’ গাই যাবলৈ ধৰে।
তেতিয়া ৰজাই জগতগুৰুজনাক সসন্মানে বহিবলৈ দিয়াত জগতগুৰুজনাই ‘নাৰায়ণ কাহে ভকতি কৰু তেৰা’,ধনশ্ৰী ৰাগৰ এই গীতটি; লগতে এটি ৰাজ ভটিমা ‘জয় জয় মল্ল নৃপতি ৰসবান, যাকেৰি গুণগান নাহিকে সমান’ ইত্যাদি গাইছিল।ইয়াৰ পিছত শঙ্কৰদেৱে ৰজাক আশীৰ্বাদ কৰিলে।
ৰজাই শঙ্কৰদেৱৰ পাণ্ডিত্য,ধীৰগম্ভীৰ মনোমুগ্ধকাৰী সুন্দৰ প্ৰশস্ত ৰূপ দেখি মুগ্ধ হ’ল আৰু তেওঁৰ বিৰুদ্ধে তৰা গোচৰ পৰীক্ষা কৰি চাবৰ মনেৰে ৰজাই ব্ৰাহ্মণ পণ্ডিত সকলক মাতি শঙ্কৰদেৱৰ লগত বাদ কৰিবলৈ লগাই দিয়ে। বাদত পণ্ডিত সকল পৰাস্ত হয়। গুৰুজনাৰ মধুৰ তত্ত্ব কথা শুনি নৰনাৰায়ণ ৰজা মুগ্ধ হৈ গুৰুজনাক স-সন্মানে বিদায় দিলে আৰু তেওঁক প্ৰতিদিনে ৰাজসভালৈ আহিবলৈ অনুৰোধ কৰিলে।
ইয়াৰ পিছত গুৰুজনাই পূৰ্বে মধুপান কৰা ঠাইতে সত্ৰ পাতি থাকিবলৈ লয়। চিলাৰায়ে সেই ঠাইত গৃহ আদি নিৰ্মাণ কৰি দিয়ে আৰু পাছত তাৰ পৰাই মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে ৰজা নৰনাৰায়ণৰ ৰাজসভালৈ অহাযোৱা কৰিবলৈ লয়।ৰজা নৰনাৰায়ণৰ ৰাজসভাত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে ব্ৰাহ্মণ পণ্ডিত সকলৰ লগত কেইবাবাৰো তৰ্কবাদত লিপ্ত হ’ব লগা হৈছিল।
এবাৰ ৰজা নৰনাৰায়ণে ৰাজসভাত পণ্ডিত সকলক দুই দণ্ডৰ ভিতৰতে গাই শুনাব পৰাকৈ ভাগৱতৰ সাৰ কথা এদিনৰ ভিতৰতে ৰচি আনিব পাৰিবনে বুলি প্ৰশ্ন কৰে। উপস্থিত সকলো পণ্ডিতে ক’লে ‘মহাৰাজ,ই হাতী মাৰি ভুৰুকাত ভৰোৱাৰ দৰে; অসম্ভৱ। বাৰস্কন্ধ ভাগৱত বাৰ মাহত শুনা কঠিন,ঈশ্বৰ শক্তি হ’লেহে পাৰে এদিনত। মানুহৰ শক্তি নাই। ’
তেতিয়া ৰজাই শঙ্কৰদেৱ গুৰুজনাৰ ফালে চাই সেই কাম পাৰিবনে বুলি সোধাত ক’লে ‘মহাৰাজ যদি ভগৱন্তৰ কৃপা হয় আমি কাইলৈ পৰা যাব’ এইবুলি ৰাজসভাৰ পৰা বিদায় লৈ সত্ৰ পাই কীৰ্ত্তন ঘৰত প্ৰৱেশ কৰি নিশাৰ ভিতৰতে বাৰস্কন্ধ ভাগৱত সাৰ কৰি ‘গুণমালা’ শাস্ত্ৰ ৰচনা কৰিলে শংকৰদেৱ গুৰুজনাই। শংকৰদেৱে পিছদিনা গা -পা ধুই সেইখন হাতীমূৰ্তি অঙ্কিত ভুৰুকা এটাত ভৰাই ৰজা নৰনাৰায়ণৰ হাতত অৰ্পণ কৰে।
