• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, September 9, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Literature

১৯৩৫: অসম সাহিত্য সভাৰ বাৰ্ষিক সন্মিলনৰ অভ্যৰ্থনা সমিতিৰ সভাপতিৰ অভিভাষণ, তেজপুৰ

ASSAMESE SECTION/ Literature

by Anjan Sarma
January 23, 2025
in Literature, Special Report
Reading Time: 5 mins read
0
১৯৩৫: অসম সাহিত্য সভাৰ বাৰ্ষিক সন্মিলনৰ অভ্যৰ্থনা সমিতিৰ সভাপতিৰ অভিভাষণ, তেজপুৰ
Share on FacebookShare on TwitterShare on LinkedIn

অসম সাহিত্য সভা

Asom Sahitya Sabha

•শ্ৰীআনন্দচন্দ্ৰ আগৰৱালা

•তেজপুৰ

।২৯ চ’ত ১৮৫৭ শঁক।

( অসম সাহিত্য সভাৰ ষষ্ঠদশ বাৰ্ষিক সন্মিলনৰ অভ্যৰ্থনা সভাপতিৰ অভিভাষণ)

           ।।স্বাগতম্।।

‘যো দেবোগ্নৌ যোহপ্সু,

 যো বিশ্বং ভুৱনমাবিৱেশ।

যো ওষধীষু যো বনস্পতিষু

 তস্মৈ দেৱায় নমো নমঃ॥”

মাতৃভাষাৰ সেৱক-সেৱকিনীসকল আৰু দৰ্শকমণ্ডলী,

 আজি আমাৰ পৰম সৌভাগ্য যে অসম মাতৃৰ গুণী-জ্ঞানী-সন্তান সকলক, মাতৃ পূজাৰ পূজাৰীসকলক এই প্ৰাচীন ইতিহাস—পুৰাণ- প্ৰসিদ্ধ প্ৰাকৃতিক সৌন্দৰ্য্য বিভূষিত পুণ্যভূমি শোণিতপুৰ, তেজোৱতী হাটকেশ্বৰপুৰ বা তেজপুৰ নগৰত, মহাবাহু লৌহিত্যৰ পাৰত, সেৱা- সৎকাৰ কৰিবলৈ সুযোগ পাইছোঁ। আপোনাসকলক এই জাতীয় যজ্ঞলৈ আহ্বান কৰি আনি যথাযোগ্যভাৱে আলপৈচান ধৰাত আমাৰ অক্ষমতাৰ বাবে অনেক দোষ ত্ৰুটি হব পাৰে। আশা কৰো, নিজ উদাৰতা গুণে আমাৰ সকলো দোষ ত্ৰুটি মাৰ্জ্জনা কৰি আমাক বন্ধুত্বৰ প্ৰাণৰ পৰশ দি কৃতাৰ্থ কৰিব। তেজপুৰীয়া ৰাইজৰ হৈ আৰু সেই ৰাইজৰ দ্বাৰা গঠিত অভ্যৰ্থনা সমিতিৰ হৈ মই আপোনাসকলক নতশিৰে স্বাগত সম্ভাষণ আৰু ওলগ জনাইছোঁ। আপোনাসকলক দুই দিনলৈ হলেও আমাৰ মাজত পাই অমি নিজক ধন্য মানিছোঁ। মঙ্গলময় পৰমেশ্বৰৰ চৰণত প্ৰাৰ্থনা কৰিছোঁ তেওঁৰ কৃপাত আৰু আপোনালোকৰ সমবেত চেষ্টাত অসম সাহিত্য সভাৰ এই যষ্ঠদশ সম্মিলন যেন সাফল্য-মণ্ডিত হয়।

 আপোনাসকলে বোধকৰোঁ জানে যে ইংৰাজী ১৯১৭ চনৰ ডিছেম্বৰ মাহত বৰদিনৰ বন্ধত শিৱসাগৰত অসম এছোছিয়েছনৰ সম্মিলন হয়। সেই সুযোগতে শিৱসাগৰৰ সাহিত্যনুৰাগী লোক সকলে অসম এছোছিয়েছনৰ সভা-মণ্ডপত এখন সাহিত্য সম্মিলন পাতে। সাহিত্যিক প্ৰৱৰ ৰায় বাহাদুৰ শ্ৰীযুত পদ্মনাথ গোহাঞি বৰুৱা এই সম্মিলনৰ সভাপতি আছিল। এই সম্মিলনৰ সুফল স্বৰূপে “অসম সাহিত্য সভা”ৰ জন্ম হয় আৰু ১৯১৮ চনৰপৰা ৰীতিমতে সভাৰ কাৰ্য্য আৰম্ভ হয়। অসম এছোছিয়েছনৰ সম্মিলনৰ লগতে অসম সাহিত্য সভাৰ দ্বিতীয় সম্মিলন ১৯১৮ চনত গোৱালপাৰাত, তৃতীয় সম্মিলন ১৯১৯ চনত বৰপেটাত আৰু চতুৰ্থ সম্মিলন ১৯২০ চনত আমাৰ তেজপুৰ নগৰত বহে। প্ৰবীন সাহিত্যিক প্ৰত্নতত্ত্ববিদ পণ্ডিত ৺হেমচন্দ্ৰ গোস্বামী এই চতুৰ্থ সম্মিলনৰ সভাপতি আছিল। আজি ১৫ বছৰৰ মূৰত আকৌ ইয়াত ষষ্ঠদশ সন্মিলন পাতিবলৈ পাই আমি নথৈ সন্তোষ পাইছোঁ। যোৱা বৰদিনৰ বন্ধতে সন্মিলন পাতিবলৈ যো-যা কৰা হৈছিল। দুখৰ বিষয়, নানা কাৰণত সেইটো হৈ নুঠিল। এই ইষ্টাৰৰ বন্ধত ৰঙ্গালি চ’তৰ বিহুক আগত লৈ ১৮৬৭ শকক বিদায় দিয়াৰ লগে লগে এই সন্মিলন আহ্বান কৰা হল। আগেয়েও ৫ম সন্মিলন যোৰহাট নগৰত ইষ্টাৰৰ বন্ধতে বহিছিল। অসম সাহিত্য সভাৰ এই অধিবেশনক ষষ্ঠদশ বোলা হৈছে যদিও প্ৰকৃতপক্ষে সভাৰ বয়স এতিয়া ১৮ বছৰ পাৰ হৈ গৈছে। কবলৈ গলে এই সভাই এতিয়া তৰুণ অৱস্থা পাইছেহি। শিশু অৱস্থাৰ পৰা যি সকল স্বদেশ-প্ৰেমিক লোকে এই সভাক তুলি তালি বৰ্ত্তমান অৱস্থা পোৱাইছেহি, সেই সকল ধন্যবাদৰ পাত্ৰ, সেই সকলৰ ভিতৰত দান শীল ৰায় বাহাদুৰ শ্ৰীযুত ৰাধাকান্ত সন্দিকৈ ডাঙৰীয়াৰ বদান্যতা আৰু দিহা পৰামৰ্শ আৰু অক্লান্তকৰ্মী সু-সাহিত্যিক শ্ৰীযুত শৰৎ চন্দ্ৰ গোস্বামী দেৱৰ অদম্য উদ্যম আৰু কাৰ্য্য- কুশলতা লেখত লব লবলগীয়া। আশাকৰোঁ অসম সাহিত্য-সভাৰ বুৰঞ্জীত তেখেত সকলৰ নাম যাউতী-যুগীয়া হৈ থাকিব আৰু অসমীয়া মাত্ৰেই সকৃতজ্ঞচিত্তে তেখেত সকলৰ গুণ চিৰকাল সুৱঁৰিব।

 অসমীয়া ভাষা আৰু সাহিত্যৰ সৰ্ব্বাঙ্গীন উন্নতি কৰাই অসম সাহিত্য-সভাৰ ঘাই উদ্দেশ্য। সেই উদ্দেশ্য সাধনৰ অৰ্থে যোৱা ১৯১৮ চনৰ পৰা এতিয়ালৈকে সভাই যি যি কাৰ্য্য কৰিছে তাৰ এটা চমু বিবৰণ সভাৰ পত্ৰিকাত ওলাব বুলি আমি আশা কৰিলো।

 তেজপুৰ দৰং জিলাৰ সদৰ ঠাই। এই জিলাৰ মঙ্গলদৈ মহকুমাত যোৱা বছৰ সাহিত্য সন্মিলন বহিছিল।

 সংস্কৃত দ্যৌঃ+অঙ্গ শব্দৰ পৰা দৰং শব্দ উৎপত্তি হোৱা বুলি মনে ধৰে। “দ্যৌঃ” শব্দৰ অৰ্থ স্বৰ্গভূমি। সায়ানাচাৰ্য্যই অথৰ্ব্ব বেদৰ ভাষ্যত এঠাইত কৈছে —

 “হিমবৎ শিৰঃ প্ৰদেশ এব স্বৰ্গভূমিৰিতি প্ৰসিদ্ধঃ।” অৰ্থাৎ হিমালয় পৰ্ব্বতৰ শীৰ্ষদেশেই স্বৰ্গভূমি। হিমালয়ৰ ঠাল ঠেঙ্গুলি স্বৰূপ অসমৰ পৰ্ব্বত বিলাক হিমালয় বা দ্যৌঃ অঙ্গ। হিমালয় প্ৰদেশৰ ভিতৰত আসামৰ দৰং জিলাও পৰে।

 হিমালয় প্ৰদেশ বা দ্যৌত কশ্যপ ঋষিৰ বৰপুতেক হিৰণ্যকশিপুৱে ৰাজত্ব কৰিছিল। দিতিৰ গৰ্ভত জন্ম লোৱা বাবে তেওঁক দৈত্য বলে। নৰসিংহ বিষ্ণুৱে তেওঁক বধ কৰে। তেওঁৰ পুতেক মহাভক্ত প্ৰহ্লাদ। প্ৰহ্লাদৰ পুতেক বিৰোচন। বিৰোচনৰ পুতেক বলি। বলি মহাদানী আৰু বীৰ আছিল। বামণ অৱতাৰত ভগবান বিষ্ণুৱে তেওঁক ছলনা কৰি পাতাললৈ পঠাই দিয়ে। স্বৰ্গভূমিৰ পদতলত থকা ভূখণ্ডৰ নাম পাতাল। পাতালত ভোগবতী গঙ্গা আছে। এই ভোগৱতী গঙ্গাৰ নাম পাছত ভোগলীয়া বোগলীয়া হৈ এতিয়া বৰাক বা কুশিয়াৰাত পৰি- ণত হৈছে যদিও বদৰপুৰৰ ওচৰত এতিয়াও এই নদী খনক বোগলীয়া বোলে, সুৰমা উপত্যকা আৰু চট্টগ্ৰাম বিভাগেই পৌৰাণিক যুগৰ পাতাল। চট্টগ্ৰাম জিলাত এতিয়াও পাতাল শব মে শিৱৰ দেৱালয় আছে। বলিৰ পুতেক বান পৰম শিৱভক্ত আছিল। তেওঁ শিৱক তপস্যা কৰি পিতৃৰাজ্য শোণিতপুৰ ঘূৰাই পাই তাত ৰাজত্ব কৰে। এই ৰাজ্য অতি পুণি আৰু প্ৰসিদ্ধ। ইয়াত গ্ৰস্তণ যুগৰ শিলৰ অস্ত্ৰ-শস্ত্ৰ পোৱা গৈছে।

