• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, August 13, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

অসম বুৰঞ্জীৰ নতুন তথ্য

Assam/ History

by Editor
January 31, 2026
in ASSAM, History
Reading Time: 2 mins read
0
Share on FacebookShare on TwitterShare on LinkedIn

–

(অসম সাহিত্য সন্মিলনৰ বুৰঞ্জী শাখাৰ সভাপতি হিচাপে কনকলাল বৰুৱাৰ ভাষণ)

অসম বুৰঞ্জীৰ নতুন তথ্য:


যদিও মই নিজে আমাৰ অতীজ কালৰ বুৰঞ্জীৰ বিশেষ আলোচনা কৰো আৰু জানো যে অতীতৰ জ্ঞান লাভ কৰি ভৱিষ্যৎ উন্নতিৰ বাট সুগম কৰাই বুৰঞ্জী চৰ্চাৰ আচল উদ্দেশ্য, তথাপি আমাৰ বৰ্তমান ৰাজনৈতিক, আৰ্থিক আৰু সামাজিক দুৰৱস্থালৈ মন কৰি একোবাৰ ভাবো যে আমাৰ জাতিৰ অস্তিত্ব ৰক্ষা কৰা অসম্ভৱ। যদি এয়ে সঁচা হয়, তেন্তে আমাৰ জাতীয় বুৰঞ্জী চৰ্চা কৰাৰ উদ্দেশ্য কি? মেমথ নামৰ এবিধ অতি বৃহত্কায় হাতী আৰু dinosaur নামৰ এবিধ বৰ ডাঙৰ গুঁইসাপ এই পৃথিৱীত হাজাৰ হাজাৰ বছৰৰ আগেয়ে আছিল। কিন্তু এতিয়াও পণ্ডিতসকলে এই জন্তু দুটাৰ তথ্য অনুসন্ধান কৰে। সেই প্ৰকাৰে অসমীয়া জাতি লোপ পালেও ভৱিষ্যতৰ ঐতিহাসিকসকলে এই জাতিৰ তথ্য অনুসন্ধান কৰিব, ই নিশ্চয়। হৰপ্পা আৰু মহেঞ্জোদাৰোৰ সভ্যতাৰ সৃষ্টিকাৰক জাতিটো লোপ পোৱা আজি প্ৰায় চাৰি হাজাৰ বছৰ হ’ল, কিন্তু ঐতিহাসিকসকলে আজিকালিও সেই জাতিৰ মানুহবিলাক কেনে ঘৰত আছিল, কেনেকৈ খোৱা-লোৱা কৰিছিল, তেওঁলোকৰ পোছাক কেনে আছিল, তেওঁলোকৰ ধৰ্ম কি আছিল, তেওঁলোকে তেওঁলোকৰ মৃতদেহৰ কি প্ৰকাৰ সংস্কাৰ কৰিছিল, তেওঁলোকৰ কংকাল আৰু মূৰৰ খোলা পৰীক্ষা কৰি তেওঁলোক কোন জাতিৰ মানুহ আছিল, তেওঁলোকৰ ভাষা কি আছিল আৰু তেওঁলোকৰ যি লিপি পোৱা গৈছে তাৰ পাঠোদ্ধাৰ কৰিব পাৰি নে নোৱাৰি ইত্যাদি তথ্য বিচৰা নাইনে? তত্ৰাচ যদি বাস্তৱিকেই আমাৰ জাতীয় অস্তিত্ব ৰক্ষা কৰিবলৈ আমি অপাৰগ বা অপ্ৰস্তুত তেনেহ’লে আমাৰ জাতিৰ ভৱিষ্যৎ উন্নতিৰ কাৰণে পুৰণি বুৰঞ্জী উদ্ধাৰ কৰি পুৰণি কীৰ্তি-কলাপৰ গান গোৱাৰ কোনো আৱশ্যক নাই। এই নিৰ্বাণোন্মুখ জাতিৰ নিমিত্তে ভগদত্ত, শ্ৰীহৰ্ষবৰ্মা, মীননাথ, নাগাৰ্জুন, পৃথুৰাজা, চিলাৰায়, শংকৰদেৱ, লাচিত বৰফুকন, জয়মতী, ৰুদ্ৰসিংহ প্ৰভৃতিৰ বৃত্তান্তৰ কোনো মূল্য নাই। এইবিলাক শংকা আৰু সন্দেহ যদিও এতিয়ালৈকে মনৰপৰা দূৰ হোৱা নাই, তথাপি শেষত ভাবি ইয়াকে স্থিৰ কৰিলো যে ডেকাসকলে যেতিয়া উত্সাহেৰে সৈতে আমাৰ সাহিত্য আৰু ইতিহাসৰ চৰ্চা কৰিবলৈ ওলাই আমাক নিমন্ত্ৰণ কৰিছে, এনে অৱস্থাত দুশ্চিন্তা কাতিকৈ থৈ তেওঁলোকৰ উত্সাহত উত্সাহিত হৈ তেওঁলোকৰ আহ্বান শিৰোধাৰ্য কৰাই শ্ৰেয়। এই সিদ্ধান্ত অনুসাৰে আজি আপোনালোকৰ আগত আমাৰ জাতীয় আৰু দেশীয় বুৰঞ্জীৰ আলোচনা সম্পৰ্কে দুই-চাৰি আষাৰ কথা ক’বলৈ থিয় হ’লো। থিয় হৈও অলপ ভয় লাগিছে, কাৰণ আজি কেইদিনমানৰ আগেয়ে এই গুৱাহাটীতে কংগ্ৰেছ মহাসভাৰ সভাপতি পণ্ডিত জৱাহৰলাল নেহৰুৱে হেনো কৈ গৈছে যে পুৰণি কীৰ্তি-কলাপৰ গীত গাই পূৰ্বপুৰুষসকলৰ গৌৰৱকে নিজৰ গৌৰৱ বুলি ভাবি বৰ্তমান অৱস্থালৈ মন নকৰি ভেম কৰি থকা অমাৰ্জনীয় অপৰাধ। এই কথা সঁচা বুলি আমিও জানো আৰু সেই বাবেই গুৰিতে কৈছো যে ভৱিষ্যৎ উন্নতিৰ বাট সুগম কৰাৰ নিমিত্তে অতীতৰ বুৰঞ্জী চৰ্চা কৰা আৱশ্যক। এইটো স্বাকীৰ কৰো যে ৰাজনীতি আৰু অৰ্থনীতি চৰ্চা কৰা বৰ্তমান সময়ত অতি আৱশ্যক, কিন্তু সেইবুলি সাহিত্য, বিজ্ঞান, বুৰঞ্জী আদি একেবাৰে দলিয়াই পেলাব নোৱাৰি। দেশৰ আটাইবিলাক মানুহেই ৰাজনীতিত লাগি থাকিব নেকি? তেনেহ’লে আমাৰ উন্নতি সৰ্বাংগীণ কেনেকৈ হ’ব?বিশেষকৈ আমাৰ দেশীয় আৰু জাতীয় বুৰঞ্জী উদ্ধাৰ কৰা কাৰ্য আমি নকৰিলে কোনে কৰিব? এই কাৰ্য পিছলৈ পেলাই থ’ব নোৱাৰি। যিমানে দিন গৈছে সিমানে আমাৰ বুৰঞ্জীৰ আহিলা-পাতিবিলাক নষ্ট আৰু লুপ্ত হৈ যাবলৈ ধৰিছে। আজি প্ৰায় ৪০ বছৰ আগৰপৰাই এই বুৰঞ্জী উদ্ধাৰ কাৰ্য আৰম্ভ হৈছে। মহামতি ছাৰ এডৱাৰ্ড গেইটচাহাবেই এই কাৰ্য আৰম্ভ কৰে। আজি প্ৰায় ৩০ বছৰ আগেয়ে তেওঁৰ History of Assam-অৰ প্ৰথম তাঙৰণ ছপা হৈ ওলোৱাৰ সময়ত প্ৰাচীন প্ৰাগজ্যোতিষ ৰাজ্যৰ বুৰঞ্জীৰ আহিলা-পাতি একেবাৰে কম আছিল। এনেকি তেতিয়া বিখ্যাত ভাস্কৰবৰ্মাৰ ফলি ওলোৱা নাছিল আৰু তাৰ পূৰ্বে ওলোৱা কামৰূপৰ ৰজাবিলাকৰ ফলিৰপৰা তেওঁৰ নাম পোৱা নগৈছিল। সেইবাবে বাণভট্টৰ ‘হৰ্ষচৰিত’ত উল্লেখ থকা কুমাৰ ভাস্কৰবৰ্মা আৰু তেওঁৰ পূৰ্বপুৰুষবিলাক অনেকে কাল্পনিক বুলিও অনুমান কৰিছিল। বাস্তৱিকে ই বৰ আচৰিত কথা যে ভাস্কৰবৰ্মা আৰু শ্ৰীহৰ্ষবৰ্মাৰ নিচিনা প্ৰতাপশালী চক্ৰৱৰ্তী ৰজাৰ নাম ষোড়শ শতিকাৰ যোগিনীতন্ত্ৰ আৰু তাৰ আগৰ ‘হৰগৌৰী-সম্বাদ’তো পোৱা নাযায়। এনেকি, আৰিমত্তৰ নিচিনা তেওঁবিলাকৰ বিষয়ে কোনো প্ৰবাদো এই দেশত প্ৰচলিত থকা বুলি জনা নাযায়। ব্ৰহ্মপুত্ৰৰ ওচৰৰ তেজপুৰৰ পাষাণলিপি আৰু সেই ঠাইৰ হাজাৰা পুখুৰী নথকা হ’লে হৰ্জৰবৰ্মাৰ যে সেয়ে ৰাজধানী আছিল তাকো ধৰা টান হ’লহেঁতেন। ১৯১২ চনত কামৰূপ অনুসন্ধান সমিতি স্থাপিত হয়। এই সমিতি স্থাপনৰ লগে লগে ভাস্কৰবৰ্মাৰ ফলিবিলাক শ্ৰীহট্টত আৱিষ্কৃত হয় আৰু তাৰ কিছু কালৰ পিছতে ইন্দ্ৰপাল ৰজাৰ এখন ফলিৰ, ধৰ্মপাল ৰজাৰ ফলিৰ, তেজপুৰৰ হৰ্জৰবৰ্মাৰ শিলালিপিৰ আৰু ৰজাদুৱাৰৰ ১১২৭ শকৰ শিলালিপিৰ পাঠ উদ্ধাৰ কৰা হয়। পণ্ডিত হেমচন্দ্ৰ গোস্ৱামী আৰু চন্দ্ৰনাথ শৰ্মা জীয়াই থাকোতে যি উদ্যমেৰে এই সমিতিৰ কাম চলিছিল সেইদৰে আজিলৈকে চলি থকা হ’লে অৱশ্যে পুৰণি বুৰঞ্জীৰ সঁজুলি আৰু বহুত গোট খালেহেঁতেন। তত্ৰাচ যোৱা দহ বছৰৰ ভিতৰত সহকাৰী সম্পাদক শ্ৰীযুত সৰ্বেশ্বৰ কটকীয়ে কেইবাঠাইলৈ গৈ বহুত অনুসন্ধান কৰিছে। গুৱাহাটী চহৰৰ ভিতৰৰপৰাই তেওঁ কিছুমান প্ৰাচীন বুদ্ধমূৰ্তি আৱিষ্কাৰ কৰাৰ ফলত পূৰ্বকালত অসমত বৌদ্ধ ধৰ্ম প্ৰচলন থকাৰ বিশেষ প্ৰমাণ ওলাইছে। নুমলীগড়ৰপৰা তেওঁ বহুত কষ্ট কৰি যিবিলাক প্ৰাচীন ভাস্কৰ্যৰ চানেকি আনিছে সেইবিলাক বাস্তৱিকেই চাবলগীয়া। তেওঁৰ নিচিনাকৈ অসম ইঞ্জিনিয়াৰং ছাৰ্ভিচৰ শ্ৰীযুত ৰাজমোহন নাথে নগাঁও জিলাৰ হাবিৰ মাজত থকা ডবকা, কন্দলি প্ৰভৃতি ঠাইৰ তথ্য অনুসন্ধান কৰি বহুত বুৰঞ্জীমূলক কথা উলিয়াইছে। কিছুদিন হ’ল এজন মিকিৰৰ ঘৰত তেওঁ দুই প্ৰস্থ পিতলৰ ফলি পাইছে। প্ৰথম প্ৰস্থত ছখন ফলি আৰু দ্বিতীয় প্ৰস্থত তিনিখন ফলি। ফলিবিলাকত যিবিলাক আখৰ আছে সেইবিলাক চেনিৰে কুটা বা খোদাই কৰা নহয়, এবিধ চিয়াহিৰে লিখা। ব্ৰাহ্মী, দেৱনাগৰী আৰু আধুনিক অসমীয়া আখৰ এই ফলিবিলাকৰ লিখাত দেখা যায়। সেইবাবে লিখাখিনি এতিয়াও ভালকৈ পঢ়িব পৰা নাই। পণ্ডিত পদ্মনাথ ভট্টাচাৰ্য বিদ্যাবিনোদ আৰু ডক্টৰ নলিনীকান্ত ভট্টশালীয়ে এই লিখা পঢ়িব নোৱাৰিলে। কিন্তু দুয়োজনৰ মতে ই সৰহ দিনৰ আগৰ লিখা নহয়। এতেকে এই ফলিবিলাকৰপৰা যে কোনো ঐতিহাসিক কথা পোৱা যাব, এনে মনে নধৰে।শ্ৰীযুত সৰ্বেশ্বৰ বৰুৱাই উত্তৰ লখিমপুৰৰ ঘিলামৰাত দুখন তামৰ ফলি পাই তাৰ পাঠ ‘আৱাহন’ আৰু কামৰূপ অনুসন্ধান সমিতিৰ আলোচনীত প্ৰকাশ কৰিছে। প্ৰথমখন ফলিৰ তাৰিখ ১৩৯২ শক আৰু দ্বিতীয়খনৰ তাৰিখ ১৪০১ শক। প্ৰথমখন সধয়াপুৰী বা শদিয়াৰ ৰজা সত্যনাৰায়ণৰ আৰু দ্বিতীয়খন তেওঁৰ পুত্ৰ লক্ষ্মীনাৰায়ণৰ। এই দুখন ফলিৰদ্বাৰা ব্ৰাহ্মণক ভূমি দান কৰা হৈছিল। এই দুইজন যে চুটীয়া ৰজা আছিল এই বিষয়ে সন্দেহ আছে; কাৰণ প্ৰথমখন ফলিত লিখা আছে যে সত্যনাৰায়ণ সুৰ-ৰিপু-বংশসম্ভূত অৰ্থাৎ অসুৰ-বংশীয়, কিন্তু তেওঁৰ পিতাক নন্দীশ্বৰে বীৰবৰক যুদ্ধত পৰাভূত কৰে। অথচ বীৰবৰৰপৰাই চুটিয়া ৰজাসকলে তেওঁলোকৰ বংশলতা আৰম্ভ কৰে। ‘দেওধাই বুৰঞ্জী’ৰ লিখামতে ১১৪৬ শকত বীৰবৰৰ পুতেক গৌৰীনাৰায়ণ ওৰফে ৰত্নধ্বজপাল ৰজা হয়। এতেকে দেখা যায় যে ইংৰাজী ১৫ শতিকাৰ সত্যনাৰায়ণ ৰজাৰ পিতৃ নন্দীশ্বৰৰ সমসাময়িক বীৰবৰ আৰু চুটীয়া ৰজাসকলৰ আদিপুৰুষ ত্ৰয়োদশ শতিকাৰ বীৰবৰ একেজন লোক নহ’বও পাৰে। এই বিষয়ে আৰু বিশেষ অনুসন্ধান হোৱা আৱশ্যক।