অসম বিদেশী মুক্ত হ’ল!
যুগান্ত বায়ন

গণতন্ত্ৰৰ মহা উৎসৱত ৰাইজখন মতলীয়া হৈ থাকোতেই হঠাতে ৰাজ্যৰ ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক জন জীৱনক ভাৰাক্ৰান্ত কৰি ৰখা জলন্ত বিদেশী সমস্যাৰ পৰা যেন অসমখন মুক্ত হ’ল।
এতিয়া নিৰ্বাচনী প্ৰচাৰৰ ধামখুমিয়াত “বিদেশী” শব্দটো ক’ৰ’বাত হেৰাই গ’ল।
কংগ্ৰেছ, বিজেপি আৰু চি.পি.আই.এম.কে ধৰি সকলোবোৰ সৰ্বভাৰতীয় ৰাজনৈতিক দলে লোকসভা নিৰ্বাচনৰ মাত্ৰ পৰ্য্যায় সমাপ্ত হ’বলৈ কেইটামান ক্ষণ বাকী থকা অৱস্থাত ৰাজ্যৰ ৰাজনীতিক ঘোলা কৰি ৰখা আৰু মূল বিষয় হিচাপে চিহ্নিত হৈ থকা এই বিদেশী সমস্যাই বৰ্তমানৰ নিৰ্বাচনটোৰ কোনো স্থান দখল কৰিবলৈ সক্ষম নোহোৱাত দুৰ্ভগীয়া অসমীয়া জাতিটোয়ে এতিয়া প্ৰমাদ গণিবলৈ আৰম্ভ কৰিছে।

আনকি বিদেশী সমস্যাটো সমাধান কৰাৰ বাবে স্বাক্ষৰিত হোৱা “অসম চুক্তি“ক গীতা, বাইবেল, পুৰাণ বুলি অভিহিত কৰা অসমৰ ৰাইজেই আমাৰ “High Command” বুলি চিঞৰি থকা আঞ্চলিক দল অসম গণ পৰিষদৰ বৰ্তমানৰ নেতৃত্বয়ো কেৱল ক্ষমতাত বৰ্তি থকাৰ স্বাৰ্থত আজি নীৰৱ আৰু নিস্তব্ধ।
১৯৭৯-৮৫ চনলৈ পৃথিৱীত এক ইতিহাস সৃষ্টি কৰি গঢ় লৈ উঠা অসম আন্দোলনৰ বোকোচাত উঠি নেতা হোৱা দলটোৰ নেতৃত্বই ৮৫৫ জন শ্বহীদৰ আত্মাক এক অতৃপ্ত আত্মা লৈ পৰিণত কৰি জাতিটোক কৰা চৰম বিশ্বাসঘাতকতাত ৰাইজ আজি ব্যথিত আৰু দুঃখিত।
বিদেশী নাগৰিকক ভাৰতবৰ্ষৰ অখণ্ডতা আৰু আভ্যন্তৰীণ নিৰাপত্তা ৰক্ষাৰ বাবে ৰাজ্য তথা দেশখনৰ পৰা বিতাৰিত কৰাৰ দাবীত গঢ়ি উঠা গণ আন্দোলনে সমগ্ৰ পৃথিৱী কঁপাই তুলিছিল, অসমৰ ডেকা শক্তিক বিশ্বই অনুকৰণৰ বিষয় হিচাপে মান্যতা প্ৰদান কৰিছিল, লাখ লাখ আৱাল-বৃদ্ধ বনিতাৰ অসীম ত্যাগ, কৃষক,শ্ৰমিক, বনুৱাৰ পৰা আদি কৰি সমাজৰ সকলো স্তৰৰ জনসাধাৰণে অসমৰ ভৱিষ্যৎ সুৰক্ষাৰ স্বাৰ্থত এই অদম্য ডেকা শক্তিৰ হাতত শাসনৰ বাঘজৰী অৰ্পন কৰিছিল।
সংগ্ৰামী ৰাইজৰ আশা আছিল ৰাজ্যখন, দেশখন বিদেশী মুক্ত হ’ব। কিন্তু আজি এইসকল লোকৰ কেৱল একান্ত ৰাজনৈতিক স্বাৰ্থ পূৰণৰ বাবে এই ভয়াৱহ বিদেশী সমস্যাটো বৰ্তমানৰ নিৰ্বাচনত স্থান লাভ নকৰাটোয়ে জাতিটোৰ মৃত্যু যাত্ৰাৰ আৰম্ভণিৰ সংকেত কঢ়িয়াই আনিছে।
১৯৮৫ চনৰ পৰা ২০১৬ চনলৈ শাসন কৰা প্ৰতিটো দলেই ৰাইজক প্ৰতাৰণা কৰাৰ পিছত ২০১৬ চনত ৰাজনৈতিক পট পৰিৱৰ্তন হোৱাত সংগ্ৰামী ৰাইজে এক আশাৰ কিৰণ দেখিবলৈ আৰম্ভ কৰিছিল। কিন্তু জাতিটোৰ অতীতৰ যি বিড়ম্বনা সেই বিড়ম্বনাই যেন জাতিটোক কাহানিও লগ নেৰিব।
পূৰ্বতে আই.এম.ডি.টি. আইনখনৰ দোহাই দি বিদেশী চিনাক্ত আৰু বহিঃস্কৰণৰ ক্ষেত্ৰত কাৰিকৰী অসুবিধা থকা বুলি সততে ঘোষণা কৰি থকা আৰু পিছত আইনখন উচ্চতম ন্যায়ালয়ৰ যোগেদি বাতিল কৰিবলৈ সক্ষম হৈ “জাতীয় নায়ক” হিচাপে পৰিচিত হৈ শাসনৰ মুখ্যভাৰ গ্ৰহণ কৰা নেতাৰ দিনটো সমস্যাটো সমস্যা হৈয়ে থাকিল। সেই কথা চৰকাৰী তথ্যতেই দিনৰ পোহৰৰ দৰে উজ্বল হৈ উঠিছে।
“অসম চুক্তি“ক ঢাল হিচাপে লৈ মন্ত্ৰীৰ আসন শুৱনি কৰা চুক্তি ৰূপায়ন বিভাগৰ মন্ত্ৰীগৰাকীয়ে বিধান সভাত দাঙি ধৰা তথ্য মতে, ২০০১ চনৰ পৰা ২০২৩ চন লৈ ২৩ বছৰত ১ লাখ ৫৯ হাজাৰ ৩৫০জন লোকক বিদেশী বুলি চিনাক্ত কৰি ইয়াৰে মাত্ৰ ৩ হাজাৰ ১০১জন লোকক বহিষ্কাৰ কৰিবলৈ সক্ষম হৈছে।