শঙ্কৰদেৱৰ বুদ্ধি আৰু প্ৰতিভা দেখি ৰজা নৰনাৰায়ণ বিস্ময়াবিভূত হয়।এইদৰে নৰনাৰায়ণ ৰজাৰ লগত শঙ্কৰদেৱৰ ঘনিষ্ঠতা ক্ৰমে বৃদ্ধি পাবলৈ ধৰে। ৰজাই তেওঁক শ্ৰদ্ধা ভক্তি কৰিছিল আৰু শংকৰদেৱ গুৰুজনায়ো ৰজাৰ গুণমুগ্ধ হৈ পৰে। এবাৰ নৰনাৰায়ণ ৰজাই বৃন্দাবনত শ্ৰীকৃষ্ণৰ লীলা-খেলা বস্ত্ৰত তুলি দেখুৱাবলৈ শংকৰদেৱ গুৰুজনাক অনুৰোধ জনায়।
শঙ্কৰদেৱে এই কথাত সন্মতি জনায় আৰু পাতবাউসীলৈ আহি তাঁতীকুছিৰ (বৰ্ত্তমান বৰপেটা) তাঁতী সকলৰ হতুৱাই ‘বৃন্দাৱনী বস্ত্ৰ’ তৈয়াৰ কৰি ৰজাৰ হাতত অৰ্পণ কৰে।শঙ্কৰদেৱে কেইবাবাৰো বেহাৰলৈ (কোচবিহাৰ) অহাযোৱা কৰি প্ৰায় আঢ়ৈ বছৰ কাল বেহাৰত (কোচবিহাৰ) কটাইছিল।সেই সময়ছোৱাতে শেষ বয়সত শংকৰদেৱ গুৰুজনাই ৰজা নৰনাৰায়ণৰ ভাতৃ চিলাৰায়ৰ অনুৰোধক্ৰমে ‘ৰাম বিজয়’ নাটখন ৰচনা কৰে।
এদিন শঙ্কৰদেৱ গুৰুজনাই ৰাজসভাত বহি ঈশ্বৰৰ গুণাণুকীৰ্ত্তন কৰি থাকোঁতে ৰজা নৰনাৰায়ণে শঙ্কৰদেৱ গুৰুজনাৰ মস্তকৰ পৰা পদ-পঙ্কজলৈ ভালকৈ নিৰীক্ষণ কৰি তেওঁৰ গাতে ঈশ্বৰ পুৰুষৰ সকলো লক্ষণ দেখা পাই দণ্ডৱতে প্ৰণাম কৰিলে আৰু শঙ্কৰদেৱ গুৰুজনাৰ ওচৰত শৰণ প্ৰাৰ্থনা কৰে। কিন্ত্ত শঙ্কৰদেৱ গুৰুজনাই ৰজাক শৰণ দিবলৈ অনিচ্ছা প্ৰকাশ কৰে।
ৰজাই বহুবাৰ অনুৰোধ কৰিলত গুৰুৱে ক’লে ‘বাৰু কাইলৈ উপবাসে থাকক, ঈশ্বৰে কৰিলে পৰহিলৈ শৰণ দিবলৈ অহা হ’ব।এইবুলি শঙ্কৰদেৱ গুৰুজনাই ৰজাৰ পৰা বিদায় লৈ বেহালৈ (কোচবিহাৰ) আহে।বেহাত(কোচবিহাৰ) ভক্তসকলক মাতি কয়যে, :মোৰ দেহা ভাল নহয়,পৃথিৱীত আৰু নাথাকো’।গুৰুজনাৰ মুখৰ পৰা এনে কথা শুনি ভকতসকলে হৰিকীৰ্ত্তন কৰিবলৈ ধৰে।