কামৰূপ অনুসন্ধান সমিতি স্থাপিত হ’বৰপৰাই পুৰণি ঠাইবিলাকলৈ গৈ সেইবিলাকৰ তথ্য অনুসন্ধান কৰা, পুৰণি শিলালিপি, তাম্ৰলিপি, মুদ্ৰালিপি, অস্ত্ৰলিপি আদি পাঠ কৰি তাৰপৰা ঐতিহাসিক সত্য উদ্ধাৰ কৰা, পুৰণি পুথি সংগ্ৰহ কৰা, পুৰণি ভাস্কৰ্য, স্থাপত্য আৰু চিত্ৰকলা আদিৰ চানেকি সংগ্ৰহ কৰা ইত্যাদি কাৰ্য কৰা হৈছে। পুৰণি পুথিৰ দুই-এখন সমিতিৰ খৰচত ছপা কৰাও হৈছে; এইটি কাম কিন্তু বহু ব্যয়সাধ্য। সেইবাবে এই কাম এতিয়া গৱৰ্ণমেণ্টে পুৰাতত্ত্ব বিভাগৰ নামে নিজৰ বিভাগৰপৰা কৰিছে। বৰ সুখৰ বিষয় যে এই বিভাগৰপৰা ভালেখিনি পুথি ছপা হৈ ওলাইছে। ছপা হ’বলগীয়া বহু পুথি আছে আৰু তাৰে বিশেষ আৱশ্যকীয় পুথিবিলাক আগেয়ে ছপা হোৱা ভাল। পণ্ডিত হেমচন্দ্ৰ গোস্বামীয়ে ‘যোগিনীতন্ত্ৰ’খনি ছপাবলৈ প্ৰস্তুত কৰিছিল। কিন্তু তেওঁৰ সেই কাৰ্য সম্পূৰ্ণ নহওঁতেই তেওঁ ঢুকাল। এতিয়ালৈকে সেই আধৰুৱা কাৰ্য হাতত ল’বলৈ কোনো আগবঢ়া নাই। আপোনালোকে জানিব পাৰে ‘কালিকা-পুৰাণ’ কামৰূপত অনুমান একাদশ শতিকাত ৰচিত হোৱা এখনি গ্ৰন্থ আৰু সেইপ্ৰকাৰে ‘যোগিনীতন্ত্ৰ’ ষোড়শ শতিকাত কামৰূপত ৰচিত হোৱা এখনি গ্ৰন্থ। এই দুই গ্ৰন্থ ভাৰতবৰ্ষত সৰ্বময় প্ৰখ্যাত। আজি পাঁচ বছৰ হ’ল কামৰূপ অনুসন্ধান সমিতিয়ে Journal of the Assam Research Society নামে এখনি তিনিমহীয়া আলোচনী প্ৰকাশ কৰিছে। আৰম্ভৰেপৰা এই আলোচনীৰ সম্পাদকৰ ভাৰ মোৰ গাতে আছে। আজিকালি ভাৰতবৰ্ষৰ সকলো প্ৰদেশতে একোখনকৈ Research Society বা গৱেষণা সমিতি আছে। প্ৰত্যেক প্ৰাদেশিক সমিতিৰ মুখপত্ৰস্বৰূপে একোখনকৈ গৱেষণাৰ আলোচনী আছে। কামৰূপ অনুসন্ধান সমিতিকেই এতিয়া Assam Research Society বোলা হৈছে। আৰু এই সম্পাদনা কৰা আলোচনীখনিয়েই এই সমিতিৰ জাৰ্নেল। এই জাৰ্নেল ইংৰাজীত লিখা হয়, অন্যান্য প্ৰাদেশিক জাৰ্নেলবিলাকো ইংৰাজীতেই লিখা হয়। অন্যান্য জাৰ্নেলবিলাকৰ নিচিনা আমাৰ জাৰ্নেলো ভাৰতবৰ্ষৰ সকলো ঠাইলৈকে যায় আৰু ইউৰোপলৈকো যায়। আমাৰ জাৰ্নেলত প্ৰকাশ হোৱা কোনো প্ৰবন্ধৰ চমু টোকা ভাৰতবৰ্ষ আৰু ইংলেণ্ডৰ জাৰ্নেলতো ওলাইছে। আমাৰ দেশত ঐতিহাসিক তথ্যৰ অনুসন্ধান কেনে হ’ব লাগিছে আৰু তেনে অনুসন্ধানৰ ফলত কি কি নতুন তথ্য জনা হৈ গৈছে তাক সকলো ঠাইৰ মানুহে জানিব লাগে—সেইবাবেই ইংৰাজী ভাষাত এই আলোচনী প্ৰকাশিত হয়। এই জাৰ্নেলত আলোচনা কৰাৰ ফলত কি কি নতুন তথ্য আমি জানিব পাৰিছো তাৰ এটা চমু আভাস এইখিনিতে আপোনালোকক দিম।আপোনালোকে জানে যে আজিকালি যেনেকৈ ভিজিটিং কাৰ্ডত মানুহে নিজ নিজ নাম, ব্যৱসায়, ঠিকনা আদি ছপা কৰাই লয় আৰু অচিনাকি মানুহলৈ সেই কাৰ্ড পঠাই নিজৰ পৰিচয় দিয়ে, সেই প্ৰকাৰ প্ৰাচীন কালত ৰজাবিলাকে বা ডাঙৰ মানুহবিলাকে আত্ম-পৰিচয়জ্ঞাপক নিজৰ মোহৰ প্ৰস্তুত কৰি সেই মোহৰ কুমাৰ মাটিৰ চটিয়াৰ ওপৰত মাৰি সেই চটাবিলাক জুইত পুৰি লৈ বৰ্তমান কালৰ ভিজিটিং কাৰ্ডৰ নিচিনাকৈ ব্যৱহাৰ কৰিব পাৰিছিল। এইবিলাককে আজিকালি terracotta seal বোলা হয়। ১৯২৭ চনত কামৰূপৰ ৰজা ভাস্কৰবৰ্মাৰ এনেকুৱা এটা ‘ছিল’ নালন্দা বিহাৰৰ ভগ্নাৱশেষৰ ভিতৰত পোৱা যায়। সেই ছিলটিত কি কি কথা লিখা আছে তাৰ পাঠ মোৰ Early History of Kamrupa নামে পুথিত দিয়া আছে। এই ছিলত ভাস্কৰবৰ্মাৰ পূৰ্বপুৰুষ গণপতি বৰ্মাৰপৰা ভাস্কৰবৰ্মালৈকে বংশলতা মাত্ৰ দিয়া আছে। কিন্তু কোনোজন ৰজাৰ বিষয়ে বিশেষ একো লিখা হোৱা নাই। যোৱা ১৯২৭-২৮ ইং চনত এই নালন্দা বিহাৰত আৰু কিছুমান পুৰণি ছিল পোৱা যায়। ইয়াৰ ভিতৰত কনৌজৰ শ্ৰীহৰ্ষবৰ্ধন আৰু কামৰূপৰ ভাস্কৰবৰ্মাৰো ছিল পোৱা যায়।ভাস্কৰবৰ্মাৰ এই ছিলৰ লিপিৰ পাঠ এতিয়ালৈকে আৰ্কিঅ’লজিকেল বিভাগৰ কোনো ৰিপ’ৰ্টত ওলোৱা নাই। ভূতপূৰ্ব গৱৰ্ণমেণ্ট এপিগ্ৰাফিষ্ট শ্ৰীযুত হীৰানন্দ শাস্ত্ৰীয়ে লিখা Memories of Nalanda নামে পুথিত এইবিলাক ছিলৰ পাঠ প্ৰকাশিত হ’বৰ কথা, কিন্তু এই পুথি এতিয়াও ছপা হোৱা নাই। বৰ্তমান গৱৰ্ণমেণ্টে এপিগ্ৰাফিষ্ট ডক্টৰ চক্ৰৱৰ্তীৰ অনুগ্ৰহত ভাস্কৰবৰ্মাৰ নতুনকৈ পোৱা ছিলটিৰ এটি পাই সেই পাঠ কামৰূপ অনুসন্ধান সমিতিৰ জাৰ্নেলত আজি কেইমাহমান পূৰ্বে প্ৰকাশ কৰা হৈছে। সেই ছিলত পুষ্যবৰ্মাৰপৰা ভাস্কৰবৰ্মালৈকে সম্পূৰ্ণ বংশলতা দিয়া আছে আৰু ইয়াৰ ৰজাসকলক ‘মহাৰাজাধিৰাজ শ্ৰীপ্ৰাগজ্যোতিষেন্দ্ৰ’ বোলা হৈছে। ইয়াৰদ্বাৰা বুজা যায় যে তেওঁলোক কাৰো কৰতলীয়া নাছিল। কিন্তু তেওঁলোকৰ অধীনত কৰতলীয়া ৰজা আছিল। কৰতলীয়া ৰজায়ো মহাৰাজ উপাধি ল’ব পাৰিছিল, কিন্তু আৰু আন সৰু ৰজাৰ ওপৰত স্বাধীন ৰজা হৈহে নিজক মহাৰাজাধিৰাজ বুলিব পাৰিছিল। সেই ছিলৰপৰা আৰু এটি নতুন তথ্য জানিব পাৰি। ইয়াৰ ভাস্কৰবৰ্মাৰ ঊৰ্ধ্বতন পুৰুষ পঞ্চম শতিকাৰ মাহেন্দ্ৰবৰ্মাক বোলা হৈছে ‘দ্বিৰশ্বমেধযাজী’ অৰ্থাৎ তেওঁলোক দুজনৰ প্ৰত্যেকেই দুটিকৈ অশ্বমেধ যজ্ঞ কৰিছিল। আপোনালোকে জানিব পাৰে যে সমৃদ্ধিশালী দেশৰ ওপৰত চক্ৰৱৰ্তী ৰজা নহ’লে একেজন ৰজাৰ ৰাজত্বৰ ভিতৰতে দুবাৰকৈ অশ্বমেধ কৰা সম্ভৱপৰ হ’ব নোৱাৰে। ইয়াৰপৰাই আপোনালোকে অনুমান কৰিব পাৰে যে এই ৰজাসকল কিমান পৰাক্ৰমী আছিল। যদিও সমুদ্ৰগুপ্তৰ এলাহাবাদ প্ৰশস্তিৰপৰা জনা যায় যে চতুৰ্থ শতিকাত সমুদ্ৰগুপ্তৰ দিগ্বিজয়ৰ সময়ত কামৰূপৰ সমতট আৰু ডবকাৰ ৰজা গুপ্ত সম্ৰাটৰ শৰণাপন্ন হৈছিল, তথাপি তাৰ পিছৰ শতিকাত কামৰূপৰ ৰজা মাহেন্দ্ৰবৰ্মা সম্পূৰ্ণ স্বাধীন নহ’লে অশ্বমেধ যজ্ঞৰ অনুষ্ঠান কৰা সম্ভৱপৰ নহ’লহেঁতেন। বৌদ্ধ প্ৰভাৱত বৈদিক যজ্ঞ-ক্ৰিয়াদি লুপ্ত হোৱাত উত্তৰ ভাৰতবৰ্ষত বহু দিন অশ্বমেধ যজ্ঞৰ অনুষ্ঠান বন্ধ আছিল। সমুদ্ৰগুপ্তই বহু দিনৰ মূৰত মগধত আকৌ অশ্বমেধ যজ্ঞৰ অনুষ্ঠান কৰাত তেওঁক গুপ্ত যুগৰ শিলালিপিবিলাকত ‘চিৰোত্সন্নাশ্বমেধাহৰ্তা’ বোলা হৈছে। অৰ্থাৎ তেওঁ চিৰকালৰ নিমিত্তে উত্সন্ন হৈ যোৱা অশ্বমেধ পুনৰ আহৰণ কৰিছিল। সেই প্ৰকাৰে মাহেন্দ্ৰবৰ্মাকো এই ছিলত ‘দ্বিস্তুৰগমেধাহৰ্তা’ বোলা হৈছে; অৰ্থাৎ তেওঁৰ পূৰ্বে কামৰূপত যদি কোনোবাই অশ্বমেধ যজ্ঞ কৰিছিল সি বহুকালৰ পূৰ্বে হৈছিল। আৰু এই যজ্ঞৰ অনুষ্ঠান বহু দিন কামৰূপত বন্ধ হৈ থকাৰ পিছত মাহেন্দ্ৰবৰ্মাই পুনৰ প্ৰচলন কৰিলে। মাহেন্দ্ৰবৰ্মাৰ আনুমানিক ছকুৰি বছৰ পাছৰ ভাস্কৰবৰ্মাৰ ককাক স্থিতবৰ্মায়ো দুবাৰ অশ্বমেধ পাতিছিল। এই ছিলত তেওঁক কেৱল ‘দ্বিৰশ্বমেধাযাজী’ বুলিছে। এই ছিলৰপৰা এইটো আমি সঠিককৈ জানিব পাৰো যে পঞ্চম শতিকাত বৈদিক যজ্ঞাদি ক্ৰিয়াত পাৰ্গত বৈদিক ব্ৰাহ্মণ কামৰূপত বহুত আছিল। এই জাৰ্নেল ওলোৱাৰ পিছৰপৰা আমি আৰু যিবিলাক তথ্য নতুনকৈ জানিব পাৰিছো তাৰ চমু তালিকা এই—(১) অনুমান ভাস্কৰবৰ্মাৰ ৰাজত্বৰ আৰম্ভৰপৰাই অৰ্থাৎ ৫৯৩ খ্ৰীষ্টাব্দৰপৰা আমাৰ দেশত এটি অব্দ প্ৰচলিত হৈছিল, তাক কামৰূপী সাল বোলা হয়। পুৰণি কামৰূপৰ বুৰঞ্জীত এই সালৰ উল্লেখ আছে। দেখা যায় যে এই সাল আৰু বঙলা সন একে সময়ৰপৰা আৰম্ভ হৈছিল। বঙলা পঞ্জিকাত লিখা আছে যে মুছলমান আমোলত ভাৰতবৰ্ষত হিজৰী সনহে প্ৰচলিত আছিল; কিন্তু সেই সন চান্দ্ৰমাস হিচাপে গণনা কৰা হয়। সেইবাবে হিন্দুবিলাকে আপত্তি জনোৱাত আকবৰ বাদছাহে হিজৰীৰ দহ বছৰ পাছৰপৰা এটি সন জাৰি কৰি দিলে, সেয়ে বঙলা সন। আকবৰ বাদছাহে জাৰি কৰা এই সন কেৱল বংগদেশত কিয় চলে আৰু মোগল ৰাজ্যভুক্ত আন প্ৰদেশত কিয় নচলে, তাৰ কোনো কাৰণ দেখা নাযায়। ইফালে আমি বুৰঞ্জীৰপৰা, বিশেষ ভাস্কৰবৰ্মাৰ নিধনপুৰত পোৱা তামৰ ফলিৰপৰা জানিব পাৰো যে অন্ততঃ পশ্চিমে কুশী নদীলৈকে উত্তৰ বংগ আৰু কৰ্ণসুৱৰ্ণকে ধৰি মধ্য বংগ ভাস্কৰবৰ্মাৰ ৰাজ্যভুক্ত আছিল আৰু অষ্টম শতিকাৰ শ্ৰীহৰ্ষবৰ্মাৰ দিনলৈকে এই গৌড়ৰাজ্য কামৰূপৰ ৰজাসকলৰ তলতীয়া আছিল। এই কথা আজিকালি বঙালী বুৰঞ্জীবিদ্ পণ্ডিতসকলেও স্বীকাৰ কৰিবলৈ আৰম্ভ কৰিছে। Indian Culture নামে আলোচনীত শ্ৰীযুত নলিনীনাথ দাসগুপ্তই Bengal under the Kamrup Kings নাম দি প্ৰবন্ধ লিখিছে তাত এই কথা খোলোচাকৈ লিখা আছে। এতেকে ভাস্কৰবৰ্মাই জাৰি কৰা এই সন তেতিয়াৰপৰা বংগদেশত ৰৈ গ’ল, এনে অনুমান স্বভাৱতঃ কৰিব পাৰি; কাৰণ আকবৰ বাদছাহৰ প্ৰবাদটি অমূলক যেন লাগে। যদি সেয়াই হয় তেন্তে এতিয়াও আমাৰ দেশত কামৰূপী সালটি B.S. বা বঙলা সন বুলি ধৰা নিতান্ত অযুগুত। যি নহওক, এই বিষয়ে আৰু বিশেষ অনুসন্ধান হোৱা আৱশ্যক। এতিয়ালৈকে এই বিষয়ে আমি নিঃসন্দেহ হ’ব পৰা নাই। অন্ততঃ আজি ৭০০ বছৰ আমাৰ দেশত শকাব্দৰ প্ৰচলন আছে। উত্তৰ গুবাহাটীত বখতিয়াৰ খিলজীৰ পৰাজয়ৰ সময়ত শিলালিপিত শকাব্দৰ উল্লেখ আছে, যেনে ‘শাকে তুৰগ-যুগেশে’ অৰ্থাৎ ১১২৭ শকত। নিজৰ দেশত প্ৰতাপশালী ৰজাই জাৰি কৰা সাল তল পেলাই নৱম শতিকাত গুপ্তাব্দ আৰু অন্ততঃ দ্বাদশ শতিকাৰপৰা শকাব্দ কেনেকৈ কামৰূপত চলিল এই বিষয়ে এই জাৰ্নেলত আলোচনা কৰা হৈছে। শেষ মীমাংসা এতিয়াও হোৱা নাই।