  শোণিতপুৰ ৰাজ্যৰ ভিতৰত এতিয়াৰ লক্ষীমপুৰ মহকুমা, ইয়াৰ উত্তৰে থকা দফলা, অকা আৰু ভোটৰ পৰ্ব্বত শাৰীও পৰিছিল। দফলা পৰ্ব্বত শাৰীৰ মাজত নাটক নামে পৰ্ব্বতত শঙ্কৰৰ মহাশ্ৰম আছিল। তাত তেওঁ নটৰাজৰূপে দেৱতা সকলৰ সৈতে নৃত্যবাদন কৰিছিল। নাটক পৰ্ব্বতৰ নামনিত মানস সৰোবৰৰ নিচিনা এটি মনোহৰ সৰোবৰ আছে। তাৰ চাৰিফলৰ পৰআ ভট্টালিকা (ভৰলী) দিক্কৰিকা (দিকৰাই) বৃদ্ধগঙ্গ। (বুঢ়িগাং আৰু স্বৰ্ণবহা (বৰগাং) এই চাৰিখন নৈ বৈ আহি ব্ৰহ্মপুত্ৰত পৰিছে। “দ্যৌ” আৰু প্লৱ এই দুটা শব্দ লগ লাগি “দ্যৌপ্লৱ” হৈ শেষত “দফলা” হৈছে বুলি বোধ হয়। “প্লৱ” বুলিলে এজাতি মানুহ বুজায়। সম্ভবতঃ দফলাবিলাক মহাদেৱৰ অনুচব গুহ আছিল। বৃদ্ধগঙ্গাৰ মুখত উমানত উমাই শিৱক স্বামীৰূপে পাবৰ কাৰণে তপস্যা কৰিছিল। শিৱই সেই বৃদ্ধগঙ্গাৰ মুখত যি ঠাই ৩ উমাক দৰ্শন কৰিছিল

সেই ঠাইকে বিশ্বনাথ বোলে। “কালিকা পুৰাণত” আছে –

“বৃদ্ধ গঙ্গাজলস্যান্তস্তীৰে ব্ৰহ্মসুতস্য বৈ।

বিশ্বনাথহ্বয়ো দেৱঃ শিৱলিঙ্গসমন্বিত:॥”

সেই ঠাই বাৰিষা পানীৰ তলত ডুবি থাকে। উমাবনৰ বৰ্ত্তমান নাম উমা-টুমণি। বিশ্বনাথৰ বিশ্বশৈলত চণ্ডীৰ দেৱালয় আৰু উমা-টুমণিত উমাৰ দেৱালয় আছে। দক্ষ-যজ্ঞত সতীয়ে প্ৰাণত্যাগ কৰিলত বিষ্ণুৱে চক্ৰৰ দ্বাৰাই সতীৰ অঙ্গ খণ্ড বিখণ্ড কৰি পেলালে। সতীৰ পদ দুটি শোণিতপুৰ নগৰৰ দেবীকূটত, উৰুযুগল শিলঘাটৰ ওচৰৰ উড্ৰিয়ান বা কামকূট পৰ্ব্বতত এতিয়াৰ “কামাখ্যা” নামে বোলা থকা ঠাইত আৰু স্তন দুটিৰ এটি বিশ্বনাথৰ চণ্ডী দেৱালয় থকা ঠাইত আৰু আনটি উমাদেৱালয় থকা ঠাইত পৰে। সেই বাবে সেইবিলাক ঠাই মহাপীঠ তীৰ্থ বুলি প্ৰসিদ্ধ।

  পুৰাণ আৰু তন্ত্ৰৰ পৰা জনা যায় যে শোণিতপুৰ নগৰত বাণ ৰজাৰ জিয়াৰী উষা দেবীৰ মঠ আছিল; এই নগৰৰ পূবে দেবীকূট তাৰ পূবে ৰূদ্ৰপদ আৰু কণ্যাশ্ৰম বা চ্যবনমুনিৰ ***(কিষ্কিন্ধ্যা) আৰু সোমকুণ্ড, তাৰ পূবে বিশ্বনাথ আৰু উমাবন। বিশ্বনাথেই বাণ ৰজাৰ গুপ্তকাশী। তাত ন কোটি শিৱলিঙ্গ থকা বুলি প্ৰবাদ আছে। চ্যবনমুনিৰ পালিতা কণ্যা কণ্যকাই যি ঠাইত শিৱক স্বামীৰূপে পাবৰ কাৰণে তপস্যা কৰি- ছিল, তাতে ৰূদ্ৰপদ আছে। এই ৰূদ্ৰপদ ভোমোৰাগুৰি পৰ্ব্বতৰ পূবে।

  হৰিবংশ পুথিত লিখা আছে যে আহ্বনীৰ (যজ্ঞৰ) অগ্নিয়ে শোণিত- পুৰ ৰক্ষা কৰি আছিল। “কালিকাপুৰাণত” লিখা আছে যে বাণাসুৰৰ নগৰ শোণিতপুৰত অগ্নিদুৰ্গ বা অগ্নিগড় আছিল। এতিয়াও ইয়াৰ লুইতৰ দাঁতিৰ Observatory Hill বা “পদ্মপাৰ্ক” বোলা পাহাড়টোক অগ্নিপৰ্ব্বত বোলে। বোধকৰো তেজপুৰৰ এই নৈ কাষৰীয়া পৰ্বত বিলা- কত একৰমকালি সততে যজ্ঞাগ্নি জ্বলি আছিল। “কুৰ্ম্মপুৰাণ” মতে এই আহবনীয়া অগ্নি অহৰহ প্ৰজ্বলিত হৈ তেজ বিস্তাৰ কৰি থকাৰ নিমিত্তে নগৰ খনৰ নাম তেজোৱতী আছিল। সেই পুৰাণে তেজো- ৱতীৰ যি ভৌগলিক স্থিতি নিৰূপণ কৰিছে তাৰ পৰা বুজা যায় যে তেজোৱতীয়েই শোণিতপুৰ। কালক্ৰমত তেজোৱতীৰ “তেজ আৰু শোণিতপুৰৰ “পুৰ” লগ লাগি এই নগৰৰ নাম তেজপুৰ হয়।

   বাণৰজাৰ উষা নামেৰে ভুবন মোহিনী কন্যা আৰু ইন্দ্ৰদমন নামে এটি পুত্ৰ আছিল। ভগবান শ্ৰীকৃষ্ণ আৰু ৰুক্মিনী দেবীৰ নাতি অনিৰুদ্ধ কেঁৱৰক উষাৰ সখীয়েক চিত্ৰলেখা দেবীয়ে যোগবিদ্যাৰ বলত সুদূৰ দ্বাৰকাৰ পৰা ইয়ালৈ লৈ আহে আৰু উষাৰ লগত মিলন কৰি দিয়ে। বাণৰজাই এই কথা জানিবলৈ পাই কোঁৱৰক বন্দি কৰি থয়। নাৰদৰ মুখে শ্ৰীকৃষ্ণই খবৰ পাই সসৈন্যে শোণিতপুৰলৈ আহে। পাছে তুমুল ৰণ হয়। বাণৰজাই শিৱত শৰণ লয়। শৰণাগতক ৰক্ষা কৰি নিমিত্তে শিৱই আহি ৰণত যোগ দিয়ে। এই ৰণকে হৰি-হৰ যুদ্ধ বোলে। শেষত উভয় পক্ষৰ ভিতৰত সন্ধি হয়, আৰু উষাক অনিৰুদ্ধ কোৱৰে বিয়া কৰাই দ্বাৰকালৈ লৈ যায়। যি ঠাইত এতিয়া তেজপুৰৰ কাছাৰি ঘৰ আছে তাতে উষাৰ মঠ বা কাৰেং আছিল বুলি কিংবদন্তি পৰা জনা যায়। ইং ১৯০৬ চনত কাছাৰি ঘৰটি বঢ়াই ডাঙ্গৰ কৰিবৰ নিমিত্তে ভেটিৰ মাটি খানেতে মাটিৰ তলত এটা পুৰনি শিলৰ ঘৰৰ ভগ্নাৱশেষ থকা জনা গৈছিল। বাণৰজাই স্থাপন আৰু পূজা কৰা মহা- ভৈৰৱ শিৱলিঙ্গ এই নগৰত আছে। শুনিবলৈ পাইছেোঁ ইমান ডাঙ্গৰ শিৱ- লিঙ্গ ভাৰতৰ আন কোনো প্ৰদেশত নাই। দেবীকূটৰ আগৰ শিল আৰু ইটাৰে সজা মন্দিৰ ভাগি গল। এতিয়া তাত মহাভাগা ভৈৰবী দেবীৰ দেৱালয় আছে। তেজপুৰৰ ভোমোৰাগুৰি পৰ্ব্বতৰ পৰা অকা পৰ্বতৰ ভালুকপেঙ দুৰ্গলৈকে এটা অতি পুৰনি গড় আছে। এই গড়টো বাণৰজাই কৰোৱা বুলি প্ৰবাদ আছে। আকৌ ভৈৰৱকুণ্ডৰ পৰা তিব্বতৰ লাছা নগৰ লৈকে যিটো পুৰনিকলীয়া বাট আছে সেইটোও হেনো বাণৰজাৰ দিনৰ এই জিলাৰ উত্তৰ ফালৰ পৰ্বতত থকা অঁকা বিলাকে নিজক বাণৰজাৰ নাতি ভালুকৰ বংশধৰ বুলি কয় আৰু “ৰুষ্য” জাতিৰ মানুহ বুলি চিনাকি দিয়ে। “ৰুষ্য” শব্দটো “ঋক্ষ” শব্দৰ অপভ্ৰংশ হব পায়। ঋক্ষ বুলিলে ভালুক বুজায়। কিন্তু আগৰ দিনত ঋক্ষ নামে এজাতি মানুহো আছিল। শ্ৰীকৃষ্ণৰ ভাৰ্য্যা জাম্বৱতী ঋক্ষকন্যা আছিল। যি ঠাইত ভালুকপেঙ দুৰ্গ আছে সেই পিনে অঁকা পৰ্ব্বতলৈ যোৱা বাট আছে। তাক ভালুক দুৱাৰ বুলিও কয়। সম্ভৱতঃ বাণৰজাৰ নাতি ভালুকে কোনো কাৰণত এই ফালৰ ৰাজ্য হেৰুৱাই অঁকা পৰ্ব্বতত আশ্ৰয় লৈছিল।

 “কালিকাপুৰাণৰ” ৩৯ আধ্যাত লিখা আছে যে প্ৰাগজ্যোতিষৰ ৰজা নৰকৰ লগত শোণিতপুৰৰ বাণবজাৰ অত্যন্ত মিত্ৰতা হোৱাত পৰ- স্পৰে পৰস্পৰৰ ঘৰলৈ অহা যোৱা কৰিবলৈ ধৰে; বাণৰজাৰ সংসৰ্গত পৰি নৰকে শিৱভক্ত হৈ অনেক বেদ-বিৰুদ্ধ কাৰ্য্য কৰি দেৱ ব্ৰাহ্মণাদিক অত্যাচাৰ কৰি ৰাজ্যৰ পৰা খেদি দিয়ে; দেৱতাসকলক জিনি দেৱমাতা অদিতিৰ কুণ্ডল হৰণ কৰে; ৰূপে গুণে ধন্য। ষোলহাজাৰ-দেৱকন্যাকো ধৰি আনি আটক কৰি ৰাখে। পাছে, শ্ৰীকৃষ্ণই নৰকক বধ কৰি তেওঁৰ পুতেক ভগদত্তক ৰজা পাতে। গিৰিৰাজ হিমালয়ৰ পৰা ওলোৱা কোকা নামে নদীৰ মুখত দিব্য বৰাহৰূপী বিষ্ণুৱে এক শ্ৰাদ্ধ যজ্ঞ কৰিছিল; তেওঁৰ ভাৰ্য্যা মহীময়ী ছাযাই সেই যজ্ঞৰ পিণ্ড ভোজন কৰি গৰ্ভাৱতী হয় আৰু কিছুদিনৰ পিছত সেই যজ্ঞ ভূমিতে এটি পুত্ৰ সন্তান প্ৰসৱ কৰে।

“ততোহস্যাঃ প্ৰাভৱৎ পুত্ৰোভৌমন্ত্বনৰকাসুৰঃ।

প্ৰাগজ্যোতিষঞ্চ নগৰমস্য দত্তঞ্চ বিষ্ণুনা ॥”