বৰপুত্ৰ ৰমানন্দই কথাষাৰ জানিব পাৰি পিতৃৰ চৰণত পৰি কয়- ‘পিতৃদেৱ,মই একো নাপালোঁ’, তেতিয়া গুৰুজনে কয়যে হে ‘বাপু ৰমানন্দ, সোণ,ৰূপ, কাঁহ আদি সকলো সম্পদ পাটবাউসীত তোমাৰ মাৰ কাষতে আছে, তাতে পাবা’। তেতিয়া ৰমানন্দই ক’লে যে ‘পিতৃ আমি পাৰ্থিৱ বস্তু বিচৰা নাই,পৰকালৰ বৈকুণ্ঠৰ বস্তুহে প্ৰাৰ্থনা কৰা হৈছে’।উক্ত কথা শুনি শঙ্কৰদেৱ গুৰুজনাই পুনৰায় কয় যে :আজিহে আচল পিতা-পুত্ৰৰ সম্বন্ধ ঘটিল।
যিহওক, এতিয়া মোৰ অন্তিম সময়। মোৰ শক্তি-ভক্তি,বল-বীৰ্য্য,পৰাক্ৰম সকলো ‘বুঢ়াৰ পো’ৰ হাতত থৈ আহিছোঁ, মাধৱক গুৰু বোধে সকলো বুজি ল’বা’, এই বুলি পুত্ৰক বুজাই আৰু ভকত সকলক যথাসাধ্য উপদেশ-পৰামৰ্শ দি মহাপুৰুষ শঙ্কৰদেৱে ১৪৯০ শকৰ (১৫৬৮ খ্ৰীষ্টাব্দ) ভাদ মাহৰ ২১ তাৰিখত শুক্লা দ্বিতীয়া তিথি, বৃহস্পতি বাৰে দিনৰ ডেৰ প্ৰহৰত নশ্বৰদেহ ত্যাগ কৰি মধুপুৰতে বৈকুণ্ঠগামী হয়।কোচৰজা নৰনাৰায়ণৰ শংকৰদেৱ গুৰুজনাৰ পৰা শৰণ লোৱা নহ’ল।
ৰজা নৰনাৰায়ণ আৰু শংকৰদেৱৰ ভক্ত তথা ৰজাৰ ভাতৃ চিলাৰায়ে গুৰুজনাৰ মহাপ্ৰয়াণৰ খবৰ পাই শোকত ভাগি পৰে।পিছত ৰজাই ৰাজভঁৰালৰ পৰা ঘিঁউ,চন্দন কাঠ আদি পঠিয়াই দিয়ে আৰু তোৰষা (টোৰোচা) নদীৰ কাকটকুটা ঘাটত শংকৰদেৱ গুৰুজনাৰ ভক্ত সকলে গুৰুজনাৰ পবিত্ৰ দেহৰ অন্তিম সংস্কাৰ কৰে।অন্তিম সংস্কাৰৰ সেই সময়ত দেৱগণে পুষ্পবৃষ্টি কৰে আৰু গোটেই তোৰষা (টোৰোচা) নদী পুষ্পময় হৈ পৰে।
তেতিয়াৰ পৰাই কাকটকুটা ঘাটৰ নাম ‘পুষ্পকান্তি’ বুলি জনাজাত হয়।সময়ৰ গতিত অৱশ্যে সেই ঘাটৰ চিন-চাব এতিয়া আৰু নাই।পিছত ৰজা নৰনাৰায়ণে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱক ঈশ্বৰ জ্ঞান কৰি মধুপুৰ সত্ৰৰ নামত দুশ বিঘা মাটি ব্ৰহ্মোত্তৰ হিচাপে প্ৰদান কৰে। বেহাৰত (কোচবিহাৰ) থকা সময়ত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ মধুপুৰত আছিল আৰু শঙ্কৰদেৱৰ প্ৰধান শিষ্য মাধৱদেৱে ভেলা সত্ৰত আছিল।