(২) কামৰূপত কোনো সময়ত বৌদ্ধ ধৰ্ম প্ৰচলিত আছিল নে নাছিল এই বিষয়ে পূৰ্বে মতভেদ আছিল; কিন্তু এতিয়া জনা গৈছে যে পূৰ্বৰপৰাই কামৰূপত বৌদ্ধ ধৰ্ম প্ৰচলিত আছিল। ৰজাই নিজে সেই ধৰ্ম অৱলম্বন নকৰিলেও তাৰ বিৰুদ্ধে নগৈছিল, এনেকি ভাস্কৰবৰ্মাৰ নিচিনা ৰজাই বৌদ্ধ পণ্ডিতসকলক আদৰ কৰিছিল। দশম, একাদশ, দ্বাদশ শতিকাত কামৰূপ আৰু শ্ৰীহট্ট বজ্ৰযান-পন্থৰ বৌদ্ধ ধৰ্মৰ ডাঙৰ কেন্দ্ৰ হৈ উঠে। এই পন্থৰ ‘সাধনমালা’ নামৰ গ্ৰন্থৰপৰা ইয়াৰ বিশেষ প্ৰমাণ পোৱা যায়। তিব্বতীয় পুথিৰপৰা জনা যায় যে এই গ্ৰন্থৰ এজন আদি আচাৰ্য সৰহ বা সৰহপাদে পূৰ্ব অঞ্চলৰ ৰাণী নামে ৰাজ্যত জন্মগ্ৰহণ কৰিছিল। তেওঁ উৰিষ্যা, মহাৰাষ্ট্ৰ প্ৰভৃতি দেশ পৰ্যটন কৰি সিদ্ধ হৈ কামৰূপৰ ৰত্নপাল ৰজাৰ আগত নানা ভৌতিক বিদ্যা আৰু মন্ত্ৰশক্তিৰ পৰিচয় দিছিল। মোৰ মনেৰে কামৰূপৰ দক্ষিণ পাৰৰ ৰাণী বোলা ঠায়েই সেই ৰাণী ৰাজ্য। পূৰ্বকালত এনেকুৱা সৰু সৰু কৰতলীয়া ৰাজ্য বহু আছিল। এই সৰহপাদৰ শিষ্য নাগাৰ্জুন। এওঁ এজন প্ৰসিদ্ধ ৰসায়নজ্ঞ বৈদ্য আছিল আৰু এওঁৰ নামৰ বড়ি আৰু অভ্ৰ এতিয়াও অসমত প্ৰচলিত আছে। ‘সাধনামালা’ত দিয়া একজটাৰ সাধনা নাগাৰ্জুনে ভোট দেশৰপৰা অনা উল্লেখ আছে, যেনে—‘‘ইতি নাগাৰ্জুনপাদৈঃ ভোটেষু উদ্ধৃতম্।’’ Pag-sam Jon-Zan নামে তিব্বতীয় গ্ৰন্থত লিখা আছে যে নাগাৰ্জুনে যেই-সেই ধাতুকে সোণ কৰিব পাৰিছিল। এই কথাৰ কিমান সত্যতা আছে ক’ব নোৱাৰি, কিন্তু ইয়াকে জনা যায় যে একাদশ শতিকাত আলবেৰুণী নামে এজন আৰব alchemist বা ৰসায়নজ্ঞ বৈদ্য কামৰূপলৈ নাগাৰ্জুনক বিচাৰি আহিছিল। কিন্তু তেওঁ অহাৰ পূৰ্বেই নাগাৰ্জুনৰ মৃত্যু হোৱা বাবে তেওঁ নাগাৰ্জুনক নাপালে,–এই কথা তেওঁ লিখি গৈছে। নাগাৰ্জুনৰ শিষ্য শবৰিপা আৰু শবৰিপাৰ শিষ্য লুইপা ওৰফে মৎস্যেন্দ্ৰনাথ একেজন লোক। Grup-Tob নামে তিব্বতীয় গ্ৰন্থমতে মীননাথ কামৰূপৰ কৈৱৰ্ত জাতিৰ লোক; কিন্তু ‘গোৰ্খা-বিজয়’ নামে পুথিৰপৰা জনা যায় যে মৎস্যেন্দ্ৰনাথে কদলী নামে নাৰী ৰাজ্যৰ ৰাণী কমলাৰ প্ৰেমত আবদ্ধ হৈ তেওঁৰ অসাধাৰণ যৌগিক শক্তি হেৰুবাইছে। মৎস্যেন্দ্ৰনাথৰ শিষ্য গোৰক্ষনাথে আহি কদলী ৰাজ্যৰপৰা মৎস্যেন্দ্ৰনাথক মায়া-মোহৰপৰা উদ্ধাৰ কৰি লৈ যায়। নগাঁও জিলাৰ কন্দলীয়েই সেই কদলী ৰাজ্য বুলি শ্ৰীযুত ৰাজমোহন নাথে আমাৰ জাৰ্নেলত দেখুৱাইছে। বাস্তৱিক নগাঁও জিলাৰ লোকে nasalization বিশেষকৈ কৰে। বাদুলাক বান্দুলা আৰু বাদুলা আতাক বান্দুলা আতা বোলে। এনে অৱস্থাত কদলীও কন্দলী হোৱা একো আচৰিত নহয়। বিশেষ কন্দলী জয়ন্তীয়া পাহাৰৰ ওচৰৰ আৰু খাচিয়া-জয়ন্তীয়া জাতিৰ মাজত তিৰোতাই সকলো সম্পত্তিৰ মালিক। এইবিলাক দেশতেই নাৰী-ৰাজ্য হোৱা সম্ভৱ। ‘গোৰ্খা-বিজয়’ পুথিত লিখা প্ৰবাদ ভাৰতবৰ্ষৰ প্ৰায় সকলো ঠাইতে শুনা যায়। মহাৰাষ্ট্ৰ দেশত যি বিৱৰণ পোৱা যায় তাত নাৰী-ৰাজ্যৰ নাম দিয়া আছে কামৰূপ। কন্দলী ৰাজ্যত অগৰু কাঠ সৰহকৈ পোৱা যায়, তাৰ ৰাণী কমলাৰ ১৬০০ মাইকী গা-ৰখীয়া চিপাহী বা body guard আছিল। তাৰ আটাইবিলাক তিৰোতাই পাটৰ কাপোৰ পিন্ধিছিল আৰু প্ৰত্যেক ঘৰতে একোটাকৈ পানী খোৱা পুখুৰী আছিল, ইত্যাদি বিৱৰণৰপৰাও কদলী যে অসমৰ ভিতৰত কোনো সৰু কৰতলীয়া ৰাজ্য আছিল ইয়াক অনুমান কৰিব পাৰি।(৩) অনুসন্ধান সমিতিৰ জাৰ্নেলৰ আলোচনাৰপৰা এইটো একপ্ৰকাৰ সাব্যস্ত হৈছে যে নগাঁও জিলাৰ ডবকাই সমুদ্ৰগুপ্তৰ প্ৰশস্তিৰ ডবাক ৰাজ্য। এই ৰাজ্যৰ মাজেদি কপিলী নদী প্ৰৱাহিত হৈছিল। সেইবাবে অনুমান এই ৰাজ্যক কপিলী ৰাজ্যও বোলা হৈছিল। চীনদেশীয় প্ৰাচীন বৃত্তান্তৰপৰা জনা যায় যে ২৮ খ্ৰীষ্টাব্দত এই ৰাজ্যৰ চন্দ্ৰপ্ৰিয় বা চন্দ্ৰবল্লভ নামে এজন ৰজাই চীন দেশলৈ কটকী পঠাইছিল। বৰ্তমান ত্ৰিপুৰা ৰাজবংশৰ ৰজাসকলৰ ৰাজ্য এই কপিলীৰ পাৰতে আছিল। আৰু হেৰম্ব বা কছাৰী ৰজা তাৰ পূৰ্বে আছিল। কপিলীৰ পাৰৰ প্ৰাচীন ত্ৰিপুৰা ৰাজ্যকে অনুমান ডবকা বা কপিলী ৰাজ্য বোলা হৈছিল। কামৰূপৰ ৰজাসকল প্ৰতাপশালী থকাত এওঁলোক নিশ্চয় কামৰূপৰ কৰতলীয় আছিল। ত্ৰিপুৰা ৰাজ্যৰ বুৰঞ্জী ‘ৰাজমালা’ৰপৰা জানিব পাৰি যে অনুমান ষষ্ঠ শতিকাত কছাৰী ৰজাই কপিলী ৰাজ্য দখল কৰাত ত্ৰিপুৰা ৰজা পলাই পৰ্বত পাৰ হৈ বৰ্তমান কাছাৰ জিলাৰ বৰাক বা বৰবত্ৰ নদীৰ পাৰত ৰাজ্য পাতিলেগৈ।(৪) সমিতিৰ জাৰ্নেল, ‘ইণ্ডিয়ান কালচাৰ’, এছিয়াটিক ছ’চাইটিৰ জাৰ্নেল আদি আলোচনীত আলোচনা কৰাৰ ফলত এইটো ঠিক হৈছে যে ভাস্কৰবৰ্মাৰ নিধনপুৰত পোৱা তামৰ ফলিত উল্লেখ কৰা কৌশিকা নদীয়েই বৰ্তমান কোশী নদী। এই নদীৰ প্ৰাচীন নাম কৌশিকা বা কৌশিকী। ‘মাৰ্কণ্ডেয়-পুৰাণ’ত কৌশিকা নামহে আছে। ভাস্কৰবৰ্মাৰ বৃদ্ধ পিতামহ মহাভূতবৰ্মাই এই নদীৰ পাৰৰ পূৰ্ব মিথিলাৰ ময়ূৰশাল্মল অগ্ৰহাৰৰ মাটি ব্ৰাহ্মণসকলক দান কৰিছিল। ষষ্ঠ শতিকাৰ শেষভাগত মহাসেনগুপ্তই কামৰূপ আক্ৰমণ কৰি ভাস্কৰবৰ্মাৰ পিতৃ সুস্থিতবৰ্মাক পৰাজয় কৰাৰ পিছত এই দান কৰা মাটিবিলাক আকৌ গুপ্তৰাজ্যৰ ভিতৰত সোমায়। সপ্তম শতিকাৰ আগডোখৰত ভাস্কৰবৰ্মাই শ্ৰীহৰ্ষৰ সহায়ত শশাংকক পৰাভূত কৰি তেওঁৰ ৰাজ্য গৌড় আৰু কৰ্ণসুৱৰ্ণ দখল কৰাৰ পিছত নিধনপুৰত পোৱা তামৰ ফলিৰদ্বাৰা মহাভূতবৰ্মাৰ দান আকৌ বাহাল ৰখা হয়। আপোনালোকে জানে যে নিধনপুৰত শ্ৰীহট্ট জিলাৰ কৰিমগঞ্জ মহকুমাৰ পঞ্চখণ্ড পৰগণাৰ এখন গাঁও। ভাস্কৰবৰ্মাৰ ফলিবিলাক এই গাঁৱতে পোৱাৰ বাবে এই অঞ্চল ভাস্কৰবৰ্মাৰ ৰাজ্যৰ ভিতৰত ভুক্ত আছিল আৰু বৰ্তমান কুশিয়াৰা নদীয়েই ফলিত উল্লেখ কৰা কৌশিক—এইবুলি কোনো কোনো লোকে তৰ্ক কৰে। এনেকি, এইবাবেই পঞ্চখণ্ডৰ লাইব্ৰেৰিত থকা ভাস্কৰবৰ্মাৰ ফলিবিলাকৰ অন্ততঃ চাৰিখন এতিয়ালৈকে স্থানীয় লোকে অসম গৱৰ্ণমেণ্টক দিয়া নাই। শ্ৰীহট্ট কামৰূপ ৰাজ্যৰ ভিতৰত থকা অসম্ভৱ নহয়; কিন্তু মহাভূতবৰ্মাই দান কৰা মাটি যে শ্ৰীহট্টৰ ভিতৰত নহয় এই বিষয়ে কোনো সন্দেহ নাই। ভাস্কৰবৰ্মাৰ কেইবাশও বছৰৰ পিছত মিথিলাৰপৰা শ্ৰীহট্টলৈ কোনো ব্ৰাহ্মণৰ লগতে এই ফলিবিলাকো শ্ৰীহট্টলৈ অহা বুলি ভালকৈ অনুমান কৰিব পাৰি।(৫) যোৱা পাঁচ বছৰৰ ঐতিহাসিক তথ্য অনুসন্ধানৰ ফলত পোৱা গৈছে যে ভাস্কৰবৰ্মাৰ এজনী লিগিৰীয়ে তেওঁৰ মৃত্যুত শোক সম্বৰণ কৰিব নোৱাৰি সহমৰণ অৱলম্বন কৰে। লিগিৰীজনীয়ে এনে কৰিব পাৰে বুলি সন্দেহ কৰি ভাস্কৰবৰ্মাই জীয়াই থাকোতেই লিগিৰীজনীক হাক দিছিল; কিন্তু সেই হাক নুশুনিও তাই চিতাত জাপ দি পুৰি মৰিল। এই কথা প্ৰায় তাৰ এশ বছৰৰ পিছৰ অৰ্থাৎ অষ্টম শতিকাৰ কাশ্মীৰী লেখক দামোদৰগুপ্তই তেওঁৰ ‘কুট্টনীমতম’ নামে পুথিত লিখি গৈছে।ভাস্কৰৱৰ্মনি যাতে সুৰৱসতিং ৱাৰিতাপি ভূপতিনা।দদ্দ্যুখমসহমানা প্ৰৱিবেশ বিলাসিনী দহনম্।