• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Tuesday, September 15, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

অসম বুৰঞ্জীৰ বীৰাংগনা সতী সাধনী 

ASSAMESE SECTION / Assam History/ Sati SADHANI

by Monoswini Sarmah
April 21, 2025
in ASSAMESE SECTION, History, Inspiration, Women
Reading Time: 3 mins read
0
চুতীয়া ৰাজ্য আৰু সেনানায়ক মানিকচন্দ বৰুৱা
Share on FacebookShare on TwitterShare on LinkedIn

অসম বুৰঞ্জীৰ বীৰাংগনা সতী সাধনী 

মনস্বিনী শৰ্মা 

manaswini Sarma
মনস্বিনী শৰ্মা 

ঐতিহাসিক অসমৰ চুতীয়া ৰাজ্য আছিল ত্ৰয়োদশ শতিকাত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে দিকৰাই নদী আৰু দক্ষিণ পাৰে দিচাং নদীৰ মাজত গঠন হোৱা এক বিশাল সাম্ৰাজ্য। ১১৮৭ চনত বীৰপালে শদিয়াত ৰাজধানী পাতি উত্তৰ-পূব অসম আৰু অৰুণাচলৰ কিছু অঞ্চল লৈ চুতীয়া ৰাজ্য স্থাপন কৰিছিল।

স্থানীয় জনজাতিসকলৰ মাজত চুতীয়াসকল অন্যতম। চুতীয়াসকল কছাৰী গোষ্ঠীৰ লোক আছিল আৰু এটা সময়ত তিব্বত-বাৰ্মীজ ভাষা ব্যৱহাৰ কৰিছিল। সাম্প্ৰতিক কালত চুতীয়াসকলে অসমীয়া ভাষা ব্যৱহাৰ কৰে।

অসম বুৰঞ্জীৰ বীৰাংগনা সতী সাধনী
সতী সাধনী

     চুতীয়া সাম্ৰাজ্যৰ শেষৰজন ৰজা আছিল ‘ধৰ্মধবজপাল’। এই ধৰ্মধবজপালৰ জীয়েক আছিল সতী সাধনী। সতী সাধনীৰ জন্ম ১৫ শতিকাৰ শেষ ভাগত হৈছিল বুলি অনুমান কৰা হয় । সন্তান লাভৰ কাৰণে ঈশ্বৰৰ আগত সাধনা কৰাৰ বাবে পিতৃ ধীৰনাৰায়ণে তেওঁক “সাধনী” নাম দিছিল। তেওঁৰ আন এটা নাম আছিল “তেজা”।

ধৰ্মধবজপালে জীয়েক সাধনীৰ বিবাহৰ বাবে উপযুক্ত পাত্ৰ নোপোৱাত সয়ম্বৰ সভাৰ আয়োজন কৰিলে আৰু চৰ্ত ৰাখিলে যে যিয়ে গছৰ ওপৰত থকা কেৰ্কেটুৱালৈ কাঁড় মাৰিব পাৰিব সিয়ে জয়ী হৈ সতী সাধনীক বিয়া কৰাব পাৰিব।

কিন্তু এই ক্ষেত্ৰত কোনোজনে সফল নোহোৱাত ৰজাই তেওঁৰ ৰাজসভাৰ লিগিৰা ‘নিতাই’ক কেৰ্কেটুৱালৈ কাঁড় মাৰিবলৈ ক’লে। ৰজাৰ আদেশ অমান্য কৰিব নোৱাৰি নিতায়ে গছৰ কেৰ্কেটুৱালৈ কাঁড় মাৰি সফল হ’ল আৰু ৰজাৰ কথা মতে সতী সাধনীক বিয়া কৰালে।

     ১৫২০ চনৰ দিহিঙমুখ যুদ্ধত(বৰ্তমানৰ পশ্চিম মাজুলী অঞ্চল) ধীৰনাৰায়ণৰ সেনাই আহোম সেনাপতি খেনমোঙক পৰাস্ত কৰি বিজয়ী হয় আৰু ইয়াৰ পাছতে হাবুং অঞ্চল (বৰ্তমান ঢকোৱাখনা) ব্ৰাহ্মণক ভূমি দান কৰি সাধনী আৰু নিতাইক ৰাজ্য ভাৰ দিয়ে। ইয়াৰ পাছত ৰজা হৈ নিতায়ে ‘নীতিপাল’ নাম লয়। নীতিপাল ৰজা হোৱাৰ বাবে চুতীয়া ৰজাৰ বংশধৰসকলৰ মাজত ঈৰ্ষাৰ সৃষ্টি হয়। তেওঁলোকে নীতিপালক ৰাজভাৰৰ পৰা আঁতৰাবলৈ ষড়যন্ত্ৰ ৰচিবলৈ ধৰিলে।

এই ক্ষেত্ৰত বিশেষকৈ জড়িত আছিল ধৰ্মধবজপালৰ ভায়েক সুৰধবজপাল। কিন্তু নীতিপালে তেওঁৰ শক্তিশালী চোৰাংচোৱাৰ পৰা সকলো ষড়যন্ত্ৰৰ খবৰ লাভ কৰাৰ বাবে নিজকে ষড়যন্ত্ৰসমূহৰ পৰা বচাই ৰাখিব পাৰিছিল।

