অসম বুৰঞ্জীৰ বীৰাংগনা সতী সাধনী

ঐতিহাসিক অসমৰ চুতীয়া ৰাজ্য আছিল ত্ৰয়োদশ শতিকাত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে দিকৰাই নদী আৰু দক্ষিণ পাৰে দিচাং নদীৰ মাজত গঠন হোৱা এক বিশাল সাম্ৰাজ্য। ১১৮৭ চনত বীৰপালে শদিয়াত ৰাজধানী পাতি উত্তৰ-পূব অসম আৰু অৰুণাচলৰ কিছু অঞ্চল লৈ চুতীয়া ৰাজ্য স্থাপন কৰিছিল।
স্থানীয় জনজাতিসকলৰ মাজত চুতীয়াসকল অন্যতম। চুতীয়াসকল কছাৰী গোষ্ঠীৰ লোক আছিল আৰু এটা সময়ত তিব্বত-বাৰ্মীজ ভাষা ব্যৱহাৰ কৰিছিল। সাম্প্ৰতিক কালত চুতীয়াসকলে অসমীয়া ভাষা ব্যৱহাৰ কৰে।

চুতীয়া সাম্ৰাজ্যৰ শেষৰজন ৰজা আছিল ‘ধৰ্মধবজপাল’। এই ধৰ্মধবজপালৰ জীয়েক আছিল সতী সাধনী। সতী সাধনীৰ জন্ম ১৫ শতিকাৰ শেষ ভাগত হৈছিল বুলি অনুমান কৰা হয় । সন্তান লাভৰ কাৰণে ঈশ্বৰৰ আগত সাধনা কৰাৰ বাবে পিতৃ ধীৰনাৰায়ণে তেওঁক “সাধনী” নাম দিছিল। তেওঁৰ আন এটা নাম আছিল “তেজা”।
ধৰ্মধবজপালে জীয়েক সাধনীৰ বিবাহৰ বাবে উপযুক্ত পাত্ৰ নোপোৱাত সয়ম্বৰ সভাৰ আয়োজন কৰিলে আৰু চৰ্ত ৰাখিলে যে যিয়ে গছৰ ওপৰত থকা কেৰ্কেটুৱালৈ কাঁড় মাৰিব পাৰিব সিয়ে জয়ী হৈ সতী সাধনীক বিয়া কৰাব পাৰিব।
কিন্তু এই ক্ষেত্ৰত কোনোজনে সফল নোহোৱাত ৰজাই তেওঁৰ ৰাজসভাৰ লিগিৰা ‘নিতাই’ক কেৰ্কেটুৱালৈ কাঁড় মাৰিবলৈ ক’লে। ৰজাৰ আদেশ অমান্য কৰিব নোৱাৰি নিতায়ে গছৰ কেৰ্কেটুৱালৈ কাঁড় মাৰি সফল হ’ল আৰু ৰজাৰ কথা মতে সতী সাধনীক বিয়া কৰালে।
১৫২০ চনৰ দিহিঙমুখ যুদ্ধত(বৰ্তমানৰ পশ্চিম মাজুলী অঞ্চল) ধীৰনাৰায়ণৰ সেনাই আহোম সেনাপতি খেনমোঙক পৰাস্ত কৰি বিজয়ী হয় আৰু ইয়াৰ পাছতে হাবুং অঞ্চল (বৰ্তমান ঢকোৱাখনা) ব্ৰাহ্মণক ভূমি দান কৰি সাধনী আৰু নিতাইক ৰাজ্য ভাৰ দিয়ে। ইয়াৰ পাছত ৰজা হৈ নিতায়ে ‘নীতিপাল’ নাম লয়। নীতিপাল ৰজা হোৱাৰ বাবে চুতীয়া ৰজাৰ বংশধৰসকলৰ মাজত ঈৰ্ষাৰ সৃষ্টি হয়। তেওঁলোকে নীতিপালক ৰাজভাৰৰ পৰা আঁতৰাবলৈ ষড়যন্ত্ৰ ৰচিবলৈ ধৰিলে।
এই ক্ষেত্ৰত বিশেষকৈ জড়িত আছিল ধৰ্মধবজপালৰ ভায়েক সুৰধবজপাল। কিন্তু নীতিপালে তেওঁৰ শক্তিশালী চোৰাংচোৱাৰ পৰা সকলো ষড়যন্ত্ৰৰ খবৰ লাভ কৰাৰ বাবে নিজকে ষড়যন্ত্ৰসমূহৰ পৰা বচাই ৰাখিব পাৰিছিল।
লাহে লাহে নীতিপালে তেওঁৰ ৰাজসভাৰ পাত্ৰ-মন্ত্ৰীৰ পদসমূহ ৰজাৰ বংশধৰসকলক দিয়াৰ সলনি নিজৰ সাধাৰণ চুতীয়া বংশৰ মানুহক দিবলৈ ধৰিলে। ফলত নীতিপালৰ শাসনভাৰ শিথিল আৰু দুৰ্বল হৈ আহিবলৈ ধৰিলে। দোষ-গুণৰ সুবিচাৰ নকৰি হকে- বিহকে প্ৰজাৰ ওপৰত উৎপীড়ন চলোৱাৰ বাবেই নীতিপাল প্ৰজাৰ মাজত অনীতিপাল বুলি খ্যাত হৈ পৰিল।