এই তথ্যটিৰ সন্ধান আমাৰ সুযোগ্য সভাপতি শ্ৰীযুত কৃষ্ণকান্ত সন্দিকৈ ডাঙৰীয়াই মোক জানিব দিয়াৰ বাবে তেওঁক ধন্যবাদ দিওঁ। বাণভট্ট শ্ৰীহৰ্ষৰ সভাপণ্ডিত আৰু ভাস্কৰবৰ্মাৰ সমসাময়িক আছিল। তেওঁৰ হৰ্ষচৰিতত ভাস্কৰবৰ্মাক ‘ভীষ্ম ইব কুমাৰ’ বোলা হৈছে। ইয়াৰদ্বাৰা বুজা যায় যে তেওঁ বিয়া কৰোৱা নাছিল, অথচ দামোদৰ গুপ্তৰপৰা জানিব পাৰিলো যে তেওঁৰ এনে এগৰাকী গা-লগা লিগিৰী আছিল যিগৰাকীয়ে তেওঁৰ জ্বলন্ত চিতাত জাপ দি পুৰি মৰিল। ইয়াৰপৰা এনে অনুমান কৰিব পাৰি যে লিগিৰীজনীয়েই তেওঁৰ হৃদয় সম্পূৰ্ণৰূপে অধিকাৰ কৰি থকাৰ বাবে তেওঁ অইন কাকো বিয়া নকৰালে আৰু সেইবাবেই অপুত্ৰক হৈ মৰিল। অপুত্ৰক হৈ ৰজা মৰিলে স্বভাৱতে উত্তৰাধিকাৰ লৈ দেশত এটা তোলপাৰ হয়। ভাস্কৰবৰ্মাৰ মৃত্যুৰ পিছত যে এনে এটা তোলপাৰ হৈছিল আৰু সেই তোলপাৰৰ ভিতৰতে ‘ম্লেচ্ছাধিনাথ’ শালস্তম্ভই সিংহাসন অধিকাৰ কৰিছিল, এই সম্বাদ আমি একাদশ শতিকাৰ ৰত্নপালবৰ্মাৰ ফলিৰপৰা জানিব পাৰো। এইদৰেই বুৰঞ্জীৰ ঘটনাবিলাক প্ৰমাণিত হয়।এই সূত্ৰতে আৰু এটা নতুন তথ্য পোৱা গৈছে। শ্ৰীযুত ৰাধাগোবিন্দ বসাকে ত্ৰিপুৰা জিলাত এখনি তামৰ ফলি পাই তাৰ পাঠ উদ্ধাৰ কৰিছে। সেই ফলিৰ তাৰিখ কোনো অব্দৰ ৪৪ নাইবা ২৪৪ বছৰত। বসাকে ৪৪ হৰ্ষ-অব্দ ধৰি সেই ফলিৰ তাৰিখ ৪৫ খ্ৰীষ্টাব্দত পেলাইছে আৰু প্ৰাচ্যবিদ্যাৰ্ণৱ নগেন্দ্ৰনাথ বসুৱে গুপ্তাব্দৰ ২৪৪ ধৰি ফলিৰ তাৰিখ ৬৬৩ খ্ৰীষ্টাব্দত পেলাইছে। এই ফলিত লিখা কথাৰপৰা জনা যায় যে লোকনাথ আৰু জীৱধাৰণ নামে দুজন কৰতলীয়া ৰজাই যুঁজ কৰাত তেওঁলোকৰ ওপৰত চক্ৰৱৰ্তী ৰজা জয়তুংগবৰ্মাই লোকনাথক শ্ৰীহট্ট দি কৰতলীয়া ৰজা বুলি গ্ৰহণ কৰিলে। বসাকে জয়তুংগবৰ্মাৰ নাম জয়তুংগবৰ্ষ পঢ়িছে; কিন্তু প্ৰাচ্যবিদ্যাৰ্ণৱে কয় যে এই নাম জয়তুংগবৰ্ম আৰু এওঁ ভাস্কৰবৰ্মাৰ পিছত কামৰূপৰ ৰজা হৈছিল। ভাস্কৰবৰ্মা যেনেকৈ গৌড়-বংগৰ ওপৰত চক্ৰৱৰ্তী ৰজা আছিল, জয়তুংগবৰ্মাও সেই প্ৰকাৰ গৌড়-বংগ আৰু কামৰূপৰ ওপৰত চক্ৰৱৰ্তী ৰজা আছিল। শালস্তম্ভই ভাস্কৰবৰ্মাৰ সিংহাসন অধিকাৰ কৰি জয়তুংগ বা Pinnacle of Victory নাম লোৱা একো অসম্ভৱ নহয়। শালস্তম্ভৰ পুতেকৰ নাম বিজয়বৰ্মা; কিন্তু বিৰুদ-নাম আছিল বিগ্ৰহ-স্তম্ভ। সেইপ্ৰকাৰে জয়তুংগবৰ্মাৰ বিৰুদ-নাম আছিল শালস্তম্ভ। সেই বংশৰ পিছৰ ৰজা বীৰবাহুৰ বিৰুদ-নাম আছিল ৰণস্তম্ভ।(৬) আৰু এটা তথ্য পোৱা গৈছে যাৰ নিমিত্তে শ্ৰীনলিনীনাথ দাসগুপ্তক ধন্যবাদ দিব লাগে। তেওঁ দেখুৱাইছে যো ৭৫৩ খ্ৰীষ্টাব্দৰ ৰাষ্ট্ৰকূট ৰজা দন্তিদুৰ্গৰ তামৰ ফলি মতে কৰ্ণাট ৰজা দ্বিতীয় কীৰ্তিবৰ্মাৰ যিবিলাক সৈন্যই কাঞ্চী, কেৰল, চোল আৰু পাণ্ড্য দেশৰ ৰজাবিলাকক আৰু শ্ৰীহৰ্ষ আৰু বজ্ৰট ৰজাক পৰাভূত কৰিছিল, সেই সৈন্যক দন্তিদুৰ্গ ৰজাই অতি সহজে যুদ্ধত ঘটুৱালে। এই ফলিত উল্লেখ কৰা শ্ৰীহৰ্ষ আৰু কনৌজৰ সম্ৰাট শ্ৰীহৰ্ষবৰ্ধন একেজন মানুহ বুলি ফ্লীট চাহাবে অনুমান কৰিছিল; কিন্তু সকলোৱে জানে যে হৰ্ষবৰ্ধন সপ্তম শতিকাৰ ৰজা দ্বিতীয় কীৰ্তিবৰ্মা আৰু বজ্ৰট অষ্টম শতিকাৰ ৰজা। এতেকে এই ফলিৰ শ্ৰীহৰ্ষ যে অষ্টম শতিকাৰ কামৰূপৰ ৰজা শ্ৰীহৰ্ষবৰ্ধন তাত কোনো সন্দেহ নাই। এওঁৰ জোঁৱায়েক নেপালৰ ৰজা জয়দেৱৰ শিলালিপিত যে তেওঁ ‘‘গৌড়ৌড্ৰাদি-কলিংগ-কৌশল-পতি’’ বুলিছে, সেই কথাৰ সত্যতা এতিয়া পোৱা গ’ল। ওড্ৰ অৰ্থাৎ উৰিষ্যা আৰু কলিংগ অৰ্থাৎ গঞ্জাম প্ৰদেশ জয় কৰি এওঁ আৰু দক্ষিণলৈ গৈ কীৰ্তিবৰ্মাৰ কৰ্ণাট ৰাজ্য আক্ৰমণ কৰাত পৰাজিত হৈছিল। ৭৪৮ খ্ৰীষ্টাব্দৰপৰা কীৰ্তিবৰ্মাৰ ৰাজত্ব আৰম্ভ হয়। এতেকে এই চনৰপৰা ৭৫৩ খ্ৰীষ্টাব্দৰ ভিতৰতে তেওঁ শ্ৰীহৰ্ষবৰ্মাক পৰাভূত কৰে।(৭) সমিতিৰ জাৰ্নেলত লিখি শ্ৰীযুত নলিনীনাথ দাসগুপ্তই প্ৰমাণ কৰিছে যে একাদশ শতিকাৰ কামৰূপৰ ৰজা হৰ্ষপালবৰ্মা আৰু তেওঁৰ পুতেক ধৰ্মপাল উভয়ে নামজ্বলা সংস্কৃত কবি আছিল। ‘কৱীন্দ্ৰ-ৱচন-সমুচ্চয়’ নামে পুথিত হৰ্ষপালৰ কবিতা আৰু শ্ৰীধৰদাসৰ ‘সদুক্তি-কৰ্ণামৃত’ নামে পুথিত ধৰ্মপাল ৰজাৰ কবিতা উদ্ধৃত কৰা হৈছে। এইবিলাক পূৰ্বে অসমীয়া মানুহৰ চকুত পৰা নাছিল। সেইদৰে শ্ৰীযুত যোগেন্দ্ৰচন্দ্ৰ ঘোষ নামে আন এজন বঙালী তথ্যানুসন্ধান কৰা লেখকে প্ৰমাণ কৰিব খোজে যে ‘মুদ্ৰাৰাক্ষস নাটক’ৰ লেখক বিশাখাদত্ত কামৰূপৰ লোক আৰু সুবিখ্যাত ‘ৰত্নাৱলী’ নাটকৰ লেখক শ্ৰীহৰ্ষ সপ্তম শতিকাৰ সম্ৰাট শ্ৰীহৰ্ষবৰ্ধন নহয়, তেওঁ অষ্টম শতিকাৰ কামৰূপৰ ৰজা শ্ৰীহৰ্ষদেৱ। বিশাখাদত্ত সম্বন্ধে তেওঁৰ প্ৰবন্ধ Royal Asiatic Society-ৰ জাৰ্নেলত আৰু ‘ৰত্নাৱলী’ৰ লেখক সম্বন্ধে প্ৰবন্ধ Assam Research Society-ৰ জাৰ্নেলত প্ৰকাশিত হৈছে।(৮) অসমত আৰ্য-বসতি আৰু কলিতাবিলাকৰ সম্বন্ধে সমিতিৰ জাৰ্নেলত ভালেখিনি লিখা-লিখি হৈছে। এই বিষয়ে অন্যান্য আলোচনীতো লিখা-লিখি হৈছে। নৃতত্ত্ব সম্বন্ধে পণ্ডিতসকলে বৰ্তমান যিবিলাক মৌলিক তত্ত্ব আৱিষ্কাৰ কৰিছে সেইবিলাকে এই বিষয়ৰ ওপৰত বহুল পোহৰ পেলায়। বৈদিক আৰ্যবিলাকে খ্ৰীষ্টাব্দ ১৫০০/২০০০ বছৰৰ আগেয়ে উত্তৰ-পশ্চিম ফালৰপৰা ভাৰতবৰ্ষত সোমাই প্ৰথম পঞ্জাব আৰু তাৰপৰা লাহে লাহে উত্তৰ ভাৰতৰ পূবফালে আগবাঢ়ি গৈ শেষত প্ৰাগজ্যোতিষ পৰ্যন্ত পাইছিলহি আৰু আৰ্যভাষা আৰু আৰ্যকৃষ্টি এইদৰেই উত্তৰ ভাৰতত পশ্চিমৰপৰা পূবলৈ বিস্তাৰিত হৈছিল; এইটোৱেই পণ্ডিতসকলৰ আগৰ সিদ্ধান্ত আছিল। এই সিদ্ধান্ত সৰহ দিন নাথাকিল, কাৰণ পিছত দেখা গ’ল যে পূৰ্ব ভাৰতৰ ভাষা আৰু কৃষ্টিৰ লগত কাশ্মীৰ, পশ্চিম পঞ্জাব, সিন্ধু, গুজৰাট প্ৰভৃতি ঠাইৰ ভাষা আৰু কৃষ্টিৰ লগত খুব সাদৃশ্য দেখা যায়, কিন্তু মধ্য ভাৰতৰ গংগা উপত্যকাৰ লগত তেনে সাদৃশ্য নাই। ইয়াকে দেখি ডক্টৰ হৰ্ণলী প্ৰমুখ্যে কিছুমান পণ্ডিতে স্থিৰ কৰিলে যে বৈদিক আৰ্যবিলাক ভাৰতবৰ্ষলৈ অহাৰ পূৰ্বেই অবৈদিক এদল আৰ্য ভাৰতবৰ্ষৰ পূবফাললৈ আহিছিল আৰু এটা দলে কাশ্মীৰ, সিন্ধু প্ৰভৃতি ঠাইত বসতি কৰিছিল। পূব ভাৰতৰ মগধ, বিদেহ, বাৰেন্দ্ৰ, প্ৰাগজ্যোতিষ প্ৰভৃতি ঠাইৰ ব্ৰাহ্মণ, ক্ষত্ৰিয় অধিবাসীবিলাক এওঁলোকৰ সন্তান-সন্ততি। কাৰো কাৰো মতে এই দল আৰ্য পঞ্জাব, মধ্য ভাৰতৰ মাজেদি নাহি তিব্বতেদি নাইবা হিমালয়ৰ পাদদেশেদি আহি প্ৰাগজ্যোতিষ পাইছিলহি। নৃতত্ত্ববিদ্ পণ্ডিতসকলে কিন্তু উত্তৰ ভাৰতৰ মানুহবিলাকৰ মূৰ, নাক, আকৃতি আদি পৰীক্ষা কৰি কয় যে বৰ্তমান সময়ত উত্তৰ-পশ্চিম প্ৰদেশ, পঞ্জাব আৰু যুক্ত প্ৰদেশৰ বাহিৰে ভাৰতবৰ্ষৰ আন কোনো ঠাইতে প্ৰকৃত আৰ্য-বংশৰ লোক দেখিবলৈ পোৱা নাযায়। তেওঁলোকে আৰু কয় যে পূব ভাৰতৰ ব্ৰাহ্মণ, কায়স্থ আদি সমাজৰ উচ্চ তৰপৰ লোকৰ আকৃতি আৰু কাশ্মীৰ, সিন্ধু, গুজৰাট প্ৰভৃতি ঠাইৰ তেনে শ্ৰেণীৰ মানুহৰ আকৃতিৰ বিশেষ সাদৃশ্য আছে আৰু এওঁলোক মূলতে Homo Alpinus জাতিৰ মানুহ; আৰ্য জাতিৰ মানুহ নহয়। ডক্টৰ হটন চাহাবেও এওঁলোকক আলপাইন জাতিৰ মানুহ বুলিছিল। এই মানুহবিলাক ইৰান দেশৰপৰা ভাৰতবৰ্ষলৈ অহা, সেইবাবে ইৰানী আৰ্য ভাষাৰ আৰু ইৰানী আৰ্য কৃষ্টিৰ চিন অদ্যপি পূব ভাৰতত পোৱা যায়, বিশেষকৈ অসমত; কাৰণ ইয়াত মগধ বা বংগদেশৰ নিচিনাকৈ পিছত অহা বৈদিক সভ্যতাৰ ঢৌৰ কোব ভালকৈ নাপালেহি। অলপতে শ্ৰীযুত নগেন্দ্ৰনাথ ঘোষ নামে এজন বঙালী পণ্ডিতে The Aryan Trail in Iran and India নামে এখনি পুথি লিখিছে আৰু সেই পুথি কলিকতা বিশ্ববিদ্যালয়ে প্ৰকাশ কৰিছে। এই পুথি অনুসাৰে ইৰান দেশৰ Magian বিলাকেই ভাৰতবৰ্ষলৈ বৈদিক আৰ্যসকল অহাৰ পূৰ্বে অহা লোক, যিসকলৰ ভাষা আৰ্য ভাষা আছিল। এওঁলোক ইৰান দেশত বহু দিন এছিৰিয়েনবিলাকৰ ওচৰত থাকি অসুৰ বা অহুৰক ঈশ্বৰ আৰু দৈৱ আৰু দেৱতাবিলাকক চৈতান, Ahrennan বুলি বিশ্বাস কৰিছিল। অসমত এতিয়াও দেও (দেৱ) শব্দৰ অৰ্থ ভূত (malevolent divinity)। এওঁলোকৰ আৰু বৈদিক আৰ্যসকলৰ এইখিনিতে পাৰ্থক্য। মগধ, প্ৰাগজ্যোতিষ আদি দেশত বৈদিক আৰ্যসকলৰ অহাৰ পূৰ্বেই এওঁলোকৰ ৰজা আৰু ৰাজ্য স্থাপিত হোৱা খুব সম্ভৱ; আৰু পিছত বৈদিক আৰ্যসকল আহিলত মগধৰ জৰাসন্ধ আৰু প্ৰাগজ্যোতিষৰ নৰক ভগদত্তক অসুৰ জাতীয় বোলাৰ অৰ্থ এয়ে।