লাহে লাহে নীতিপালে তেওঁৰ ৰাজসভাৰ পাত্ৰ-মন্ত্ৰীৰ পদসমূহ ৰজাৰ বংশধৰসকলক দিয়াৰ সলনি নিজৰ সাধাৰণ চুতীয়া বংশৰ মানুহক দিবলৈ ধৰিলে। ফলত নীতিপালৰ শাসনভাৰ শিথিল আৰু দুৰ্বল হৈ আহিবলৈ ধৰিলে। দোষ-গুণৰ সুবিচাৰ নকৰি হকে- বিহকে প্ৰজাৰ ওপৰত উৎপীড়ন চলোৱাৰ বাবেই‌ নীতিপাল প্ৰজাৰ মাজত অনীতিপাল বুলি খ্যাত হৈ পৰিল।

অসম বুৰঞ্জীৰ বীৰাংগনা সতী সাধনী

     নীতিপালৰ দুৰ্বল শাসনৰ বতৰা পাই আহোম ৰজা চুহুংমুঙে চুতীয়া ৰাজ্য আক্ৰমণ কৰে। চুহুংমুঙে শদিয়াৰ বৰনগৰত থাকি ফ্ৰাচেংমুঙ বৰগোহাঁই আৰু কিঙলুন ৰাজমন্ত্ৰীক চন্দনগিৰি লৈ আক্ৰমণ কৰিবলৈ পঠায়। আনহাতে কনচেং ধনুদাৰী গোহাঁইক কাচিতৰাৰ লগত যুঁজিবলৈ দৈথাং পৰ্বতলৈ পঠায়। চন্দনগিৰি পৰ্বতত উঠিবৰ কাৰণে আহোম সেনাই আপ্ৰাণ চেষ্টা চলাইও সফল নহয়। চুতীয়া সেনাই ওপৰৰ পৰা শিল বগৰাই আৰু দলিয়াই বহুতো আক্ৰমণকাৰীৰ বধ কৰে।

সেই সময়ত সতী সাধনী ৰাণী গৰ্ভৱতী আছিল। লগতে আছিল তেওঁৰ ১২-১৩ বছৰীয়া পুত্ৰ। সাধনীৰ লগৰ ১২০ গৰাকী কুঁৱৰীয়ে শিলা কুচাই বিৰোধী পক্ষৰ সৈনিকক মাৰে। আহোম সৈন্য চন্দনগিৰি পৰ্বতত উঠিবলৈ সক্ষম নহৈ পিছুৱাই আহিব লগাত পৰে আৰু এজন চুতীয়া সৈনিকক লগত ধৰি আনে। ইয়াৰ পাছত আক্ৰমণকাৰী সকলে ৰণনীতি কৰি পৰ্বতৰ তিনিফালে বেৰি ধৰিবলৈ লয়।

ফ্ৰাচেংমুঙ বৰগোহাঁই কিছু লোকক ঘিলা গছত উঠি ঢোল বজাবলৈ আদেশ দিয়ে। হয়তো এই সকল আগতে ধৰি অনা‌ চুতীয়া বন্দী আছিল। আগৰ দিনত ঢোল বজোৱাটো যুদ্ধত জয়ৰ প্ৰতীক আছিল। ঢোল বজাই বিজয়ৰ কথা জনাই দিয়া হয়। সেই বাবে পাহাৰৰ ওপৰত উঠি থকা ৰজা ৰাণীয়ে বিহুৰ বতৰত ঢোলৰ মাত শুনি বাহিৰলৈ উলাই আহে আৰু তিনিও ফালৰ পৰা শত্ৰুৰ আক্ৰমণৰ বলি হয়।

1000409978

নীতিপালে শত্ৰুৰ গালৈ কাড় মাৰিবলৈ লয় যদিও বিৰোধী পক্ষৰ জানমোঙখাম হাতীবৰুৱাৰ(ফু-কে-চং) কাড় লাগি মৃত্যু বৰণ কৰে। নাৰী বাহিনীৰ দুৰ্দান্ত আক্ৰমণৰ বাবে আহোমে চুতীয়া সকলক বলে নোৱাৰাত আহোম সেনাপতিয়ে চলনাৰ আশ্ৰয় লয়।

এই কৌশলী যুদ্ধত নীতিপালক আহোমসকলে হত্যা কৰিছিল। সাধনীক চুতীয়াসকলৰ অমূল্য সম্পদ কুবেৰপ্ৰদত্ত সম্পত্তি ঢাল, তৰোৱাল আৰু সোণৰ মেকুৰীসহ আত্মসমৰ্পণ কৰিবলৈ আহোম সেনাপতিয়ে আহ্বান জনায় আৰু সাধনীক ৰাজৰাণীও পতা হ’ব বুলি কোৱা হ’ল । কিন্তু কিন্তু তেনে সময়তে সাধনীয়ে চন্দনগিৰি পৰ্বতৰ পৰা জঁপিয়াই আত্মহত্যা কৰে।