 সেই পুত্ৰই ভৌম নৰকাসুৰ। ব্ৰহ্মপুৰাণ ২১৯ আধ্যা। বিষ্ণুৱে তেওঁক প্ৰাগজ্যোতিষপুৰ দান কৰে।   ভূমিৰ গৰ্ভত বা যজ্ঞভূমিত জন্ম হোৱা বাবে নৰকাসুৰক আৰু তেওঁৰ বংশৰ ৰজা সকলক ভৌমনৃপতি বোলা হয়। কোকা নদী কৌশিকী বা কুশী নৈত পৰিছে “বৰাহ পুৰাণৰ” (১৪০ আধ্যা) মতে কোকা নৈৰ মুখত ভগবান বিষ্ণুৱে বৰাহ অৱতাৰত ভূমি উদ্ধাৰ কৰি তাত যজ্ঞ কৰিছিল। সেই বাবে ঠাই খনৰ নাম বৰাহ ক্ষেত্ৰ হয়। সাগৰৰ গৰ্ভৰ পৰা নকৈ ওলোৱা ঠাই গুণে সেই ভূখণ্ডক কৌশিকী কচ্ছ বুলিও কয়।

   প্ৰায় পাঁচ হেজাৰ বছৰৰ পূৰ্ব্বে কুৰুক্ষেত্ৰত মহাভাৰতৰ যুদ্ধ হৈছিল। প্ৰাগজ্যোতিষাধিপতি ভগদত্ত কৌৰৱৰ পক্ষে সেই যুদ্ধলৈ গৈ যুদ্ধক্ষেত্ৰত প্ৰাণত্যাগ কৰে। তেওিয়া তেওঁৰ পুতেক বজ্ৰদত্তই পিতৃ-সিংহাসন পায়। ভগদত্ত বা বজ্ৰদত্তৰ দিনতে শোণিতপুৰ ৰাজ্য প্ৰাগজ্যোতিষ বা কামৰূপৰ অন্তভুক্ত হৈছিল বুলি অনুমান কৰো। নৰক বংশৰ ৰজা সকলে অনেক শ বছৰ এই দেশত ৰাজত্ব কৰে। এই ৰজাসকলৰ যি যি তামৰ ফলি এই পৰ্য্যন্ত আবিষ্কাৰ হৈছে তাৰ পৰা জনা যায় যে তেওঁলোকে নিজক কোল-সুনু অৰ্থাৎ কোলৰূপী বিষ্ণুৰ সন্তান বুলি চিনাকি দিছিল। বৈদিক যুগত বংশৰ আদি পুৰুষৰ নামৰ পাছত “তা” বা “তি” প্ৰয়োগ কৰি বংশধৰ সকলে চিনাকি দিয়াৰ প্ৰথা আছিল। সেইমতে কোল-সুনু সকল কোলতা বুলি জনাজাত হয় আৰু কালক্ৰমে “কোলতা” শব্দই “কলিতা” হোৱা বুলি বোধ হয়। “কোল” বুলিলে বৰাহ বা বৰাহৰূপী বিষ্ণু বুজায়, এজাতি মানুহ বুজায়।

   মাননীয় ৰায় বাহাদুৰ শ্ৰীযুত কনকলাল বৰুৱা ডাঙ্গৰীয়াৰ “Early History of Kamarupa” পুঠিৰ ২৫ পিঠিত লিখা আছে –    “It may also be supposed that as the earliest Aryan colonists in Assam were the Kalitas, the kings of Naraka line were probably Aryan Kalitas.“

 প্ৰাগজ্যোতিষাধিপতি ভাস্কৰ বৰ্ম্মাৰ ৰাজত্বৰ কালত তেওঁৰ বংশৰ এজন ৰাজকোঁৱৰ এই তেজপুৰ অঞ্চলৰ শাসন কৰ্ত্তা আছিল। তেওঁৰ তলত অনেক ম্লেছ বা মেছ সেনা আছিল। তেওঁৰ সাহ আৰু পৰাক্ৰম দেখি আৰু তয়াময়া ৰণতো তেওঁক শাল গছৰ দৰে অটল দেখি সকলোৱে তেওঁক “শালস্তম্ভ” বুলিছিল। ভাস্কৰবৰ্ম্মা চিৰকুমাৰ আছিল। অনুমান ৬৫০ খৃষ্টাব্দত তেওঁ স্বৰ্গী হয। তেতিয়া অবন্তীবৰ্মা নামে এজন ৰাজ কোঁৱৰে প্ৰাগজ্যোতিষৰ সিংহাসন অধিকাৰ কৰে। শালস্তম্ভই তলে তলে সেই সিংহাসন পাবৰ কাৰণে যত্ন কৰে আৰু ছেগ চাই থাকে। তেওঁ তেজপুৰৰ দা-ধৰা পুখুৰীৰ চাৰিওকাষে তেওঁৰ সৈন্যবিলাকৰ বাহৰ কৰি তাৰ নাম জয়স্কন্ধাৱাৰ ৰাখে আৰু তাৰ পৰা কিছু দূৰত হাটকেশ্বৰ নামে সোন খটোৱা শিৱলিঙ্গ স্থাপন কৰি তাত নিতৌ শিৱপূজা কৰে। পাছে, অনুমান ৬৫৫ খৃষ্টাব্দত তেওঁ দা-ধৰা পুখুৰীত অ -শস্ত্ৰ ধৰাই লৈ সসৈন্যে গৈ প্ৰাগজ্যোতিষপুৰ অৱৰোধ কৰে আৰু অৱন্তী বৰ্ম্মাক বধ কৰি নিজে ৰাজপাট অধিকাৰ কৰে। তেওঁ প্ৰাগজ্যোতিষপুৰৰ পৰা ৰাজধানী তুলি আনি তেজপুৰত পাতে আৰু তেওঁৰ ইষ্টদেৱতা হাটকে-শ্বৰ শিৱৰ নামানুসাৰে ৰাজধানীৰ নাম হাটকেশ্বৰপুৰ ৰাখে। তেওঁৰ পিছত তেওঁৰ বংশৰ বিজয়, পালক কুমাৰ , বজ্ৰদেৱ, শ্ৰীহৰ্ষবৰ্ম্মা, দ্বিতীয় বলবৰ্ম্মা, প্ৰালম্ভ, হৰ্জ্জৰবৰ্মা, বনমাল বৰ্ম্মা, জয়মাল বা বীৰবাহু, তৃতীয় বলবৰ্ম্মা, দীপৰবৰ্ম্মা, ত্যাগসিংহ আদি ২০ জন ৰজাই একাদিক্ৰমে কামৰূপত ৰাজত্ব কৰে। “দশ কুমাৰ চৰিতত” লিখা কলিন্দবৰ্ম্মাও এই বংশৰে এজন ৰজা আছিল। এই সকলো ৰজাৰ দিনত হাটকেশ্বৰ বা তেজপুৰেই কামৰূপৰ ৰাজধানী আছিল। কামেশ্বৰ শিৱ আৰু ভগৱতী মহাগৌৰী তেওঁলোকৰ উপাস্য দেৱতা হলেও তেওঁলোকে বিষ্ণু,সূৰ্য্য আদি দেৱতাকো পূজিছিল। অনুমান ৯৮৫ খৃষ্টাব্দত ৰজা ত্যাগ-সিংহ অপুত্ৰক হৈ মৰাত তেওঁৰ বংশৰ ব্ৰহ্মপালে ৰাজপাটত বহি তেজপুৰৰ পৰা ৰাজধানী আকৌ গুৱাহাটীলৈ তুলি নিয়ে। প্ৰায় ৩০০ বছৰ তেজপুৰ কামৰূপ সাম্ৰাজ্যৰ ৰাজধানী আছিল।

 সংস্কৃত ভাষাত “হাটকম” বুলিলে সে ণ ব সোণেৰে নিৰ্ম্মাণ কৰা বস্তু বুজায়। “বামন পুৰাণত” হাটকেশ্বৰ নামে শিৱৰ উল্লেখ আছে। সম্ভৱতঃ হাটকেশ্বৰ শব্দই কালক্ৰমে হাৰপেশ্বৰ বা হাৰূপেশ্বৰ (হৰৰূপেশ্বৰ?) বা হলেশ্বৰত পৰিণত হয়। তেজপুৰত হলেশ্বৰ নামে এখন শিৱৰ দেৱালয় আছে। আকৌ সেই নামেৰে এখন মৌজাও আছে। এই নগৰৰ পৰা তিনিমাইলমান দূৰত কেতেকীবাৰী গাঁৱৰ তিনিমুনি বাটত অতি প্ৰাচীন কালৰ এটি প্ৰকাণ্ড শিৱলিঙ্গ থিয় দি আছে। তাৰ অলপ দূৰত এখন ওখ ঠাইত সেই শিৱলিঙ্গটিৰ শিলৰ বেদীখন আছে। তাৰ ওচৰতে এটা পুখুৰী। এনে বোধ হয়, কোনোবা মানুহে ধন-সোণৰ আশাত কোনোবা কালতে সেই শিৱলিঙ্গটি বেদীখনৰ পৰা দাঙ্গি আনি বৰ্ত্তমান ঠাইত হয়। এতিয়া বেদীৰ ভিতৰখন এটা নদৰ নিচিনা দেখা যায়। ইয়াত হেনো ধন-সোণ আছিল। এই শিৱলিঙ্গটিৰ গাত মূৰ্ত্তি কটা আছে আৰু ভালকৈ চালে এনে অনুমান হয় যে তাৰ গাত সোণ খটোৱা আছিল আৰু কোনোবাই যেন সোণবিলাক ৰুকি নিলে! এই শিৱলিঙ্গটিক কোনোৱে হাটকেশ্বৰ আৰু কোনোৱে কেত-কেশ্বৰ বুলি কয়। বোধকৰো এইটোৱেই শালস্তম্ভ ৰজাই স্থাপন কৰা হাটকেশ্বৰ শিৱলিঙ্গ। সি যি হওক, এই শিৱলিঙ্গটিক আকৌ পূৰ্ব্বৰ শিলৰ বেদীখনত স্থাপন কৰি দেৱালয়টিৰ পুনঃ প্ৰতিষ্ঠা কৰা হিন্দু সমাজৰ কৰ্ত্তব্য বুলি ভাবো। হলেশ্বৰ আৰু শুক্লেশ্বৰ দেৱালয় দুখনো শালস্তম্ভ বা তেওঁৰ বংশৰ কোনো ৰজাই স্থাপন কৰা বুলি বিশ্বাস হয়। চাৰি দুৱাৰৰ কলীয়া গোঁসাইৰ দেৱালয় কোনে কেতিয়া প্ৰতিষ্ঠা কৰিছিল জানিব পৰা নাই।