(৯) ভাৰতবৰ্ষৰ লোকসকলৰ নৃতত্ত্ব স্থিৰ কৰি পণ্ডিতসকলৰ মতে তলত লিখা জাতিবিলাকৰ লোকে অগা-পিছাকৈ ভাৰতবৰ্ষত বসতি কৰিছে।১। নিগ্ৰিটো জা‌ত‌ি : বৰণ ক’লা আৰু আকৃতিত খৰ্বকায়। অনুমান এই জাতিৰ লোকে আফ্ৰিকা দেশৰপৰা আহি ভাৰতবৰ্ষত বসতি কৰিছিল আৰু এওঁলোককে ভাৰতবৰ্ষৰ আদিম জাতি বুলি অনুমান কৰিব পাৰি। যি সময়ত এওঁলোক ভাৰতবৰ্ষলৈ আহে সেই সময়ত দক্ষিণ ভাৰতবৰ্ষৰপৰা আফ্ৰিকালৈ বামেদি বাট আছিল আৰু গুজৰাট, সিন্ধু, ৰাদুনা, গংগা-পূত উপত্যকা অৰ্থাৎ বিন্ধ্য পৰ্বতমালাৰ উত্তৰৰ ঠাইবিলাক হিমালয়ৰ পাদমূললৈকে সমুদ্ৰগৰ্ভত আছিল। হিমালয়ৰপৰা অসম, ছোটনাগপুৰ, উৰিষ্যা হৈ ভাৰতবৰ্ষলৈ বামেদি বাট আছিল। এই নিগ্ৰিটো জাতিৰ বৰ্তমান কালৰ নমুনা হৈছে আন্দামান দ্বীপৰ অধিবাসীসকল। এই জাতিৰ লোক অসমত বা পূৰ্ব ভাৰতবৰ্ষত নাই।২। প্ৰটো অষ্ট্ৰলয়ড জাতি : এই জাতিৰ লোকৰ আকৃতি, ভাষা আৰু কৃষ্টি অষ্ট্ৰেলিয়াৰ আদিম অধিবাসীসকলৰ আকৃতি, ভাষা আৰু কৃষ্টিৰ লগত সাদৃশ্য আছে। সেইবাবে এওঁলোকক Austroloid বা Austro-Asiastic বোলা হয়। অতি পূৰ্ব কালত মালয় উপদ্বীপৰ লগত অষ্ট্ৰেলিয়াৰ বামেদি সংযোগ আছিল। সেই সময়ত একে জাতিৰ লোকেই অষ্ট্ৰেলিয়া, মালয় উপদ্বীপ, শ্যাম, ব্ৰহ্মদেশ, ভাৰতবৰ্ষ প্ৰভৃতি দেশত বসতি কৰিছিল। চাঁওতাল পৰগণাৰ পৰ্বতীয়া জাতিবোৰ আৰু অসমৰ খাচিয়া ছিণ্টেংবিলাক অষ্ট্ৰলয়ড জাতিৰ মানুহ। খাচিয়া আৰু মণ্ডাৰী ভাষা Austro-Asiatic ভাষা। খাচিয়া আৰু মুণ্ডাবিলাকৰ মাজত প্ৰচলিত folktales বা সাধুকথা বহুত মিলে আৰু প্ৰায়বিলাক Austroloid, জাতিৰ মানুহৰ মৃতলোকৰ সত্কাৰৰ নিয়ম একে ৰকম। এওঁলোকে মৰিশালিত থিয়কৈ শিল পোতে আৰু সেইবাবেই এওঁলোকৰ কৃষ্টিক megalithic culture বোলা হয়। এওঁলোকে পৰ্বতৰ ঢালত কোৰেৰে থাক কাটি কাটি খেতি কৰে, তাকে terraced cultivation বোলা হয়। অসমত এসময়ত এওঁলোকে পোতা থিয় শিল এতিয়ালৈকে আছে। ভাৰতবৰ্ষৰ সকলো প্ৰদেশতে যিবিলাক নাক-চেপেটা শ্ৰেণীৰ মানুহ আছে, আটাইবিলাকৰ মূল হৈছে এই Austroloid জাতি। এই জাতিৰ মানুহ পূৰ্বকালত মেচোপটেমিয়া আৰু আনাটোলিয়া পৰ্যন্ত বিয়পি আছিল।৩। Austroloid জাতিৰ মানুহ কেইবাহাজাৰ বছৰ ভাৰতবৰ্ষত প্ৰবল হৈ থকাৰ পিছত আন এটা জাতিৰ মানুহ উত্তৰ-পশ্চিম ফালৰপৰা আহি সোমাল। এই জাতিৰ নাম Mediterranean। এই নামকৰণ নতুন। পূৰ্বে এওঁলোকক Dravidian বোলা হৈছিল। এতিয়া কিন্তু Dravidian জাতিবাচক শব্দ নহয়, ভাষাৰ নামহে। নামজ্বলা নৃতত্ত্ববিদ্ পণ্ডিত এই গুৱাহাটী চহৰৰে অধিবাসী, শ্ৰীযুত বিৰজাশংকৰ গুহই এই জাতিটোক early Aryan নাম দিব খোজে, কাৰণ এওঁলোক আৰু আৰ্যবিলাক গুৰিতে একে গছৰে বেলেগ বেলেগ পোখা। বৰ্তমান তামিল, তেলেগু, কন্নাড়, মালয়ালম ভাষাৰ নিচিনা এওঁলোকৰ ভাষাও Dravidian ভাষা আছিল বুলি অনুমান কৰিব পাৰি। সিন্ধু প্ৰদেশৰ মহেঞ্জোদাৰো আৰু পঞ্জাবৰ হৰপ্পাত যিবিলাক ৫ হাজাৰ বছৰৰ আগৰ কীৰ্তি চিন আৰু সভ্যতাৰ নিদৰ্শন আৱিষ্কৃত হৈছে, সেইবিলাক তেওঁলোকৰেই আছিল; এইটো প্ৰায় স্থিৰ হৈছে। এওঁলোকৰ চিত্ৰলিপিৰ পাঠ এতিয়াও উদ্ধাৰ হোৱা নাই। ভাৰতবৰ্ষত যিবিলাক Punchmarked coins এতিয়াও পোৱা যায়, সেইবিলাক মুদ্ৰাও এওঁলোকেই প্ৰচলন কৰা বুলি বিশ্বাস কৰিব পাৰি; কাৰণ এওঁলোকৰ কুমাৰ-মাটিৰ খোলাৰ ওপৰত পোৱা লিপি আৰু এই মুদ্ৰাবিলাকত চাব মৰা লিপি একে। এওঁলোকৰ ভিতৰত পুৰোহিত শ্ৰেণীৰ লোক আছিল।বংগদেশৰ পুঁদবিলাক দক্ষিণ ভাৰতবৰ্ষৰ উৰিয়া ব্ৰাহ্মণ, তেলুগু ব্ৰাহামণ, কন্নাড় ব্ৰাহ্মণ আৰু পশ্চিম ভাৰতবৰ্ষৰ সাৰস্বত ব্ৰাহ্মণ, চিপপাবন ব্ৰাহ্মণ আৰু দেশস্থ ব্ৰাহ্মণ—এই জাতিৰ লোক বুলি বহুতে অনুমান কৰে আৰু ডক্টৰ হটনে অসমৰ কলিতাবিলাকো এই জাতিৰে বুলি ক’ব খোজে। এই সম্বন্ধে মই মোৰ পূৰ্বমত পৰিহাৰ কৰি অন্য মত গ্ৰহণ কৰিছো। আৰ্যবিলাকৰ নিচিনা এই জাতিৰ মূৰ দীঘল অৰ্থাৎ এওঁলোক Dolicho-Cephalic-Mediternanean বিলাক পঞ্জাব, সিন্ধু প্ৰদেশ, গংগা উপত্যকা, এনেকি বিহাৰ আৰু মধ্য বংগ পৰ্যন্ত প্ৰবল হৈ আছিল। এওঁলোকে দ্ৰাবিড়ী ভাষাৰ ঠাঁচ এইবিলাক ঠাইতো দিলে। মাত্ৰ অসমত এই ভাষাৰ ঠাঁচ নাই। কলিতাবিলাকৰ উচ্চাৰণত মূৰ্ধণ্য ট, ঠ, ড, ঢ, ণ আৰু চ, ছ, জ, ঝৰ প্ৰাবল্য খুব বেছি। কলিকতাৰপৰা উৰিষ্যা হৈ মাদ্ৰাজলৈ ৰে’লেদি গ’লে ষ্টেছনবিলাকত দ্ৰাবিড়ী কথা-বাৰ্তা শুনিলে কাণত তাল মাৰে। অসমীয়া ভাষাত আজিলৈকে মূৰ্ধণ্য বা cerebral নাই। দ্ৰাবিড়ী ভাষাৰপৰা সংস্কৃতে পঞ্জাব আৰু মধ্য ভাৰতত এই বিশেষত্ব উপাৰ্জন কৰিলে।হৰপ্পা আৰু মহেঞ্জোদাৰোৰ সভ্যতাৰ শেষ অৱস্থাতে আগেয়ে উল্লেখ কৰা অসুৰপূজক আৰু আৰ্য ভাষা আৰু কৃষ্টি অৱলম্বন কৰা ইৰানীয় আলপাইনবিলাক ভাৰতবৰ্ষলৈ আহিছিল। মহেঞ্জোদাৰোত যিবিলাক মানুহৰ মূৰৰ খোলা পোৱা গৈছে, তাৰ এটা alpine মানুহৰ। এওঁবিলাকৰ এটা দল—সিন্ধু, গুজৰাট, বোম্ৱাই পৰ্যন্ত গ’ল আৰু আন এটা দল পঞ্জাব আৰু মধ্যভাৰতত সৰহ দিন নাথাকি পোনে পোনেই পূব ভাৰতলৈ গ’ল। সেইবাবেই এওঁলোকৰ ভাষাত দ্ৰাবিড়ী ঠাঁচ নহ’ল। অসমীয়া ভাষা এওঁলোকৰ নিভাঁজ ভাষাৰ নিদৰ্শন। বিহাৰ আৰু বংগদেশৰ আৰ্য ভাষা এওঁলোকেই প্ৰথমতে অনা; কিন্তু এইবিলাক ঠাইত পূৰ্বৰেপৰা দ্ৰাবিড়ী চলি আছিল আৰু পিছতো বৈদিক আৰ্যসকলৰ দ্ৰাবিড়ী ঠাঁচ পোৱা সংস্কৃতৰ প্ৰভুত্ব এইবিলাক ঠাইত অসমতকৈ বেছি হৈছিল। সেইবাবে বিহাৰী আৰু বঙালী আৰ্য ভাষাত দ্ৰাবিড়ী ঠাঁচ থাকিলেও অসমীয়াত স‌িমান নাই। অসমীয়াৰ আৰু এটা বিশেষত্ব এই যে সংস্কৃতত প্ৰচলিত নথকা অথবা সংস্কৃতত হেৰুওৱা কিছুমান আৰ্য শব্দ এতিয়াও অসমীয়াত আছে। এই বিষয়ে শ্ৰীযুত দেৱানন্দ ভড়ালীয়ে তেওঁৰ ‘অসমীয়া ভাষাৰ মৌলিক বিচাৰ’ নামে পুথিত ভালেখিনি উদাহৰণ দিছে। তাৰে অসমীয়া ‘বতৰ’ শব্দটি বিশেষ উল্লেখযোগ্য। অসমীয়া ‘বতৰ’ জাৰ্মান wetter আৰু ইংৰাজী weather একে ধাতুৰপৰা উদ্ভৱ হৈছে। সংস্কৃতত এই শব্দৰ নাম-গোন্ধেই নাই। খ্ৰীষ্টাব্দৰ প্ৰায় ১৫০০ বছৰ পূৰ্বে বৈদিক আৰ্যবিলাক ভাৰতবৰ্ষলৈ আহে। তেওঁলোক যে অন্ততঃ মহাভাৰতৰ যুদ্ধৰ সময়ত অৰ্থাৎ অনুমান খ্ৰীষ্টপূৰ্ব নৱম শতিকাত পূব ভাৰতৰ বিদেহ, মগধ, বংগ আৰু প্ৰাগজ্যোতিষ পাইছিলহি তাক ভালকৈ অনুমান কৰিব পাৰি। ইয়াৰ বহুদিন পূৰ্বেই অসমত তিব্বতীয়-বৰ্মান জাতিৰ মানুহবিলাক সোমাই Austroloid জাতিৰ মানুহবিলাকক তল পেলালে। সেই জাতিৰ মানুহবিলাকৰ কিছুমান পৰ্বতবিলাকলৈ পলাল আৰু কিছুমান ভৈয়ামতে থাকি তিব্বতীয় জাতিৰে মিহলি হ’ল। মিকিৰ, লালুং, গাৰো আদি ভৈয়াম বা অনুচ্চ পৰ্বতৰ মানুহবিলাক আৰু অসমৰ নিচেই তলখাপৰ হিন্দুবিলাক এই মিশ্ৰ জাতিৰ বুলি অনুমান কৰিব পাৰি। তিব্বতীয়-বৰ্মানবিলাকে যে ভালেমান দিন উত্তৰ বংগ আৰু অসমৰ ভৈয়ামবিলাকত ৰাজত্ব কৰি আছিল তাৰ প্ৰমাণ হৈছে নদীবিলাকৰ নামেই। তিব্বতীয়-বৰ্মানৰ যি ফৈদ ভৈয়ামত প্ৰবল হৈ আছিল তেওঁলোকৰ সাধাৰণ নাম বড়ো। এই বড়ো ভাষাৰ নামেই নদীবিলাকত আজিলৈকে আছে। এই ভাষাত পানীক দি বা কাটি, দৈ বা ভৈ বোলে। সেইবোৰ নদীৰ নাম তিস্তা, কৰতিয়া, কালদিয়া, টিহু, দিহিং দিচাং, দিক্ৰাং, দিখৌ, দিগাৰু, ভোগদৈ ইত্যাদি। অনুমান ভাৰতবৰ্ষলৈ বৈদিক আৰ্যসকল অহাৰ সময়ত উত্তৰ বংগ আৰু অসমত আলপাইনৰ প্ৰাধান্য হয়। মহাভাৰতৰ সময়ত বা তাৰ কিছু পূৰ্বে আৰ্যবিলাক আহি মগধ, উত্তৰ বংগ আৰু অসমত অসুৰপূজক আলপাইনবিলাকক প্ৰবল দেখা পাইছিল। বৈদিক আৰ্যসকলে মগধ, উত্তৰ বংগ আৰু প্ৰাগজ্যোতিষ আৰ্য ভাষা আৰু কৃষ্টিসম্পন্ন আলপাইন ৰাজন্যবৰ্গক ব্ৰাত্যস্তোম পদ্ধতি অনুসাৰে সোনকালে ব্ৰাত্যক্ষত্ৰিয় কৰি ল’লে আৰু আলপাইন পুৰোহিতবিলাক ব্ৰাহ্মণ বুলি জনাজাত হ’ল। ইয়াৰ বহু পূৰ্বে দক্ষিণ আৰু পশ্চিম ভাৰতবৰ্ষত