শ্ৰীমন্ত শঙ্কৰদেৱৰ পাছত মাধৱদেৱে গুৰুভাৰ পাই ১৫৬৮ খ্ৰীষ্টাব্দত ধৰ্মাচাৰ্য্য হিচাপে পাটবাউসী, গণককুছি, বৰপেটা আৰু সুন্দৰীদিয়া সত্ৰত থাকি ধৰ্ম প্ৰচাৰ কৰিছিল।ৰজা নৰনাৰায়ণৰ মৃত্যুৰ পিছত পুত্ৰ লক্ষ্মীনাৰায়ণ বেহাৰ(কোচবিহাৰ) ৰাজ্যৰ ৰজা হয় আৰু তেওঁৰ ৰাজত্ব কালত ১৫৯৬ খ্ৰীষ্টাব্দত ভাদ মাহৰ কৃষ্ণা পঞ্চমী তিথিত ভেলা সত্ৰতে মহাপুৰুষ মাধৱদেৱ বৈকুণ্ঠগামী হয়।পিছত ক্ৰমে অচ্যুৎ গুৰু, শ্ৰীৰাম আতা, বিষ্ণু আতা আদি ভেলা সত্ৰৰ অধিকাৰ হয়।
বিষ্ণু আতাৰ মৃত্যুৰ পিছত কিছুদিন সত্ৰ চলোৱাৰ ভাৰ ‘সমূহ’ৰ ওপৰত পৰে।’সমূহ’ হৈছে সত্ৰশাল,মাধৱপুৰ, বৈকুণ্ঠপুৰ আদি গাঁওৰ সমূহ ভক্তবৃন্দ। পিছত বুঢ়ীৰ-পো গোবিন্দ আতৈ ভেলা সত্ৰৰ অধিকাৰ হয়।সেই সময়তে ভেলাসত্ৰ তোৰষা নদীৰ গৰাখহনীয়াত পৰে।
তেতিয়া বেহাৰ(কোচবিহাৰ) ৰজা আছিল বীৰ নৰনাৰায়ণ। ভেলাসত্ৰৰ দুৰ্গতিৰ কথা ৰজাক জনোৱাত ৰজাই পিতৃ লক্ষ্মীনাৰায়ণৰ কথা স্মৰণ কৰি সেই মাটিসহ সত্ৰৰ সমস্ত বস্তু নাৱেৰে নি গুৰুগৃহ, কীৰ্ত্তনঘৰ, হাটী আদি নিৰ্মাণ কৰি মধুপুৰত পুনঃ সত্ৰ স্থাপন কৰে আৰু তেতিয়াৰ পৰা দুয়োখন সত্ৰ লগলাগি নাম হয় ভেলা মধুপুৰ সত্ৰ।
বুঢ়ীৰ-পো গোবিন্দ আতৈ শ্ৰীশ্ৰীভেলা মধুপুৰ সত্ৰৰ প্ৰথম অধিকাৰ হৈ ছয়কুৰি ভকত সমন্বিতে সত্ৰত অক্ষয় প্ৰদীপ প্ৰজ্জ্বলিত কৰি নাম-কীৰ্ত্তন কৰি আছিল।গোবিন্দ আতৈৰ পিছত ক্ৰমে নিৰঞ্জণ আতৈ, গোপীনাথ আতৈ আদিয়ে সত্ৰৰ দায়িত্ব পালন কৰিছিল।
পৰৱৰ্ত্তী সময়ত যিসকল সত্ৰীয়া আতৈ বুঢ়া ভকতে মধুপুৰ সত্ৰ পৰিচালনা কৰে সেই সকল হ’ল ক্ৰমে- কৃষ্ণ বাপু সত্ৰীয়া, ৰামনাথ বাপু সত্ৰীয়া, গোপীনাথ বাপু সত্ৰীয়া, গঙ্গাৰাম ভৰালী, পচাৰাম ভৰালী আতৈ, কিনাৰাম আতৈ, নিৰন আতৈ, তোলন আতৈ, লক্ষ্মীকান্ত আতৈ বুঢ়াভকত, ফটিক চন্দ্ৰ দেৱ গোস্বামী। যোৱা ২০১২ চনৰ ১৮ এপ্ৰিলত সত্ৰাধিকাৰ ফটিক চন্দ্ৰ দেৱ গোস্বামীৰ মৃত্যুৰ পিছত পূৰ্বৰ ডেকা সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তক সত্ৰাধিকাৰ হিচাপে অভিষেক কৰা হৈছিল।