 তেজপুৰৰ ভোমোৰ গুৰি পৰ্বতৰ ওচৰৰ ৰূদ্ৰপদৰ পৰা ঔগুৰি পৰ্ব্বতৰ ভৈৰৱপদলৈকে ব্ৰহ্মপুত্ৰৰ কাষৰ সদায় ঠাই ঘুৰি হাটকেশ্বৰ নগৰ আছিল আৰু গোটেইখন পৰ্ব্বতীয়া গাওঁ সেই নগৰৰ অন্তৰ্ভুক্ত আছিল। এই গাওঁখনৰ প্ৰায় মানুহৰ ঘৰে ঘৰে যিবিলাক চটিয়া শিল, শিলৰ খুটা, লতা ফুল আৰু মূৰ্ত্তি থকা শিল দেখিবলৈ পোৱা যায়, সেইবিলাক ওপৰোক্ত ৰজাসকলৰ দিনৰ হাটকেশ্বৰপুৰৰ দৌল-দেৱালয় আদিৰ ভগ্নাৱশেষ বুলি বিশ্বাস হয়। ভাস্কৰবৰ্ম্মাই অধিকাৰ কৰা গৌড়, কৰ্ণ, সুবৰ্ণ, তাম্ৰলিপি আদি প্ৰদেশবিলাকৰ ওপৰত শালস্তম্ভ , বিজয়, পালক, কুমাৰ আৰু বজ্ৰদেৱে ৰাজত্ব কৰে। বজ্ৰদেৱৰ পাছত অনুমান ৭৩০ খৃষ্টাব্দত শ্ৰীহৰ্ষবৰ্ম্মাদেৱে এই হাটকেশ্বৰ পুৰত কামৰূপ সাম্ৰাজ্যৰ ৰাজসিংহাসনত অভিষিক্ত হয়। তেওঁৰ অনেক হাঁতী, ঘোঁৰা, যুদ্ধৰ নাও আৰু বিৰাট সৈন্য সামন্ত আছিল। তেওঁ মগধ কোশল, উড়িষ্যা আৰু কলিঙ্গ জয় কৰি গোদাবৰী নৈৰ পাৰত হাট- কেশ্বৰ নামে শিৱলিঙ্গ স্থাপন কৰি তাত তেওঁ বিজয় পতাকা উৰাইছিল। তেওঁৰ কন্যা ৰাজ্যমতীক নেপালৰ ৰজা জয়দেৱে বিয়া কৰায়। জয়দেৱৰ এখন শিলালিপিত শ্রীহৰ্ষবৰ্মাক গৌড়, ওডু, কলিঙ্গ আৰু কোশল প্ৰদেশৰ অধিপতি বুলি যি কথা লিখা আছে , বুৰঞ্জীবিদ পণ্ডিতসকলে সেই কথা সত্য বুলি স্বীকাৰ কৰিছে। এতেকে এতিয়াৰ অসম, বঙ্গ, বিহাৰ আৰু উড়িষ্যা প্ৰদেশ, যুক্তপ্ৰদেশৰ পূ্ৰ্ব্বাংশ আৰু মান্দ্ৰাজ প্ৰদেশৰ উত্তৰাংশ লৈ শ্ৰীহৰ্ষবৰ্ম্মাদেৱে এখন বিশাল সাম্ৰাজ্য গঠন কৰি পূবভাৰতৰ সম্ৰাট হৈ প্ৰায় বিংশতি বছৰ ৰাজত্ব কৰিছিল। পূবে সদিয়াৰ পৰশুৰাম কূণ্ডৰ পৰা পশ্চিমে অযোধ্যলৈকে, উত্তৰে হিমালয়ৰ পৰা দক্ষিণে বঙ্গোপসাগৰলৈকে তেওঁ কামৰূপ সাম্ৰাজ্যৰ সীমা বহলাব পাৰিছিল। তেতিয়াৰ কামৰূপ শৌৰ্যে-বীৰ্য্যে, ধনে সম্পদে, বিদ্যাই বুদ্ধিয়ে ভাৰতত অতুলনীয় আছিল। হাটকেশ্বৰ ৰাজ সভাৰ পণ্ডিত সকলৰ ভিতৰত কুমাৰিলাভট্টৰ নিচিনা এনে অগাধ পণ্ডিত আছিল যে জগৎগুৰু শঙ্কৰাচাৰ্যই তেওঁৰ ওচৰত বাদত পৰাস্ত হৈ তেওঁক গুৰু মানি লৈছিল| শ্ৰীহৰ্ষবৰ্মাই কামৰূপৰ ইতিহাসত এটি উজ্জ্বলতম ৰশ্মি পেলাই গৈছে। তেজপুৰৰ ৰাজ কাৰেঙত উপজি, লৌহিত্যৰ পাৰত উমলি, ইয়াৰ অন্নজল খাই ডাঙৰ হৈ, এই তেজস্বী ভূপতিয়ে এই দেশক মহামহিমান্বিতা কৰি গৈছে। কিন্তু চিৰদিন কাৰো সমানে নেযায়। বিজয় লক্ষ্মী চঞ্চলা। ৭৫০ খৃষ্টাব্দত যেতিয়া শ্ৰীহৰ্ষবৰ্মা মগধত বাহৰ কৰি থাকে, তেতিয়া কনৌজৰ ৰজা যশোবৰ্মনে অনেক সৈন্য-সামন্ত লৈ তেওঁক তাতে আক্ৰমণ কৰেহি। দুয়ো পক্ষৰ ভিতৰত ভীষণ যুদ্ধ হয়। সেই যুদ্ধত শ্ৰীহৰ্ষবৰ্মা পৰাজিত আৰু নিহত হয়। তেতিয়াৰ পৰাই কামৰূপ সাম্ৰাজ্যৰ আয়তন ক্ৰমে ক্ৰমে সৰু হৈ আহে। তেওঁৰ পিছত তেওঁৰ পুতেক দ্বিতীয় বলবৰ্মা আৰু প্ৰালম্ভ ক্ৰমে ৰজা হয়। প্ৰালম্ভৰ পিছত তেওঁৰ পুতেক হৰ্জ্জৰবৰ্মাই ৮২০ খৃষ্টাব্দৰ পৰা ৮৩৫ খৃষ্টাব্দলৈকে ৰাজত্ব কৰে। ভৈৰৱ পদৰ ওচৰত দুটা থিয় শিল আছে। তাৰ ওচৰত এটা প্ৰকাণ্ড শিলত হৰ্জ্জৰবৰ্মাৰ আদেশ মতে ৮২৯ খৃষ্টাব্দত লিখা এখন লিপি এতিয়ালৈকে বিদ্যমান আছে। সেই লিপিত এই নগৰৰ নাম হাৰূপেশ্বৰপুৰ বুলি লিখা আছে। তেওঁ এই নগৰৰ পৰা দিয়া এখন তামৰ ফলিও ওলাইছে। তাৰ পৰা জনা যায় যে তেওঁ দাঁতি-কাষৰীয়া পৰ্বতীয়া জাতিবিলাকক বশ কৰি ৰাখিছিল। তেওঁ খনোৱা হজৰা পুখুৰীয়ে আজিলৈকে তেওঁৰ স্মৃতি বহণ কৰি আছে। তেওঁৰ ঔৰসত আৰু তাৰাদেবীৰ গৰ্ভত বনমাল দেৱৰ জন্ম হয়। বনমাল বীৰপুৰুষ আছিল। তেওঁ ৰজা হৈ তেওঁৰ ৰাজ্যৰ সীমা দক্ষিণে সমুদ্ৰৰ পাৰলৈকে বহলাইছিল আৰু উত্তৰ বঙ্গ তেওঁৰ শাসনৰ তলত আছিল। তেওঁৰ এখন তামৰ ফলিৰ পৰা জনা যায় যে তেওঁ ত্ৰিস্ৰোতা (তিস্তা) নৈৰ পশ্চিম পাৰেথকা চন্দ্ৰপুৰী বিষয়ৰ অভীশ্বৰ, ঘটক নামে গাঁৱৰ কিছুমান মাটি এজন ব্ৰাহ্মণক দান কৰিছিল। এই তামৰ ফলিত এই নগৰৰ এটি সুন্দৰ বৰ্ণনা আছে। “Early History of kamarupa.” পুথিত সেই . বৰ্ণনাৰ কথা সুন্দৰকৈ লিখা আছে।

 নৱম শতিকাৰ মাজভাগত এই তেজপুৰ নগৰৰ অৱস্থা কেনে উন্নত আছিল সেই বৰ্ণনাৰপৰা ভালকৈ বুজিব পাৰি। ইয়াত যে অনেক দেৱ-মন্দিৰ আছিল তাত কোনো সংশয় নাই। অকল বামুনী পৰ্ব্বততে সাটোতা মন্দিৰ আছিল। সেই পৰ্ব্বতত মন্দিৰবিলাকৰ যি ভগ্নাৱশেষ আছে, তাক দেখিলে বিস্ময় মানিব লাগে। এই ভগ্নস্তূপৰ মাজত নটৰাজ শিৱৰ মূৰ্ত্তি দেখা পোৱা গৈছিল। তেজপুৰৰ প্ৰায় সকলো বিলাক পৰ্বতত আগৰ দিনৰ মঠ-মন্দিবিলাকৰ ধ্বংশাৱশেষৰ চিন দৈখিবলৈ পোৱা যায়, শিল আৰু ইটাৰে মন্দিৰবিলাক সজা হৈছিল। শিলবিলাক কাটি তাৰ ওপৰত ধুনীয়াকৈ ফুল কাটিছিল, দেৱ-দেবীৰ মূৰ্ত্তি সাজিছিল আৰু ডাঙ্গৰ ডাঙ্গৰ বিতোপন স্তম্ভ তৈয়াৰ কৰিছিল। শিলত এনে কাৰুকাৰ্য্য দেখি ইযাত ভাস্কৰ বিদ্যাৰ যে কিমান উন্নতি হৈছিল সেইটো বুজিব পাৰি। দুখৰ বিষয় এতিয়া ইয়াত শিলাকুটী নোহোৱাৰ নিচিনাই হল। আকৌ ইয়াত কেতিয়াবা ভাস্কৰ বিদ্যাৰ অনুশীলন হব নে? ইয়াৰ কাছাৰি ঘৰৰ টোলত অনেক পুৰনি কীৰ্ত্তিৰ চিন শিলৰ ভগ্নাৱশেষ চাৰিওফালে সিঁচৰতি হৈ পৰি আছিল। তাৰে কিছুমান কাৰুকাৰ্য্যমষ শিল আতঁৰাই নি চাহাব বিলাকৰ বঙ্গলাত ৰাখিছে আৰু কিছুমান ক’ল পাৰ্কত থৈছে।

 বুৰৈ নৈৰ আগালিত দফলা পৰ্ব্বতত শিল আৰু ইটাৰে নিৰ্ম্মান কৰা এটা প্ৰকাণ্ড দুৰ্গৰ ভগ্নাৱশেষ আছে। অকাঁ দফলাৰ পৰ্ব্বততো আগৰ দিনৰ কীৰ্ত্তিৰ চিন পোৱা যায়।

 দ-পৰ্ব্বতীয়া গাৱঁত এটি অতি পুৰনি, শিলৰ মন্দিৰৰ যি সেজা (Lintel) বা দুৱামুখৰ আছে তাৰ কাৰুকাৰ্য দেখিলে বিমোহিত হব লাগে। প্ৰত্নতত্ত্ববিভাগৰ বাবু ৰাখালদাস বন্দ্যোপাধ্যায়ে সেই দুৱাৰ মুখ দেখি লিখি গৈছে :- “The artist’s sense of proportion, the beautiful symmetry of the figures and ornamental devices and the excellence of execution tend to prove that the door lintel belongs to the same period as the great schools of sculpture which existed at Pataliputra and Benares in the 5th and 6th centuries A.D. ”

 এই মহকুমাত আগৰ দিনৰ ৰজা সকলে খনোৱা এহেজাৰ মান পুখুৰী আছে। তাৰ ভিতৰত হৰ্জ্জৰ বৰ্ম্মাই খনোৱা হজৰী পুখুৰীয়েই আটাইবোৰতকৈ ডাঙ্গৰ। এই পুখুৰীত এতিয়া ঘোৰা-দৌডৰ মেলা- চকৰ পাতিছে। কলংপুৰ মৌজাত দীপৰ বৰ্ম্মাই খনোৱা দীপৰা পুখুৰীক দ্বিতীয় ডাঙ্গৰ পুখুৰী বুলিব পাৰি। সেই পুখুৰীৰ পাৰ বিলাক ইটাৰে বন্ধোৱা আছিল আৰু তাত ইটাৰ খটখটিও আছিল। ইটা বিলাক মানুহে নি অন্ত কৰিলে। ভূমিকম্পত পুখুৰীটোও বাম হল। বাৰভূঞাৰ বংশৰ টেটোনে কৰোৱা আলি আৰু পুখুৰী অদ্যাপিও ছয় দুৱাৰত আছে। গমিৰিৰ বটলাগড আৰু পুখুৰীয়ে আজিলৈকে এগৰাকী বীৰ নাৰীৰ স্মৃতি বহন কৰি আছে।