এইদৰেই Mediterranean জাতিৰ পুৰোহিতবিলাক তেলুগু ব্ৰাহ্মণ, কন্নাড় ব্ৰাহ্মণ, দেশস্থ ব্ৰাহ্মণ, সাৰস্বত ব্ৰাহ্মণ আৰু চিপ্-পাবন ব্ৰাহ্মণ হ’ল। এনেতে বৌদ্ধ প্ৰভাৱ হোৱাত আৰু তাৰ লগে লগে বৈদিক ব্ৰাহ্মণসকলৰ প্ৰতিপত্তি কমি যোৱাত এইবিলাক অবৈদিক ব্ৰাহ্মণৰ প্ৰতিপত্তি কোনো প্ৰকাৰে খৰ্ব হোৱা নাছিল। এতিয়া দেখা গ’ল যে আলপাইনবিলাকে পোন প্ৰথমে আৰ্য ভাষা আৰু কৃষ্টি পূৰ্ব ভাৰতবৰ্ষত প্ৰচাৰ কৰে। অসমৰ ব্ৰাহ্মণ, কায়স্থ আদি সম্প্ৰদায়ে মিথিলা, কনৌজ প্ৰভৃতি ঠাইকহে নিজৰ আদিস্থান বুলি বিবেচনা কৰে। কিন্তু কলিতা দেশ বা কলিতা ৰজাৰ দেশ অসমৰ উত্তৰে কোনো ঠাইত আছে বুলি প্ৰবাদ এতিয়ালৈকে চলি আছে। অসমৰ এই কলিতাবিলাকেই যে ইৰানৰপৰা আৰ্য ভাষা আৰু সভ্যতা লগত লৈ অহা Alpine জাতিৰ মানুহ এইটোহে মোৰ অনুমান হয়। বৰ্তমান সময়ৰ কিছুমান অসমীয়া ব্ৰাহ্মণ আৰু কায়স্থও যে বঙালী ব্ৰাহ্মণৰ নিচিনা মূলতে আলপাইন আছিল সেই বিষয়ে সন্দেহ খুব কমেই আছে। নৃতত্ত্ববিদ্ পণ্ডিতসকলৰদ্বাৰা অসমত Anthropometric Survey হ’লে এইবিলাক তথ্য ভালকৈ ওলাব। আলপাইনবিলাকৰ নাখ ওখ আৰু দীঘল, মূৰ ঘূৰণীয়া (Round headed) অথবা Brachy cephalic। বৰ্তমান সময়ত ভাৰতবৰ্ষত নিভাঁজ Alpine গঢ় বংগদেশৰ কায়স্থ আৰু গুজৰাটৰ নাগৰ ব্ৰাহ্মণবিলাকৰ আৰু চিত্ৰালৰ খো (Kho) বিলাকৰ আছে। ডক্টৰ ভাণ্ডাৰকাৰৰ মতে নাগৰ ব্ৰাহ্মণবিলাকৰ বহু পূৰ্বে ঘোষ, বসু, দত্ত, দাস, পালিত, সোম, দেব, পাল, কুণ্ডু, নাম, বৰ্মন, নন্দী ইত্যাদি পদবী আছিল। খ্ৰীষ্টাব্দৰ পঞ্চম শতিকাত ভাস্কৰবৰ্মাৰ পূৰ্বপুৰুষ মহাভূতবৰ্মাই দুশ নাগৰ ব্ৰাহ্মণক কোশী নদীৰ পাৰত তামৰ ফলি কৰি মাটি দিছিল। সেই ফলি পুৰি নষ্ট হোৱাত সপ্তম শতিকাত ভাস্কৰবৰ্মাই নিধনপুৰত পোৱা ফলি লিখি দিছিল। এই ফলিত যিবিলাক ব্ৰাহ্মণৰ নাম আছে তেওঁবিলাকৰো এইবিলাক পদবী আছিল। সপ্তম শতিকাৰ ত্ৰিপুৰা অঞ্চলৰ লোকনাথ নামে কৰতলীয়া ৰজাৰ তামৰ ফলিত যিবিলাক ব্ৰাহ্মণৰ নাম পোৱা যায় তেওঁলোকৰো এনে পদবী আছিল। অষ্টম শতিকাৰ উৰিষ্যাৰ ৰজা শুভকৰৰ যি তামৰ ফলি ওলাইছে সেই ফলিত নাম দিয়া ব্ৰাহ্মণসকলৰো এনে পদবী দেখা যায়। আজিকালি বঙালী কায়স্থসকলৰহে এনে পদবী দেখা যায়। কিন্তু বল্লাল সেনৰ দিনলৈকে বংগদেশত আৰু ধৰ্মপাল ৰজাৰ দিনলৈকে কামৰূপত ব্ৰাহ্মণৰ এনে পদবী আছিল। ইয়াৰপৰা অনুমান কৰিব পাৰি যে এনে পদবীধাৰীসকল পূৰ্বে ব্ৰাহ্মণ বা Alpine priest আছিল। অনুমান সেন ৰজাসকলৰ দিনত বংগদেশৰপৰা বৌদ্ধ প্ৰভাৱ আঁতৰ হোৱাত বৈদিক ক্ৰিয়া-কাণ্ডৰ যেতিয়া প্ৰচলন হ’বলৈ ধৰিলে তেতিয়া বৈদিক ব্ৰাহ্মণৰ বিশেষ আৱশ্যক হ’ল। তেতিয়া মিথিলা আৰু মধ্যপ্ৰদেশৰ কনৌজ আদি ঠাইৰপৰা বংগদেশলৈ বৈদিক ব্ৰাহ্মণৰ সমাগম হোৱা সম্ভৱ। অনুমান অষ্টম শতিকাত আদিসুৰ ৰজাৰ দিনত পাঁচজন বৈদিক ব্ৰাহ্মণ বংগদেশলৈ আহিছিল আৰু বৰ্তমান সময়ৰ সমস্ত ৰাঢ়ীয়, বাৰেন্দ্ৰ আৰু পাশ্চাত্য বৈদিক ব্ৰাহ্মণ সম্প্ৰদায় সেই পাঁচজনৰপৰাই বাঢ়িছে ই কোনোপ্ৰকাৰে বিশ্বাসযোগ্য নহয়। ৰায়বাহাদুৰ ৰমাপ্ৰসাদ চন্দই নিজে কৈছে—The story of the descent of all the Rarhiya and Barendra Brahmans from the five immigrants from Kanauj imported by Adisura appears to be much later invention. আচল কথা এই যে, এইবোৰ ব্ৰাহ্মণৰ সন্তান-সন্ততিবিলাকে আগৰ স্থানীয় আলপাইন ব্ৰাহ্মণবিলাকৰে মিহলি হৈ গ’ল আৰু আলপাইনবিলাকৰ কিছুমান ৱ্ৰাহ্মণ হৈয়েই ৰ’ল, কিছুমান বৈদ্য হ’ল আৰু কিছুমান কায়স্থ হৈ গ’ল। মিহলি হোৱাৰ বাবে বৰ্তমান বঙালী ব্ৰাহ্মণৰ মূৰ বঙালী কায়স্থৰ মূৰতকৈ অলপ দীঘল। অসমতো বিচাৰ কৰিলে আলপাইন ব্ৰাহ্মণ ভালেখিনি আছে বুলি জনা যায়। ইফালে মিচিৰ, শুকুল, তেৰাৰী, তিৰোতীয়া প্ৰভৃতি মৈথিল আৰু কনৌজীয়া ব্ৰাহ্মণো অসমত আছে। সকলোবিলাক মিহলি হৈছে। আজিকালি গুজৰাটতো আলপাইন নাগৰ ব্ৰাহ্মণবিলাক ৰাণীয়া বা পতিত ব্ৰাহ্মণৰূপেহে পৰিগণিত হয়। আপোনালোকে জানে যে চীন পৰ্যটক Yuan Chwang-এ ভাস্কৰবৰ্মাক ব্ৰাহ্মণ বুলি লিখি গৈছে। পূৰ্বে কোৱা গৈছে যে ব্ৰাহ্মণবিলাকৰ ভিতৰত বৰ্মনটো এটা পদবী আছিল। এতেকে ভাস্কৰবৰ্মাৰ বংশ পূৰ্বৰ বঙালী কায়স্থবিলাকৰ নিচিনাকৈ সপ্তম শতিকাত ব্ৰাহ্মণ বুলি খ্যাত হোৱা অসম্ভৱ নহয়। বিশেষ Yuan Chwang অন্ততঃ এমাহ কামৰূপত আছিল। এওঁ শ্ৰীহৰ্ষ বৈশ্য জাতীয় বুলি লিখি গৈছিল এইটো বিশ্বাসযোগ্য নহয়। তেওঁ পু্ংখানুপুংখৰূপে সকলো কথা অনুসন্ধান কৰিহে তেওঁৰ বিৱৰণত লিখিছে; কোনো সম্বাদ তেওঁ ভুল কৰি লিখি থৈ যোৱা নাই।এতেকে, এতিয়া দেখা গ’ল যে যি অসমীয়া জাতিৰ বুৰঞ্জী লৈ আমি আলোচনা কৰো, সেই জাতি অস্ত্ৰলয়ড তিব্বতো-বৰ্মন, শ্যান, আলপাইন আৰু বৈদিক আৰ্য জাতিৰ ভিত্তিৰ ওপৰত গঢ়া। এওঁবিলাকৰ ভাষা, সভ্যতা আৰু কৃষ্টিৰ চিন আছে। এওঁলোকৰ বৰ্তমান সময়ৰ ভাষা যদিও মূলতে আৰ্য ভাষা, তথাপি Austroloid আৰু Tibeto-Burman ভাষাৰ শব্দ এই ভাষাত আছে। ভালকৈ বিচাৰ কৰি চালে বৰ্তমান অসমীয়া মানুহৰ মাজত এতিয়ালৈকে চলি থকা সাধুকথাৰ আঁতি-গুৰি বহুত দূৰলৈকে শিপাব। আৰু সৰহ উদাহৰণ দিবৰ আৱশ্যক নাই। যোৱা পাঁচ বছৰৰ ভিতৰতে আমাৰ দেশৰ প্ৰাচীন বুৰঞ্জীৰ সম্বন্ধে কিছুমান নতুন তথ্য ওলাল, আপোনালোকে বুজিব পাৰিলে। এইবিলাক তথ্য আৱিষ্কাৰ কাৰ্যত সমিতিৰ জাৰ্নেলখনিয়ে কিমান সাহায্য কৰিছে তাকো আপোনালোকে দেখিলে। এই জাৰ্নেলখনিৰ এতিয়া পাঁচ বছৰ সম্পূৰ্ণ হৈছে, দুখৰ বিষয় এই জাৰ্নেলখনিয়ে এতিয়াও অসমীয়া মানুহৰ সহযোগ আৰু সহায় উপযুক্ত পৰিমাণে পোৱা নাই। মই স্বীকাৰ কৰো যে মোৰ নিচিনা অভাজনৰদ্বাৰা এনে এখন জাৰ্নেলৰ সম্পাদকীয় ভাৰ গ্ৰহণ কৰা উচিত নহয়। মোৰ গাৰপৰা এই ভাৰ আৰু কাৰোবাক শোধাব পাৰিলে মই ৰক্ষা পৰো। আজি এই পাঁচ বছৰে জাৰ্নেলৰ কাৰণে বঙালী, মহাৰাষ্ট্ৰীয় আৰু ইংৰাজ লেখকৰপৰা প্ৰবন্ধ পোৱা হৈছে, কিন্তু অসমীয়া প্ৰবন্ধ সংগ্ৰহ কৰা বৰ কঠিন কাৰ্য। মই নিজে প্ৰবন্ধ লিখিহে অনেক সময়ত জাৰ্নেলৰ কলেৱৰ পূৰ্ণ কৰিব লগাত পৰে। এই অৱস্থা যদি আগলৈকে থাকে, তেনেহ’লে মই নিজে সোনকালে এই জাৰ্নেলৰ সম্পাদকৰ ভাৰ এৰি দিবলৈ বাধ্য হ’ম।ইয়াৰ পূৰ্বে মই কৈছো যে আমাৰ জাতীয় আৰু দেশীয় বুৰঞ্জী উদ্ধাৰ কৰা কাৰ্য আমি নকৰিলে কোনে কৰিব? এই কাৰ্যত অসমীয়াৰ কৰ্তব্য পোন প্ৰথম, তাৰ পিছতহে আনৰ। যি জাতিয়ে এই কৰ্তব্য ভালকৈ সমাধা কৰিব পাৰিছে সেই জাতিয়েহে আজিকালি জগতত সভ্য আৰু শিক্ষিত বোলাব পাৰিছে। এই কৰ্তব্য পালন কৰাত যেয়ে পিছপৰা সেয়ে নিজক প্ৰকৃতপক্ষে সভ্য আৰু শিক্ষিত বোলাব নোৱাৰে। অলপতে গুৱাহাটী চহৰতে বহা গুৱাহাটী বংগীয় সাহিত্য পৰিষদ আৰু প্ৰৱাসী বঙালী ছাত্ৰ সন্মিলনীৰ যুটীয়া বৈঠকত কলিকতা বিশ্ববিদ্যালয়ৰ ডক্টৰ নীহাৰৰঞ্জন ৰায়ে কৈ গৈছে যে অসমৰ প্ৰকৃত বুৰঞ্জীৰ সংকলনত বঙালীৰ যথেষ্ট কৰ্তব্য আছে, কাৰণ তেওঁৰ মতে আজিলৈকে অসমত যিবিলাক বুৰঞ্জী লিখা গৈছে সেইবোৰ নিৰ্ভুল নহয়। আৰু অসমৰ ইতিহাস-জগতত আমি সৰহ দূৰ অগ্ৰসৰ হ’ব পৰা নাই। এইখিনিতে মোৰ বক্তব্য এই যে, এতিয়ালৈকে আমাৰ পুৰণি ইতিহাসৰ যিবিলাক তথ্য নিৰূপণ কৰা হৈছে তাত কাৰো আঁসোৱাহ থাকিলে তেওঁ আমাৰ জাৰ্নেলত প্ৰবন্ধ লিখি সেইবিলাক ভুল শুধৰাবলৈ চেষ্টা কৰিব পাৰে, আৰু যদি আমাৰ জাৰ্নেলত লিখিবলৈ তেওঁলোকে বেয়া পায় তেন্তে Indian Culture, Indian Historical Quarterly নাইবা J.R.A.S.B.