নীতিপালৰ দুৰ্বল শাসনৰ বতৰা পাই আহোম ৰজা চুহুংমুঙে চুতীয়া ৰাজ্য আক্ৰমণ কৰে। চুহুংমুঙে শদিয়াৰ বৰনগৰত থাকি ফ্ৰাচেংমুঙ বৰগোহাঁই আৰু কিঙলুন ৰাজমন্ত্ৰীক চন্দনগিৰি লৈ আক্ৰমণ কৰিবলৈ পঠায়। আনহাতে কনচেং ধনুদাৰী গোহাঁইক কাচিতৰাৰ লগত যুঁজিবলৈ দৈথাং পৰ্বতলৈ পঠায়। চন্দনগিৰি পৰ্বতত উঠিবৰ কাৰণে আহোম সেনাই আপ্ৰাণ চেষ্টা চলাইও সফল নহয়। চুতীয়া সেনাই ওপৰৰ পৰা শিল বগৰাই আৰু দলিয়াই বহুতো আক্ৰমণকাৰীৰ বধ কৰে।
সেই সময়ত সতী সাধনী ৰাণী গৰ্ভৱতী আছিল। লগতে আছিল তেওঁৰ ১২-১৩ বছৰীয়া পুত্ৰ। সাধনীৰ লগৰ ১২০ গৰাকী কুঁৱৰীয়ে শিলা কুচাই বিৰোধী পক্ষৰ সৈনিকক মাৰে। আহোম সৈন্য চন্দনগিৰি পৰ্বতত উঠিবলৈ সক্ষম নহৈ পিছুৱাই আহিব লগাত পৰে আৰু এজন চুতীয়া সৈনিকক লগত ধৰি আনে। ইয়াৰ পাছত আক্ৰমণকাৰী সকলে ৰণনীতি কৰি পৰ্বতৰ তিনিফালে বেৰি ধৰিবলৈ লয়।
ফ্ৰাচেংমুঙ বৰগোহাঁই কিছু লোকক ঘিলা গছত উঠি ঢোল বজাবলৈ আদেশ দিয়ে। হয়তো এই সকল আগতে ধৰি অনা চুতীয়া বন্দী আছিল। আগৰ দিনত ঢোল বজোৱাটো যুদ্ধত জয়ৰ প্ৰতীক আছিল। ঢোল বজাই বিজয়ৰ কথা জনাই দিয়া হয়। সেই বাবে পাহাৰৰ ওপৰত উঠি থকা ৰজা ৰাণীয়ে বিহুৰ বতৰত ঢোলৰ মাত শুনি বাহিৰলৈ উলাই আহে আৰু তিনিও ফালৰ পৰা শত্ৰুৰ আক্ৰমণৰ বলি হয়।