 অনুমান ১১২৫ খৃষ্টাব্দত বঙ্গদেশৰ ৰজা ৰামপালে কামৰূপ জয় কৰিবৰ নিমিত্তে তেওঁৰ সেনাপতি বৈদ্যদেৱক কামৰূপলৈ পঠায়। তেতিয়া ধৰ্ম্মপালৰ পুতেক জয়পালে কামৰূপত ৰাজত্ব কৰিছিল। বৈদ্যদেৱে জয়পালক বধ কৰি ভগদত্তৰ বংশৰ তিঙ্গদেৱ নামে এজন কোঁৱৰক কৰতলীয়া ৰজা পাতি গুচি যায়। এনেতে ৰামপালৰ মৃত্যু হয় আৰু তেওঁৰ পুতেক কুমাৰপাল বঙ্গদেশৰ ৰজা হয়। তেতিয়া তিঙ্গদেৱে কুমাৰ পালক কৰ নিদি নিজক স্বাধীন নৃপতি বুলি ঘোষণা কৰে। কুমাৰপালে আকৌ বৈদ্যদেৱক কামৰূপলৈ পঠায়। ১১৩১ খৃষ্টাব্দত বৈদ্যদেৱৰ লগত তিঙ্গদেৱৰ যুদ্ধ হয়। সেই যুদ্ধত তিঙ্গদেৱৰ মৃত্যু হয়। বৈদ্যদেৱে কামৰূপ অধিকাৰ কৰি নিজে ৰাজ্য শাসন কৰে। পিছত তেৱেঁই কামৰূপৰ ৰজা হয়। তিঙ্গদেৱৰ মৃত্যুৰ লগে লগে কামৰূপত নৰকাসুৰৰ বংশধৰ সকলৰ ৰাজত্ব শেষ হয়। প্ৰায় ছহেজাৰ বছৰ এই বংশ ৰজা সকলে আমাৰ দেশত ৰাজত্ব কৰিছিল। তিঙ্গদেৱে স্থাপন কৰা তিঙ্গেশ্বৰ শিৱৰ দেৱালয়ৰ ভগ্নাৱশেষ এতিয়ালৈকে ভৈৰৱ-পদৰ ওচৰত আছে। সেই ভগা দেৱালয়টিকে এই প্ৰসিদ্ধ ৰাজবংশৰ শেষ ৰজাৰ শেষস্মৃতি বুলি তেজপুৰে আজিলৈকে বুকুত লৈ আছে।

 বৈদ্যদেৱে কামৰূপ ৰাজ্যৰ নামনি খণ্ডত হে ৰাজত্ব কৰিছিল।উজনিত আমাৰ এই ফালে ৰজা ধৰ্মপালৰ নাতি সোমপাল নামে এজন কোৱৰে কন্যক। গাৱঁত ৰাজধানী পাতি ৰাজত্ব কৰিছিল বুলি “কামৰূপৰ বুৰঞ্জী” পুথিত লিখা আছে। কন্যকা এখন সমৃদ্ধিশালী গাওঁ আছিল। জীয়া ভৰলী নৈয়ে সেই গাওঁখন ভাঙ্গিলে সোম-পালৰ পিছত তেওঁৰ পুতেক ভালুকপেং বা ৰামচন্দ্ৰ কোৱৰে প্ৰতাপসিংহনাম লৈ ৰজা হয়। তেওঁ প্ৰতাপগড় নামে দুৰ্গ কৰায় আৰু সেই দুৰ্গৰ পৰা উত্তৰে দফল পৰ্বতলৈকে আৰু দক্ষিণে বিশ্বনাথ নগৰলৈকে গড বন্ধায়। তেওঁৰ ৰাজছত্ৰত মীন অঙ্কিত কৰা বাবে তেওঁক মীনা বুলিও কয়। উমাটুমনিত তেওঁৰ দিনত শিলা লিপি আছে আৰু শিলত চক্ৰবেহু, বাঘ-খেল আদিও আঁকা আছে। তেওঁৰ ৰাজধানী লৌহিত্যপুৰ এতিয়াৰ বিশ্বনাথ নগৰত আছিল; সৈন্য-সামন্ত বিলাক প্ৰতাপ গড়ত আছিল। এই বংশৰ ৰজা সকলৰ নাম তলত লিখা গলঃ

            আৰিমত্ত বা গজাঙ্ক

                         |

            ৰত্নসিংহ বা কঙ্ক

                        |

          কালাঙ্ক বা শঙ্কৰাৰু

                        |

                    মৃগাঙ্ক

 মৃগাঙ্ক বা জোঙ্গালবলহু অপুত্ৰক অৱস্থাত কছাৰীৰ লগত ৰণ কৰি কলং নৈত ডুবি মৰাত পঞ্চদশ খৃষ্টাব্দৰ মাজছোৱাৰ পৰা এই অঞ্চলত কিছুকাল বাৰ ভূঞাই শাসন কৰে। নগাঁও জিলাত জোঙ্গাললহুৰ এটা গড আছে। বাৰভূঞাৰ পিছত ইন্দ্ৰবংশী আহোম আৰু শিৱবংশী কোচৰজা সকলে ইয়াত ৰাজত্ব কৰিছিল।

 আৰিমত্তৰ জন্ম কাহিনী কামৰূপৰ বুৰঞ্জীত যি দৰে লিখা আছে তাৰ পৰা এনে বোধ হয় যে লৌহিত্য বংশৰ কোনো ব্ৰাহ্মণে তেওঁৰ মাক চন্দ্ৰপ্ৰভাক ব্ৰহ্মপুত্ৰত গা ধুই থাকোতে দেখা পাই হৰণ কৰি কামাখ্যালৈ লৈ যায় আৰু তাতে সেই ব্ৰাহ্মণৰ ঔৰসত আৰিমত্তৰ জন্ম হয়। আমাৰ এই অঞ্চলত লৌহিত্য বংশৰ নাগাক্ষ নামে এজন ব্ৰাহ্মণ ৰজাই শকাদিত্যৰ শকঁৰ ৩০০ বছৰ মানৰ পাছত ৰাজত্ব কৰাৰ কথা বুৰঞ্জীত পোৱা যায়। এই জিলাত নাগশঙ্কৰ নামে যিটো শিৱৰ দেৱা- লয় আছে সেইটো নাগাক্ষ ৰজাই প্ৰতিষ্ঠা কৰে। সেই দেৱালয়ৰ ওচৰতে তেওঁৰ ৰাজধানী আছিল। তেওঁৰ বংশৰ কেইবা জনাও ৰজা হৈ যোৱাৰ পিছত সেই বংশৰ নাশ হয়।

 এই নগৰৰ পৰা ৩২ মাইল পশ্চিমে শৃঙ্গাটক বা শিঙ্গৰি পৰ্ব্বত আছে। তাত এসময়ত ঋষ্যশৃঙ্গ মুনিয়ে আশ্ৰম পাতি কিছুদিন বাস কৰিছিল বুলি প্ৰবাদ আছে। সেই পৰ্বতৰ দাতিত গোপেশ্বৰ নামে শিৱৰ দেৱালয় আছে। দেৱালয়ৰ মন্দিৰটি চটিয়া শিল আৰূ ইটাৰে ধুনীয়াকৈ সজা। তাত শিৱচতুৰ্দ্দশীত বছৰি উৎসৱ হয় আৰু মেলা বহে। “কালিকা পুৰাণত” আছে-“শৃঙ্গাটকং সমাৰোহ পূজয়েৎ লিঙ্গশঙ্কৰম্।”

 তেজপুৰৰ পৰা ১৪ মাইল উত্তৰ পূবে নন্দিকেশ্বৰ, তাৰ পূবে সৌভাগ্য-মাধৱ, তাৰ পূবে নাগশঙ্কৰ দেৱালয় আছে কলাঁবাৰীত বৰকালিকা বা কালী, গহপুৰত ধন্দি, কলংপুৰত কল্যাণী,বিশ্বনাথত বিশ্বেশ্বৰ,কমলেশ্বৰ, উমা, চণ্ডী, নৃসিংহ, বাণেশ্বৰ, মুক্তিনাথ, বাসুদেৱ, সূৰ্য্যমাধৱ গণেশ, কালভৈৰৱ, সিদ্ধেশ্বৰ, চণ্ডেশ্বৰ, অন্নপূৰ্ণা আদি দেৱালয় আছে।ইয়াৰ ভৈৰবী দেৱালয়ৰ ওচৰৰ বান্দৰদেৱ পৰ্ব্বতত হৰিহৰ নামে এজন ভূঞাই এটি শিৱমন্দিৰ প্ৰতিষ্ঠা কৰি বাৰভূঞা ৰাজ্য পুনঃ উদ্ধাৰ কৰিবৰ কাৰণে তপস্যা কৰিছিল। মোৱামৰীয়া বিদ্ৰোহত তেওঁ মোৱা-মৰীয়াৰ পক্ষে যুদ্ধ কৰি প্ৰাণ হেৰুৱায়।

 মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে এই জিলাৰ বৰগাং নৈৰ পাৰত গাংমৌ সত্ৰ স্থাপন কৰি তাত ছয়মাহমান বাস কৰিছিল। মহাপুৰুষ মাধৱদেৱৰ পিতৃ-পিতামহৰ ঘৰ গহপুৰ মৌজাত আছিল। দক্ষিণপাট সত্ৰ স্থাপন কৰা শ্ৰীশ্ৰীবনমালীদেৱে কলাবাৰীত জন্ম গ্ৰহণ কৰিছিল। তাত অসম ৰজাই কৰোৱা দৌল আৰু পুখুৰী আছে। এই মহকুমাৰ ভিতৰত ভালেমান সত্ৰ আছে আৰু ইয়াৰ প্ৰায়বিলাক নৈত আগেয়ে মানুহে সোণ কমাইছিল। “কালিকা পুৰাণত” এই নৈ বিলাকৰ মাহাত্ম্য লিখা আছে। দিকৰাই নৈৰ আগালিত লোণপুং থকা জনা যায়। ভোট, অকা আৰু দফলা থকা পৰ্বত বিলাকত কৃষ্ণসাৰ পহু, অগুৰু চন্দন আৰু নানাবিধ মূল্যবান গছ আছে। আহোম ৰাজ বংশৰ প্ৰদীপ মহাৰাজ ৰুদ্ৰসিংহ স্বৰ্গদেৱে বিশ্বনাথত বাহৰ কৰি কিছুদিন বাস কৰিছিল আৰু তেওঁ তাত এক দৰবাৰ পাতিছিল। ইংৰাজ গভৰ্ণমেন্টে এই দেশ অধিকাৰ কৰি এই অঞ্চলৰ সদৰ ঠাই প্ৰথমতে বিশ্বনাথত পাতিছিল। কেইবছৰ মানৰ পাচত হে তেজপুৰ সদৰ ঠাই হয়। এয়ে তেজপুৰৰ অতি সংক্ষিপ্ত পুৰাবৃত্ত।

 অসমীয়া ভাষা আৰু সাহিত্যৰ উন্নতিৰ অৰ্থে বৰ্তমান যুগত তেজ- পুৰে নো কি কৰিছে সেই সম্বন্ধে অলপ কোৱা উচিত বুলি ভাবিলোঁ। আশা কৰোঁ আপোনালোকে যেন শুনি আমনি নাপায়।

 ১৮৩৫ খৃষ্টাব্দত পোন প্ৰথমে অসমৰ গুৱাহাটী আৰু শিৱসাগৰ নগৰত ইংৰাজী স্কুল স্থাপিত হয়। এই মহকুমাৰ কলংপুৰ মৌজাৰ সূতাৰ গাঁৱৰ নিপিৰাম কেওঁট নামে এটি লৰা শিৱসাগৰত ইংৰাজী পঢ়িবলৈ গৈ সেই ঠাইৰ আমেৰিকান বেপটিষ্ট মিশ্যনৰ পাদুৰি চাহাব সকলৰ সংসৰ্গত পৰি তাতে খৃষ্টান ধৰ্ম্ম গ্ৰহণ কৰি নিধিলেভি ফাৰৱেল নাম লয়। ১৮৪৬ খৃষ্টাব্দত উক্ত মিশ্যনৰ চাহাব সকলে “অৰুনোদয়” নামে এখন মাহেকীয়া সচিত্ৰ কাকত উলিয়ায়। ফাৰৱেল সেই কাকতৰ এজন প্ৰধান লেখাৰু আছিল। ব্ৰনচন্ চাহাবক অসমীয়া ইংৰাজী অভিধান লিখাত তেওঁ সহায়তা কৰিছিল , আৰু তেওঁ নিজেও খৃষ্টান ধৰ্ম্ম সম্বন্ধে কেবাখনো সৰু সৰু কিতাপ লিখি প্ৰকাশ কৰিছিল।