ইয়াৰে ২০১৬ চনত ৫ হাজাৰ ৯৬জনক চিনাক্ত ১৩জনক বহিষ্কাৰ, ২০১৭ চনত ১৫ হাজাৰ ৬৪১জন চিনাক্ত ২৬জনক বহিষ্কাৰ, ২০১৮ চনত ২৬ হাজাৰ ৮২৩ জনক চিনাক্ত ৬৫জনক বহিষ্কাৰ, ২০১৯ চনত ২৪ হাজাৰ ২০৯জনক চিনাক্ত ৮৭ জনক বহিষ্কাৰ, ২০২০ ৪ হাজাৰ ৩৫৫ জনক চিনাক্ত ৬৯ জনক বহিষ্কাৰ, ২০২১ চনত ৬ হাজাৰ ৩৯২জনক চিনাক্ত ৩৩জনক বহিষ্কাৰ, ২০২২ চনত ৮ হাজাৰ ৪০০জনক চিনাক্ত ৬৩ জনক বহিষ্কাৰ আৰু ২০২৩ চনত ৩ হাজাৰ ৫২২ জনক চিনাক্ত আৰু ২৫ জনক বহিষ্কাৰ কৰা হৈছে।

আজি এই মূহুৰ্তত সংগ্ৰামৰ অবিৰত যাত্ৰা অব্যাহত ৰখা জাতিটোৰ বাবে অতি দুৰ্ভাগ্য আৰু পৰিতাপৰ বিষয় যে সদৌ অসম ছাত্ৰ সন্থাকে ধৰি কোনো এটা জাতীয় সংগঠনে মাত্ৰ এটা পৰ্য্যায়ৰ ভোটদান কৰিবলৈ অপেক্ষা কৰি থকা ৰাইজৰ মাজলৈ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা ৰাজনৈতিক দলসমূহক ৰাজ্যখনৰ এই অতি স্পৰ্শকাতৰ আৰু জটিল সমস্যাটো সমাধানৰ বাবে গ্ৰহণ কৰিব পৰা বিধি ব্যৱস্থাক উত্থাপন কৰাৰ ক্ষেত্ৰত বাধ্য কৰিব নোৱাৰাটোই এই জাতীয় সংগঠনসমূহৰ ঐতিহ্য আৰু জনপ্ৰিয়তাৰ ক্ষেত্ৰত এক লাখটকীয়া প্ৰশ্নৰ উদ্ৰেক ঘটাইছে।
বিগত নিৰ্বাচনসমূহত জাতীয় স্বাৰ্থক অগ্ৰাধিকাৰ দিয়া আৰু অসম চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণ কৰাৰ বাবে দায়বদ্ধ হোৱা দলৰ সপক্ষে ভোটদান কৰিবলৈ জাতীয় সংগঠনে আহ্বান জনাইছিল। কিন্তু এইবাৰৰ নিৰ্বাচনত এই জাতীয় সংগঠনসমূহৰ নীৰৱতা লক্ষ্যণীয়।

সেয়েহে জাতিটোৰ এই দুৰ্যোগপূৰ্ণ মূহুৰ্তত জাতিটোক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰা বিশ্ব বিশ্ৰুত শিল্পী ড⁰ ভূপেন হাজৰিকাই ৭০ৰ দশকতেই অসমীয়া সমাজক সঁকিয়াই দিয়া কালজয়ী গীতৰ ভাষাৰে কওঁ- “মূৰৰ ফুলাম গামোচাখনি, কৰবাৰ শেনে আহি নিলেহি টানি, গ’ল-গ’ল বুলি মাথোঁ চিঞৰিলে, তাকে দেখি শেনহতে ৰগৰ কৰিলে, অসমীয়া এইবোৰ ভাবি চাবৰ, ব’হাগেই বতৰ কিজানি।“

যুগান্ত বায়ন/৮৮৭৬৪১৫০৮৯
04-05-2024
Images from different sources
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)