অসম সাহিত্য সভাই জাতীয় সংগঠনৰ মৰ্য্যদা হেৰুৱাব নেকি?
যুগান্ত বায়ন

অসমীয়া জাতীয় জীৱনৰ অভিভাৱক স্বৰূপ অসম সাহিত্য সভাৰ বাৰপুজীয়া অধিৱেশনে অতি সম্প্ৰতি জাতীয় জীৱনৰ প্ৰতিটো মূহুৰ্ততে বিভিন্ন জ্বলন্ত সমস্যাই জৰ্জৰিত কৰি ৰখাৰ অতি স্পৰ্শকাতৰ সময়তেই এই সমস্যাসমূহ সমাধান কৰা আৰু মাতৃ ভাষাৰ প্ৰতি অহা সংকট সম্পৰ্কত কোনো ধৰণৰ স্পষ্ট নীতি নিৰ্দেশনাৰ বাৰ্তা অসমীয়া ৰাইজৰ মাজলৈ লৈ যোৱাৰ ক্ষেত্ৰত অসম সাহিত্য সভা ব্যৰ্থ হোৱাৰ বাতৰিয়ে সচেতন ৰাইজক সংকিত কৰি তোলাৰ লগতে এনে কাৰ্য্যই জাতীয় জীৱনৰ ভৱিষ্যতৰ প্ৰতি এক অশনি সংকেত কঢ়িয়াই আনিছে।

অসম সাহিত্য সভাৰ শেহতীয়া বাৰপুজীয়া অধিৱেশনে ৰাজ্যখনৰ অতি জ্বলন্ত সমস্যা অসমীয়া জাতীয় জীৱন আৰু মাতৃ ভাষাৰ দুৰ্দশাৰ বাহক জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন, লোকপিয়লত খিলঞ্জীয়া ভাষাৰ অস্তিত্বৰ সংকট আৰু শেহতীয়াকৈ মাতৃ ভাষা মাধ্যমৰ উচ্চ প্ৰাথমিক বিদ্যালয় পৰ্য্যায়ত বিজ্ঞান আৰু গণিত বিষয় দুটা ইংৰাজী ভাষাত বাধ্যতামূলক কৰি অসম চৰকাৰে গ্ৰহণ কৰা মাতৃ ভাষা বিৰোধী স্থিতিৰ ক্ষেত্ৰত সাহিত্য সভাই কোনো ধৰণৰ সুস্থিৰ সিদ্ধান্ত গ্ৰহণ কৰি জাতিটোক এক সঠিক আৰু শুদ্ধ পথৰ সন্ধান দিব নোৱাৰা কাৰ্য্যই অসম সাহিত্য সভাই জাতীয় দায়িত্ব পালনত সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে।
কিন্তু অতি দুৰ্ভাগ্যৰ বিষয় যে, সাহিত্য সভাৰ প্ৰতিনিধি সভাই এই অতি গুৰুত্বপূৰ্ণ আৰু স্পৰ্শকাতৰ বিষয়কেইটা সন্দৰ্ভত কোনো ধৰণৰ প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ সমৰ্থ নোহোৱাত বিপৰীতে সভাৰ প্ৰধান সম্পাদকগৰাকীয়ে সংবাদ মাধ্যমৰ আগত মাধ্যম বিতৰ্ক আৰু নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰি অসম চৰকাৰৰ তেনে সিদ্ধান্তৰ বিৰোধিতা কৰি সাহিত্য সভাৰ দুমুখীয়া চৰিত্ৰ উদঙাই দি গোটেই সভাখনেই এক সন্দেহজনক স্থিতিলৈ লৈ গৈছে।
সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টোৰ ক্ষেত্ৰতো সভাৰ সভাপতিগৰাকীয়ে সাহিত্য সভা এক অৰাজনৈতিক সংগঠন বুলি কৈ বিষয়টোৰ পৰা আঁতৰি থকাৰ স্থিতি গ্ৰহণ কৰাৰ বিপৰীতে সম্পাদকগৰাকীয়ে সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়াটোক সমৰ্থন জনাইছিল। এনেধৰণৰ স্ববিৰোধী স্থিতি গ্ৰহণ কৰি সাহিত্য সভাই ক্ৰমান্বয়ে জাতীয় সংগঠনৰ গৰিমা হেৰুৱাবলৈ আগবঢ়া কাৰ্য্য অসমৰ জাতীয় জীৱনৰ বাবে অতি পৰিতাপৰ বিষয়।

আনহাতে অতি দুৰ্ভাগ্যৰ বিষয় যে, সদ্য সমাপ্ত বিশেষ বাৰপূজীয়া অধিৱেশনৰ বিভিন্ন কাৰ্য্যসূচীত মঞ্চত উপবিষ্ট লোকতকৈ দৰ্শক-শ্ৰোতাৰ সংখ্যা অতি তাকৰিয়া হোৱাত জাতীয় সংগঠনটো ক্ৰমাৎ ৰাইজৰ মাজৰ পৰা আঁতৰি যোৱাৰ এক সংকেত কঢ়িয়াই আনিছে।

সভাৰ কাণ্ডাৰী আৰু আদৰণীয় সমিতিৰ অনৈক্যৰ বাবে হোৱা ব্যাপক অব্যৱস্থাই সভাৰ শৃংখলাহীন চিত্ৰখনক অতি দৃষ্টিকটুভাৱে ৰাইজৰ মাজত উদঙাই দিছে। এনে পৰিস্থিতি অব্যাহত থাকিলে অসম সাহিত্য সভা নামৰ এই জাতীয় সংগঠনটো অসমৰ ৰাইজৰ বাবে “বোজা” হিচাপে পৰিগণিত হ’ব।
অসম সাহিত্য সভাৰ নেতৃত্বই অনান্য জনগোষ্ঠীয় সাহিত্য সভাৰ কাৰ্যাৱলীক অধ্যয়ন কৰক। নিজকে জাতিটোৰ একমাত্ৰ অভিভাৱক হিচাপে গণ্য কৰাৰ মানসিকতা ত্যাগ কৰক।
সাহিত্য সভাৰ অধিৱেশনৰ সাংস্কৃতিক অনুষ্ঠানত যেতিয়া “বোকা নৃত্য“ৰ প্ৰয়োভৰ ঘটে তেতিয়া আৰু অনুষ্ঠানটোৰ জাতীয় সংগঠন হৈ থকাৰ অধিকাৰ নাথাকে। সময় থাকোঁতেই নেতৃত্বই দেৱালৰ লিখনি পঢ়িবলৈ চেষ্টা কৰক।

যুগান্ত বায়ন/ ৮৮৭৬৪১৫০৮৯
Images from different sources
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)