 শ্ৰদ্ধাস্পদ লক্ষ্মীকান্ত বৰকাকতী ডাঙৰীয়াই ১৮৭৪ খৃষ্টাব্দত বিশ্বনাথৰ পৰা “আসাম দৰ্পণ” নামে এখন মাহেকীয়া কাকত উলিয়াইছিল।

 পৰম পূজনীয় ৺হৰিবিলাস আগৰৱালা বৰদেউতাই ১৮৮১ খৃষ্টাব্দত পোন প্ৰথমে “কীৰ্ত্তন” “দশম” “নামঘোষা” “ভক্তিৰত্নাৱলী” “গুণমালা” “ভট্টিমা” “বৰগীত” “সীতা সয়ম্বৰ নাটক” আৰু “গুৰুচৰিত্ৰ” পুথি সাঁ চি পাতৰ পৰা নকল কৰাই কলিকতাত ছপাই প্ৰকাশ কৰে , “প্ৰয়োগ ৰত্নমালা ব্যাকৰণ” আৰু “ৰিপুঞ্জয় স্মৃতিও” পাছত ছপাই উলিয়ায়। পৰম হংস শিৱনাৰায়ণ স্বামীৰ “সাৰনিত্যক্ৰিয়া” পুথিখন তেওঁ নিজে অসমীয়া ভাষাত অনুবাদ কৰি ছপাই বিনামূল্যে বিতৰণ কৰে। তেওঁ লিখ। “লম্বোদৰ বৰাৰ জীৱনী” “উষা” কাকতত ওলাইছিল। তেওঁ আৰু শ্ৰদ্ধাস্পদ জয়দেৱ শৰ্ম্মা প্ৰমুখ্যে ইয়াৰ কিছুমান ভদ্ৰলোকে মিলি Assam central Press নামে এটি মুদ্ৰাযন্ত্ৰ ইয়াত স্থাপন কৰি ১৯০০ খৃষ্টাব্দত ইংৰাজী আৰু অসমীয়া ভাষাত সাদিনীয়া বাতৰি কাকত আৰু আলোচনী ৰূপে ‘অসম বন্তি’ উলিয়ায়। গুৱাহাটীৰ ৺মথুৰা মোহন বৰুৱাই সেই কাকত সম্পাদন কৰে। কেই বছৰ মানৰ পাছত সেই কাকত আৰু প্ৰেছ ৰায় বাহাদুৰ শ্ৰীযুত পদ্মনাথ গোহাঞি বৰুৱাৰ হাতলৈ আহে। তেওঁৰ যত্নত “অসম-বন্তি” এতিয়ালৈ ধিমিক ধামাককৈ জ্বলি আছে। তেওঁ এই উষাৰ নগৰৰ পৰাই “উষা” নামে এখন মাহেকীয়া আলোচনী কাকত উলিয়াইছিল।

 শ্ৰদ্ধাস্পদ শ্ৰীযুত চন্দ্ৰকুমাৰ আগৰৱালা ককাইদেৱে কলিকতাত পঢ়া অৱস্থাতে ১৮৮৯ চনৰ ৯ ফেব্ৰুৱাৰী তাৰিখে জোনাকী কাকত উলিয়ায়। প্ৰথম বছৰত তেৱেঁই এই কাকতৰ সম্পাদক আছিল। “জোনাকীয়ে” বৰ্তমান অসমীয়া সাহিত্যক যি গঢ় দিলে তাক সাহিত্যিকসকলে জানিছে। তেওঁৰ “প্ৰতিমা” আৰু “বীণ-বৰাগীৰ” চিনাকী নিদিলেও হব। তেৱেঁই “অসমীয়া” কাকতৰো জন্মদাতা আৰু পৃষ্ঠপোষক। তেওঁৰ চেষ্টাতেই ইমান দিন “বাঁহী” কাকতখন জীয়াই আছে।

 স্বদেশ হিতৈষী দাৰ্শনিক কবি শ্ৰদ্ধাস্পদ শ্ৰীযুক্ত কমলাকান্ত ভট্টাচাৰ্য ডাঙৰীয়াই লিখা “চিন্তানল”, ‘চিন্তাতৰঙ্গ’ “কঃ পন্থা”, আদি কিতাপ আৰু সাময়িক কাকতত ওলোৱা বিবিধ প্ৰৱন্ধাৱলী আপোনাসকলে পঢ়িছে। তেওঁ কলিকতাত থাকোতে “অসম হিতৈষী” নামে এখন কাকতৰ সম্পাদক আছিল। তেওঁৰ বয়স এতিয়া চাৰি কুৰি বছৰৰ ওপৰ হব পায়। কিন্তু এতিয়াও তেওঁ লেখনী চলায়েই আছে। ইং ১৯২৮ চনত যোৰহাটত বহা সাহিত্য সন্মিলনৰ তেওঁ সভাপতি আছিল।  শ্ৰদ্ধাস্পদ ৺লম্বোদৰ বৰাই অসমীয়া গদ্য সাহিত্য কেনে মধুৰ হব পাৰে তাৰ আৰ্হি দেখুৱাই গল। তেওঁৰ “জ্ঞানোদয়” আৰু “লৰাবোৰ” আমাৰ দেশৰ পঢ়াশালিত চলিছিল। তেওঁ লিখা “সমাজ-দৰ্পণ” নাটক ছপা হৈ নোলাল। তেওঁ লিখা প্ৰৱন্ধ “জোনাকী” “আসাম বন্ধু” “আসাম-তৰা” আৰু ‘আসাম-নিউজ’ কাকতত ওলাইছিল। তেওঁ তেজ- পুৰত তিনি কি চাৰি বছৰমানহে ওকালতি কৰিবলৈ পালে। নিষ্ঠুৰ কালে তেওঁক অকালতে ইহ সংসাৰৰ পৰা লৈ গল। তেওঁ স্থাপন কৰি যোৱা “অসমীয়া ভাষাৰ আলোচনী” সভাখন এতিয়ালৈকে “অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা” নামে জীয়াই আছে।

 কৰ্ম্মবীৰ চন্দ্ৰনাথ শৰ্মাই ৰচনা কৰা “বিদ্যাসাগৰ” আৰু “বছা-ফুল” দুখন সুন্দৰ কিতাপ। “অসম ছাত্ৰ সভা” স্থাপন কৰি আৰু অন্যান্য দেশহিতকৰ কামত প্ৰাণপনে খাটি এই স্বদেশ প্ৰেমিক ডেকাজন ডেকা বয়সতে স্বৰ্গী হল।

 স্বদেশ -প্ৰাণ লক্ষ্মীধৰ শৰ্মাৰ কথা কবলৈ গলে শোক লাগে। তেওঁ অসামান্য প্ৰতিভা লৈ জন্ম গ্ৰহণ কৰিছিল। তেওঁ লিখা বিবিধ প্ৰৱন্ধাৱলী গোটাই ছপাব পাৰিলে এখন ডাঙ্গৰ মূল্যৱান পুথি হব।

 তেওঁৰ “ব্যৰ্থতাৰ দান” ছপা হৈছে , “নিৰ্ম্মলা নাটক” হাতে লিখা অৱস্থাতে আছে। তেওঁ সকলে দেশহিতকৰ কামতে আগ ৰণুৱা আছিল।

 ইয়াৰ মিউনিচিপেলিটিয়ে লম্বোদৰ বৰা, চন্দ্ৰনাথ শৰ্ম্মা আৰু লক্ষ্মীধৰ শৰ্মাৰ নামে তিনটা আলিৰ নাম থৈছে। চাৰি দুৱাৰৰ চন্দ্ৰনাথ, নদুৱাৰৰ লক্ষ্মীধৰ, আৰু ছয় দুৱাৰৰ লম্বোদৰ তিনটি ৰত্ন আছিল।

 শ্ৰদ্ধাস্পদ শ্ৰীযুত ৰজনী কুমাৰ পদ্মপতিয়ে একেৰাহে প্ৰত্নতত্ত্বৰ অনু- সন্ধানত লাগি আছে। তেওঁৰ “পুৰণি অসমৰ ভুমুকি” এখন মূল্যবান পুথি। বন্ধুবৰ শ্ৰীযুত দণ্ডিনাথ কলিতা তেজপুৰৰ এজন নাম জ্বলা সাহি- ত্যিক আৰু কবি। তেওঁ লিখা, সাধনা, ফুল, সাতসৰী, সতীৰ তেজ, ৰহঘৰা, ৰগৰ, বহুৰূপী, দীপ্তি, সতী-বাহিনী প্ৰদীপ, কৰ্ম্মবী চন্দ্ৰনাথ আৰু সাহিত্য মুক্তাৱলী আদি পুথিবিলাক আপোনাসকলে পঢ়িব পাব।

 স্বদেশ প্ৰেমিক শ্ৰীযুত মহাদেৱ শৰ্ম্মাই কলিকতাৰ পৰা “অৰুণ” নামে লৰা ছোৱালীৰ উপযোগী এখন মাহেকীয়া কাকত উলিয়াইছিল। অৰুণ পাব্লিচিং হাউচৰ পৰা এখনৰ পাছত এখনকৈ ভালেমান কিতাপ প্ৰকাশ কৰিছিল। তেওঁৰ বুদ্ধদেৱ, মহম্মদ চৰিত, শিশু ৰামায়ণ, সাবিত্ৰী আদি পুথি পঢ়ি ৰাইজে সন্তোষ পাইছে। তেওঁৰ সহধৰ্মিনী শ্ৰীযুতা কুঞ্জলতা দেবীয়েও দুখন কিতাপ লিখি উলিয়াইছে।

 স্বদেশ-ভক্ত শ্ৰীযুত অমিয় কুমাৰ দাস “অসমীয়া” কাকতৰ সম্পাদক আছিল। এতিয়া তেওঁ “বাঁহীৰ” সম্পাদক। তেওঁ মহাত্মা গান্ধীৰ সাহিত্য অসমীয়া ভাষাত লিখি পুথিৰ আকাৰে প্ৰকাশ কৰি সকলোৰে ধন্যবাদৰ পাত্ৰ হৈছে।

 শ্ৰীযুত বসন্ত কুমাৰ বৰুৱাই “ৱেগনাৰৰ সাধু”, “বুকাৰ ৱাশ্বিংটন”, আৰু ‘ভাৰত বুৰঞ্জী’ লিখি তেওঁৰ সাহিত্য প্ৰতিভাৰ চিনাকি দিছে। শ্ৰীযুত গুণাভিৰাম শৰ্ম্মাই ৰহস্য কাহিনী, আৰবৰ সাধুকথা আৰু ডাক্তৰ স্যাৰ প্ৰফুল্লচন্দ্ৰ ৰায়ৰ জীৱনী লিখি সাহিত্য ক্ষেত্ৰত সুনাম আজিছে।

 অসম মাতৃৰ সুযোগ্য সন্তান সাহিত্যৰথী ৰায় বাহাদুৰ শ্ৰীযুত পদ্মনাথ গোহাঁঞি বৰুৱাই এই তেজপুৰতে বিয়া কৰাই মাটি বাৰী লৈ নিগাজি ভাৱে বসতি কৰি আৰু আজীৱন সাহিত্য সেৱা কৰি সাহিত্য ক্ষেত্ৰত বছৰে বছৰে ন ন সুগন্ধি ফুল ফুলাই দেশক আমোদিত কৰি আছে। তেওঁৰ পৰিচয় দিবলৈ যোৱ মোৰ পক্ষে ধৃষ্টতা হ’ব।

 এই নগৰত যিটো সুন্দৰ টাউন হল আছে সেইটো তেজপুৰীয়া [ ২৪ ]ৰাইজৰ বৰঙ্গনিৰে সজা হয়। মহাৰাণী ভিক্টৰীয়া ভাৰতেশ্বৰীৰ হীৰক জুবিলী উৎসৱৰ বাবে যি টকা উঠোৱা হয়, তাৰ পৰা কিছু টকা খৰচ কৰি উক্ত টাউন হলত “ভিক্টৰীয়া জুবিলী লাইব্ৰেৰী” নামে জুবিলীৰ সোৱৰণি স্বৰূপে সৰ্বসাধাৰণৰ কাৰণে এটি পাঠাগাৰ স্থাপন কৰা হয়। এই লাইব্ৰেৰীত ইংৰাজী, বঙ্গলা, অসমীযা অনেক পুথি আছে। বাতৰি কাকত আৰু আলোচনীও ইয়াত পঢ়িবলৈ পোৱা যাব।