-ত লিখিলেও আমি ভাল পাম, কাৰণ আমাৰ উদ্দেশ্য হৈছে ঐতিহাসিক সত্য উদ্ধাৰ কৰা। ডক্টৰ ৰায়ে পণ্ডিত পদ্মনাথ বিদ্যাবিনোদৰ খুব সুখ্যাতি কৰি কৈছে যে তেওঁৰ যত্ন আৰু পুৰুষাৰ্থৰ ফলত কামৰূপৰ বুৰঞ্জীৰ যিবিলাক তথ্য ওলাইছে সেইবিলাক অসমীয়া বুৰঞ্জীলৈ বঙালীৰ দান। পণ্ডিত বিদ্যাবিনোদক আমি অসমৰ মানুহ বুলি ধৰো আৰু তেওঁ আদিৰেপৰা কামৰূপ অনুসন্ধান সমিতিৰ এজন গুৰিয়াল আৰু আজি পৰ্যন্ত এজন বিশিষ্ট সভ্য। এওঁৰ অনুসন্ধান আমি সমিতিৰ অনুসন্ধানৰে ভিতৰুৱা বুলিহে বিবেচনা কৰো আৰু আমি তাক নতশিৰে দুই হাত আগবঢ়াই গ্ৰহণ কৰিছো। আমাৰ জাৰ্নেলত যিসকল বঙালী লেখকে লিখি আমাৰ বুৰঞ্জী চহকী কৰিছে তেওঁলোকৰ ওচৰত আমাৰ কৃতজ্ঞতা আমি জনাওঁ। ডক্টৰ ৰায়ক আমি জনাওঁ যে তেওঁ কোৱামতে আজি ৪০০ বছৰ পূৰ্বে জলপাইগুৰি, ৰংপুৰ, কোচবিহাৰ আৰু পূৰ্ব মৈমনসিংহৰ অধিবাসীবিলাক প্ৰায় ১৫০০ বছৰ কামৰূপী আছিল। সমস্ত উত্তৰ বংগ, মধ্য বংগ প্ৰায় ১৫০ বছৰ কামৰূপভুক্ত আছিল। সেইবাবে সেই ঠাইৰ বৰ্তমান বঙালীবিলাকক আমি প্ৰৱসুৱা বুলিব নোৱাৰো। তেওঁলোকে আদিতে কামৰূপী আছিল বুলিহে আমি দাবী কৰো। আমি জানো যে ৰংপুৰ, মৈমনসিং, জলপাইগুৰি আৰু কোচবিহাৰৰ কলিতাবিলাক বঙালী কায়স্থ হোৱা আজি বেছি দিন হোৱা নাই। আজি প্ৰায় ১২০ বছৰৰ আগেয়ে ডক্টৰ বুকাননে এইবিলাক জিলাত বিস্তৰ কলিতা মানুহ দেখিছিল। সেই কলিতাবিলাকৰ তিৰোতাই মেখেলা পিন্ধিছিল আৰু তেওঁলোক তাঁত বোৱাত পটু আছিল। এই ১২০ বছৰৰ ভিতৰতে এই অসমীয়া মানুহবিলাকৰ কোনো চিন-চাব নোহোৱা হ’ল। ই আমাৰ পক্ষে অৱশ্যে বৰ বেজাৰৰ কথা, কিন্তু যিসকলে অসমক বংগদেশৰ ভিতৰত সুমুৱাই বৃহত্তৰ বংগ সৃষ্টি কৰিব খোজে তেওঁলোকৰ পক্ষে বৰ আনন্দৰ কথা হ’ব পাৰে। অসমীয়াৰ স্ব-জাতীয়বোধ আৰু স্বাতন্ত্ৰ্যবোধ দেখি ডক্টৰ ৰায়ে বেয়া পাব নালাগে। আমি স্বতন্ত্ৰ হৈও বংগদেশৰ আৰু অসমৰ বুৰঞ্জী অনুসন্ধান কৰাত সহায় কৰিম, কিন্তু কামৰূপ আৰু অসমৰ পূৰ্বৰ গৌৰৱ আমি পাহৰিব নোৱাৰো। আমাৰ জাতীয় আৰু দেশীয় বুৰঞ্জী চিৰকাল পৰাধীনতাৰ মলিন ছায়াৰ তলত পৰি থকা হ’লে পূৰ্বস্মৃতি মচি পেলাবলৈ কিজানি অলপ-অচৰপ যত্ন কৰিলোহেঁতেন; কিন্তু আমাৰ অতীত যে অতিশয় উজ্জ্ৱল আৰু গৌৰৱপূৰ্ণ, এনে অতীতৰ স্মৃতি কোন সতেৰে পাহৰিম? ভাৰতবৰ্ষীয় জাতীয়তাৰ সোঁতত বুৰ মাৰি নিজৰ স্বতন্ত্ৰতা একেবাৰে হেৰুৱাম?কামৰূপৰ প্ৰান্তৱৰ্তী উত্তৰ বংগ আৰু পূৰ্ব বংগৰ সৈতে কামৰূপৰ ভাষাগত, কৃষ্টিগত আৰু জাতিগত সাদৃশ্য বহুত আছে আৰু থাকিবৰ কথা। কিন্তু সেইবুলি অসমীয়া বা কামৰূপী ভাষা বংগ ভাষাৰ ঠেঙুলি, অসমীয়া বা কামৰূপী কৃষ্টি বঙালী সভ্যতাৰ নকল আৰু অসমীয়া জাতি ব্ৰাহ্মণ, কায়স্থাদি উচ্চবৰ্ণ সকলো বংগদেশৰপৰা আদিতে অহা, এনে দাবী কৰা অন্যায়। অসমীয়া ডাক বঙালী, অসমীয়া অনন্ত কন্দলি বঙালী, অসমীয়া সুকনান্নী ৰচনা কৰা সুকবি নাৰায়ণ বঙালী, অসমীয়া কন্যা বাৰমাহী গীত বঙালী ‘বাৰমাস্যা গীত’—এনে বুলি দাবী কৰা আৰু অন্যায়। ইফালে আমি দাবী কৰো যে উত্তৰ বংগৰ অধিবাসীবিলাকৰ অধিক ভাগ মূলতে অসমীয়া কলিতা আৰু বাকীবিলাক অসমীয়া কোচ বা ৰাজবংশী, উত্তৰ বংগৰ ভাষা কামৰূপী ভাষাৰে ঠেঙুলি আৰু উত্তৰ বংগৰ সভ্যতাৰ মূল কামৰূপী সভ্যতা তেনেহ’লে এই দাবী কোনেও ঐতিহাসিক সত্যৰ ওপৰত নিৰ্ভৰ কৰি একেবাৰে দলিয়াই পেলাব নোৱাৰে। বৰ্তমান সময়ত কামৰূপ নামনিত ৰৈছেগৈ এখন ক্ষুদ্ৰ জিলাত। সেইদেখি উজনি অঞ্চলৰ কোনো কোনো লোকে কামৰূপ অনুসন্ধান সমিতিৰ নামটো বৰ পছন্দ নকৰে। মোৰ Early History of Kamarupa নামে পুথি ওলোৱাৰ পিছত কোনো লোকে মোক সুধিছিল যে মই কিতাপখনৰ নাম Early History of Assam নুবুলিলো কিয়? ইংৰাজী ১৯১২ চনত কামৰূপ অনুসন্ধান সমিতি স্থাপিত হয়। তেতিয়া পণ্ডিত হেমচন্দ্ৰ গোস্বামী আৰু সত্যনাথ বৰা এই সমিতিৰ দুজন ঘাই গুৰিয়াল আছিল। তেতিয়া তেওঁলোকে বহুত বিবেচনা কৰিহে এই নামকৰণ কৰিছিল। পূৰ্বকালত কামৰূপৰ সীমা আছিল ‘কৰতোয়াং সমাৰভ্য যাৱদ্দিক্কৰবাসিনী’। সপ্তম শতিকাৰ Yun Chwang-ৰ বিৱৰণ মতে। কামৰূপৰ পূৰ্বসীমা আছিল অসম আৰু মান দেশৰ মাজৰ পৰ্বতশ্ৰেণী। এই সমিতিৰ উদ্দেশ্য হৈছে এই বিশাল ৰাজ্যৰ ইতিবৃত্ত সংগ্ৰহ কৰা, অকল বৰ্তমান অসম প্ৰদেশৰ বা অসম উপত্যকাৰ নহয়। পুৰণি কামৰূপৰ সীমাৰ ভিতৰত বৰ্তমান অসম পৰি যায়, সেইবাবে অনুসন্ধানৰ ক্ষেত্ৰ বহল কৰি কামৰূপ অনুসন্ধান সমিতি নাম দিয়া একো অন্যায় হোৱা নাই। অসম অনুসন্ধান সমিতি নাম দিয়া হ’লে কোচবিহাৰ আৰু কমতা ৰাজ্যৰ ইতিবৃত্ত এই সমিতিয়ে অনুসন্ধান কৰা আৱশ্যক নহ’লহেঁতেন। জাৰ্নেলখনি ওলোৱাৰপৰা এই সমিতিৰ ইংৰাজী নাম কৰা হৈছে Assam Research Society আৰু জাৰ্নেলৰ নাম হৈছে Jouornal of the Assam Research Society। পাটনাৰপৰা ওলোৱা বিহাৰ প্ৰদেশৰ জাৰ্নেলৰ নাম Journal of the Bihar and Orissa Research Society, ইয়াৰ নাম Journal of the Magadha Research Society নহয়, যদিও সেই নাম হ’লে কোনো প্ৰকাৰৰ অযুগুত নহ’লহেঁতেন।অতএব আশা কৰো যে কামৰূপ অনুসন্ধান সমিতিৰ নাম সম্বন্ধে যদি কাৰোবাৰ কিবা আঁসোৱাহ থাকে তাক পৰিহাৰ কৰি যেন সকলো কৃতবিদ্য অসমীয়া মানুহে এই সমিতিত যোগদান কৰে। এই সমিতিৰ ঘৰৰ ওচৰতে লগালগিকৈ অসম প্ৰাদেশিক museum সাজিবলৈ যো-জা কৰা হৈছে তাক আপোনালোকে দেখিছে। আশা কৰো আৰু তিনি-চাৰি মাহৰ ভিতৰত museum ঘৰটি সজা হ’ব। খাৰঘুলিৰ শিল, ভৰলুৰ বালি, জামছেদপুৰৰ লোহা আৰু প্ৰাচীন মগধৰ ৰোহিতাশ্ব দুৰ্গৰ ওচৰত তৈয়াৰ হোৱা স্বদেশী Rohtas cement-ৰদ্বাৰা এই গৃহ নিৰ্মাণ কৰা হ’ব। এজন মাৰোৱাৰী ভদ্ৰলোক, ৰায়বাহাদুৰ নওপৎৰায় কেড়িয়াৰ বদান্যতাৰ ফলত আৰু অসম গৱৰ্ণমেণ্টে মঞ্জুৰ কৰা টকাৰ সহায়ত এই ঘৰটি সাজিবলৈ কাৰবাৰ কৰা হৈছে। এই বুৰঞ্জী শাখাৰপৰা ৰায়বাহাদুৰ কেড়িয়াক আৰু অসম গৱৰ্ণমেণ্টক, বিশেষকৈ শিক্ষা মন্ত্ৰী মৌলনা ওৱাহীদক ধন্যবাদ দিয়া একান্ত উচিত।আৰু দুই-চাৰিটা কথা কৈ মোৰ বক্তৃতা শেষ কৰিম। আমাৰ বুৰঞ্জীৰ কোনো অংশ এতিয়াও অন্ধকাৰত পৰি আছে, অনুসন্ধানৰদ্বাৰা সেইবিলাকত পোহৰ পেলাব লাগে। কামৰূপৰ ৰজা ধৰ্মপালৰ পিছত জয়পালৰ নাম পাইছো। তেওঁ দ্বাদশ শতিকাৰ ৰজা আছিল আৰু বংগদেশৰ চিলিমপুৰ নামে ঠাইত পোৱা এখন শিলালিপিত তেওঁক ‘অচিন্তাধামন’ বোলা হৈছে আৰু তাত লিখা আছে যে তেওঁ সিদিনাখনৰ বিকানিৰৰ মহাৰজাৰ নিচিনাকৈ সোণৰ মোহৰেৰে তুলাপুৰুষ দান কৰিবলৈ সমৰ্থ হৈছিল। ইয়াৰপৰা বুজা যায় যে তেওঁ এজন প্ৰতাপশালী ৰজা আছিল আৰু তেওঁৰ ৰাজ্য বৃহৎ আৰু সমৃদ্ধিশালী আছিল। এওঁৰপৰা ষোড়শ শতিকাৰ বিশ্বসিংহ ৰজাৰ ৰাজত্বৰ আৰম্ভলৈকে ৩০০ বছৰৰ কামৰূপৰ বুৰঞ্জী বৰ আন্ধাৰ। এই সময়ৰ ভিতৰতে অৱশ্যে কমতাপুৰত ৰাজপাট হয় আৰু ইপিনে পূবফালে কছাৰী আৰু চুটিয়াবিলাকক ঠেলি আহোমসকলে পৰাক্ৰমী ৰাজ্যৰ ভেটি পাতে। ত্ৰয়োদশ শতিকাৰ মাজ মানৰপৰা পূৰ্ব অসম বা সৌমাৰৰ সঠিক বিৱৰণ আহোম বুৰঞ্জীৰপৰা পোৱা যায়; কিন্তু সেই বুৰঞ্জীতো কমতা কছাৰী আৰু চুটীয়া ৰাজ্যৰ বিৱৰণ একেবাৰে অসম্পূৰ্ণ। সৌমাৰৰ স্বৰ্গনাৰায়ণ ৰজা আৰু কামৰূপৰ নৰনাৰায়ণ ৰজাৰ আগৰ কোনো ৰজাৰ মোহৰ বা মুদ্ৰা আজি পৰ্যন্ত ওলোৱা নাই। এওঁলোকৰ আগেয়ে যে কামৰূপত কোনো মুদ্ৰাৰ চলন নাছিল, এনে কেতিয়াও হ’ব নোৱাৰে। কাৰণ চিলিমপুৰৰ শিলালিপিয়েই কয় যে কামৰূপৰ ৰজা জয়পালে নিজৰ গাৰ ওজনৰ পৰিমাণে সোণ আৰু সোণৰ মুদ্ৰা ব্ৰাহ্মণসকলক দান কৰিছিল। এতেকে দ্বাদশ শতিকাতো মুদ্ৰাৰ প্ৰচলন আছিল। আমাৰ দেশত গাহৰি মোহৰ বুলি এবিধ মুদ্ৰাৰ নাম শুনা যায় আৰু এনে প্ৰবাদ আছে যে এনে এটা মোহৰ ঘৰত থাকিলে কোনো অপায়-অমংগল নহয়। কামৰূপৰ ৰজাসকলে নিজক নৰকাসুৰৰ বংশ বুলি চিনাকি দিছিল। এই নৰক বৰাহৰূপী নাৰায়ণৰ ঔৰসজাত পুত্ৰ, গতিকে পূৰ্বৰ কামৰূপী ৰজাসকলৰ মুদ্ৰাত বৰাহৰূপী নাৰায়ণৰ প্ৰতিকৃতি থকা অসম্ভৱ নহয়। এই মুদ্ৰাৰ নামহে শুনা যায়, কিন্তু এতিয়ালৈকে পোৱা নাই। শ্বিলঙৰ Coin-Cabinet-ত যিটো গাহৰি মোহৰ বুলি ৰখা হৈছে, মোৰ বিশ্বাস সেইটো জাল মুদ্ৰা। আপোনালোকৰ কোনোবাই কামৰূপৰ ৰজাসকলৰ মুদ্ৰা পালে আমাক খবৰ দিলে সুখী হ’ম।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: অসম সাহিত্য সন্মিলনকনকলাল বৰুৱাবুৰঞ্জী শাখাসভাপতি
Editor