প্ৰায় সংখ্যক বুৰঞ্জীত সাধনীয়ে আত্মবলিদান কৰিছিল বুলি আছে যদিও গোপাল চন্দ্ৰ বৰবৰুৱাৰ টাই ভাষাৰ বুৰঞ্জীত সতী সাধনীৰ গাত যাঠি লাগিছিল বুলি উল্লেখ আছে। যিকি নহওক এই তথ্য পৰাও ৰাণী সাধনীয়ে আত্মসমৰ্পন নকৰি শত্ৰুৰ বিৰুদ্ধে যুঁজ দিয়াৰ কথাহে পোহৰলৈ আনে, কাৰণ আত্মসমৰ্পন কৰা হ’লে তেওঁক যাঠি মাৰি আক্ৰমণ কৰা নহ’লহেঁতেন।

     প্ৰতিবছৰে ৭ ব’হাগত (২১ এপ্ৰিল) অসমত সতী সাধনী দিৱস উদযাপন কৰা হয়। এই দিনটোত অসমীয়া সমাজে সাহস আৰু আত্মত্যাগৰ প্ৰতীক সতী সাধনীক সশ্ৰদ্ধ স্মৰণ কৰে। সতী সাধনী চুতীয়া ৰাজ্যৰ শেষ ৰাণী, অসমৰ ইতিহাসত এক বীৰৰাণী হিচাপে স্মৰণীয়। ১৫২৪ চনৰ ৭ ব’হাগত দেশ আৰু জাতিৰ মৰ্যাদা ৰক্ষাৰ্থে, এই মহীয়ান নাৰীয়ে নিজৰ জীৱন উৎসৰ্গা কৰিছিল।

শত্ৰুৰ বিৰুদ্ধে অনমনীয় সাহসেৰে যুঁজাৰু সতী সাধনীৰ আত্মবলিদানৰ এই দিনটোত অসমবাসীয়ে তেওঁক গভীৰ শ্রদ্ধাৰে স্মৰণ কৰে। সতী সাধনীৰ বীৰত্ব আৰু আত্মত্যাগ অসমীয়া জাতিৰ গৌৰৱৰ অমৰ প্ৰতীক। তেওঁৰ দেশপ্ৰেম আৰু দৃঢ় সংকল্পই অসমীয়াক প্ৰতিবছৰে নতুন উৎসাহ আৰু গৌৰৱৰ স্মৃতি বঢ়াই দিয়ে।

অসম বুৰঞ্জীৰ বীৰাংগনা সতী সাধনী

(মনস্বিনী শৰ্মা এগৰাকী যুৱ লেখিকা)

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com(For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Monoswini Sarmah

Monoswini Sarmah

Related Posts

নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…
Health

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

by Sanghamitra Kashyap
September 14, 2026
0

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা সংঘমিত্ৰা কাশ্যপ আমাৰ সমাজখন বিজ্ঞান প্ৰযুক্তি আৰু স্বাস্থ্য সম্বন্ধীয় বহু ক্ষেত্ৰত আজি আগবাঢ়ি গৈছে।...

Read moreDetails
ভাৰতৰ বুৰঞ্জী আমাৰ দেশৰ বুৰঞ্জী নহয়

চিলাৰায় ! চিলাৰায় নাছিল কি!!

September 13, 2026
ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

September 13, 2026
Alap: A Heartfelt Initiative Restoring Joy to Senior Citizens by Hrishikesh Bharadwaj

Alap: A Heartfelt Initiative Restoring Joy to Senior Citizens by Hrishikesh Bharadwaj

September 12, 2026
From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence

From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence

September 11, 2026
চুনদকু

চুনদকু

September 10, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
COP 29 – Baku’s Role in Global Climate Action: A Model for the Future

COP 29 IN AZERBAIJAN

1
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
“Once Upon a Time”- Revisiting Oral Traditions of Assam

“Once Upon a Time”- Revisiting Oral Traditions of Assam

September 14, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

September 14, 2026
The Indigenous Guardians of the Death Zone

The Indigenous Guardians of the Death Zone

September 14, 2026
Tofu: The Humble Champion of Protein

Tofu: The Humble Champion of Protein

September 14, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40937 shares
    Share 16374 Tweet 10234
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    19186 shares
    Share 7674 Tweet 4797
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    4303 shares
    Share 1721 Tweet 1076
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    955 shares
    Share 382 Tweet 239
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    155 shares
    Share 62 Tweet 39
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4118 shares
    Share 1647 Tweet 1030
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    319 shares
    Share 128 Tweet 80
  • Neeb Karori Baba : An Avadhuta of the Highest Order

    398 shares
    Share 159 Tweet 100
  • Attending RAI’S Class

    101 shares
    Share 40 Tweet 25
  • Afghanistan Five Years under the Taliban: Economic Collapse at the Household Level and a Deepening Human Crisis

    95 shares
    Share 38 Tweet 24
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d