 তেজপুৰৰ বাণ থিযেটাৰ হল তেজপুৰ বাসীৰ অন্যতম কীৰ্ত্তি। ইয়াত হাতে লিখা অৱস্থাত অভিনীত হোৱা কেবাখনো নাটক উক্ত থিয়েটাৰৰ ফাণ্ডৰ পৰা পাছে ছপা কৰোৱা হৈছিল।

 বন্ধুসকল, সাধাৰণ শিক্ষা বিস্তাৰ আৰু দেশাত্মবোধ জনোৱাত বাতৰি কাকত আৰু আলোচনীয়ে বৰ সহায়তা কৰে। আমাৰ দেশত আগেয়ে দিনীয়া বা দুদিনীয়া বাতৰি কাকত নাছিল, বৰ সুখৰ বিষয় যে এই ১৮৫৭ শকৰ ভিতৰতে বোৰহাটৰ পৰা দৈনিক “নগৰৰ কথা”, ‘দৈনিক বাতৰি’ আৰু দুই দিনীয়া ‘অসম’ আৰু তিনদিনীয়া ‘অসম ৰাইজ’ কাকত ওলায়। এই কাকত বিলাকৰ পৃষ্ঠপোষক আৰু সম্পাদকসকল অশেষ ধন্যবাদৰ পাত্ৰ। গুৱাহাটীৰ পৰা সাদিনীয়া ‘ডেকা-অসম, আৰু “প্ৰতিভা”, নগাঁৱৰ পৰা শিশুপাঠ্য মাহেকীয়া “অৰুণ” ওলোৱাত, আৰু মহিলাসকলৰ কাৰণে “লখিমী” ওলাব বলি শুনি আমি সন্তোষ পাইছো।

 এই শকতে অসমীয়া ভাষাৰ গঠন আৰু ক্ৰমোন্নতি বিষয়ে এখন গভীৰ গবেষণা পূৰ্ণ পুথি লিখি অধ্যাপক শ্ৰীযুত বানীকান্ত কাকতিদেৱে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা “ডক্টৰেট” উপাধি পোৱাত সদৌ অসমে পৰম আনন্দ পাইছে। ডাক্তৰ কাকতি দেৱৰ এই সম্মানত অসমীয়া মাত্ৰেই গৌৰৱ বোধ কৰিছে। এই সম্মিলনেও আনন্দ প্ৰকাশ কৰি তেখেতক সম্বৰ্ধনা কৰিব বুলি আশা কৰিলো। তেখেতৰ এই অমূল্য পুথিখন ছপা হলে অসমীয়া ভাষাৰ বুৰঞ্জীৰ এটি উজ্জ্বল আৰু গৌৰৱ ময় আধ্যা প্ৰকাশ পাব।

 কলা বিশাদৰ শ্ৰীমান জ্যোতিপ্ৰসাদৰ অপূৰ্ব্ব দান জয়মতী কথা-ছবি এই বছৰতে ৰাইজৰ আগত দেখুৱা হৈছে। তেওঁৰ “শোণিত কুঁৱৰী” আৰু “কাৰেঙৰ লিগিৰী” নাটকৰ অভিনয় অনেকে দেখি সন্তোষ পাইছে। তেওঁ অসমীয়া গীতত নিভাজ অসমীয়া সুৰ দি পুৰণি কলীয়া ৰাগ ৰাগিনী উদ্ধাৰ কৰি আমাৰ সঙ্গীতত যুগান্তৰ আনিছে। তেওঁ কিছুমান সুন্দৰ জাতীয় গানো ৰচনা কৰিছে।

 অসমৰ কেবা ঠাইতো এই বছৰৰ ভিতৰত পাঠাগাৰ স্থাপিত হোৱা শুনি ভাল লাগিছে। বিশেষ সন্তোষৰ বিষয় এই যে অসম উপত্যাকাৰ স্কুল সমূহৰ সুযোগ্য ইন্সপেক্টৰ শ্ৰীযুত শৰৎচন্দ্ৰ গোস্বামীদেৱে চলন্ত পুথি ভৰালৰ দিহা কৰিছে।

 এই বছৰত সাহিত্য সভাৰ সংখ্যাও বাঢ়িছে বুলি শুনি আমি ভাল পাইছো। অসম সাহিত্য সভাই গাঁৱৰ শাখা সাহিত্য সভা বিলাকৰ বছেৰেকীয়া বৰঙ্গনি ১০ টকাৰ ঠাইত ৬ টকা কৰা উচিত বুলি ভাবো। সুসাহিত্যিক শ্ৰীযুত ডিম্বেশ্বৰ নেওগদেৱে সম্পাদন আৰু প্ৰকাশ কৰা “কাব্য-প্ৰতিভা” এই বছৰৰ এখন লেখত লবলগীয়া শ্ৰেষ্ঠ পুথি।

 শ্ৰীযুত সৰ্ব্বেশ্বৰ শৰ্ম্মা কটকীদেৱে অসমৰ শিলৰ ফলিবিলাকৰ লিপি সংগ্ৰহ কৰি পুথিৰ আকাৰত প্ৰকাশ কৰা বাবে আমি তেখেতলৈ এখন শলাগৰ শৰাই আগ বঢ়াইছো।

 শ্ৰীযুত কুমুদেশ্বৰ বৰঠাকুৰদেৱে তিনটা চিনেৰে পৃথীবীৰ ভালেমান ভাষাৰ আখৰ লিখিব পৰা যি সহজ উপায় উদ্ভাৱন কৰিছে, সেই বাবে তেওঁ শলাগৰ পাত্ৰ।

 ছবছৰীয়া ছোৱালী শ্ৰীমতী সাধনা আইদেউৰ গান চেনোলা ৰেকৰ্ডত উঠিছে। তেজপুৰৰ এই সৰু ছোৱালীটিৰ মধুৰ মাত আৰু সঙ্গীতৰ প্ৰতি ৰাপ দেখি আশা কৰা যায় যে উপযুক্ত শিক্ষা পালে সঙ্গীত বিদ্যাত তেওঁ আমাৰ দেশৰ গৌৰৱ বঢ়াব।

 সঙ্গীত বুলিলে নৃত্য, গীত, আৰু বাদ্য এই তিনিওকে বুজায়। নৃত্যৰ বিষয়ে আমাৰ দেশত সাচিপাতত লিখা শ্ৰীহস্তমুক্তাৱলী নামে এখন পুৰণি পুথি আছে। এই দেশৰ শুভঙ্কৰ কবিযে পুথিখন ৰচন। কৰিছিল। কামৰূপ অনুসন্ধান সমিতিৰ পুথি ভৰালত এই পুথি আছে। ইয়াক শীঘ্ৰে ছপা কৰা উচিত। যি নটৰাজক লৈ ভৰতৰ আন আন প্ৰদেশে গৌৰৱ কৰিছে, যাৰ নৃত্য উদয় শঙ্কৰে দেশে-বিদেশে দেখুৱাই যশস্যা আজ্জিছে, সেই নটৰাজ শঙ্কৰৰ মহাশ্ৰম এই জিলাৰ নাটক পৰ্ব্বতত আছিল।

 আমাৰ দেশৰ পুৰণি আৰু আধুনিক বাছক বনিয়া গীতবিলাক সংগ্ৰহ কৰি সুৰলিপিৰে সৈতে চপোৱা উচিত। তাত ভাল ভাল জাতীয় সঙ্গীতো থাকিব লাগে।

 আমাৰ পুৰণি পুথিবিলাকত যিমন বিলাক বাদ্য যন্ত্ৰৰ নাম পোৱা যায় তাৰ অনেক বিলাক এতিয়া লুপ্ত হৈছে। সুখৰ বিষয় ইয়াৰ বাণ নাট্যমন্দিৰত শ্ৰীমান জ্যোতিপ্ৰসাদ আগৰৱালা আৰু শ্ৰীযুত বিষ্ণু প্ৰসাদ ৰাভা আদিয়ে টোকাৰি, বীণ, কৰতাল, ঢোল, খোল, মৃদঙ্গ, ডবা, শঙ্খ আদি দেশী বাদ্যৰ লগত হাম্মনিয়ামৰ লগত সামঞ্জস্য ৰাখি অসমীয়া ঐক্যতান বাদনৰ সৃষ্টি কৰি দৰ্শক বৃন্দক মুগ্ধ কৰি সকলোৰে শলাগ পাইছে।

 মহামহোপাধ্যায় আচাৰ্য ৺বীৰেশ্বৰ কবিৰত্নৰ বহুমলীয়া পুথি “বৃত্তমঞ্জৰী” আজিলৈকে প্ৰকাশ নোহোৱাত ৰাইজে বেজাৰ পাইছে।

 অসমৰ পৰ্বতীয়া জিলা বিলাকত ৰোমান আখৰৰ পৰিবৰ্তে আমাৰ অসমীয়া আখৰেদি যাতে শিক্ষা দিয়া হয় তাৰ বাবে আমি আন্দো- লন কৰা কৰ্ত্তব্য।  আমাৰ বৰ্ণমালাৰ সংস্কাৰ, বৈজ্ঞানিক শব্দৰ পৰিভাষা সংকলন, আৰু পাঠ্যপুথি বিলাকৰ সমালোচনাৰ বাবে অসম সাহিত্য সভাই বেলেগ বেলেগ সমিতি স্থাপন কৰি শীঘ্ৰে কাৰ্য্য কৰিব বুলি আশা কৰিলো।

 অসম উপত্যকাৰ সকলো চৰকাৰী আৰু চৰকাৰৰ সাহায্য পোৱা স্কুলবিলাকত যাতে একমাত্ৰ অসমীয়া ভাষাই শিক্ষাৰ বাহন হয় তাৰ বাবেও আমি আন্দোলন কৰা উচিত।

 অসমৰ গুৱাহাটী নগৰত বিশ্ববিদ্যালয়, মিউজিয়ম, আৰু হাইকৰ্ট স্থাপন কৰা নিতান্ত আৱশ্যক। সম্প্ৰতি কটন কলেজত অসমীয়া ভাষা আৰু সাহিত্য সম্পৰ্কে এখন সুকীয়া চিয়াৰ (Chair) শীঘ্ৰে স্থাপিত হোৱা উচিত। অসমৰ মাজ ঠাই চিত্ৰলেখাৰ জন্মভূমি এই তেজপুৰত চাৰু- শিল্প বা কলাবিদ্যা আৰু সঙ্গীত শিক্ষাৰ কাৰণে এখন বিদ্যালয় (School of Art and Music) হোৱা বাঞ্ছনীয়। চিত্ৰকলাৰ নিমিত্তে অসম সাহিত্য সভাই বছৰি একোটা পুৰস্কাৰ ঘোষণা কৰাও ভাল দেখোঁ।

 আমাৰ আইসকলে সৰু সৰু লৰাছোৱালীক নাম-গুণ গাই, সাধুকথা কৈ নিচুকায, শুৱায়। শিক্ষিত মহিলা সকলে সাধুকথাৰ পুথি লিখি প্ৰকাশ কৰিব পাৰে। বুঢ়ী আইসকলৰ মুখে সৰু কালত শুনা অনেক সাধুকথা এতিয়াও অপ্ৰকাশিত হৈ আছে।