Editor

Related Posts

How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades
Climate Change

How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

by Pranamika Bhuyan
August 12, 2026
0

How Prepared Are We, Really? Assam's Climate Promises Meet Its Worst Flood in decades DR. PRANAMIKA BHUYAN In Sonari, ration...

Read moreDetails
International Day of the World’s Indigenous Peoples observed at Tihu College by Mahabahu Climate Forum

International Day of the World’s Indigenous Peoples observed at Tihu College by Mahabahu Climate Forum

August 11, 2026
Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

August 11, 2026
কচু শাকৰ গুণাগুণ

কচু শাকৰ গুণাগুণ

August 10, 2026
বান, পাহাৰ, মানুহ আৰু এক অস্বস্তিকৰ সত্য

বান, পাহাৰ, মানুহ আৰু এক অস্বস্তিকৰ সত্য

August 10, 2026
Ajon Ukum: How Rekha and Ranjit Doley Are Preserving Mising Culture Through Community Tourism

Ajon Ukum: How Rekha and Ranjit Doley Are Preserving Mising Culture Through Community Tourism

August 9, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
অষ্টাঙ্গ যোগ নে বিকলাঙ্গ যোগ?

The Art of Spiritual Evolution in Human Lives-A Modern Day Approach

August 13, 2026
The River That Became a Drain: Bharalu and the Death of a Memory

The River That Became a Drain: Bharalu and the Death of a Memory

August 13, 2026
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

August 13, 2026
How Climate Change Is Affecting Insects and Why It Threatens Life on Earth

How Climate Change Is Affecting Insects and Why It Threatens Life on Earth

August 13, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39378 shares
    Share 15751 Tweet 9844
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18384 shares
    Share 7354 Tweet 4596
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3542 shares
    Share 1417 Tweet 886
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4177 shares
    Share 1671 Tweet 1044
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    134 shares
    Share 54 Tweet 34
  • Mahabahu Mirror: A Bold New Chapter in Climate Journalism

    101 shares
    Share 40 Tweet 25
  • FREEDOM FIGHTERS OF ASSAM

    5085 shares
    Share 2034 Tweet 1271
  • Cockroaches, Comedians, and Criminals

    99 shares
    Share 40 Tweet 25
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    98 shares
    Share 39 Tweet 25
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    96 shares
    Share 38 Tweet 24
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d