যোৱা ২০২২ চনৰ ৮ মাৰ্চত মধুপুৰ সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্ত পৰলোক প্ৰাপ্তি ঘটাত সত্ৰ সমিতিৰ সিদ্ধান্ত মৰ্মে ভাৰপ্ৰাপ্ত সত্ৰাধিকাৰ হিচাপে পূৰ্বৰ ডেকা সত্ৰাধিকাৰ পীতাম্বৰ ভকতে বৰ্তমান সত্ৰখন পৰিচালনা কৰি আছে।তোলন আতৈৰ দিনত মধুপুৰ সত্ৰৰ অৱস্থা অতি শোচনীয় হৈ পৰিছিল। কোচবিহাৰৰ ভক্তপ্ৰাণ স্বৰ্গীয় হৰমোহন পোদ্দাৰ আৰু তেওঁৰ পিছৰ পুত্ৰ-পৌত্ৰ সকলে মধুপুৰ সত্ৰৰ সংৰক্ষণ আৰু উন্নতিৰ হকে আহোপুৰুষাৰ্থ চেষ্টাৰ কৰিছিল।
সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তৰ আতৈৰ দিনত মধুপুৰ সত্ৰৰ পুনঃনিৰ্মাণৰ কথা চিন্তা কৰি ‘মধুপুৰ সত্ৰ সমিতি’ নামে এখন সত্ৰ সমিতি গঠন কৰা হয়।উক্ত সমিতিৰ জৰিয়তে তদানীন্তন অসমৰ মুখ্যমন্ত্ৰী স্বৰ্গীয় মহেন্দ্ৰ মোহন চৌধুৰীৰ ঐকান্তিক প্ৰচেষ্টা আৰু ৰাইজৰ সহযোগত বৰ্ত্তমান সত্ৰৰ পকী নামঘৰ, প্ৰাচীৰ, ৰাস্তা আদি নিৰ্মাণ কৰা হয়। ১৯৬৮ চনৰ জানুৱাৰী মাহত শঙ্কৰদেৱৰ সমাধি ক্ষেত্ৰৰ নিৰ্মাণ কাৰ্য্য সম্পন্ন কৰা হয়।
মধুপুৰ সত্ৰত প্ৰধানকৈ গুৰুজনাৰ সমাধি স্তম্ভ, কীৰ্ত্তনঘৰ আৰু মণিকূট আছে।গুৰু নামঘৰৰ কাষে কাষে পাঁচটা আতাগৃহ বা ভকতৰ গৃহ আছে।সত্ৰাধিকাৰৰ উপৰিও সত্ৰত উদাসীন আৰু কেৱলীয়া ভকত কেইজন আছে। সত্ৰৰ কাষতে যাত্ৰী সকল আহিলে থাকিব পৰাকৈ সকলো সা-সুবিধাৰে প্ৰায় তিনিশজন মানুহৰ বাবে এটা যাত্ৰীগৃহ আছে। সত্ৰৰ লগতে অসম চৰকাৰৰ এটা সাংস্কৃতিক কেন্দ্ৰ আছে। মূল সমাধি স্তম্ভগৃহত গুৰুজনাৰ দিনৰে কিছুমান সেৱাৰ বস্ত্ত সংৰক্ষিত হৈ আছে।
সেইবোৰ হ’ল- গুৰুজনাৰ বহা কঠ, তেওঁৰ খৰম, ৰজাই দিয়া লাখুটি, গুৰুজনাৰ হাতৰ জাপ্যমালা, গুৰুজনাই নিজ হাতে লিখা সাঁচিপাতৰ গুণমালা পুথি,তেওঁৰ বৃন্দাৱনী বস্ত্ৰৰ অংশবিশেষ, গুৰুজনাই গুৱা-পাণ গ্ৰহণ কৰা টেমী-কটাৰীসহ সঁফুৰা,গুণমালা পুথিখন লিখা কাপ-মৈলাম ইত্যাদি।