নীতিপালে শত্ৰুৰ গালৈ কাড় মাৰিবলৈ লয় যদিও বিৰোধী পক্ষৰ জানমোঙখাম হাতীবৰুৱাৰ(ফু-কে-চং) কাড় লাগি মৃত্যু বৰণ কৰে। নাৰী বাহিনীৰ দুৰ্দান্ত আক্ৰমণৰ বাবে আহোমে চুতীয়া সকলক বলে নোৱাৰাত আহোম সেনাপতিয়ে চলনাৰ আশ্ৰয় লয়।
এই কৌশলী যুদ্ধত নীতিপালক আহোমসকলে হত্যা কৰিছিল। সাধনীক চুতীয়াসকলৰ অমূল্য সম্পদ কুবেৰপ্ৰদত্ত সম্পত্তি ঢাল, তৰোৱাল আৰু সোণৰ মেকুৰীসহ আত্মসমৰ্পণ কৰিবলৈ আহোম সেনাপতিয়ে আহ্বান জনায় আৰু সাধনীক ৰাজৰাণীও পতা হ’ব বুলি কোৱা হ’ল । কিন্তু কিন্তু তেনে সময়তে সাধনীয়ে চন্দনগিৰি পৰ্বতৰ পৰা জঁপিয়াই আত্মহত্যা কৰে।
প্ৰায় সংখ্যক বুৰঞ্জীত সাধনীয়ে আত্মবলিদান কৰিছিল বুলি আছে যদিও গোপাল চন্দ্ৰ বৰবৰুৱাৰ টাই ভাষাৰ বুৰঞ্জীত সতী সাধনীৰ গাত যাঠি লাগিছিল বুলি উল্লেখ আছে। যিকি নহওক এই তথ্য পৰাও ৰাণী সাধনীয়ে আত্মসমৰ্পন নকৰি শত্ৰুৰ বিৰুদ্ধে যুঁজ দিয়াৰ কথাহে পোহৰলৈ আনে, কাৰণ আত্মসমৰ্পন কৰা হ’লে তেওঁক যাঠি মাৰি আক্ৰমণ কৰা নহ’লহেঁতেন।
প্ৰতিবছৰে ৭ ব’হাগত (২১ এপ্ৰিল) অসমত সতী সাধনী দিৱস উদযাপন কৰা হয়। এই দিনটোত অসমীয়া সমাজে সাহস আৰু আত্মত্যাগৰ প্ৰতীক সতী সাধনীক সশ্ৰদ্ধ স্মৰণ কৰে। সতী সাধনী চুতীয়া ৰাজ্যৰ শেষ ৰাণী, অসমৰ ইতিহাসত এক বীৰৰাণী হিচাপে স্মৰণীয়। ১৫২৪ চনৰ ৭ ব’হাগত দেশ আৰু জাতিৰ মৰ্যাদা ৰক্ষাৰ্থে, এই মহীয়ান নাৰীয়ে নিজৰ জীৱন উৎসৰ্গা কৰিছিল।
শত্ৰুৰ বিৰুদ্ধে অনমনীয় সাহসেৰে যুঁজাৰু সতী সাধনীৰ আত্মবলিদানৰ এই দিনটোত অসমবাসীয়ে তেওঁক গভীৰ শ্রদ্ধাৰে স্মৰণ কৰে। সতী সাধনীৰ বীৰত্ব আৰু আত্মত্যাগ অসমীয়া জাতিৰ গৌৰৱৰ অমৰ প্ৰতীক। তেওঁৰ দেশপ্ৰেম আৰু দৃঢ় সংকল্পই অসমীয়াক প্ৰতিবছৰে নতুন উৎসাহ আৰু গৌৰৱৰ স্মৃতি বঢ়াই দিয়ে।

(মনস্বিনী শৰ্মা এগৰাকী যুৱ লেখিকা)
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com(For Assamese article, Unicode font is necessary) Images from different sources.