 অসমৰ গাঁৱে গাঁৱে যাতে অসমীয়া পঢ়াশালি স্থাপিত হয়, মৌজায় মৌজায় যাতে সাহিত্য সভা আৰু পুথি-ভঁৰাল পতা হয়, কোনো লৰা- ছোৱালী যাতে পঢ়াশালিৰ অভাৱত নিৰক্ষৰ হৈ থাকিবলৈ নাপায়, আমি সকলোৱে মিলি তাৰ নিমিতে চেষ্টা কৰিব লাগে। গাওঁ-সংগঠন, কুটীৰ শিল্পৰ পুনৰুদ্ধাৰ, অস্পৃশ্যতা বৰ্জন, সমবায় সমিতি স্থাপন, স্বদেশী গ্ৰহণ আদি কাৰ্য্যৰ দ্বাৰা আমাৰ আৰ্থিক আৰু সামাজিক অৱস্থাৰ উন্নতি হব। অন্যান্য প্ৰদেশৰ পৰা আহি অসমত নিগাজিকৈ বসতি কৰা বনুৱা আৰু পমুৱা বিলাকক আমাৰ ভাষাৰ ভিতৰেদি জ্ঞান আৰু ধৰ্ম্ম শিক্ষা দি সিহঁতক আমাৰ আপোন কৰি অসমীয়া জাতিক সবল সুঠাম কৰিব লাগিব। দেশৰ পৰা দৰিদ্ৰতা আৰু অজ্ঞানতা দূৰ কৰিবলৈ যত্ন কৰিব লাগিব।

 আমাৰ ভাষা, সাহিত্য, কৃষ্টি, স্বাতন্ত্ৰ্য আৰু জাতীয়তাৰ ওপৰত বিপদ- ডাৱৰে দেখা দিছে, বিপদৰ ধুমুহা বলিছে। আমাৰ এই সঙ্কটৰ কালত আমি জাতিভেদ, ধৰ্ম্মভেদ, সম্প্ৰদায়ভেদ পাহৰি সকলো অসমীয়া সঙ্ঘ- বদ্ধ হৈ, এলাহ, অসূয়া, পৰশ্ৰীকাতৰতা, ভেম, ভয়, সংশয় এৰি, আত্ম- বিশ্বাস আৰু আত্মবলত বলীয়ান হৈ ঈশ্বৰক চিন্তি অদম্য উৎসাহেৰে দেশ-মাতৃকাৰ সেৱাত, বাণীৰ পূজাত প্ৰবৃত হওঁ আহক। আমাৰ ভাষা আৰু সাহিত্যৰ গুৰি শকত হলেও আমি সজাগ হৈ বিপদ-ধুমুহাক ঠেলি আতৰাব লাগিব। অসমৰ লগত শ্ৰীহট জিলাক সাঙুৰি দিয়াত অসমে উন্নতিৰ বাটত আশানুৰূপে আগুৱাব পৰা নাই, বাটত উজুটি খাইছে। শ্ৰীহট্টক অসমৰ পৰা বাজ কৰিবৰ সময় হল।

 অসম সাহিত্য-সভা অসমীয়া জাতিৰ এটি মহৎ লাগতিয়াল অনুষ্ঠান। এই সভাৰ নিজৰ এটি মুদ্ৰাযন্ত্ৰ থকা আৱশ্যক। কিন্তু সভাৰ বৰ্তমান আৰ্থিক অৱস্থা বৰ শোচনীয়। ইয়াৰ অৱস্থা টনকিয়াল কৰিব লাগিব। এই সম্বন্ধে মোৰ এটি কথা মনত পৰিছে। যোৱা নবেম্বৰ মাহত কাশীৰ হিন্দু বিশ্ববিদ্যালয়ৰ কাৰণে একলাখ টকা আৱশ্যক হোৱাত সেই বিশ্ববিদ্যালয়ৰ ধন তোলা কমিটীৰ সম্পাদক ভি, এ, সুন্দৰম্ নামে এজন ডেকাই যেতিয়ালৈকে এই একলাখ টকা তুলিব নোৱাৰে তেতিয়ালৈকে তেওঁ প্ৰায় উপবাস কৰিম বুলি ওলাই যায়। ভাৰতৰ লক্ষ লক্ষ ছাত্ৰ, হেজাৰ হেজাৰ শিক্ষক, আৰু দেশ-হিতৈষী লোকসকলৰ ওচৰত তেওঁ এই বুলি গোহাৰি জনালে যে প্ৰত্যেকেই যেন বছৰি এটক। ৰূপ দি উক্ত বিশ্ববিদ্যালয়ৰ সহায়ক হয়। কোৱা বাহুল্য যে অলপ দিনৰ ভিতৰতে তেওঁ একলাখ টকা উঠাব পাৰিলে। অসমৰ তৰুণ দলৰ ভিতৰৰ পৰা সুন্দৰমৰ দৰে যদি আন্তৰিকতাৰে কাম কৰিব পৰা কোনো অক্লান্তকৰ্মী ত্যাগী দেশ-সেৱক ওলায়, তেন্তে বছৰি এটকা দিবলৈ গাত লোৱা অন্ততঃ কুৰি হেজাৰ মানুহৰ পৰা কুৰি হেজাৰ টকা তুলিব পাৰিব বুলি মোৰ বিশ্বাস হয।

 এই শকৰ পুণ্য মাঘ মাহত আমাৰ মহামান্য প্ৰজাৰঞ্জক দ্যালু সম্ৰাট পঞ্চম জজ্জৰ তিৰোভাৱ হোৱাত গোটেই সাম্ৰাজ্যৰ ওপৰত শোকৰ ছাঁ পৰে। এই মহান কৰ্ত্তব্যপৰায়ন সম্ৰাটৰ মহা প্ৰয়াণত সকলো নৰনাৰী প্ৰজাই মৰ্মান্তিক শোক পাইছে। আমি আমাৰ আন্তৰিক শ্ৰদ্ধাপূৰ্ণ সহানুভূতি আৰু সমবেদনা সন্তপ্ত ৰাজপৰিয়াললৈ জ্ঞাপন কৰিছোঁ আৰু লগে লগে আমাৰ নতুন সম্ৰাট মহামান্য অষ্টম এডোৱাৰ্ড মহোদয়ৰো সুদীৰ্ঘ শান্তিময় জীৱন কামনা কৰি ৰাজভক্তিৰে মূৰ দোৱাইছো।

 এই শকৰ ৩ ফাগুণ দেওবাৰ অসমীয়া ৰাইজৰ কাৰণে এটি বৰ দুদ্দিন। সেই দিন। অসম আকাশৰ উজ্জল তৰা সঙ্গীতজ্ঞ প্ৰবীন সাহিত্যিক লোক প্ৰিয় জননায়ক কৰ্ম্মবীৰ নবীনচন্দ্ৰ বৰদলৈদেৱে দেশ- বাসীক শোক সাগৰত ডুবাই নিত্যধামলৈ প্ৰয়াণ কৰিলে। আশা কৰোঁ দেশবাসীয়ে তেখেতৰ স্মৃতি-ৰক্ষাৰ যুগুত ব্যৱস্থা কৰিব।

 এই শকতে অসম সাহিত্য সভাৰ ভূতপূৰ্ব্ব সভাপতি সুসাহিত্যিক ধম্মপ্ৰাণ ৺অমৃতভূষণ অধিকাৰী ঠাকুৰদেৱে ইহলীলা সম্বৰণ কৰাত আমি দাৰুণ শোক পাইছো।

 বন্ধুসকল, আমাৰ সুখ দুখ, হৰ্ষ-বিষাদ, আশা-আকাঙ্ক্ষাৰ ভালেখিনি কথা কলো। আপোনাসকলক আজি অনেক দিনৰ মূৰত আমাৰ মাজত পাই আমি যে কি আনন্দ পাইছোঁ, তাক কোৱা বাহুল্য। এনে সুযোগ সততে নঘটে। এই সুযোগৰ আলম লৈ আনন্দত উতলা হৈ যিবিলাক কথা কলো তাত কোনো বঢ়া টুটা বা হীন ডেঢ়ি দোষ পালে যেন মাৰ্জ্জনা কৰে। আমাৰ এই মিলন, এই বন্ধুতা যেন সুফলদায়ক হয়। আমাৰ পূজাৰ সময় উপস্থিত হৈছে। সুযোগ্য পুৰোহিত উপস্থিত আছে। তেখেতক বৰণ কৰি পূজা আৰম্ভ কৰা যাওক। এজন উদীয়মান তৰুণ কবিৰ ভাষাৰে সামৰণিত মাথোন কওঁ :-

“মাতৃ মন্দিৰত, আজি মহাপূজা, সাজু হোৱা পুববাহিত,

মন্ত্ৰৰ ধ্বনিত, গগন পবন, কৰা তুমি মুখৰিত।

আগত তোমাৰ, সহস্ৰ পূজাৰী, সাধক সেৱক যাত্ৰী,

সকলোৱে আজি, পূজিব আহিছে, সোণৰ অসম মাতৃ।

আজিৰ পূজাত, নাই ভেদাভেদ, জাতি অজাতিৰ চিন,

স্পৃশ্য অস্পৃশ্যৰ, সম অধিকাৰ, নাই ভিন ধনী দীন।

  *   *   *

“পূজাৰ লগন, চাপিছে ওচৰ, সকলোটি সাজু হোৱা,

হিয়াৰ তেজেৰে, হোমানল জালি, দেৱতা আশীষ লোৱাঁ।

মাভৈ মাভৈ মন্তে, কৰাঁ পুৰোহিত, দশোদিশ নিনাদিত,

সহস্ৰ শত্ৰুক, বিপুল উদ্যমে, কৰা সবে পৰাজিত।

স্বৰ্গতে অধিক, জনম ভূমিৰ, জিলিকিছে উচ্চ শিৰ,

উজলি উঠিছে, হাঁঁহো হাঁহো মুখ, নিৰুপমা জননীৰ।

বিশ্বৰাণী হই, জেউতি বিলাব, সিদিন দূৰত নাই,

শঙ্কৰ মাধৱে, দিছে শুভবৰ, আজি যে আমালৈ চাই

অনন্ত শয্যাৰ, নাৰায়ণ উঠি, হ’ল সৌ জ্যোতিষ্মন,

শঙ্খ চক্ৰ ধৰি, ৰাখিব আমাক, হোৱাঁ সবে আগুৱান।

 শুভমস্তু।

শ্ৰীআনন্দ চন্দ্ৰ আগৰৱালা

(অভ্যৰ্থনা সমিতিৰ সভাপতি)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: অসম সাহিত্য সভা
Anjan Sarma

Anjan Sarma

Related Posts

কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!
ASSAMESE SECTION

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

by JYOTIRMOY PRADHANI
September 9, 2026
0

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল ড০ জ্যোতিৰ্ময় প্ৰধানী ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত উত্তৰ পূৰ্বাঞ্চলত যিকেইখন দেশীয় ৰাজ্য আছিল তাৰ ভিতৰত...

Read moreDetails
Soliloquy of a Song: The birth of Buku hom hom kore…

ভূপেন হাজৰিকা: মই বিধানসভাৰ সদস্য কিয় হৈছিলো ?

September 6, 2026
সুধাকন্ঠৰ জীৱন পৰিক্ৰমা : চমু অৱলোকন

ভূপেন হাজৰিকা আৰু লুইত

September 6, 2026
ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

September 6, 2026
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

কামতাপুৰ আন্দোলন

September 3, 2026
silhouette of four person with flag of united states background

CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

September 3, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
COP 29 – Baku’s Role in Global Climate Action: A Model for the Future

COP 29 IN AZERBAIJAN

1
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy

Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy

September 9, 2026
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

September 9, 2026
Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

September 7, 2026
Heat, Hunger, and Survival: Why India’s Climate Cooling Summit Cannot Wait?

What ‘natural’ calamities in 2026 indicate about Climate Change

September 7, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40643 shares
    Share 16257 Tweet 10161
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18912 shares
    Share 7565 Tweet 4728
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    4039 shares
    Share 1616 Tweet 1010
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    951 shares
    Share 380 Tweet 238
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    319 shares
    Share 128 Tweet 80
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    152 shares
    Share 61 Tweet 38
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    129 shares
    Share 52 Tweet 32
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4087 shares
    Share 1635 Tweet 1022
  • Attending RAI’S Class

    100 shares
    Share 40 Tweet 25
  • Neeb Karori Baba : An Avadhuta of the Highest Order

    384 shares
    Share 154 Tweet 96
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d