ইয়াৰ বাহিৰেও মাধৱদেৱে স্বহস্তে লিখা ঘোষাৰ পুথিখন, তেওঁ জলপান কৰা লোটা আৰু দুজনা গুৰুৰ শৰীৰৰ অংশ অস্থি আদিক সেৱাৰ বস্তু হিচাপে পৰম্পৰাগতভাৱে ৰক্ষা কৰি অহা হৈছে সত্ৰখনত।মধুপুৰ সত্ৰত চৈধ্য প্ৰসঙ্গ সম্পূৰ্ণৰূপে চলি থাকে।ৰাতিপুৱা পুৱাৰ প্ৰসঙ্গ হয়, দুপৰীয়াৰ পৰা আবেলিলৈ ভাগৱত পাঠ, ভাটিবেলা প্ৰসঙ্গ আৰু আই সকলৰ নাম আৰু সন্ধিয়া নাম-কীৰ্ত্তন কৰা হয়।
ইয়াত বছৰেকীয়া উৎসৱ হিচাপে আহিন মাহত জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্মোৎসৱ আৰু কাতি- আঘোণ মাহত ৰাসোৎসৱ পালন কৰা হয়। ফাগুনত ফাকুৱা বা দৌলোৎসৱ, ভাদ মাহত গুৰু দুজনাৰ কীৰ্ত্তন মহোৎসৱ আৰু ব’হাগত ব’হাগ বিহু আদি পালন কৰা হয়। মাঘত প্ৰথমজন সত্ৰাধিকাৰ গোবিন্দ আতাৰ মৃত্যু তিথি মহা পয়োভৰেৰে পালন কৰা হয়।
১৯৯৬ চনৰ পৰা কোচবিহাৰৰ মধুপুৰ সত্ৰত অনুষ্ঠিত হৈ অহা মধুপুৰ মহোৎসৱ অনুষ্ঠিত কৰা হয় যদিও গুৰুজনাৰ স্মৃতি বিজড়িত পৱিত্ৰ তীৰ্থভূমি আজি চৰম সংকটত।পূৰ্বতে ৰজাই দান কৰা মাটিৰ বহুখিনিত বেদখল হৈ আৰু বহু মাটি পশ্চিমবংগ চৰকাৰে অধিগ্ৰহণ কৰাৰ ফলত বৰ্ত্তমান সত্ৰৰ নামত ৬০ বিঘামান মাটিহে আছে বুলি জানিব পৰা গৈছে।
ইয়াৰে ১৯ বিঘা মাটিৰ ওপৰত সত্ৰখন আছে আৰু সত্ৰৰ বাহিৰত ৪১ বিঘা খেতিৰ মাটি আছে। যোৱা চাৰিটা দশক ধৰি উদযাপন কৰি অহা মধুপুৰ মহোৎসৱ লৈ অসম চৰকাৰৰ পৰ্যটন বিভাগে সহায়-সহযোগ আগবঢ়াইছিল যদিও যোৱা দুই-তিনি বছৰ ধৰি পৰ্যটন বিভাগে মহোৎসৱ লৈ কোনো ধৰণৰ সহায়-সহযোগ আগবঢ়োৱা নাই। অৱশ্যে সত্ৰখনৰ সাৰ্বিক উন্নয়নৰ বাবে অসম চৰকাৰে বিভিন্ন উন্নয়নমূলক কাৰ্য্য ৰূপায়ণ কৰি আছে।
প্ৰতিবছৰে পালন কৰি অহা “মধুপুৰ মহোৎসৱ”ৰ জৰিয়তে আমাৰ সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে মধুপুৰ সত্ৰ সমিতিয়ে গ্ৰহণ কৰি অহা বৰ্ণাঢ্য কাৰ্য্য ব্যৱস্থাৰ প্ৰতি অসমৰ ভক্তপ্ৰাণ ৰাইজে সহায়-সহযোগ আগবঢ়ালে গুৰুজনাৰ আদৰ্শ আৰু কৃষ্টিৰ সম্ভাৰসমূহৰ বিশ্বমুখী যাত্ৰা সফল হ’ব।
যুগান্ত বায়ন/৮৮৭৬৪১৫০৮৯
(২৪-২৫ ডিচেম্বৰ মধুপুৰ মহোৎসৱ ২০২৩ উপলক্ষ্যে)
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)